Tuesday, April 11, 2017

ফুটপাথৰ ডায়েৰি মোৰ নতুন সংযোজন, বিগত কেইবা দিনৰ পৰা প্ৰতিদিনৰ ঘটনা-পৰিঘটনাবোৰ লিখি যাবলৈ মনস্ত কৰি আছিলো৷ দুইদিনমান আগত ফুটপাথৰ ডায়েৰি নামেৰে প্ৰতিদিনৰ ঘটনা-পৰিঘটনাবোৰ লিপিবদ্ধ কৰাৰ কথা ভাবি আজি পাতনি মেলিছো৷

        কিছুদিনৰ পৰা আই,পি,এল ক্ৰিকেট মেচ চলি আছে৷ ক্ৰিকেট প্ৰেমীসকলৰ সমান্তৰালকৈ সাধাৰণ দৰ্শকো আই,পি,এল চোৱাৰ বাবে উদ্বিগ্ন৷ মই পিছে এই ক্ৰিকেট-ছিকেট টিভিত ছাই বিশেষ ভাল নাপাও৷ আই,পি,এল খেল বিশেষ ভাবে বেয়া পাওঁ৷ তাৰ কাৰণো আছে৷ 
        সেইদিনাখন কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ বুলি খোজ দিছিলো৷ বৰষুণৰ বতৰ, ৰাজপথ বোকা পথাৰৰ সমতুল্য হৈ পৰিছে৷ বিশেষকৈ উত্তৰ বৰপেটাৰোডৰ গড়কাপ্তানি পথৰ অৱস্থা ভয়াবহ ভাবে বেয়া৷ এই পথটো মেৰামতি কৰাৰ বাবে আমি আমছুৰ উদ্যোগত বহুবাৰ আন্দোলন কৰিছিলো, এজেওৱাইচিপি, পপুলাৰ ফ্ৰন্ট, এবিএমছু, গৰিয়া-মৰিয়া’ আদি সংগঠনৰ লগত সহযোগিতাতো বহুবাৰ গণ আন্দোলন, পথ অৱৰোধ কৰিছিলো৷ শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটাৰোডত এই লৈ আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰে যোৱা ডিচেম্বৰত (১২ ডিচেম্বৰ,২০১৬ৰ পৰা ৬৫ ঘন্টা)৷ এই আন্দোলনৰ দ্বিতীয় দিনাখনো চৰকাৰ-প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত এই আন্দোলনক গতিশীলতা প্ৰদান কৰাৰ বাবে আৰু ন্যায্য দাবী মানি লোৱাৰ বাবে আমি আমছুৰ উদ্যোগত সৰ্বাত্মক পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিলো৷ ৰাতিপুৱা ১১ বজাৰ পৰা আবেলি ২ বজালৈ উত্তৰ বৰপেটাৰোডৰ সকলো প্ৰকাৰৰ যোগা-যোগ স্তব্দ হৈ পৰিছিল৷ তথাপিও প্ৰশাসনৰ তৰফৰ পৰা কোনো সহযোগিতা প্ৰকাশ কৰা নাছিল, সংবাদ মাধ্যমৰ অধিকাংশই আন্দোলনৰ কাৰ্যসূচী প্ৰকাশ কৰাত অনিচ্ছুকতা প্ৰকাশ কৰিছিল৷ আমাৰ এই আন্দোলন সহযোগিতা কৰিছিল উত্তৰ বৰপেটাৰোড সংগ্ৰামী উন্নয়ন মঞ্চ আৰু পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াই৷

(মঞ্চৰ সভাপতি জয়গোপাল সাহা যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি, তেখেতক মই শ্ৰদ্ধা কৰো৷) ২ বজাত প্ৰশাসনৰ কোনো লোকে আন্দোলনৰ প্ৰতি ভ্ৰূক্ষেপ নকৰাত আমি নতুনকৈ তীব্ৰ আন্দোলন কৰাৰ কথা ঘোষণা কৰিছিলো— ‘‘আজি যদি আমৰণ অনশনকাৰীকলে উত্থাপন কৰা দাবী সমূহ মানি লোৱা নহয়, কাইলৈৰ পৰা অনিৰ্দ্দিষ্ট সময়ৰ বাবে বৰপেটাৰোড স্তব্দ কৰি দিয়া হ’ব’’৷ ৩০ মিনিটৰ ভিতৰত প্ৰশাসনৰ লোক উপস্থিত নহ’লে আমাৰ ঘোষণা কাৰ্যকৰী কৰাৰ সিদ্ধান্তত আমি অৱৰোধস্থলীতেই আলোচনা সভা অনুষ্ঠিত কৰিছিলো৷ আমাৰ সেই আলোচনাত সৰ্বসাধাৰণ ৰাইজৰ লগতে বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনে অংশ লৈছিল৷ আমাৰ আন্দোলনত বৰপেটাৰোডৰ উত্তৰ অঞ্চলৰ হাজা হাজাৰ ৰাইজে পূৰ্ণ সহযোগিতা প্ৰদৰ্শন কৰিছিল৷ আমাৰ কৰ্মী-সমৰ্থক আৰু ৰাইজে বৰপেটাৰোড-মানাহ সংযোগী পথত ঠায়ে ঠায়ে টায়াৰ জ্বলাই আৰু গছ কাটি পথ অৱৰোধ কৰি আমাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছিল৷ আমি সাহস পাইছিলো৷ ২.৩০ বজাত খবৰ আহিল যে প্ৰশাসনৰ তৰফৰ পৰা প্ৰতিনিধি প্ৰেৰণ কৰা হৈছে, আমি ৩ বজালৈ অপেক্ষা কৰিব লাগে৷ 
          আমি ৩ বজালৈ অপেক্ষা কৰিলো৷ বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস শইকীয়া আমাৰ অৱৰোধস্থলীত উপস্থিত হৈ আমাৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰিলে৷ আমি তেওঁক সন্ধিয়া ৬ বজাৰ ভিতৰত আমৰণ অনশনকাৰীসকলৰ দাবী সমূহ মানি লোৱাৰ বাবে চৰম সময়সীমা বান্ধি দিলো৷ তেওঁ মান্তি হ’ল আৰু ৬ বজাৰ সলনি ৭ বজালৈ এঘন্টা সময় বঢ়াই ল’লে৷ 
            প্ৰতিশ্ৰুতি মতে অনশনস্থলীত বৰপেটা জিলা প্ৰশাসনৰ পৰা প্ৰতিনিধি আহিল৷ দীৰ্ঘ সময় আলোচনা হ’ল৷ তেওঁলোকে মাৰ্চ মাহৰ ভিতৰত উক্ত পথছোৱা মেৰামতি কৰাৰ বাবে লিখিত প্ৰতিশ্ৰুতিও দিলে৷ 
           কিন্তু মাৰ্চ মাহ পাৰ হোৱাৰ পিছতো উক্ত পথৰ কাম আৰম্ভ কৰা নহ’ল৷ ৰাইজে দুৰ্ভোগ ভূগিব লগা হৈয়ে থাকিল৷ এই দুৰ্ভোগৰ পৰা কোনেও সাৰি যাব নোৱাৰে৷
           মই আলোচনা কৰি আছিলো যে বোকাময় পথেৰে খোজ লোৱাৰ সময়ত চাৰিচকীয়া এখন ব্যক্তিগত বাহনে পথৰ সমস্থ লেতেৰা পানী গা লৈ ছটিয়াই থৈ গুচি গ’ল৷ তীব্ৰ গতিত৷ মই যিমানদূৰ পাৰো গাড়ীৰ ভিতৰৰ পশু (মানুহৰূপী)টোক ভালকৈ দৰ্শন কৰাৰ যত্ন কৰিলো৷ মানুহজনৰ বয়স প্ৰায় ৪৫-৫০ হ’বগৈ৷ তাৰ পিছতো গাড়ী চলোৱাৰ ক্ষেত্ৰত তেওঁৰ পশুতোল্য কাৰুকাৰ্য চাই হমবম্ভ হ’লো৷ মোৰ এনেকুৱা লাগিছিল যে শিলগুটি এটা উঠাই মাৰি দিও বাপ্পেকে গ্লাচলৈ.....৷ নিদিলো৷ মই যুৱক৷ মোৰ গাত এনেই দোষ বেছি৷ আজিৰ যুৱ সমাজ বোলে উদণ্ড৷ যদি যুৱ সমাজ উদণ্ড তেন্তে পঞ্চাছ বছৰীয়া পশুটোও কি যুৱক নেকি? উদণ্ড হ’বলৈ যুৱকসকলক কোনে পথ দেখুৱাই আছে তেন্তে? সমাজ সংস্কাৰৰ কথাকোৱা লোকসকলে নিজে সংস্কাৰ হ’ব লাগিব৷ জেষ্ঠ সকলে কনিষ্ঠসকলৰ হাতত ধৰি, আদৰ্শৰে সংস্কাৰ কৰিব লাগিব৷ 
            পথৰ বোকাপানী ছটিয়াই গুচি যোৱা গাড়ীখনলৈ কিছু সময় ছাই থাকি তাৰ পৰা গুচি গ’লো৷ মনত বহু কথা অহা-যোৱা কৰি থাকিল৷ এক কথাত মাথা গৰম হৈ গৈছিল৷ অৱশ্যে মই জানো যে— ধ্যৈৰ্যধাৰণকাৰীক সৃষ্টিকৰ্তাই ভাল পায়৷
          কিছুদূৰ আগবাঢ়ি গৈ দোকান এখনলৈ সোমালো৷ দোকানৰ সন্মুখত চাৰি-পাঁচজন যুৱক৷ গুটখা চোবাই শৰীৰৰ পৰা চাগে মদৰ গোন্ধ দূৰ কৰাৰ প্ৰয়াস কৰিছে৷ তাৰে এজনৰ মাথা বিৰাট গৰম৷ আনজনক বেয়াকৈ গালি পাৰি আছে৷ 
১ম যুৱকঃ তই মোক কিয় নক’লি ৩ ধৰিবি ? 
২য় যুৱকঃ অমুকেহে মোৰ নামত ধৰিছিল৷ .........................
................... আৰু বহু কথা৷ মই বুজি পালো তেওঁলোকৰ মনৰ যন্ত্ৰণাৰ গভীৰতা৷ আই,পি,এলত চলা জুৱাৰ বাবেই মন ব্যাকূল হৈ পৰিছে তেওঁলোকৰ৷ প্ৰতিটো ইনিংচৰ ৰাণৰ শেষৰ সংখ্যা কিমান হ’ব তাৰ ওপৰত তেওঁলোকে চৰ্ত লগায়৷ প্ৰতি দিনে মাত্ৰ বৰপেটাৰোডতেই প্ৰায় কোটি টকাৰ জুৱা চলে৷ নম্বৰ মিলি গ’লে এশ টকাত হাজাৰ টকা লাভ কৰে৷ ০ ৰ পৰা ৯ লৈ সংখ্যাৰ জুৱা হয়৷ তাৰ পিছত আৰু বহুধৰণৰ জুৱা আছে৷ যিবোৰ মই বিশেষ ভাবে জানিবলৈ চেষ্টা কৰা নাই৷ 
          সেই দিনা ৰাতিৰ পিছত জানিব পাৰিলো বৰপেটাৰোডৰ বহু কেইখন স্থানত আই,পি,এল জুৱা চলে, প্ৰতিখন জুৱাত এজন চৰ্দাৰ থাকে৷ চৰ্দাৰৰ অধীনত বহু এজেন্ট লগাই থোৱা আছে, যিসকলে জুৱাৰিসকলৰ পৰা ধন সংগ্ৰহ কৰাৰ লগতে ফলাফলৰ লাভাংশও বিতৰণ কৰে৷ আৰু এই সমস্ত ঘটনাৰ লগত আৰক্ষীৰ লোকো জড়িত আছে৷ (নাথাকিয়ে বা কি কৰিব, আৰক্ষীয়েতো কাকো জুৱা খেলিবলৈ কোৱা নাই, খেলে কিয়? খেলে যদি ভাগ দিব লাগিব!! লছ কোনে বিচাৰে)
             আজি (১১-০৪-২০১৭) মাইকেৰে কিছু ঘোষণা কৰাৰ শব্দ কাণত বাজি উঠিল কাইলৈ উত্তৰ বৰপেটাৰোডৰ পৰা মানাহলৈ যোৱা পথ মেৰামতি কৰাৰ আধাৰশীলা উন্মোচনৰ লগতে জনসভা অনুষ্ঠিত কৰিব, খৈৰাবাৰীত৷ সভাত স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু অসম চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈধ্য উপস্থিত থাকিব৷ 
         ঘোষণাটো শুনি ভাল লাগিল৷ মাৰ্চৰ ভিতৰত কাম নকৰাৰ বাবে অনশনকাৰী সংগঠনে পুনৰায় জিলা উপায়ুক্তক লগ কৰি স্মাৰকপত্ৰ প্ৰদান কৰাত ১২ এপ্ৰিলৰ কথাই কৈছিল৷ লগতে আমি অসমৰ্থিত সূত্ৰৰ পৰা জানিব পাৰিছিলে যে স্থানীয় বিধায়কৰ কৃতিত্ব জাহিৰ কৰাৰ স্বাৰ্থত নিৰ্ধাৰিত সময়ৰ ভিতৰত কামটো আৰম্ভ নকৰিলে৷ নিজৰ খেয়াল মতেই আৰম্ভ কৰিব৷ কৰক৷ কামটো হ’ব লাগে৷ হাজাৰ হাজাৰ কৃষক আৰু ছাত্ৰ-ছাত্ৰীৰ সমান্তৰালকৈ দেশী-বিদেশী পৰ্যটক আৰু সৰ্বস্তৰৰ ৰাইজৰ বাবে এই পথটো নিশ্চয়কৈ লাগতিয়াল৷ 

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা