Saturday, April 7, 2018

পৰিচালক মুনিন বৰুৱাদেৱ মৃত্যুত আমছুৰ গভীৰ শোক প্ৰকাশ
 অসমীয়া চিনেমা জগতত সদায়েই জিলিকি থাকিব এগৰাকী 'নায়ক' হৈঃ আমছু

৭ এপ্ৰিলঃ
অসমীয়া ছবিজগতৰ লগতে ভ্ৰাম্যমাণ জগতৰ এজন সফল নাট্যকাৰ, পৰিচালক তথা সাংস্কৃতিক জগতৰ ভোটাতৰা স্বৰূপ মুনীন বৰুৱা দেবৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে গভীৰ শোক প্ৰকাশ কৰে৷ অসমীয়া চিনেমাৰ বেয়া দিনৰ সময়ত যৌবনে আমনি কৰে চিনেমাখনে আশাৰ সঞ্চাৰ কৰিছিল৷ তাৰ কেইবছৰ মান পিছত মেৰী লস্কৰৰ (প্ৰযোজিকা) সাহসী প্ৰচেষ্টাত মুনিন বৰুৱা, জুবিন গাৰ্গ আৰু যতীন বৰা ত্ৰিমুৰ্তীয়ে এখনৰ পিছত আন এখন চুপাৰহিত ছবি ৰাইজক উপহাৰ দি অসমীয়া ছবিজগতৰ ধাৰা সলনি কৰি দিছিল। তেওঁৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰৰ বাবে এক দুঃখবৰ বুলি উল্লেখ কৰি এক শোকবাৰ্তাত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে— মুনিন বৰুৱা দেৱৰ মৃত্যুৱে অসমৰ অপূৰণীয় ক্ষতি কৰিলে৷ তেওঁ অসমীয়া চিনেমা জগতত এগৰাকী 'নায়ক' হৈ সদায়েই জিলিকি থাকিব উল্লেখ্য যে অসমীয়া ভাষাৰ ছবিৰ জনপ্ৰিয় তথা চলচ্চিত্ৰ নিৰ্মাতা মুনিন বৰুৱা দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি নিশা ১ বাজি ৫৫ মিনিটত গুৱাহাটীৰ নিজগৃহত ইহসংসাৰ ত্যাগ কৰে। মুনিন বৰুৱা এজন সফল নাট্যকাৰ তথা নাট পৰিচালক আছিল ৷ "প্ৰতিমা" পৰা আৰম্ভ কৰি শেহতীয়া "প্ৰিয়াৰ প্ৰিয়" লৈকে বহুকেইখন চিনেমা নিৰ্মান কৰা বৰুৱাদেৱৰ জনপ্ৰিয় চিনেমা সমুহৰ ভিতৰত পিতা পুত্ৰ, পাহৰি কন্যা,প্রভাতী পখীৰ গান,বোৱাৰী,কাল সন্ধ্যা,হিয়া দিয়া নিয়া,নায়ক,দাগ,বিধাতা,ৰং,অধিনায়ক বাৰুদ,কন্যাদান, দীনবন্ধু, ৰামধেনু আদি অসমীয়া চলচ্চিত্ৰৰ অনবদ্য সংযোজন। উল্লেখযোগ্য যে দীনবন্ধু চিনেমাই ৰাষ্ট্ৰপতি বটা আজুৰিবলৈ সক্ষম হৈছিল। ১৯৪৭ চনত সুমতাই গোলাঘাট জন্ম গ্ৰহণ কৰা মুনিন বৰুৱা আমাৰ বাবে অভিভাবক সদৃশ আছিল৷ ৰাজ্য চৰকাৰে তেখেতক যথোচিত সন্মান প্ৰদৰ্শন কৰাৰ বাবে আমছুৱে দাবী জনায়৷ 

Friday, April 6, 2018

Image result for rejaul karim sarkar
শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পবিত্ৰ অসম বিধান সভাৰ মজিয়াত "আৰবত অসমীয়া ভাষা পঢ়ালে অসমত আৰবী ভাষা পঢ়োৱাব" বুলি যি অদ্ভূদ আৰু চৰম সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি অসমৰ সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰি ভাঙি টুকুৰা টুকুৰ কৰিব বিচাৰিছে এই চৰম সাম্প্ৰদায়িক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে কঠোৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে৷ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে অসমৰ শিক্ষা মন্ত্ৰীৰ এনে অদ্ভুত যুক্তিয়ে বৃহত্তৰ অসমীয়া সমাজত বিৰূপ প্ৰভাৱ পৰাটো অৱধাৰিত বুলি উল্লেখ কৰাৰ লগতে এই বক্তব্যই শংকৰ-আজানৰ অসমত সংঘাতৰ সৃষ্টি কৰিব বুলি মত ব্যক্ত কৰে৷ আমছুৰ সভাপতি জনে কয়— আৰবী ভাষা কেৱল মুছলমানসকলৰ ভাষা নহয়, আৰবী বিশ্বৰ চহকী ভাষা-সাহিত্যসমূহৰ অন্যতম আৰু প্ৰাচীন ভাষা। বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফ মূলত আৰবী ভাষাত থকাৰ লগতে আৰবী ভাষাত এই গ্ৰন্থ অধ্যয়ন কৰিলে পূণ্য হয় বুলি বিশ্বাস কৰিয়েই মুছলমানসকলে এই ভাষা শিকাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ে৷ নিজৰ বিভাগসমূহত উন্নয়ন কৰিব নোৱাৰি শিক্ষামন্ত্ৰী গৰাকীয়ে অসমৰ মুছলমানসকলৰ মনত আঘাত দিয়াৰ বাবে এনে তুচ্ছ তাচ্ছিল্য কৰিছে বুলি উল্লেখ কৰাৰ লগতে অসমৰ শিক্ষা মন্ত্ৰীৰ মন্তব্যই তেখেতৰ কু-মানসিকতা আৰু ঠেক-সাম্প্ৰদায়িক চৰিত্ৰৰ প্ৰতিফলন ঘটা বুলি মত ব্যক্ত কৰে। আমছুৰ সভাপতি জনে ভাৰতৰ পৱিত্ৰ সংবিধানৰ ২৯ আৰু ৩০ অনুচ্ছেদৰ কথা উল্লেখ কৰি ভাৰতৰ সংখ্যালঘুসকলে নিজৰ ধৰ্মীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰিব আৰু ই সাংবিধানিক অধিকাৰ, এই অধিকাৰ খৰ্ব কৰিবলৈ হিমন্ত বিশ্ব শৰ্ম কোন বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে উন্নয়নৰ কাম বন্ধ কৰি মানুহৰ মাজত ভুল-বুজাবুজিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে ঠিকা লোৱা মন্ত্ৰীগৰাকীক মাৰ্জিত হ’বলৈ আহ্বান জনায়৷ অন্যথায় ইয়াৰ পৰিনাম ভয়াবহ হ’ব বুলি সকীয়াই দিয়ে৷ তেওঁ লগতে অসমৰ শান্তিপ্ৰিয় সৰ্বসাধাৰণ ৰাইজক হিমন্তৰ দৰে নিকৃষ্ট মানসিকতাৰ লোকৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰখাৰ বাবে আবেদন জনায়৷

ৰ’দৰ কোলাত মোৰ উলংগ দেহ


অসংখ্য কোলাহলৰ মাজত
জীৱনৰ ৰং বিচাৰি যাওঁ
নিৰাশাৰ চাদৰ মেৰিয়াই

এতিয়া ফাগুণ আৰু বসন্তবোৰ
নিসংগতাৰ অন্য নাম

বিবশ্ৰ হওঁতে এসময়ত লাজ লাগিছিল
এতিয়া সাধাৰণ অভ্যাসহে মাথো
-----------
তেওঁলোকে প্ৰতিদিনে মোৰ চোলা খুলে
লিৰিকি বিদাৰি চায় মোৰ শৰীৰৰ অঙ্গ
মোৰ পিঠিত হেনো কাঁটা তাৰৰ চিন বিদ্যমান
মই হেনো জিভা কটা নষ্ট মানুহ।

মূৰৰ জাপিখন . . .
মোৰ কান্ধৰ গামোছাখন বোলে তেওঁলোকৰ।

বালিবোৰ খান্দি আছো বহু দিনৰ পৰা
বিচাৰি মোৰ আদি পুৰুষৰ কংকাল
মোৰ পৰিচয় পোত খাই আছে শুকান বালিৰ তলত৷

তিৰাশীৰ ছাইবোৰ, চৌৰানব্বৈৰ ধোৱাবোৰ
একবিংশ শতিবাৰ কংকালবোৰ
ধুই নিছে নিষ্ঠুৰ বৰষুণ জাকে...

মোৰ মূল্যহীন আৰ্তনাদ শুনি 
অট্টহাস্য মাৰিবলৈ ৰজা নাই, জমিদাৰ নাই
শ্ৰেণী বিপ্লৱৰ সেই ধ্বজা নাই
‘নাঙল যাৰ, মাটি তাৰ’ ক’বলৈ ভাসানীও নাই,
ভণ্ডৰে ভৰি পৰিছে মোৰ চৌপাশ৷
মুখা পিন্ধা ভদ্ৰলোকবোৰে দৰ-দাম কৰিছে
মোৰ কলিজাৰ ৷
মই ৰ’দৰ কোলাত সমৰ্পণ কৰিছো মোৰ উলংগ দেহ
আৰু তেওঁলোকে কাঢ়িলৈছে মোৰ অন্ন, বস্ত্ৰ, বাসস্থান....৷

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ