Monday, June 19, 2023

অসমৰ ডি ভোটাৰ হোৱাৰ কাৰণ আৰু সমাধানৰ পথ কি হ'ব পাৰে

 

১৯৯৭ চনৰ ১৭ জুলাইত ভাৰত নিৰ্বাচন আয়োগে অসম চৰকাৰক এক বিজ্ঞপ্তি জাৰি কৰি অ-নাগৰিকসকলক ভোটাৰ তালিকাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত, ভোটাৰ তালিকাৰ সংশোধন আৰম্ভ হয়, ঘৰে ঘৰে জৰীপ কৰা হয়, সেইসময়ত ভাৰতীয় হোৱাৰ যাৱতীয় নথিপত্ৰ দেখুৱাব নোৱাৰা লোকক ভোটাৰ তালিকাত ইংৰাজী ডি’ (D)-ৰ সৈতে চিহ্নিত কৰে৷  জৰীপৰ সময়ত, অনুপস্থিত ভোটাৰসকলকো উক্ত ডি ৰে চিহ্নিত কৰা হৈছিল। ফলত প্ৰায় ৩,৭০,০০০ লোকো ডি ভোটাৰ হিচাপে ঘোষণা লাভ কৰে৷ পৰৱৰ্তী সময়ত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা অধিকাংশ লোকেই স্বদেশী হিচাপে ঘোষণা লাভ কৰিছে৷ ২০১৫ চনত অসমত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে বিদেশী সমস্যাৰ স্থায়ি সমাধান লাভ কৰাৰ আশা লৈ সকলোৱে আগবাঢ়িছিল যদিও ডি ভোটাৰ আৰু অসম আৰক্ষীৰ সীমান্ত শাখাৰ আৰক্ষীয়ে সন্দেহযুক্ত নাগৰিকৰ গোচৰ জাপি দিয়া লোকসকলক NRC ৰ আওতাৰ পৰা বাদ ৰখা হল৷ মন কৰিব লগীয়া যে ১৯৯৭ চনৰ পৰা ২০১২ চনলৈকে যিমান ডি ভোটাৰৰ গোচৰ নিষ্পত্তি হৈছিল তাৰে ৮৩ শতাংশই বিদেশী নহয় বুলি ৰায়দান পাইছিল৷

বাক্সা আৰু বৰপেটা জিলাক লৈ গঠন হোৱা সৰভোগ বিধানসভা সমষ্টিতে পাঁচ সহস্ৰাধিক ডি ভোটাৰ আছে। এইসকল লোকৰ ওপৰত সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰা অতিকৈ প্ৰয়োজনীয় বুলি আমি বিবেচনা কৰিব পাৰি। উল্লেখ্য যে এই বিষয়ৰ লগত নদ-নদীৰ গৰাখহনীয়া কেনেকৈ সংযুক্ত হৈ আছে সেই বিষয়েও অধ্যয়ন কৰাৰ থল আছে। 

 


২০১৬ চনৰ কথা৷ কালাম ভাই বৰপেটাৰোডৰ প্ৰশান্তি ল’জত উপস্থিত হোৱাৰ পিছতেই মই গৈ পাইছিলো৷  বিটিএডিৰ হত্যাকাণ্ডৰ পিছতো সমগ্ৰ বিষয়ৰ ওপৰত আমি চৰ্চা কৰাৰ বাবে ক্ষেত্ৰ অধ্যয়নৰ কাম কৰি আছিলো৷ কালাম ভআই কাপোৰ সলাই থাকি মোক কৈছিল- হাফিজ ভাইৰ পোষ্ট পৰছ’?, মই কৈছিলো- আইচকা দেহি নাই৷ -তাৰাতাৰি দেহ’৷ 
মই লগে লগে ফেচবুক খুলি চালো৷ হাফিজ আহমেদ ছাৰে মিয়া বিষয়ত কবিতা লিখিছে 'Write down I am a Miya' ৷ মাত্ৰ কেইটামান ঘন্টাৰ ভিতৰতেই বহুত লাইক, কমেন্ট, শ্বেয়াৰ৷ কবিতাটো বহু চৰ্চিত হৈছে৷ আমাৰ ভাল লগাৰ কাৰণ আছিল- প্ৰান্তিয়, দৰিদ্ৰ লোকৰ বেদনাৰ কাহিনী আৰু অধিকাৰৰ সংগ্ৰামৰ কথাবোৰে কবিতাত স্থান পাইছিল বাবে৷ পৰিচয় বিহীনতাৰ যন্ত্ৰণাৰ বিপৰীতে ঐক্যবদ্ধ ভাবে শোষিত শ্ৰেণীৰ হকে বিপ্লৱ কৰাৰ বাবে দৰকাৰী বহু কথাই ছাৰৰ কবিতাত স্থান পাইছিল৷ 
‘এহন তুমি একটা লেখ’— কালাম ভাই মোক উৎসাহিত কৰিছিল৷ এই খিনিতে মনত পৰিছে যে তেওঁৰ ‘কামোৰ’ৰ বাবেই বিটিএডিৰ হত্যাকাণ্ডৰ ওপৰত গৱেষণামূলক গ্ৰন্থ ‘বিষাদলেণ্ড নাৰায়নগুৰী’ লিখা হৈছিল৷
সন্ধিয়া ৯ মান বজাত মই ঘৰলৈ উভতি আহি লিখিছিলো— ‘মইও মিয়া’৷ 
মিয়া কবিতা ১৯৩৯ চনত মওলানা বন্দে আলীৰ ‘চৰুৱাৰ কথা’ নামৰ কবিতাৰ জৰিয়তে আৰম্ভ হৈছিল যদিও হাফিজ আহমেদ ছাৰৰ উক্ত কবিতাৰ জৰিয়তে মিয়া কবিতায় নৱজীৱন লাভ কৰা বুলিও ক’ব পাৰি৷ এটা নতুন ধাৰাৰ জন্ম হ’ল৷ এই ধাৰাৰ দ্বিতীয়টো কবিতা মই লিখাৰ পিছতেই বহু সমৰ্থন পাইছিলো৷ দুই-তিনি দিনৰ ভিতৰতেই নৱ প্ৰজন্মৰ প্ৰায় ৮ গৰাকী কবিয়ে ৰচনা কৰিলে মিয়া ছিৰিজৰ কবিতা৷ তাৰ পিছত বহু কবিয়ে এই ছিৰিজৰ কবিতা লিখিবলৈ আৰম্ভ কৰিলে৷ (বিস্তাৰিত মোৰ ব্লগত পাব- https://shajahanaliahmed.blogspot.com )
মোৰ এই মইও মিয়া নামৰ কবিতাটো অসম বিধানসভাত বিধায়ক শ্বেৰমান আলী আহমেদে পাঠ কৰি অসমৰ নিৰ্যাতিত জনগোষ্ঠীৰ হকে গৰজি উঠাৰ কথা মনত আছে৷

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ