Friday, November 22, 2019

যুৱ সমাজকৰ্মী সাজাহান আলী আহমেদলৈ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান প্ৰদান
বৰপেটাৰোড, ১৮ নৱেম্বৰ, ২০১৯ : নাগৰিকসকলৰ অধিকাৰকে ধৰি সমাজৰ বিভিন্ন উন্নয়নমূলক কাম-কাজত ব্ৰতী হোৱা যুৱ সমাজকৰ্মী, সাংবাদিক, লেখক-কবি, প্ৰাক্তন ছাত্ৰ নেতা সাজাহান আলী আহমেদলৈ আজি প্ৰদান কৰা হয় ২০১৯ বৰ্ষৰ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান৷ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান সমিতিৰ উদ্যোগত বাণিজ্য নগৰী বৰপেটাৰোডস্থিত ইছলামিক ক্লাৱ এণ্ড লাইব্ৰেৰীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মান প্ৰদান কৰা হয়৷ 

সন্মানপ্ৰাপক সাজাহান আলী আহমেদে কয়— এয়া মাথো সন্মান নহয়৷ এই সন্মান নিকা আৰু সম্প্ৰীতিৰ ভাৱমূৰ্তি অক্ষুন্ন ৰাখি সমাজৰ হকে দৃঢ়তাৰে সংগ্ৰাম কৰি যোৱাৰ এক অফুৰন্ত শক্তি৷ নিজৰ বক্তব্যত আহমেদে সন্মানদাতাসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই কৰ্মযুদ্ধত তেওঁৰ লগত নিঃস্বাৰ্থ সহযোগ আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ 

চেণ্টাৰ ফৰ ইকুইটি ষ্টাটিজ (চিইএছ)-এ আগবঢ়োৱা এই সন্মান প্ৰদান অনুষ্ঠানত সঞ্চালক হৰ্ষ মান্দাৰে কয়— নাগৰিকত্বৰ নামত অসমত বহুদিন ধৰি প্ৰকৃত ভাৰতীয় নাগৰিকসকল নানা ধৰণে হাৰাশাস্তি, নিৰ্যাতন হবলগীয়া হৈছে৷ তেনে সময়ত সাজাহানে সমাজসেৱাৰ জৰিয়তে এই নাগৰিকসকলৰ পক্ষত থিয় দি তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ তেওঁ এই প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই আৰু তেওঁৰ কৰ্মক্ষেত্ৰত আৰু অধিক উৎসাহ-প্ৰেৰণা যুগোৱাৰ উদ্দেশ্যেই তেওঁলৈ এই সৌহাৰ্দ্য সন্মান আগবঢ়োৱা হৈছে৷

সাংবাদিক-সমাজকৰ্মী শাকিল আহমেদে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট লেখক নৱশৰণ সিং, গোৰৰেপতি নৰেন্দ্ৰনাথ মেম’ৰিয়েল ট্ৰাষ্টৰ ট্ৰাষ্টি উমা ছাংকাৰী, সংযুক্তা গোৰৰেপতি, বিশিষ্ট সংখ্যালঘু অধিকাৰ কৰ্মী জন দয়াল, বিশিষ্ট বিজ্ঞানী অমিতাভ বসু, গৱেষক ছাত্ৰ আব্দুল কালাম আজাদে অংশগ্ৰহণ কৰি উদ্যোক্তাসকলৰ প্ৰত্যকেই নিজ নিজ ভাষণত সাজাহান আলী আহমেদৰ কৰ্মদক্ষতাক ভূয়সী প্ৰশংসা কৰে৷

ইপিনে সাজাহান আলী আহমেদে এই সন্মান লাভ কৰি ৰাজ্যখনৰ লগতে বৃহত্তৰ বৰপেটাৰোড অঞ্চলৰ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁৰ পিতৃ আব্দুল মুন্নাফ, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক তাইজুদ্দিন আহমেদ, ইছলামিক ক্লাৱ এণ্ড লাইব্ৰেৰীৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ আয়নাল হক, আমছুৰ হৈ মইনুল হক, স্বেচ্ছাসেৱী সংগঠন ‘ছা’ৰ সাধাৰণ সম্পাদক সাহাদত হুছেইনকে ধৰি উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশিষ্ট লোকসকলে তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ লগতে সন্মানদাতা পক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত বৰপেটা-বাক্সাৰ লগতে ৰাজ্যখনৰো ভিন্ন প্ৰান্তৰ পৰা দুই শতাধিক লোক উপস্থিত থাকে৷
Published on :


Wednesday, August 7, 2019

বৰপেটা জিলাৰ ভয়াবহ বানপানীৰ ফলত হোৱা ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ প্ৰদান কৰাৰ দাবী


বৰপেটাৰোড, ৬ আগষ্টঃ
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত চলি থকা বিভিন্ন বিসংগতি দূৰ কৰাৰ দাবীত আজি আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান আৰু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমছুৰ বৰপেটা জিলা সমিতিয়ে জিলা খনৰ উপায়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰৰ মহাপঞ্জীয়কলৈ তথা জিলা উপায়ুক্তক পৃথকে পৃথকে মুঠ চাৰিখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ সংগঠনটোৱে লগতে বৰপেটা জিলাৰ ভয়াবহ বানপানীৰ ফলত হোৱা ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ প্ৰদান কৰাৰ দাবীত দুখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে। ৫ আগষ্টৰ দুপৰীয়াত বৰপেটাৰ ভাতকুছিৰ সাহাতন নেছাই শুনানীৰ বাবে একেদিনাই দিনৰ ১ বজাত  তিতাবৰত উপস্থিত হোৱাৰ জাননী লাভ কৰে, য’ত LRCR য়ে চহীও কৰিছে একে দিনাই৷ বৰপেটাৰ ভাতকুছিৰ পৰা তিতাবৰলৈ বাছেৰে উপস্থিত হ’বলৈ সময় লাগে ১২ ঘন্টা। এনে ক্ষেত্ৰত সাহাতন নেছাই কি কৰিব আৰু এছ অ পিৰ নীতি বহিৰ্ভূত ভাবে কি কাৰণত মানুহক হাৰাশাস্তি কৰা হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে এনেদৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰা বিষয়াৰ শাস্তিৰ দাবী কৰিছে আমছুৱে৷ উল্লেখ্য যে মহামান্য উচ্চতম ন্যায়ালয়ে ১ নৱেম্বৰ, ২০১৮ তাৰিখে গ্ৰহণ কৰা SOP (এছঅপি)ৰ ৫ নং অনুচ্ছেদ মতে কোৱা হৈছে যে শুনানীৰ বাবে নিৰ্ধাৰিত তাৰিখৰ পৰা কমপক্ষে ১৫ দিন পূৰ্বে জাননী প্ৰদান কৰিব লাগিব আৰু যদি ইয়াতকৈ কম সময়ত জাননী প্ৰদান কৰা হয় তেন্তে তেওঁৰ শুনানীৰ বাবে বিকল্প তাৰিখ নিৰ্ধাৰণ কৰি নতুন জাননী প্ৰদান কৰাৰ বাবে স্থানীয় পঞ্জিয়ক বা LRCR ৰ ওপৰত দায়িত্ব ন্যস্ত থাকিব৷ কিন্তু এনে নিৰ্দেশনা অৱমাননা কৰি শুনানীৰ দিনা অথবা ২৪ ঘন্টা পূৰ্বে জাননী প্ৰদান কৰি হাজাৰ হাজাৰ ৰাইজক চৰম হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে বৰপেটা জিলা আমছুৱে৷ সংগঠনটোৱে লগতে স্মাৰকপত্ৰ যোগে অভিযোগ উত্থাপন কৰে যে অতি কম সময়ৰ ভিতৰত ৫০০ কিঃমিঃ দূৰত শুনানীৰ বাবে মাতি নিৰিহ ৰাইজক চৰম মানসিক অত্যাচাৰ কৰা হৈ আছে৷ এনে বিসংগতি বন্ধ নকৰিলে আমছুৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্মাৰকপত্ৰ যোগে সকীয়াই দিয়ে৷ স্মাৰকপত্ৰ প্ৰদান কৰা সময়ত আমছুৰ উপ সভাপতি আবুল হুছেইন, প্ৰাক্তন শিক্ষা ও আলোচনী সম্পাদক সাজাহান আলী আহমেদ, সহঃসাধাৰণ সম্পাদক নুৰজামান ইছলাম, তথ্য-প্ৰযুক্তি আৰু সাংস্কৃতিক সম্পাদক মনিৰুজ জামান, বৰপেটা জিলা সমিতিৰ সভাপতি নজৰুল ইছলাম, উপ সভাপতি আব্দুল জুব্বাৰ আলী, তোতা মিঞা, জয়নুদ্দিন আহমেদ, সাধাৰণ সম্পাদক ৰহিদুল শিকদাৰ,  সহঃসাধাৰণ সম্পাদক ও শিক্ষা আৰু আলোচনী সম্পাদক ছাইদুৰ ৰহমান, সহঃসাধাৰণ সম্পাদক আফজালুৰ ৰহমান,  বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক সাহাদত হুছেইন, খন্দকাৰপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক নুৰজামান খান, পালহাজী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মেহেবোব আলমকে আদি কৰি এটা সজাতি দলে অংশ গ্ৰহণ কৰে৷

Monday, August 5, 2019

মহামান্য উচ্চতম ন্যায়ালয়ৰ মতে হ’ব লাগিব NRC ৰ কামঃ সাজাহান আলী আহমেদ

গোৱৰ্ধানা¸ ৪ আগষ্ট¸ 
বাক্সা জিলা অন্তৰ্গত চুনবাৰী, বিশপানী, কালপানী আদি গাওঁবোৰত হঠাৎ কৈ এন.আৰ.চিৰ জাননী অহাত আতংকিত হৈ পৰিছে প্ৰায় শতাধিক পৰিয়ালে। যোৱা ২৬ জুনত প্ৰকাশ পোৱা কৰ্তন তালিতাতো নাম নথকা লোকে নিজৰ নাম হঠাৎ কৰ্তন হোৱাত মানসিক ভাবে ভাগি পৰিছে। লক্ষণীয় ভাবে যোৱা ৩০ জুলাইৰ পৰা এন.আৰ.চি কৰ্তৃপক্ষই শুনানীৰ  ২৪ ঘন্টা পূৰ্ব বি.এল.অ'ৰ জৰিয়তে দিয়া জাননী পাই হতাশাত ভূগিছে ৰাইজে । উল্লেখ্য যে পৰিয়ালবোৰৰ কোনো সদস্যৰ নামত ডি চিহ্ন নাই অথবা নথি পত্ৰতো কোনোধৰণৰ বিসংগতি নাই। তৎসত্ত্বেওঁ এন আৰ চি কৰ্তৃপক্ষই এশ, ডেৰশ কিলমিটাৰ দূৰত্বত শুনানীৰ বাবে দিয়া জাননী পাই ক্ষুব্ধ হৈ পৰিছে পৰিয়ালবোৰে। উক্ত ঘটনা সংক্ৰান্তত স্থানীয় যুৱ সমাজ কৰ্মী, সাংবাদিক¸ লেখক সাজাহান আলী আহমেদে উক্ত দুৰ্গত পৰিয়ালবোৰৰ খবৰ লোৱাৰ লগতে যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰি পৰামৰ্শ প্ৰদান কৰে। তেওঁ সংবাদিকক কয় যে এন আৰ চিৰ অন্তিম মূহুৰ্তত কেৱল সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ উদ্দেশ্যে এনে কম সময়ত জাননী প্ৰেৰণ কৰি অযথা হাৰাশাস্তি কৰি আছে। যুৱ নেতাগৰাকীয়ে কয় যে যদিহে জাননী প্ৰেৰণ কৰিবলগীয়া আছে তেন্তে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে  নিৰ্ধাৰিত সময়তকৈ ১৫ দিন পূৰ্বে জাননী দিব লাগিব। আহমেদে লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰিলে ৰাইজে মানি নলয়। কালপানী অঞ্চলখনত বেঁকীৰ গড়াখহনীয়াই ঘৰ বাড়ি ভাঙি লৈ যোৱাৰ ফলত পৰিয়ালৰ বহুতো সদস্যই উপাৰ্জন কৰাৰ উদ্দেশ্যে বহিঃৰাজ্যত কাম কৰিবলৈ গৈছে। হিয়াৰিংৰ আগ দিনা জাননী প্ৰেৰণ কৰাত সেই সদস্যসকলে শুনানী কেন্দ্ৰত গৈ উপস্থিত হ'ব নোৱাৰিব। যিসকল সদস্যই সময়ৰ অভাৱত হিয়াৰিত উপস্থিত থাকিবপৰা নাই সেই সদস্যবোৰৰ নাগৰিকত্বৰ প্ৰতি দৃষ্টি ৰাখি পুনৰবাৰ নিময় অনুসৰি সুযোগ দিবলৈ এন আৰ চিৰ সমন্বয়ক আহব্বান জনায় আহমেদে। আজিৰ ভূক্তভোগী ৰাইজৰ সমস্যাসমূহৰ বুজ লবলৈ লগতে বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদক সাহাদত হুছেইন, বৰপেটা জিলা আমছুৰ সহঃ সাধাৰণ সম্পাদক নজৰুল আলী আহমেদ, গোৱৰ্ধনা আঞ্চলিক আমছুৰ সভাপতি আছোৰ উদ্দিন, সাধাৰণ সম্পাদক নশ্বাদ আলী, বৰপেটাৰোড আঞ্চলিক আমছুৰ সভাপতি আমিৰ হুছেইন, উপ সভাপতি ইমদাদুল ইছলম, স্থানীয় সচেতন যুৱক, ৰাহুল হুছেইন, আমিনুল ইছলাম, শুকুৰ আলী¸ আব্দুছ ছাত্তাৰকে আদি কৰি বহু সংখ্যক সচেতন যুৱকে উপস্থিত থাকে।

Saturday, July 13, 2019


বৰপেটাৰোড, ১৩ জুলাইঃ

কেইবা দিনৰ পৰা  নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত বেঁকী নৈৰ ওদালগুৰী-বালিপুৰ চৰত প্ৰায় পাছশতাধিক মানুহ আবদ্ধ হৈ আছিল৷ যোৱা ১০ জুলাই তাৰিখে বাক্সা জিলা প্ৰশাসনে দুৰ্গত লোকসকলক উদ্ধাৰ কৰি পূৱ খাৰিজা বিজনী এম ই স্কুলত অস্থায়ি শিবিৰ পাতি আশ্ৰয় লবলৈ  সুবিধা কৰি দিয়ে৷ উক্ত শিবিৰত কৃষক নেতা ৰাতুল হোছেইন, অধিবক্তা ফজলুল হক, যুৱনেতা সাজাহান আলী আহমেদ, আমছু নেতা ছাইফুল ইছলাম আৰু সাহাদত হুছেইন, যুৱ সমাজ সমাজকৰ্মী ছাহ ছিকান্দৰ মাহমুদৰ লগতে এটি সজাতি দলে ভূক্তভোগীৰ খবৰ লোৱাৰ লগতে বিভিন্ন সমস্যাৰ বুজ লয়৷ সজাতি দলটোৱে ছাত্ৰ-ছাত্ৰীৰ মাজত ব্ৰেড আৰু পানীৰ বতল বিতৰণ কৰে৷ উল্লেখ্য যে উক্ত শিবিৰত বালিপুৰ আৰু উদালগুৰী গাওঁৰ ৮১ টা পৰিয়ালৰ সৰ্বমুঠ ৪৭০ গৰাকী লোকে বাস কৰি আছে৷ ইয়াৰে পুৰুষ ২৩৫, মহিলা ১৪০ শিশু ৯৫ গৰাকী থকাৰ বিপৰীতে ৭৭৬ টা পশুধন শিবিৰত ৰখা বুলি জানিব পৰা গৈছে৷ উক্ত শিবিৰত জিলা প্ৰশাসনে যাৱতীয় সা-সুবিধা প্ৰদান কৰাত ৰাইজে প্ৰশাসনক ধন্যবাদ জনাইছে৷

Tuesday, July 9, 2019

৫০ লাখৰ ক্ষতিপূৰণ দাবী,
তদন্তৰ বাবে ২৪ ঘণ্টাৰ চৰম সীমা দল-সংগঠনৰ


সাজাহান আলী আহমেদ, বৰপেটাৰোড, ৯ জুলাইঃ
উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো ১৯৯৭ চনৰ পৰা ডি ভোটাৰ হিচাপে চিহ্নিত হোৱাৰ লগতে এন আৰ চিৰ জটিলতাৰ বাবে  কালি আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্ধনা আৰক্ষী থানাৰ অধিনস্থ চূণবাৰী গাওঁৰ আমবৰ আলী নামৰ ৫৯ বছৰীয়া লোকজনে৷ ১৯৫১, ১৯৭১ৰ পৰা আৰম্ভ কৰি সকলো প্ৰয়োজনীয় বৈধ তথা শুদ্ধ নথি-পত্ৰ মজুত থকা স্বত্বেও তেওঁক ১৯৯৭ চনত ডি ভোটাৰ সজাই মানসিকভাবে হাৰাশাস্তি কৰি আহিছিল৷ ইফালে বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ এন আৰ চিৰ শুনানিৰ বাবে বহুকেইদিন অহা-যোৱা কৰাৰ পিছতো কোনো ধৰণৰ সদুত্তৰ নোপোৱাত শেষত উপায়ন্তৰ হৈ লোকজনে বৰপেটাৰোডৰ সমীপৰ গুৱাগাছাত ৰেলৰ আগত পৰি যোৱা নিশা আত্মহত্যা কৰিবলৈ বাধ্য হয়৷ উল্লেখ্য যে কিছু দিনৰ পৰা লোকজনে কাম কাজত মনোনিবেশ কৰিব নোৱাৰিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ তেওঁ নাগৰিকত্ব সম্পৰ্কীয় বিভিন্ন নথি-পত্ৰ লিৰিকি-বিদাৰি গভীৰ চিন্তাত ডুবি থাকিছিল৷ কালি পুৱাৰে পৰা লোকজনক পৰিয়ালৰ লোকে বিচাৰি নাপাই হতাশ হৈ পৰিছিল যদিও আবেলি তেওঁৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয়৷ মৰোনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাত আজি পুৱা প্ৰায় ১১ বজাত আমবৰ আলীৰ মৃতদেহ জানাজা সম্পন্ন কৰা হয়৷ ইফালে ৰাষ্ট্ৰৰ ভুলৰ পৰিণতিত আত্মহত্যাৰ পথ বাছি লোৱা অমবৰ আলীৰ পৰিয়ালক ৫০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনাইছে তিনিটাকৈ সংগঠনে৷ আমবৰ আলী নামৰ লোকজন ভাৰতীয় হোৱাৰ সকলো তথ্যপাতি থকাৰ পিছতো কি কাৰণত কৰ্তৃপক্ষই তেওঁক ডি ভোটাৰ হিচাপে চিহ্নিত কৰিলে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমছুৰ বাক্সা জিলা সমিতি, এবিএমছুৰ শালবাৰী জিলা সমিতি আৰু পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বাক্সা জিলা সমিতিয়ে৷ আমবৰ আলী ডি ভোটাৰ হিচাপে চিহ্নিত কৰিবলৈ যি গৰাকী বিষয়াই চলোৱা তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনায় সংগঠন কেইটাই৷
আমছুৰ বাক্সা জিলা সমিতিৰ সভাপতি মিনহাজুল ইমৰাণ, সাধাৰণ সম্পাদক সাহাদত হুছেইন, এবিএমছুৰ উপ সভাপতি সদাগৰ বাদশ্বাহ, পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বাক্সা জিলা সমিতিৰ সম্পাদক জাকিৰ হুছেইনকে আদিকৰি সংগঠন কেইটাৰ বিভিন্ন স্তৰৰ কেইবাগৰাকী কৰ্ম-কৰ্তা উপস্থিত থাকি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ সংগঠন তিনিটাৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত দাবী উত্থাপন কৰি কয় যে আমবৰ আলীৰ ওপৰত ডি ভোটাৰৰ মিছা অভিযোগ দাখিলেৰে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা ঘটনাৰ উচিত তদন্ত ২৪ ঘণ্টাৰ ভিতৰত নকৰিলে চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰে৷ 

Thursday, July 4, 2019

সাজাহানেৰ নতুন কবিতা

‘ছাইৰা গেলা, মাইৰা গেলা না আমাৰে’


অনাহাৰে, অনিদ্ৰায় তোমাৰ কথা ভাবি নিশি
কি সুখে আছ’ তুমি তোমাৰ জগতে!

আমাৰ আত্তা খালি ধৰফৰ কৰে
বৰমপুত্ৰেৰ কাছাৰ ভাইঙ্গা পৰে,

কুৰপান মিঞা ঘুমাইছাল 
বুকে কাগজ নিয়া
নদীৰ চাপে ডুইবা মৰল’

মইৰা গেল’ মাইৰা গেলোনা
সেই কাগত দিয়া নাম তোলছে পুলাহানে৷

পইচা পইচা মৰি আমি প্ৰতিদিনি
অকাৰণে, অৱহেলায়, অনাদৰে৷

গাছেৰ পাতা পৰলেও আমি কাইন্দা উঠি
ঘুমেৰ ঘৰে
তোমাৰ ভুইট্টা ভুইট্টা চখ, লাম্বা জিবলা
ভাইশ্বা উঠে
ৰাইতেৰ আন্ধাৰে
বাশ্ব শোভ তলে...

আমাৰে তুমি ছাইৰা গেলা
মাইৰা গেলা না আমাৰে
তুমি নিষ্ঠুৰ
বৰই নিষ্ঠুৰ তুমি জগতে.....৷৷


Sunday, June 23, 2019

সংবিধান যাত্ৰাৰ প্ৰথম দিনটো আছিল আমাৰ বাবে অত্যন্ত দুখজনক৷ আমাৰ যাত্ৰা আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতেই আমি হাতীপোতা পাৰ্ট-২ ত উপস্থিতত হৈছিলো৷ পাহাৰীয়া পথেৰে আমাৰ ছাইকেল আৰোহীসকলে চৰম প্ৰত্যহ্বান নেউচি পাৰ হৈ গৈছিল৷ আমাৰ যাত্ৰাত ৮ গৰাকী যুৱতীও আছে৷ বিশেষ ভাবে যুৱতীসকলে প্ৰখৰ ৰ’দৰ মাজত পেডেল মাৰি মাৰি ভাগৰি পৰিলেও মনোবল হেৰুৱা নাছিল৷ একেদৰে শুভংকৰ ঘোষৰ নিৰবচ্ছিন্ন জয় ভীম, জয় সংবিধান, জয় হিন্দ শ্লগানেৰে যুৱক-যুৱতীসকলে প্ৰখৰ ৰ’দৰ প্ৰকোপ আওকাণ কৰি আগবাঢ়ি গৈছিল সাংবিধানিক অধিকাৰ খৰ্ব হোৱা নিৰিহ পৰিয়ালৰ কাষলৈ৷ তেওঁলোকৰ মনৰ খবৰ লোৱাৰ বাবে৷


১৯ নং অনুচ্ছেদ মতে ভাৰতৰ প্ৰত্যেকজন নাগৰিকক বাক স্বাধীনতা, শান্তি পূৰ্ণ ভাবে সমবেত হোৱা, সংস্থা বা সংঘ গঠন কৰা,  ভাৰতৰ ভূ-খণ্ডৰ যিকোনো ঠাইত মুক্ত ভাবে বিচৰণ কৰা, ভাৰতৰ যিকোনো ঠাইত বসবাস কৰা আৰু যিকোনো জীৱিকা, ব্যৱসায়-বাণিজ্য কৰাৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু অসমৰ বান-গৰাখহনীয়া আৰু সংঘৰ্ষ পীড়িত সংখ্যালঘু নাগৰিকে জীৱিকাৰ তাড়ণাত অসমৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গ’লেই উগ্ৰ জাতীয়তাবাদী একাংশ দল-সংগঠনৰ দ্বাৰা বিভিন্ন ধৰণৰ শাৰীৰিক, মানসিক আৰু অৰ্থনৈতিক নিৰ্যাতনৰ বলি হোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰ-প্ৰশাসনে সংখ্যালঘু জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ পৰিৱৰ্তে স্বৈৰাতান্ত্ৰিক ভাবে বিদেশীৰ গোচৰ জাপি দি আছে৷
আমাৰ এই অভিযোগৰ সত্যতা প্ৰমাণ হ’ল গাওঁখত৷ আমি তিনিটা এনে পৰিয়াল লগ পালো যিসকলে জীৱন-জীৱীকাৰ তাৰণাত যোৰহাটলৈ কাম বিচাৰি গৈছিল আজিৰ পৰা প্ৰায় ১২ বছৰ পূৰ্বে৷কাম কেইদিনমান কৰিছিল৷ আৰু কিছু দিনৰ পিছত উভতি আহিছিল ঘৰলৈ৷
তেওঁলোকে জনা নাছিল যে তেওঁলোকৰ বিৰুদ্ধে যোৰহাটৰ বিদেশী ন্যায়াধীকৰণত গোচৰ চলিছিল, তেওঁলোকক বিদেশী হিচাপে ঘোষণা কৰা হৈছিল৷
NRC ৰ চূড়ান্ত তালিকাত নাম বিচাৰি নাপাই যেতিয়া বাদ কৰাৰ কাৰণ জানিব বিচাৰিলে তেতিয়াহে জানিব পাৰিলে তেওঁলোকক একপক্ষীয় ৰায় যোগে বিদেশী হিচাপে ঘোষণা কৰিছে৷---------------------

Sunday, June 16, 2019

"অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সংখ্যালঘু মুছলমান লোকসকলৰ সমস্যাৰ ওপৰত বিশেষকৈ NRC, ডি ভোটাৰ, বিদেশী ন্যায়াধীকৰণ, ডিটেন্সন কেম্পৰ বাবে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিব পাৰি তাৰ বাবে সংখ্যালঘু সমাজৰ বুদ্ধিজীৱী, লেখক, গৱেষক আৰু সচেতন নাগৰিকক লৈ এক ঘূৰণীয়া মেজমেলৰ আহ্বান কৰা হৈছে। উক্ত আলোচনাত অখিল গগৈ উপস্থিত থাকি আপোনালোকৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰিব। অনুষ্ঠানত আপোনাৰ উপস্থিতি আৰু দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছো।"-এনেদৰে আহ্বান জনোৱা সভাত আন্তৰিকতাৰে উপস্থিত হৈ বুজিলো- এয়া এক মিথ্যাচাৰহে আছিল। প্ৰকৃততে ৰাজনৈতিক উদ্দেশ্যেৰেহে সভা আহ্বান কৰা যেন লাগিল। সভাত আমি বিষয়বস্তু সাঙুৰি দিয়া বক্তব্য অপ্ৰাসঙ্গিক যেন লাগিল। ফলত চালে-বেৰে কোৱাই মুখ্য ব্যক্তি অখিল গগৈয়ে বক্তব্য প্ৰদান কৰা আৰু উত্থাপিত বিতৰ্কৰ উত্তৰত পানী কেচুৱাক দিয়া বুজনি দিয়া যেন অনুভৱ হ’ল। আমাৰ বক্তব্যৰ মূল অংশ তলত উল্লেখ কৰিলো—
১৯৯৭ চনৰ পৰা এতিয়ালৈকে লক্ষাধিক ভাৰতীয় লোকক ডি ভোটাৰৰ নামত মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈ আছে৷ ২০১২ চনলৈকে সৰ্ব মুঠ গোচৰৰ ৮৩ শতাংশ লোক ভাৰতীয় হিচাপে ৰায়দান লাভ কৰিছে৷ বাকী ১৭ শতাংশৰ সামান্য নাম, উপাধি, বয়স আদি সৰুসুৰা ভুলৰ বাবে বিদেশী হিচাপে ঘোষিত হৈছে৷ ইয়াৰ মাজত কিছু সংখ্যকক একপক্ষীয় ৰায়দানৰ জৰিয়তে বিদেশী হিচাপে ঘোষণা কৰা হৈছে৷ এইসকল ঘোষিত বিদেশীকেই ডিটেনশ্বন কেম্পত অমানৱীয় ভাবে বন্দী কৰি ৰখা হৈছে৷ 
১৷ প্ৰশ্ন- ডি ভোটাৰ চিনাক্তকৰণ, বিদেশী ন্যায়াধীকৰণৰ বিচাৰ প্ৰক্ৰিয়া আৰু ডিটেনশ্বন কেম্প সম্পৰ্কে কৃষক মুক্তিৰ স্থিতি জানিব বিচাৰিছো৷ 

সীমান্ত আৰক্ষীৰ প্ৰতিবেদন অধ্যয়ন কৰি দেখা গৈছে যে প্ৰতিটো সন্দেহীৰ গোচৰত সন্দেহীক বাংলাদেশৰ নিৰ্দিষ্ট ঠিকনাৰ পৰা অসমত অবৈধ ভাবে প্ৰৱেশ কৰাৰ তথ্য উল্লেখ কৰিছে৷ কিন্তু তেনে সন্দেহীৰ পিতৃ-মাতৃ বা পৰিয়ালৰ লোক ভাৰতীয়. হৈ আছে৷ আনকি বিদেশী ন্যায়াধীকৰণ সমূহৰ পৰা ভাৰতীয় হিচাপে ৰায়দান লাভ কৰিছে৷ 
২৷ প্ৰশ্ন- সীমান্ত আৰক্ষীৰ ভূৱা প্ৰতিবেদনৰ দ্বাৰা ভাৰতীয় লোকৰ মৰ্যাদা হানি কৰা হৈ আছে৷ সীমান্ত আৰক্ষীৰ এনে উৎপীড়ণৰ বিৰুদ্ধে কৃষক মুক্তিৰ বিগত দিনৰ ভূমিকা কি আছিল ? আৰু বৰ্তমানৰ স্থিতি কি ? 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তৃপক্ষই আমাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ উদ্দেশ্যে কেতবোৰ বৈষম্যমূলক,পক্ষপাতিত্বমূলক তথা বৰ্ণবাদী নিয়মৰ আশ্ৰয় লৈছে৷ আদালতৰ এটা নিৰ্দেশনাৰ দোহাই দি তেওঁলোকে পঞ্চায়তৰ প্ৰমাণপত্ৰ দাখিল কৰা লাখ লাখ দৰিদ্ৰ, অশিক্ষিত আৰু ক্ষমতাহীন মহিলাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ বাবে চেষ্টা কৰিছিল৷ যেতিয়া তেওঁলোকে দেখিলে যে এই  ৪৭ লাখ বিবাহিত  মহিলাৰ ভিতৰত মূলসুঁতিৰ অসমীয়া মহিলাও আছে তেতিয়া বৰ্ণবৈষম্যমূলক উপায়েৰে মুছলমান সকলক 'আদি বাসিন্দা নহয়' (Non Original Inhabitants) বুলি পৃথকীকৰণ কৰা হয়৷ আমাৰ বাবে কঠোৰৰ পৰা কঠোৰতম পৰীক্ষণ প্ৰক্ৰিয়াৰ উদ্ভাৱন কৰাৰ সমান্তৰালভাৱে কিন্তু 'আদি বাসিন্দা' (Original Inhabitants) বুলি পৃথক কৰাসকলক বিনা পৰীক্ষণতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তৰ্ভুক্ত কৰি দিয়া হয়৷ এইদৰেই অধিক মুছলমানৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ উদ্দেশ্যেই  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তৃপক্ষই  এনেধৰণৰ বহুতো স্বেচ্ছাচাৰী নিয়ম-নীতি আৰু ব্যৱস্থাৱলী হাতত লৈছে৷ এই আদি বাসিন্দাৰ দৰে ব্যৱস্থা গ্ৰহণ নকৰি ডি এন এ পৰীক্ষণৰ দৰে সৰ্বগ্ৰহণযোগ্য পৰীক্ষণ প্ৰক্ৰিয়াৰ দ্বাৰা সকলো নিৰীহ লোকক ন্যায় প্ৰদান কৰিব পাৰিলেহেঁতেন যদিও কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল৷

৩৷ প্ৰশ্ন- পৰ্যাপ্ত সংযোগী নথি দাখিল কৰিব নোৱাৰা লোকৰ বাবে DNA পৰীক্ষাৰ জৰিয়তে নাগৰিকত্বৰ সমস্যা সমাধান কৰিব লাগে বুলি আমাৰ দাবী৷ এই ক্ষেত্ৰত কৃষক মুক্তিৰ স্থিতি কি ?

নাগৰিকত্ব আইন অনুসৰি ১৯৮৭ চনৰ ৩১ জুলাইৰ পৰা ২০০৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্ম লাভ কৰা লোকৰ পিতৃ-মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লে  তেওঁ জন্মসূত্ৰে ভাৰতীয়৷ কিন্তু দেখা গৈছে যে পিতৃ বা মাতৃৰ যিকোনো এজন ডি ভোটাৰ হ’লেই তেওঁলোকৰ সতি-সন্ততিৰ নাম NRC ৰ পৰা বাদ পেলোৱা হৈছে৷
৪৷ প্ৰশ্ন- যিহেতু ডি ভোটাৰ মানেই বিদেশী নহয়, তেনে ক্ষেত্ৰত উপযুক্ত নথি-পত্ৰ জমা দিয়াৰ পাছতো তেওঁলোকৰ সতি-সন্ততিৰ নাম NRC ৰ পৰা বাদ পেলোৱা হৈছে৷ এই বিষয়ে কৃষক মুক্তিৰ স্থিতি কি ? 

ভূৱা আপত্তিৰ দ্বাৰা লাখ লাখ বৈধ ভাৰতীয় নাগৰিকক অযথা হাৰাশাস্তিৰ কথা সকলোৱে জানে৷ এনে আপত্তিৰ ফলত নাগৰিকে আৰ্থিক, মানসিক, শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হৈ আছে৷ সংবাদমাধ্যমৰ মতে ৩১ ডিচেম্বৰতেই এই ভূৱা আপত্তি সংখ্যা ১৩০০ ৰ পৰা ২.৫ লাখ অতিক্ৰম কৰিছিল৷ এই আপত্তি সমূহ চৰকাৰ-প্ৰশাসনৰ পূৰ্ণাঙ্গ সহযোগিতাত নহ’লে সম্ভৱ নহয় বুলি আমি ভাবো৷ কিয়নো লাখ লাখ ARN আপত্তিকাৰীসকলে লাভ কৰা সহজ-সাধ্য নাছিল, লগতে অসম্পূৰ্ণ আপত্তি প্ৰ-পত্ৰ গ্ৰহণ কৰা হৈছে৷ জানিব পৰা মতে এই আপত্তিৰ শুনানীত এজনো আপত্তিকাৰী উপস্থিত নাথাকে, ফলত একতৰফা ৰায়দান দিবলৈ NRCৰ ৰাজ্যিক সমন্বয়কে নিৰ্দেশনা প্ৰদান কৰিছে৷ কিন্তু দেখা যায় যে শুনানীৰ সময়ত ভূক্তভোগীসকলক বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰে৷ আমি ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ জৰিয়তে শুনানী নিষ্পত্তিকাৰী বিষয়াৰ পৰা জানিব পাৰিছো যে এনে ভূৱা আপত্তিৰ পৰা ‘বাংলাদেশী’ পোৱা গৈ আছে৷
https://scroll.in/article/923786/anger-in-assam-as-2-5-lakh-people-included-in-draft-citizens-register-face-fresh-hearings
৫৷ প্ৰশ্ন- এনে ভূৱা আপত্তি সম্পৰ্কে কৃষক মুক্তিৰ স্থিতি কি ? আৰু যদি এনে ভূৱা আপত্তিৰ দ্বাৰা নাগৰিকৰ নাম NRC ৰ পৰা বাদ পৰিলে কি কৰিব ?

কৃষক মুক্তি অসমৰ বিভিন্ন সামাজিক, ৰাজনৈতিক বিষয়ৰ লগতে অধিকাৰৰ সংগ্ৰামত সৰৱ দৃষ্টি ৰখা পৰিলক্ষিত হয়৷ কিন্তু নাগৰিকত্বৰ দৰে জটিল আৰু স্পৰ্শকাতৰ তথা সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়ত এক প্ৰকাৰ উদাসীনতা প্ৰদৰ্শন কৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ শেহতীয়া কৈ NRC ৰ ভূৱা আপত্তি সম্পৰ্কে গুৱাহাটী, যোৰহাট, শিৱসাগৰ, গোলাঘাট আদি ঠাইৰ সলনি কলগাছিয়া আৰু গোৱালপাৰাত কৃষক মুক্তিৰ এটা শাখা সংগঠনৰ দ্বাৰাহে সংবাদমেল অনুষ্ঠিত কৰা দেখা গৈছে৷ 
৬৷ প্ৰশ্ন- এই বিষয়ত কেন্দ্ৰীয় সমিতিয়ে সৰৱ ভুমিকা গ্ৰহণ নকৰাৰ কাৰণ জানিব বিচাৰিছো৷

মহবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহৰ প্ৰবল গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্থ হোৱা লোকসকলে জীৱন-জীৱীকাৰ তাৰণাত সাধাৰণতে উজনী অসমৰ বিভিন্ন প্ৰান্তত কাম বিচাৰি যোৱাৰ পিছত AASU, AJYCP আদি সংগঠনৰ দ্বাৰা কাণত ধৰি উঠ-বহ দিয়াৰ পৰা আৰম্ভ কৰি লুণ্ঠন কৰা দেখ যায় আৰু সীমান্ত আৰক্ষীৰ দ্বাৰা বিদেশীৰ গোচৰ জাপি দিয়া দেখা যায়৷
৭৷ এনে অত্যাচাৰ সম্পৰ্কে কৃষক মুক্তি জ্ঞাত নে ? যদি জ্ঞাত বিগত দিনত এই সম্পৰ্কে কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে ? ভৱিষ্যত কাৰ্যপন্থা কি হ’ব ?

৮৷ গৰাখহনীয়াৰ ক্ষতিগ্ৰস্থসকলৰ পুনৰ সংস্থাপনৰ বিষয়ত কৃষক মুক্তিৰ বাস্তৱসন্মত দৃষ্টি ভঙ্গী আছেনে ? জানিব বিচাৰিছো৷ 

দেৱানী আৰু ফৌজদাৰী গােচৰসমূহ পৰিচালনা কৰিবলৈ সমগ্র দেশতে যেনেকৈ Civil Procedure Code আৰু Criminal Procedure Code আছে, ঠিক তেনেকৈ বিদেশী ন্যায়াধীকৰণৰ গােচৰসমূহ স্বচ্ছতাৰে পৰিচালনা কৰিবলৈ এক সুনির্দিষ্ট নীতি অর্থাৎ Uniform Code নাই৷ ফলত Procedure Code নথকাত বিভিন্ন ন্যায়াধীকৰণৰ সদস্যই ভিন্ন ভিন্ন নীতিৰে গােচৰসমূহ চলােৱা পৰিলক্ষিত হৈছে।
৯৷ প্ৰশ্ন-  Foreigners Tribunal Procedure Code প্রস্তুতক কৰিবলৈ কৃষক মুক্তিয়ে কি ভূমিকা গ্ৰহণ কৰিব ?

ন্যায়াধীকৰণৰ একপক্ষীয় ৰায়দানৰ ফলত ডিটেনশ্বন কেম্পত বন্দি হৈ থকা বৈধ ভাৰতীয় নাগৰিকে অৰ্থৰ অভাৱত নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিব পৰা নাই৷ Legal service Authority য়ে এনে নাগৰিকত্বৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা পৰিলক্ষিত নহয়৷ আমি বিশ্বাস কৰো যে ডিটেনশ্বন কেম্পত থকা লোকসকলৰ অধিকাংশই ভাৰতীয়৷

১০৷ এনে লোকৰ ক্ষেত্ৰত স্থিতি কি হ’ব ?

Saturday, June 15, 2019

NRC, বিদেশী ন্যায়াধীকৰণ সম্পৰ্কে আমছুৰ গুৰুত্বপূৰ্ণ প্ৰেছ বিবৃতি-
১৫ জুন, ২০১৯


বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ মইমতালি আৰু বিসংগতিপূর্ণ আদেশৰ বাবে অসমৰ লগতে সমগ্ৰ দেশত ব্যাপক প্রতিক্রিয়া সৃষ্টি হােৱা সময়তে পুনৰ চৰকাৰে যােৱা ৩০ মে, ২০১৯ ইং তাৰিখে গেজেট নটিফিকেচনেৰে বিদেশী ন্যায়াধীকৰণ অধিনিয়ম, ১৯৬৪ৰ ধাৰা ৩ সংশােধন কৰি ন্যায়াধীকৰণৰ সদস্যসকলক স্বেচ্ছাচাৰী হােৱাৰ আন এক সুযােগ প্রদান কৰিছে। অধিনিয়মৰ সংশােধিত ৩ ধাৰাৰ উপ-ধাৰা ১০-ত এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লােকসকলে দাখিল কৰা আপীলৰ মেৰিট থাকিলেহে আপীলৰ শুনানীৰ বাবে আপীলকাৰী আৰু চৰকাৰী সংশ্লিষ্ট কর্তৃপক্ষক জাননী জাৰি কৰিব। [3. (10) Upon production of the records, if the Tribunal finds merit in the Appeal, it shall issue notice to the Appellant and the District Magistrate for hearing specifying the date of hearing and such date shall be within thirty days from the date of production of the records.] কিন্তু এই সংশােধনী গ্রহণযােগ্য নহয়। কাৰণ শুনানী কৰাৰ পূর্বেই যদি ন্যায়াধীকৰণৰ সদস্যজনক মেৰিট আছেনে নাই তাৰ নিৰ্ধাৰণৰ সর্বোচ্চ ক্ষমতা প্রদান কৰা হয় তেন্তে ইতিমধ্যে বিভিন্ন সময়ত পক্ষপাতদুষ্ট সিদ্ধান্ত প্রদান কৰা সদস্যসকলে নির্বিচাৰে যে সিদ্ধান্ত নিদিব সেয়া নুই কৰিব নােৱাৰি। ইফালে বিদেশী ন্যায়াধীকৰণৰ গােচৰসমূহ চলাবলৈ কোনাে সুনির্দিষ্ট নীতি অর্থাৎ Procedure Code নথকাত বিভিন্ন ন্যায়াধীকৰণৰ সদস্যই ভিন্ন ভিন্ন নীতিৰে গােচৰসমূহ চলােৱা পৰিলক্ষিত হৈছে। সংশােধিত ধাৰা ৩ৰ উপ-ধাৰা ১৭-ত নিজৰ মতে নিজৰ ন্যায়াধীকৰণৰ কামসমূহ পৰিচালনা কৰিবলৈ অনুমতি প্রদান কৰিছে। [3. (17) Subject to the provision of this Order, the Tribunal shall have the power to regulate its own procedure for disposal of the cases expeditiously in a time bound manner.] যিটো সম্পূর্ণ নীতি বিৰুদ্ধ। এই উপ-ধাৰাই ন্যায়াধীকৰণৰ সদস্যসকলক একনায়কত্ববাদ তথা স্বৈৰাচাৰিতা প্রদর্শন কৰাৰ সুযােগ প্রদান কৰিলে। আমি উপ-ধাৰা ১০ আৰু ১৭ক সবপর্যায়ৰ জনতাৰ গ্রহণযােগ্যকৈ আমছুকে আদি কৰি অন্যান্য সংগঠনৰ লগত আলােচনা কৰি পুনৰ সংশােধন কৰিবলৈ চৰকাৰক দাবী জনাওঁ। দেৱানী আৰু ফৌজদাৰী গােচৰসমূহ পৰিচালনা কৰিবলৈ সমগ্র দেশতে যেনেকৈ Civil Procedure Code আৰু Criminal Procedure Code আছে, ঠিক তেনেকৈ বিদেশী ন্যায়াধীকৰণৰ গােচৰসমূহ স্বচ্ছতাৰে পৰিচালনা কৰিবলৈ এক সুনির্দিষ্ট নীতি অর্থাৎ Uniform Code (Foreigners Tribunal Procedure Code) প্রস্তুতক কৰিবলৈ দাবী জনাওঁ। 

নাগৰিকত্ব নির্ধাৰণৰ দৰে এক জটিল আৰু অতি স্পর্শকাতৰ বিষয়ৰ গােচৰ নিষ্পত্তিৰ বাবে ঠিকাভিত্তিত অনভিজ্ঞ লােকক নিয়ােজিত কৰাটো প্ৰকৃততে চৰকাৰৰ ভুক্তভােগী ৰাইজক উদ্দ্যেশ্যে প্রণােদিত ভাৱে প্রকৃত ন্যায়ৰ পৰা বঞ্চিত কৰাৰ এক পৰিকল্পিত ষড়যন্ত্রহে। যােৱা কিছু বছৰ ধৰি নিয়ােজিত হৈ অহা ঠিকাভিত্তিক সদস্যসকলে প্ৰায়েই ন্যায়াধীকৰণত মুকলিকৈ ‘আমি বিদেশী বুলি ঘােষণা কৰিম, আপােনালেকে উচ্চ-উচ্চতম ন্যায়ালয়ত গৈ স্বদেশী হৈ আহক’ ধৰণৰ বেপেৰুৱা মন্তব্য কৰাৰ বহু অভিযােগ আমাৰ ওচৰত আহিছে। প্রয়ােজনীয় নথি-পত্র দিয়াৰ পিছতাে ইচ্ছাকৃত ভাৱে সৰু সুৰা বানান অথবা বয়সৰ তাৰতম্যৰ দোহাই দি হাজাৰ হাজাৰ প্রকৃত ভাৰতীয় নাগৰিকক বিদেশী ঘােষণা কৰি আহিছে। শেহতীয়াকৈ চিৰাঙৰ অন্নবালা ৰায়, ছয়গাঁৱৰ প্ৰাক্তন সেনা তথা অসম আৰক্ষীৰ এগৰাকী বিষয়া মহঃ ছানা উল্লাহক বিদেশী সজোৱাটোৱে বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ পক্ষপাতদুষ্ট আচৰণকেই প্রমাণ কৰে। শেহতীয়াকৈ মাননীয় উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুসৰি অসমত ২০০টা অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ প্ৰতিষ্ঠাৰ ব্যাপক যাে-জা চৰকাৰে চলাই আছে। যােৱা ১০-০৬-২০১৯ ইং তাৰিখে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা ন্যায়াধীকৰণৰ সদস্য নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে। উক্ত বিজ্ঞাপনত অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত অসামৰিক সেৱাৰ বিষয়া আৰু ৭ বছৰ অভিজ্ঞতা থকা অধিবক্তাৰ পৰা আবেদন বিচাৰিছে। প্রশ্ন হয়— কিয় মানুহৰ জীৱনৰ সৰ্বাধিক গুরুত্বপূর্ণ বিষয় নাগৰিকত্ব নির্ধাৰণৰ দায়িত্ব দিয়া হ’ব আইন অধ্যয়ন নকৰা অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়াক? কিয় কেৱল ৭ বছৰৰ অভিজ্ঞতাৰ এজন অধিবক্তাক দায়িত্ব দিয়া হব? কিয় ঠিকাভিত্তিক সদস্যৰে অতি স্পর্শকাতৰ নাগৰিকত্ব নির্ধাৰণৰ ব্যৱস্থা? কিয় বিদেশী ন্যায়াধীকৰণক আংশিক ন্যায়িক (Quasi Judicial) ক্ষমতা প্রদান কৰা হৈছে? ল’ৰা-ধেমালি নেকি? এজন লােক অন্যায়ভাৱে বিদেশী হােৱা মানে তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সকলাে সদস্যই কিমান ডাঙৰ সমস্যা তথা দুর্যোগৰ সন্মুখীন হ’ব লগা হয় সেয়া ভুক্তভােগীয়েহে বুজি পায়। | বিদেশী ন্যায়াধীকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে স্বচ্ছ, নিকা আৰু নিৰপেক্ষ কৰিবলৈ চৰকাৰে ব্যৱস্থাটোক Quasi Judicial ৰ পৰা সম্পূর্ণ Judicial কৰক, সদস্যসকলক পূর্ণাঙ্গ পর্যায়ৰ ন্যায়িক বিষয়া হিচাপে নিয়ােগ কৰক আৰু বিদেশীন্যায়াধীকৰণৰ সিদ্ধান্ত প্রত্যাহ্বান জনাবলৈ আপীল কর্তৃপক্ষ (Appeallate Authority) ব্যৱস্থা কৰক। 

উল্লিখিত দাবীসমূহ অতিশীঘ্ৰে পূৰণ কৰি নতুনকৈ প্রতিষ্ঠা কৰিব বিচৰা ন্যায়াধীকৰণসমূহত সদস্য নিয়ােগ কৰক। অন্যথা সমগ্ৰ ৰাজ্যব্যাপী ধর্ণা, প্রতিবাদী সভা, ডিটেনচন কেম্প ভৰাে কাৰ্যসূচী, আমৰণ অনশন ইত্যাদি ব্যাপক গণতান্ত্রিক গণ আন্দোলন গঢ়ি তােলা হ’ব। এই আন্দোলনৰ কাৰ্যসূচী হিচাপে প্রাথমিক পর্যায়ত অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, অসমৰ মুখ্য সচিব, কেন্দ্রীয় গৃহ সচিব, দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ, মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব। সমান্তৰালকৈ সমগ্ৰ ৰাজ্যতে প্ৰতিখন জিলাত অহা ৩১ জুলাইৰ পূর্বে অতি কমেও একোখনকৈ প্রতিবাদী গণ সমাৱেশ অনুষ্ঠিত কৰা হ'ব। আনহাতে অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত চলি থকা অন্যায়, ব্যভিচাৰ, নানান অপৰাধমূলক কার্যৰ পৰা তথা প্রচলিত অন্ধবিশ্বাস, যেনে বাল্যবিবাহ, বহু বিবাহৰ পৰা সমাজক মুক্ত কৰাৰ লগতে প্রতি ঘৰত শিক্ষাৰ পােহৰ সুনিশ্চিত কৰাৰ বাবে অহা ১৯ জুন, ২০১৯ ইং তাৰিখৰ পৰা ধাৰাবাহিকভাৱে ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত প্ৰতিটো অঞ্চলতে সজাগতামূলক সমদল, গাঁৱে গাঁৱে পথ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অহা ১৯ জুন, ২০১৯ ইং তাৰিখে আমছুৰ ৰাজ্যব্যাপী থকা প্ৰতিটো আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতিটো গাঁও পঞ্চায়ত/ভিচিডিচিনিগৰ এলেকাত বাল্য বিবাহ, বহু বিবাহ বন্ধ কৰা, প্রতি ঘৰত শিক্ষাৰ পােহৰেৰে আলােকিত কৰা, সমাজত সংঘটিত হৈ থকা অপৰাধজনিত কাম প্ৰতিৰােধ কৰা, মহিলাক সবলীকৰণ কৰা আদি বিষয়ত সজাগতা সৃষ্টি কৰার্থে সজাগতামূলক সমদল কৰা হ'ব। অহা ৫ জুলাই, ২০১৯ ইং তাৰিখৰ ভিতৰত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ প্ৰতিটো গাঁৱত পথসভা কৰি উল্লিখিত বিষয়ত ৰাইজক সজাগতা কৰা হ'ব। পৰৱৰ্তী সময়ত পুনৰ এই সম্পর্কে পৰৱর্তী কার্যপন্থা নির্ধাৰণ কৰি ৰাজহ্বা কৰা হ'ব। আনহাতে সমাজখনক অপৰাধ আৰু অন্ধবিশ্বাস মুক্ত কৰাৰ ক্ষেত্ৰত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ স্থানীয় বিভিন্ন মছজিদ কমিটি, মাদ্ৰাছা কমিটি, বজাৰ কমিটি, কস্থান কমিটি, ঈদগাহ কমিটি, বিদ্যালয় পৰিচালনা সমিতি, বিভিন্ন এন জি অ’, ক্লাব, আত্মসহায়ক গােট, সমাজৰ সচেতন নাগৰিক, শিক্ষিত সমাজে অগ্রণী ভূমিকা ল'ব লাগিব। অসমীয়া জাতীয় জীৱনক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত সকলােৰে সৈতে কান্ধত কান্ধ মিলাই অসম আৰু অসমীয়া জাতিক আগুৱাই নিবলৈ হলে নিজৰ নিজৰ সমাজৰ পৰা অন্ধবিশ্বাস, অপৰাধজনিত কার্য, হিংসা-বিদ্বেষ দূৰ কৰিবই লাগিব। সেয়ে সংবাদ মাধ্যমৰ লগতে সকলাে পক্ষৰ আন্তৰিক সহযােগ কামনা কৰিছাে।

আজিজুৰ ৰহমান (উপদেষ্টা)
ৰেজাউল কৰিম সৰকাৰ (সভাপতি)

Sunday, June 2, 2019


স্থান: সত্যনাথ বৰা হল, দীঘলীপুখুৰীৰ পাৰ, গুৱাহাটী।
সময় : দিনৰ ২ বজাত

দিনাংক : ২ জুন, ২০১৯ ইং (দেওবাৰ)

শ্ৰদ্ধাভাজনেষু, নমস্কাৰ গ্ৰহণ কৰিব।
আজি অসমখন যেনেদৰে এক জটিল সন্ধিক্ষণৰ মাজেৰে পাৰ হৈ গৈ আছে, এনে সময়ত আমি অসমৰ সংখ্যালঘু মুছলমানসকল অধিক জটিল শংকা আৰু সংশয়ৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। যাৰ ফলত আমি এই সংখ্যালঘু জনগোষ্ঠীটোৰ কিছু সচেতন আৰু শিক্ষিত যুৱচামে কিছু কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ।
এক ঐতিহাসিক পটভূমিত আমাৰ পূৰ্বপুৰুষসকলে এই ঠাইলৈ আহিছিল। ইয়াতে থিতাপি লৈছিল আৰু নিজৰ ঘামেৰে এই পতিত ভূমিক সেউজীয়া শস্যভূমিলৈ পৰিৱৰ্তন কৰিছিল৷ অসমৰ পৱিত্ৰ ভূমিত তেওঁলোকে বিচাৰি পাইছিল সপোনৰ ঘৰখন। এই ঘৰখন পাই তেওঁলোকে কেৱল দুৰ্ভিক্ষ আৰু জমিদাৰৰ অত্যাচাৰেই পাহৰি যোৱা নাছিল; তেওঁলোকে পাহৰি গৈছিল নিজৰ পূৰ্বপুৰুষৰ ভাষা, সংস্কৃতি, ৰীতি-নীতি ইত্যাদি। ইয়াৰ মাজতেই তেওঁলোকে ধর্মীয় পুথিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মানি চলিছিল যে- 'নতুন ঘৰৰ সকলো ৰীতি-নীতি মানি চলা আৰু তাৰে মাজৰ এজন হোৱা' আৰু আজি আমাৰ প্ৰজন্মৰ বাবে 'হবলুল  ওৱাতেন মিনাল ইমান' , নিজৰ মাতৃভূমিক ভাল পোৱাটো আমাৰ ইমানৰ অংগ!
আমাৰ সম্প্ৰদায়টোত ওচমান আলী সদাগৰৰ দৰে স্বপ্নদ্ৰষ্টা নেতাও জন্মিছিল, যি গৰাকী ব্যক্তিয়ে কেৱল অসমীয়াক মাতৃভাষা হিচাপে গণ্য কৰাই নহয়, তেওঁৰ গোটেই জীৱন অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে নিজকে উৎসৰ্গিত কৰিছিল। তেওঁ বিংশ শতিকাৰ আৰম্ভণিতে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল। সদাগৰৰ দৰে নেতাই গোটেই সম্প্ৰদায়টোৰ মাজত অসমীয়া ভাষা-সংস্কৃতিৰ শিকাৰ বাবে এক আলোড়নৰ সৃষ্টি কৰিছিল। তথাপিও অসমীয়া হোৱাৰ এই যাত্ৰা ইমান উজু নাছিল৷ দেশ বিভাজনৰ পিছত হাজাৰ হাজাৰজনক নতুনকৈ গঠন হোৱা পূব পাকিস্তানত আশ্ৰয় ল'বলৈ বাধ্য কৰোৱা হৈছিল, যি স্থান তেওঁলোকে পূৰ্বতে ত্যাগ কৰি আহিছিল। কিন্তু তালৈ গৈ তেওঁলোকে দীৰ্ঘদিন থাকিব নোৱাৰিলে, তেওঁলোক ঘূৰি আহিল নিজৰ ঘৰ বুলি ভবা ঠাইলৈ৷ হাজাৰটা ঐতিহাসিক আৰু মৌখিক সমল আছে যিয়ে এই বিতাড়িত লোকসকলক সুহৃদ অসমীয়াই আঁকোৱালি লৈছিল বুলি প্ৰমাণিত কৰে৷ বিশিষ্ট সাহিত্যিক, ৰাজনীতিবিদ হেম বৰুৱাৰ 'দ্যা ৰেড ৰিভাৰ এণ্ড দ্যা ব্লু হিলছ'ত তেওঁ এনে বিতাড়িত ৫৩০০০ লোক অসমলৈ উভতি অহা বুলি স্বীকাৰ কৰিছে।
আজিকালি বহুতো ঘৰশত্রু তথা বিশ্বাসঘাতকে তেওঁলোকৰ চৰম ভালপোৱা আৰু ত্যাগক নস্যাৎ কৰি যুক্তি দৰ্শায় যে তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰাৰ কাৰণ আছিল যাতে অসমীয়া মানুহে তেওঁলোকক এই দেশৰ পৰা খেদি নপঠায়।  কিন্তু কোনে তেওঁলোকক মনত পেলাই দিব যে অসমীয়া ভাষাৰ মান-মৰ্যাদা ৰক্ষাৰ্থে আমাৰ জনগোষ্ঠীয়ে অসমীয়া ভাই-ভনীৰ কান্ধত কান্ধ মিলাই ভাষা আন্দোলনত জপিয়াই পৰিছিল। আমাৰ পূৰ্বপুৰুষ ওমৰ আলীয়ে ভাষা আন্দোলনত চৰম ত্যাগ কৰিছিল আৰু শ্বহীদ বৰণ কৰিছিল যাতে অসমীয়া ভাষাৰ মান-মৰ্যদা অক্ষুণ্ণ থাকে৷ আমি অতি দুখেৰে কওঁ যে আমাৰ পূৰ্বপুৰুষৰ চৰম ত্যাগকো নেওচি ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ত দুই লাখতকৈ অধিক মানুহক পূৰ্ব পাকিস্তানলৈ খেদি পঠিওৱা হৈছিল ভাষা আন্দোলনৰ ঠিক  কিছুবছৰ পিছতেই। ইয়াৰ পিছত বিমলা প্ৰসাদ চলিহাই অসম বিধান সভাত উল্লেখ কৰিছিল যে আৰু কোনো বিদেশী অসমত নাই,  লগতে পি আই পিৰ দৰে ক'লা আইন নাইকিয়া কৰা হৈছিল৷ তেতিয়া আমাৰ পূৰ্বপুৰুষসকলে ভাবিছিল যে এই অত্যাচাৰৰ আৰু পুনৰাবৃত্তি নহ'ব।
ইতিহাসে আমাক নিৰ্মমভাৱে সোঁৱৰাই দিয়ে যে অন্যান্য সমাজৰ দৰে আমাৰ সমাজতো কৃত্ৰিম সমস্য সৃষ্টিকাৰী ব্যক্তিৰ অভাৱ নাই। অসম আন্দোলনৰ নামত নেলী, চাউলখোৱা, নাগাবন্ধা, মুকালমুৱাত কেইবা সহস্ৰাধিক লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। তথাপি ইতিহাসৰ এই ক'লা অধ্যায়তো এক বুজনসংখ্যক অসমীয়া চিন্তাবিদে আমাৰ অধিকাৰ আৰু স্বাধীকাৰৰ হকে মাত মাতিছিলে। তেওঁলোক সাহসিকতাৰ এক অনন্য নিদৰ্শন, তেওঁলোকৰ স্থান আমাৰ হৃদয়ৰ মণিকূটত।
              কিন্তু আজি অসম আন্দোলনৰ চাৰি দশকৰ পিছতো, অসমত মুছলমানসকলৰ নাগৰিকত্ব এক জ্বলন্ত জুইকুৰাৰ ওপৰতেই আছে। ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ত আমাৰ নাগৰিকত্বৰ ওপৰত বাৰম্বাৰ প্ৰশ্ন কৰা হৈছে। আমি উদ্বেগেৰে লক্ষ্য কৰিছোঁ যে অসমৰ চিন্তাবিদসকলে আমাৰ নাগৰিকত্ব আৰু অন্যান্য অধিকাৰ হৰণৰ বাবে চলি থকা এই ষড়যন্ত্ৰসমূহৰ যথাযথ প্ৰত্যুত্তৰ দিয়া তথা প্ৰতিহত কৰাত ব্যৰ্থ হৈছে।
              এখন ত্ৰুটিমুক্ত নাগৰিকপঞ্জী আমাৰ বাবে একে দীৰ্ঘদিনীয়া সপোন আছিল। আমি আজিও বিচাৰোঁ যে, এখন ত্ৰুটিমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে আমাক সন্দেহৰ পৰা মুক্তি দিয়া হওক। আমি ভাবিছিলো, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমাৰ ভাই-ভনীসকলৰ ওপৰত বাংলাদেশীৰ নামত চলাই থকা সকলো ধৰণৰ নিৰ্যাতন, হাৰাশাস্তি আৰু পক্ষপাতিত্বৰ পৰা পৰিত্ৰাণৰ এক ৰক্ষাকৱচ হৈ উঠিব৷ আমি শিক্ষিত যুৱচামে দিনে-নিশাই কষ্ট কৰি আছোঁ যাতে মানুহবোৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত সহযোগ কৰে৷ আমি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দৰে জটিল বিষয়ৰ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত এশ এবুৰি সমস্যাৰ সন্মুখীন হৈছোঁ আৰু এনেকুৱাও হৈছে যে আমাৰ মাজৰ পৰাই লাফিকুল ইছলাম আহমেদৰ দৰে এক উদীয়মান নেতাই দুৰ্বৃত্তৰ হাতত প্ৰাণ দিবলগা হৈছে৷ কিন্তু আমি সজাগতা অভিযান চলাই গৈয়েই আছোঁ। আমি আজিও বিশ্বাস কৰোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে আমাক এই বিদেশীৰ অপযশৰ পৰা মুক্তি দিব আৰু আমিও উন্নয়নমূলক কাম-কাজত মনোনিৱেশ কৰিব পাৰিম৷
               কিন্ত আমি লক্ষ্য কৰিছোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তৃপক্ষই আমাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ উদ্দেশ্যে কেতবোৰ বৈষম্যমূলক,পক্ষপাতিত্বমূলক তথা বৰ্ণবাদী নিয়মৰ আশ্ৰয় লৈছে৷ আদালতৰ এটা নিৰ্দেশনাৰ দোহাই দি তেওঁলোকে পঞ্চায়তৰ প্ৰমাণপত্ৰ দাখিল কৰা লাখ লাখ দৰিদ্ৰ, অশিক্ষিত আৰু ক্ষমতাহীন মহিলাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ বাবে চেষ্টা কৰিছিল৷ যেতিয়া তেওঁলোকে দেখিলে যে এই  ৪৭ লাখ বিবাহিত  মহিলাৰ ভিতৰত মূলসুঁতিৰ অসমীয়া মহিলাও আছে তেতিয়া বৰ্ণবৈষম্যমূলক উপায়েৰে মুছলমান সকলক 'আদি বাসিন্দা নহয়' (Non Original Inhabitants) বুলি পৃথকীকৰণ কৰা হয়৷ আমাৰ বাবে কঠোৰৰ পৰা কঠোৰতম পৰীক্ষণ প্ৰক্ৰিয়াৰ উদ্ভাৱন কৰাৰ সমান্তৰালভাৱে কিন্তু 'আদি বাসিন্দা' (Original Inhabitants) বুলি পৃথক কৰাসকলক বিনা পৰীক্ষণতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তৰ্ভুক্ত কৰি দিয়া হয়৷ এইদৰেই অধিক মুছলমানৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ উদ্দেশ্যেই  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তৃপক্ষই  এনেধৰণৰ বহুতো স্বেচ্ছাচাৰী নীতি-নিয়ম আৰু ব্যৱস্থাৱলী হাতত লৈছে৷ এই আদি বাসিন্দাৰ দৰে ব্যৱস্থা গ্ৰহণ নকৰি ডি এন এ পৰীক্ষণৰ দৰে সৰ্বগ্ৰহণযোগ্য পৰীক্ষণ পদ্ধতিৰ দ্বাৰা সকলো নিৰীহ লোকক ন্যায় প্ৰদান কৰিব পাৰিলেহেঁতেন, যদিও কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰা দেখা নগল৷
             আমি যেতিয়া এইধৰণৰ ত্ৰুটিপূৰ্ণ আৰু স্বেচ্ছাচাৰী প্ৰক্ৰিয়াৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰোঁ, অসমৰ সংবাদ মাধ্যমকে ধৰি জাতীয়তাবাদী দল-সংগঠনসমূহৰ একাংশই আমাৰ ওপৰত বিশ্বাসঘাতকতাৰ মোহৰ লগায় আৰু আমি অবৈধ অনুপ্ৰৱেশৰ সমস্যাটোৰ সমাধান নিবিচাৰোঁ বুলি অভিযুক্ত কৰে৷ দুৰ্ভাগ্যজনকভাৱে আমি প্ৰত্যক্ষ কৰোঁ যে অসমৰ বৌদ্ধিক সমাজে আমাৰ পীড়া বা চিঞৰ-বাখৰৰ দ্বাৰা বিশেষ প্ৰভাৱিত নহয়।
             ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতাৰ ওপৰত আটাইতকৈ বৰ্বৰ আক্ৰমণটো আছিল যেতিয়া আপত্তি দাখিলৰ সময়সীমাৰ অন্তিমটো নিশাত হঠাৎ লাখ লাখ আপত্তি দাখিল হল৷ আমাৰ গাঁৱসমূহত কাচিৎহে দুই-এজন লোক ওলাব যিয়ে তেওঁৰ বা তেওঁৰ পৰিয়ালৰ আন কোনো সদস্যৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হব নালাগে বুলি দাখিল কৰা আপত্তিৰ শুনানিৰ বাবে জাননী লাভ কৰা নাই৷ সংবাদ মাধ্যমৰ শেহতীয়া প্ৰতিবেদনসমূহে এই কথা সুস্পষ্ট কৰি দিছে যে একমাত্ৰ নাম, উপাধিৰ ওপৰত ভিত্তি কৰি কেতবোৰ নিৰ্দিষ্ট সংগঠনৰ দ্বাৰা অতি সু-সংগঠিত আৰু সু-পৰিকল্পিতভাৱে এই আপত্তিবোৰ দাখিল কৰা হৈছে। কিছু কিছু ক্ষেত্ৰত দেখা যায় যে সেই সংগঠনসমূহৰ এজন মাত্ৰ সদস্যই কেইবাশো লোকৰ বিৰুদ্ধে আপত্তি দাখিল কৰিছে যিসকলক প্ৰকৃততে তেওঁলোকে চিনিয়েই নাপায়৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এইধৰণৰ কাৰ্য প্ৰণালীগত ত্ৰুটি-বিচ্যুতিসমূহৰ ক্ষেত্ৰত কৰ্তৃপক্ষ নিৰ্বিকাৰ হোৱাৰ লগতে অসমৰ বৌদ্বিক সমাজেও সাৰ্বিকভাৱে ইয়াৰ বিৰুদ্ধে মাত মতা পৰিলক্ষিত হোৱা নাই৷ এই আপত্তিকাৰীসকল আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই অসমীয়া মানুহৰ হৃদয় আৰু বিবেকক ধৰ্মীয় ভাৱে বিভাজিত কৰি পেলাইছে যিটো কাম ধৰ্মান্ধসকলে বিগত কেবাটাও দশকজুৰি চেষ্টা কৰিও কৰিব পৰা নাছিল।
আমাৰ জনগোষ্ঠীটো ভীষণ ভয়, শংকা আৰু উদ্বেগৰ মাজেৰে দিন অতিবাহিত কৰি আছে কিয়নো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই শুনানি তথা অন্যান্য স্বেচ্ছাচাৰী আৰু অস্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে এই মানুহখিনিক হাৰাশাস্তি কৰিয়েই আছে৷ ঠিক একেটা সময়তেই সীমান্ত আৰক্ষী আৰু নিৰ্বাচন আয়োগেও নতুন নতুন বিদেশীৰ গোচৰ বিদেশী ন্যায়াধীকৰণসমূহলৈ প্ৰেৰণ কৰিয়েই আছে৷ এই প্ৰক্ৰিয়াত প্ৰায় এক লক্ষাধিক লোক বিদেশী বুলি ঘোষিত (চিহ্নিত) হৈছে যাৰ সিংহভাগেই হৈছে প্ৰকৃত ভাৰতীয় নাগৰিক৷ এই ভয় আৰু হতাশা ইমান গভীৰলৈকে শিপাইছে যে বহুসংখ্যক লোকে কাৰাৰুদ্ধ হোৱাৰ পৰা পৰিত্ৰাণ বিচাৰি আত্মহত্যাৰ দৰে পথো বাছি লবলগীয়া হৈছে৷
এই অন্ধকাৰাচ্ছন্ন সময়ত আমি লক্ষ্য কৰিছোঁ যে কমনৱেলথ হিউমেন ৰাইটছ ইনিচিয়েটিভৰ মুৰব্বী তথা অসম মাতৃৰ সুসন্তান সঞ্জয় হাজৰিকাৰ নেতৃত্বত এক দায়িত্বশীল বিবৃতিৰ জৰিয়তে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক এই কথা সোঁৱৰাই দিছে যে ''উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয়তা (নাগৰিকত্ব), বন্দীকৰণ আৰু বিতাড়নৰ দৰে জটিল বিষয়বোৰত ভাৰতৰ সাংবিধানিক আৰু আন্তঃৰাষ্ট্ৰীয় দায়ৱদ্ধতাৰ ক্ষেত্ৰত অধিক দৃঢ় হব লাগিব আৰু ইয়াৰ লগতে এইবোৰ কৰ্তব্যৰ ক্ষেত্ৰত ইয়াৰ নিজৰ অংগীকাৰসমূহৰ বিষয়েও অসতৰ্ক হব নালাগিব।
সি যি কি নহওক, ইতিহাসৰ এই নিৰ্ণায়ক সন্ধিক্ষণত যেতিয়া আমি আমাৰ নাগৰিকত্বৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এটা বিপদৰ পৰা আন এটা বিপদলৈ দৌৰি আছোঁ, সেই সময়ত কিছু স্বাৰ্থন্বেষী ধূৰন্ধৰে দিল্লী-কলিকতাত বহি চলো পাল্টাই অভিযানৰ নামত অসমীয়া ভাষাক আক্ৰমণৰ হুংকাৰ দি আমাৰ আচল সমস্যাক তল পেলোৱাৰ ষড়যন্ত্ৰ কৰি আছে।
এই পৰিপ্ৰেক্ষিতত আমি নিম্ন স্বাক্ষৰকাৰী সংখ্যালঘু যুৱক-যুৱতীসকলে এই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি আপোনাৰ পৰা এই পৰিস্থিতিৰ পৰ্যালোচনা তথা মোকাবিলা কৰিবলৈ আমাক সুপৰামৰ্শ প্ৰদান কৰি বাধিত কৰে যেন।

স্বাক্ষৰকাৰী সকল :
১) আব্দুল কালাম আজাদ, গৱেষক ২)আমান ৱাদুদ, অধিবক্তা ৩)সাজাহান আলী আহমেদ, মানৱধিকাৰ কৰ্মী ৪)আশ্ৰাফুল হুছেইন, লেখক ৫)শ্বালিম এম হোছেইন, গৱেষক, জামিয়া মিলিয়া ৬)আশ্ৰাফুল ইছলাম, ছাত্ৰনেতা (ছাত্ৰ মুক্তি) ৭) ৰেহনা চুলতানা, গৱেষক, গু: বি: ৮)আব্দুল মজিদ শ্বেখ, গৱেষক, গু:বি:  ৯)হোছেইন আহমেদ মাদানী, সমাজকৰ্মী ১০)ছাদ্দাম হুছেইন, আইনৰ ছাত্ৰ ১১)মাছুমা বেগম, সমাজকৰ্মী ১২)জাহিদুল ইছলাম, গৱেষক ছাত্ৰ, গু:বি:  ১৩)শাকিল আহমেদ, সাংবাদিক ১৪)নাছৰিন হাবিব, সাংবাদিক গুৱাহাটী ১৫)আজাদুল আলী, ছাত্ৰ অভিযান্ত্ৰিক বিভাগ ১৬)ছফিকুল ইছলাম, অধিবক্তা ১৭)জাহিৰ আব্বাছ, অধিবক্তা ১৮)জাহিদুল ইছলাম মিৰ্ধা, যুৱ লেখক ১৯)মাজিদুল ইছলাম, আইনৰ ছাত্ৰ ২০)শ্বাইজুদ্দিন আহমেদ, অধিবক্তা ২১)ডাঃ শ্বামিম আহমেদ, চিকিৎসক ২২)শ্বফিউল হাছান, এন জি অ কৰ্মী ২৩)হাছিনা আহমেদ, ছাত্ৰ নেত্ৰী ২৪) আবু হানিফ শিকদাৰ, চিকিৎসক ২৫)ইকবাল হুছেইন, আইনৰ ছাত্ৰ ২৬)আছমা ইয়াছমিন, গৱেষক, গু: বি: ২৭)আজিদুল ইছলাম, আইনৰ ছাত্ৰ ২৮)শ্বাহানুৰ আলম, ছাত্ৰ সংগঠক ২৯)মোস্তাকিমুল হক, অধিবক্তা ৩০)আব্দুল লতিফ আহমেদ, অধিবক্তা ৩১)ছুলতান মাহমুদ, অধিবক্তা, ৩২)আজিদুল ইছলাম, আইনৰ ছাত্র ৩৩)বেগম আছমা, লেখিকা ৩৪)ওমৰ ফাৰুক, সমাজকৰ্মী, ৩৫) শ্বৰিফুল ইছলাম, সমাজকৰ্মী ৩৬) ফাৰুক আব্দুল্লাহ, যুৱ সাংবাদিক ৩৭)কাজী ছাৰোৱাৰ হুছেইন, ছাত্ৰ, তে:বি:, ৩৮)ডাঃ আজহাৰুল ইছলাম, চিকিৎসক ৩৯)শ্বেইখ আনোৱাৰ হুছেইন, অধিবক্তা,  ৪০)শ্বফিউল আলম পাঠান, ছাত্ৰ, আই আই টি কানপুৰ ৪১)মাজিদুল ইছলাম, ঝাই ফাউণ্ডেশ্বন, ৪২)জামান মণ্ডল, অভিযন্তা ৪৩)শ্বৰিফ আহমেদ, নেহৰু যুৱ কেন্দ্ৰ ৪৪)শ্বাহ জামাল আলম, স্বাস্থ্য বিষয়া ৪৫)ড° নাজিমুদ্দিন ছিদ্দিক,লেখক ৪৬)পাৰভিন চুলতানা, সহযোগী অধ্যপক ৪৭)জেহেৰুল ইছলাম, অধিবক্তা ৪৮)ডাঃ ইমদাদ হুছেইন, চিকিৎসক ৪৯)জাহিদুল বেগ, ঝাই ফাউণ্ডেশ্বন ৫০)মেৰাজুল হাছান চৌধুৰী, যুৱ সমাজকৰ্মী ৫১)মিজানুৰ ৰহমান, ইকনেট ৫২)হামিদা ইয়াছমিন, যুৱ লেখিকা ৫৩)মনিৰ ভূঞা, শিক্ষক ৫৪)জমিৰ উদ্দিন তালুকদাৰ, ব্যৱসায়ী ৫৫)মোজাম্মিল হক, ছাত্ৰ সংগঠক ৫৬)জামিল আহমেদ, আইনৰ ছাত্ৰ, ৫৭)মেৰাজুল ইছলাম, সচেতন যুৱক ৫৮)আছিম মোবাৰক, অধিবক্তা ৫৯)অবাইদুল হক চৌধুৰী, ছাত্ৰ ৬০)আব্দুল ৰহিম, শিক্ষক ৬১)শ্বাজিদ শিকদাৰ, চিকিৎসাৰ ছাত্ৰ ৬২)হাৰুন আল ৰাশিদ, শিক্ষক, ৬৩)ফৰিদ জামান ভূঞা, গৱেষক ছাত্ৰ, জেনেভা ৬৪) ফৰহাদ আলী আহমেদ, উন্নয়ন কৰ্মী ৬৫)মোজাম্মেল শিকদাৰ, সমাজ সংগঠক ৬৬)আব্দুল আলিম, ক্ৰীড়া সংগঠক ৬৭)মনোৱাৰ হোছেইন, সাংবাদিক ৬৮)জিয়াৰুল ইছলাম, আইনৰ ছাত্ৰ ৬৯)মনোৱাৰ হুছাইন, আইনৰ ছাত্ৰ ৭০)আমিনুৰ ৰহমান, আইনৰ ছাত্ৰ ৭১)মহিবুল ইছলাম, সাংবাদিক ৭২) নজৰুল ইছলাম, ছাত্ৰনেতা (আমছু) ৭৩)মনোৱাৰ হুছেইন, ছাত্ৰ ৭৪)মইনুল হক খান, ছাত্ৰনেতা (আমছু) ৭৫)জামিল আহমেদ, আইনৰ ছাত্ৰ ৭৬)ছালমা হোছাইন, আইনৰ ছাত্ৰী ৭৭)আতিকুৰ ৰহমান, সচেতন যুৱক, ৭৮)ৰাজিবুৰ ইছলাম, ক্ৰীড়া সংগঠক ৭৯)টাইছন হুছেইন, ছাত্ৰনেতা (এবিএমছু) ৮০)ছেহিল আখতাৰ খান, স্বাস্থ্য বিজ্ঞানৰ ছাত্ৰ ৮১)ৰাজ শহৰ শিকদাৰ, ব্যৱসায়ী ৮২)জাকিৰ হোছেইন, সচেতন যুৱক ৮৩)শ্বাহৰুখ খান, ছাত্ৰ ৮৪)ৰাহুল আমিন, গৱেষক, গু: বি: ৮৫)নজৰুল ইছলাম, আইনৰ ছাত্ৰ ৮৬)ছামিউল ৰেজা, আইনৰ ছাত্ৰ ৮৭)মোস্তাফিজুৰ ৰহমান, ছাত্ৰ, কটন বি: ৮৮)আচিক হুছেইন, সচেতন যুৱক ৮৯)আব্দুল মতিন খান, ছাত্ৰ, গু: বি: ৯০)খান নাজিমূল হোছেইন,অধিবক্তা ৯১)মঞ্জুৱাৰা মোল্লা, সংবিধান সেৱক ৯২)হামিদা পাৰবিন, মহিলা অধিকাৰ কৰ্মী ৯৩)নাছিৰা পাৰবিন, মহিলা অধিকাৰ কৰ্মী ৯৪)কুলছুমা খাতুন, মহিলা অধিকাৰ কৰ্মী ৯৫)হোছনিয়াৰা পাৰবিন, মহিলা অধিকাৰ কৰ্মী ৯৬)নাজমা আহমেদ, মহিলা অধিকাৰ কৰ্মী, ৯৭)সাহাদত হোছেইন, সমাজ সচেতক ৯৮)মনছুৰ হুছেইন (শিক্ষক) ৯৯) মহিদুল ইছলাম (শিক্ষক) ১০০)ৰাতুল হুছেইন, কৃষক নেতা।


Monday, May 27, 2019

'মই ভাৰতীয় আৰু মোৰ কোষৰ পৰা জন্ম দিয়া পুত্ৰ বাংলাদেশী কেনেকৈ হ’ল ?'- মাতৃ


২৭ মে’ বৰপেটাৰোডঃ
বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ নিচেই কাষৰ ডিটেনশ্বনত বন্দী কদম আলীৰ পৰিয়ালৰ ওচৰত থিয় হ’ল এপিআইচিআৰৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদ৷ ঘটনাৰ বিবৰণী মতে যোৱা প্ৰায় আঢ়ৈ বছৰে গোৱালপাৰা ডিটেনশ্বন কেম্পত বন্দী হৈ আছে দৰিদ্ৰ কদম আলী৷ ফলত তেওঁৰ বৃদ্ধ পিতৃ-মাতৃ, পত্নী আৰু কণ কণ চাৰি সন্তানৰে মুঠ ৭ জনীয়া পৰিয়াল সৰ্বহাৰা হৈ পৰিছে৷ একমাত্ৰ উপাৰ্জনকাৰী কদম আলী ডিটেনশ্বন কেম্পত বন্দী হোৱাৰ বাবে সমগ্ৰ পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে৷
 পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ কদম আলীয়ে কঠোৰ পৰিশ্ৰমৰ বলত প্ৰায় ১০ বিঘা মাটি বন্দকত লৈ খেতি কৰি সুখী পৰিয়ালৰ মাজত আনন্দেৰে জীৱন-যাপন কৰি আছিল যদিও বিদেশী ন্যায়াধীকৰণৰ জাননী লাভ কৰি হতভম্ব হৈ পৰে তেওঁ৷ ৩৪৪/২০১৫ নম্বৰৰ গোচৰত ১-০৮-২০১৬ তাৰিখে অধিবক্তা জাকিৰ হোছেইন শিকদাৰৰ সহযোগত বৰপেটাৰ বিদেশী ন্যায়াধীকৰণ ৯ ত উপস্থিত হৈ ভাৰতীয় হোৱাৰ সকলো প্ৰমাণ লিখিত ৰূপত জমা দিছিল যদিও তেওঁক বিদেশী হিচাপে ঘোষণা কৰি বন্দী কৰি ৰখা হয়৷ সৰ্বহাৰা পৰিয়ালৰ বেদনা ভৰা কাহিনী জানিব পাৰি মানৱধিকাৰ কৰ্মী, ইউটিউবাৰ তথা ডি ভোটাৰসকলৰ দ্বাৰা গঠন কৰা APICR ৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদে ১৯ মে’ তাৰিখে ইউটিব আৰু ফেচবুকত থকা VOICE Riser ত উক্ত পৰিয়ালৰ এটা ভিডিঅ বনাই প্ৰচাৰ কৰে আৰু পৰিয়ালটোক সহায় কৰাৰ বাবে ৰাইজৰ ওচৰত আহ্বান জনায়৷ অতি কম সময়ত কোলাত কেচুৱালৈ মৰ্মান্তিক কাহিনী বৰ্ণাই থকা মহিলা আনোৱাৰা খাতুনৰ ভিডিঅ ভাইৰেল হৈ পৰে। 
ভিডিঅত দিয়া আহ্বান মৰ্মে প্ৰায় ১০ হাজাৰ টকা সংগ্ৰহ হয়৷ আজি সাজাহান আলী আহমেদৰ নেতৃত্বত আমছু, এবিএমছুৰ কৰ্মী আৰু ৰাইজৰ উপস্থিতিত উক্ত পৰিয়ালটোক উক্ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷ আৰ্থিক অনুদান প্ৰদান কৰি আহমেদে সাংবাদিকক জানিবলৈ দিয়ে যে কদম আলীৰ গোচৰ প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়লৈ লৈ যোৱাৰ বাবে APICR য়ে সমস্ত দায়িত্ব গ্ৰহণ কৰিব৷ ইফালে মাতৃয়ে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি চৰকাৰে কৰা চৰম অন্যায়ৰ কথা ব্যক্ত কৰি কয় যে 'মই ভাৰতীয় আৰু মোৰ কোষৰ পৰা জন্ম দিয়া পুত্ৰ বাংলাদেশী কেনেকৈ হ’ল ? চৰকাৰে আমাৰ লগত চৰম অন্যায় কৰিছে।'

Wednesday, May 22, 2019

কদম আলীৰ পিতৃ ওজমান আলীৰ লগত লেখক
বিশ্বাস নামৰ শব্দটো অতিকৈ মৰ্মান্তিক৷ বিশ্বাসহীনতাৰ পৃথিৱীত কাম কৰা অত্যাধিক জটিল৷ বিশ্বাস কৰিব নোৱাৰে সচেতন শিক্ষিত সমাজে, বিশ্বাস কৰিব নোৱাৰে নেতা, শিক্ষক, চাকৰিজীৱী, অধিবক্তা, ডাক্তৰ, অভিজন্তা, ব্যৱসায়ীয়ে৷ আনকি মানৱধিকাৰ সংস্থায়ো বিশ্বাস কৰিব নোৱাৰে মানুহক৷ এই বিশ্বাসহীনতাৰ বেমাৰ আমাৰ মাজত কিয় ? NRC বা নাগৰিকত্বৰ সমস্যাৰ জৰিয়তে জনগোষ্ঠীয় চৰম সংকটৰ সন্ধিক্ষণত আমিবোৰে ইজনে আনজনক বিশ্বাস কৰিব নোৱাৰো৷ এই দুৰ্ভাগ্যজনক পৰিৱেশৰ সৃষ্টি কিয় হ’বলৈ পালে ? আমিবোৰেই আকৌ সেই নবীৰ উম্মত বুলি দাবী কৰো যাক সৰুৰে পৰা কাফিৰসকলেও আল-আমিন (বিশ্বাসী) বুলি সম্বেধন কৰিছিল৷ 

কিয় এই মানৱীয় প্ৰমূল্যবোধৰ সংকট ?

১৯ মে’ তাৰিখে এটা ভিডিঅ তৈয়াৰ কৰিছিলো৷ এগৰাকী মহিলাৰ লগত প্ৰায় ৭ মিনিটৰ হৃদয়বিধাৰক কথোপকথন (ইন্টাৰভিও গ্ৰহণ কৰাৰ পৰা সম্পাদনা কৰা লৈকে বহুবাৰ চকুলো ধৰি ৰাখিব নোৱাৰা হৈছিলো৷ মোৰ লগত সহযোগ কৰিছিল আলিমুল ইছলামে৷) ৷আৰু ‘ভিডিঅৰ মহিলা গৰাকীৰ স্বামী ২ বছৰ ৪ মাহে ডিটেনশ্বন কেম্পত বন্দি। চাৰি গৰাকী সন্তানৰ মাতৃ গৰাকীয়ে কেচুৱা কোলাত লৈ লোকৰ ঘৰত কাম কৰি স্বামীক মোকলাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই গৰাকী মহিলাই স্বামীগৃহৰ ৭ জনীয়া পৰিয়ালটোকো চাব লগা হয়। 
তেওঁলোকৰ বাবে জানো আপোনাৰ মনে কান্দি উঠা নাই !
ইদুল ফিতৰৰ আনন্দৰ পৰা বঞ্চিত হ’ব ধৰা পৰিয়ালটোক আপুনিও কিছু আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে। 
তলত মোৰ একাউন্টৰ তথ্য দিয়া হ’ল¸ আপোনাৰ দান উপযুক্ত সময়ত তেখেতক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হ’ল।
আশা কৰো সহাৰি জনাব।
AC Holder : Shajahan Ali Ahmed.
SBI Simlaguri Branch.
IFSC : SBIN0015078
AC no. 20237822999
Mobile : 9401916223
বৰঙণী প্ৰেৰণ কৰি WhatsApp ত নাম ঠিকনা আৰু দানৰ পৰিমাণ জনাবলৈ অনুৰোধ জনালো। 
(পৰিয়ালটোক লগ পাব বিচাৰিলেও সহযোগিতা কৰা হ’ব)’ — বুলি আমাৰ ইউটিউব চেনেল VOICE Riser ত ২১ মে তাৰিখে প্ৰথমে আপলোড কৰি ফেচকুতক একে নামেৰে থকা পেজতো আপলোড কৰিছিলো আৰু মোৰ ব্যক্তিগত একাউন্টৰ পৰা লিংক শ্বেয়াৰ কৰিছিলো৷ কিছুসময়ৰ ভিতৰেই বন্ধু আশ্ৰাফুল হোছেইনে ফোন কৰি ক’লে— ‘নিজৰ একাউন্ট দিব নালাগিছিল, আপোনাক বহুতে বিশ্বাস নকৰিব, বদনাম কৰিব, মনত দুখ পাব৷ পাৰিলে মহিলাগৰাকীৰ নিজৰ একাউন্ট নম্বৰ দিয়ক৷’ মই ক’লো— মই বদনামক ভয় নকৰো৷ তাইৰ একাউন্টৰ তথ্য মোৰ হাতত নাই, গতিকে ২ বছৰ চাৰি মাহে সকলো মানৱতাবাদীৰ পৰা এন্ধাৰত থকা দুৰ্ভগীয়া পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিয়াৰ বাবে বদনামী হ’বলৈ সাজু আছো৷ ভুল তাতেই হ’ল৷ মই তেওঁৰ কথা মানিব লাগিছিল৷


মই ভাবিছিলো, ইতিপূৰ্বে মহিলাগৰাকীয়ে বিদেশী ন্যায়াধীকৰণ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়লা গৈ জুৰুলা হৈছে৷ গতিকে আমি যদি ভবা ধৰণে ৰাইজৰ সঁহাৰি পাওঁ ঈদৰ সময়ত আৰ্থিক সকাহ দিয়াৰ লগতে উচ্চতম ন্যায়ালয়লৈ যোৱাত সহায় কৰিব পাৰিম৷ কিন্তু আজিৰ দিনটোত (২২ মে’) যিমান ফোনকল পালো, মোক সঁচাকৈয়ে হতাশ কৰিলে৷ মনত দুখ পাইছো৷ কেইবাজনো বন্ধুৱে বিশ্বাস কৰি মোৰ একাউন্টত ১৭৫০ টকা জমা কৰাৰ বিপৰীতে প্ৰায় অৰ্ধ শতাধিক ফোন কল পালো য’ত কোৱা হ’ল মহিলা গৰাকী আপোনাৰ কি হয় ? তাইৰ নিজৰ বা আত্মীয়ৰ একাউন্ট নম্বৰ আছেনে ? আপোনাক আমি কিয় বিশ্বস কৰিম আদি বহু কথা৷ অৱশ্যে মোৰ ভাল লাগিছে যে মহিলাগৰাকীৰ বেদনা উপলব্দি কৰি বহুতে দান কৰাৰ মানসিকতাৰে ফোন কৰিছে৷ 

কদম আলীৰ মাতৃ কমলা খাতুন

ভিডিঅত দেখা মহিলাগৰাকীৰ নাম আনোৱাৰা খাতুন(৩৫)৷ তাইৰ স্বামীৰ নাম কদম আলী(৪৩)৷ বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ নিচেই কাষত তাইৰ স্বামী গৃহ৷ কদম আলীৰ পিতৃ-মাতৃ ক্ৰমে ওচমা আলী(৭০) আৰু কমলা খাতুন (৬০), চাৰি সন্তান ক্ৰমে পিংকী খাতুন (১৫) ৰেজিনা খাতুন (১২), আৰমান আলী (৮), শ্বাহিনা খাতুন (৫)ৰে মুঠ ৭ জনীয়া পৰিয়াল৷ একমাত্ৰ উপাৰ্জনকাৰী কদম আলী ডিটেনশ্বন কেম্পত বন্দি হোৱাৰ বাবে সমগ্ৰ পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে৷ পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ কদম আলীয়ে কঠোৰ পৰিশ্ৰমৰ বলত  প্ৰায় ১০ বিঘা মাটি বন্দকত লৈ খেতি কৰি সুখী পৰিয়ালৰ মাজত আনন্দেৰে জীৱন-যাপন কৰি আছিল৷ হঠাৎ ঘৰৰ ওচৰৰ থানাৰ পৰা সীমান্ত আৰক্ষীয়ে বিদেশী ন্যায়াধীকৰণৰ জাননী আনি দিছিল কদম আলীক৷৩৪৪/২০১৫ নম্বৰৰ গোচৰত ১-০৮-২০১৬ তাৰিখে অধিবক্তা জাকিৰ হোছেইন শিকদাৰৰ সহযোগত বৰপেটাৰ বিদেশী ন্যায়াধীকৰণ ৯ ত উপস্থিত হৈ ভাৰতীয় হোৱাৰ সকলো প্ৰমাণ লিখিত ৰূপত জমা দিছিল৷ মনকৰিবলগীয়া কথাটো হ’ল— দৰিদ্ৰ, শ্ৰমজীৱী, নিৰক্ষৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীৰ নাগৰিকত্ব সন্দেহ হোৱাৰ পিছত মাননীয় অধিবক্তাৰ জৰিয়তে তেওঁৰ ককাৰ ১৯৬৬ চনৰ ভোটাৰ তালিকা, ১৯৯৭ চনৰ পিতৃৰ ভোটাৰ তালিকা, পিতৃৰ ভোটাৰ পৰিচয়পত্ৰ, তেওঁৰ ২০১৬ চনৰ ভোটাৰ তালিকা আৰু গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল৷ বৰ্তমান আমি বিদেশী ন্যায়াধীকৰণত যিবোৰ গোচৰ চলা দেখা পাওঁ সেইবোৰত আৰু অধিক নথিৰ কথা উল্লেখ থাকে৷ যেনে — ১৯৫১ চনৰ NRC, ১৯৫২ চনৰ পৰা ১৯৬৫ চনলৈকে যিকোনো এটা ভোটাৰ তালিকা অথবা সমসাময়িক চৰকাৰী নথি-পত্ৰ, ১৯৬৬ চনৰ পৰা ১৯৭১ চনলৈকে যিকোনো এটা ভোটাৰ তালিকা অথবা সমসাময়িক চৰকাৰী নথি-পত্ৰ, ১৯৮৫ চনৰ পৰা ১৯৮৯ চনলৈকে যিকোনো এটা ভোটাৰ তালিকা অথবা সমসাময়িক চৰকাৰী নথি-পত্ৰ, ১৯৯৩ বা ১৯৯৪ চনৰ যিকোনো এটা ভোটাৰ তালিকা অথবা সমসাময়িক চৰকাৰী নথি-পত্ৰ, ১৯৯৭ চনৰ ভোটাৰ তালিকা, ২০০১ চনৰ পৰা বৰ্তমানলৈকে ৭-৮ বছৰ ব্যৱধানৰ ভোটাৰ তালিকা বা সমসাময়িক নথিপত্ৰ, মহিলাৰ বাবে পিতৃৰ লগত সংযোগী নথি-পত্ৰ আদি৷ ওপৰত উল্লেখ কৰা নথি-পত্ৰবোৰ ক্ৰমানুসাৰে নিজৰ বা পূৰ্বপুৰুষৰ অথবা উভয়ৰ হ’ব পাৰে৷ কিন্তু কদম আলীৰ গোচৰত নথিপত্ৰ কম পৰিমাণে উপস্থাপন কৰা দেখা গৈছে৷ কদম আলী আমাৰ দৃষ্টিত আৰু প্ৰকৃততেই এগৰাকী বৈধ ভাৰতীয় নাগৰিক৷ কাৰণ আজিৰ তেওঁৰ পিতৃ-মাতৃ বা পৰিয়ালৰ সকলো সদস্য বৈধ ভাৰতীয় নাগৰিক৷ কিন্তু বিদেশী ন্যায়াধীকৰণৰ জটিলতাৰ বাবে ২০-০২-২০১৭ তাৰিখে তেওঁ বিদেশী হ’ব লগা হ’ল৷ আৰু বিদেশী ন্যায়াধীকৰণৰ পৰাই তেওঁক গোৱালপাৰা ডিটেনশ্বন কেম্পলৈ লৈ যোৱা হ’ল৷ 
কদম আলৰ নিৰ্জাতিত পৰিয়াল

‘মই কদম আলীক ধৰি লৈ যোৱাৰ খবৰ পাই মাটিতেই আছিলো নে আকাশত পাহৰি গৈছিলো’— কদম আলীৰ মাতৃয়ে আমাক জনাইছিল৷ —‘আমি সীমান্ত আৰক্ষীৰ পৰা সহায়  বিচাৰিলো, কদম আলীক মুক্তি কৰাৰ বাবে কাকুতি-মিনতি কৰিলো, সীমান্ত আৰক্ষীয়ে আমাক এজন অধিবক্তাৰ নম্বৰ দিলে৷ আমি ফোন কৰি লগ কৰিলো, গুৱাহীটৰ শিজুবাৰীৰ জছিম উদ্দিন আহমেদ৷’— আমাক দুৰ্ভগীয়া মাতৃয়ে জনালে৷ অধিবক্তাৰ লগত ৩০ হাজাৰ টকাৰ বন্দবস্তিৰে গোচৰটো উচ্চ ন্যায়ালয়ত চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ ক্ৰমাৎ আৰ্থিক ভাবে জুৰুলা হৈ পৰা পৰিয়ালটোৱে বন্দকত লোৱা মাটিবোৰৰ পৰা টকা উভতাই আনি খৰচ কৰিব লগা হ’ল, তাৰে পৰা ২৫ হাজাৰ টকা অধিবক্তাক দিয়া হ’ল৷ কিছুদিন পিছত কেচটো ভাল নহ’ব বুলি কৈ অধিবক্তাই ২৯-০৩-২০১৭ তাৰিখে উচ্চ ন্যায়ালয়ত ১০০ টকা ফিচ দি অৰ্ডাৰ কপি উলিয়াই পৰিয়ালটোক বিদায় দিলে৷ বাকী ৫ হাজাৰ টকা অধিবক্তাই বিচৰাৰ পাছত দিব নোৱাৰা পৰিয়ালটোৱে বিষাদত উভতি আহি দিকবিদিক হেৰুৱাই পেলালে৷ 
১০ বিঘা মাটিৰ বন্দকৰ টকা শেষ হ’ল৷ কদম আলীৰ পত্নী আনোৱাৰা খাতুনে লোকৰ ঘৰত কাম কৰে৷ ১৩০ৰ পৰা ১৫০ টকা হাজিৰাত কাম কৰে৷ পুষ্টিহীনতাত ভোগা পৰিয়ালটোৰ পোহপাল দিয়ে৷ কোলাৰ কন্যা সন্তান বিকলাঙ্গ৷ দুই কন্যা নৱম আৰু ষষ্ট শ্ৰেণীৰ ছাত্ৰী, একমাত্ৰ পুত্ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ৷ — ভুক্তভোগী মহিলাৰ সন্মুখত মাথো অন্ধকাৰ..................৷৷

আন্দোলনৰ কাৰ্যসূচীৰ আলোকচিত্ৰ—

হাতত লিগেচি নথি লৈ ভুক্তভোগীৰ আন্দোলন

নথি পত্ৰ লৈ ভূক্তভোগীৰ আন্দোলন

ডি ভোটাৰৰ আন্দোলনত মানৱধিকাৰ কৰ্মী হাৰ্ষ মান্দেৰ

আন্দোলনৰ এটা দৃশ্য

১ অক্টোবৰ,২০১৮ ত ডি ভোটাৰসকলৰ প্ৰতি চলি থকা অন্যায়ৰ প্ৰতিবাদত বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৬ শাধিক ভুক্তভোগী পৰিয়ালৰ সহযোগত আমি ৩ ঘন্টীয়া অৱস্থান ধৰ্ণা ৰূপায়ন কৰি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ ১০ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলো৷ মাথো ডি ভোটাৰৰ দ্বাৰা কৰা এইটোৱেই আছিল প্ৰথমটো আন্দোলন৷ এই আন্দোলনত দিল্লীৰ পৰা মানৱধিকাৰ কৰ্মী হাৰ্ষ মান্দেৰৰ লগতে ১০ গৰাকী বিশিষ্ট নাগৰিকে অংশ গ্ৰহণ কৰিছিল৷ সেই আন্দোলনত এই আনোৱাৰা খাতুনে অংশ লৈছিল৷ কিন্তু তেতিয়া সকলো কথা আমাক খুলি কোৱা নাছিল৷ 
সিযিকি নহওঁক নিৰ্মম বাস্তৱৰ মুখামুখী হোৱাৰ পিছত আমি যেতিয়া পৰিয়ালটোক আৰ্থিক সকাহ দিয়াৰ বাবে আহ্বান জনালো তেতিয়া কথাবোৰ সৰ্বস্তৰৰ মানুহৰ মন চুই গ’ল৷ ধিং ৰ বিধায়ক আমিনুল ইছলামে আমাৰ পেজৰ পৰা উক্ত ভিডিঅ ডাউনলোড কৰি উপযুক্ত ঠিকনা পালে আৰ্থিক সহযোগিতা কৰিব পাৰিলে হেঁতেন বুলি ফেচবুকত পোষ্ট কৰিলে৷ ভিডিঅটোৱে অতি কম সময়ৰ ভিতৰত ভাইৰেল হৈ পৰিল৷ তেওঁৰ পেজৰ পৰাই প্ৰায় ১.৩ লাখ ভিউ, ৪ হাজাৰ শ্বেয়াৰ হ’ল৷ ভিডিঅৰ মাজত দুবাৰকৈ মোৰ মোবাইল নম্বৰ প্ৰকাশ কৰা হৈছে৷ বিধায়ক গৰাকীয়ে সেই মোবাইল নম্বৰত এবাৰো যোগাযোগ কৰিব আহৰি নাপালে৷ ভিডিঅ ভাইৰেল হোৱাত অত্যাধিক ফোন কল লাভ কৰিহে জানিলো যে আমাৰ ভিডিঅ ভাইৰেল হৈছে৷ লগে লগে বিধায়ক গৰাকীক মেছেজ কৰিলো যে যদি পৰিয়ালক সহায় কৰিব বিচাৰে তেন্তে আমাৰ সৈতে যোগাযোগ কৰিলে সহযোগিতা কৰা হ’ব৷ উত্তৰত ধন্যবাদ বুলি লিখি থৈ দিলে৷ নিশা লৈকে কেইবাজনে ফোন কৰিলে যে তেওঁলোকক হেনো বিধায়কে পৰিয়ালৰ একাউন্ট নম্বৰ বিচাৰি অনুৰোধ কৰিছে৷ —আমি অপমান বোধ কৰিলেও মহিলা গৰাকীৰ একাউন্ট নম্বৰ যোগাৰ কৰিছো আৰু অচিৰেই IFSC ৰ সমস্যা সমাধান কৰি ৰাজহুৱা কৰিম৷ কাৰণ আমাক বিশ্বাস কৰক বা নকৰক পৰিয়ালটোৰ প্ৰতি জাতে সকলোৱে মানৱতা প্ৰদৰ্শন কৰাৰ সুবিধা পায় আৰু নকৰক যন্ত্ৰণাৰ পৰা পৰিয়ালটোৱে পৰিত্ৰাণ পায়৷ 
আমাৰ সচেতন শিক্ষিত সমাজ, ৰাজনৈতি-অৰাজনৈতিক নেতা, শিক্ষক, চাকৰিজীৱী, অধিবক্তা, ডাক্তৰ, অভিজন্তা, ব্যৱসায়ীসকলে সমাজৰ এই দুখবোৰ কেতিয়া নিজৰ চকুৰে দেখা পাব ? 
কি কাৰণত এনেবোৰ হাজাৰ হাজাৰ যন্ত্ৰণাৰ কাহিনী তেওঁলোকৰ চকুত ধৰা নিদিয়ে ? প্ৰতিজন সংখ্যালঘু বিধায়কে এজনকৈয়ো যদি সামাজিক কৰ্মীক তথ্য সংগ্ৰহৰ কামত নিয়োজন কৰি এনেবোৰ কঠোৰ বাস্তৱ পোহৰলৈ আনিব পাৰিলে হেঁতেন কদম আলীৰ দৰে হাজাৰ হাজাৰ নিৰিহজনে ন্যায় লাভ কৰিবলৈ সক্ষম হ’ল হেঁতেন৷

—সাজাহান আলী আহমেদ
সমন্বয়ক, ডি ভোটাৰ গৱেষণা কেন্দ্ৰ, বৰপেটাৰোড৷
সাধাৰণ সম্পাদক, APICR

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা