Saturday, July 13, 2019


বৰপেটাৰোড, ১৩ জুলাইঃ

কেইবা দিনৰ পৰা  নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত বেঁকী নৈৰ ওদালগুৰী-বালিপুৰ চৰত প্ৰায় পাছশতাধিক মানুহ আবদ্ধ হৈ আছিল৷ যোৱা ১০ জুলাই তাৰিখে বাক্সা জিলা প্ৰশাসনে দুৰ্গত লোকসকলক উদ্ধাৰ কৰি পূৱ খাৰিজা বিজনী এম ই স্কুলত অস্থায়ি শিবিৰ পাতি আশ্ৰয় লবলৈ  সুবিধা কৰি দিয়ে৷ উক্ত শিবিৰত কৃষক নেতা ৰাতুল হোছেইন, অধিবক্তা ফজলুল হক, যুৱনেতা সাজাহান আলী আহমেদ, আমছু নেতা ছাইফুল ইছলাম আৰু সাহাদত হুছেইন, যুৱ সমাজ সমাজকৰ্মী ছাহ ছিকান্দৰ মাহমুদৰ লগতে এটি সজাতি দলে ভূক্তভোগীৰ খবৰ লোৱাৰ লগতে বিভিন্ন সমস্যাৰ বুজ লয়৷ সজাতি দলটোৱে ছাত্ৰ-ছাত্ৰীৰ মাজত ব্ৰেড আৰু পানীৰ বতল বিতৰণ কৰে৷ উল্লেখ্য যে উক্ত শিবিৰত বালিপুৰ আৰু উদালগুৰী গাওঁৰ ৮১ টা পৰিয়ালৰ সৰ্বমুঠ ৪৭০ গৰাকী লোকে বাস কৰি আছে৷ ইয়াৰে পুৰুষ ২৩৫, মহিলা ১৪০ শিশু ৯৫ গৰাকী থকাৰ বিপৰীতে ৭৭৬ টা পশুধন শিবিৰত ৰখা বুলি জানিব পৰা গৈছে৷ উক্ত শিবিৰত জিলা প্ৰশাসনে যাৱতীয় সা-সুবিধা প্ৰদান কৰাত ৰাইজে প্ৰশাসনক ধন্যবাদ জনাইছে৷

Related Posts:

  • বৰপেটাৰােডত আমাছুৰ সম্বর্ধনা অনুষ্ঠান ‘কৃতিমানসকলে ৰাজনীতিৰ প্ৰতি আগ্রহী হােৱা প্রয়োজন’ ১৫ জুনঃ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন(আমাছু)ৰ বৰপেটাৰােড আঞ্চলিক সমিতিৰ উদ্যোগত আজি পুৱা ১১ বজাৰ পৰা হেল্পলাইন একাডেমীত শুভেচ্ছামূলক সম্বর্ধনা অনুষ্ঠানৰ জৰিয়তে… Read More
  • বৰপেটাৰােড-মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লগত যোগাযোগ বিচ্ছিন্ন গোৱৰ্দ্ধনাত বেঁকীৰ গৰাখহনীয়াৰ কালৰূপ খহিল গড়কপ্তানি পথ, চলিত বৰ্ষত গৃহহীন ৮০ টা পৰিয়াল ১৮ আগষ্ট, ২০১৭ঃ যোৱা কিছু দিনৰ পৰা অব্যাহত থকা মুষলধাৰ বৰষুণ আৰু জাননী নিদিয়াকৈ এৰি দিয়া কুৰিশ্ব জলবিদ্যুত প্রকল্পৰ পানী এৰি … Read More
  • গোৱৰ্দ্ধনাত উত্তেজনা, আক্রান্ত ৰাইজৰ মুখামুখী হােৱাৰ সাহস নহ’ল মন্ত্রী প্রমীলাৰ আজি প্রতিবাদী সভা, ঘটনাস্থলীত নৱ শৰণীয়া, উত্তেজনা বৰপেটাৰোড, ২০ আগষ্টঃ আজি সন্ধিয়া প্রায় ৬ বজাত অসম চৰকাৰৰ বনমন্ত্রী প্রমীলাৰাণী ব্ৰহ্মাই গোৱৰ্দ্ধনাৰ গৰাখহনীয়াত ক্ষতিগ্রস্থ হােৱা অঞ্চল পৰিদৰ্শন কৰাৰ বাবে বৰপেটাৰাে… Read More
  • বাক্সাত সংখ্যালঘু কৃষকক নিৰ্মম হত্যা, হাজাৰ হাজাৰ ৰাইজৰ পথ অৱৰোধ অপৰাধী কৰায়ত্ব কৰাৰ বাবে ২৪ ঘন্টাৰ সময়সীমা কালি বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত, আনন্দ বজাৰ আৰক্ষী পহৰা চকীৰ অধীনস্থ তথা আনন্দ বজাৰৰ গাতে লাগি থকা হাটখোলা গাঁওৰ পথাৰত এগৰাকী প্ৰায়… Read More
  • বিজেপিৰ বৰঘৰৰ পৰাই কংগ্ৰেছৰ জনজাগৰণ বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে কংগ্ৰেছৰ জনজাগৰণ সভা মোডী মিথ্যাচাৰী, প্ৰতাৰক, সর্বকালৰ ব্যর্থ প্রধানমন্ত্রীঃ চিপি যোশী এনআৰচিৰ পৰা প্রকৃত ভাৰতীয়ক বাদ দিয়াৰ ষড়যন্ত্র বিজেপিৰঃ তৰুণ গগৈ  এআইইউডিএফত প্রবল খহনী… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ