Friday, December 25, 2015

মোৰ হাতত পঞ্চাচ পইচা অহাৰ লগে লগে ঘোৰামাৰা বজাৰৰ নয়ন দাৰ দোকানলৈ গৈছিলো, এখন মাহেকীয়া আলোচনী এদিনৰ বাবে ভাড়াত আনিবলৈ, নয়ন দাক তিনি টকা এটা এডভান্স জমা দিয়া আছিল। স্কুললৈ যোৱা সময়ত দেউতাই দিয়া এটকা দহ দিনলৈ গোটাই থৈ এখন সৰু উপন্যাস কিনিছিলো। মোৰ প্ৰাণৰ বন্ধু স্বাহ আলমক সদায় কৈছিলো - জীৱনত মানুহৰ লগত দুটা পথেৰে চিনাকি হোৱাটো পছন্দ কৰো ১৷ অভিনেতা, ২৷ লেখক।
তেওঁ মোক প্ৰথম অৱস্থাত ঠাট্টা কৰিছিল। সেইবাবে মোৰ কবিতা, গল্প আদি লিখাৰ পিছত তেওঁকেই প্ৰথম পঢ়িব দিছিলো। ক্ৰমশঃ তেওঁ মোক উত্সাহিত কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়াই অসমীয়া খবৰৰ মৌ-মেলত মোৰ প্ৰথমটো কবিতা প্ৰকাশ হৈছিল। মোৰ এজন দাদা আলী আকবৰে তেতিয়া জীৱনৰ প্ৰথমটো উপহাৰ হিচাপে আব্দুচ ছামাদ আহমেদৰ ʼকবিতাৰ ঠিকনাত এখন চিঠিʼ নামৰ কবিতা পুথি আনি দিছিল।
আন এগৰাকী দাদা আলী হুছেইনে(সকলোতকৈ ডাঙৰ হাবে তেওঁক ʼমিয়া ভাইʼ বুলি মাতো) আকৌ মোক ডক্টৰ বনোৱাৰ সপোন ৰচি নৱজ্যোতি মহাবিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তিকৰণ কৰাইছিল আৰু হোষ্টেললৈ যোৱাৰ আগত কাণত ধৰাই কবিতা নিলিখাৰ প্ৰতিজ্ঞা কৰাইছিল, কাৰণ মেট্ৰিতৰ ৰিজাল্টৰ আগতেই মোৰ কবিতা পুথি প্ৰকাশ পাইছিল। এই পুথিখনেই হেনো মোৰ ভাল ৰিজাল্টৰ হেঙাৰ আছিল যাৰফলত নেকি ফাস্টডিভিজন পোৱা নাছিলো। কিন্তু হোষ্টলৰ মনিটৰ মহিৰ দাই মেজমেলত এদিন অপ্ৰত্যাহিত ভাবে ঘোষণা কৰিছিল মই হোষ্টেলৰ বডাৰ হৈ থাকিবলৈ হʼলে পুনৰ বোলে কবিতা লিখিব লাগিব। তেতিয়াই বুকুৰ ভিতৰত জমা হৈ থকা বেদনা ফাটি উলাইছিল। সেইদিনাই বোধহয় মানুহৰ আগত প্ৰথমবাৰৰ বাবে মুকলিকৈ উচুপি উঠিছিলো...........।
তেতিয়া ডায়েৰিৰ পাতত লিখিছিলো ʼমনৰ বিৰুদ্ধে যোৱা বহু কঠিনʼ।
হায়াৰ ছেকেণ্ডৰীত দাদাৰ আশা পূৰণ হʼব পৰাকৈ ৰিজাল্ট হোৱা নাছিল। সেইবাবেই মূলত অসমীয়া মেজৰ লৈ জিএলচিত নাম ভৰ্তি কৰাইছিলো, মোৰ মনৰ সপক্ষে।
কলেজখনৰ বছৰেকীয়া আলোচনী সম্পাদকৰ দায়িত্বও পালো....... আৰু বিএ পাছ কৰিলো, বিশেষ কাৰণ আৰু পৰিস্থিতিত গুৱাহাটীৰ হাতীগাওঁত থাকি কম্পিউটাৰৰ কাম কৰিব লগা হʼল। তাৰ মাজতেই কবিতা চৰ্চাও চলি আছিল। এনেতে বৰপেটাত পাইলট প্ৰজেক্টৰ কাম চলি থকাত আমছুৰ নেতৃত্বত বিশাল আন্দোলনটো হৈছিল, যʼত চাৰিজন আমছুৰ কৰ্মী-সমৰ্থক স্বহীদ হৈছিল। ..... সংখ্যালঘু জাতীয়তাদৰ প্ৰতি আগ্ৰহ তীব্ৰতৰ হৈছিল, অধ্যয়ন কৰাৰ প্ৰয়োজনিয়তা বোধ কৰিছিলো।
..... গুৱাহাটীত থকা নহʼল। গাওঁলৈ উভতি আহিলো।
.... আৰু আমছুৰ কৰ্মী হিচাপে ৰাজপথলৈ ওলাই আহিলো।......



---- এতিয়াও ৰাজপথতেই।
শৈক্ষিক, ৰাজনৈতিক, আৰ্থনৈতিক ভাবে প্ৰতাৰিত এই জনগোষ্ঠীটোৰ হৈ মাত মাতিবলৈ গৈ বহুবাৰ ঘৰৰ শত্ৰুৰ ইতিকিং সহিছো.....। তথাপিও আৰু বহু কৰিবৰ মন যায়...। এতিয়াও যে একোয়ে কৰা হোৱা নাই..........।


কিন্তু আগৰ সেই সোণালী দিনবোৰলৈ উভতি যাব মন যায়।
স্কুলৰ নাট্যাভিনয় আৰু কাকতৰ পাতত কবি হিচাপে নিজৰ নামটো ছপা আখৰত চোৱাৰ হেপাহ জন্মাৰ স্মৃতিয়ে হাত বাউল দি মাতে।


মোৰো সঁহাৰি দিবলৈ মন যায়।
কিন্তু হেয়া জানো সম্ভৱ ? আৰু সঠিক ?

Sunday, November 15, 2015

কালিৰ দিনটোত দুখন শিশু সমাৰোহ উদযাপনৰ নিমন্ত্ৰণ ৰক্ষা কৰি কিছু অনুভৱ ব্যক্ত কৰাৰ লোভ সামৰিব নোৱাৰিলোঃ

সদায় সংগ্ৰাম ভাল নালাগে৷
গতানুগতিক হৈ দিন পাৰ কৰাৰ মজাই বেলেগ৷
কৈশোৰত যেনেদৰে উদযাপন কৰিছিলো দিনবোৰ আৰু ৰাতিবোৰ৷
অৱশ্যে মোৰ শৈশৱ বহু যন্ত্ৰণাদায়ক আৰু বিৰহৰ আছিল
মোৰ ৫ বছৰ বয়সতে নিজৰ ঘৰখনৰ পৰা বহু আঁতৰত থাকিব লগা হৈছিল...
মোৰ এতিয়াও মনত পৰে ১৯৯৪ চনৰ বিভিষিকাৰ কথাযেতিয়া
 মোৰ খেলাঘৰ, মোৰ মা, দেউতা দাদা, বাইদেও
আৰু মোৰ অতি মৰমৰ কণমানি ভন্টিৰ পৰা বহুযোজন আঁতৰত থাকিব লগা হৈছিল,
আমাৰ ঘৰবোৰ জ্বলাই দিয়া হৈছিল.......
মই সদায় ভয় কৰা ছাগলীজনীও হেৰুৱাই পেলাইছিল.....
গুলিবিদ্ধ হৈ মোৰ মামাৰ মৃত্যুৰ দিনা খন বহুত কান্দিছিলো.....
ওফ....................................
এইবোৰ মনত পৰাৰ পাছতো ‘সদায় সংগ্ৰাম ভাল নালাগে’ বুলি ক’ব পাৰি নে ???
আচলতে সংগ্ৰাম তেজতেই থাকে.....
নকৰো নকৰো বুলি প্ৰতিশ্ৰুতি কৰিও ৰক্ষা কৰা নাযায়
সেইবাবেই সংগ্ৰাম সদায় অব্যাহত থাকিব৷
মোৰ শৈশৱৰ দৰে আৰু কাৰো শৈশৱ বাধাগ্ৰস্থ নহঁওক....
অশান্তিৰ ক’লা ধুৱাৰ বিৰুদ্ধে শান্তিৰ শুভ্ৰ জোনাকৰ বাবে
সংগ্ৰাম হওঁক সৰ্বজনৰ বাবে অধিকাৰৰ সংগ্ৰাম৷৷

Tuesday, November 3, 2015

অসমৰ ভাষা অসমীয়া। এই অসমীয়া ভাষা এটা সুপ্ৰাচীন ভাষা। ই আৰ্য গোষ্ঠীৰ ভাষা। আৰ্যসকল অসমলৈ অহাৰ আগতে ই অনাৰ্য গোষ্ঠীৰ বাসস্থান আছিল। প্ৰাচীন ভাৰতীয় আৰ্যভাষা বিশেষ ক্ৰম পৰিবৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম, একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে। আগতে উল্লেখ কৰা হৈছে যে অসমত অনাৰ্য গোষ্ঠীয়ে বসবাস কৰিছিল আৰ্যসকল অহাৰ আগেয়ে। গতিকে ইয়াত বাস কৰা তিব্বতবৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে। নদীৰ নাম, ঠাইৰ নাম, ধ্বন্যাত্মক শব্দ আৰু ঘৰুৱা বহু শব্দ অনাৰ্য ভাষাৰ পৰা আহিছে। আদিম ভাষাৰ সংস্পৰ্শত আৰ্য ভাষাই কৌলীন্য হেৰুৱাই ই দ্ৰুত গতিত পৰিবৰ্তিত হ’বলৈ ধৰিলে।
প্ৰাচীন কামৰূপৰ ৰজাসকল দানৱ বা অসুৰ বুলি পৰিচিত হ’লেও তেওঁলোকে আৰ্য ভাষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব দিয়ে। কালিকা পুৰাণৰ মতে নৰকাসুৰে প্ৰথমতে কিৰাতসকলক পূৰ্বে পূবে দিক্কৰবাসিনী আৰু দক্ষিণে সাগৰৰ ফালে খেদি দক্ষিণে সাগৰৰ ফালে খেদি কামৰূপত ব্ৰাহ্মণ আৰু উচ্চবৰ্ণৰ লোকসকলক প্ৰতিষ্ঠা কৰি ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰসাৰ ঘটায়। ব্ৰাহ্মণ্য ধৰ্মৰ বিস্তাৰ হোৱাৰ লগে লগে আৰ্য ভাষা অসমৰ প্ৰধান ভাষা হিচাপে চলিবলৈ ধৰিলে।
ভাৰতীয় আৰ্য ভাষাগোষ্ঠীক তিনিটা স্তৰত ভাগ কৰা হয়।
১)প্ৰাচীন ভাৰতীয় আৰ্য ভাষা।
২)মধ্য ভাৰতীয় আৰ্য ভাষা।
৩)নবীন ভাৰতীয় আৰ্য ভাষা।
বৈদিক আৰু সংস্কৃত ভাষাই প্ৰাচীন ভাৰতীয় আৰ্য ভাষা। পালি প্ৰাকৃত আৰু অপভ্ৰংশই মধ্য ভাৰতীয় আৰ্য ভাষা আৰু আধুনিক কথিত আৰ্য গোষ্ঠীৰ ভাষাসমূহেই তৃতীয় স্তৰৰ নবীন আৰ্য ভাষা।
প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই ধ্বনিগত আৰু ব্যাকৰণগত পৰিবৰ্তন লাভ কৰি প্ৰাকৃত আৰু অপভ্ৰংশৰ মাজেদি আধুনিক ভাৰতীয় আৰ্য ভাষাত পৰিণত হৈছে। এই স্তৰবোৰ এনেদৰে বিশ্লেষণ কৰি দেখুৱাব পাৰি।
ক)বৈদিক সংস্কৃত ভাষাৰ স্তৰ:
বৈদিক ভাষা আৰু সংস্কৃত ভাষাই হ’ল প্ৰথম স্তৰৰ ভাষা। বৈদিক ভাষাক কথিত ভাষাৰ সমন্বয়ত পৰিমাৰ্জিত ৰূপদান কৰিলে সংস্কৃত ভাষাই। সংস্কৃত ভাষা অভিজাত আৰ্যসকলৰ সাহিত্য-সংস্কৃতিৰ মাধ্যম ৰূপে প্ৰসিদ্ধি লাভ কৰি সৰ্বভাৰতীয় সাহিত্যৰ মাধ্যমৰূপে প্ৰতিষ্ঠিত হয়।
খ)প্ৰাকৃত ভাষা:
বৈদিক যুগৰ প্ৰচলিত কথিত আৰ্য ভাষা ক্ৰমে পৰিবৰ্তিত আৰু সৰল হৈ প্ৰাকৃত ভাষা ৰূপে পৰিগণিত হয়। প্ৰাকৃতৰ স্তৰ ৰূপ তিনিটা:
১)আদি প্ৰাকৃত
২)মধ্য প্ৰাকৃত
৩)অন্ত্য প্ৰাকৃত
১)অশোকৰ শিলালিপি, পালি ভাষাত লিখা ত্ৰিপিটক আদি বৌদ্ধ শাস্ত্ৰত আদি প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।
২)সংস্কৃত নাটৰ ব্যৱহৃত হোৱা প্ৰাকৃত, হালৰ গাথা সপ্তশ্ৰতী, বাকপতিৰাজৰ গৌৰবহো, প্ৰবৰ সেনৰ সেতুবন্ধন আৰু জৈন ধৰ্ম গ্ৰন্থত মধ্য প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।
৩)অন্ত্য প্ৰাকৃত বুলিলে অপভ্ৰংশক বুজায়। অন্ত্য প্ৰাকৃতৰ সাহিত্যৰ নিদৰ্শন হ’ল বজজালগগ, সন্দেশৰাসক। সহজীয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ দোহাবোৰৰ ভাষাও অৰ্বাচীন অপভ্ৰংশ বুলি ধৰা হয়। বিদ্যাপতিৰ ‘কীৰ্তিলতা’ আৰু ‘কীৰ্তি পতাকা’ত অপভ্ৰংশৰ অন্য এক প্ৰকাৰৰ নমুনা পোৱা যায়।
প্ৰাকৃত ভাষাৰ চাৰিটা আঞ্চলিক ৰূপ পোৱা যায়। সেইবোৰ হ’ল-
পূৰ্বাঞ্চলৰ- মাগধী
মধ্যদেশৰ- শৌৰসেনী
দক্ষিণ পশ্চিমাঞ্চলৰ- মহাৰাষ্ট্ৰী
উত্তৰ পশ্চিমাঞ্চলৰ- পৈশাচী।
মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হয় প্ৰাচ্য অপভ্ৰংশ। ভাষাতত্ত্ববিদ, পণ্ডিত ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্ৰংশৰ চাৰিটা শাখাৰ কথা উল্লেখ কৰিছে। সেই শাখা কেইটা হ’ল-
১)ৰাঢ়: ইয়াৰ পৰা পশ্চিমবঙ্গৰ উপভাষাৰ সৃষ্টি হয়।
২)বৰেন্দ্ৰ: ইয়াৰ পৰা উত্তৰ মধ্যবঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে।
৩)বঙ্গ: ইয়াৰ পৰা পূৰ্ববঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে।
৪)কামৰূপ: এই কামৰূপী প্ৰাচ্য অপভ্ৰংশৰ পৰাই অসমীয়া আৰু উত্তৰবঙ্গৰ কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলত কথিত ভাষাৰ সৃষ্টি হৈছে।
অসমীয়া ভাষাই খ্ৰীষ্ট্ৰীয় দশম শতিকাৰ মাজভাগৰ পৰা স্বকীয় ৰূপ ল’বলৈ আৰম্ভ কৰে। প্ৰসিদ্ধ চীনা পৰিব্ৰাজক হিউৱেনচাঙে তেওঁৰ বিৱৰণীত লিখিছে যে কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাৰ পৰা কিছু পৃথক আছিল। তেওঁ অসমীয়া ভাষাৰ স্বকীয়ত্ব লক্ষ্য কৰিয়েই এই ধৰণৰ মন্তব্য আগবঢ়াইছিল।
প্ৰাচীন কামৰূপৰ ৰজাবিলাকৰ তাম্ৰশাসনত অসমীয়া ৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়। গাঁৱৰ নাম, নদীৰ নাম আৰু মানুহৰ নামৰ প্ৰয়োগত অসমীয়া ৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়। শাসনাৱলীৰ ভাষা সংস্কৃত হ’লেও সেই সময়ত চলা প্ৰাকৃতৰ নমুনা আৰু স্থান বিশেষে অসমীয়ালৈ ৰূপান্তৰিত হ’ব ধৰাৰ লক্ষণ তাত পৰিলক্ষিত হয়। ড° বেনীমাধৱ বৰুৱাই এই প্ৰসঙ্গত কোৱা এষাৰ কথা প্ৰণিধানযোগ্য- প্ৰাক আহোম যুগৰ কামৰূপৰ তামৰ ফলি আৰু শিলালেখাবোৰত প্ৰাকৃতৰ নিদৰ্শন আছে। সেইবোৰে খ্ৰীষ্ট্ৰীয় ৬ষ্ঠ- ১২শ শতিকাত প্ৰচলিত উপভাষাৰ ৰূপ আৰু প্ৰাকৃতৰ আভাস দাঙি ধৰে বুলি ক’ব পাৰি। ৰাজকীয় ভূমিদান সম্পৰ্কীয় ফলিবোৰত বিশুদ্ধ সংস্কৃত ভাষাত লেখিবলৈ যত্নৰ ক্ৰুটি নকৰা সত্ত্বেও কিছুমান অপ্ৰচলিত ৰূপ সোমাই পৰিছিল। ই হয়তো স্থানীয় লেখকসকলৰ নাইবা তক্ষকাৰসকলৰ নাইবা দুয়োৰে অসাৱধানতাৰ ভুল।
অসমীয়া ভাষাৰ বিকাশৰ উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰে চৰ্যাপদবোৰে। ইয়াত কামৰূপী ভাষাৰ ৰূপতাত্ত্বিক নিদৰ্শনবোৰৰ নমুনা পোৱা যায়। ইয়াতে অসমীয়া ভাষাই এটা সুন্দৰ ৰূপ লৈছে বুলি ক’ব পাৰি। ধ্বনিতত্ত্ব, শব্দমালা আৰু বাক্যবিন্যাস আদি সকলো ক্ষেত্ৰতে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ নিগূঢ় সম্পৰ্ক ৰক্ষিত হৈছে। অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা মোলান, পানী, দাপোণ, ভাল, গোহালি, আজি, উজুবাট, সৰু, মিছা, নৈ আদি শব্দবোৰ চৰ্যাপদত হুবহু ৰূপত পোৱা যায়।
চৰ্যাপদৰ সময়ৰ পাছত বিশেষকৈ ত্ৰয়োদশ শতিকাৰ পূৰ্বাৰ্ধৰ পৰা আধুনিক যুগলৈকে অসমীয়া ভাষাৰ বিকাশৰ প্ৰধানকৈ দুটা স্তৰ দেখা যায়। এটা সোতৰ শতিকালৈ আৰু আনটো তাৰ পিছৰ পৰা। অসমীয়া ভাষাটোৱে প্ৰথমতে পশ্চিম অসমত প্ৰবেশ কৰি সুকীয়া ভাষাৰূপে গঢ় লয়। সময়ত এই অঞ্চলৰ ভাষাত সাহিত্য ৰচিত হ’বলৈ ধৰে। এই ভাষাটোকে কামৰূপীয় ভাষা বোলে। চৰ্যাপদৰ পাছত কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায় প্ৰাচীন অসমীয়া সাহিত্যত। এই ক্ষেত্ৰত প্ৰথমে উল্লেখনীয় হ’ল মাধৱ কন্দলিৰ ৰামায়ণৰ ভাষা। ইয়াৰ লগতে ‘শ্ৰীকৃষ্ণ কীৰ্ত্তন’ৰ ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ পূৰ্বভাৰতৰ ভাষাৰ লগত থকা সম্পৰ্কৰ কথা দৃঢ়তাৰে ঘোষণা কৰে। সেইবাবেই অনুমান হয় কামৰূপী ভাষাটো গোটেই ৰাজ্যজুৰি কথিত আৰ্য ভাষা আছিল। তেতিয়া গোটেই অসম উপত্যকা আৰু উত্তৰবঙ্গৰ উপৰি বিহাৰৰ পূৰ্ণিয়া জিলাও এই ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।
সোতৰ শতিকালৈ কথিত আৰু লিখিত সাহিত্যত স্থান অধিকাৰ কৰা কামৰূপী ভাষাৰ পৰিসৰ কমি ই উপভাষালৈ পৰিবৰ্তিত হ’ল। বৰ্তমান কালত কামৰূপ জিলাৰ উপভাষা বা কথিত ভাষাটোৱে কামৰূপীয় উপভাষা। অসমীয়া ভাষাৰ গঠন আৰু বিকাশত ইয়াৰ মূল্য যথেষ্ট। প্ৰাচীন অসমীয়া সাহিত্যৰ বৈষ্ণৱ-অবৈষ্ণৱ সকলো কবিৰ ৰচনাত এই ভাষাৰ ধ্বনিগত, ৰূপগত আৰু শব্দগত বৈশিষ্ট্যবোৰ দেখিবলৈ পোৱা যায়। মধ্যযুগৰ বুৰঞ্জীবোৰতো এই উপভাষাৰ প্ৰভাৱ স্পষ্ট।
“আকে শুনি লক্ষ্মীনাৰায়ণে দ্বিলাক খেদি আহিল।
বঙ্গালে খাইবাক নপাই গড়ৰ ভিতৰতে শুখাই
মৰে………তাহনাৰ মুখত আহনাৰ সঙ্গে।
তেবে গুৱাহাটীত ধৰিলে যাই আৰু অজ্ঞানত মাৰিছাহ।
অসমৰ সামূহিক কাৰ্য চলোৱাৰ বাহন ৰূপে এই ভাষা প্ৰাচীন কালৰ পৰা চলি আহিছে। সোতৰ শতিকাত কোচ ৰাজত্ব ধ্বংস হোৱাৰ পাছত সাহিত্য চৰ্চাৰ কেন্দ্ৰ নামনি অসমৰ পৰা আহোম ৰাজধানীলৈ স্থানান্তৰিত হয়। তেতিয়াৰ পৰা আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত জীপ লোৱা উজনি অসমৰ উপভাষাটোৱে ইংৰাজ আমোলত মিছনাৰীৰ সহায় লাভ কৰি সাহিত্যিক মৰ্যাদা পায়।
বৰ্তমান গুৱাহাটী কেন্দ্ৰিক অসমীয়া সাহিত্য-সংস্কৃতিত এই ভাষাটোৰ কিছু পৰিবৰ্তন সাধিত হৈছে। শিৱসাগৰ অঞ্চলৰ উপভাষাটোৰ ওপৰত আকৃতিগত ভাৱে ভিত্তি কৰিলেও ভাষাটো গুৱাহাটী আৰু ওচৰ-পাঁজৰৰ উপভাষাৰ দ্বাৰাও প্ৰভাৱিত হৈছে।
সাম্প্ৰত্তিক অসমীয়া ভাষা পৰ্বত-ভৈয়ামৰ সকলো জনগোষ্ঠীৰ উমৈহতীয়া সম্পদ আৰু প্ৰকাশৰ বাহন। ইয়াৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব আন আন জাতিসত্তা আৰু উপভাষাবোৰক সামৰি ল’বলৈ কৰা ইয়াৰ প্ৰয়াসৰ ওপৰত। এইটো কথাও মনত ৰাখিব লাগিব যে ৰাষ্ট্ৰীয় অখণ্ডতা অসমীয়া ভাষাৰ অখণ্ডতা ৰক্ষাৰ যোগেদিহে সম্ভৱপৰ হ’ব।

Tuesday, October 20, 2015

শাৰদীয় জোনাক ফুলিছে তোমাৰ ওঁঠত
কঁহুৱাহৈ হালিছে-জালিছে তোমাৰ চুলি
জোনাক সৰা নিয়ৰৰ কণিকাবোৰত
লুকাভাকু পলে পলে...
সুখৰ মৰিচিকা হৈ শুভ্ৰ জোনাকত
খেলিছা নিদাৰুণ প্ৰেমৰ খেলা.......

আজি
কঁহুৱা কোমল শুভ্ৰ বুকু মোৰ
উৰি আহিবা নেকি পুনৰ নিষ্ঠুৰ স্মৃতি হৈ
সুখৰ অৰণ্যত দুখৰ জোনাক ছটিয়াই৷৷৷


Sunday, September 27, 2015

আলিগড় মুছলিম ইউনিভাৰচিটিৰ ছাত্ৰ সকলে অসমৰ বন্যাৰ্তসকলৰ বাবে ঈদুল আজহা উপলক্ষে প্ৰেৰণ কৰা সামগ্ৰি সমূহ ঝাই ফাউণ্ডশ্বৰন সহযোগত
বিতৰণ কৰা হৈছে৷
গোৱৰ্ধনাৰ ওচৰৰ গামাৰিগুৰিৰ বেঁকীৰ গৰাখহনীয়াৰ কবলত পৰা দৰিদ্ৰ পৰিয়ালৰ মাজত যোৱা 24-09-2015 তাৰিখে বিতৰণ কৰা হয়৷









Thursday, August 27, 2015

পুনৰ আমৰণ অনশনত বহিবলৈ প্ৰস্তুত হ’লো৷ চৰকাৰৰ বঞ্চনাৰ ফলশ্ৰুতিত আমি পুনৰ সিদ্ধান্ত ল’লো আমৰণ অনশন কাৰ্য়সূচী ৰূপায়ন কৰাৰ বাবে৷
অসমৰ যিসকল লোক সংবাদ মাধ্যমৰ লগত জৰিত তাৰে বেছি ভাগেই জানে যে বাক্সা আৰু বৰপেটা জিলাৰ বহু অঞ্চল ইতিমধ্যে বেঁকীৰ গৰাখহনীয়াত জাহ গৈছে৷
২০০৪ চনত ভূটানৰ কুৰিশ্বু নদীৰ বান্ধ এৰিদিয়াৰ ফলত বেঁকীৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছত বহু ঠাইত মথাউৰি ছিঙি ভয়াবহ ভাবে বিস্তৃৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছিল, প্ৰায় ৪ মাহ সময় শতাধিক গাঁও পানীৰ তলত আছিল৷.......... শেষত পানী শোকাইছিল যদিও পলসুৱা সাৰুৱা মাটিবোৰ কৃষকৰ বাবে উপযোগী হৈ নাথাকিল, বালিৰে ভৰি পৰিল..........................৷
সেই সময়ৰ পৰাই বেঁকী নদীৰ গৰাখহনীয়া আজিৰ তাৰিখলৈকে চলি আছে৷ মাথো বৰপেটাৰোডৰ উত্তৰৰ কেইখনমান গাঁৱৰ বেইবা হাজাৰ কৃষি ভূমি, বিদ্যালয়, ধৰ্মীয়নুষ্ঠান বেঁকীৰ বুকুত জাহ যোৱাৰ সমান্তৰালকৈ ঐতিহাসিক কেটেল ফাৰ্মখনো প্ৰায় অধিকাংশ বেঁকীৰ বুকুত জাহ গৈছে৷
এই অঞ্চলৰ হাজাৰ হাজাৰ যুৱক অসমৰ বাহিৰত হাজিৰা কাম কৰি জীৱীকা নিৰ্বাহ কৰিব লগা হোৱাৰ সমান্তৰালকৈ শিশুসকলে বঞ্চিত হৈছে শিক্ষাৰ অধিকাৰৰ পৰা........................৷
মাতৃসকলে.....???
ৰাজপথৰ দাঁতিত এখন জুপুৰি সাজি গোটেই পৰিয়াল একেলগে থাকিব লগা গৈছে.........৷
নিজৰ কৃষিজাত সামগ্ৰি উভৈনদী থকাসকলে আজি এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷
নিজৰ স্বাস্থৰ প্ৰতি গুৰুত্ব দিব পৰা নাই...... ল’ৰা-ছোৱালীক শিক্ষিত কৰিব পৰা নাই৷
ঠিকমতে নিশাটো শুই কটাব পৰা নাই.....৷
মাথো বাৰিষাৰ বতৰতেি নহয়.... সমগ্ৰ বছৰ একে যন্ত্ৰনা বুকুত লৈ জীয়াই আছে তেওঁলোকে....৷
মুঠতে মানুহৰ বেদনাৰ যেন শেষ নাই........৷
এইবোৰ সমস্যা সমাধান কৰাৰ বাবে আমছুকে আদি কৰি বিভিন্ন দল-সংগঠনে ইতিপূৰ্বে বহু আন্দোলন কৰিছে যদিও চৰকাৰে মুঠেই গুুত্ব আৰোপ কৰা নাই৷
সেয়েহে আমি আমছুৰ তৰফৰ পৰা বেঁকীৰ গৰাখহনীয়াৰ কবলত পৰা লোকসকলৰ সহযোগিতাত অমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷
আমছুৰ শালবাৰী জিলা সমিতি আৰু বৰপেটা জিলা সমিতিৰ সহযোগত গোৱৰ্ধনা আঞ্চলিক সমিতিৰ উদ্যোগত অহা ৩১ আগষ্ট (সোমবাৰ) পুৱা ১১ বজাৰ পৰা আমি গোৱৰ্ধনাৰ সমীপৰ ছাফাকামাত বেঁকী নদীৰ পাৰত অনশনত বহিম৷
আমাৰ মূল দাবীঃ
১৷ বেঁকীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞান সন্মত আৰু স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা৷
২৷ গৰাখহনীয়াৰ কবলত পৰা লোকসকলক সংস্থাপন দিয়া৷
আমাৰ এই মূল দাবী দুটাৰ লগত আনুসঙ্গিক কেইবাটাও দাবী থাকিব৷
আমাৰ চৰ্তঃ
১৷ ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী আমাৰ বেঁকী নদীৰ পাৰৰ অনশনকাৰী সকলৰ ওচৰ আহি দাবীসমূহ পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব৷
২৷ বৰ্তমানে চলি থকা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অনশন চলিথকা অৱস্থাত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷৷৷
ৰাইজলৈ প্ৰাৰ্থনাঃ
আহক আমি জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে উক্ত সমস্যা সমাধানৰ বাবে একেলগে আন্দোলন কৰো৷
আহক আমি সৰু সৰু কথাবোৰ পাহৰি সৰ্বহাৰাৰ হৈ কাম কৰো.............................৷৷৷

Thursday, August 20, 2015

সপোনৰ কথাৰে

জনতাৰ ৰাষ্ট্ৰপিত ড০ এিপিজে আব্দুল কালাম চাহাবে কৈছিল— ‘টোপনিত থাকি দেখােটা সপোন নহয়, বৰঞ্চ যিয়ে টোপনি মাৰিব নিদিয়ে সেইটোহে সপোন৷
কিন্তু যোৱা নিশা টোপনিত দেখা এটা সপোনে মোক বহু চিন্তিত কৰি তুলিছে৷
সপোনত মই মোৰ পঢ়ি অহা মহাবিদ্যালয় ‘জিএলচি কলেজ’ত গৈছিল৷ ৰূপালীজয়ন্তী উপলক্ষে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ মোক দেখাৰ লগে লগে শিক্ষাগুৰুসকলে মোক আদৰেৰে মাতি নি আসনত বহিবলৈ দিলে৷ মহাবিদ্যালয়কনৰ প্ৰাক্তন ছাত্ৰৰ লগেত ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক হিচাপে সেৱা কৰাৰ বিনিময়ত শিক্ষাগুৰুসকলে মোক এতিয়াও পাহৰি যোৱা নাই৷

অনুষ্ঠানটোত কেইবাগৰাকী ব্যক্তিয়ে ভাষণ দিলে৷
ছাত্ৰ-ছাত্ৰীসকেলও মনোযোেগেৰ সকলোেৰ ভাষণ শুনিলে৷

বাস্তবিকতেও মোৰ সামাজিক কাম-কাজৰ প্ৰতি সাধাৰণতে মোৰ প্ৰায় অধিকাংশ শিক্ষাগুৰুৱে অনুপ্ৰেৰণা যোগাই আহিছে৷
সপোনতো বোধহয় সেইকাৰণেই মোক মাতি নি আগৰ আসনত বহুৱাইছিল৷

মই সন্মুখত বহিবলৈ কিছুপৰিমানে লাজ লাজ অনুভৱ কৰিছিলো কাৰণ মই মহাবিদ্যালয় এখনৰ গুৰুত্বপূৰ্ণ সভাত উপিস্থত থাকিব পৰা ধৰণৰ কাপোৰ পৰিধান কৰা নাছিলো৷
তেনে স্থানত সন্মুখৰ আসনত বহাটো মোৰ বাবে বহু লাজৰ কাৰণ হৈ পৰিছিল৷
তথাপিও মোৰ শিক্ষাগুৰুৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি বহিছিলো৷৷
কিছু সময় পাছত মোক বক্তব্য ৰখাৰ বাবে আহ্বান কৰা হ’ল৷
মঞ্চত কলেজৰ অধ্যক্ষ জগন্নাথ বৰ্মন ছাৰেও উপস্থিত আছিল,,, মই তেখেতক বহু বেছি সন্মান কৰো৷ কাৰণ তেখেতক যিমান দিনৰ পৰা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে— তাৰে পৰা মহাবিদ্যালয়খনে উন্নতিৰ জখলা বাইছে.....৷
মই বক্তব্য আৰম্ভ কৰাৰ সময়ত প্ৰেক্ষাগৃহখনত ছাত্ৰ-ছাত্ৰীয়ে বহিবলৈ ঠাই নাপাই থিয় হৈ আছিল....৷
কিন্তু 2 মিনিটমান সময় বক্তব্য আগবঢ়োৱাৰ পাছত ক্ৰমশ ছাত্ৰ-ছাত্ৰীসকলে প্ৰেক্ষাগৃহ এৰিবলৈ আৰম্ভ কৰিলে৷
মই আচৰিত হ’লো....৷ প্ৰেক্ষাগৃহখনত গুন গুন আলোচনাৰ শব্দ মোৰ কাণত পৰিব ধৰিলে৷
বক্তব্যৰ সময়ত কথা পাতিলে সাধাৰণতে মই বক্তব্য প্ৰদান নকৰো আৰু আজিলৈকে মোৰ বক্তব্যৰ সময়ত ক’তো তেনেকুৱা পৰিৱেশ হোৱাও নাই৷
মই বক্তব্যৰ মাজতেই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য ভাল লগা নাই নেকি বুলি প্ৰশ্ন কৰিলো৷
কিন্তু কোনেও মোৰ প্ৰশ্নৰ উত্তৰ নিদিলে৷— এজন দুজন কৰি প্ৰায় অধিকাংশ ছাত্-ছাত্ৰী প্ৰেক্ষাগৃহৰ পৰা ওলাই গ’ল৷
মই তেতিয়া মঞ্চলৈ ঘূৰি চালো— মঞ্চত অধ্যক্ষ ছাৰ নাই৷
মই মানসিক ভাবে বিচলিত হৈ পৰিলো৷
সন্মুখৰ ফালে চাও ---- সৰ্বমুঠ দহগৰাকীও ছাত্ৰ-ছাত্ৰী মোৰ বক্তব্য শুনাৰ বাবে ৰৈ থকা নাই৷——————


মাথো ‘এই খিনিতে বক্তব্য সামৰিছো’ বুলি কৈ মোৰ বক্তব্য সামৰিলো৷৷৷৷৷


লগে লগে মই সাৰপাই গ’লো৷৷ মনে মনে ক’লো— বাস্তৱততো হোৱা নাই!
কিন্তু এই নিষ্ঠুৰ সপোনটোৱে মোক আৰু শুব নিদিলে৷
কাৰণ মোৰ যিমানদূৰ মনত পৰে হাইস্কুলত থাকোতেও মই বক্তব্য দিয়াৰ সময়ত কোনো দিনেই কোনো এজন ছাত্ৰ ওলাই যোৱা বা কথা পতাৰ কথা মোৰ মনত নপৰে৷ তাৰ বাবেই হয়তো হাইস্কুলৰ ছাত্ৰ একতাসভাৰ সম্পাদক বনাই দিছিল, আৰু আজিৰ তাৰিখলৈকে শিক্ষাগুৰুসকলে পাহৰি যোৱা নাই৷
কিন্তু টোপনিত দেখা এই সপোনে মোৰ চকুৰ টোপনি কাঢ়ি নিলে————



সেই তেতিয়াৰ পৰা এতিয়ালৈকে এটাই কথা মই ভাবি আছো— আচলতেই এতিয়া মোৰ বক্তব্য ইমান নিৰস হ’ল নেকি? নে বেলেগ কিবা কাৰণ! একো ভাবি পোৱা নাই৷ টোপনিত দেখা এই সপোনে মোক আজিও শুব নিদিব———!!!!
ক’ৰবাত মোৰ ভুল হৈ থকা নাইতো
মোক সমাধান লাগে
............
........
.....
...
..
.



AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player