Sunday, December 23, 2018

অসম্পাদিত


কবিতাৰ শব্দবোৰ জঞ্জাল লগা
মগজু বিষাই তোলা অত্যাচাৰ যেন লাগে মোৰ।
আজি-কালি কবিতা মুঠেই ভাল নাপাওঁ মই
কবিবোৰক দেখিলেও
ৰোমান্টিক হৈ নপৰে নিৰ্জন দুপৰীয়া¸
শব্দৰ সাগৰত খেলি থাকি 
মুঠেই ভাল নালাগে এতিয়া।

পেটৰ তাড়ণাত সন্তানৰ নাম পাহৰি যোৱা 
দিন হাজিৰা কৰা মানুহজনেও
মোৰ দৰে বিৰক্তি পায় 
কবিতা

সপোন দেখি প্ৰতিবাৰেই উজুটি খোৱা
পথিকবোৰক
কোনে দিব পোহৰৰ সন্ধান ?

মাত্ৰ এহেজাৰ বলিয়া ঘোঁৰা লাগে মোক
এখন যুদ্ধ কৰিম শৌৰ্য-বীৰ্য দি৷
চাবুক মাৰি ফালি দিয়া পিঠিখনত 
কাঁটাতাৰৰ আঁচোৰে শুব দিয়া নাই মোক আজি
পৰীক্ষাশালৰ উৎপীড়ণে ধৈৰ্যহীন কৰি তুলিছে প্ৰতিক্ষণে৷

যুদ্ধ কৰিবই লাগিব
তোমাৰ বুকুত কিমান সাহস আছে ?
তুমি কি জানা ‘শ্ৰেণী বিপ্লৱ’ ?
অকথ্য যন্ত্ৰণাৰ অমানিশাৰ উপাখ্যান 

তুমি ৰোমান্টিক বিপ্লৱী চিনি পোৱা নে ?
মদৰ গিলাচত জাতিৰ ভৱিষ্যত দেখা 
ভণ্ডবোৰেই জাতি উদ্ধাৰৰ আস্ফালন কৰে।

মই প্ৰতিদিনেই পৰাজিত হওঁ
নিজৰ মাজত।
তথাপিও যুদ্ধ এখন লাগিবই।

Wednesday, December 5, 2018

পঞ্চায়ত নিৰ্বাচন চলি থকা বাবে মানুহৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ গণতান্ত্ৰিক দেশ এখনৰ নিৰ্বাচন সমূহৰ প্ৰতি মানুহ উৎসাহিত হ’লে গণতন্ত্ৰৰ ভেটি মজবুত হোৱা বুলি ক’ব পাৰি৷ বিশেষকৈ অসমত হোৱা প্ৰতিটো নিৰ্বাচনত সৰ্বাধিক উৎসাহিত হোৱা লোকসকল ধৰ্মীয় সংখ্যালঘুসকল৷ 
সৰ্বসাধাৰণ ৰাইজৰ মাজত Shajahan Ali Ahmed

১৯৮৩ চনত অসম আন্দোলনৰ উগ্ৰ সমৰ্থকসকলে নিৰ্বাচন বয়কোট কৰাৰ সময়তো গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ কামত মনে প্ৰাণে লাগি গৈছিল এইসকল লোকে৷ তাৰ ফলতেই নিৰ্বাচনৰ পিছৰ সময়তেই তেজেৰে গণতন্ত্ৰ ৰক্ষাৰ মূল্য দিব লগা হৈছিল৷ কলং, কপিলী ৰাঙলী হৈ পৰিছিল আৰু গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ আহ্বান দিয়া তদানিন্তত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে লোকৰ নিৰাপত্তা দিবতো দূৰৰ কথা আহত-নিহতৰ বাবে কোনো সাহায্যও প্ৰদান কৰা নাছিল৷ সেই ৰক্তাক্ত ইতিহাসৰ পাছতেই ১৯৮৫ চনৰ ১৫ আগষ্টত আন্দোলনকাৰী, অসম চৰকাৰ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে অশান্তময় পৰিৱেশ স্তিমিত হৈছিল সমান্তৰালকৈ হত্যাকাৰীসকলে মুক্তি পাইছিল৷ সেইসময়তেই এই সংখ্যালঘুসকলৰ অধিকাৰ ৰক্ষাৰ বাবে ৰাজনৈতিক দল গঠন হৈছিল৷ তাৰো আগত অৰ্থাৎ ১৯৮০ চনতেই আমছুৰ জন্ম হৈছিল৷ মাত্ৰ ২ বছৰ ছাত্ৰ সংগঠন কৰিয়েই আমছুৰ প্ৰতিষ্ঠাকালৰ সভাপতি আব্দুল হাই নাগৰিয়ে কংগ্ৰেছত যোগদান কৰিছিল৷ যিগৰাকী সংখ্যালঘু নেতাই নিজৰ নেতৃত্বত হোৱা সংখ্যালঘুসকলৰ প্ৰথমটো অধিকাৰ ৰক্ষাৰ আন্দোলনত স্বহীদ হোৱা লোকৰ পৰিসংখ্যা পাহৰি গৈছে৷ যাৰ নেতৃত্বত হোৱা আন্দোলনত এখন বাহু হেৰুৱাই শেষ বয়সত ভীক্ষা কৰি জীৱন পাৰ কৰা লোকৰ খবৰ লোৱাৰ আহৰি নাপালে৷ তাৰ সমান্তৰালকৈ সংখ্যালঘু কোটাত প্ৰতিবাৰেই মন্ত্ৰীত্ব লাভ কৰি দিছপুৰত সম্পত্তিৰ পাহাৰ সাজিলে সেইসকল নেতাই আজিৰ এই পঞ্চায়ত নিৰ্বাচনত টেটু ফালি, গলৰ শিৰা ফুলাই বক্তব্য দিয়ে৷ তেওঁলোকে প্ৰকৃততেই যে একো একোজন জাতিদ্ৰোহী লোক সেই কথা বহলাই নক’লেও হ’ব৷ অসমৰ মূলসূতিৰ লগত কোনো কালেই যাতে সংখ্যালঘু সৰ্বসাধাৰণ ৰাইজ মিলিব নোৱাৰে তাৰ বাবে সংখ্যালঘু অঞ্চলবোৰত শিক্ষা, স্বাস্থৰ পোহৰ পৰিব নিদিলে যাতায়তৰ দুৰৱস্থা কৰি ৰাখিলে৷ 


ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ বিষয়ে সচেতন লোকসকলৰ আৰ্থিক দুৰৱস্থা হোৱা বাবে এপাচি শাকত এটা জলকীয়া স্বৰূপ শিক্ষিত সমাজেও মুদ্ৰাৰ লোভত বিবেক বিক্ৰী কৰি আহিছে৷ যাৰ বাবে উন্নয়নৰ স্বাৰ্থত ৰাজনীতি হোৱা নাই৷ প্ৰেছাৰ কোকাৰত সৃষ্টি হোৱা চাপৰ দৰেই মানুহক সন্ত্ৰস্ত কৰি ৰখা হৈছে৷ আমছুৰ পৰা প্ৰাক্তন হোৱা প্ৰতিজন নেতাই কংগ্ৰেছত যোগদান কৰি ‘ভোৰৰ কপালত লাত্থি’ মাৰি দিছে৷ তেওঁলোকে যিহেতু সংখ্যালঘু মানুহৰ ‘পালচ্’ বুজি পায় সেইবাবে কি দিলে কাৰ মুখ বন্ধ হ’ব সেই কথা জানে৷ ফলত উন্নয়নৰ ৰাজনীতিয়ে স্থান নাপায়৷ তোষণৰ ৰাজনীতিত পটু দলটোৱে সংখ্যালঘুৰ ওপৰত চলি থকা প্ৰতিটো অত্যাচাৰৰ আধাৰশিলা স্থাপন কৰি থৈ গৈছে৷ তাৰ বাবেও মূলত এইসকল তথাকথিত সংখ্যালঘু নেতাই দায়ি৷ যুক্তিৰ সমৰ্থনত লিখিব গ’লে আৰব্য উপন্যাস এখনেই হ’বগৈ৷ 

ৰক্তাক্ত আন্দোলনৰ মূল আধাৰ অসমৰ বিদেশী সমস্যাৰ স্থায়ি সমাধানৰ বাবে বৰ্তমান ৰাজ্যত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নিতকৰণ চলি আছে৷ এই সমস্যা সমাধানৰ নামত আন্দোলন কৰি যিসকলে নেতা হ’ল, যিসকলে অহাবাৰৰ নিৰ্বাচনৰ টিকট নিশ্চিত কৰাৰ কৌশলত লিপ্ত হৈ আছে তেওঁলোকে পূৰ্বৰ দৰেই কিন্তু পৰিৱেশ ধূসৰ কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে৷ সাধাৰণ ভাবে লক্ষ্য কৰিলেই বুজি পাব যে এজনো সংখ্যালঘু নেতাই জটিলতাৰে ভৰা NRCৰ দাবী/ আপত্তিৰ প্ৰক্ৰিয়াত দুৰ্গত বৈধ ভাৰতীয়ৰ পক্ষত থিয় দিয়া নাই৷ এজনো আমছুৰ প্ৰাক্তন সভাপতিয়ে বিনামূলীয়া সহায়ক কেন্দ্ৰ মুকলি কৰা নাই৷ অপ্ৰয়োজনীয় লোকে মহামান্য উচ্চতম ন্যায়ালয়ৰ সন্মুখত ছেলফি উঠাৰ বাহিৰে বোকা ছটিয়াই মানুহক দাবী/ আপত্তিৰ প্ৰতি অনিহাহে বৃদ্ধি কৰা অনুমান হৈ আছে৷ যিমান বেছি বৈধ ভাৰতীয়ৰ নাম NRC ৰ পৰা বাদ পৰিব সিমানেই তেওঁলোকৰ ৰাজনীতিৰ ভেটি মজবুত হ’ব৷ যাৰ বাবেই হয়তো সমস্ত যুৱ শক্তিক পঞ্চায়ত নিৰ্বাচনৰ জিন্দাবাদ মাৰা কামত লগাই দিয়া হৈছে, যাৰ বাবেই হয়তো পঞ্চায়ত নিৰ্বাচনৰ সভাবোৰত NRC ৰ বিষয়বোৰে বিশেষ স্থান নাপায়৷ অৱশ্যে হাস্যকৰ ভাবে একাংশ সংখ্যালঘু বিধায়কে বহু সময়ত ঘঁৰিয়ালৰ চকুলো টোকা দেখা যায়৷ 

NRC ৰ দাবী আপত্তিৰ সময় শেষ হ’বলৈ সন্মুখত মাত্ৰ কেইটামান দিনহে বাকী আছে৷ প্ৰতিজন প্ৰকৃত ভাৰতীয় নাগৰিকে NRC ৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰা দৰকাৰ৷ এই কাম নকৰিলে ভৱিষ্যত কিমান অন্ধকাৰাচ্ছন্ন হৈ পৰিব সেই কথা ক’ব নোৱাৰি৷ এতিয়াও সজাগ হোৱাৰ সময় আছে৷ কমপক্ষে যুৱ শক্তি যদি জাগ্ৰত হয় বহু সমস্যাই সমাধান হ’ব৷ সেয়েহে এইবেলি জাতীয় উৎসৱ বৰ্জন কৰি বা ন’টাৰ সদ্ ব্যৱহাৰ কৰি তথাকথিত নেতাসকলক শিক্ষা দিয়াৰ সমান্তৰালকৈ NRC ৰ কাম-কাজত যথোপযুক্ত সহায় কৰিব নোৱাৰি নে ?

Monday, December 3, 2018

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা  লোকসকলৰ বাবে দাবী প্ৰক্ৰিয়া চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখলৈকে চলিব৷ দাবী দাখিল কৰাৰ কাৰণ হিচাপে দাবী প্ৰ-পত্ৰৰ পৃষ্ঠা D ত বিস্তাৰিত আলোচনা কৰা প্ৰয়োজন৷ এই পৃষ্ঠা লিখোতে তিনিটা মূল কথা মনত ৰাখিব লাগে৷ 
প্ৰথম- কি কাৰণে আবেদনকাৰীৰ নাম বাদ পৰিছে৷ 
দ্বিতীয়- কি কাৰণে আবেদনকাৰীৰ নাম বাদ পৰিব নালাগিছিল৷
তৃতীয়- নথিপত্ৰ কি দিছিল আৰু এতিয়া কি দিব৷ 
—এই তিনিটা কথাৰ ওপৰত ভিত্তি কৰি দাবী দাখিলৰ কাৰণ যুক্তি সঙ্গত ভাবে উপস্থাপন কৰিব লাগিব৷ মন কৰিব যে ডি ভোটাৰৰ গোচৰ নিষ্পত্তিৰ বাবে বিদেশী ন্যায়াধীকৰণত যেনেদৰে অধিবক্তাৰ জৰিয়তে লিখিত শপতনামা প্ৰদান কৰা হয় একেদৰে NRCৰ  Claim formৰ লগত চমু শপতনামা লিখি দিব লাগে৷ 
তলত কেইটামান আৰ্হি দাঙি ধৰা হ’ল—

-------------------------------------------------------------------------------------------------------------------------
প্ৰকৃততে ডি ভোটাৰ আছিল কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰায়দান পোৱাসকলৰ বাবে প্ৰশ্ন ৫ ত লিখিব লাগ টোকা—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ আবেদনকাৰীক ডি ভোটাৰ দেখুৱা হৈছে যদিও .................. (উদাহৰণ FT-2, Barpeta )ৰ গোচৰ নং ............ (উদাহৰণ FT case No. 1029/16) ৰ জৰিয়তে ................  তাৰিখে ভাৰতীয় বুলি ৰায়দান কৰে৷ সেয়েহে  FTৰ ৰায়দানৰ ভিত্তিত আবেদনকাৰীৰ নাম পূৰ্ণাঙ্গ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷ 
 (আবেদনকাৰীৰ বংশধৰৰ ক্ষেত্ৰত হ’ব লগা পৰিৱৰ্তন নিজে থিৰাং কৰি ল’ব)


Wrongly Identify as DF. ভুলবশত বিদেশী বুলি ঘোষণা কৰা ব্যক্তিসকলৰ বাবে পৃষ্ঠ B5 নং প্ৰশ্নৰ উত্তৰ—
আবেদনকাৰীৰ বিৰুদ্ধে কোনো ন্যায়াধিকৰণত গোচৰ নাই৷ বিদেশী হিচাপে ঘোষণা কৰা হোৱা নাই৷ ভুলবশত বিদেশী বুলি কাৰণ জনোৱা হৈছে৷ সেয়েহে নথি-পত্ৰৰ ভিত্তিত আবেদনকাৰীৰ নাম NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷

প্ৰকৃততে ডি নথকা মানুহৰ নামত ডি ভোটাৰ বা সতি সন্ততি দেখুৱালে নং প্ৰশ্নৰ উত্তৰ—

NRC ৰ চূড়ান্ত খচৰা তালিকাত আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত নোহোৱাৰ কাৰণ ডি ভোটাৰসতি-সন্তুতি বুলি জনোৱা হৈছে৷ আবেদনকাৰী ডি ভোটাৰ/ সতি-সন্তুতি নহয়৷ আবেদনকাৰীৰ বিৰুদ্ধ কোনো বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা নাই৷ সেয়েহে প্ৰামাণ্য নথিৰ ভিত্তিত আবেদনকাৰীৰ নাম সম্পূৰ্ণ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনালো৷
(প্ৰামাণ্য নথি হিচাপে ডি নথকা দুই-তিনিখন ভোটাৰ তালিকা, ভোটাৰ আই ডি দিব)

 মাতৃৰ ডি থকা কিন্তু পিতৃৰ নামত ডি নথকা আৰু ২০০৪ চনৰ আগত জন্ম লাভ কৰা সতি-সন্তুতিৰ নাম ডি ভোটাৰৰ বংশধৰ দেখুৱালে ৫ নং ত লিখিব—

আবেদনকাৰীয়ে পিতৃপক্ষৰ লিগেছি আৰু নথি পত্ৰৰ ভিত্তিত আবেদন দাখিল কৰিছে আৰু পিতৃ পক্ষত বা পূৰ্বপুৰুষৰ ভাৰতীয় হোৱাৰ যাৱতীয় নথি পত্ৰ আছে৷ যিহেতু আবেদনকাৰী ২০০৪ চনৰ পূৰ্বে জন্ম লাভ কৰিছে, সেয়েহে পিতৃ পক্ষৰ নথি পত্ৰ আৰু বংশ বৃক্ষৰ জৰিয়তে আবেদনকাৰীৰ নাম সম্পূৰ্ণ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷
--------------------------------------------------------------------------------------------------------------------------
মনত ৰাখিব মহামান্য উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা আদেশ অনুসৰি প্ৰকৃত ডি ভোটাৰে আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই৷ FTৰ দ্বাৰা ভাৰতীয় ঘোষণা হোৱাৰ পিছত ARNৰ জৰিয়তে তেওঁলোকৰ নাম পৰ্যায়ক্ৰমে অন্তৰ্ভূক্ত হ’ব৷ কিন্তু ১৯৮৭ চনৰ ৩১ জুলাইৰ পৰা ২০০৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্ম লাভ কৰা লোকৰ পিতৃ-মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লে  তেওঁ জন্মসূত্ৰে ভাৰতীয়, ২০০৪ চনৰ পিছত জন্ম লাভ কৰা লোকৰ নথি নাথাকিলেও পিতৃ-মাতৃৰ নাম অন্তৰ্ভূক্ত হ’লে পিতৃ-মাতৃৰ মৌখিক বা লিখিত সাক্ষ্যৰ ভিত্তিত নাম অন্তৰ্ভূক্ত হ’ব৷
--------------------------------------------------------------------------------------------------------------------------

 FTR No. বা বংশ বৃক্ষ গ্ৰহণযোগ্য নহ’ল’ ৰ বাবে পৃষ্ঠা- D ত লিখা সাধাৰণ বিবৰণ—

বংশ বৃক্ষৰ ভুলৰ বাবে আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত হোৱা নাই বুলি বাদ পৰাৰ কাৰণ জনোৱা হৈছে৷ NRCৰ চূড়ান্ত খচৰা তালিকাত আবেদনকাৰীৰ পিতৃৰ (পূৰ্বপুৰুষৰ) নাম অন্তৰ্ভূক্ত হৈছে৷ সেয়েহে পূৰ্বে প্ৰদান কৰা বংশবৃক্ষ আৰু নথি-পত্ৰৰ ভিত্তিত পুনৰ পৰীক্ষণৰ জৰিয়তে আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে অনুৰোধ জনালো৷ (মনত ৰাখিব— একে লিগেছি ব্যৱহাৰ কৰি যদি অইন ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হৈছে তেন্তে প্ৰয়োজন অনুহাৰে ওপৰৰ কথাখিনি লিখিব৷ বংশবৃক্ষৰ পৰীক্ষণৰ সময়ত কি হৈছে সেই বিষয়ে প্ৰশ্ন কৰিলে বুজি পাব৷)

চক্ৰ বিষয়া/ লাট মণ্ডল / গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে পৃষ্ঠা D ত লিখিব—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ চক্ৰ বিষয়া/ লাট মণ্ডল / গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা বুলি দেখুৱা হৈছে৷ সেয়েহে দাবী প্ৰ-পত্ৰৰ লগত অতিৰিক্ত হিচাপে -------------- নথি প্ৰদান কৰি দাবী দাখিল কৰা হ’ল৷ পূৰ্বে প্ৰদান কৰা নথি পুনৰিক্ষণৰ লগতে অতিৰিক্ত ভাবে প্ৰদান কৰা নথিৰ ভিত্তিত আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী দাখিল কৰা হ’ল৷

তালিকা B ৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে পৃষ্ঠা D ত লিখিব—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ ...................... প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা বুলি দেখুৱা হৈছে৷ সেয়েহে দাবী প্ৰ-পত্ৰৰ লগত ..............................  নথি প্ৰদান কৰি দাবী দাখিল কৰা হ’ল৷ পূৰ্বে প্ৰদান কৰা নথি পুনৰিক্ষণ(যদি প্ৰয়োজন হয়)ৰ লগতে অতিৰিক্ত ভাবে প্ৰদান কৰা নথিৰ ভিত্তিত আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী দাখিল কৰা হ’ল৷


Sunday, December 2, 2018

কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত ক্ৰমাৎ অধিক জটিলতাৰ দিশলৈ গতি কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী/ আপত্তি প্ৰক্ৰিয়া৷ আপত্তিৰ ক্ষেত্ৰত অস্পষ্ট নীতিৰ বাবে যিদৰে আপত্তি কৰিব বিচাৰিও আপত্তি কৰাৰ পৰা বহুতে বিৰত থকাৰ সমান্তৰালকৈ কৰ্তৃপক্ষৰ আন্তৰিকতাৰ অভাৱত দাবী প্ৰক্ৰিয়া একপ্ৰকাৰ স্তব্ধ হৈ থাকিলেও বৰ্তমান দাবী দাখিলৰ প্ৰক্ৰিয়া কিছু পৰিমাণে দ্ৰুত হৈছে৷


 কিন্তু আজিৰ তাৰিখত যি হাৰে মানুহে দাবী দাখিল কৰিছে তাৰ পৰা ক’ব পৰা যায় যে অধিকাংশ মানুহে বৈধ নথি থকাৰ পিছতো দাবী দাখিল কৰিব নোৱাৰিব৷ যিমানেই বৈধ নথি নাথাকক কিয় দাবী দাখিল নকৰিলে জটিলতাৰ মুখামুখী হ’বই লাগিব৷ ‘বাদ পৰা লোকৰ অধিকাংশই অবধ বিদেশী হোৱাৰ বাবেই তেওঁলোকে দাবী দাখিল কৰা নাই’ ধৰণৰ আলোচনা হৈ থকাৰ পৰাই সাধাৰণতেই বুজিব পাৰি যে বৈধ হওঁক বা অবৈধ সেই বিষয়টো তল পেলাই কিমান মানুহৰ নাম বাদ পৰিল সেই বিষয়টোৱে প্ৰাধান্য পাব৷ এই বিষয়বোৰ বহলাই কোৱাৰ প্ৰয়োজন নাই যে কৰ্তৃপক্ষই কিয় দাবী দাখিলৰ প্ৰতি মানুহক উৎসাহিত কৰি থকা নাই বা প্ৰক্ৰিয়াত জটিলতা আমদানি কৰি আহিছে৷ থুৰতে ক’বলৈ হ’লে ক’ব লাগিব যে নাম বাদ পৰা মানুহৰ বাবে এইটো এটা ‘সুযোগ’ প্ৰদান কৰা হৈছে যাৰ সদব্যৱহাৰ কৰি বাদ পৰা লোকসকলে নিজৰ দাবী দাখিল কৰি উপযুক্ত ভিত্তি দাখিল কৰিব পাৰিব৷ এইবোৰ কথখাৰ বাবেই হয়তো চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা মানুহ চিন্তিত হৈ আছে৷ মানুহে মুখামুখী হোৱা সমস্যাবোৰ চমুকৈ বিশ্লেষণ কৰিব পাৰি এনেদৰে— 

১৷ দাবী দাখিলৰ লগত দিব লগা নথিৰ শেষ তাৰিখ ৩১ আগষ্ট, ২০১৫ ৰখাৰ বাবে পূৰ্বে সৰ্বোচ্চ নথি প্ৰদান কৰি আবেদন কৰা আৰু পূৰ্বে প্ৰদান কৰা তালিকা B ভোক্ত নথি গ্ৰহণযোগ্য নোহোৱাৰ বাবে মানুহে পূৰ্বৰ তাৰিখ অনুসৰি বিকল্প নথি দিব পৰা নাই৷ 

২৷ অধিকাংশ সেৱাকেন্দ্ৰৰ পৰা চুটিকৈ আৰু সকলো মানুহৰ বাবে একেধৰণৰ কাৰণ দৰ্শোৱা বাবে বাদ পৰাৰ কাৰণ ঠিকমতে বুজি নোপোৱাৰ ফলত মানুহে নথি বাছনি কৰাত অসুবিধা পাইছে৷ 

৩৷ কেনেদৰে দাবী বা আপত্তিৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগে সেই বিষয়ে ভালদৰে নজনাৰ বাবে মানুহে প্ৰ-পত্ৰ হাতত লৈ লোকৰ ওচৰলৈ যায় যদিও সময়ত সমাধানসূত্ৰ লাভ নকৰাৰ বাবে অসুবিধা পাই আছে আৰু কৰ্তৃপক্ষই কোনো ধৰণৰ সজাগতাৰ সৃষ্টি কৰিব পৰা ব্যৱস্থা হাতত লোৱা নাই বা মূল আবেদন পত্ৰ দাখিলৰ সময়ত তৈয়াৰ কৰা আৰ্হি প্ৰ-পত্ৰ দাবী/ আপত্তিৰ ক্ষেত্ৰত তৈয়াৰ কৰা নাই৷ 

৪৷ মূল আবেদনপত্ৰ পূৰণৰ সময়ত ভুলকৈ নাম লিখাৰ বাবে নথি-পত্ৰত থকা শুদ্ধ নামেৰে এতিয়া দাবী আবেদন দাখিল কৰাত জটিলতাৰ মুখা মুখি হৈ আছে যিহেতু নামৰ ক্ষেত্ৰত কোনো সাল-সলনি কৰিব নোৱাৰিব৷ 

৫৷পূৰ্বে দাখিল নকৰা নথিত নামৰ আৰু উপাধিৰ খেলি-মেলি যেনে- বেগম, খাতুন, দাস, দে, মিয়া হুছেইন, শীল, বিশ্বাস, আলী, শ্বেইক, বেওৱা, নোছা আৰু বয়সৰ খেলি-মেলিৰ বাবেও সেই নথিবোৰ দাখিল কৰিব পৰা নাই৷ 

৬৷ সু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত জন্মৰ প্ৰমাণ পত্ৰৰ জালিয়াতি আৰু বিদ্যালয়ৰ নথি গ্ৰহণযোগ্য নোহোৱাৰ ফলত নতুন কোনো নথি বিচাৰি পোৱা নাই৷ তেওঁলোকৰ বাবে মৌখিক বা লিখিত সাক্ষী দিব পৰা যাব যদিও সেই বিষয়বোৰ বুজি নোপোৱাৰ ফলত মানুহৰ অসুবিধা হৈছে৷ 

৭৷ গাওঁ পঞ্চায়তৰ সম্পাদক/ লাট মণ্ডল/ চক্ৰ বিষয়াৰ দ্বাৰা প্ৰদান কৰা নথি গ্ৰহণযোগ্য নোহোৱাৰ বাবে মহিলাসকলে বিকল্প নথি হিচাপে ৰেচনকাৰ্ড দিব পাৰিব যদিও বহু সেৱা কেন্দ্ৰই এই নথি গ্ৰহণ কৰি থকা নাই৷ 

৮৷ বহুতেই নাজানে যে কেনেদৰে পৃষ্ঠা নং D ত থকা প্ৰশ্ন ৭ৰ উত্তৰ লিখিব৷ ফলত দাবী দাখিলৰ ভিত্তি ঠিক মতে লিখিব পৰা নাই ৷ 

৯৷ DV/DF/DFD/DVD/PFT বাছনি কৰাৰ সময়ত ৰৈ যোৱা বিসংগতিৰ বাবে জটিলতা বহু বৃদ্ধি পাইছে৷ ২০০৪ চনৰ আগত জন্ম লাভ কৰা আৰু পিতৃপক্ষৰ লিগেছি, নথি-পত্ৰৰে আবেদন দাখিল কৰা লোকৰ মাকৰ নামত ডি থাকিলেও নাম বাদ পৰিছে আৰু ভাই, ভনীৰ নামত ডি থাকিলেও কিছু অঞ্চলত বাকীসকলৰ নাম কৰ্তন কৰা হৈছে৷ এইবোৰ বিষয়ৰ বাবে মানুহে জটিলতাৰ সন্মুখীন হ’ব লগা হৈছে৷ লগতে এটা কথা উল্লেখ কৰিব লাগিব যে যি ৰাষ্ট্ৰীয় নাগৰিপঞ্জীৰ দ্বাৰা তিনি কোটি মানুহৰ নাগৰিকত্ব প্ৰমাণ কৰিব সেই একে প্ৰক্ৰিয়াই ডি ভোটাৰ সকলক সাঙুৰি নোলোৱাটোৱেই সমগ্ৰ প্ৰক্ৰিয়াৰ আন্তৰিকতাত প্ৰশ্ন চিহ্ন আনি দিয়ে৷ আচলতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে বিদেশী সমস্যাটোৰ স্থায়ি সমাধান আনিব নে বিদেশী সমস্যাটোৰ স্থায়িত্ব প্ৰদান কৰিব সেই কথাও চিন্তাৰ বিষয় হৈ পৰিছে৷ 

১০৷ নাম বাদ পৰা দুৰ্গত বৈধ ভাৰতীয়ক সহায় কৰিলে অবৈধ বিদেশীৰ পক্ষত থিয় দিয়া বুলি প্ৰচাৰ হোৱাৰ ভয়ত বহু দল-সংগঠনে এই বিষয়ৰ পৰা কৌশলগত দূৰত্ব বজাই ৰাখি আহিছে৷ ফলত ৰাইজৰ মাজত উৎসাহ কমি যোৱা পৰিলক্ষিত হৈছে৷ 

ওপৰত উল্লেখ কৰা বিষয়বোৰৰ উপৰিও ভুল বশঃত বেলেগৰ লিগেছি ব্যৱহাৰ কৰা অথচ বৰ্তমান নিজৰ লিগেচি বিচাৰি পোৱা মানুহেও যিহেতু লিগেছি ব্যক্তি সলাব নোৱাৰিব তাৰ বাবে যথেষ্ট জটিলতাৰ সন্মুখীন হ’ব লগা হৈছে আৰু বংশ বৃক্ষ পুনৰ দাখিল কৰাৰ সুবিধা প্ৰদান নকৰাৰ বাবে বংশ বৃক্ষৰ পৰীক্ষণত ধৰা পৰা বুসংগতি আতৰ কৰাৰ সুবিধা লাভ কৰা নাই, বংশ বৃক্ষত থকা মানুহ কিন্তু আবেদন নকৰা সকলে আবেদন কৰাৰ সুবিধা লাভ কৰা নাই৷ —জাতি, ধৰ্ম নিৰ্বেশেষ ওপৰোক্ত সমস্যাবোৰে দেখা দিয়া বাবে সমস্যাৰ সন্মুখীন সকলোৱে হ’ব লগা হৈছে৷


Monday, November 26, 2018



NRC ৰ জটিল বিষয়বোৰহে যেন আমাৰ ওচৰলৈ আহে৷ সমস্যাৰ যেন শেষ নাই৷ আজি পুৱা বিছনাৰ পৰা ভোক্তভোগীয়ে টানি উঠোৱাৰ পিছৰ পৰা নিৰৱচ্ছিন্ন ভাবে একেটা কামতেই লাগি থাকিব লগা হ’ল৷ (গৰুৰ মাংসৰে পত্নীয়ে ভাত ৰান্ধি মাতিলেও খোৱাৰ সময় কাৰ হাততনো আছে?) আটাইতকৈ জটিল সমস্যটোৰ সমাধান ৭.৩০ বজাতহে দিব পাৰিলো৷ সমাধানটো এনেধৰণৰ— 

‘NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ আবেদনকাৰীক ডি ভোটাৰ দেখুৱা হৈছে যদিও FT-2, Barpeta ৰ গোচৰ নং ----- ৰ জৰিয়তে ------ তাৰিখে ভাৰতীয় বুলি ৰায়দান কৰে আৰু ২০১৫ চনৰ পৰা ভোটাৰ তালিকাত শুদ্ধ ভাবে নাম অন্তৰ্ভূক্ত হৈছে৷ আবেদনকাৰীৰ পিতৃৰ নাম নথি-পত্ৰত অ়জ্ঞতাৰ বাবে আৰু ভুল বশত আজগৰ আলীৰ ঠাইত আলী হুছেইন হিচাপে উল্লেখ আছে৷ আৰু সেইমৰ্মে NRC ৰ মূল আবেদন পত্ৰত ভুল বশত আজগৰ আলীৰ লিগেছি ডাটাকোড ------- ৰ পৰিৱৰ্তে আলী হুছেইনৰ লিগেছি ডাটাকোড ----------- উল্লেখ কৰি আবেদন দাখিল কৰা হৈছিল৷ বংশবৃক্ষ পৰীক্ষণৰ সময়ত উক্ত লিগেছি ব্যক্তি আৰু পিতৃৰ নাম শপতনামাৰ জৰিয়তে শুধৰণী কৰা হৈছিল৷ সেয়েহে শুধৰণী আৰু FTৰ ৰায়দানৰ ভিত্তিত আবেদনকাৰীৰ নাম পূৰ্ণাঙ্গ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷’— হল্ড ফৰ্মৰ ৫ নং প্ৰশ্নৰ উত্তৰত লিখিব লগা ওপৰৰ বাক্যৰ পৰাই বুজিব পাৰিছে সমস্যা কিমান জটিল৷ এই কামবোৰ কৰাৰ বাবে অত্যাধিক মানসিক চাপ সহিব লগা হয়৷ তাৰ লগতে #NRChow2helpU ৰ উত্তৰ, ফোনকলৰ উত্তৰ দিব লগা হয়৷ যিবোৰ জটিল বিষয়ৰ সমাধান কোনেও বিচাৰি নাপায় তেনে বিষয়বোৰ মোলৈ ‘ৰেফাৰ’ কৰাৰ বাবে মন, মগজু কঠিন শিলৰ দৰে হৈ পৰিছে৷ ইয়াৰ মাজতে আত্মীয়ক সময় নিদিয়াৰ অভিযোগতো আছেই৷ 

সিযিকি নহওঁক NRCৰ দাবী প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত মানুহক সহায় কৰিব পাৰিলে মনটো বহুত ভাল লাগে৷ সমাধান দিব নোৱাৰিলে মনটো বেয়া লাগি থাকে৷ বুজি নাপাঁও দল-সংগঠনৰ নেতাসকলে কেনেদৰে মানুহৰ সমস্যাবোৰ আওকাণ কৰি নিজৰ গাড়ীখন চিক-চিকিয়া কৰি ৰাখে৷ এয়া মোৰ বাবে এক বুজাব নোৱাৰা সাথৰ৷

আজিৰ দিনটো স্বাইজুদ্দিন খন্দকাৰৰ সহায়ৰ অবিহনে সকলো কাম আধৰুৱা হৈ থাকিল হেঁতেন৷ জটিল সমস্যাৰ সমাধানসূত্ৰ ওলোৱাৰ পিছত কলম ধৰাৰ কাম তেওঁৰ ওপৰতেই ন্যাস্ত হৈ আছিল৷ আজি প্ৰায় দশখন তেনে জটিল প্ৰ-পত্ৰ পূৰণ কৰা হ’ল, যিবোৰৰ সমাধানসূত্ৰ বিচাৰি ভোক্তভোগীসকলে বহু দিনৰ পৰা হাবাথুৰি খাব লগা হৈছিল৷ আজিৰ দিনত ভাল লগা বিষয়টো হ’ল যে তিনিজন যুৱকক এই প্ৰক্ৰিয়াৰ লগত জৰিত কৰাব পাৰিছো৷ তেওঁলোকে সহায়ৰ বাবে আহিছিল৷ শিক্ষিত যুৱক হিচাপে তেওঁলোকৰ নিজৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ প্ৰক্ৰিয়া শিকাই মোৰ আগত পূৰণ কৰিবলৈ দিছিলো৷ তেওঁলোকে কথা দিছে যে— তেওঁলোকে দুৰ্গতসকলক সহায় কৰিব৷





#NRChow2helpU হেসটেক ব্যৱহাৰ কৰি #NRC সম্পৰ্কে পৰামৰ্শ আৰু প্ৰশ্ন কৰিলেও উত্তৰ দিবলৈ যত্ন কৰা হ’ব৷ আপুনিও নিজৰ লগতে চুবুৰীয়াৰ সমস্যা আমাক জনাওক৷ হেসটেক ব্যৱহাৰ কৰি এনআৰচি সম্পৰ্কে নিজৰ মতামত আৰু ৰাইজৰ বাবে কৰা কামৰ বিষয়ে বা কাম কৰা ফটো ছ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ অনুৰোধ থাকিল৷

‘আহক সকলোৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত দুৰ্গত বৈধ ভাৰতীয় নাগৰিকক সহায় কৰো৷’


Sunday, November 25, 2018




আমি আজিও আৰভাটত বহিছিলো৷ মানুহৰ সমস্যা বহু৷ কাম কৰা মানুহ কম৷ ৰাতিপুৱাৰ পৰা প্ৰায় তিনি শতাধিক ভোক্তভোগী ৰাইজ আহিছিল৷ কিন্তু সকলোকে পৰ্যাপ্ত সময় দিব পৰা নাই৷ পুৱা ১১ টাত আহিও বহুতে তিনিটা বজাতহে নিজৰ সমস্যাৰ সমাধান সূত্ৰ লাভ কৰিলে৷ দিনটোত সেইবাবে আমি ২ মিনিটৰ বাবেও জিৰাব পৰা নাছিলো৷ সন্ধিয়া ৬ বজালৈ আমি মোবাইলৰ টৰ্চ জ্বলাই ৰাইজৰ সমস্যাৰ সমাধানসূত্ৰ ওলোৱাৰ যত্ন কৰিছিলো৷ আমাৰ এই কামত মুৰব্বী অধ্যাপক তাইজুদ্দিন আহমেদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জাহিৰ আব্বাছ, বৰপেটা ন্যায়িক আদালতৰ অধিবক্তা শ্বাহজাহান আলী (মিতা), ফজলুল হক (মামা), APICRৰ সভাপতি আব্দুল্লাহ আহমেদ, উদিয়মান যুৱক নশ্বাদ আলী (গোৱৰ্দ্ধনা), সাইজুদ্দিন খন্দাকাৰ, জাহাংগীৰ আলমকে আদি কৰি কেইবাজনো যুৱকে আমাৰ এই সেৱা কেন্দ্ৰত উপস্থিত থাকি ৰাইজক সেৱা আগবঢ়ায়৷ 
অসমৰ সকলো অঞ্চললৰ পৰা ৰাইজৰ হকে কাম কৰা বহু মানুহৰ প্ৰয়োজন হৈছে৷ আৰ্তজনক সহায় কৰা মানুহৰ সংখ্যা দুৰ্ভাগ্যজনক ভাবে বহু পৰিমাণে কমি গৈছে৷ কিন্তু মানুহৰ সমস্যা বহু পৰিপাণে বাঢ়ি গৈছে৷ বিশেষকৈ দাবী প্ৰ-পত্ৰত উপযুক্ত নথি-পত্ৰ প্ৰদানৰ লগতে Page D ত আবেদনকাৰীৰ নাম এনআৰচিৰ পৰা কিয় বাদ পৰিছিল আৰু কিয় পুনৰায় অন্তৰ্ভূক্ত হ’ব লাগে সেই বিষয়বোৰ অতি সুক্ষ্ম ভাবে লিখিব লাগে৷ যাৰ বাবে প্ৰতিজন মানুহৰ নথি-পত্ৰ তন্ন তন্ন কৈ পৰীক্ষা কৰা প্ৰয়োজন৷ এটা কথা মনত ৰাখিব যে প্ৰতিজন বৈধ ভাৰতীয় নাগৰিকে দাবী (Claim) দাখিল কৰিবই লাগিব৷ অন্যথা জটিলতা আৰু আইনী মেৰ-পেচত পৰি ডি ভোটাৰৰ দৰে জমৰ যাতনা ভূগিব লাগিব৷ ইয়াৰ সমান্তৰালকৈ এনআৰচিৰ জৰিয়তে বিদেশী সমস্যাৰ স্থায়ী সমাধানসূত্ৰ আনিব নোৱাৰিলে অসমৰ সামগ্ৰীক উন্নয়ন আৰু প্ৰগতিও সম্ভৱ নহয়৷ সন্দেহ আৰু অবিশ্বাসৰ পৰিৱেশৰ পৰা মাতৃভূমিক ৰক্ষা কৰি সমন্বয়ৰ অসম গঢ়াৰ সপোন দেখা প্ৰতিজন নাগৰিকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজত নিঃস্বাৰ্থ সহযোগিতা আগবঢ়োৱা উচিত৷ 
লেখনীৰ আৰম্ভনীত উল্লেখ কৰা #NRChow2helpU হেসটেক ব্যৱহাৰ কৰি #NRC সম্পৰ্কে পৰামৰ্শ আৰু প্ৰশ্ন কৰিলেও উত্তৰ দিবলৈ যত্ন কৰা হ’ব৷ আপুনিও নিজৰ লগতে চুবুৰীয়াৰ সমস্যা আমাক জনাওক৷ হেসটেক ব্যৱহাৰ কৰি এনআৰচি সম্পৰ্কে নিজৰ মতামত আৰু ৰাইজৰ বাবে কৰা কামৰ বিষয়ে বা কাম কৰা ফটো ছ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ অনুৰোধ থাকিল৷

‘আহক সকলোৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত দুৰ্গত বৈধ ভাৰতীয় নাগৰিকক সহায় কৰো৷’

ধন্যবাদেৰে-
সাজাহান আলী আহমেদ
সাধাৰণ সম্পাদক, #APICR




Saturday, April 7, 2018

পৰিচালক মুনিন বৰুৱাদেৱ মৃত্যুত আমছুৰ গভীৰ শোক প্ৰকাশ
 অসমীয়া চিনেমা জগতত সদায়েই জিলিকি থাকিব এগৰাকী 'নায়ক' হৈঃ আমছু

৭ এপ্ৰিলঃ
অসমীয়া ছবিজগতৰ লগতে ভ্ৰাম্যমাণ জগতৰ এজন সফল নাট্যকাৰ, পৰিচালক তথা সাংস্কৃতিক জগতৰ ভোটাতৰা স্বৰূপ মুনীন বৰুৱা দেবৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে গভীৰ শোক প্ৰকাশ কৰে৷ অসমীয়া চিনেমাৰ বেয়া দিনৰ সময়ত যৌবনে আমনি কৰে চিনেমাখনে আশাৰ সঞ্চাৰ কৰিছিল৷ তাৰ কেইবছৰ মান পিছত মেৰী লস্কৰৰ (প্ৰযোজিকা) সাহসী প্ৰচেষ্টাত মুনিন বৰুৱা, জুবিন গাৰ্গ আৰু যতীন বৰা ত্ৰিমুৰ্তীয়ে এখনৰ পিছত আন এখন চুপাৰহিত ছবি ৰাইজক উপহাৰ দি অসমীয়া ছবিজগতৰ ধাৰা সলনি কৰি দিছিল। তেওঁৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰৰ বাবে এক দুঃখবৰ বুলি উল্লেখ কৰি এক শোকবাৰ্তাত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে— মুনিন বৰুৱা দেৱৰ মৃত্যুৱে অসমৰ অপূৰণীয় ক্ষতি কৰিলে৷ তেওঁ অসমীয়া চিনেমা জগতত এগৰাকী 'নায়ক' হৈ সদায়েই জিলিকি থাকিব উল্লেখ্য যে অসমীয়া ভাষাৰ ছবিৰ জনপ্ৰিয় তথা চলচ্চিত্ৰ নিৰ্মাতা মুনিন বৰুৱা দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি নিশা ১ বাজি ৫৫ মিনিটত গুৱাহাটীৰ নিজগৃহত ইহসংসাৰ ত্যাগ কৰে। মুনিন বৰুৱা এজন সফল নাট্যকাৰ তথা নাট পৰিচালক আছিল ৷ "প্ৰতিমা" পৰা আৰম্ভ কৰি শেহতীয়া "প্ৰিয়াৰ প্ৰিয়" লৈকে বহুকেইখন চিনেমা নিৰ্মান কৰা বৰুৱাদেৱৰ জনপ্ৰিয় চিনেমা সমুহৰ ভিতৰত পিতা পুত্ৰ, পাহৰি কন্যা,প্রভাতী পখীৰ গান,বোৱাৰী,কাল সন্ধ্যা,হিয়া দিয়া নিয়া,নায়ক,দাগ,বিধাতা,ৰং,অধিনায়ক বাৰুদ,কন্যাদান, দীনবন্ধু, ৰামধেনু আদি অসমীয়া চলচ্চিত্ৰৰ অনবদ্য সংযোজন। উল্লেখযোগ্য যে দীনবন্ধু চিনেমাই ৰাষ্ট্ৰপতি বটা আজুৰিবলৈ সক্ষম হৈছিল। ১৯৪৭ চনত সুমতাই গোলাঘাট জন্ম গ্ৰহণ কৰা মুনিন বৰুৱা আমাৰ বাবে অভিভাবক সদৃশ আছিল৷ ৰাজ্য চৰকাৰে তেখেতক যথোচিত সন্মান প্ৰদৰ্শন কৰাৰ বাবে আমছুৱে দাবী জনায়৷ 

Friday, April 6, 2018

Image result for rejaul karim sarkar
শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পবিত্ৰ অসম বিধান সভাৰ মজিয়াত "আৰবত অসমীয়া ভাষা পঢ়ালে অসমত আৰবী ভাষা পঢ়োৱাব" বুলি যি অদ্ভূদ আৰু চৰম সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি অসমৰ সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰি ভাঙি টুকুৰা টুকুৰ কৰিব বিচাৰিছে এই চৰম সাম্প্ৰদায়িক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে কঠোৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে৷ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে অসমৰ শিক্ষা মন্ত্ৰীৰ এনে অদ্ভুত যুক্তিয়ে বৃহত্তৰ অসমীয়া সমাজত বিৰূপ প্ৰভাৱ পৰাটো অৱধাৰিত বুলি উল্লেখ কৰাৰ লগতে এই বক্তব্যই শংকৰ-আজানৰ অসমত সংঘাতৰ সৃষ্টি কৰিব বুলি মত ব্যক্ত কৰে৷ আমছুৰ সভাপতি জনে কয়— আৰবী ভাষা কেৱল মুছলমানসকলৰ ভাষা নহয়, আৰবী বিশ্বৰ চহকী ভাষা-সাহিত্যসমূহৰ অন্যতম আৰু প্ৰাচীন ভাষা। বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফ মূলত আৰবী ভাষাত থকাৰ লগতে আৰবী ভাষাত এই গ্ৰন্থ অধ্যয়ন কৰিলে পূণ্য হয় বুলি বিশ্বাস কৰিয়েই মুছলমানসকলে এই ভাষা শিকাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ে৷ নিজৰ বিভাগসমূহত উন্নয়ন কৰিব নোৱাৰি শিক্ষামন্ত্ৰী গৰাকীয়ে অসমৰ মুছলমানসকলৰ মনত আঘাত দিয়াৰ বাবে এনে তুচ্ছ তাচ্ছিল্য কৰিছে বুলি উল্লেখ কৰাৰ লগতে অসমৰ শিক্ষা মন্ত্ৰীৰ মন্তব্যই তেখেতৰ কু-মানসিকতা আৰু ঠেক-সাম্প্ৰদায়িক চৰিত্ৰৰ প্ৰতিফলন ঘটা বুলি মত ব্যক্ত কৰে। আমছুৰ সভাপতি জনে ভাৰতৰ পৱিত্ৰ সংবিধানৰ ২৯ আৰু ৩০ অনুচ্ছেদৰ কথা উল্লেখ কৰি ভাৰতৰ সংখ্যালঘুসকলে নিজৰ ধৰ্মীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰিব আৰু ই সাংবিধানিক অধিকাৰ, এই অধিকাৰ খৰ্ব কৰিবলৈ হিমন্ত বিশ্ব শৰ্ম কোন বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে উন্নয়নৰ কাম বন্ধ কৰি মানুহৰ মাজত ভুল-বুজাবুজিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে ঠিকা লোৱা মন্ত্ৰীগৰাকীক মাৰ্জিত হ’বলৈ আহ্বান জনায়৷ অন্যথায় ইয়াৰ পৰিনাম ভয়াবহ হ’ব বুলি সকীয়াই দিয়ে৷ তেওঁ লগতে অসমৰ শান্তিপ্ৰিয় সৰ্বসাধাৰণ ৰাইজক হিমন্তৰ দৰে নিকৃষ্ট মানসিকতাৰ লোকৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰখাৰ বাবে আবেদন জনায়৷

ৰ’দৰ কোলাত মোৰ উলংগ দেহ


অসংখ্য কোলাহলৰ মাজত
জীৱনৰ ৰং বিচাৰি যাওঁ
নিৰাশাৰ চাদৰ মেৰিয়াই

এতিয়া ফাগুণ আৰু বসন্তবোৰ
নিসংগতাৰ অন্য নাম

বিবশ্ৰ হওঁতে এসময়ত লাজ লাগিছিল
এতিয়া সাধাৰণ অভ্যাসহে মাথো
-----------
তেওঁলোকে প্ৰতিদিনে মোৰ চোলা খুলে
লিৰিকি বিদাৰি চায় মোৰ শৰীৰৰ অঙ্গ
মোৰ পিঠিত হেনো কাঁটা তাৰৰ চিন বিদ্যমান
মই হেনো জিভা কটা নষ্ট মানুহ।

মূৰৰ জাপিখন . . .
মোৰ কান্ধৰ গামোছাখন বোলে তেওঁলোকৰ।

বালিবোৰ খান্দি আছো বহু দিনৰ পৰা
বিচাৰি মোৰ আদি পুৰুষৰ কংকাল
মোৰ পৰিচয় পোত খাই আছে শুকান বালিৰ তলত৷

তিৰাশীৰ ছাইবোৰ, চৌৰানব্বৈৰ ধোৱাবোৰ
একবিংশ শতিবাৰ কংকালবোৰ
ধুই নিছে নিষ্ঠুৰ বৰষুণ জাকে...

মোৰ মূল্যহীন আৰ্তনাদ শুনি 
অট্টহাস্য মাৰিবলৈ ৰজা নাই, জমিদাৰ নাই
শ্ৰেণী বিপ্লৱৰ সেই ধ্বজা নাই
‘নাঙল যাৰ, মাটি তাৰ’ ক’বলৈ ভাসানীও নাই,
ভণ্ডৰে ভৰি পৰিছে মোৰ চৌপাশ৷
মুখা পিন্ধা ভদ্ৰলোকবোৰে দৰ-দাম কৰিছে
মোৰ কলিজাৰ ৷
মই ৰ’দৰ কোলাত সমৰ্পণ কৰিছো মোৰ উলংগ দেহ
আৰু তেওঁলোকে কাঢ়িলৈছে মোৰ অন্ন, বস্ত্ৰ, বাসস্থান....৷

Thursday, March 22, 2018

ডিটেনশ্বন কেম্প

তোমাক পেটত লৈ মহিলাজনীয়ে
লাজে-ভয়ে খোজ কাঢ়িছিল মানুহৰ মাজত
তোমাক জন্ম দিয়াৰ বাবে এজন পুৰুষে
ঔৰসত জমা কৰিছিল শক্তি

তুমি সূৰ্যৰ মুখ দেখি কান্দিছিলা
তেওঁলোকে হাঁহিছিল৷
তুমি খোজকাঢ়িব শিকিছিলা
কথা ক’বলৈ শিকিছিলা
আৰু গান গাইছিলা ফাগুণ-বসন্তৰ৷

তুমি সপোন দেখিছিলা নাগৰিকৰ দৰে
অন্ন, বস্ত্ৰ, বাসস্থানৰ৷

সপোন কুঁৱৰীৰ মায়াবী চকুত
তুমি হেৰুৱাব খুজিছিলা মতলীয়া বসন্ত . . .
তোমাৰ হেঁপাহৰ নাওখনি বাই যোৱাৰ কথা আছিল
লুইতৰ বুকুৰে আলোকৰ যাত্ৰালৈ

তোমাৰ বীৰ্যই নাম পোৱাৰ সপোন আছিল তোমাৰ
কিন্তু সেইবোৰ বিষাক্ত বতাহে হানি-খুচি হত্যা কৰিলে
দিনৰ পোহৰত, সকলোৰে সন্মুখত৷

তোমাৰ অপেক্ষাত যেতিয়া ৰৈ আছিল
এন্ধাৰ কোঠালি এটা
এদিন তুমি নজনাকৈয়ে
হেৰুৱাই পেলাইছিলা তোমাৰ ঠিকনা৷
তেওঁলোকৰ লগত তোমাৰ তেজৰ কোনো পাৰ্থক্য নাছিল
কিন্তু তেওঁলোকে আকাশখন ভাল পায়
তেওঁলোকে খবৰ ৰাখিব পাৰে শৰৎ, হেমন্ত, শীত আৰু বসন্তৰ৷

তোমাৰ লগত যে চকুলোৰ নদী বোৱায় ‘লতিফ চাচা’
তেওঁৰ পুত্ৰয়ো গান গাব শিকিছে
জাতীয় সংগীত গাই পুৰষ্কাৰ বুটলিছে তেওঁৰ নাতিনীয়ে
‘খালেক’ৰ কণমানিজনীয়ে খোজ কাঢ়িব শিকিছে
ফুটা-নুফুটা মাতেৰে
‘দেউতা’ বুলি মাতিবলৈ
তেওঁলোক যে আজি কাষত নাই
কাৰণ তোমাৰ দৰে
তেওঁলোকৰো ঠিকনা এতিয়া ‘ডিটেনশ্বন কেম্প’৷


Monday, February 26, 2018


       ১২ জানুৱাৰী, ২০১৮ত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ এক বৈঠকে লােৱা সিদ্ধান্ত অনুসৰি বিটিচি অঞ্চলত সংৰক্ষিত শ্ৰেণীৰ মর্যাদা সহকাৰে দীৰ্ঘদিন ধৰি বসবাস কৰি অহা জনগােষ্ঠীসমূহে তেওঁলােকৰ বিশেষাধিকাৰ হেৰুৱাব লাগিব। অর্থাৎ তেওঁলােকে অঞ্চলটোত মাটি বেচা-কিনাৰ ক্ষেত্ৰত ইমানদিনে ভােগ কৰি অহা অধিকাৰ আৰু ভােগ কৰিব নােৱাৰিব। পৰিষদে গ্ৰহণ কৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ উদ্দেশ্যে প্রয়ােজনীয় অধিসূচনা অতিশীঘ্ৰেই আনুষ্ঠানিকভাৱে জাৰি কৰা হ’ব বুলি জানিব পৰা গৈছে। পৰিষদৰ কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ প্ৰতিলিপি ফাদিল হোৱাৰ পিছতেই বিটিচিত বসবাস কৰি থকা অবড়ো লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ 
সিদ্ধান্তৰ প্ৰতিলিপি-১

সিদ্ধান্তৰ প্ৰতিলিপি-২ 

         সভাই-সমিতিয়ে বিটিচিত বসবাস কৰি থকা সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন আৰু সম অধিকাৰৰ শ্ল’গান আওৰাই হাগ্ৰামা মহিলাৰীয়ে মাথো ভোট সংগ্ৰহৰ নিকৃষ্ট ৰাজনীতি কৰি আহিছে৷ হাগ্ৰামা মহিলাৰীয়ে কৌশলগত ভাবে বিটিচি গঠন হোৱাৰ বহু বছৰ আগৰ পৰা বসবাস কৰি থকা থলুৱা লোকসকলৰ সকলো অধিকাৰ কাঢ়ি নিয়াৰ বাবে কূটিল ষড়যন্ত্ৰ আৰম্ভ কৰিছে আৰু শেহতীয়াকৈ অবড়ো জনসাধাৰণৰ ভূমিৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক যিকোনো মূল্যৰ বিনিময়ত বাধা প্ৰদান কৰিব নোৱাৰিলে যুগ যুগ ধৰি বিটিচিত বসবাস কৰি থকা অবড়ো লোকসকলে সাংবিধানিক সকলো অধিকাৰৰ পৰা বঞ্চিত হৈ মাথো কাম কৰি খোৱাৰ আৰু থকাৰ অধিকাৰ লাভ কৰিব৷ কিন্তু যি হাৰে বিটিএডি অঞ্চলত অত্যাচাৰ সংঘটিত হয় তাৰ পৰা সাধাৰণতেই অনুমান কৰিব পাৰি যে এই অঞ্চলৰ পৰা ক্ৰমাৎ অবড়ো লোকক বহিষ্কাৰ কৰাৰ বাবে একাংশ বড়ো নেতৃত্বই ৰাজনৈতিক কৌশল গ্ৰহণ কৰিছে আৰু প্ৰতিটো কৌশল বাস্তবায়িত কৰি আহিছে৷ ফলত সময়ে সময়ে বিটিচিত ভাতৃঘাতি সংঘাট সৃষ্টি হৈ আহিছে, গণতান্ত্ৰিক আন্দোলন কৰা লোকক হত্যা, দমন কৰি ৰখা হৈ আছে৷ এইখিনিতে মন কৰিব লগা কথাটো হ’ল অশান্তি জৰ্জৰ বিটিচিত ক্ৰমাৎ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে যদিও এই পৰিৱেশ বিঘ্নিত কৰি হাগ্ৰামা মহিলাৰীয়ে বড়ো-অবড়োৰ মাজত পুনৰায় সংঘাতৰ সৃষ্টি কৰি ৰাজনৈতিক মোনাফা লাভ কৰিবলৈ উঠি-পৰি লাগিছে৷ বিটিচিৰ সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়ন আৰু সম অধিকাৰ প্ৰদান নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়া গণ সংগঠন, ছাত্ৰ সংগঠন আৰু প্ৰতিবাদী জনতাক প্ৰতিৰোধ কৰাৰ বাবে শাসকীয় দলটোৱে কূটিল ষড়যন্ত্ৰ যে হাতত নল’ব সেই কথা নুই কৰিব নোৱাৰি৷ ইতিমধ্যে এক বিবৃতি যোগে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক অচিৰেই ভূমি নীতি সন্ধৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে প্ৰত্যাহ্বান জনাইছে৷ 
         উল্লেখযােগ্য যে বড়ােসকলৰ লগতে বি টি এ ডিত বসবাস কৰা সকলাে জনগােষ্ঠীকে সম অধিকাৰ প্ৰদান কৰাৰ লক্ষ্যৰে ২০০৩ চনত বি টি চি গঠন কৰা হৈছিল সেইমতে বড়ােসকলৰ উপৰিউক্ত অঞ্চলত বসবাস কৰা আন জনগােষ্ঠী ক্ৰমে কোচ ৰাজবংশী, চাওতাল, নেপালী আৰু নাথ যােগীসকলক সংৰক্ষিত জনগােষ্ঠী হিচাপে স্বীকৃতি দিয়া হৈছিল। ১৯৯০ চনত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে সেই সময়ৰ বড়ােলেণ্ড স্বায়ত্তশাসিত পৰিষদ (বি এ চি)ৰ মুখ্য কাৰ্যবাহী সদস্য প্রেমসিং ব্ৰহ্মই বি এ চিত উক্ত জনগােষ্ঠীকেইটাত সংৰক্ষিত শ্ৰেণী হিচাপে ঘােষণা কৰি ভূমিৰ অধিকাৰ প্ৰদান কৰিছিল। সেই অনুসৰি বি টি এ ডিৰ উক্ত জনগােষ্ঠীকেইটাই আছাম লেণ্ড ৰেভিনিউ ৰেগুলেচন এক্ট ১৮৮৬’ অনুসৰিয়ে সকলাে সুবিধা লাভ কৰি আহিছিল। কিন্তু এতিয়াৰ বি টি এ ডি প্ৰশাসনে অঞ্চলটোত সংৰক্ষিতৰ মর্যাদা লাভ কৰি থকা এই জনগােষ্ঠীবােৰৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। পূৰ্বে বি টি এ ডিত সকলােধৰণৰ ভূমি ক্রয়-বিক্রয় বা হস্তান্তৰ কৰিব পাৰিছিল যদিও যােৱা ১২ জানুৱাৰীত হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ কেবিনেট বৈঠকত ভূমি-ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে ভূমিৰ হস্তান্তৰৰ প্ৰস্তাৱটো উত্থাপন কৰে আৰু বৈঠকত প্ৰস্তাৱ সমন্বিতে গােটেই বিষয়টো আলােচনা কৰি সংৰক্ষিত শ্ৰেণীৰ লােকসকলৰ সংৰক্ষণ বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত ভূমি ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগক পদক্ষেপ ল’বলৈও বৈঠকে নির্দেশ দিয়ে। এই সিদ্ধান্ত কাৰ্যকৰী হ’লে এই জনগােষ্ঠীবােৰে ভূমি কিনাবেচাৰ ক্ষেত্ৰত ইমানদিনে লাভ কৰি অহা অধিকাৰ হেৰুৱাব লাগিব। অর্থাৎ তেওঁলােকে বি টি এ ডিত বড়াে জনগােষ্ঠীৰ লােকৰ পৰা ভূমি ক্ৰয় কৰিব নােৱাৰিব। আনকি এই জনগােষ্ঠীবােৰে নিজৰ মাজত ভূমি কিনা-বেচা কৰিলেও পৰিষদৰ অনুমতিসাপেক্ষেহে কৰিব পাৰিব। স্বাভাৱিকতে প্রশাসনৰ এই সিদ্ধান্তই বি টি এ ডিত বসবাস কৰা উক্ত জনগােষ্ঠীসকলক ক্ষুব্ধ কৰি তুলিছে। কিয়নাে ১২ জানুৱাৰীত গ্ৰহণ কৰা এই সিদ্ধান্তৰ আনুষ্ঠানিক প্ৰস্তাৱত মহিলাৰীয়ে যােৱা ৩১ জানুৱাৰীত স্বাক্ষৰ কৰিছিল। লগতে সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ প্ৰয়ােজনীয় অধিসূচনা জাৰি কৰিবলৈও নির্দেশ দিছে। এতিয়া এই অধিসূচনা জাৰি কৰাৰ পিচতেই নতুন নিয়ম বলৱৎ হ’ব আৰু ইয়াৰ ফলত উক্ত জনগােষ্ঠীৰ লােকসকলে ভূমিৰ ক্ষেত্ৰত পূৰ্বৰ দৰে লাভ কৰা অধিকাৰৰ পৰা বঞ্চিত হ’ব লাগিব। ৰাজ্যখনত ক্ষমতাত থকা একে। দলৰ চৰকাৰে ৰাজ্য চৰকাৰক একাষৰীয়া কৰি বি টি চিত কেনেদৰে এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই লৈও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে সকলাে জনগােষ্ঠীকে সমান অধিকাৰ প্ৰদান কৰাৰ কথা হাগ্ৰামা মহিলাৰীয়ে সভাই-সমিতিয়ে কৈ আহিলেও এতিয়া অধিকাৰ লাভৰ ক্ষেত্ৰত বি টি এ ডিত বড়াে আৰু অবড়ােৰ মাজত বৈষম্য অনা বুলিও অভিযােগ উঠিছে। বি টি এ ডিত বসবাস কৰা অবড়াে লােকসকলৰ অধিকাৰ ক্ৰমাগতভাৱে কৰ্তন কৰি প্ৰশাসনে বড়ােলেণ্ড গঠনৰ দিশত এখােজ এখােজকৈ আগবাঢ়িছে।
         ইফালে ২০১৪ চনৰ লোক সভা নিৰ্বাচনত পুতৌ লগা ধৰণে মুখথেকেচা খোৱাৰপিছত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলটোৰ শক্তিশালী নেত্ৰী তথা অসমৰ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই উত্তেজিত ভাষণ দিয়াৰ পিছতেই কোকৰাঝাৰ জিলাৰ বালাপাৰা, বাক্সা জিলাৰ নৰশিংবাৰী আৰু নাৰায়ণগুৰিত অৰ্ধশতাধিক শিশু, আবাল, বৃদ্ধ-বনিতাক দিনৰ পোহৰত বৰ্বৰ ভাবে হত্যা কৰিছিল৷ এই হত্যাকাণ্ডৰ লগত প্ৰাক্তন বিএলটি তথা বনকৰ্মীকল জড়িত আছিল বুলি প্ৰত্যক্ষদৰ্শীসকলে সাক্ষ্য প্ৰদান কৰাৰ পিছতো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিয়েই ক’ব পাৰি৷ তাৰ পিছৰ সময়ছোৱাত ২০১৫ চনত বিটিচিৰ পৰিষদীয় নিৰ্বাচনত অবড়োসকলে ঐক্যবদ্ধ ভাবে সংগ্ৰাম কৰি হাগ্ৰামা মহিলাৰীৰ দলক সংকটত পেলাইছিল৷ ফলত মুঠ চল্লিচখন আসনৰ ৩৫ খন দখল কৰি থকা দলটোৱে ২০ খন আসনত সীমাবদ্ধ হৈ থাকিব লগা হৈছিল৷ বিটিচিত পৰিষদীয় চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই বিপিএফ দলটোৱে বিভিন্ন প্ৰলোভনৰ ৰাজনীতি অব্যাহত ৰখাৰ সমান্তৰালকৈ দমনৰ ৰাজনীতিও অব্যাহত ৰাখিছে৷ বিভিন্ন আঁচনিৰ ধন আত্মহাৎ কৰাৰ পৰা আৰম্ভ কৰি বৃহৎ বৃহৎ দুনীৰ্তি অব্যাহত ৰাখিছে৷ শাসকীয় দলটোৱে বিটিচিত বসবাস কৰি থকা ১৭ শকাংশ ধৰ্মীয় সংখ্যালঘুলোকক আকৰ্ষিত কৰি ৰখাৰ বাবে পূৰ্বে নথকা দলটোৰ সংখ্যালঘু কোষ গঠন কৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমাধান কৰাৰ ভূৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে৷ 
         শেহতীয়াকৈ নিজৰ স্বৰূপ উদঙাই দিয়া হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলত অন্ধৰ দৰে ‘হয় হুজুৰ’ মনোভাবেৰে নিৰ্লজ্ব ভাবে চোৱা চেলেকা অবড়ো নেতৃত্বই অনাগত সময়ত কি স্থিতি গ্ৰহণ কৰে সেয়া নিশ্চয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব৷ 

Monday, February 12, 2018

গুৱাহাটী বিশ্ববিদ্যালয়ক অসমৰ বৌদ্ধিক কেন্দ্ৰ বুলি বিবেচনা কৰা হয়৷ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমিকা অতুলনীয়৷ ইয়াৰ পৰাই আৰম্ভ হয় প্ৰতিটো শুভ কাম৷ গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত ব্যক্তিসকলে সেইবাবে সকলো স্থানতেই সন্মান লাভ কৰে৷ আমাৰ শিক্ষা গুৰুসকলে অস্বীকাৰ কৰিলেও আজিৰ প্ৰগতিশীল নৱ প্ৰজন্মই তেওঁলোকক আদৰ্শ হিচাপে লৈ চলিবলৈ যত্ন কৰে৷ মোৰো কেইবাজনো প্ৰিয় ব্যক্তি গুৱাহাটী বিশ্ববিদ্যলয়ত শিক্ষাদানৰ লগত জড়িত৷ এই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যত কালিমা সানি এগৰাকী সাম্প্ৰদায়িক ব্যক্তিয়ে অসমৰ পিতৃপুৰুষক চৰম অপমান কৰিলে৷ তথাপিও আমিবোৰে নিৰৱতা অৱলম্ভন কৰিলো৷ আৰএছএছৰ হাতত বিক্ৰী যোৱা অসমৰ তথাকথিত জাতীয়তাবাদ আৰু জাতীয় নায়কেও নিৰৱে-নিৰ্লজ্জ ভাবে সকলো কথা সমৰ্থন কৰিলে৷ যিসকল লোকক আমি সদায় সন্মান কৰো সেইসকল উপাচাৰ্যয়ো কৃষ্ণ গোপাল নামৰ বিকৃত মানসিকতাৰ ব্যক্তিক সমৰ্থন কৰি আমাক লজ্জানত কৰিলে৷ সকলোৱে জানে যে সভাখনত—
মহাপুৰুষ শংকৰদেৱে অসমৰ বাবে একো লিখা নাছিল, ভাৰতৰ বাবেহে লিখিছিল৷ বৰগীত নহয়, ভজনহে লিখিছিল শংকৰদেৱে ৷ 
সুধাকন্ঠই কেৱল গংগাক লৈহে গীত লিখিছিল, লুইতক লৈ নহয়৷ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমখনক ৰক্ষা কৰিছিল৷— এনে ধৰণৰ কিছুমান উদ্ভট মন্তব্যৰে গুৰুজনাৰ লগতে ভুপেন দাকো অপমান কৰি থৈ গ’ল কৃষ্ণ গোপাল নামৰ এজন আৰএছএছ নেতাই(?) ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন সভাত খোদ মুখ্যমন্ত্ৰীৰ লগতে ভালেকেইগৰাকী শিক্ষাবিদ তথা বুদ্ধিজীৱীৰ উপস্থিতিত এনেধৰণৰ কথা কৈ গ’ল অথচ কাৰো সৎ সাহস নহ’ল ইয়াৰ প্ৰতিবাদ কৰিবলৈ ৷
শেহতীয়াকৈ এই বিষয়টো লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ প্ৰগতিশীল ছাত্ৰ-ছাত্ৰীয়ে সামান্য পৰিমাণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ 
এই ক্ষেত্ৰত মন কৰিব লগীয়া যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ লগত সংগতি ৰাখি দিল্লীত অনুষ্ঠিত এখন সভাত এগৰাকী বক্তাই বক্তব্য দিয়াৰ সময়ত মাথো উপস্থিত থকাৰ অপৰাধত (যদিও তেখেতে প্ৰতিবাদ কৰিছিল) অসমৰ স্বনামধন্য বুদ্ধিজীৱী, বৌদ্ধিক আন্দোলনৰ পিতামহ হীৰেণ গোহাই ছাৰক হেয় প্ৰতিপন্ন কৰাৰ বাবে একাংশ সংবাদ মাধ্যমে যৎপৰনাস্তি চেষ্টা চলাইছিল৷ অধিকাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম উত্তপ্ত কৰি অপমানসূচক মন্তব্য, বক্তব্য প্ৰকাশ কৰা হৈছিল৷ আনকি তেখেতক অসম আৰু অসমীয়াৰ সত্ৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত অৱত্তীৰ্ণ হৈছিল একাংশ নিকৃষ্ট আৰু সাম্প্ৰদায়িক মানসিকতাৰ লোকে৷ এটা কথা ঠিক যে অসম আৰু অসমীয়া জাতীয়বাদক বহু পূৰ্বেই দিল্লীয়ে নিয়ন্ত্ৰণ কৰাৰ যি অপচেষ্টা অব্যাহত ৰাখিছিল সেই অপচেষ্টাক চেষ্টাৰ ৰূপ দিয়াই নহয় বাস্তবায়িত কৰাৰ বাবে বৰ্তমানে অসমৰ জাতীয় নায়কে যে উলঙ্গ হৈ নাচিছে সেই কথা শেহতীয়া কৰ্ম-কাণ্ডৰ পৰাই বুজিব পাৰি৷

মোৰ স্পষ্ট মত— অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সৰ্বাধিক কষ্ট স্বীকাৰ কৰা, অসমীয়া জাতিৰ ভেটি নিৰ্মাতা মহাপুৰুষ শংকৰ দেৱৰ মহান সৃষ্টিৰাজিক বিকৃত ৰূপ দিয়াৰ পিছতো যদি কাৰো গাৰ তেজত জোকাৰণি অনুভৱ নকৰে তেন্তে তেওঁ অসমীয়া হৈ থকাৰ নৈতিক অধিকাৰ হেৰাই পেলাব৷

Wednesday, February 7, 2018

Related image ১৯৮৪ চনত ইন্টাৰনেটে আত্ম প্ৰকাশ কৰাৰ পিছত নাটকীয় ভাবে বিশ্বৰ পট পৰিৱৰ্ত্তন হোৱা পৰিলক্ষিত হৈছে। ইন্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিগত তিনিটা দশক আছিল অতিকৈ উল্লেখযোগ্য। ইন্টাৰনেটে নিৰ্ধাৰণ কৰিছে কেনেদৰে আমি বজাৰ কৰিম, কেনেদৰে যোগাযোগ কৰিম, কেনেদৰে আমি বিনোদন কৰিম, কেনেদৰে আমি বিশ্বৰ খবৰ সংগ্ৰহ কৰিম। শেহতীয়াকৈ ছ’ছিয়েল মেডিয়াই জনপ্ৰিয়তা লাভ কৰাৰ পিছত মানুহে প্ৰতিটো সৰু-বৰ কথা বা খবৰ ক্ষন্তেকৰ ভিতৰতে পাবলৈ সক্ষম হৈছে। পূৰ্বতে আমেৰিকাৰ দৰে ধনী দেশৰ বাবে দেশৰ প্ৰতিটো কথা ক্ষন্তেকৰ ভিতৰতে জনাটো সম্ভৱ আছিল যদিও বৰ্তমান সমগ্ৰ বিশ্বই ইন্টাৰনেটৰ সহায়ত এই লাভ পাবলৈ সক্ষম হৈছে। এই সম্পৰ্কে স্পষ্ট ধাৰণা এটা পাবলৈ হ’লে উল্লেখ কৰিব লাগিব যে স্মাৰ্ট ফোনৰ গৰাকীসকলক বাদ দি বৰ্তমান বিশ্বৰ প্ৰায় ৬০ শতাংশ মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰে আৰু প্ৰত্যেকে গঢ়ে প্ৰতিদিনে প্ৰায় ৩ ঘন্টাকৈ ইন্টাৰনেটৰ সুবিধা গ্ৰহণ কৰে।  ১৯৯৩ চনত সমগ্ৰ বিশ্বতেই সৰ্বমুঠ ৱেব ছাইট আছিল মাথো ১৩০ টা ২০১২ চনত এই সংখ্যাই আকাশ চুই ৬৩৪ বিলিয়ন হ’লগৈ।
বিশ্বৰ এই গতিৰ সমান্তৰালকৈ আমি অসমৰ মানুহে আশানুৰূপ আগবাঢ়িব পৰা নাই। সৌ সিদিনালৈকে ৱেবছাইট নাইবা ইন্টাৰনেটত অসমীয়া লিপি বা ভাষা বিচাৰি পোৱা দুৰূহ আছিল। শেহতীয়াকৈ অসমৰ কেইজনমান যুৱকৰ প্ৰচেষ্টাৰ ফলত এই কাম সাধ্য হৈছে। তথাপিও অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত ইন্টাৰনেটত যথেষ্ট সীমাবদ্ধতা আছে। 
সিযিকি নহওঁক, আমি জানো যে ভাৰতীয় গণতন্ত্ৰ মূল চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। ন্যায় পালিকা, কাৰ্য পালিকা, বিধান মণ্ডল আৰু সংবাদ মাধ্যম। এই সংবাদ মাধ্যমে নিজৰ দায়িত্ব ঠিক মতে পালন নকৰিলে গণতন্ত্ৰত ঘূণে ধৰিব। সংবাদ, সাংবাদিকে সমাজ এখনক প্ৰগতিৰ পথত যেনেদৰে আগুৱাই লৈ যাব পাৰে একেদৰে এন্ধাৰৰ ফালেও ঠেলি দিব পাৰে। সংবাদ মাধ্যম অথবা¸ সাংবাদিকে নিৰপেক্ষতাৰ পৰা ফালৰি কাটিলে সমাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। দুৰ্ভাগ্যজনক ভাবে দেখা গৈছে ভাৰবৰ্ষৰ বহু এনে সংবাদগোষ্ঠী আছে যিসকল মুঠেই নিৰপেক্ষ নহয়। একাংশ সংবাদ মাধ্যমে ৰাইজৰ পক্ষত থকাৰ দোহাই দি সাম্প্ৰদায়িক আৰু ভুল বুজাবুজিৰ সৃষ্টিকাৰীসকলৰ লগত একাকাৰ হৈ পৰিছে। ইয়াৰ কাৰণো আছে। সংবাদ মাধ্যম আৰু সাংবাদিক বহুতেই কোনোবা মালিকৰ গোলাম অথবা মুদ্ৰাৰ প্ৰীতিত স্বকীয়তা জলাঞ্জলি দিবলৈ বাধ্য হোৱা বুলি বহুতেই ক’ব খোজিলেও সঁচা কথাটো এই যে, বাধাবিহীন ভাবে সংবাদ মাধ্যম এটাই আগবাঢ়ি যাবলৈ এশ এবুৰি সমস্যাই আগুৰি ধৰে। সমস্যাসমূহৰ মাজত অৰ্থৰ সমস্যাই আটাইতকৈ বৃহৎ। তাৰ পিছত সংবাদ সংগ্ৰহ আৰু মানুহৰ মাজলৈ ইয়াক লৈ যোৱাৰ প্ৰসঙ্গ। আৰু এই সকলোবোৰ কথা প্ৰভাবিত কৰে টকাই। অৰ্থ বা টকা অবিহনে কাকত বা বৈদ্যুতিন মাধ্যম চলাই লৈ যোৱা কিমান কঠিন এই যন্ত্ৰণাৰ সমভাগীসকলে বুজি পাব। শুদ্ধ আৰু নিৰপেক্ষ বাতৰিৰ প্ৰতিশ্ৰুতিৰে আত্মপ্ৰকাশ কৰা বহু সংবাদ মাধ্যম শেষত সংকটৰ মোকাবিলা কৰিব নোৱাৰি হয়তো কলিতে মৰহি যায় অথবা নিজৰ নীতি-আদৰ্শৰ পৰা ফালৰি কাটি যায়। ফলত সংবাদ মাধ্যমৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থা আৰু বিশ্বাস ক্ৰমাৎ নাইকীয়া হৈ পৰিব ধৰিছে। 
‘সংবাদ প্ৰহৰী’ এই ক্ষেত্ৰত ব্যতিক্ৰম। ‘সংবাদ প্ৰহৰী’ নামৰ ৱেব মিডিয়াখনে অসমৰ সংবাদ জগতৰ লগত জৰিত এটা প্ৰতিষ্ঠিত নাম। এই ‘সংবাদ প্ৰহৰী’ প্ৰথমে সাপ্তাহিক হিচাপে বৰপেটা জিলাৰ হাউলীৰ পৰা প্ৰকাশ পাইছিল আৰু পৰৱৰ্ত্তী সময়ত বৰপেটাৰোডৰ পৰা প্ৰকাশিত হৈছিল। সম্পূৰ্ণ নিজৰ মতে চলা আৰু নিজৰ সিদ্ধান্ত নিজে ল’ব পৰা মাথো এজন মানুহে এই সংবাদ মাধ্যমখন জীয়াই ৰাখিছে। অসংখ্য ঘাত-প্ৰতিঘাতৰ মাজেৰে সংবাদ প্ৰহৰী সাপ্তাসিক হিচাপে প্ৰকাশ পাইছিল। অৰ্থ সংকটে সাপ্তাহিকখনৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকক বাৰে বাৰে নিজৰ পথৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিও হাৰ মনাব পৰা নাছিল। তেওঁ ‘কৰিমেই, যি হয় হ’ব’ বুলি সদায় মনোবলেৰে আগবাঢ়ি গৈছিল। 
স্মৃতি আওৰাই থকাৰ বয়স যদিও হোৱা নাই তথাপিও এই ছেগতে কিছু কথা প্ৰকাশ কৰিব লাগিব। মই সদায় এটা কথা বিশ্বাস কৰো আৰু বিভিন্ন সভাতো কওঁ যে, আমাৰ পূৰ্বজসকলে বহু ভুল কৰি থৈ গ’ল, আমি তেওঁলোকৰ পদাংক অনুসৰণ কৰিলে নহ’ব, সেইবোৰ সুধৰাব লাগিব। আমি প্ৰগতিশীল চিন্তাৰে আগবাঢ়িব লাগিব। আমি বহুত বেছি কাম কৰিব লাগিব। জাতীয় অগ্ৰগতি লাভৰ বাবে প্ৰকৃতাৰ্থত সকলো দিশ সামৰি সংগ্ৰাম কৰিব লাগিব। অধিকাংশ সংবাদ মাধ্যম যেতিয়া নিজৰ কৰ্তব্যৰ কথা পাহৰি পেলাইছে সেই সময়ত ৰাইজৰ মাজলৈ শুদ্ধ আৰু সঠিক তথ্যবোৰ লৈ যাব লাগিব, এইটোও সংগ্ৰামৰেই এটা অংশ। 
সংবাদ প্ৰহৰীৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হক ডাঙৰীয়াৰ লগত মোৰ ২০১২ চনত প্ৰথম সাক্ষাৎ হৈছিল। তেওঁৰ জৰিয়তেই মই সংবাদ জগতৰ লগত পৰিচয় লাভ কৰিব পাৰিছিলো। তেওঁ কিবা এটা ব্যতিক্ৰম চিন্তা কৰিব পাৰে বুলি জানিছিলো। কাৰণ তেওঁ যেতিয়া ‘ছেভ’ নামৰ বেচৰকাৰী সংস্থা এটা খুলিছিল তেতিয়া তেওঁ বৰপেটাৰোডত এখন ভাড়াঘৰত থাকে। মই তেওঁৰ লগত ছাঁৰ দৰে লাগি থাকো। মই তেওঁৰ পৰা বহু শিকিব লগা আছিল। বহু কথা শিকিছিলো। ‘ছেভ’ৰ উদ্যোগত আমি প্ৰথমে স্মৃতিচাৰণ সভা এখন কৰিছিলো। তেতিয়াই তেওঁ প্ৰকাশ কৰিছিল ‘ছেভ’ৰ জৰিয়তে তেওঁ কাকত ওলাব, বিদ্যালয় খুলিব, ফিল্ম প্ৰস্তুত কৰিব ইত্যাদি। কথাবোৰ তেতিয়া মানিবলৈ কঠিন আছিল। কাৰণ তেতিয়া প্ৰায়ে সাহিত্যিক হাইদৰ হুছেইনৰ আত্মজীৱনীৰ পাতৰ কথাবোৰ আমাৰ জীৱনত প্ৰতিফলিত হোৱা দেখা পাইছিলো। এক কথাত এক কেজি চাউলৰ চিন্তা মূৰৰ পৰা আঁতৰাব পৰা সক্ষমতা আমি দুটাৰ নাছিল। তাৰ মাজতো মনোবল দৃঢ় আছিল। কিছুদিন পিছত তেওঁ বৰপেটাৰোডৰ পৰা হাউলী লৈ স্থানান্তৰিত হ’ল।  যদিও সকলোকে আচৰিত কৰি হঠাৎ এদিন খবৰ পালো যে তেওঁৰ অক্লান্ত প্ৰচেষ্টাত হাউলীৰ পৰা সাপ্তাহিক ‘সংবাদ প্ৰহৰী’ প্ৰকাশ পাই আছে। 
কিছুদিন পিছত তেওঁ হাউলীৰ পৰা পুনৰ বৰপেটাৰোডলৈকে স্থানান্তৰিত হ’ল। তেওঁৰ সহধৰ্মীনী ছৈয়দ ছানিয়াৰা পাৰবিনে চিলাই প্ৰশিক্ষণ কেন্দ্ৰ খুলিলে। আমি পুনৰ এখন কাৰ্যালয় লৈ সংবাদ প্ৰহৰীৰ কাম কৰিবলৈ ল’লো। কিছুদিন ভালদৰে চলিল। কিন্তু বাৰে বাৰে অৰ্থ সংকটে আমাক বিকল্প চিন্তা কৰিবলৈ সদায় বাধ্য কৰাইছিল। ঘটনাক্ৰমত আমাৰ যোগাযোগ হৈছিল তেতিয়া কলগাছিয়াত বাসকৰা মইন উদ্দিন দাৰ লগত। তেওঁৰ লগত আলোচনা কৰি আমি ইন্টাৰনেটৰ প্ৰশিক্ষণ শিবিৰ এটা মুকলি কৰিলো। শিবিৰৰ পৰা আমাৰ ব্যৱসায়িক ভাবে লোকচান হ’ল যদিও তাৰ পৰা আমাৰ এটা নতুন চিন্তা কৰিব পৰা দিশ উলাল। ছৈয়দ বুলবুল জামানুৰ হক ডাঙৰীয়াই সদায় এটা কথা কৈছিল যে আমি এটা ‘নিউজ ষ্টৰেজ’ বনাব লাগে য’ত অসমৰ প্ৰতিটো বাতৰি পোৱা যাব, যাৰ পৰা আমি প্ৰয়োজন সাপেক্ষে বাতৰি কাকতক যোগান ধৰিব পাৰিম। সেই চিন্তা বাস্তবায়িত কৰা আমাৰ বাবে বহু কঠিন কাম আছিল যদিও ইন্টাৰনেটৰ সহায়ত বাতৰি যোগান ধৰাৰ পথ লাভ কৰিলো। প্ৰথমে অসমীয়া, ইংৰাজী আৰু বাংলা ভাষাত একেলগে www.neonline.in মুকলি কৰিলো। তাৰ পিছত জামানুৰ ডাঙৰীয়াই তেওঁৰ সংবাদ প্ৰহৰীক ৱেব মেডিয়ালৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেতিয়াৰ পৰা আৰম্ভ হ’ল এক নতুন যাত্ৰা। কেইমাহমান এই ৱেব মেডিয়াৰ চূড়ান্ত ৰূপ দিয়াত পাৰ হ’ল। শেষত তেওঁ গুৱাহাটীত থাকি সংবাদ সেৱা কৰাৰ সিদ্ধান্ত ল’লে। সেই সিদ্ধান্ত মৰ্মেই আজি এবছৰ পাৰ হ’ল।
তৃতীয় বৰ্ষপূৰ্ত্তিৰ এই শুভক্ষণত সত্য আৰু ন্যায়ৰ সপক্ষে আপোচহীন যাত্ৰা অব্যাহত থকা সংবাদ প্ৰহৰীৰ উজ্জল ভৱিষ্যত কামনা কৰিলো।

Monday, February 5, 2018

       
        সমাজ সংস্কাৰ কৰিবলৈ চেষ্টা কৰা লোকসকলে বাৰম্বাৰ মুখথেকেচা খালেও নিজৰ নীতি-আদৰ্শৰ পৰা বিচলিত হোৱা নাই। যাৰ ফলতেই অৱশিষ্ট অসমৰ ভাতৃত্ববোধ এতিয়াও বৰ্তি আছে। অসমৰ সকলো সম্পদ দিল্লীৰ নিয়ন্ত্ৰণাধীন হোৱাৰ পিছত অসমীয়া জাতীয়তাবাদকো দিল্লীৰ নিয়ন্ত্ৰণত ৰাখিবলৈ তৎপৰ হৈছে বৰ্তমানৰ চৰকাৰে, দিল্লীৰ সমান্তৰালকৈ শেহতীয়াকৈ নাগপুৰেও অসম আৰু অসমীয়াৰ স্বাভিমান আৰু জাতীয়তাবাদক হস্তগত কৰাৰ বাবে জাল মেলা পৰিলক্ষিত হৈছে। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰী ক্ৰমশঃ থান-বান কৰাৰ চক্ৰান্ত ৰচনা কৰি ‘হিন্দুত্ব’ৰ নামত মানুহক ভুল পথে পৰিচালিত কৰিবলৈ উঠি পৰি লাগিছে। নিৰ্বাচনৰ পূৰ্বে জাতি, মাটি, ভেটিৰ দোহাই দি শাসনৰ গাদি দখল কৰি এতিয়া জাতি মানে ‘মানৱ’ জাতি, মাটি মানে ‘পৃথিৱী’ৰ মাটি, ভেটি মানে ‘ঘৰ’ৰ ভেটি বুলি শাসকীয় দলটোৰ মুখপাত্ৰই নিৰ্লজ্জ ভাবে ঘোষণা কৰিছে। এই সমগ্ৰ ঘটনাবোৰ একাংশ জাত্যাভিমানী লোকৰ বাবে অতি সৰল ভাবে কৰি যাব পাৰিছে চৰকাৰে। উন্নয়ন মাথো শ্ল’গানত সীমাবদ্ধ ৰাখি মানুহক উৎসৱ-পাৰ্বনত ব্যস্ত ৰখাই নহয় হিন্দু-মুছলমানৰ নামত বৃহৎ দেৱাল নিৰ্মাণ কৰাৰ বাবে উঠি-পৰি লাগিছে। আৰু প্ৰগতিশীল লোকৰ মুখ বন্ধ কৰাৰ বাবে দমনৰ ৰাজনীতি আৰম্ভ কৰা হৈছে। আন্দোলনকাৰীক হত্যা কৰা হৈছে, গণতন্ত্ৰক কবৰস্থ কৰা হৈ আছে, সঁচাক মিছা আৰু মিছাক সঁচা কৰাৰ বাবে অপচেষ্টা অব্যাহত ৰখা হৈছে। মানুহৰ মাজত সদায় উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰি ৰখাৰ কৌশল অৱলম্বন কৰা হৈছে। অপসংস্কৃতি জাপি দিয়া হৈছে, মন্ত্ৰী, বিধায়ক অথবা সাংসদৰ দ্বাৰা সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা হৈছে। আনকি একাংশ সংবাদ মাধ্যমেও প্ৰকৃত সত্য আৰু ন্যায়ৰ পক্ষৰ পৰা আঁতৰি আহিছে।
        এই চূড়ান্ত অৱক্ষয়ৰ সময়ত প্ৰগতিশীল লোকে সুস্থ জীৱন নিৰ্বাহ কৰিবলৈ ‘অক্সিজেন’ৰ অভাৱ অনুভৱ কৰিলেও আশাৰ চাকি নুমাই দিয়া নাই। মাথো নেতাৰ কথা আৰু দূৰদৰ্শনৰ বাতৰিৰ ওপৰত নিৰ্ভৰ কৰা লোকসকলে নিজৰ আৰু সমাজৰ সংস্কাৰ কেতিয়া কৰিব সেই কথা একেষাৰতে কৈ দিয়া সম্ভৱ নহয়। কিন্তু এটা কথা ঠিক যে উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব পাৰিলে সকলো কথা নিজেই বুজি পাব আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। 
        পৰাধীনতাৰ শিকলিৰ পৰা ভাৰতৰ জনগণে ১৯৪৭ চনতেই মুক্তি লাভ কৰিও আকাংক্ষিত সপোন বাস্তবায়িত কৰিব নোৱাৰিলে। স্বাধীনতাৰ সত্তৰ বছৰ পাৰ হোৱাৰ পিছতো ভাৰতত ক্ষুধাৰ্ত মানুহৰ সংখ্যা ক্ৰমশঃ বৃদ্ধিহে পাইছে, মৌলিক অধিকাৰৰ পৰা জনগণে বঞ্চিত হৈ আছে। কু-সংস্কাৰ, বাল্য বিবাহ, অন্ধ বিশ্বাস, উচ্চ-নীচৰ ভেদ ভাৱৰ মাজৰ পৰা এতিয়াও মানুহে ওলাই আহিব পৰা নাই। চৰকাৰী শিক্ষা ব্যৱস্থাই প্ৰাথমিক শিক্ষা গ্ৰহণৰ অধিকাৰ দিব পৰা নাই।– এই সকলোবোৰ সমস্যা সমাধান কৰাৰ বাবে প্ৰয়োজন এটা নৱজাগৰণৰ, এটা প্ৰগতিশীল ক্ৰান্তিৰ।

Tuesday, January 30, 2018


তুমি থাকিলে পাৰ নকৰিলে হেঁতেন

বুভুক্ষ জনতাই 

নিৰ্জন নিশা।

এতিয়া

শব্দবোৰ বজ্ৰ হ’ল

অনাদৰে অৱহেলায় গানগোৱা 

মাটিৰ কলিজাবোৰ

এতিয়া নষ্ট নাৱিকৰ কোলাহলত

জ্বলি জ্বলি ছাই কৰি খাই গৈছে

অজস্ৰ উজাগৰি কান্দোন।

এতিয়া

প্ৰেম-ভালপোৱা মানে অভিসাপ

সপোন মানে ঠৰঙা লগা ফুটপাথ।


ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ইতিহাস [দিনপঞ্জী]
========================
Image result for nrc
১৯৫১— % লোকপিয়লৰ ভিত্তিত অসমত এন আৰ চি।
১৯৮০– ১৮ জানুৱাৰী 2 এন আৰ চি উন্নীতকৰণৰ বাবে কেন্দ্ৰ— ৰাজ্যক আছুৰ স্মাৰকপত্র।
১৯৮০– ২ ফেব্ৰুৱাৰী ঃ ইন্দিৰা স্মাৰকপত্র প্রদান |
১৯৯০- 2 চৰকাৰক এন আৰ চিৰ মডেলিটি প্রদান আছুৰ ।
১৯৯৯– ১৭ নৱেম্বৰ 2 আছুকেন্দ্ৰ-ৰাজ্য চৰকাৰৰ দিল্লীত ত্ৰি-পাক্ষিক বৈঠক।
১৯৯৯— গুঃ এন আৰ চি উন্নীতকৰণৰ বাবে কেন্দ্ৰৰ ২০ লাখ টকা আবণ্টন। ৫ বছৰত ৰাজ্যই খৰচ কৰে ৫ লাখ টকা।
২০০৫— ৫ মে’ ঃ এন আৰ চি সন্দৰ্ভত কেন্দ্ৰ-ৰাজ্য-আছুৰ ত্রি-পাক্ষিক
২০০৫— ঃ এন আৰ চিৰ সঞ্চালকালয় স্থাপন। দীপক শর্মা সঞ্চালক
২০০৮— ৪ আগষ্ট : তৰুণ গগৈৰ প্রধানমন্ত্রীলৈ পত্র।
 ২০০৯— ৪ নাগৰিকত্ব বিধি-২০০৩ত ৪(ক) দফাৰ সংযোজনেৰে ১৯৫১ৰ এন আৰ চি আৰু ১৯৭১ৰ ২৪ মার্চৰ ভোটাৰ তালিকাৰ ভিত্তিত এন আৰ চি উন্নীতকণৰ সিদ্ধান্ত।
২০০৯- ২৫ মে’ ঃ ভোটাৰ তালিকাত বাংলাদেশী থকা কথা কৈ শুদ্ধ তালিকা প্রস্তুতৰ দাবী এ পি ডব্লিউৰ উচ্চতম ন্যায়ালয়ত গোচৰ।
২০০৯— ৭ জুলাই ঃ এ পি ডব্লিউৰ গোচৰ পঞ্জীয়ন।
 ২২ এপ্রিল ঃ জি কে পিল্লাইৰে আছু-ৰাজ্য চৰকাৰৰ ত্রিপাক্ষিক বৈঠক
 ২০১০– ৪ ভাৰতৰ মহাপঞ্জীয়কে গ্রহণ কৰে এন আৰ চিৰ দায়িত্ব।
 ২০১০– ১ জুন ঃ বৰপেটা-ছয়গাঁৱত পাইলট প্রকল্প আৰম্ভ।
 ২০১০– ২১ জুলাই ঃ বৰপেটা কাণ্ড (এন আৰ চিক লৈ প্রচণ্ড হিংসা)।
২০১০– ৫ এন আৰ চিক লৈ ডাঃ ভূমিধৰ বৰ্মনৰ নেতৃত্বত মন্ত্রী গোট গঠন।
২০১১ – ২৩ ফেব্ৰুৱাৰী ঃ এ পি ডব্লিউৰ গোচৰৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে ৰায় দিবলৈ সাজু হয়।
 ২০১১— z উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এন আৰ চি হ’ব লাগে বুলি এ পি ডব্লিউৰ আবেদন।
২০১২— ১৯৫১ চন ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন অসম সন্মিলিত মহাসংঘৰ।
২০১২— ১৬ আগষ্ট ৫ কেবিনেট উপ-সমিতিয়ে প্রস্তুত কৰা প্রতিবেদন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গৃহীত।
২০১২- ২৯ আগষ্ট ঃ ৰাজ্যৰ গৃহ-ৰাজনৈতিক বিভাগে কেন্দ্রীয় গৃহ মন্ত্র্যালয়লৈ প্ৰেৰণ কৰে এন আৰ চি উন্নীতকৰণৰ মডেলিটী।
২০১৩- ২ এপ্রিল ঃ উচ্চতম ন্যায়ালয়ত তথ্য জমা দিয়ে এ পি ডব্লিউৱে।
২০১৩— ৮ মে’ ঃ উচ্চতম ন্যায়ালয়ত চৰকাৰে দাখিল কৰে এন আৰ চিৰ মডেলিটী।
২০১৩—  ছেপ্টেম্বৰ এন আৰ চিৰ ৰাজ্যিক সময়কাপ সমন্বয়ক হিচাবে প্রতীক হাজেলাক নিযুক্তি
২০১৩– ১৮ অক্টোবৰ ঃ কেন্দ্রক এন আৰ চিৰ মডেলিটী চূড়ান্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ।
২০১৩– ২৩ আগষ্ট ৫ কেন্দ্ৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ৰাজেশ খান্নাই ভাৰত চৰকাৰৰ উপ-সচিবৰ পত্র আদালতত দাখিল কৰে।
২০১৩— ১৮ অক্টোবৰ : এন আৰ চিৰ বাবে অসম চৰকাৰক কেন্দ্ৰই আবণ্টন দিয়ে ৪৮৯ কোটি টকা।
২০১৩- ২৫ অক্টোবৰ ঃ শস্তু সিঙে আদালতত শপতনামা দাখিল কৰে।
২০১৪ – মার্চ ৪ এন আৰ চি উন্নীতকৰণৰ বাবে নিযুক্তি আৰম্ভ।
২০১৪— ৪ আগষ্ট ও ন্যায়াধীশ ৰঞ্জন গগৈক এন আৰ চিৰ গোচৰৰ প্ৰধান বিচাৰপতি নিযুক্তি।
 ২০১৪ – ২৩ ছেপ্টেম্বৰ ৪ প্রতীক হাজেলাক ১৮ মাহৰ ভিতৰত এন আৰ চি উন্নীতকৰণৰ কাম সম্পূর্ণ কৰাৰ সংশোধিত সূচী দাখিলৰ নির্দেশ।
২০১৪ – ৭ ডিচেম্বৰ : ২০১৬ৰ ১ জানুৱাৰীৰ ভিতৰত উন্নীত এন আৰ চি প্রস্তুতৰ সময়সীমা দিয়ে ন্যায়ালয়ে।
২০১৫- ২৮ ফেব্ৰুৱাৰী ঃ ১০০ টা এন আৰ চি সেৱা কেন্দ্র স্থাপন।
 ২০১৫— ২৭ মার্চ : ৰাজ্যজুৰি ২৫০০ এন এছ কে স্থাপন।
২০১৫— এপ্রিল ও লিগেচী ডাটা ডিজিটেল পদ্ধতিত আবদ্ধ।
২০১৫- ২৩ মে’ ঃ সীমান্ত সন্দৰ্ভত কার্ট কমিছনাৰ নিযুক্তি ন্যায়ালয়ৰ।
 ২০১৫ – জুন ঃ এন আৰ চিৰ বাবে প্র-পত্র বিতৰণ তথা সংগ্ৰহ আৰম্ভ।
 ২০১৫— ৩১ আগষ্ট ও প্র-পত্র জমা দিয়াৰ শেষ দিন।
২০১৫— ১ ছেপ্টেম্বৰ ঃ নথিপত্ৰৰ পুনৰীক্ষণ প্রক্রিয়া আৰম্ভ।
 ২০১৫— ১ ডিচেম্বৰ ঃ এন আৰ চি প্রস্তুতৰ সময়সীমা বৃদ্ধিৰ বাবে কর্তৃপক্ষৰ উচ্চতম ন্যায়ালয়ত শপতনামা।
 ২০১৫— ঃ উচ্চতম ন্যায়ালয়ত পূর্বোত্তৰ হিন্দুস্তানী সন্মিলন, অসম সাহিত্য সভাৰ এন আৰ চি সন্দৰ্ভত গোচৰ।
২০১৬— ১ জানুৱাৰী ঃ এন এছ কেবোৰত বিশেষ পুনৰীক্ষণ প্রক্রিয়া আৰম্ভ।
২০১৬— গুঃ এন আৰ চি সন্দৰ্ভত প্ৰণৱ কুমাৰ মজুমদাৰৰ ছুপ্রিম ক’ৰ্টত আবেদন।
২০১৭- ২৮ ফেব্ৰুৱাৰী ঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্চায়তৰ নথিক অবৈধ ঘোষণা ।
 ২০১৭— ঃ আমাছ, জমিয়ত উলেমা ই হিন্দৰ গোচৰ উচ্চতম ন্যায়ালয়ত।
২০১৭- ১২ অক্টোবৰ 2 ৪৭.৯ লাখ পঞ্চােয়ত নথি জমা দিয়া লোকৰ ১৭.৪ লাখক প্রকৃত বাসিন্দা ঘোষণা।
২০১৭– ২৭ অক্টোবৰ ঃ ভাৰতৰ মহাপঞ্জীয়ক শৈলেশৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ স’তে ভিডিঅ’ কনফাৰেন্সিং।
২০১৭– ২ নৱেম্বৰ: ৮ দল, ৪২ সংগঠনেৰে আৰ জি আইৰ বৈঠক।
 ২০১৭— ৯ নৱেম্বৰ : ১.২৩ কোটি নথিৰ পৰীক্ষণ হােৱা নাই বুলি উচ্চতম ন্যায়ালয়ক জনায় প্রতীক হাজে লাই।
 ২০১৭— ১৩ নৱেম্বৰ ঃ দিল্লীত এন আৰ চিক লৈ অনুষ্ঠিত আলোচনাচক্ৰক কেন্দ্ৰ কৰি উত্তপ্ত ৰাজ্য।
২০১৭— ১৬ নৱেম্বৰ : ৩১ জুলাই, ২০১৮ চনলৈ এন আৰ চিৰ খচৰা প্রকাশৰ দিন পিচুৱাবলৈ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ আবেদন।
২০১৭- ১৯ নৱেম্বৰ ঃ ৰেচন কার্ড গ্রহণযোগ্য হ’ব বুলি কেন্দ্রীয় গৃহ মন্ত্র্যালয়ৰ পত্র প্রতীক হাজেলাৰ।
২০১৭- ৩০ নৱেম্বৰ ঃ ৩১ ডিচেম্বৰত খচৰা প্রকাশ পাবই লাগিব বুলি উচ্চতম ন্যায়ালয়ৰ কাঢ়া নির্দেশ।
২০১৭— ৫ ডিচেম্বৰ : পঞ্চায়ত নথি গ্রাহ্য হ’ব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়।
 ২০১৭– ২১ ডিচেম্বৰ : গুৱাহাটীত আৰ জি আই উপস্থিত হৈ পর্যালোচনা।
২০১৭— ২৫ ডিচেম্বৰ : আংশিক খচৰাৰ বাবে পঞ্জীয়ন প্রক্রিয়া সম্পন্ন।
২০১৭— ৩১ ডিচেম্বৰ : মাজনিশা প্ৰথমখন খচৰা প্রকাশ।

Monday, January 22, 2018

Image result for saraswati
কলেজতপঢ়োতে মোৰ অন্যতম প্ৰিয় উৎসৱটিয়েই আছিল স্বৰস্বতি পূজা৷
আমাৰ জি.এল.চি কলেজ, বৰপেটাৰোডৰ পূজাৰ খিচিৰি খাবলৈ অইন কলেজত পঢ়া বন্ধু-বান্ধবীসকলো আহিছিল৷ 
আমি কোৰ্তা পিন্ধি গৈছিলো, মই ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক থকা সময়তো পূজাৰ লগত বহুত সক্ৰিয়ভাবে জড়িত হৈছিলো৷ মোৰ বন্ধু-বৰ্গৰ অধিকাংশই হিন্দু আছিল, আজিও তেওঁলোকৰ লগত আগৰ দৰেই মধুৰ সম্পৰ্ক৷ (সেইবুলি মই নামাজ পঢ়া পাহৰি গৈছো নেকি?)
আমাৰ কলেজত ফাতেহা-দোৱাজ-দাহমো উদযাপন কৰিছিলো, আমাৰ দৰে হিন্দু বন্ধু-বান্ধবীসকলেও সেই দিনা আহি একেলগে উদযাপন কৰিছিলো৷
এতিয়া একাংশ পণ্ডিত ওলাইছে যিসকলে নিজকে অতি ধাৰ্মিক বুলি জাহিৰ কৰিব খোজে, তেওঁলোকৰ একাংশই এই পবিত্ৰ উৎসৱৰ বিৰোধিতা কৰি নানা প্ৰলাপ বকি আছে৷ যদি নিৰ্ধাৰিত বিষয়টোৰ ওপৰত জ্ঞান নাই মাথো সস্তীয়া জনপ্ৰিয়তাৰ বাবেই এইবোৰ বিতৰ্ক কৰি সমাজত বিভাজন অনাসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰা উচিত৷ 
আৰু একাংশ মানুহ আছে যিবোৰৰ নাম আৰু উপাধি চাই আমি মুছলমান বুলিয়ে ভাবো, তেওঁলোকে হিন্দুসকলৰ বিৰুদ্ধে মন্তব্য দিয়ে, তেনে এটা অপদাৰ্শৰ বিষয়ে আজি ফেচবুকত পালো৷ অপদাৰ্শটো হোনু নাস্তিক৷

ব্যক্তিগত ভাবে নাস্তিকসকলক মই অন্তৰৰ পৰা শ্ৰদ্ধা কৰো৷ কিন্তু মনে মনে সেই খিতাপ জয় কৰি সমাজত বিভাজনৰ সৃষ্টি কৰাটো কেতিয়াও মানি ল’ব নোৱাৰি৷ এইখিনিতে এটা কথা স্পষ্ট কৰিব বিচাৰিছো যে যিসকলৰ নামৰ উপাধি ইছলাম, হুছেইন, আলী, আহমেদ, হক তেওঁলোক নাস্তিক হ’লে এই উপাধিবোৰ ত্যাগ কৰিব লাগিব, কাৰণ এই উপাধীবোৰ কাৰো পৈতৃক নহয়, এইবোৰ ইছলাম ধৰ্মীয় উপাধী৷ তেওঁলোকে সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত থকা বুলি কৈ নিজৰ উপাধিটোকে কিয় খামুচ মাৰি ধৰি ৰাখে বুজি নাপাওঁ৷

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা