Monday, December 3, 2018

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা  লোকসকলৰ বাবে দাবী প্ৰক্ৰিয়া চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখলৈকে চলিব৷ দাবী দাখিল কৰাৰ কাৰণ হিচাপে দাবী প্ৰ-পত্ৰৰ পৃষ্ঠা D ত বিস্তাৰিত আলোচনা কৰা প্ৰয়োজন৷ এই পৃষ্ঠা লিখোতে তিনিটা মূল কথা মনত ৰাখিব লাগে৷ 
প্ৰথম- কি কাৰণে আবেদনকাৰীৰ নাম বাদ পৰিছে৷ 
দ্বিতীয়- কি কাৰণে আবেদনকাৰীৰ নাম বাদ পৰিব নালাগিছিল৷
তৃতীয়- নথিপত্ৰ কি দিছিল আৰু এতিয়া কি দিব৷ 
—এই তিনিটা কথাৰ ওপৰত ভিত্তি কৰি দাবী দাখিলৰ কাৰণ যুক্তি সঙ্গত ভাবে উপস্থাপন কৰিব লাগিব৷ মন কৰিব যে ডি ভোটাৰৰ গোচৰ নিষ্পত্তিৰ বাবে বিদেশী ন্যায়াধীকৰণত যেনেদৰে অধিবক্তাৰ জৰিয়তে লিখিত শপতনামা প্ৰদান কৰা হয় একেদৰে NRCৰ  Claim formৰ লগত চমু শপতনামা লিখি দিব লাগে৷ 
তলত কেইটামান আৰ্হি দাঙি ধৰা হ’ল—

-------------------------------------------------------------------------------------------------------------------------
প্ৰকৃততে ডি ভোটাৰ আছিল কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰায়দান পোৱাসকলৰ বাবে প্ৰশ্ন ৫ ত লিখিব লাগ টোকা—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ আবেদনকাৰীক ডি ভোটাৰ দেখুৱা হৈছে যদিও .................. (উদাহৰণ FT-2, Barpeta )ৰ গোচৰ নং ............ (উদাহৰণ FT case No. 1029/16) ৰ জৰিয়তে ................  তাৰিখে ভাৰতীয় বুলি ৰায়দান কৰে৷ সেয়েহে  FTৰ ৰায়দানৰ ভিত্তিত আবেদনকাৰীৰ নাম পূৰ্ণাঙ্গ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷ 
 (আবেদনকাৰীৰ বংশধৰৰ ক্ষেত্ৰত হ’ব লগা পৰিৱৰ্তন নিজে থিৰাং কৰি ল’ব)


Wrongly Identify as DF. ভুলবশত বিদেশী বুলি ঘোষণা কৰা ব্যক্তিসকলৰ বাবে পৃষ্ঠ Bৰ 5 নং প্ৰশ্নৰ উত্তৰ—
আবেদনকাৰীৰ বিৰুদ্ধে কোনো ন্যায়াধিকৰণত গোচৰ নাই৷ বিদেশী হিচাপে ঘোষণা কৰা হোৱা নাই৷ ভুলবশত বিদেশী বুলি কাৰণ জনোৱা হৈছে৷ সেয়েহে নথি-পত্ৰৰ ভিত্তিত আবেদনকাৰীৰ নাম NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷

প্ৰকৃততে ডি নথকা মানুহৰ নামত ডি ভোটাৰ বা সতি সন্ততি দেখুৱালে 5 নং প্ৰশ্নৰ উত্তৰ—

NRC ৰ চূড়ান্ত খচৰা তালিকাত আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত নোহোৱাৰ কাৰণ ডি ভোটাৰ/ সতি-সন্তুতি বুলি জনোৱা হৈছে৷ আবেদনকাৰী ডি ভোটাৰ/ সতি-সন্তুতি নহয়৷ আবেদনকাৰীৰ বিৰুদ্ধ কোনো বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা নাই৷ সেয়েহে প্ৰামাণ্য নথিৰ ভিত্তিত আবেদনকাৰীৰ নাম সম্পূৰ্ণ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনালো৷
(প্ৰামাণ্য নথি হিচাপে ডি নথকা দুই-তিনিখন ভোটাৰ তালিকা, ভোটাৰ আই ডি দিব)

 মাতৃৰ ডি থকা কিন্তু পিতৃৰ নামত ডি নথকা আৰু ২০০৪ চনৰ আগত জন্ম লাভ কৰা সতি-সন্তুতিৰ নাম ডি ভোটাৰৰ বংশধৰ দেখুৱালে ৫ নং ত লিখিব—

আবেদনকাৰীয়ে পিতৃপক্ষৰ লিগেছি আৰু নথি পত্ৰৰ ভিত্তিত আবেদন দাখিল কৰিছে আৰু পিতৃ পক্ষত বা পূৰ্বপুৰুষৰ ভাৰতীয় হোৱাৰ যাৱতীয় নথি পত্ৰ আছে৷ যিহেতু আবেদনকাৰী ২০০৪ চনৰ পূৰ্বে জন্ম লাভ কৰিছে, সেয়েহে পিতৃ পক্ষৰ নথি পত্ৰ আৰু বংশ বৃক্ষৰ জৰিয়তে আবেদনকাৰীৰ নাম সম্পূৰ্ণ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷
--------------------------------------------------------------------------------------------------------------------------
মনত ৰাখিব মহামান্য উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা আদেশ অনুসৰি প্ৰকৃত ডি ভোটাৰে আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই৷ FTৰ দ্বাৰা ভাৰতীয় ঘোষণা হোৱাৰ পিছত ARNৰ জৰিয়তে তেওঁলোকৰ নাম পৰ্যায়ক্ৰমে অন্তৰ্ভূক্ত হ’ব৷ কিন্তু ১৯৮৭ চনৰ ৩১ জুলাইৰ পৰা ২০০৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্ম লাভ কৰা লোকৰ পিতৃ-মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লে  তেওঁ জন্মসূত্ৰে ভাৰতীয়, ২০০৪ চনৰ পিছত জন্ম লাভ কৰা লোকৰ নথি নাথাকিলেও পিতৃ-মাতৃৰ নাম অন্তৰ্ভূক্ত হ’লে পিতৃ-মাতৃৰ মৌখিক বা লিখিত সাক্ষ্যৰ ভিত্তিত নাম অন্তৰ্ভূক্ত হ’ব৷
--------------------------------------------------------------------------------------------------------------------------

 FTR No. বা ‘বংশ বৃক্ষ গ্ৰহণযোগ্য নহ’ল’ ৰ বাবে পৃষ্ঠা- D ত লিখা সাধাৰণ বিবৰণ—

বংশ বৃক্ষৰ ভুলৰ বাবে আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত হোৱা নাই বুলি বাদ পৰাৰ কাৰণ জনোৱা হৈছে৷ NRCৰ চূড়ান্ত খচৰা তালিকাত আবেদনকাৰীৰ পিতৃৰ (পূৰ্বপুৰুষৰ) নাম অন্তৰ্ভূক্ত হৈছে৷ সেয়েহে পূৰ্বে প্ৰদান কৰা বংশবৃক্ষ আৰু নথি-পত্ৰৰ ভিত্তিত পুনৰ পৰীক্ষণৰ জৰিয়তে আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে অনুৰোধ জনালো৷ (মনত ৰাখিব— একে লিগেছি ব্যৱহাৰ কৰি যদি অইন ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হৈছে তেন্তে প্ৰয়োজন অনুহাৰে ওপৰৰ কথাখিনি লিখিব৷ বংশবৃক্ষৰ পৰীক্ষণৰ সময়ত কি হৈছে সেই বিষয়ে প্ৰশ্ন কৰিলে বুজি পাব৷)

চক্ৰ বিষয়া/ লাট মণ্ডল / গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে পৃষ্ঠা D ত লিখিব—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ চক্ৰ বিষয়া/ লাট মণ্ডল / গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা বুলি দেখুৱা হৈছে৷ সেয়েহে দাবী প্ৰ-পত্ৰৰ লগত অতিৰিক্ত হিচাপে -------------- নথি প্ৰদান কৰি দাবী দাখিল কৰা হ’ল৷ পূৰ্বে প্ৰদান কৰা নথি পুনৰিক্ষণৰ লগতে অতিৰিক্ত ভাবে প্ৰদান কৰা নথিৰ ভিত্তিত আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী দাখিল কৰা হ’ল৷

তালিকা B ৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে পৃষ্ঠা D ত লিখিব—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ ...................... প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা বুলি দেখুৱা হৈছে৷ সেয়েহে দাবী প্ৰ-পত্ৰৰ লগত ..............................  নথি প্ৰদান কৰি দাবী দাখিল কৰা হ’ল৷ পূৰ্বে প্ৰদান কৰা নথি পুনৰিক্ষণ(যদি প্ৰয়োজন হয়)ৰ লগতে অতিৰিক্ত ভাবে প্ৰদান কৰা নথিৰ ভিত্তিত আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী দাখিল কৰা হ’ল৷


0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ