Sunday, December 23, 2018

অসম্পাদিত


কবিতাৰ শব্দবোৰ জঞ্জাল লগা
মগজু বিষাই তোলা অত্যাচাৰ যেন লাগে মোৰ।
আজি-কালি কবিতা মুঠেই ভাল নাপাওঁ মই
কবিবোৰক দেখিলেও
ৰোমান্টিক হৈ নপৰে নিৰ্জন দুপৰীয়া¸
শব্দৰ সাগৰত খেলি থাকি 
মুঠেই ভাল নালাগে এতিয়া।

পেটৰ তাড়ণাত সন্তানৰ নাম পাহৰি যোৱা 
দিন হাজিৰা কৰা মানুহজনেও
মোৰ দৰে বিৰক্তি পায় 
কবিতা

সপোন দেখি প্ৰতিবাৰেই উজুটি খোৱা
পথিকবোৰক
কোনে দিব পোহৰৰ সন্ধান ?

মাত্ৰ এহেজাৰ বলিয়া ঘোঁৰা লাগে মোক
এখন যুদ্ধ কৰিম শৌৰ্য-বীৰ্য দি৷
চাবুক মাৰি ফালি দিয়া পিঠিখনত 
কাঁটাতাৰৰ আঁচোৰে শুব দিয়া নাই মোক আজি
পৰীক্ষাশালৰ উৎপীড়ণে ধৈৰ্যহীন কৰি তুলিছে প্ৰতিক্ষণে৷

যুদ্ধ কৰিবই লাগিব
তোমাৰ বুকুত কিমান সাহস আছে ?
তুমি কি জানা ‘শ্ৰেণী বিপ্লৱ’ ?
অকথ্য যন্ত্ৰণাৰ অমানিশাৰ উপাখ্যান 

তুমি ৰোমান্টিক বিপ্লৱী চিনি পোৱা নে ?
মদৰ গিলাচত জাতিৰ ভৱিষ্যত দেখা 
ভণ্ডবোৰেই জাতি উদ্ধাৰৰ আস্ফালন কৰে।

মই প্ৰতিদিনেই পৰাজিত হওঁ
নিজৰ মাজত।
তথাপিও যুদ্ধ এখন লাগিবই।

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ