আলোচনাৰ বিষয়বস্তু অতি স্পষ্ট৷ আমি আলোচনা কৰিম এন আৰ চিৰ দাবী আপত্তিৰ নিষ্পত্তি সম্পৰ্কে৷ অভিজ্ঞতা আৰু তথ্য সহকাৰে বিশ্লেষণাত্মক ভাবে কৰা হৈছে৷ যাতে অস্পষ্ট বহু বিষয়বোৰ স্পষ্ট হয় আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম নিৰ্ভূল, সুস্থ আৰু বিশ্বাসযোগ্য ভাবে সমাপ্ত হয়৷
১৫ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখৰ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা লোকসকলে দাখিল কৰা দাবী দাখিল কৰা লোকৰ শুনানী আৰু আপত্তিৰ নিষ্পত্তিৰ কাম আৰম্ভ হ’ব৷ এই সময়ত এনআৰচিৰ চূড়ান্ত খচৰা তালিকাৰ পৰা বাদ পৰা ৪০ লক্ষ্যাধীক লোকৰ ৩৬.২ লাখ লোকে দাবী দাখিল কৰিছিল আৰু তেওঁলোকে ১ ফেব্ৰুৱাৰীৰ পৰাই শুনানীৰ বাবে জাননী লাভ কৰি আছে৷ এই প্ৰক্ৰিয়াত বিশেষভাবে মন কৰিবলগীয়া বিষয়বোৰ আজি বিস্তাৰিত ভাবে আলোচনা কৰিব বিচাৰিছো৷ প্ৰথমেই তেনে জাননীৰ প্ৰতিলিপিৰ কথাখিনিলৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছো—
![]() |
দাবী দাখিল কৰা লোকক এনআৰচি কৰ্তৃপক্ষই প্ৰদান কৰা জাননীৰ মূল অংশ |
—এই জাননীত স্পষ্ট ভাবে কেইবাটাও কথা প্ৰকাশ পাইছে৷ তাৰে অতি গুৰুত্বপূৰ্ণ বিষয়বোৰ চমুকৈ আলোচনা কৰি ল’ব বিচাৰিছো—
দাবী দাখিল কৰা প্ৰতিজন সদস্য, বংশবৃক্ষৰ প্ৰতিজন সদস্য শুনানীকালত উপস্থিত থকা অত্যন্ত জৰুৰী৷ উপস্থিত নাথাকিলে তেওঁলোকৰ জবানবন্দী লিপিবদ্ধ কৰিব নোৱাৰিব৷ গতিকে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা অসম্ভৱ৷ এই প্ৰক্ৰিয়াত সকলোবোৰ নথি যেনে- মূল আবেদন প্ৰ-পত্ৰ আৰু তাৰ লগত প্ৰদান কৰা সকলো নথি-পত্ৰ, বংশবৃক্ষ, দাবী প্ৰ-পত্ৰ আৰু এনআৰচি সম্পৰ্কীয় সকলো নথি-পত্ৰ লৈ হাজিৰ হ’ব লাগিব৷ এইবোৰ কৰাৰ বাবে আমাৰ অশিক্ষিত ৰাইজ সজাগ আৰু সচেতন নে ?
- সমস্যাৰ গভীৰতা কিমান ?
দাবী দাখিল প্ৰক্ৰিয়াত লাভ কৰা ডাঙৰ শিক্ষাটোৱে আছিল যে আমি বিচৰা প্ৰায় ৬০ শতাংশ লোকে বংশবৃক্ষৰ হাতে লিখা প্ৰতিলিপি দেখুৱাব পৰা নাছিল৷ তেওঁলোকৰ অধিকাংশই নিৰক্ষৰতাৰ বাবে এই নথি চিনিয়ে নাপায় আৰু জমা দিয়াৰ সময়ত প্ৰতিলিপি ৰখা নাছিল৷ এনে ক্ষেত্ৰত পূৰ্বে দাখিল কৰা হাতে লিখা বংশবৃক্ষ পুনৰ লৈ যোৱা এটা ডাঙৰ প্ৰত্যাহ্বান৷ যিবোৰ নথি এবাৰ প্ৰদান কৰা হৈছে আৰু তাৰ নিৰ্দিষ্ট শুনানী হৈছে, যেনে— মূল আবেদন প্ৰ-পত্ৰ, বংশ বৃক্ষ, দাবী প্ৰ-পত্ৰ, ২০১৫ চনত মূল আবেদন প্ৰ-পত্ৰৰ লগত আৰু পৰৱৰ্তী শুনানীৰ জৰিয়তে দাখিল কৰা সকলো নথি পত্ৰ কৰ্তৃপক্ষৰ হাতত মজুত আছে৷
আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু জটিল বংশবৃক্ষৰ শুনানী প্ৰতিটো বংশৰ বাবে সুকীয়া বা যৌথ ভাবে অনুষ্ঠিত হৈছিল৷ তেওঁলোকৰ বংশবৃক্ষৰ কোনো বিসংগতি নাই, মাথো নথি-পত্ৰত সামান্য বিসংগতি আছে৷ এতিয়া বিসংগতি থকা নথিৰ পৰিৱৰ্তে বিকল্প নথি প্ৰদান কৰি দাবী দাখিল কৰিছে৷ গতিকে নতুনকৈ প্ৰদান কৰা নথি ভালকৈ পৰীক্ষা কৰিব পাৰে৷ কাৰণ ২০১৫ চনৰ পৰা নিষ্ঠাৰে কাম কৰি থকা কৰ্মচাৰীসকলে সমস্ত নথি পত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰি CVR অৰ্থাৎ Combine Verification Report তৈয়াৰ কৰিছিল৷ এই প্ৰতিবেদনতেই এগৰাকী আবেদনকাৰীৰ সকলো তথ্য সন্নিবিষ্ট হৈছে৷ তেনে ক্ষেত্ৰত পুনৰায় সমগ্ৰ বংশবৃক্ষৰ সদস্যসকলক শুনানীৰ সময়ত বাধ্যতামূলক উপস্থিতি কৰা কথাটোৱে কি সূচাইছে? প্ৰতিজনে সুস্থ ভাবে চিন্তা কৰা দৰকাৰ৷
মনত ৰাখিব— আপোনাৰ বংশবৃক্ষত ধৰা হ’ল ৩৩ জন সদস্য আছে৷ তাৰে ৩০ জনৰ নাম এনআৰচিৰ চূড়ান্ত খচৰা তালিকাত অন্তৰ্ভূক্ত হৈছে৷ তিনিজনৰ সংযোগী নথিত বিসংগতি থকা বাবে নাম অন্তৰ্ভূক্ত হোৱা নাছিল৷ এতিয়া আপোনালোক ৩৩ জনেই শুনানীত উপস্থিত থাকিব লাগিব৷ কাৰণ হয়তো এনেকুৱা হ’ব পাৰে- আপোনালোকৰ পৰা জবানবন্দী গ্ৰহণ কৰা হ’ব পাৰে যে সেই বাদ পৰা ৩ জন সদস্য আপোনালোকৰ বংশৰেই হয়৷ সেই কথা নিশ্চিত কৰাৰ বাবে পূৰ্বৰ বংশ বৃক্ষৰ প্ৰতিবেদন কৰ্তৃপক্ষৰ হাতত CVR ৰূপে মজুত আছেই৷
এই প্ৰসঙ্গত কৰ্তৃপক্ষক এটা অনুৰোধ জনাই থ’ব বিচাৰিছো যে মূল আবেদন প্ৰ-প্ৰত্ৰৰ প্ৰতিলিপি যেনেদৰে আবেদনকাৰীক দিয়া হৈছিল, বংশবৃক্ষৰ প্ৰতিলিপি দিয়া হোৱা নাছিল৷ গতিকে শুনানীৰ পূৰ্বে অথবা শুনানীৰ সময়ত সেইবোৰ ৰাইজক দিয়াৰ ব্যৱস্থা কৰিব লাগে৷
শুনানীৰ সময়ত প্ৰতিজন সদস্য, বংশবৃক্ষৰ প্ৰতিজন সদস্য, একে লিগেছি ব্যৱহাৰ প্ৰতিজন সদস্য, এনআৰচি সম্পৰ্কীয় যাবতীয় নথি-পত্ৰ লগত লৈ নিৰ্ধাৰিত দিনত হাজিৰ হ’ব লাগিব৷ এই অত্যাধিক জটিল প্ৰক্ৰিয়াত আমাৰ নিৰক্ষৰ আৰু অজ্ঞ লোকসকলক সঠিক পন্থা দেখুৱাব নোৱাৰিলে নথি-পত্ৰৰ খেলি-মেলিৰে প্ৰকৃত নথি বাদ পৰি যাব পাৰে আৰু বহু কষ্ট কৰি দাবী প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছতো বৈধ ভাৰতীয় নাগৰিকৰ নাম বাদ পৰি থাকিব পাৰে৷ সেইবাবে শিক্ষিত সমাজ, বিশেষকৈ যুৱ সমাজে এই বিষয়বোৰ সুক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰি ৰাইজক সহায় কৰাৰ কামত আত্ম নিয়োগ কৰিব লাগে৷
- কেনেদৰে সহায় কৰিব ৰাইজক ?
তলত উল্লেখ কৰা ক্ৰমত ৰাইজক নথি-পত্ৰ বিভক্ত কৰি ৰাখিবলৈ পৰামৰ্শ দিব পাৰে—প্ৰথম- বাদ পৰাৰ কাৰণ বা কি কাৰণে আবেদনকাৰীৰ নাম বাদ পৰিছে৷
দ্বিতীয়- মূল আবেদনপত্ৰ আৰু তাৰ লগত গাথি দিয়া নথি-পত্ৰ৷
তৃতীয়- দাবী প্ৰ পত্ৰ আৰু অতিৰিক্ত ভাবে দাখিল কৰা নথি পত্ৰ৷
চতুৰ্থ- হাতে লিখা বংশবৃক্ষ৷
চতুৰ্থ- হাতে লিখা বংশবৃক্ষ৷
ইয়াৰ লগতে কি কাৰণে আবেদনকাৰীৰ নাম এনআৰচিৰ চূড়ান্ত খচৰা তালিকাৰ পৰা বাদ পৰিছে আৰু কিয় বাদ পৰিব নালাগিছিল সেই বিষয়ৰ সামৰি দাবী প্ৰ-পত্ৰৰ পৃষ্ঠা D বা ৭ নং প্ৰশ্নৰ উত্তৰ নাইবা DV, DF, PFT ৰ বাবে পৃষ্ঠা B বা ৫ নং প্ৰশ্নৰ উত্তৰত লিপিবদ্ধ কৰা স্বীকাৰোক্তি বা ঘোষণাৰ লগত সামঞ্জস্য ৰখাকৈ যুক্তিসঙ্গত আৰু বিস্তাৰিত লিখিত শপত নামা প্ৰস্তুত কৰি নিবলৈ পৰামৰ্শ প্ৰদান কৰিব পাৰে৷ এনে ক্ষেত্ৰত অধ্যয়নপুষ্ঠ বা নাগৰিকত্ব সম্পৰ্কীয় বিষয়ত অভিজ্ঞতা থকা সচেতন অধিবক্তাৰ সহায় লৈ আগবাঢ়িব পাৰিলে ভাল৷
প্ৰতিজন আবেদনকাৰীৰ সমস্যা আৰু তাৰ সমাধানৰ বাবে প্ৰদান কৰা দাবী প্ৰ পত্ৰৰ ভিত্তিত শপতনামা প্ৰস্তুত হ’ব যদিও তলত কেইটামান আৰ্হি দাঙি ধৰা হ’ল—
--------------------------------------------------------------------------------
প্ৰকৃততে ডি ভোটাৰ আছিল কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰায়দান পোৱাসকলৰ/ সতি-সন্তুতিৰ বাবে টোকা—
NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা মোৰ নাম বাদ পৰাৰ কাৰণ আবেদনকাৰীক ডি ভোটাৰ/ সতি-সন্তুতি দেখুৱা হৈছে যদিও .................. (উদাহৰণ FT-2, Barpeta) গোচৰ নং ............ (উদাহৰণ FT case No. 1029/16) ৰ জৰিয়তে ................ তাৰিখে মোক/ পূৰ্ব পুৰুষক ভাৰতীয় বুলি ৰায়দান কৰে৷ সেয়েহে FTৰ ৰায়দানৰ ভিত্তিত মোৰ নাম পূৰ্ণাঙ্গ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনাইছো৷
(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, ৰায়দান পত্ৰ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ)
--------------------------------------------------------------------------------
Wrongly Identify as DF. ভুলবশত বিদেশী বুলি ঘোষণা কৰা ব্যক্তিসকলৰ বাবে—
মই এজন ভাৰতীয় নাগৰিক৷ মোৰ বিৰুদ্ধে কোনো ন্যায়াধিকৰণত গোচৰ নাই৷ মোক কেতিয়াও বিদেশী হিচাপে ঘোষণা কৰা হোৱা নাই৷ এনআৰচিৰ কৰ্তৃপক্ষৰ পৰা মোক ভুলবশত বিদেশী বুলি কাৰণ জনোৱা হৈছিল৷ সেয়েহে দাখিল কৰা নথি-পত্ৰৰ ভিত্তিত মোৰ নাম NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷
(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ, অতিৰিক্ত নথি পত্ৰ, যেনে ১৯৯৭ চনৰ পৰা কমপক্ষে ৫ বছৰৰ ব্যৱধানত ৩ খন ভোটাৰ তালিকা)
--------------------------------------------------------------------------------
প্ৰকৃততে ডি নোহোৱা লোকক ডি ভোটাৰ বা সতি সন্ততি বুলি দেখুৱসকলৰ বাবে—
(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ, অতিৰিক্ত নথি পত্ৰ, যেনে ১৯৯৭ চনৰ পৰা কমপক্ষে ৫ বছৰৰ ব্যৱধানত ৩ খন ভোটাৰ তালিকা, ভোটাৰ আই ডি)
--------------------------------------------------------------------------------মাতৃৰ ডি থকা কিন্তু পিতৃৰ নামত ডি নথকা বা পিতৃৰ নাম অন্তৰ্ভূক্ত হোৱা আৰু ২০০৪ চনৰ আগত জন্ম লাভ কৰা সতি-সন্তুতিৰ নাম ডি ভোটাৰৰ বংশধৰ দেখুৱালে—
জন্মসূত্ৰে মই ভাৰতীয় নাগৰিক৷ মোৰ পিতৃৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাত অন্তৰ্ভূক্ত হৈছে আৰু পূৰ্বপুৰুষৰ লগতে মোৰ ভাৰতীয় হোৱাৰ যাৱতীয় নথি পত্ৰ আছে৷ যিহেতু মই ২০০৪ চনৰ পূৰ্বে জন্ম লাভ কৰিছো, সেয়েহে পিতৃ পক্ষৰ নথি পত্ৰ আৰু বংশ বৃক্ষৰ জৰিয়তে মোৰ নাম সম্পূৰ্ণ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনালো৷
জন্মসূত্ৰে মই ভাৰতীয় নাগৰিক৷ মোৰ পিতৃৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাত অন্তৰ্ভূক্ত হৈছে আৰু পূৰ্বপুৰুষৰ লগতে মোৰ ভাৰতীয় হোৱাৰ যাৱতীয় নথি পত্ৰ আছে৷ যিহেতু মই ২০০৪ চনৰ পূৰ্বে জন্ম লাভ কৰিছো, সেয়েহে পিতৃ পক্ষৰ নথি পত্ৰ আৰু বংশ বৃক্ষৰ জৰিয়তে মোৰ নাম সম্পূৰ্ণ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনালো৷
(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ, অতিৰিক্ত নথি পত্ৰ, যেনে ১৯৯৭ চনৰ পৰা কমপক্ষে ৫ বছৰৰ ব্যৱধানত ৩ খন ভোটাৰ তালিকা, ভোটাৰ আই ডি)
--------------------------------------------------------------------------------
--------------------------------------------------------------------------------
FTR No. বা ‘বংশ বৃক্ষ গ্ৰহণযোগ্য নোহোৱা’ ৰ বাবে নাম বাদ পৰা লোকৰ বাবে—
বংশ বৃক্ষৰ ভুলৰ বাবে মোৰ নাম অন্তৰ্ভূক্ত হোৱা নাই বুলি বাদ পৰাৰ কাৰণ জনোৱা হৈছিল৷NRCৰ চূড়ান্ত খচৰা তালিকাত বংশবৃক্ষৰ অইন সদস্য (যদি হৈছে৷ নাম উল্লেখ কৰিব) নাম অন্তৰ্ভূক্ত হৈছে৷ সেয়েহে পূৰ্বে প্ৰদান কৰা বংশবৃক্ষ আৰু নথি-পত্ৰৰ ভিত্তিত পুনৰ পৰীক্ষণৰ জৰিয়তে মোৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে অনুৰোধ জনালো৷
---------------------------------------------------------------------------------
চক্ৰ বিষয়া/ লাট মণ্ডল / গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে—
NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা মোৰ নাম বাদ পৰাৰ কাৰণ চক্ৰ বিষয়া/ লাট মণ্ডল / গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা বুলি দেখুৱা হৈছে৷ সেয়েহে দাবী প্ৰ-পত্ৰৰ লগত অতিৰিক্ত হিচাপে -------------- নথি প্ৰদান কৰি পূৰ্বৰ নথি পুনৰিক্ষণৰ লগতে অতিৰিক্ত ভাবে প্ৰদান কৰা নথিৰ ভিত্তিত মোৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী দাখিল কৰিছো৷ মোৰ স্বামীৰ লগত প্ৰমাণ স্থাপনৰ বাবে ভোটাৰ পৰিচয় পত্ৰ আৰু পিতৃৰ লগত সম্পৰ্ক স্থাপনৰ বাবে বংশবৃক্ষৰ অইন সদস্য (নিৰ্দিষ্টকৈ উল্লেখ কৰিব, পিতৃ, মাতৃ, ভাতৃ, ভনী বা আন কোনে পঞ্চায়তৰ নথি সংগ্ৰহ কৰোতে সাক্ষ্য দিছিল উল্লেখ কৰিব৷)ৰ দ্বাৰা সাক্ষ্য প্ৰদান কৰি চক্ৰ বিষয়া/ লাট মণ্ডল / গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি জমা কৰিছিলো৷
(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ, অতিৰিক্ত নথি পত্ৰ)
(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ, অতিৰিক্ত নথি পত্ৰ)
--------------------------------------------------------------------------------
তালিকা B ৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে—
NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা মোৰ নাম বাদ পৰাৰ কাৰণ সংযোগী নথি-পত্ৰ গ্ৰহণযোগ্য নোহোৱা বুলি জনাইছিল৷ সেয়েহে দাবী প্ৰ-পত্ৰৰ লগত অতিৰিক্ত........ নথি প্ৰদান কৰি দাবী দাখিল কৰিছো৷ মই জন্মসূত্ৰে ভাৰতীয় নাগৰিক আৰু মোৰ বংশবৃক্ষৰ ........... সদস্যৰ নাম অন্তৰ্ভূক্ত হৈছে৷ পূৰ্বে প্ৰদান কৰা নথি পুনৰিক্ষণ(যদি প্ৰয়োজন হয়)ৰ লগতে অতিৰিক্ত ভাবে প্ৰদান কৰা নথি আৰু বংশবৃক্ষৰ ভিত্তিত মোৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে অনুৰোধ জনালো৷
--------------------------------------------------------------------------------
(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ, অতিৰিক্ত নথি পত্ৰ)
--------------------------------------------------------------------------------
0 comments:
Post a Comment