Monday, February 26, 2018


       ১২ জানুৱাৰী, ২০১৮ত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ এক বৈঠকে লােৱা সিদ্ধান্ত অনুসৰি বিটিচি অঞ্চলত সংৰক্ষিত শ্ৰেণীৰ মর্যাদা সহকাৰে দীৰ্ঘদিন ধৰি বসবাস কৰি অহা জনগােষ্ঠীসমূহে তেওঁলােকৰ বিশেষাধিকাৰ হেৰুৱাব লাগিব। অর্থাৎ তেওঁলােকে অঞ্চলটোত মাটি বেচা-কিনাৰ ক্ষেত্ৰত ইমানদিনে ভােগ কৰি অহা অধিকাৰ আৰু ভােগ কৰিব নােৱাৰিব। পৰিষদে গ্ৰহণ কৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ উদ্দেশ্যে প্রয়ােজনীয় অধিসূচনা অতিশীঘ্ৰেই আনুষ্ঠানিকভাৱে জাৰি কৰা হ’ব বুলি জানিব পৰা গৈছে। পৰিষদৰ কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ প্ৰতিলিপি ফাদিল হোৱাৰ পিছতেই বিটিচিত বসবাস কৰি থকা অবড়ো লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ 
সিদ্ধান্তৰ প্ৰতিলিপি-১

সিদ্ধান্তৰ প্ৰতিলিপি-২ 

         সভাই-সমিতিয়ে বিটিচিত বসবাস কৰি থকা সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন আৰু সম অধিকাৰৰ শ্ল’গান আওৰাই হাগ্ৰামা মহিলাৰীয়ে মাথো ভোট সংগ্ৰহৰ নিকৃষ্ট ৰাজনীতি কৰি আহিছে৷ হাগ্ৰামা মহিলাৰীয়ে কৌশলগত ভাবে বিটিচি গঠন হোৱাৰ বহু বছৰ আগৰ পৰা বসবাস কৰি থকা থলুৱা লোকসকলৰ সকলো অধিকাৰ কাঢ়ি নিয়াৰ বাবে কূটিল ষড়যন্ত্ৰ আৰম্ভ কৰিছে আৰু শেহতীয়াকৈ অবড়ো জনসাধাৰণৰ ভূমিৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক যিকোনো মূল্যৰ বিনিময়ত বাধা প্ৰদান কৰিব নোৱাৰিলে যুগ যুগ ধৰি বিটিচিত বসবাস কৰি থকা অবড়ো লোকসকলে সাংবিধানিক সকলো অধিকাৰৰ পৰা বঞ্চিত হৈ মাথো কাম কৰি খোৱাৰ আৰু থকাৰ অধিকাৰ লাভ কৰিব৷ কিন্তু যি হাৰে বিটিএডি অঞ্চলত অত্যাচাৰ সংঘটিত হয় তাৰ পৰা সাধাৰণতেই অনুমান কৰিব পাৰি যে এই অঞ্চলৰ পৰা ক্ৰমাৎ অবড়ো লোকক বহিষ্কাৰ কৰাৰ বাবে একাংশ বড়ো নেতৃত্বই ৰাজনৈতিক কৌশল গ্ৰহণ কৰিছে আৰু প্ৰতিটো কৌশল বাস্তবায়িত কৰি আহিছে৷ ফলত সময়ে সময়ে বিটিচিত ভাতৃঘাতি সংঘাট সৃষ্টি হৈ আহিছে, গণতান্ত্ৰিক আন্দোলন কৰা লোকক হত্যা, দমন কৰি ৰখা হৈ আছে৷ এইখিনিতে মন কৰিব লগা কথাটো হ’ল অশান্তি জৰ্জৰ বিটিচিত ক্ৰমাৎ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে যদিও এই পৰিৱেশ বিঘ্নিত কৰি হাগ্ৰামা মহিলাৰীয়ে বড়ো-অবড়োৰ মাজত পুনৰায় সংঘাতৰ সৃষ্টি কৰি ৰাজনৈতিক মোনাফা লাভ কৰিবলৈ উঠি-পৰি লাগিছে৷ বিটিচিৰ সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়ন আৰু সম অধিকাৰ প্ৰদান নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়া গণ সংগঠন, ছাত্ৰ সংগঠন আৰু প্ৰতিবাদী জনতাক প্ৰতিৰোধ কৰাৰ বাবে শাসকীয় দলটোৱে কূটিল ষড়যন্ত্ৰ যে হাতত নল’ব সেই কথা নুই কৰিব নোৱাৰি৷ ইতিমধ্যে এক বিবৃতি যোগে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক অচিৰেই ভূমি নীতি সন্ধৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে প্ৰত্যাহ্বান জনাইছে৷ 
         উল্লেখযােগ্য যে বড়ােসকলৰ লগতে বি টি এ ডিত বসবাস কৰা সকলাে জনগােষ্ঠীকে সম অধিকাৰ প্ৰদান কৰাৰ লক্ষ্যৰে ২০০৩ চনত বি টি চি গঠন কৰা হৈছিল সেইমতে বড়ােসকলৰ উপৰিউক্ত অঞ্চলত বসবাস কৰা আন জনগােষ্ঠী ক্ৰমে কোচ ৰাজবংশী, চাওতাল, নেপালী আৰু নাথ যােগীসকলক সংৰক্ষিত জনগােষ্ঠী হিচাপে স্বীকৃতি দিয়া হৈছিল। ১৯৯০ চনত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে সেই সময়ৰ বড়ােলেণ্ড স্বায়ত্তশাসিত পৰিষদ (বি এ চি)ৰ মুখ্য কাৰ্যবাহী সদস্য প্রেমসিং ব্ৰহ্মই বি এ চিত উক্ত জনগােষ্ঠীকেইটাত সংৰক্ষিত শ্ৰেণী হিচাপে ঘােষণা কৰি ভূমিৰ অধিকাৰ প্ৰদান কৰিছিল। সেই অনুসৰি বি টি এ ডিৰ উক্ত জনগােষ্ঠীকেইটাই আছাম লেণ্ড ৰেভিনিউ ৰেগুলেচন এক্ট ১৮৮৬’ অনুসৰিয়ে সকলাে সুবিধা লাভ কৰি আহিছিল। কিন্তু এতিয়াৰ বি টি এ ডি প্ৰশাসনে অঞ্চলটোত সংৰক্ষিতৰ মর্যাদা লাভ কৰি থকা এই জনগােষ্ঠীবােৰৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। পূৰ্বে বি টি এ ডিত সকলােধৰণৰ ভূমি ক্রয়-বিক্রয় বা হস্তান্তৰ কৰিব পাৰিছিল যদিও যােৱা ১২ জানুৱাৰীত হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ কেবিনেট বৈঠকত ভূমি-ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে ভূমিৰ হস্তান্তৰৰ প্ৰস্তাৱটো উত্থাপন কৰে আৰু বৈঠকত প্ৰস্তাৱ সমন্বিতে গােটেই বিষয়টো আলােচনা কৰি সংৰক্ষিত শ্ৰেণীৰ লােকসকলৰ সংৰক্ষণ বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত ভূমি ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগক পদক্ষেপ ল’বলৈও বৈঠকে নির্দেশ দিয়ে। এই সিদ্ধান্ত কাৰ্যকৰী হ’লে এই জনগােষ্ঠীবােৰে ভূমি কিনাবেচাৰ ক্ষেত্ৰত ইমানদিনে লাভ কৰি অহা অধিকাৰ হেৰুৱাব লাগিব। অর্থাৎ তেওঁলােকে বি টি এ ডিত বড়াে জনগােষ্ঠীৰ লােকৰ পৰা ভূমি ক্ৰয় কৰিব নােৱাৰিব। আনকি এই জনগােষ্ঠীবােৰে নিজৰ মাজত ভূমি কিনা-বেচা কৰিলেও পৰিষদৰ অনুমতিসাপেক্ষেহে কৰিব পাৰিব। স্বাভাৱিকতে প্রশাসনৰ এই সিদ্ধান্তই বি টি এ ডিত বসবাস কৰা উক্ত জনগােষ্ঠীসকলক ক্ষুব্ধ কৰি তুলিছে। কিয়নাে ১২ জানুৱাৰীত গ্ৰহণ কৰা এই সিদ্ধান্তৰ আনুষ্ঠানিক প্ৰস্তাৱত মহিলাৰীয়ে যােৱা ৩১ জানুৱাৰীত স্বাক্ষৰ কৰিছিল। লগতে সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ প্ৰয়ােজনীয় অধিসূচনা জাৰি কৰিবলৈও নির্দেশ দিছে। এতিয়া এই অধিসূচনা জাৰি কৰাৰ পিচতেই নতুন নিয়ম বলৱৎ হ’ব আৰু ইয়াৰ ফলত উক্ত জনগােষ্ঠীৰ লােকসকলে ভূমিৰ ক্ষেত্ৰত পূৰ্বৰ দৰে লাভ কৰা অধিকাৰৰ পৰা বঞ্চিত হ’ব লাগিব। ৰাজ্যখনত ক্ষমতাত থকা একে। দলৰ চৰকাৰে ৰাজ্য চৰকাৰক একাষৰীয়া কৰি বি টি চিত কেনেদৰে এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই লৈও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে সকলাে জনগােষ্ঠীকে সমান অধিকাৰ প্ৰদান কৰাৰ কথা হাগ্ৰামা মহিলাৰীয়ে সভাই-সমিতিয়ে কৈ আহিলেও এতিয়া অধিকাৰ লাভৰ ক্ষেত্ৰত বি টি এ ডিত বড়াে আৰু অবড়ােৰ মাজত বৈষম্য অনা বুলিও অভিযােগ উঠিছে। বি টি এ ডিত বসবাস কৰা অবড়াে লােকসকলৰ অধিকাৰ ক্ৰমাগতভাৱে কৰ্তন কৰি প্ৰশাসনে বড়ােলেণ্ড গঠনৰ দিশত এখােজ এখােজকৈ আগবাঢ়িছে।
         ইফালে ২০১৪ চনৰ লোক সভা নিৰ্বাচনত পুতৌ লগা ধৰণে মুখথেকেচা খোৱাৰপিছত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলটোৰ শক্তিশালী নেত্ৰী তথা অসমৰ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই উত্তেজিত ভাষণ দিয়াৰ পিছতেই কোকৰাঝাৰ জিলাৰ বালাপাৰা, বাক্সা জিলাৰ নৰশিংবাৰী আৰু নাৰায়ণগুৰিত অৰ্ধশতাধিক শিশু, আবাল, বৃদ্ধ-বনিতাক দিনৰ পোহৰত বৰ্বৰ ভাবে হত্যা কৰিছিল৷ এই হত্যাকাণ্ডৰ লগত প্ৰাক্তন বিএলটি তথা বনকৰ্মীকল জড়িত আছিল বুলি প্ৰত্যক্ষদৰ্শীসকলে সাক্ষ্য প্ৰদান কৰাৰ পিছতো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিয়েই ক’ব পাৰি৷ তাৰ পিছৰ সময়ছোৱাত ২০১৫ চনত বিটিচিৰ পৰিষদীয় নিৰ্বাচনত অবড়োসকলে ঐক্যবদ্ধ ভাবে সংগ্ৰাম কৰি হাগ্ৰামা মহিলাৰীৰ দলক সংকটত পেলাইছিল৷ ফলত মুঠ চল্লিচখন আসনৰ ৩৫ খন দখল কৰি থকা দলটোৱে ২০ খন আসনত সীমাবদ্ধ হৈ থাকিব লগা হৈছিল৷ বিটিচিত পৰিষদীয় চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই বিপিএফ দলটোৱে বিভিন্ন প্ৰলোভনৰ ৰাজনীতি অব্যাহত ৰখাৰ সমান্তৰালকৈ দমনৰ ৰাজনীতিও অব্যাহত ৰাখিছে৷ বিভিন্ন আঁচনিৰ ধন আত্মহাৎ কৰাৰ পৰা আৰম্ভ কৰি বৃহৎ বৃহৎ দুনীৰ্তি অব্যাহত ৰাখিছে৷ শাসকীয় দলটোৱে বিটিচিত বসবাস কৰি থকা ১৭ শকাংশ ধৰ্মীয় সংখ্যালঘুলোকক আকৰ্ষিত কৰি ৰখাৰ বাবে পূৰ্বে নথকা দলটোৰ সংখ্যালঘু কোষ গঠন কৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমাধান কৰাৰ ভূৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে৷ 
         শেহতীয়াকৈ নিজৰ স্বৰূপ উদঙাই দিয়া হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলত অন্ধৰ দৰে ‘হয় হুজুৰ’ মনোভাবেৰে নিৰ্লজ্ব ভাবে চোৱা চেলেকা অবড়ো নেতৃত্বই অনাগত সময়ত কি স্থিতি গ্ৰহণ কৰে সেয়া নিশ্চয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব৷ 

Monday, February 12, 2018

গুৱাহাটী বিশ্ববিদ্যালয়ক অসমৰ বৌদ্ধিক কেন্দ্ৰ বুলি বিবেচনা কৰা হয়৷ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমিকা অতুলনীয়৷ ইয়াৰ পৰাই আৰম্ভ হয় প্ৰতিটো শুভ কাম৷ গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত ব্যক্তিসকলে সেইবাবে সকলো স্থানতেই সন্মান লাভ কৰে৷ আমাৰ শিক্ষা গুৰুসকলে অস্বীকাৰ কৰিলেও আজিৰ প্ৰগতিশীল নৱ প্ৰজন্মই তেওঁলোকক আদৰ্শ হিচাপে লৈ চলিবলৈ যত্ন কৰে৷ মোৰো কেইবাজনো প্ৰিয় ব্যক্তি গুৱাহাটী বিশ্ববিদ্যলয়ত শিক্ষাদানৰ লগত জড়িত৷ এই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যত কালিমা সানি এগৰাকী সাম্প্ৰদায়িক ব্যক্তিয়ে অসমৰ পিতৃপুৰুষক চৰম অপমান কৰিলে৷ তথাপিও আমিবোৰে নিৰৱতা অৱলম্ভন কৰিলো৷ আৰএছএছৰ হাতত বিক্ৰী যোৱা অসমৰ তথাকথিত জাতীয়তাবাদ আৰু জাতীয় নায়কেও নিৰৱে-নিৰ্লজ্জ ভাবে সকলো কথা সমৰ্থন কৰিলে৷ যিসকল লোকক আমি সদায় সন্মান কৰো সেইসকল উপাচাৰ্যয়ো কৃষ্ণ গোপাল নামৰ বিকৃত মানসিকতাৰ ব্যক্তিক সমৰ্থন কৰি আমাক লজ্জানত কৰিলে৷ সকলোৱে জানে যে সভাখনত—
মহাপুৰুষ শংকৰদেৱে অসমৰ বাবে একো লিখা নাছিল, ভাৰতৰ বাবেহে লিখিছিল৷ বৰগীত নহয়, ভজনহে লিখিছিল শংকৰদেৱে ৷ 
সুধাকন্ঠই কেৱল গংগাক লৈহে গীত লিখিছিল, লুইতক লৈ নহয়৷ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমখনক ৰক্ষা কৰিছিল৷— এনে ধৰণৰ কিছুমান উদ্ভট মন্তব্যৰে গুৰুজনাৰ লগতে ভুপেন দাকো অপমান কৰি থৈ গ’ল কৃষ্ণ গোপাল নামৰ এজন আৰএছএছ নেতাই(?) ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন সভাত খোদ মুখ্যমন্ত্ৰীৰ লগতে ভালেকেইগৰাকী শিক্ষাবিদ তথা বুদ্ধিজীৱীৰ উপস্থিতিত এনেধৰণৰ কথা কৈ গ’ল অথচ কাৰো সৎ সাহস নহ’ল ইয়াৰ প্ৰতিবাদ কৰিবলৈ ৷
শেহতীয়াকৈ এই বিষয়টো লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ প্ৰগতিশীল ছাত্ৰ-ছাত্ৰীয়ে সামান্য পৰিমাণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ 
এই ক্ষেত্ৰত মন কৰিব লগীয়া যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ লগত সংগতি ৰাখি দিল্লীত অনুষ্ঠিত এখন সভাত এগৰাকী বক্তাই বক্তব্য দিয়াৰ সময়ত মাথো উপস্থিত থকাৰ অপৰাধত (যদিও তেখেতে প্ৰতিবাদ কৰিছিল) অসমৰ স্বনামধন্য বুদ্ধিজীৱী, বৌদ্ধিক আন্দোলনৰ পিতামহ হীৰেণ গোহাই ছাৰক হেয় প্ৰতিপন্ন কৰাৰ বাবে একাংশ সংবাদ মাধ্যমে যৎপৰনাস্তি চেষ্টা চলাইছিল৷ অধিকাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম উত্তপ্ত কৰি অপমানসূচক মন্তব্য, বক্তব্য প্ৰকাশ কৰা হৈছিল৷ আনকি তেখেতক অসম আৰু অসমীয়াৰ সত্ৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত অৱত্তীৰ্ণ হৈছিল একাংশ নিকৃষ্ট আৰু সাম্প্ৰদায়িক মানসিকতাৰ লোকে৷ এটা কথা ঠিক যে অসম আৰু অসমীয়া জাতীয়বাদক বহু পূৰ্বেই দিল্লীয়ে নিয়ন্ত্ৰণ কৰাৰ যি অপচেষ্টা অব্যাহত ৰাখিছিল সেই অপচেষ্টাক চেষ্টাৰ ৰূপ দিয়াই নহয় বাস্তবায়িত কৰাৰ বাবে বৰ্তমানে অসমৰ জাতীয় নায়কে যে উলঙ্গ হৈ নাচিছে সেই কথা শেহতীয়া কৰ্ম-কাণ্ডৰ পৰাই বুজিব পাৰি৷

মোৰ স্পষ্ট মত— অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সৰ্বাধিক কষ্ট স্বীকাৰ কৰা, অসমীয়া জাতিৰ ভেটি নিৰ্মাতা মহাপুৰুষ শংকৰ দেৱৰ মহান সৃষ্টিৰাজিক বিকৃত ৰূপ দিয়াৰ পিছতো যদি কাৰো গাৰ তেজত জোকাৰণি অনুভৱ নকৰে তেন্তে তেওঁ অসমীয়া হৈ থকাৰ নৈতিক অধিকাৰ হেৰাই পেলাব৷

Wednesday, February 7, 2018

Related image ১৯৮৪ চনত ইন্টাৰনেটে আত্ম প্ৰকাশ কৰাৰ পিছত নাটকীয় ভাবে বিশ্বৰ পট পৰিৱৰ্ত্তন হোৱা পৰিলক্ষিত হৈছে। ইন্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিগত তিনিটা দশক আছিল অতিকৈ উল্লেখযোগ্য। ইন্টাৰনেটে নিৰ্ধাৰণ কৰিছে কেনেদৰে আমি বজাৰ কৰিম, কেনেদৰে যোগাযোগ কৰিম, কেনেদৰে আমি বিনোদন কৰিম, কেনেদৰে আমি বিশ্বৰ খবৰ সংগ্ৰহ কৰিম। শেহতীয়াকৈ ছ’ছিয়েল মেডিয়াই জনপ্ৰিয়তা লাভ কৰাৰ পিছত মানুহে প্ৰতিটো সৰু-বৰ কথা বা খবৰ ক্ষন্তেকৰ ভিতৰতে পাবলৈ সক্ষম হৈছে। পূৰ্বতে আমেৰিকাৰ দৰে ধনী দেশৰ বাবে দেশৰ প্ৰতিটো কথা ক্ষন্তেকৰ ভিতৰতে জনাটো সম্ভৱ আছিল যদিও বৰ্তমান সমগ্ৰ বিশ্বই ইন্টাৰনেটৰ সহায়ত এই লাভ পাবলৈ সক্ষম হৈছে। এই সম্পৰ্কে স্পষ্ট ধাৰণা এটা পাবলৈ হ’লে উল্লেখ কৰিব লাগিব যে স্মাৰ্ট ফোনৰ গৰাকীসকলক বাদ দি বৰ্তমান বিশ্বৰ প্ৰায় ৬০ শতাংশ মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰে আৰু প্ৰত্যেকে গঢ়ে প্ৰতিদিনে প্ৰায় ৩ ঘন্টাকৈ ইন্টাৰনেটৰ সুবিধা গ্ৰহণ কৰে।  ১৯৯৩ চনত সমগ্ৰ বিশ্বতেই সৰ্বমুঠ ৱেব ছাইট আছিল মাথো ১৩০ টা ২০১২ চনত এই সংখ্যাই আকাশ চুই ৬৩৪ বিলিয়ন হ’লগৈ।
বিশ্বৰ এই গতিৰ সমান্তৰালকৈ আমি অসমৰ মানুহে আশানুৰূপ আগবাঢ়িব পৰা নাই। সৌ সিদিনালৈকে ৱেবছাইট নাইবা ইন্টাৰনেটত অসমীয়া লিপি বা ভাষা বিচাৰি পোৱা দুৰূহ আছিল। শেহতীয়াকৈ অসমৰ কেইজনমান যুৱকৰ প্ৰচেষ্টাৰ ফলত এই কাম সাধ্য হৈছে। তথাপিও অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত ইন্টাৰনেটত যথেষ্ট সীমাবদ্ধতা আছে। 
সিযিকি নহওঁক, আমি জানো যে ভাৰতীয় গণতন্ত্ৰ মূল চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। ন্যায় পালিকা, কাৰ্য পালিকা, বিধান মণ্ডল আৰু সংবাদ মাধ্যম। এই সংবাদ মাধ্যমে নিজৰ দায়িত্ব ঠিক মতে পালন নকৰিলে গণতন্ত্ৰত ঘূণে ধৰিব। সংবাদ, সাংবাদিকে সমাজ এখনক প্ৰগতিৰ পথত যেনেদৰে আগুৱাই লৈ যাব পাৰে একেদৰে এন্ধাৰৰ ফালেও ঠেলি দিব পাৰে। সংবাদ মাধ্যম অথবা¸ সাংবাদিকে নিৰপেক্ষতাৰ পৰা ফালৰি কাটিলে সমাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। দুৰ্ভাগ্যজনক ভাবে দেখা গৈছে ভাৰবৰ্ষৰ বহু এনে সংবাদগোষ্ঠী আছে যিসকল মুঠেই নিৰপেক্ষ নহয়। একাংশ সংবাদ মাধ্যমে ৰাইজৰ পক্ষত থকাৰ দোহাই দি সাম্প্ৰদায়িক আৰু ভুল বুজাবুজিৰ সৃষ্টিকাৰীসকলৰ লগত একাকাৰ হৈ পৰিছে। ইয়াৰ কাৰণো আছে। সংবাদ মাধ্যম আৰু সাংবাদিক বহুতেই কোনোবা মালিকৰ গোলাম অথবা মুদ্ৰাৰ প্ৰীতিত স্বকীয়তা জলাঞ্জলি দিবলৈ বাধ্য হোৱা বুলি বহুতেই ক’ব খোজিলেও সঁচা কথাটো এই যে, বাধাবিহীন ভাবে সংবাদ মাধ্যম এটাই আগবাঢ়ি যাবলৈ এশ এবুৰি সমস্যাই আগুৰি ধৰে। সমস্যাসমূহৰ মাজত অৰ্থৰ সমস্যাই আটাইতকৈ বৃহৎ। তাৰ পিছত সংবাদ সংগ্ৰহ আৰু মানুহৰ মাজলৈ ইয়াক লৈ যোৱাৰ প্ৰসঙ্গ। আৰু এই সকলোবোৰ কথা প্ৰভাবিত কৰে টকাই। অৰ্থ বা টকা অবিহনে কাকত বা বৈদ্যুতিন মাধ্যম চলাই লৈ যোৱা কিমান কঠিন এই যন্ত্ৰণাৰ সমভাগীসকলে বুজি পাব। শুদ্ধ আৰু নিৰপেক্ষ বাতৰিৰ প্ৰতিশ্ৰুতিৰে আত্মপ্ৰকাশ কৰা বহু সংবাদ মাধ্যম শেষত সংকটৰ মোকাবিলা কৰিব নোৱাৰি হয়তো কলিতে মৰহি যায় অথবা নিজৰ নীতি-আদৰ্শৰ পৰা ফালৰি কাটি যায়। ফলত সংবাদ মাধ্যমৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থা আৰু বিশ্বাস ক্ৰমাৎ নাইকীয়া হৈ পৰিব ধৰিছে। 
‘সংবাদ প্ৰহৰী’ এই ক্ষেত্ৰত ব্যতিক্ৰম। ‘সংবাদ প্ৰহৰী’ নামৰ ৱেব মিডিয়াখনে অসমৰ সংবাদ জগতৰ লগত জৰিত এটা প্ৰতিষ্ঠিত নাম। এই ‘সংবাদ প্ৰহৰী’ প্ৰথমে সাপ্তাহিক হিচাপে বৰপেটা জিলাৰ হাউলীৰ পৰা প্ৰকাশ পাইছিল আৰু পৰৱৰ্ত্তী সময়ত বৰপেটাৰোডৰ পৰা প্ৰকাশিত হৈছিল। সম্পূৰ্ণ নিজৰ মতে চলা আৰু নিজৰ সিদ্ধান্ত নিজে ল’ব পৰা মাথো এজন মানুহে এই সংবাদ মাধ্যমখন জীয়াই ৰাখিছে। অসংখ্য ঘাত-প্ৰতিঘাতৰ মাজেৰে সংবাদ প্ৰহৰী সাপ্তাসিক হিচাপে প্ৰকাশ পাইছিল। অৰ্থ সংকটে সাপ্তাহিকখনৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকক বাৰে বাৰে নিজৰ পথৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিও হাৰ মনাব পৰা নাছিল। তেওঁ ‘কৰিমেই, যি হয় হ’ব’ বুলি সদায় মনোবলেৰে আগবাঢ়ি গৈছিল। 
স্মৃতি আওৰাই থকাৰ বয়স যদিও হোৱা নাই তথাপিও এই ছেগতে কিছু কথা প্ৰকাশ কৰিব লাগিব। মই সদায় এটা কথা বিশ্বাস কৰো আৰু বিভিন্ন সভাতো কওঁ যে, আমাৰ পূৰ্বজসকলে বহু ভুল কৰি থৈ গ’ল, আমি তেওঁলোকৰ পদাংক অনুসৰণ কৰিলে নহ’ব, সেইবোৰ সুধৰাব লাগিব। আমি প্ৰগতিশীল চিন্তাৰে আগবাঢ়িব লাগিব। আমি বহুত বেছি কাম কৰিব লাগিব। জাতীয় অগ্ৰগতি লাভৰ বাবে প্ৰকৃতাৰ্থত সকলো দিশ সামৰি সংগ্ৰাম কৰিব লাগিব। অধিকাংশ সংবাদ মাধ্যম যেতিয়া নিজৰ কৰ্তব্যৰ কথা পাহৰি পেলাইছে সেই সময়ত ৰাইজৰ মাজলৈ শুদ্ধ আৰু সঠিক তথ্যবোৰ লৈ যাব লাগিব, এইটোও সংগ্ৰামৰেই এটা অংশ। 
সংবাদ প্ৰহৰীৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হক ডাঙৰীয়াৰ লগত মোৰ ২০১২ চনত প্ৰথম সাক্ষাৎ হৈছিল। তেওঁৰ জৰিয়তেই মই সংবাদ জগতৰ লগত পৰিচয় লাভ কৰিব পাৰিছিলো। তেওঁ কিবা এটা ব্যতিক্ৰম চিন্তা কৰিব পাৰে বুলি জানিছিলো। কাৰণ তেওঁ যেতিয়া ‘ছেভ’ নামৰ বেচৰকাৰী সংস্থা এটা খুলিছিল তেতিয়া তেওঁ বৰপেটাৰোডত এখন ভাড়াঘৰত থাকে। মই তেওঁৰ লগত ছাঁৰ দৰে লাগি থাকো। মই তেওঁৰ পৰা বহু শিকিব লগা আছিল। বহু কথা শিকিছিলো। ‘ছেভ’ৰ উদ্যোগত আমি প্ৰথমে স্মৃতিচাৰণ সভা এখন কৰিছিলো। তেতিয়াই তেওঁ প্ৰকাশ কৰিছিল ‘ছেভ’ৰ জৰিয়তে তেওঁ কাকত ওলাব, বিদ্যালয় খুলিব, ফিল্ম প্ৰস্তুত কৰিব ইত্যাদি। কথাবোৰ তেতিয়া মানিবলৈ কঠিন আছিল। কাৰণ তেতিয়া প্ৰায়ে সাহিত্যিক হাইদৰ হুছেইনৰ আত্মজীৱনীৰ পাতৰ কথাবোৰ আমাৰ জীৱনত প্ৰতিফলিত হোৱা দেখা পাইছিলো। এক কথাত এক কেজি চাউলৰ চিন্তা মূৰৰ পৰা আঁতৰাব পৰা সক্ষমতা আমি দুটাৰ নাছিল। তাৰ মাজতো মনোবল দৃঢ় আছিল। কিছুদিন পিছত তেওঁ বৰপেটাৰোডৰ পৰা হাউলী লৈ স্থানান্তৰিত হ’ল।  যদিও সকলোকে আচৰিত কৰি হঠাৎ এদিন খবৰ পালো যে তেওঁৰ অক্লান্ত প্ৰচেষ্টাত হাউলীৰ পৰা সাপ্তাহিক ‘সংবাদ প্ৰহৰী’ প্ৰকাশ পাই আছে। 
কিছুদিন পিছত তেওঁ হাউলীৰ পৰা পুনৰ বৰপেটাৰোডলৈকে স্থানান্তৰিত হ’ল। তেওঁৰ সহধৰ্মীনী ছৈয়দ ছানিয়াৰা পাৰবিনে চিলাই প্ৰশিক্ষণ কেন্দ্ৰ খুলিলে। আমি পুনৰ এখন কাৰ্যালয় লৈ সংবাদ প্ৰহৰীৰ কাম কৰিবলৈ ল’লো। কিছুদিন ভালদৰে চলিল। কিন্তু বাৰে বাৰে অৰ্থ সংকটে আমাক বিকল্প চিন্তা কৰিবলৈ সদায় বাধ্য কৰাইছিল। ঘটনাক্ৰমত আমাৰ যোগাযোগ হৈছিল তেতিয়া কলগাছিয়াত বাসকৰা মইন উদ্দিন দাৰ লগত। তেওঁৰ লগত আলোচনা কৰি আমি ইন্টাৰনেটৰ প্ৰশিক্ষণ শিবিৰ এটা মুকলি কৰিলো। শিবিৰৰ পৰা আমাৰ ব্যৱসায়িক ভাবে লোকচান হ’ল যদিও তাৰ পৰা আমাৰ এটা নতুন চিন্তা কৰিব পৰা দিশ উলাল। ছৈয়দ বুলবুল জামানুৰ হক ডাঙৰীয়াই সদায় এটা কথা কৈছিল যে আমি এটা ‘নিউজ ষ্টৰেজ’ বনাব লাগে য’ত অসমৰ প্ৰতিটো বাতৰি পোৱা যাব, যাৰ পৰা আমি প্ৰয়োজন সাপেক্ষে বাতৰি কাকতক যোগান ধৰিব পাৰিম। সেই চিন্তা বাস্তবায়িত কৰা আমাৰ বাবে বহু কঠিন কাম আছিল যদিও ইন্টাৰনেটৰ সহায়ত বাতৰি যোগান ধৰাৰ পথ লাভ কৰিলো। প্ৰথমে অসমীয়া, ইংৰাজী আৰু বাংলা ভাষাত একেলগে www.neonline.in মুকলি কৰিলো। তাৰ পিছত জামানুৰ ডাঙৰীয়াই তেওঁৰ সংবাদ প্ৰহৰীক ৱেব মেডিয়ালৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেতিয়াৰ পৰা আৰম্ভ হ’ল এক নতুন যাত্ৰা। কেইমাহমান এই ৱেব মেডিয়াৰ চূড়ান্ত ৰূপ দিয়াত পাৰ হ’ল। শেষত তেওঁ গুৱাহাটীত থাকি সংবাদ সেৱা কৰাৰ সিদ্ধান্ত ল’লে। সেই সিদ্ধান্ত মৰ্মেই আজি এবছৰ পাৰ হ’ল।
তৃতীয় বৰ্ষপূৰ্ত্তিৰ এই শুভক্ষণত সত্য আৰু ন্যায়ৰ সপক্ষে আপোচহীন যাত্ৰা অব্যাহত থকা সংবাদ প্ৰহৰীৰ উজ্জল ভৱিষ্যত কামনা কৰিলো।

Monday, February 5, 2018

       
        সমাজ সংস্কাৰ কৰিবলৈ চেষ্টা কৰা লোকসকলে বাৰম্বাৰ মুখথেকেচা খালেও নিজৰ নীতি-আদৰ্শৰ পৰা বিচলিত হোৱা নাই। যাৰ ফলতেই অৱশিষ্ট অসমৰ ভাতৃত্ববোধ এতিয়াও বৰ্তি আছে। অসমৰ সকলো সম্পদ দিল্লীৰ নিয়ন্ত্ৰণাধীন হোৱাৰ পিছত অসমীয়া জাতীয়তাবাদকো দিল্লীৰ নিয়ন্ত্ৰণত ৰাখিবলৈ তৎপৰ হৈছে বৰ্তমানৰ চৰকাৰে, দিল্লীৰ সমান্তৰালকৈ শেহতীয়াকৈ নাগপুৰেও অসম আৰু অসমীয়াৰ স্বাভিমান আৰু জাতীয়তাবাদক হস্তগত কৰাৰ বাবে জাল মেলা পৰিলক্ষিত হৈছে। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰী ক্ৰমশঃ থান-বান কৰাৰ চক্ৰান্ত ৰচনা কৰি ‘হিন্দুত্ব’ৰ নামত মানুহক ভুল পথে পৰিচালিত কৰিবলৈ উঠি পৰি লাগিছে। নিৰ্বাচনৰ পূৰ্বে জাতি, মাটি, ভেটিৰ দোহাই দি শাসনৰ গাদি দখল কৰি এতিয়া জাতি মানে ‘মানৱ’ জাতি, মাটি মানে ‘পৃথিৱী’ৰ মাটি, ভেটি মানে ‘ঘৰ’ৰ ভেটি বুলি শাসকীয় দলটোৰ মুখপাত্ৰই নিৰ্লজ্জ ভাবে ঘোষণা কৰিছে। এই সমগ্ৰ ঘটনাবোৰ একাংশ জাত্যাভিমানী লোকৰ বাবে অতি সৰল ভাবে কৰি যাব পাৰিছে চৰকাৰে। উন্নয়ন মাথো শ্ল’গানত সীমাবদ্ধ ৰাখি মানুহক উৎসৱ-পাৰ্বনত ব্যস্ত ৰখাই নহয় হিন্দু-মুছলমানৰ নামত বৃহৎ দেৱাল নিৰ্মাণ কৰাৰ বাবে উঠি-পৰি লাগিছে। আৰু প্ৰগতিশীল লোকৰ মুখ বন্ধ কৰাৰ বাবে দমনৰ ৰাজনীতি আৰম্ভ কৰা হৈছে। আন্দোলনকাৰীক হত্যা কৰা হৈছে, গণতন্ত্ৰক কবৰস্থ কৰা হৈ আছে, সঁচাক মিছা আৰু মিছাক সঁচা কৰাৰ বাবে অপচেষ্টা অব্যাহত ৰখা হৈছে। মানুহৰ মাজত সদায় উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰি ৰখাৰ কৌশল অৱলম্বন কৰা হৈছে। অপসংস্কৃতি জাপি দিয়া হৈছে, মন্ত্ৰী, বিধায়ক অথবা সাংসদৰ দ্বাৰা সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা হৈছে। আনকি একাংশ সংবাদ মাধ্যমেও প্ৰকৃত সত্য আৰু ন্যায়ৰ পক্ষৰ পৰা আঁতৰি আহিছে।
        এই চূড়ান্ত অৱক্ষয়ৰ সময়ত প্ৰগতিশীল লোকে সুস্থ জীৱন নিৰ্বাহ কৰিবলৈ ‘অক্সিজেন’ৰ অভাৱ অনুভৱ কৰিলেও আশাৰ চাকি নুমাই দিয়া নাই। মাথো নেতাৰ কথা আৰু দূৰদৰ্শনৰ বাতৰিৰ ওপৰত নিৰ্ভৰ কৰা লোকসকলে নিজৰ আৰু সমাজৰ সংস্কাৰ কেতিয়া কৰিব সেই কথা একেষাৰতে কৈ দিয়া সম্ভৱ নহয়। কিন্তু এটা কথা ঠিক যে উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব পাৰিলে সকলো কথা নিজেই বুজি পাব আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। 
        পৰাধীনতাৰ শিকলিৰ পৰা ভাৰতৰ জনগণে ১৯৪৭ চনতেই মুক্তি লাভ কৰিও আকাংক্ষিত সপোন বাস্তবায়িত কৰিব নোৱাৰিলে। স্বাধীনতাৰ সত্তৰ বছৰ পাৰ হোৱাৰ পিছতো ভাৰতত ক্ষুধাৰ্ত মানুহৰ সংখ্যা ক্ৰমশঃ বৃদ্ধিহে পাইছে, মৌলিক অধিকাৰৰ পৰা জনগণে বঞ্চিত হৈ আছে। কু-সংস্কাৰ, বাল্য বিবাহ, অন্ধ বিশ্বাস, উচ্চ-নীচৰ ভেদ ভাৱৰ মাজৰ পৰা এতিয়াও মানুহে ওলাই আহিব পৰা নাই। চৰকাৰী শিক্ষা ব্যৱস্থাই প্ৰাথমিক শিক্ষা গ্ৰহণৰ অধিকাৰ দিব পৰা নাই।– এই সকলোবোৰ সমস্যা সমাধান কৰাৰ বাবে প্ৰয়োজন এটা নৱজাগৰণৰ, এটা প্ৰগতিশীল ক্ৰান্তিৰ।

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ