Monday, February 5, 2018

       
        সমাজ সংস্কাৰ কৰিবলৈ চেষ্টা কৰা লোকসকলে বাৰম্বাৰ মুখথেকেচা খালেও নিজৰ নীতি-আদৰ্শৰ পৰা বিচলিত হোৱা নাই। যাৰ ফলতেই অৱশিষ্ট অসমৰ ভাতৃত্ববোধ এতিয়াও বৰ্তি আছে। অসমৰ সকলো সম্পদ দিল্লীৰ নিয়ন্ত্ৰণাধীন হোৱাৰ পিছত অসমীয়া জাতীয়তাবাদকো দিল্লীৰ নিয়ন্ত্ৰণত ৰাখিবলৈ তৎপৰ হৈছে বৰ্তমানৰ চৰকাৰে, দিল্লীৰ সমান্তৰালকৈ শেহতীয়াকৈ নাগপুৰেও অসম আৰু অসমীয়াৰ স্বাভিমান আৰু জাতীয়তাবাদক হস্তগত কৰাৰ বাবে জাল মেলা পৰিলক্ষিত হৈছে। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰী ক্ৰমশঃ থান-বান কৰাৰ চক্ৰান্ত ৰচনা কৰি ‘হিন্দুত্ব’ৰ নামত মানুহক ভুল পথে পৰিচালিত কৰিবলৈ উঠি পৰি লাগিছে। নিৰ্বাচনৰ পূৰ্বে জাতি, মাটি, ভেটিৰ দোহাই দি শাসনৰ গাদি দখল কৰি এতিয়া জাতি মানে ‘মানৱ’ জাতি, মাটি মানে ‘পৃথিৱী’ৰ মাটি, ভেটি মানে ‘ঘৰ’ৰ ভেটি বুলি শাসকীয় দলটোৰ মুখপাত্ৰই নিৰ্লজ্জ ভাবে ঘোষণা কৰিছে। এই সমগ্ৰ ঘটনাবোৰ একাংশ জাত্যাভিমানী লোকৰ বাবে অতি সৰল ভাবে কৰি যাব পাৰিছে চৰকাৰে। উন্নয়ন মাথো শ্ল’গানত সীমাবদ্ধ ৰাখি মানুহক উৎসৱ-পাৰ্বনত ব্যস্ত ৰখাই নহয় হিন্দু-মুছলমানৰ নামত বৃহৎ দেৱাল নিৰ্মাণ কৰাৰ বাবে উঠি-পৰি লাগিছে। আৰু প্ৰগতিশীল লোকৰ মুখ বন্ধ কৰাৰ বাবে দমনৰ ৰাজনীতি আৰম্ভ কৰা হৈছে। আন্দোলনকাৰীক হত্যা কৰা হৈছে, গণতন্ত্ৰক কবৰস্থ কৰা হৈ আছে, সঁচাক মিছা আৰু মিছাক সঁচা কৰাৰ বাবে অপচেষ্টা অব্যাহত ৰখা হৈছে। মানুহৰ মাজত সদায় উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰি ৰখাৰ কৌশল অৱলম্বন কৰা হৈছে। অপসংস্কৃতি জাপি দিয়া হৈছে, মন্ত্ৰী, বিধায়ক অথবা সাংসদৰ দ্বাৰা সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা হৈছে। আনকি একাংশ সংবাদ মাধ্যমেও প্ৰকৃত সত্য আৰু ন্যায়ৰ পক্ষৰ পৰা আঁতৰি আহিছে।
        এই চূড়ান্ত অৱক্ষয়ৰ সময়ত প্ৰগতিশীল লোকে সুস্থ জীৱন নিৰ্বাহ কৰিবলৈ ‘অক্সিজেন’ৰ অভাৱ অনুভৱ কৰিলেও আশাৰ চাকি নুমাই দিয়া নাই। মাথো নেতাৰ কথা আৰু দূৰদৰ্শনৰ বাতৰিৰ ওপৰত নিৰ্ভৰ কৰা লোকসকলে নিজৰ আৰু সমাজৰ সংস্কাৰ কেতিয়া কৰিব সেই কথা একেষাৰতে কৈ দিয়া সম্ভৱ নহয়। কিন্তু এটা কথা ঠিক যে উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব পাৰিলে সকলো কথা নিজেই বুজি পাব আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। 
        পৰাধীনতাৰ শিকলিৰ পৰা ভাৰতৰ জনগণে ১৯৪৭ চনতেই মুক্তি লাভ কৰিও আকাংক্ষিত সপোন বাস্তবায়িত কৰিব নোৱাৰিলে। স্বাধীনতাৰ সত্তৰ বছৰ পাৰ হোৱাৰ পিছতো ভাৰতত ক্ষুধাৰ্ত মানুহৰ সংখ্যা ক্ৰমশঃ বৃদ্ধিহে পাইছে, মৌলিক অধিকাৰৰ পৰা জনগণে বঞ্চিত হৈ আছে। কু-সংস্কাৰ, বাল্য বিবাহ, অন্ধ বিশ্বাস, উচ্চ-নীচৰ ভেদ ভাৱৰ মাজৰ পৰা এতিয়াও মানুহে ওলাই আহিব পৰা নাই। চৰকাৰী শিক্ষা ব্যৱস্থাই প্ৰাথমিক শিক্ষা গ্ৰহণৰ অধিকাৰ দিব পৰা নাই।– এই সকলোবোৰ সমস্যা সমাধান কৰাৰ বাবে প্ৰয়োজন এটা নৱজাগৰণৰ, এটা প্ৰগতিশীল ক্ৰান্তিৰ।

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ