Monday, February 26, 2018


       ১২ জানুৱাৰী, ২০১৮ত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ এক বৈঠকে লােৱা সিদ্ধান্ত অনুসৰি বিটিচি অঞ্চলত সংৰক্ষিত শ্ৰেণীৰ মর্যাদা সহকাৰে দীৰ্ঘদিন ধৰি বসবাস কৰি অহা জনগােষ্ঠীসমূহে তেওঁলােকৰ বিশেষাধিকাৰ হেৰুৱাব লাগিব। অর্থাৎ তেওঁলােকে অঞ্চলটোত মাটি বেচা-কিনাৰ ক্ষেত্ৰত ইমানদিনে ভােগ কৰি অহা অধিকাৰ আৰু ভােগ কৰিব নােৱাৰিব। পৰিষদে গ্ৰহণ কৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ উদ্দেশ্যে প্রয়ােজনীয় অধিসূচনা অতিশীঘ্ৰেই আনুষ্ঠানিকভাৱে জাৰি কৰা হ’ব বুলি জানিব পৰা গৈছে। পৰিষদৰ কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ প্ৰতিলিপি ফাদিল হোৱাৰ পিছতেই বিটিচিত বসবাস কৰি থকা অবড়ো লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ 
সিদ্ধান্তৰ প্ৰতিলিপি-১

সিদ্ধান্তৰ প্ৰতিলিপি-২ 

         সভাই-সমিতিয়ে বিটিচিত বসবাস কৰি থকা সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন আৰু সম অধিকাৰৰ শ্ল’গান আওৰাই হাগ্ৰামা মহিলাৰীয়ে মাথো ভোট সংগ্ৰহৰ নিকৃষ্ট ৰাজনীতি কৰি আহিছে৷ হাগ্ৰামা মহিলাৰীয়ে কৌশলগত ভাবে বিটিচি গঠন হোৱাৰ বহু বছৰ আগৰ পৰা বসবাস কৰি থকা থলুৱা লোকসকলৰ সকলো অধিকাৰ কাঢ়ি নিয়াৰ বাবে কূটিল ষড়যন্ত্ৰ আৰম্ভ কৰিছে আৰু শেহতীয়াকৈ অবড়ো জনসাধাৰণৰ ভূমিৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক যিকোনো মূল্যৰ বিনিময়ত বাধা প্ৰদান কৰিব নোৱাৰিলে যুগ যুগ ধৰি বিটিচিত বসবাস কৰি থকা অবড়ো লোকসকলে সাংবিধানিক সকলো অধিকাৰৰ পৰা বঞ্চিত হৈ মাথো কাম কৰি খোৱাৰ আৰু থকাৰ অধিকাৰ লাভ কৰিব৷ কিন্তু যি হাৰে বিটিএডি অঞ্চলত অত্যাচাৰ সংঘটিত হয় তাৰ পৰা সাধাৰণতেই অনুমান কৰিব পাৰি যে এই অঞ্চলৰ পৰা ক্ৰমাৎ অবড়ো লোকক বহিষ্কাৰ কৰাৰ বাবে একাংশ বড়ো নেতৃত্বই ৰাজনৈতিক কৌশল গ্ৰহণ কৰিছে আৰু প্ৰতিটো কৌশল বাস্তবায়িত কৰি আহিছে৷ ফলত সময়ে সময়ে বিটিচিত ভাতৃঘাতি সংঘাট সৃষ্টি হৈ আহিছে, গণতান্ত্ৰিক আন্দোলন কৰা লোকক হত্যা, দমন কৰি ৰখা হৈ আছে৷ এইখিনিতে মন কৰিব লগা কথাটো হ’ল অশান্তি জৰ্জৰ বিটিচিত ক্ৰমাৎ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে যদিও এই পৰিৱেশ বিঘ্নিত কৰি হাগ্ৰামা মহিলাৰীয়ে বড়ো-অবড়োৰ মাজত পুনৰায় সংঘাতৰ সৃষ্টি কৰি ৰাজনৈতিক মোনাফা লাভ কৰিবলৈ উঠি-পৰি লাগিছে৷ বিটিচিৰ সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়ন আৰু সম অধিকাৰ প্ৰদান নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়া গণ সংগঠন, ছাত্ৰ সংগঠন আৰু প্ৰতিবাদী জনতাক প্ৰতিৰোধ কৰাৰ বাবে শাসকীয় দলটোৱে কূটিল ষড়যন্ত্ৰ যে হাতত নল’ব সেই কথা নুই কৰিব নোৱাৰি৷ ইতিমধ্যে এক বিবৃতি যোগে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক অচিৰেই ভূমি নীতি সন্ধৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে প্ৰত্যাহ্বান জনাইছে৷ 
         উল্লেখযােগ্য যে বড়ােসকলৰ লগতে বি টি এ ডিত বসবাস কৰা সকলাে জনগােষ্ঠীকে সম অধিকাৰ প্ৰদান কৰাৰ লক্ষ্যৰে ২০০৩ চনত বি টি চি গঠন কৰা হৈছিল সেইমতে বড়ােসকলৰ উপৰিউক্ত অঞ্চলত বসবাস কৰা আন জনগােষ্ঠী ক্ৰমে কোচ ৰাজবংশী, চাওতাল, নেপালী আৰু নাথ যােগীসকলক সংৰক্ষিত জনগােষ্ঠী হিচাপে স্বীকৃতি দিয়া হৈছিল। ১৯৯০ চনত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে সেই সময়ৰ বড়ােলেণ্ড স্বায়ত্তশাসিত পৰিষদ (বি এ চি)ৰ মুখ্য কাৰ্যবাহী সদস্য প্রেমসিং ব্ৰহ্মই বি এ চিত উক্ত জনগােষ্ঠীকেইটাত সংৰক্ষিত শ্ৰেণী হিচাপে ঘােষণা কৰি ভূমিৰ অধিকাৰ প্ৰদান কৰিছিল। সেই অনুসৰি বি টি এ ডিৰ উক্ত জনগােষ্ঠীকেইটাই আছাম লেণ্ড ৰেভিনিউ ৰেগুলেচন এক্ট ১৮৮৬’ অনুসৰিয়ে সকলাে সুবিধা লাভ কৰি আহিছিল। কিন্তু এতিয়াৰ বি টি এ ডি প্ৰশাসনে অঞ্চলটোত সংৰক্ষিতৰ মর্যাদা লাভ কৰি থকা এই জনগােষ্ঠীবােৰৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। পূৰ্বে বি টি এ ডিত সকলােধৰণৰ ভূমি ক্রয়-বিক্রয় বা হস্তান্তৰ কৰিব পাৰিছিল যদিও যােৱা ১২ জানুৱাৰীত হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ কেবিনেট বৈঠকত ভূমি-ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে ভূমিৰ হস্তান্তৰৰ প্ৰস্তাৱটো উত্থাপন কৰে আৰু বৈঠকত প্ৰস্তাৱ সমন্বিতে গােটেই বিষয়টো আলােচনা কৰি সংৰক্ষিত শ্ৰেণীৰ লােকসকলৰ সংৰক্ষণ বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত ভূমি ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগক পদক্ষেপ ল’বলৈও বৈঠকে নির্দেশ দিয়ে। এই সিদ্ধান্ত কাৰ্যকৰী হ’লে এই জনগােষ্ঠীবােৰে ভূমি কিনাবেচাৰ ক্ষেত্ৰত ইমানদিনে লাভ কৰি অহা অধিকাৰ হেৰুৱাব লাগিব। অর্থাৎ তেওঁলােকে বি টি এ ডিত বড়াে জনগােষ্ঠীৰ লােকৰ পৰা ভূমি ক্ৰয় কৰিব নােৱাৰিব। আনকি এই জনগােষ্ঠীবােৰে নিজৰ মাজত ভূমি কিনা-বেচা কৰিলেও পৰিষদৰ অনুমতিসাপেক্ষেহে কৰিব পাৰিব। স্বাভাৱিকতে প্রশাসনৰ এই সিদ্ধান্তই বি টি এ ডিত বসবাস কৰা উক্ত জনগােষ্ঠীসকলক ক্ষুব্ধ কৰি তুলিছে। কিয়নাে ১২ জানুৱাৰীত গ্ৰহণ কৰা এই সিদ্ধান্তৰ আনুষ্ঠানিক প্ৰস্তাৱত মহিলাৰীয়ে যােৱা ৩১ জানুৱাৰীত স্বাক্ষৰ কৰিছিল। লগতে সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ প্ৰয়ােজনীয় অধিসূচনা জাৰি কৰিবলৈও নির্দেশ দিছে। এতিয়া এই অধিসূচনা জাৰি কৰাৰ পিচতেই নতুন নিয়ম বলৱৎ হ’ব আৰু ইয়াৰ ফলত উক্ত জনগােষ্ঠীৰ লােকসকলে ভূমিৰ ক্ষেত্ৰত পূৰ্বৰ দৰে লাভ কৰা অধিকাৰৰ পৰা বঞ্চিত হ’ব লাগিব। ৰাজ্যখনত ক্ষমতাত থকা একে। দলৰ চৰকাৰে ৰাজ্য চৰকাৰক একাষৰীয়া কৰি বি টি চিত কেনেদৰে এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই লৈও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে সকলাে জনগােষ্ঠীকে সমান অধিকাৰ প্ৰদান কৰাৰ কথা হাগ্ৰামা মহিলাৰীয়ে সভাই-সমিতিয়ে কৈ আহিলেও এতিয়া অধিকাৰ লাভৰ ক্ষেত্ৰত বি টি এ ডিত বড়াে আৰু অবড়ােৰ মাজত বৈষম্য অনা বুলিও অভিযােগ উঠিছে। বি টি এ ডিত বসবাস কৰা অবড়াে লােকসকলৰ অধিকাৰ ক্ৰমাগতভাৱে কৰ্তন কৰি প্ৰশাসনে বড়ােলেণ্ড গঠনৰ দিশত এখােজ এখােজকৈ আগবাঢ়িছে।
         ইফালে ২০১৪ চনৰ লোক সভা নিৰ্বাচনত পুতৌ লগা ধৰণে মুখথেকেচা খোৱাৰপিছত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলটোৰ শক্তিশালী নেত্ৰী তথা অসমৰ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই উত্তেজিত ভাষণ দিয়াৰ পিছতেই কোকৰাঝাৰ জিলাৰ বালাপাৰা, বাক্সা জিলাৰ নৰশিংবাৰী আৰু নাৰায়ণগুৰিত অৰ্ধশতাধিক শিশু, আবাল, বৃদ্ধ-বনিতাক দিনৰ পোহৰত বৰ্বৰ ভাবে হত্যা কৰিছিল৷ এই হত্যাকাণ্ডৰ লগত প্ৰাক্তন বিএলটি তথা বনকৰ্মীকল জড়িত আছিল বুলি প্ৰত্যক্ষদৰ্শীসকলে সাক্ষ্য প্ৰদান কৰাৰ পিছতো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিয়েই ক’ব পাৰি৷ তাৰ পিছৰ সময়ছোৱাত ২০১৫ চনত বিটিচিৰ পৰিষদীয় নিৰ্বাচনত অবড়োসকলে ঐক্যবদ্ধ ভাবে সংগ্ৰাম কৰি হাগ্ৰামা মহিলাৰীৰ দলক সংকটত পেলাইছিল৷ ফলত মুঠ চল্লিচখন আসনৰ ৩৫ খন দখল কৰি থকা দলটোৱে ২০ খন আসনত সীমাবদ্ধ হৈ থাকিব লগা হৈছিল৷ বিটিচিত পৰিষদীয় চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই বিপিএফ দলটোৱে বিভিন্ন প্ৰলোভনৰ ৰাজনীতি অব্যাহত ৰখাৰ সমান্তৰালকৈ দমনৰ ৰাজনীতিও অব্যাহত ৰাখিছে৷ বিভিন্ন আঁচনিৰ ধন আত্মহাৎ কৰাৰ পৰা আৰম্ভ কৰি বৃহৎ বৃহৎ দুনীৰ্তি অব্যাহত ৰাখিছে৷ শাসকীয় দলটোৱে বিটিচিত বসবাস কৰি থকা ১৭ শকাংশ ধৰ্মীয় সংখ্যালঘুলোকক আকৰ্ষিত কৰি ৰখাৰ বাবে পূৰ্বে নথকা দলটোৰ সংখ্যালঘু কোষ গঠন কৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমাধান কৰাৰ ভূৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে৷ 
         শেহতীয়াকৈ নিজৰ স্বৰূপ উদঙাই দিয়া হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলত অন্ধৰ দৰে ‘হয় হুজুৰ’ মনোভাবেৰে নিৰ্লজ্ব ভাবে চোৱা চেলেকা অবড়ো নেতৃত্বই অনাগত সময়ত কি স্থিতি গ্ৰহণ কৰে সেয়া নিশ্চয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব৷ 

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ