Friday, December 25, 2015

মোৰ হাতত পঞ্চাচ পইচা অহাৰ লগে লগে ঘোৰামাৰা বজাৰৰ নয়ন দাৰ দোকানলৈ গৈছিলো, এখন মাহেকীয়া আলোচনী এদিনৰ বাবে ভাড়াত আনিবলৈ, নয়ন দাক তিনি টকা এটা এডভান্স জমা দিয়া আছিল। স্কুললৈ যোৱা সময়ত দেউতাই দিয়া এটকা দহ দিনলৈ গোটাই থৈ এখন সৰু উপন্যাস কিনিছিলো। মোৰ প্ৰাণৰ বন্ধু স্বাহ আলমক সদায় কৈছিলো - জীৱনত মানুহৰ লগত দুটা পথেৰে চিনাকি হোৱাটো পছন্দ কৰো ১৷ অভিনেতা, ২৷ লেখক।
তেওঁ মোক প্ৰথম অৱস্থাত ঠাট্টা কৰিছিল। সেইবাবে মোৰ কবিতা, গল্প আদি লিখাৰ পিছত তেওঁকেই প্ৰথম পঢ়িব দিছিলো। ক্ৰমশঃ তেওঁ মোক উত্সাহিত কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়াই অসমীয়া খবৰৰ মৌ-মেলত মোৰ প্ৰথমটো কবিতা প্ৰকাশ হৈছিল। মোৰ এজন দাদা আলী আকবৰে তেতিয়া জীৱনৰ প্ৰথমটো উপহাৰ হিচাপে আব্দুচ ছামাদ আহমেদৰ ʼকবিতাৰ ঠিকনাত এখন চিঠিʼ নামৰ কবিতা পুথি আনি দিছিল।
আন এগৰাকী দাদা আলী হুছেইনে(সকলোতকৈ ডাঙৰ হাবে তেওঁক ʼমিয়া ভাইʼ বুলি মাতো) আকৌ মোক ডক্টৰ বনোৱাৰ সপোন ৰচি নৱজ্যোতি মহাবিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তিকৰণ কৰাইছিল আৰু হোষ্টেললৈ যোৱাৰ আগত কাণত ধৰাই কবিতা নিলিখাৰ প্ৰতিজ্ঞা কৰাইছিল, কাৰণ মেট্ৰিতৰ ৰিজাল্টৰ আগতেই মোৰ কবিতা পুথি প্ৰকাশ পাইছিল। এই পুথিখনেই হেনো মোৰ ভাল ৰিজাল্টৰ হেঙাৰ আছিল যাৰফলত নেকি ফাস্টডিভিজন পোৱা নাছিলো। কিন্তু হোষ্টলৰ মনিটৰ মহিৰ দাই মেজমেলত এদিন অপ্ৰত্যাহিত ভাবে ঘোষণা কৰিছিল মই হোষ্টেলৰ বডাৰ হৈ থাকিবলৈ হʼলে পুনৰ বোলে কবিতা লিখিব লাগিব। তেতিয়াই বুকুৰ ভিতৰত জমা হৈ থকা বেদনা ফাটি উলাইছিল। সেইদিনাই বোধহয় মানুহৰ আগত প্ৰথমবাৰৰ বাবে মুকলিকৈ উচুপি উঠিছিলো...........।
তেতিয়া ডায়েৰিৰ পাতত লিখিছিলো ʼমনৰ বিৰুদ্ধে যোৱা বহু কঠিনʼ।
হায়াৰ ছেকেণ্ডৰীত দাদাৰ আশা পূৰণ হʼব পৰাকৈ ৰিজাল্ট হোৱা নাছিল। সেইবাবেই মূলত অসমীয়া মেজৰ লৈ জিএলচিত নাম ভৰ্তি কৰাইছিলো, মোৰ মনৰ সপক্ষে।
কলেজখনৰ বছৰেকীয়া আলোচনী সম্পাদকৰ দায়িত্বও পালো....... আৰু বিএ পাছ কৰিলো, বিশেষ কাৰণ আৰু পৰিস্থিতিত গুৱাহাটীৰ হাতীগাওঁত থাকি কম্পিউটাৰৰ কাম কৰিব লগা হʼল। তাৰ মাজতেই কবিতা চৰ্চাও চলি আছিল। এনেতে বৰপেটাত পাইলট প্ৰজেক্টৰ কাম চলি থকাত আমছুৰ নেতৃত্বত বিশাল আন্দোলনটো হৈছিল, যʼত চাৰিজন আমছুৰ কৰ্মী-সমৰ্থক স্বহীদ হৈছিল। ..... সংখ্যালঘু জাতীয়তাদৰ প্ৰতি আগ্ৰহ তীব্ৰতৰ হৈছিল, অধ্যয়ন কৰাৰ প্ৰয়োজনিয়তা বোধ কৰিছিলো।
..... গুৱাহাটীত থকা নহʼল। গাওঁলৈ উভতি আহিলো।
.... আৰু আমছুৰ কৰ্মী হিচাপে ৰাজপথলৈ ওলাই আহিলো।......



---- এতিয়াও ৰাজপথতেই।
শৈক্ষিক, ৰাজনৈতিক, আৰ্থনৈতিক ভাবে প্ৰতাৰিত এই জনগোষ্ঠীটোৰ হৈ মাত মাতিবলৈ গৈ বহুবাৰ ঘৰৰ শত্ৰুৰ ইতিকিং সহিছো.....। তথাপিও আৰু বহু কৰিবৰ মন যায়...। এতিয়াও যে একোয়ে কৰা হোৱা নাই..........।


কিন্তু আগৰ সেই সোণালী দিনবোৰলৈ উভতি যাব মন যায়।
স্কুলৰ নাট্যাভিনয় আৰু কাকতৰ পাতত কবি হিচাপে নিজৰ নামটো ছপা আখৰত চোৱাৰ হেপাহ জন্মাৰ স্মৃতিয়ে হাত বাউল দি মাতে।


মোৰো সঁহাৰি দিবলৈ মন যায়।
কিন্তু হেয়া জানো সম্ভৱ ? আৰু সঠিক ?

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ