Monday, May 27, 2019

'মই ভাৰতীয় আৰু মোৰ কোষৰ পৰা জন্ম দিয়া পুত্ৰ বাংলাদেশী কেনেকৈ হ’ল ?'- মাতৃ


২৭ মে’ বৰপেটাৰোডঃ
বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ নিচেই কাষৰ ডিটেনশ্বনত বন্দী কদম আলীৰ পৰিয়ালৰ ওচৰত থিয় হ’ল এপিআইচিআৰৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদ৷ ঘটনাৰ বিবৰণী মতে যোৱা প্ৰায় আঢ়ৈ বছৰে গোৱালপাৰা ডিটেনশ্বন কেম্পত বন্দী হৈ আছে দৰিদ্ৰ কদম আলী৷ ফলত তেওঁৰ বৃদ্ধ পিতৃ-মাতৃ, পত্নী আৰু কণ কণ চাৰি সন্তানৰে মুঠ ৭ জনীয়া পৰিয়াল সৰ্বহাৰা হৈ পৰিছে৷ একমাত্ৰ উপাৰ্জনকাৰী কদম আলী ডিটেনশ্বন কেম্পত বন্দী হোৱাৰ বাবে সমগ্ৰ পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে৷
 পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ কদম আলীয়ে কঠোৰ পৰিশ্ৰমৰ বলত প্ৰায় ১০ বিঘা মাটি বন্দকত লৈ খেতি কৰি সুখী পৰিয়ালৰ মাজত আনন্দেৰে জীৱন-যাপন কৰি আছিল যদিও বিদেশী ন্যায়াধীকৰণৰ জাননী লাভ কৰি হতভম্ব হৈ পৰে তেওঁ৷ ৩৪৪/২০১৫ নম্বৰৰ গোচৰত ১-০৮-২০১৬ তাৰিখে অধিবক্তা জাকিৰ হোছেইন শিকদাৰৰ সহযোগত বৰপেটাৰ বিদেশী ন্যায়াধীকৰণ ৯ ত উপস্থিত হৈ ভাৰতীয় হোৱাৰ সকলো প্ৰমাণ লিখিত ৰূপত জমা দিছিল যদিও তেওঁক বিদেশী হিচাপে ঘোষণা কৰি বন্দী কৰি ৰখা হয়৷ সৰ্বহাৰা পৰিয়ালৰ বেদনা ভৰা কাহিনী জানিব পাৰি মানৱধিকাৰ কৰ্মী, ইউটিউবাৰ তথা ডি ভোটাৰসকলৰ দ্বাৰা গঠন কৰা APICR ৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদে ১৯ মে’ তাৰিখে ইউটিব আৰু ফেচবুকত থকা VOICE Riser ত উক্ত পৰিয়ালৰ এটা ভিডিঅ বনাই প্ৰচাৰ কৰে আৰু পৰিয়ালটোক সহায় কৰাৰ বাবে ৰাইজৰ ওচৰত আহ্বান জনায়৷ অতি কম সময়ত কোলাত কেচুৱালৈ মৰ্মান্তিক কাহিনী বৰ্ণাই থকা মহিলা আনোৱাৰা খাতুনৰ ভিডিঅ ভাইৰেল হৈ পৰে। 
ভিডিঅত দিয়া আহ্বান মৰ্মে প্ৰায় ১০ হাজাৰ টকা সংগ্ৰহ হয়৷ আজি সাজাহান আলী আহমেদৰ নেতৃত্বত আমছু, এবিএমছুৰ কৰ্মী আৰু ৰাইজৰ উপস্থিতিত উক্ত পৰিয়ালটোক উক্ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷ আৰ্থিক অনুদান প্ৰদান কৰি আহমেদে সাংবাদিকক জানিবলৈ দিয়ে যে কদম আলীৰ গোচৰ প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়লৈ লৈ যোৱাৰ বাবে APICR য়ে সমস্ত দায়িত্ব গ্ৰহণ কৰিব৷ ইফালে মাতৃয়ে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি চৰকাৰে কৰা চৰম অন্যায়ৰ কথা ব্যক্ত কৰি কয় যে 'মই ভাৰতীয় আৰু মোৰ কোষৰ পৰা জন্ম দিয়া পুত্ৰ বাংলাদেশী কেনেকৈ হ’ল ? চৰকাৰে আমাৰ লগত চৰম অন্যায় কৰিছে।'

Wednesday, May 22, 2019

কদম আলীৰ পিতৃ ওজমান আলীৰ লগত লেখক
বিশ্বাস নামৰ শব্দটো অতিকৈ মৰ্মান্তিক৷ বিশ্বাসহীনতাৰ পৃথিৱীত কাম কৰা অত্যাধিক জটিল৷ বিশ্বাস কৰিব নোৱাৰে সচেতন শিক্ষিত সমাজে, বিশ্বাস কৰিব নোৱাৰে নেতা, শিক্ষক, চাকৰিজীৱী, অধিবক্তা, ডাক্তৰ, অভিজন্তা, ব্যৱসায়ীয়ে৷ আনকি মানৱধিকাৰ সংস্থায়ো বিশ্বাস কৰিব নোৱাৰে মানুহক৷ এই বিশ্বাসহীনতাৰ বেমাৰ আমাৰ মাজত কিয় ? NRC বা নাগৰিকত্বৰ সমস্যাৰ জৰিয়তে জনগোষ্ঠীয় চৰম সংকটৰ সন্ধিক্ষণত আমিবোৰে ইজনে আনজনক বিশ্বাস কৰিব নোৱাৰো৷ এই দুৰ্ভাগ্যজনক পৰিৱেশৰ সৃষ্টি কিয় হ’বলৈ পালে ? আমিবোৰেই আকৌ সেই নবীৰ উম্মত বুলি দাবী কৰো যাক সৰুৰে পৰা কাফিৰসকলেও আল-আমিন (বিশ্বাসী) বুলি সম্বেধন কৰিছিল৷ 

কিয় এই মানৱীয় প্ৰমূল্যবোধৰ সংকট ?

১৯ মে’ তাৰিখে এটা ভিডিঅ তৈয়াৰ কৰিছিলো৷ এগৰাকী মহিলাৰ লগত প্ৰায় ৭ মিনিটৰ হৃদয়বিধাৰক কথোপকথন (ইন্টাৰভিও গ্ৰহণ কৰাৰ পৰা সম্পাদনা কৰা লৈকে বহুবাৰ চকুলো ধৰি ৰাখিব নোৱাৰা হৈছিলো৷ মোৰ লগত সহযোগ কৰিছিল আলিমুল ইছলামে৷) ৷আৰু ‘ভিডিঅৰ মহিলা গৰাকীৰ স্বামী ২ বছৰ ৪ মাহে ডিটেনশ্বন কেম্পত বন্দি। চাৰি গৰাকী সন্তানৰ মাতৃ গৰাকীয়ে কেচুৱা কোলাত লৈ লোকৰ ঘৰত কাম কৰি স্বামীক মোকলাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই গৰাকী মহিলাই স্বামীগৃহৰ ৭ জনীয়া পৰিয়ালটোকো চাব লগা হয়। 
তেওঁলোকৰ বাবে জানো আপোনাৰ মনে কান্দি উঠা নাই !
ইদুল ফিতৰৰ আনন্দৰ পৰা বঞ্চিত হ’ব ধৰা পৰিয়ালটোক আপুনিও কিছু আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে। 
তলত মোৰ একাউন্টৰ তথ্য দিয়া হ’ল¸ আপোনাৰ দান উপযুক্ত সময়ত তেখেতক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হ’ল।
আশা কৰো সহাৰি জনাব।
AC Holder : Shajahan Ali Ahmed.
SBI Simlaguri Branch.
IFSC : SBIN0015078
AC no. 20237822999
Mobile : 9401916223
বৰঙণী প্ৰেৰণ কৰি WhatsApp ত নাম ঠিকনা আৰু দানৰ পৰিমাণ জনাবলৈ অনুৰোধ জনালো। 
(পৰিয়ালটোক লগ পাব বিচাৰিলেও সহযোগিতা কৰা হ’ব)’ — বুলি আমাৰ ইউটিউব চেনেল VOICE Riser ত ২১ মে তাৰিখে প্ৰথমে আপলোড কৰি ফেচকুতক একে নামেৰে থকা পেজতো আপলোড কৰিছিলো আৰু মোৰ ব্যক্তিগত একাউন্টৰ পৰা লিংক শ্বেয়াৰ কৰিছিলো৷ কিছুসময়ৰ ভিতৰেই বন্ধু আশ্ৰাফুল হোছেইনে ফোন কৰি ক’লে— ‘নিজৰ একাউন্ট দিব নালাগিছিল, আপোনাক বহুতে বিশ্বাস নকৰিব, বদনাম কৰিব, মনত দুখ পাব৷ পাৰিলে মহিলাগৰাকীৰ নিজৰ একাউন্ট নম্বৰ দিয়ক৷’ মই ক’লো— মই বদনামক ভয় নকৰো৷ তাইৰ একাউন্টৰ তথ্য মোৰ হাতত নাই, গতিকে ২ বছৰ চাৰি মাহে সকলো মানৱতাবাদীৰ পৰা এন্ধাৰত থকা দুৰ্ভগীয়া পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিয়াৰ বাবে বদনামী হ’বলৈ সাজু আছো৷ ভুল তাতেই হ’ল৷ মই তেওঁৰ কথা মানিব লাগিছিল৷


মই ভাবিছিলো, ইতিপূৰ্বে মহিলাগৰাকীয়ে বিদেশী ন্যায়াধীকৰণ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়লা গৈ জুৰুলা হৈছে৷ গতিকে আমি যদি ভবা ধৰণে ৰাইজৰ সঁহাৰি পাওঁ ঈদৰ সময়ত আৰ্থিক সকাহ দিয়াৰ লগতে উচ্চতম ন্যায়ালয়লৈ যোৱাত সহায় কৰিব পাৰিম৷ কিন্তু আজিৰ দিনটোত (২২ মে’) যিমান ফোনকল পালো, মোক সঁচাকৈয়ে হতাশ কৰিলে৷ মনত দুখ পাইছো৷ কেইবাজনো বন্ধুৱে বিশ্বাস কৰি মোৰ একাউন্টত ১৭৫০ টকা জমা কৰাৰ বিপৰীতে প্ৰায় অৰ্ধ শতাধিক ফোন কল পালো য’ত কোৱা হ’ল মহিলা গৰাকী আপোনাৰ কি হয় ? তাইৰ নিজৰ বা আত্মীয়ৰ একাউন্ট নম্বৰ আছেনে ? আপোনাক আমি কিয় বিশ্বস কৰিম আদি বহু কথা৷ অৱশ্যে মোৰ ভাল লাগিছে যে মহিলাগৰাকীৰ বেদনা উপলব্দি কৰি বহুতে দান কৰাৰ মানসিকতাৰে ফোন কৰিছে৷ 

কদম আলীৰ মাতৃ কমলা খাতুন

ভিডিঅত দেখা মহিলাগৰাকীৰ নাম আনোৱাৰা খাতুন(৩৫)৷ তাইৰ স্বামীৰ নাম কদম আলী(৪৩)৷ বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ নিচেই কাষত তাইৰ স্বামী গৃহ৷ কদম আলীৰ পিতৃ-মাতৃ ক্ৰমে ওচমা আলী(৭০) আৰু কমলা খাতুন (৬০), চাৰি সন্তান ক্ৰমে পিংকী খাতুন (১৫) ৰেজিনা খাতুন (১২), আৰমান আলী (৮), শ্বাহিনা খাতুন (৫)ৰে মুঠ ৭ জনীয়া পৰিয়াল৷ একমাত্ৰ উপাৰ্জনকাৰী কদম আলী ডিটেনশ্বন কেম্পত বন্দি হোৱাৰ বাবে সমগ্ৰ পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে৷ পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ কদম আলীয়ে কঠোৰ পৰিশ্ৰমৰ বলত  প্ৰায় ১০ বিঘা মাটি বন্দকত লৈ খেতি কৰি সুখী পৰিয়ালৰ মাজত আনন্দেৰে জীৱন-যাপন কৰি আছিল৷ হঠাৎ ঘৰৰ ওচৰৰ থানাৰ পৰা সীমান্ত আৰক্ষীয়ে বিদেশী ন্যায়াধীকৰণৰ জাননী আনি দিছিল কদম আলীক৷৩৪৪/২০১৫ নম্বৰৰ গোচৰত ১-০৮-২০১৬ তাৰিখে অধিবক্তা জাকিৰ হোছেইন শিকদাৰৰ সহযোগত বৰপেটাৰ বিদেশী ন্যায়াধীকৰণ ৯ ত উপস্থিত হৈ ভাৰতীয় হোৱাৰ সকলো প্ৰমাণ লিখিত ৰূপত জমা দিছিল৷ মনকৰিবলগীয়া কথাটো হ’ল— দৰিদ্ৰ, শ্ৰমজীৱী, নিৰক্ষৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীৰ নাগৰিকত্ব সন্দেহ হোৱাৰ পিছত মাননীয় অধিবক্তাৰ জৰিয়তে তেওঁৰ ককাৰ ১৯৬৬ চনৰ ভোটাৰ তালিকা, ১৯৯৭ চনৰ পিতৃৰ ভোটাৰ তালিকা, পিতৃৰ ভোটাৰ পৰিচয়পত্ৰ, তেওঁৰ ২০১৬ চনৰ ভোটাৰ তালিকা আৰু গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল৷ বৰ্তমান আমি বিদেশী ন্যায়াধীকৰণত যিবোৰ গোচৰ চলা দেখা পাওঁ সেইবোৰত আৰু অধিক নথিৰ কথা উল্লেখ থাকে৷ যেনে — ১৯৫১ চনৰ NRC, ১৯৫২ চনৰ পৰা ১৯৬৫ চনলৈকে যিকোনো এটা ভোটাৰ তালিকা অথবা সমসাময়িক চৰকাৰী নথি-পত্ৰ, ১৯৬৬ চনৰ পৰা ১৯৭১ চনলৈকে যিকোনো এটা ভোটাৰ তালিকা অথবা সমসাময়িক চৰকাৰী নথি-পত্ৰ, ১৯৮৫ চনৰ পৰা ১৯৮৯ চনলৈকে যিকোনো এটা ভোটাৰ তালিকা অথবা সমসাময়িক চৰকাৰী নথি-পত্ৰ, ১৯৯৩ বা ১৯৯৪ চনৰ যিকোনো এটা ভোটাৰ তালিকা অথবা সমসাময়িক চৰকাৰী নথি-পত্ৰ, ১৯৯৭ চনৰ ভোটাৰ তালিকা, ২০০১ চনৰ পৰা বৰ্তমানলৈকে ৭-৮ বছৰ ব্যৱধানৰ ভোটাৰ তালিকা বা সমসাময়িক নথিপত্ৰ, মহিলাৰ বাবে পিতৃৰ লগত সংযোগী নথি-পত্ৰ আদি৷ ওপৰত উল্লেখ কৰা নথি-পত্ৰবোৰ ক্ৰমানুসাৰে নিজৰ বা পূৰ্বপুৰুষৰ অথবা উভয়ৰ হ’ব পাৰে৷ কিন্তু কদম আলীৰ গোচৰত নথিপত্ৰ কম পৰিমাণে উপস্থাপন কৰা দেখা গৈছে৷ কদম আলী আমাৰ দৃষ্টিত আৰু প্ৰকৃততেই এগৰাকী বৈধ ভাৰতীয় নাগৰিক৷ কাৰণ আজিৰ তেওঁৰ পিতৃ-মাতৃ বা পৰিয়ালৰ সকলো সদস্য বৈধ ভাৰতীয় নাগৰিক৷ কিন্তু বিদেশী ন্যায়াধীকৰণৰ জটিলতাৰ বাবে ২০-০২-২০১৭ তাৰিখে তেওঁ বিদেশী হ’ব লগা হ’ল৷ আৰু বিদেশী ন্যায়াধীকৰণৰ পৰাই তেওঁক গোৱালপাৰা ডিটেনশ্বন কেম্পলৈ লৈ যোৱা হ’ল৷ 
কদম আলৰ নিৰ্জাতিত পৰিয়াল

‘মই কদম আলীক ধৰি লৈ যোৱাৰ খবৰ পাই মাটিতেই আছিলো নে আকাশত পাহৰি গৈছিলো’— কদম আলীৰ মাতৃয়ে আমাক জনাইছিল৷ —‘আমি সীমান্ত আৰক্ষীৰ পৰা সহায়  বিচাৰিলো, কদম আলীক মুক্তি কৰাৰ বাবে কাকুতি-মিনতি কৰিলো, সীমান্ত আৰক্ষীয়ে আমাক এজন অধিবক্তাৰ নম্বৰ দিলে৷ আমি ফোন কৰি লগ কৰিলো, গুৱাহীটৰ শিজুবাৰীৰ জছিম উদ্দিন আহমেদ৷’— আমাক দুৰ্ভগীয়া মাতৃয়ে জনালে৷ অধিবক্তাৰ লগত ৩০ হাজাৰ টকাৰ বন্দবস্তিৰে গোচৰটো উচ্চ ন্যায়ালয়ত চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ ক্ৰমাৎ আৰ্থিক ভাবে জুৰুলা হৈ পৰা পৰিয়ালটোৱে বন্দকত লোৱা মাটিবোৰৰ পৰা টকা উভতাই আনি খৰচ কৰিব লগা হ’ল, তাৰে পৰা ২৫ হাজাৰ টকা অধিবক্তাক দিয়া হ’ল৷ কিছুদিন পিছত কেচটো ভাল নহ’ব বুলি কৈ অধিবক্তাই ২৯-০৩-২০১৭ তাৰিখে উচ্চ ন্যায়ালয়ত ১০০ টকা ফিচ দি অৰ্ডাৰ কপি উলিয়াই পৰিয়ালটোক বিদায় দিলে৷ বাকী ৫ হাজাৰ টকা অধিবক্তাই বিচৰাৰ পাছত দিব নোৱাৰা পৰিয়ালটোৱে বিষাদত উভতি আহি দিকবিদিক হেৰুৱাই পেলালে৷ 
১০ বিঘা মাটিৰ বন্দকৰ টকা শেষ হ’ল৷ কদম আলীৰ পত্নী আনোৱাৰা খাতুনে লোকৰ ঘৰত কাম কৰে৷ ১৩০ৰ পৰা ১৫০ টকা হাজিৰাত কাম কৰে৷ পুষ্টিহীনতাত ভোগা পৰিয়ালটোৰ পোহপাল দিয়ে৷ কোলাৰ কন্যা সন্তান বিকলাঙ্গ৷ দুই কন্যা নৱম আৰু ষষ্ট শ্ৰেণীৰ ছাত্ৰী, একমাত্ৰ পুত্ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ৷ — ভুক্তভোগী মহিলাৰ সন্মুখত মাথো অন্ধকাৰ..................৷৷

আন্দোলনৰ কাৰ্যসূচীৰ আলোকচিত্ৰ—

হাতত লিগেচি নথি লৈ ভুক্তভোগীৰ আন্দোলন

নথি পত্ৰ লৈ ভূক্তভোগীৰ আন্দোলন

ডি ভোটাৰৰ আন্দোলনত মানৱধিকাৰ কৰ্মী হাৰ্ষ মান্দেৰ

আন্দোলনৰ এটা দৃশ্য

১ অক্টোবৰ,২০১৮ ত ডি ভোটাৰসকলৰ প্ৰতি চলি থকা অন্যায়ৰ প্ৰতিবাদত বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৬ শাধিক ভুক্তভোগী পৰিয়ালৰ সহযোগত আমি ৩ ঘন্টীয়া অৱস্থান ধৰ্ণা ৰূপায়ন কৰি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ ১০ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলো৷ মাথো ডি ভোটাৰৰ দ্বাৰা কৰা এইটোৱেই আছিল প্ৰথমটো আন্দোলন৷ এই আন্দোলনত দিল্লীৰ পৰা মানৱধিকাৰ কৰ্মী হাৰ্ষ মান্দেৰৰ লগতে ১০ গৰাকী বিশিষ্ট নাগৰিকে অংশ গ্ৰহণ কৰিছিল৷ সেই আন্দোলনত এই আনোৱাৰা খাতুনে অংশ লৈছিল৷ কিন্তু তেতিয়া সকলো কথা আমাক খুলি কোৱা নাছিল৷ 
সিযিকি নহওঁক নিৰ্মম বাস্তৱৰ মুখামুখী হোৱাৰ পিছত আমি যেতিয়া পৰিয়ালটোক আৰ্থিক সকাহ দিয়াৰ বাবে আহ্বান জনালো তেতিয়া কথাবোৰ সৰ্বস্তৰৰ মানুহৰ মন চুই গ’ল৷ ধিং ৰ বিধায়ক আমিনুল ইছলামে আমাৰ পেজৰ পৰা উক্ত ভিডিঅ ডাউনলোড কৰি উপযুক্ত ঠিকনা পালে আৰ্থিক সহযোগিতা কৰিব পাৰিলে হেঁতেন বুলি ফেচবুকত পোষ্ট কৰিলে৷ ভিডিঅটোৱে অতি কম সময়ৰ ভিতৰত ভাইৰেল হৈ পৰিল৷ তেওঁৰ পেজৰ পৰাই প্ৰায় ১.৩ লাখ ভিউ, ৪ হাজাৰ শ্বেয়াৰ হ’ল৷ ভিডিঅৰ মাজত দুবাৰকৈ মোৰ মোবাইল নম্বৰ প্ৰকাশ কৰা হৈছে৷ বিধায়ক গৰাকীয়ে সেই মোবাইল নম্বৰত এবাৰো যোগাযোগ কৰিব আহৰি নাপালে৷ ভিডিঅ ভাইৰেল হোৱাত অত্যাধিক ফোন কল লাভ কৰিহে জানিলো যে আমাৰ ভিডিঅ ভাইৰেল হৈছে৷ লগে লগে বিধায়ক গৰাকীক মেছেজ কৰিলো যে যদি পৰিয়ালক সহায় কৰিব বিচাৰে তেন্তে আমাৰ সৈতে যোগাযোগ কৰিলে সহযোগিতা কৰা হ’ব৷ উত্তৰত ধন্যবাদ বুলি লিখি থৈ দিলে৷ নিশা লৈকে কেইবাজনে ফোন কৰিলে যে তেওঁলোকক হেনো বিধায়কে পৰিয়ালৰ একাউন্ট নম্বৰ বিচাৰি অনুৰোধ কৰিছে৷ —আমি অপমান বোধ কৰিলেও মহিলা গৰাকীৰ একাউন্ট নম্বৰ যোগাৰ কৰিছো আৰু অচিৰেই IFSC ৰ সমস্যা সমাধান কৰি ৰাজহুৱা কৰিম৷ কাৰণ আমাক বিশ্বাস কৰক বা নকৰক পৰিয়ালটোৰ প্ৰতি জাতে সকলোৱে মানৱতা প্ৰদৰ্শন কৰাৰ সুবিধা পায় আৰু নকৰক যন্ত্ৰণাৰ পৰা পৰিয়ালটোৱে পৰিত্ৰাণ পায়৷ 
আমাৰ সচেতন শিক্ষিত সমাজ, ৰাজনৈতি-অৰাজনৈতিক নেতা, শিক্ষক, চাকৰিজীৱী, অধিবক্তা, ডাক্তৰ, অভিজন্তা, ব্যৱসায়ীসকলে সমাজৰ এই দুখবোৰ কেতিয়া নিজৰ চকুৰে দেখা পাব ? 
কি কাৰণত এনেবোৰ হাজাৰ হাজাৰ যন্ত্ৰণাৰ কাহিনী তেওঁলোকৰ চকুত ধৰা নিদিয়ে ? প্ৰতিজন সংখ্যালঘু বিধায়কে এজনকৈয়ো যদি সামাজিক কৰ্মীক তথ্য সংগ্ৰহৰ কামত নিয়োজন কৰি এনেবোৰ কঠোৰ বাস্তৱ পোহৰলৈ আনিব পাৰিলে হেঁতেন কদম আলীৰ দৰে হাজাৰ হাজাৰ নিৰিহজনে ন্যায় লাভ কৰিবলৈ সক্ষম হ’ল হেঁতেন৷

—সাজাহান আলী আহমেদ
সমন্বয়ক, ডি ভোটাৰ গৱেষণা কেন্দ্ৰ, বৰপেটাৰোড৷
সাধাৰণ সম্পাদক, APICR

Wednesday, May 8, 2019




           মাননীয় উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত আজি ০৮.০৫.২০১৯ ইং তাৰিখে ৰাতিপুৱা ১০.৩০ বজাত NRC সম্পৰ্কীয় গোচৰৰ শুনানী অনুষ্ঠিত হয়। বৰ্তমান ৰাজ্য ব্যাপি চলি থকা objection hearing ত  আপত্তিকাৰী (objection কৰোতা) উপস্থিত নথকা বিষয়টি মাননীয় উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰাত মাননীয় ন্যায়ালয়ে ৰাজ্যিক সমন্বয়ক শ্রী প্রতীক হাজেলাক আইনমতে সিদ্ধান্ত দিবলৈ নিৰ্দেশনা দিয়ে। আপত্তিকাৰী উপস্থিত থাকক বা নাথাকক আইনৰ কথা মনত ৰাখি ৰাজ্যিক সমন্বয়কক নিজৰ বিবেচনাৰে সেই সমূহ নিষ্পত্তি কৰি ৩১ জুলাই বা তাৰ এদিনৰ পূৰ্বে পূৰ্ণাঙ্গ NRC প্ৰকাশ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। আপত্তিকাৰীৰ সবিশেষ তথ্য যাৰ বিৰুদ্ধে আপত্তি কৰিছে তেওঁক দিয়া নিদিয়া বিষয়টিয়ো ৰাজ্যিক সমন্বয়কৰ বিবেচনাৰ ওপৰত এৰি দাবী-আপত্তি নিস্পত্তিৰ ক্ষেত্ৰত ৰাজ্যিক সমন্বয়ক শ্রী প্রতীক হাজেলাক সম্পূৰ্ণ স্বাধীনতা দি মুঠতে এদিনো বিলম্ব নকৰাকৈ ৩১ জুলাই বা তাৰ এদিন পূৰ্বে চূড়ান্ত NRC প্ৰকাশ কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰে। NRC সম্পৰ্কীয় এই আবেদনৰ পুনৰ ১০ জুলাই, ২০১৯ ইং তাৰিখে শুনানী অনুষ্ঠিত হব। 

          আপত্তি আবেদন দাখিল কৰাৰ অন্তিম তাৰিখত নিৰ্বিচাৰে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ কিছু সংগঠনৰ সহযোগত হকে বিহকে কোনো বিচাৰ বিবেচনা নকৰাকৈ কেৱল বিশেষ সম্প্ৰদায়ৰ ৰাইজক শাৰীৰিক মানসিক আৰু আৰ্থিক ভাৱে নিৰ্যাতন চলোৱাৰ উদ্দেশ্যৰে দাখিল কৰা আপত্তি আবেদন সমূহ যে কেৱল NRC প্ৰস্তুতকৰন প্ৰক্ৰিয়াত জটিলতা সৃষ্টি কৰাৰ বাবেহে কৰিছিল সেয়া আজি প্ৰমানিত হৈছে। Objection hearing ত আপত্তিকাৰী উপস্থিত নাথাকিলে সেই আপত্তি খাৰিজ কৰি একপক্ষীয় সিদ্ধান্ত দিব লাগে। যিহেতু ৰাজ্যিক সমন্বয়ক শ্রী প্রতীক হাজেলাক দাবী আপত্তি নিষ্পত্তিৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে সেয়ে অযথাই দাখিল কৰা আপত্তি আবেদন সমূহ খাৰিজ কৰি ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ ভাৰতীয় নাগৰিকক ৰাজ্যিক সমন্বয়ক শ্ৰী প্ৰতীক হাজেলাই উচিত ন্যায় প্ৰদান কৰিব বুলিও আমি আশাবাদী। অবৈধ বিদেশী সমস্যাৰ চূড়ান্ত সমাধানৰ লগতে বছৰ বছৰ ধৰি বিদেশীৰ নামত অত্যাচাৰিত হৈ থকা সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজে এই অপবাদৰ পৰা মুক্তি পোৱাৰ স্বাৰ্থত NRC প্ৰস্তুতকৰন প্ৰক্ৰিয়াত পূৰ্বৰ দৰে সহযোগ কৰা উচিত।  মিছাতে যিসকলে আপত্তি আবেদন দাখিল কৰি সমগ্ৰ প্ৰক্ৰিয়াটোতে বিধিপথালি দিব বিচাৰি আছে বা অযথাই ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি থকা ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি আছে তেনে দুষ্ট প্ৰকৃতিৰ লোক বা সংগঠনৰ নেতৃত্বক তদন্ত মৰ্মে চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাওঁ । অন্যথাই তেনে ব্যক্তিৰ  বিৰূদ্ধে নাগৰিকত্ব আইনৰ ধাৰা ১৭ অনুসৰি গোচৰ তৰি  আইনৰ জৰিয়তে বিহীত ব্যৱস্থা লবলৈ ভুক্তভোগী ৰাইজক আহ্বান জনালো।

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ