Wednesday, December 27, 2017

Image result for dark city

নিৰৱে শুই থাকে নিৰাপত্তাহীন চহৰে যেতিয়া এন্ধাৰে গ্ৰাস কৰে গলিবোৰ আৰু কৰুণ কণ্ঠে কুকুৰে বিনায় দূৰ-দূৰণীত অথবা খোজে খোজে যাযাবৰ পথিকৰ। তেতিয়াও; চহৰখনে শুই থাকে ক্ৰমশঃ ঘনীভূত আশংকাত ডুবি ডুবি।
কল্পনাৰ সাগৰত মৃত্যুদণ্ড হয় হাজাৰ অগ্নিশিখা।
অভিশপ্ত সময়ৰ কৰুণ প্ৰবাহ সংস্কাৰৰ ধুসৰ সপোন।
চহৰখনে কথা ক’ব নাজানে এন্ধাৰ গলিবোৰে মেৰুদণ্ড ভাঁজ লগাই শুই থাকে। গছকি যায় নিৰ্লজ্জ¸ অহংকাৰী জন গণ অধিনায়ক … শোষণ আৰু ফেচিবাদৰ ধ্বজাবাহকৰ দল¸ দিনৰ পোহৰে অনুজ্ঞাপত্ৰ বিতৰণ কৰে তেওঁৰ বুকু খান্দি চোবাই খাবলৈ কলিজা। তেতিয়াও চহৰখনে শুই থাকে …৷৷

Wednesday, September 27, 2017

মুক্ত ভাবে কিছু কথা লিখিম, যিবোৰ পঢ়াৰ ধৈৰ্য বহুতৰে নাই৷ তথাপিও কথাবোৰ নক’লে ভাল লাগি থকা নাই৷ কাৰণ এতিয়া ‘খালি টেমা’বোৰে কটু শব্দৰ শৰ নিক্ষেপ কৰি বুকু চিৰাচিৰ কৰি ৰাখিছে আৰু মিৰ্জাফৰৰ উপস্থিতি সোঁৱৰাইছে৷

     ম্যানমাৰৰ নৰহত্যাযজ্ঞ দেখি চকুলো নোলোৱা মানুহ বোধহয় নাই৷ ইয়াৰ সমাধান হোৱাটো প্ৰত্যেকজন মানুহে কামনা কৰে৷ কিন্তু নেলী, গহপুৰ, চাউলখোৱা, বাঁহবাৰী, কোকৰাঝাৰ, উদালগুৰি, নাৰায়ণগুৰি আদি স্থানত সংগঠিত বৰ্বৰ হত্যাযজ্ঞৰ সময়ত নিৰৱ ভূমিকা পালন কৰাসকলে ৰহিঙ্গাৰ স্বাৰ্থত ‘আত্মহত্যা কৰিম’ বুলি ক’লে নিশ্চয় আপত্তি থাকিব৷ 
      যিদৰে আপত্তি থাকে সাংসদ উন্নয়নৰ পুঁজি ব্যায় কৰাত ব্যৰ্থ হোৱা সাংসদে গৰাখহনীয়াৰ কবলত পৰি মাটি-ভেটি হেৰুৱা নিৰিহ জনসাধাৰণৰ আগত চকুলোৰ বন্যা বোৱাই গৰাখহনীয়া ৰোধৰ বাবে মোনাজাত কৰা ভণ্ডবোৰৰ কৰ্মকাণ্ড দেখিলে৷ 
       আৰু আপত্তি থাকে যেতিয়া মাত্ৰ ব্যৱসায়ৰ স্বাৰ্থত ‘কিং মেকাৰ’ হোৱা আৰু মানুহক মুক্তিৰ পথৰ সন্ধান দিয়াৰ প্ৰলোভনেৰে ভোট আদায় কৰি ডুবাইত বহি নিজৰ মোনাফা লোৱা সকলৰ অন্ধভক্তসকলৰ কৰ্মকাণ্ডবোৰৰ প্ৰতি৷
       প্ৰতিবাৰেই ছলনা কৰি অশিক্ষিত আৰু অৰ্ধ শিক্ষিত লোকসকলক ৰিচাৰ্জ কাৰ্ডৰ দৰে ব্যৱহাৰ কৰি পেলাই দিলে, ডি ভোটাৰৰ সমস্যা সমাধান কৰাৰ বাবে গোচৰ তৰি প্ৰত্যাহাৰ কৰিলে, সকলো দিশতে বঞ্চিতসকলৰ উন্নতিৰ সপোন দেখুৱাই ধৰ্মীয় আবেগেৰে পৰিৱেশ নষ্ট কৰিলে আপত্তি থাকিবই৷ আপত্তি থাকিব পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কৰি জাতীয় নেতা হ’বলৈ আহিলে৷
     লগতে সেইসকলৰ ওপৰতো আপত্তি থাকে যিসকলে সংখ্যালঘুসকলক ভোটবেংক কৰি ৰখাৰ বাবে সদায় পিছ পেলাই ৰাখিছে৷ লাঞ্চনা, বঞ্চনা সহ্য কৰিবলৈ অভ্যস্ত কৰি ৰাখিছে৷ পোহৰৰ পৰা আঁতৰাই ৰাখিছে৷ যিসকলে জীৱীত ৰখাৰ নাটকেৰে জাতিটোক ক্ৰমশ শেষ কৰি গৈ আছে৷
------------------------------------------------------------------------------------------------------------------------
    ভালে কেইদিন আগতেই ফেচবুকৰ পৰা নিজকে আঁতৰাই ৰাখিছিলো৷ কাৰণ ফেচবুকত বহু ভূৱা লোক আছে যিসকলে হকে-বিহকে গালি-গালাজ আৰু অপমান সূচক কথাৰে সুস্থ চিন্তাত আঘাত কৰে৷ ‘ছছিয়েল মিডিয়া সন্ত্ৰাস’ৰ বাবে ভাল কামবোৰো বিপথে পৰিচালিত হয়৷ কিছুমান লোকে উদ্দেশ্য প্ৰনোদিত ভাবে ছছিয়েল মিডিয়াত সৰব ভূমিকা পালন কৰাৰ বাবে কিছুমান শব্দৰ খনিকৰক নিয়োগ কৰি ৰাখে৷ সেইবোৰ সেন চকুৰ পৰা নিজকে আঁতৰাই ৰাখি সুস্থ জীৱন-যাপন কৰাৰ প্ৰবল ইচ্ছা বুকুত আছিল৷ (ইয়াৰ বাবে বহুতে মোক পলায়নবাদী বুলিও কৈছিল) কিন্তু শেহতীয়াকৈ সংখ্যালঘু জনসাধাৰণৰ প্ৰিয় সংগঠন ‘সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে’ বিশেষ দায়িত্ব প্ৰদান কৰাৰ বাবে ছছিয়েল মিডিয়াত পুনৰ আহিবলৈ বাধ্য হ’লো৷ 
       ১৬ চেপ্টেম্বৰ, ২০১৭ তাৰিখে আমছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাৰ জড়িয়তে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ জাতীয় সংকটৰ সময় সমাগত সেই বাবে গুৰুত্ব সহকাৰে আৰু সুক্ষ্ম ভাবে দীৰ্ঘ সময় ধৰি সুস্থ চিন্তা-চৰ্চা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰো ‘মহাসংগ্ৰাম’ কৰাৰ বাবে৷ আমাৰ লক্ষ্য এককোটি জনসাধাৰণক ৰাজপথলৈ লৈ অহা৷ আৰু তাৰ বাবেই আমিবোৰে জিলাই জিলাই বিশাল প্ৰতিবাদী সভাসমূহ কৰি আছো৷ আমাৰ মূল চিন্তা যে আমি যাতে চক্ৰান্তকাৰীসকলৰ দ্বাৰা ‘ৰহিঙ্গা’ নহওঁ৷ (ইতিহাসে কিন্তু সোঁৱৰায় যে ৰহিঙ্গা আৰু অসমৰ মিঞাৰ অৱস্থা একে পথেৰেই গতি কৰিছে৷)


        এই প্ৰশ্ন কেইটাৰ বিষয়ে গভীৰ ভাবে চিন্তা নকৰা সকলে আমছুৰ এই ব্যতিক্ৰমি সংগ্ৰামক সহজ ভাবে ল’ব পৰা নাই৷ যেতিয়া আমছুৱে জাতীয় অস্তিত্ব ৰক্ষাৰ শেষ সংগ্ৰাম কৰিব বিচাৰিছে, তেওঁলোকে আমছুক সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে৷ এটা কথা প্ৰায় নিশ্চিত যে এই সংগ্ৰামত পৰাজিত হ’লে আমছুক সন্দেহৰ চকুৰে চোৱাসকলৰো অস্তিত্ব জীয়াই নাথাকিব৷ মৃত্যুৰ সোৱাদ চাকি যিদৰে পুনৰ জীৱীত হ’ব নোৱাৰি একেদৰে ‘আমছুৱে মহাসংগ্ৰাম নকৰিলে কি হ’ব চাওঁ’ বুলি প্ৰশ্ন কৰোতাসকলকো সেই অভিজ্ঞতা দিব নোৱাৰি৷ —আমছুৱে যিহেতু মূলতে নাগৰিকত্বৰ প্ৰশ্নতে জন্ম লাভ কৰিছিল আৰু এতিয়াও বলিষ্ঠ আৰু জাতীয় স্বাৰ্থত আপোচহীন (সেইকথা কোনোবায় স্বীকাৰ নকৰিলেও আমছু বিচলিত নহয়) সেইবাবে বহু কথা আমছুৱে যিমান জানে তেওঁলোকে (যিসকলে সন্দেহ কৰে) সিমান নাজানে আৰু বহু কথা আমছুৱে মুকলিকৈ ক’ব নোৱাৰে (সেই কথাবোৰ অগনতান্ত্ৰিক নহয়)৷ কাৰণ সন্দেহবাদীসকলত কৈ শত্ৰুপক্ষ যথেষ্ট বেছি চতুৰ আৰু জ্ঞানী৷ মুঠতে আগত কোনে কি কৰি গৈছে বা আমছুৰ পৰা ওলাই গৈ কোন ৰাজনৈতিক মতাদৰ্শৰ লগত মিলি কি কৰিছে সেইবোৰ জাতীয় নেতৃত্বৰ চিন্তাৰ বহিৰ্ভূত বিষয়৷ কাৰণ জাতি যে গভীৰ সংকটত সেই কথা তেওঁলোকে জানে৷ 
                                                                                                 ক্ৰমশঃ

Friday, September 15, 2017

Image result for student from char chapori

ছাচ্চাৰ কমিটিৰ প্ৰতিবেদনৰ পৰা বহু কথা জানিব পৰা যায়৷ তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ধৰ্মীয় সংখ্যালঘু সকলৰ শিক্ষাৰ অৱস্থা৷
জানিব পৰা মতে চৰ-চাপৰি অঞ্চলত মাত্ৰ ১৯.৩২ শতাংশ লোক শিক্ষিত (এতিয়া অলপ বাঢ়িব পাৰে)৷
মই যিমানদূৰ জানো এই অঞ্চল সমূহৰ প্ৰাথমিক বিদ্যালয় সমূহত ছাত্ৰ অনুপাতে শিক্ষকৰ হাৰ পুতৌ লগা ধৰণে কম৷ 
শেহতীয়াকৈ টেটৰ জড়িয়তে নিয়োগ কৰা শিক্ষকৰ অধিকাংশই বদলি হৈ অইন ঠাইলৈ আঁতৰি গৈছে৷ ফলত এই অঞ্চলবোৰৰ শিক্ষাৰ বিশেষ অগ্ৰগতি লাভ কৰা নাই৷ এয়া নিশ্চয়কৈ দুৰ্ভাগ্যজনক৷ 
যোৱা কেইদিন মানৰ পৰা এই অঞ্চলবোৰত শিক্ষয়িত্ৰীসকল সুৰক্ষিত নহয় বুলি সামাজিক মাধ্যমত তোলপাৰ লাগিছে (সঁচা-মিছা প্ৰমাণ কৰাৰ বাবে উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন)৷ বহু ৰাজনৈতিক নেতা আৰু সাম্প্ৰদায়িক চৰিত্ৰৰ লোকে ইয়াকলৈ নিকৃষ্ট ৰাজনীতি কৰা দেখা গৈছে৷ যিটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়৷ কিছুমান গেৰুৱা নেতাই ‘সংখ্যালঘু অঞ্চলবোৰত এইবোৰ হয়’ বুলি মত ব্যক্ত কৰি সমগ্ৰ সংখ্যালঘু ৰাইজক নিকৃষ্ট মানসিকতাৰ বুলি বুজাব বিচাৰিছে৷ 
----------------------------
ইয়াৰ সমাধান ক’ত— 
১৷ ওপৰত উল্লেখ কৰা কথাবোৰ দায়িত্বশীল চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰা প্ৰয়োজন৷ 
২৷ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে আৰু অপৰাধীক দৃষ্টান্তমূলক শাস্তিৰ প্ৰদান কৰিব লাগে৷
৩৷ যিবোৰ অঞ্চলত এনে নিকৃষ্ট ঘটনা সংঘটিত হৈছে সেই অঞ্চলত চৰকাৰী-বেচৰকাৰী ভাবে সজাগতাৰ সৃষ্টি কৰি ভৱিষ্যত সুৰক্ষিত কৰিব লাগে৷
৪৷ এই অঞ্চলৰ পৰা এগৰাকী শিক্ষক-শিক্ষয়িত্ৰীকো বদলি কৰিব নালাগে, প্ৰয়োজনত নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে৷ অন্যথায় এই ব্যধি দীৰ্ঘ দিনৰ বাবে বাহাল থাকিব, যিটো সুস্থ আৰু সভ্য মানুহে কেতিয়াও কামনা নকৰে৷ 
৫৷ ‘শিক্ষা’ক লৈ ৰাজনীতি কৰা বন্ধ কৰিব লাগে৷
------------------------------
সচেতন আৰু সাংগঠনিক বন্ধু সকলে এই বিষয়বোৰৰ অৱসান ঘটাব লাগে৷ এনেকুৱা এটা মহল থাকিব পাৰে যিসকলে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা সকলক অধিক পিছ পেলাই ৰখাৰ কূটিল ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে৷ তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন সচেতন লোকে সুস্থ সমাজ গঠনৰ অংশীদাৰ হ’ব লাগে৷
------------------------------
‘আমাক এখন জ্ঞানৰ দ্বাৰা পৰিচালিত সমাজ ব্যৱস্থা লাগে’


—সাজাহান আলী আহমেদ
শিক্ষা সম্পাদক, ‘আমছু’

Friday, September 1, 2017

Image result for radhakrishnan১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে । তেওঁৰ দেউতাকৰ নাম আছিল বীৰা স্বামী আৰু মাতৃৰ নাম সীতামা আছিল। ৰাধাকৃষ্ণণৰ ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃৰ তত্বৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয় , বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাক্ষ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিন্ধান্ত লয়। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে । জীৱনত তেওঁৰ কৰ্ম ৰাজিৰ বাবে বিভিন্ন পুৰষ্কাৰেৰে সন্মানিত হৈছিল । ১৯৫৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰে ।
ড০ ৰাধাকৃষ্ণণ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় তেতিয়া ৫ ছেপ্তেম্বৰৰ দিনাখন তেওঁৰ জন্মদিন পালনৰ বাবে এগৰাকী ছাত্ৰই অনুমতি বিচাৰিছিল । তেতিয়া সিদ্ধ পুৰুষ, মহান গুণৰ অধিকাৰী গৰাকীয়ে কৈছিল যে –মোৰ জন্মদিন পালন কৰিব বিচৰাটো মোৰ বাবে গৌৰৱৰ বিষয় কিন্তু এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই আৰু অধিক আনন্দিত হম । লগতে তেওঁ শিক্ষকসকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰি কয় যে- "teachers should be the best minds in the country" । তাৰ পিছত ১৯৬২ চনৰ পৰা প্ৰতি বছৰে ৫ ছেপ্তেম্বৰ তাৰিখটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে ।
এই দৰে কেৱল এগৰাকী শিক্ষাপ্ৰাণ তথা সমাজখন শিক্ষাই পোহৰাব পাৰে বুলি বিশ্বাস কৰা ব্যক্তিয়েই কব পাৰে । যি দৰে তেখেতে কৈছিল । ৰাষ্ট্ৰপতি হোৱাৰ পাছতো তেখেতে শিক্ষকতাকেই অধিক গুৰুত্ব দিছিল । পল আৰ্থাৰ স্কিলিপছে ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব অতুলনীয় বুলি কৈছিল । বিদেশত পঢ়ি থকা সময়তো সেই শিক্ষানুষ্ঠানখনক নিজৰ উপাসনাস্থলীৰ দৰেই পৱিত্ৰ বুলি জ্ঞান কৰিছিল । ইয়াৰ পৰা এটা কথা প্ৰতিয়মান হয় যে শিক্ষানুষ্ঠান এখন মন্দিৰ-মছজিদ-গীৰ্জা আদিৰ দৰেই পৱিত্ৰ । এই উপাসনা গৃহসমূহত মানুহে পৱিত্ৰ হৈ প্ৰৱেশ কৰে আৰু তাত কোৱা প্ৰতিটো কথা মনোযোগেৰে উপলব্ধি কৰে । সাধনাৰ পথ সেয়ে কঠিন বুলি কোৱা হয়। আজিৰ আধুনিক যুগত পদে-পদে শিক্ষানুষ্ঠান গঢ়ি উঠিছে। শিক্ষাৰ প্ৰসাৰৰ বাবে শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱাটো ভাল কথা । কিন্তু সেই বিদ্যাৰ মন্দিৰৰ পৰিৱেশ মাৰ্জিত আৰু পৱিত্ৰ হোৱাৰ প্ৰতিও গুৰুত্ব দিব লাগিব । আজিকালি বিদ্যালয়সমূহত মবাইল ফোন, মটৰ চাইকেলকে ধৰি বিভিন্ন ধৰণৰ চাল-চলনেৰে শৈক্ষিক পৰিৱেশ কলুষিত কৰি থকা হৈছে । যুগৰ লগত খাপ খোৱাই চলিবলৈ এই নতুন প্ৰযুক্তিৰ সা-সুবিধাবিলাক আমি গ্ৰহণ কৰিব লাগিব যদিও এইবিলাকৰ ব্যৱহাৰৰ প্ৰতি আমি সচেষ্টও হব লাগিব । নহলে আধুনিকতা আমাৰ বাবে কাল হোৱাৰ অৱকাশ থাকিব। পশ্চিমীয়া দেশবিলাকৰ উন্নতিৰ মূল কাৰণ হল তেওঁলোকে প্ৰতিটো কাম সময় মতে আৰু সুপৰিকল্পিতত ভাৱে খুব সাৱধানে সম্পাদন কৰে । কৰ্মৰ প্ৰতি ভক্তিভাৱ বা একাগ্ৰতা নাথাকিলে কৰ্ম সফল নহয়। ঠিক তেনে দৰেই শিক্ষাৰ ক্ষেত্ৰত আমাৰ মন-প্ৰাণ পৱিত্ৰ হোৱাৰ আৱশ্যকতা অপৰিসীম । ৰাধাকৃষ্ণণ এই ক্ষেত্ৰত ব্যতিক্ৰম আছিল । ছাত্ৰাৱস্থাৰ প্ৰাথমিক শিক্ষা তেওঁ ঘৰতেই লাভ কৰিছিল । আৰু স্কুলীয়া কালত শিক্ষাগুৰুৰ প্ৰতি তেওঁৰ অগাধ ভক্তি আৰু শ্ৰদ্ধা আছিল । সাধনাৰে জ্ঞানী হব পৰা যায় কিন্তু সিদ্ধ পুৰুষ হবলৈ অৰ্থ্যাত্ত প্ৰজ্ঞাৰ অধিকাৰী হবলৈ জ্ঞান আহৰণৰ বেলিকা পঞ্চ ইন্দ্ৰিয় জাগ্ৰত থাকিব লাগিব । তেতিয়াহে জ্ঞানৰ প্ৰকৃত সাৰমৰ্ম অনুধাৱন কৰিব পৰা যায় ।
ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে মানৱ সভ্যতাৰ বিকাশৰ বাবে শিক্ষাতকৈ শ্ৰেষ্ট আৰু একো হব নোৱাৰে । সেয়ে শিক্ষাক জীৱনত আটাইতকৈ বেছি প্ৰধান্য দিছিল । শিক্ষকতাৰ বৃত্তিক আমি প্ৰকৃত বৃত্তি বুলি অভিহিত কৰো । এই কথাষাৰ সফল ছৱি এখন ৰাধাকৃষ্ণণৰ জীৱন-দৰ্শন লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় । আমি ৫ ছেপ্তেম্বৰ তাৰিখে তেখেতৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ মূল তাত্পৰ্য হৈছে শিক্ষক আৰু ছাত্ৰৰ মাজত মণিকাঞ্চন সংযোগৰ যি পৱিত্ৰ অৰ্থ তাক ফুটাই তোলা । শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সু-সম্পৰ্ক এটা গঢ়ি নুঠিলে তেনে পাঠ দান বা পাঠ গ্ৰহণৰ পৰা সাফল্যৰ আশা কৰিব পৰা নাযায় । বাস্তৱতে যদি আমি লক্ষ্য কৰো তেনেহলে ইয়াৰ ফলাফল আমি দেখিবলৈ পাম। শিক্ষক হৈছে ছাত্ৰক সকলোধৰণ শিক্ষাৰে শিক্ষিত কৰা গুৰু । পাঠ্যপুথিত লিপিবদ্ধ পাঠ্যক্ৰমে ছাত্ৰৰ আনুষ্ঠানিক শিক্ষাৰ চাহিদাহে পূৰণ কৰে । ইয়াৰোপৰি এগৰাকী ছাত্ৰই নাগৰিক হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ পাঠ্যক্ৰমৰ বাহিৰৰ বহু নজনা কথা জানিব লাগে । সেই কথাবিলাক ছাত্ৰ-ছাত্ৰীয়ে তেতিয়াহে জানিবলৈ সক্ষম হব যেতিয়া শিক্ষক আৰু ছাত্ৰৰ মাজত এক সুসম্পৰ্ক থাকিব ।
ড০ ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিবস হিচাপে পালন কৰাৰ যি পৰম্পৰা আমাৰ মাজত চলি আহিছে তাৰ জৰিয়তে আমি শৈক্ষিক দিশত অনেকখিনি উত্কৰ্ষ সাধন কৰিব পাৰি । সেয়ে শিক্ষকৰ দিৱস প্ৰাসঙ্গিকতা সদায়েই থাকিব । কাৰণ শিক্ষা ব্যৱস্থাও সদায় গতিশীল ৰূপত চলি থাকিব । মূল কথাটো হল তেখেতৰ উদাৰ মানসিকতা, আদৰ্শৱান ব্যক্তিত্ব আৰু গুণৰাজিৰ তাত্পৰ্য আমি উপলবদ্ধি কৰি সেই আদৰ্শ আৰু তেখেতৰ সুপাৰমৰ্শক শৈক্ষিক জীৱনত প্ৰয়োগ কৰিব পাৰিলেহে এই শিক্ষক দিৱস পালন কৰাটো সাৰ্থক হব ।



ছদ্মবেশী
পনিৰ-ছয়াবীন আৰু অহিংসা(?)ৰ পূজাৰী
কণিতো থাকে প্ৰাণ (!)
মাছ, মঙহ একো নাখায় সিহঁতে—
চুলি খুড়াই ৰূপ লৈ ভীক্ষুৰ 
সেৱা কৰিছে আত্মাৰ
কিন্তু পাণ কৰিছে
যুৱতী-উলঙ্গ নাৰীৰ ৰক্ত
শিশুৰ কলিজা
ৰোহিঙ্গাৰ দেহ৷

নৰমাংস ভক্ষণকাৰী
‘মোহন মেন ইটাৰ’ (Mohan Men Eater)
বিশ্বৰ চকুত তেওঁলোক ভেজেটেৰিয়ান (Vegetarian)
মানৱতাৰ বধ্যভূমিত খোজকাঢ়িব জানে
নিৰ্দয় পহুবোৰে

এটাৰ পিছত এটাকৈ
ওপঙি উঠিছে সিংহলত
ৰোহিঙ্গাৰ মৃতদেহ
লাজ পাইছে জঙ্গলে
উচুপি উঠিছে আৰাকাণে৷

ইণ্ডো-বাৰ্মিছৰ চিঁঞৰে
কঁপাব পৰা নাই বুকু
মানৱতাবাদীৰ
নিৰৱতা ভঙ্গ নকৰে এতিয়া
আইছিছৰ জন্মদাঁতাসকলে৷

শুনিছিলো মধ্যপ্ৰাচ্যৰ বিননি
এহেজাৰ নিশাৰ আৰব্য উপন্যাস
ইজৰাইলৰ হৃদয় কঁপোৱা ত্ৰাস
পেলেষ্টাইন, ছিৰিয়া, লিবিয়া, ৰুছিয়া
হিটলাৰ-মুছুলিন
আৰু, আৰু বহুতো.....

যেতিয়া ৰঙা হৈছিল নেলী
শিয়াল-শগুণবোৰে কান্দিছিল
সৰি পৰিছিল যন্ত্ৰণা
কঁপি উঠিছিল সূৰ্য৷

শান্তিৰ ন’বেল
আন-ছান-ছ্যু-কি, দালাই লামা
ৰক্তস্নাতা৷৷

Friday, August 25, 2017

উচ্ছেদ শব্দটোৱে চকুৰ আগত ভঁহাই তোলে হাজাৰ অসহায় মুখৰ ছবি৷


তেওঁলোক মানুহ
সেইবাবে দুবেলা-দুমুঠি পেটত দিব লাগে,
তেওঁলোকৰ লজ্জা নিবাৰণৰ বাবে লাগে কাপোৰ,
থাকিবলৈ লাগে এখন ঘৰ৷
তেওঁলোকে বুজি নাপায় আইনী মেৰপেচ৷
মানুহতকৈ জীৱ-জন্তুৰ মূল্য বেছি বুলিও নাযানে তেওঁলোকে৷
একো বুজি নোপোৱা পানী কেঁচুৱাবোৰক মানুহ কৰিব বিচাৰিছিল তেওঁলোকে৷
যি সময়ত চৰকাৰী হাজাৰ হাজাৰ বিঘা মাটি কোম্পানী, পুঁজিপতি, বনিয়া গোষ্ঠীক এৰি দিব পাৰে৷ তেনে সময়তে অসমৰ থলুৱা মানুহৰ মাটি-ভেটি উছন কৰি পথৰ ভিক্ষাৰীত পৰিণত কৰোৱা কাৰ্য্য কোনো পধ্যেই গ্ৰহণযোগ্য নহয়৷ প্ৰথমে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা উচিত আছিল৷
সামান্য মানৱতাবোধ থকা লোকেও কেতিয়াও এনে বৰ্বৰ উচ্ছেদৰ সমৰ্থন কৰিব নোৱাৰে৷
মই এটা কথা বুজি নাপাওঁ— আমাৰ সকলোৰে আস্থাভাজন ন্যায়ালয়ে উচ্ছেদৰ নিৰ্দেশ দিয়াৰ সময়ত পুনৰ সংস্থাপনৰ নিৰ্দ্দেশ কিয় নিদিয়ে ? ন্যায়াধীশসকল মানুহ নহয় নেকি ?
ভাৰত স্বাধীন হৈছিল ইয়াৰ স্থয়ী বাসিন্ধাৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ নিৰাপত্তাৰ স্ল’গানলৈ৷ আজি সেইবোৰ খৰ্ব হ’ব ধৰিছে৷ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্থ হোৱা লোকৰ বাবে সাহায্য, নিৰাপত্তা দিয়াৰ বিভাগ আছে চৰকাৰৰ, উচ্ছেদিত লোকৰ বাবে মানৱতাৰ দৃষ্টিৰে দেখাৰ কোনো ব্যৱস্থা কিয় নাই ?

নিজৰ দেশ, নিজৰ ঘৰৰ দৰেই আপোন৷ 
আপোন ঘৰতেই অঘৰী হোৱাজনৰ হৃদয় নাভাঙিব নে?
তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব হোৱা নাই নে ?
এতিয়াও ভাৰতৰ অধিকাংশ মানুহ ভূমিহীন৷
ভূমি থকা বহুলোকৰ পট্টা নাই৷
তেওঁলোকৰ কি হ’ব ?
এই প্ৰশ্নবোৰ উত্থাপন হয়৷ উত্তৰ দিয়া কোনো নাই৷

কেতিয়াবা প্ৰশ্ন হয়— ক্ষমতা লাভ কৰিলেই সভ্য মানুহবোৰ অসভ্য হৈ যায় নেকি ?

Thursday, August 24, 2017

তিনি তালাক বিষয়ক একো ধাৰণা নথকা মানুহে টিভিৰ পৰ্দাত বা সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মতামত ব্যক্ত কৰা দেখা পাই আঁচৰিত লাগে৷ তেওঁলোকৰ অধিকাংশৰ মতে একেবাৰতে থিয় হৈ তালাক, তালাক, তালাক কৈ দিলেই তালাক হৈ যায়৷ কিন্তু তেওঁলোকৰ এই জ্ঞান শুদ্ধ নহয়৷
Image result for triple talaqমহান আল্লাহ তায়ালা পবিত্র কুৰআন শৰীফৰ সূৰা তালাকত কৈছে— ‘হে নবী! (উম্মতক কওক) তোমালোকে যেতিয়া স্ত্ৰীক তালাক দিব বিচৰা, তেতিয়া তোমালোকে ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি, ইদ্দত (ঋতুশ্ৰাৱ) গণনা কৰিবা। তোমালোকে আল্লাহক ভয় কৰিবা। সিহঁতক গৃহৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁতে যাতে নিৰ্লজ্জ কোনো কাম নকৰিলে গৃহৰ পৰা ওলাই নাযায়। এয়া আল্লাহৰ নিৰ্ধাৰিত সীমা। যিয়ে আল্লাহৰ সীমা লঙ্গন কৰে, তেওঁ নিজৰ ক্ষতি কৰে। তুমি নাজানা, হয়তো আল্লাহই ইয়াৰ পিছত কোনো নতুন উপায় কৰি দিব।’— (সূৰা তালাক, আয়াত নং-১)
তিনি তালাক একেলগে দিয়া বৈধ নহয়৷ এক তালাক মানে সকীয়নীহে মাথো৷ প্ৰতিটো তালাকৰ মাজত কমপক্ষে ১ (এক) ইদ্দতকালৰ(মাহেকীয়া) ব্যৱধান হোৱা বাঞ্চনীয়৷ ইয়াত স্বাধী-স্ত্ৰী দুয়োৰ বাবে চিন্তা কৰাৰ বা ভুল শুধৰণী কৰাৰ বাবে প্ৰায় তিনি মাহ সময় থাকে৷
কিন্তু দেখা যায় একাংশ অধিবক্তা আৰু অজ্ঞলোকে একেলেথেৰিয়ে তিনি তালাক দি দিয়ে, যিটো ইছলামৰ মতে অবৈধ৷ (এই সম্পৰ্কে বহু আলোচনা কৰিলেহে স্পষ্ট হ’ব, অতি চমুকৈ মই ধাৰণাটোহে দিছো৷)

— কোৰাণৰ বিধানৰ বিষয়ে বহুল প্ৰচাৰ নোহোৱাৰ বাবে আৰু কোৰাণৰ জ্ঞান নথকাৰ বাবে ভাৰতৰ অশিক্ষিত আৰু পৰম্পৰাগত শিক্ষাৰে শিক্ষিত লোকে তালাক শব্দটোৰ অপব্যৱহাৰ কৰি আহিছে৷
আইন যিমানেই প্ৰণয়ণ নহওঁক কিয়, মানুহ সচেতন আৰু গুণগত শিক্ষাৰে শিক্ষিত নহ’লে নাৰী নিৰ্জাতন বন্ধ নহ’ব৷
সিযিকি নহওঁক— ইছলামত নাৰীৰ মৰ্যাদা কিমান সেই সম্পৰ্কেও তালাক লৈ চৰ্চা কৰাসকলে জানিব লাগিব৷
সকলো সমস্যাৰ এটাই সমাধান সু-শিক্ষাৰে শিক্ষিত হ’ব লাগিব৷

Monday, August 21, 2017

আজি প্রতিবাদী সভা, ঘটনাস্থলীত নৱ শৰণীয়া, উত্তেজনা


বৰপেটাৰোড, ২০ আগষ্টঃ
আজি সন্ধিয়া প্রায় ৬ বজাত অসম চৰকাৰৰ বনমন্ত্রী প্রমীলাৰাণী ব্ৰহ্মাই গোৱৰ্দ্ধনাৰ গৰাখহনীয়াত ক্ষতিগ্রস্থ হােৱা অঞ্চল পৰিদৰ্শন কৰাৰ বাবে বৰপেটাৰােডলৈকে আহিও বেঁকীৰ পাৰত উপস্থিত হােৱাৰ সাহস গোটাব নােৱাৰি প্রশাসনে অনুমতি নিদিয়াৰ অজুহাত দেখুৱায়। শাসকীয় চৰকাৰৰ মিত্র দল বিপিএফৰ পৰা প্রতিনিধিত্ত কৰা ব্ৰহ্মক স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে উক্ত স্থানলৈ নোযোৱাৰ বাবে ৰাজনৈতিক হেঁচা প্রয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু নিজৰ ব্যর্থতা ঢকাৰ বাবে ৰাইজৰ সমস্যা আহিলেই কুম্ভকৰ্ণ নিদ্ৰাত থকা বিধায়ক গৰাকীয়ে এনে নিকৃষ্ট ৰাজনীতি কৰা বুলি ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে। বাৰম্বাৰ বিভিন্ন দল-সংগঠন আৰু ভূক্তভোগী পৰিয়ালে বেঁকীৰ গৰাখহনীয়াৰ বিজ্ঞানসন্মত ভাবে সমাধান কৰাৰ বাবে দাবী উত্থাপন কৰি অহাৰ পিছতো বিধায়ক গৰাকীয়ে নিজৰ চকীখনকে খামুচি ধৰি ৰখা কামত ব্যস্ত থকা বুলিও চর্চা অব্যাহত আছে। উল্লেখ্য যে প্রবল গৰাখহনীয়াৰ ফলত বৰপেটাৰোড মানাহ সংযোগী পথৰ প্ৰায় আধা অংশ বেঁকীত জাহ যোৱাৰ ফলত বৰপেটাৰোড পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান, শালবাৰী, আনন্দ বজাৰকে আদি কৰি সমগ্ৰ উত্তৰ অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ পিছতো গা লৰা নাই পৰিৱৰ্তনৰ ভুৱা প্ল’গান দিয়া বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অসম চৰকাৰৰ। ইফালে বেঁকীৰ গৰাখহনীয়াস্থলীত কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়াই উপস্থিত গৰাখহনীয়াৰ বুজ লোৱাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হােৱা পৰিলক্ষিত হয়। ভোটৰ সময়ত আশ্বাস দিয়াৰ পিছতো ৰাইজৰ খবৰ লোৱাৰ আহৰি নােপোৱাৰ বাবেই এনেদৰে ক্ষোভ ব্যক্ত কৰে একাংশ ক্ষুব্ধ ৰাইজে।
প্রশাসনে প্রমিলাৰাণীক বাধা দিয়া নাছিলঃ ৰাজ্য চৰকাৰৰ হাতত কোটি কোটি টকা থকা বুলি দম্ভালি মৰা অসম চৰকাৰে বানগৰাখহনীয়াৰ কবলত পৰা লোকক উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণ প্রদান কৰাত চৰম ভাবে ব্যর্থ হােৱাৰ পিছত মতিভ্ৰম হােৱা পৰিলক্ষিত হৈছে। আজি গোৱৰ্দ্ধনাৰ গৰাখহনীয়াথলীত উপস্থিত হৈ ৰাইজক একো দিব নোৱাৰাৰ ভয়ত বৰপেটাৰোডৰ পৰাই উভতি যোৱা মন্ত্রী প্রমীলাৰাণী ব্ৰহ্মক প্রশাসনে অনুমতি নিদিয়া বুলি ভুৱা প্ৰচাৰ কৰা বুলি স্পষ্ট হৈ পৰিছে। জানিব পৰা মতে জিলা প্রশাসনে মন্ত্রীগৰাকীক উক্ত গৰাখহনীয়াগ্রস্থ অঞ্চল পৰিদৰ্শন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা আৰােপ কৰা নাছিল।
আজি প্রতিবাদী সভাঃ বেঁকীৰ গৰাখহনীয়া বিজ্ঞানসন্মত ভাবে প্ৰতিৰােধ কৰা, বিশ্বখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গৌৰৱ ৰক্ষা কৰা আৰু হাজাৰ হাজাৰ কৃষকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবীত স্থানীয় বিভিন্ন দল-সংগঠনৰ উদ্যোগত গোৱৰ্দ্ধনাৰ লক্ষ্মৗচাকত সোমবাৰে আবেলি ৩ বজাত এখন প্রতিবাদী সভা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে।
ৰাইজৰ মাজত হাঁহাকাৰঃ গৰাখহনীয়াত ক্ষতিগ্রস্থ হােৱা পৰিয়ালসমূহে চৰকাৰী সাহায্য পর্যাপ্ত পৰিমাণে লাভ নকৰাৰ ফলত সমগ্র অঞ্চলত এক হাঁহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে।

Friday, August 18, 2017

গোৱৰ্দ্ধনাত বেঁকীৰ গৰাখহনীয়াৰ কালৰূপ
খহিল গড়কপ্তানি পথ, চলিত বৰ্ষত গৃহহীন ৮০ টা পৰিয়াল


১৮ আগষ্ট, ২০১৭ঃ
যোৱা কিছু দিনৰ পৰা অব্যাহত থকা মুষলধাৰ বৰষুণ আৰু জাননী নিদিয়াকৈ এৰি দিয়া কুৰিশ্ব জলবিদ্যুত প্রকল্পৰ পানী এৰি দিয়াৰ ফলত বেঁকীৰ গৰাখহনীয়া প্রবল হৈ পৰিছে। আজি দুপৰীয়া বৰপেটাৰােড মানাহ সংযোগী পথৰ প্ৰায় দুই মিটাৰকৈ অংশ বেঁকীত জাহ যোৱাৰ ফলত বৰপেটাৰােডৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান, শালবাৰী, আনন্দ বজাৰকে আদি কৰি সমগ্ৰ উত্তৰ অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। উল্লেখ্য যে ২০০৪ ইং চনৰপৰা ভূটানৰ কুৰিশ্বৰ বান্ধৰ পৰা পানী এৰি দিয়াৰে পৰা অব্যাহত থকা বেঁকীৰ গৰাখহনীয়া কাল ৰূপৰ ফলত বৰপেটা-বাক্সাৰ নাৰায়গুৰী, এলেঙামাৰী, কলপানী, ৰাঘববিল, বিশপানী, মৈথামাৰী, খাগ্ৰাবাৰী উত্তৰ খাগ্ৰাবাৰী, শিমুলবাৰী, গোৱৰ্দ্ধনা, গোৱৰ্দ্ধনা গাওঁ আৰু বৰপেটা জিলাৰ গামাৰীগুৰী, উত্তৰ ছাফাকামাৰ, ছাফাকামাৰ, কাটাঝাৰ, উত্তৰ কাটাঝাৰ আদি কৰি ডুমুনীলৈকে এই বৃহত অঞ্চলৰ গাওঁসমূহ আজি মানচিত্ৰৰপৰা নাইকিয়া হৈ গ’ল। বিগত ২০০৪ চনৰ পৰা গৰাখহনীয়াৰ কৱলত পৰি প্রায় তিনি সহস্রাধিক পৰিয়াল গৃহহাৰা হ’ল, হাজাৰ-হাজাৰ বিঘা কৃষি ভূমি বেঁকীৰ বুকুত বিলিন হৈ গ’ল তথাপিওঁ পূৰ্বৰ কংগ্রেছ চৰকাৰ আৰু বর্তমানৰ বিজেপি চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। বেঁকীৰ এই প্রবল গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত বিভিন্ন প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ২০১৫ চনত অক্টোবৰ মাহত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছৰ নেতৃত্বত আমৰণ অনশন কাৰ্য্যসূচী ৰূপায়ন কৰিছিল যদিও তদানিন্তন তৰুণ গগৈ নেতৃত্বাধীন অসম চৰকাৰৰ গা লৰাব পৰা নাছিল। চলিত বছৰৰ জুলাই মাহৰপৰা গামাৰীগুৰী, উত্তৰ ছাফাকামাৰ গাওঁত ধাৰাবাহিক ভাৱে গৰাখহনীয়া অব্যাহত থকাৰ ফলত উত্তৰ ছাফাকামাৰ গাওঁৰ মুঠ ৮০ টা পৰিয়ালৰ ঘৰ-ভিটা জাহ গৈছে যদিও পূৰ্বৰ দৰে বৰ্তমানেও ভূক্তভোগী পৰিয়ালৰ খবৰ লোৱাৰ আহৰি পোৱা নাই স্থানীয় বিধায়ক তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। আনকি বৰপেটা জিলা প্রশাসনৰ তৎপৰতাত আৰম্ভ হােৱা পাইলিং আৰু জিঅ’ বেগৰ কামো কুম্বকৰ্ণ নিদ্ৰাত থকা বিধায়ক গৰাকীৰ ছত্ৰছায়াতে স্তব্দ হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে। ইফালে ক্ষমতাত থকা সময়ত ৰাইজৰ খবৰ লোৱাৰ আহৰি নােপোৱা কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ ৰিপুন বৰাই কালি গোৱৰ্দ্ধনা অঞ্চলত উপস্থিত হৈ ঘৰিয়ালৰ চকুলোঁ টুকে। উল্লেখ্য যে উক্ত গড়কাপ্তানি পথছোৱা বেঁকীৰ বুকুত জাহ গ’লে বেঁকীৰ বাঢ়নী পানীয়ে কাটাঝাৰ, ছাফাকামাৰ, বংশিবাৰী, ভাটৌপুখুৰী, আইখাৰী, বিলাসীপাৰা,বুনমাজা, আটাগাওঁ, মৈৰাঝাৰ, গান্ধাৰীপাৰা, মেচপাৰা, বাৰাগুৱা, কুছিয়াখান্দা, কয়েমাৰী, বৰঘোপা, খুশ্রাবাৰী, নিমুৱা, ঢেকীয়াজনী আদি প্রায় অর্ধশতাধিক গাওঁ পানীৰ তলত বুৰ যোৱাৰ প্ৰবল সম্ভাৱনা নুই কৰিব নোৱাৰি।

বিস্তাৰিত পোৱাৰ বাবে তলৰ ভিডিঅ’ প্ৰত্যক্ষ কৰক—

Wednesday, August 2, 2017

(১)

তোমাক মই হত্যা কৰিম¸
তোমাৰ তেজৰ চেঁকুৰাত সাঁতুৰিম
বন্য উল্লাসত নাচিম-হাঁহিম
মই গণতন্ত্ৰৰ পাঠ পঢ়িব নিবিচাৰো
তোমাৰ পৰা
মোক শিকাব নালাগে তুমি
বিশ্বাসৰ সংঞ্জা
তুমি প্ৰস্তুত হৈ থাকিবা
তোমাক হত্যা কৰি
প্ৰদান কৰিম ৫ লাখ টকা
ভিক্ষাৰী কেইটাই চেলেকিব পৰা
দুৰ্গন্ধময় ব্ৰেডৰ টুকুৰা;
মই ভালদৰেই জানো
পুখুৰীৰ মাছৰ চৰ্বিৰ খবৰ
আৰু চোক ভেঁকুলীৰ আস্ফালন।

(২)

হেৰ’ বিশ্বাসঘাতকৰ নায়ক
এইবাৰ
তোক হত্যা কৰি
১ কোটি ভিক্ষা দিলে
মান্তি হ’বি নে ?

Saturday, July 29, 2017

 মই মোৰ মাজত জীয়াই থাকিম আজি
মুক্ত¸ স্বাধীন উশাহ লৈ
তেজত মিহলিব হীমগ্লবিন
শ্বেতৰক্ত কণিকাবোৰে আওৰাব
আনন্দৰ শ্ল’গান।

বিষণ সুখী সুখী হ’ব মোৰ কলিজা।
শাওনৰ কৃত্ৰিম সাগৰত সাঁতুৰি-নাদুৰি
মূক হৈ পৰা নিশাবোৰে
আজি বিচাৰি পাব শব্দ।

মনে মনে আজি বিলীন কৰিদিম নিজক
নিজৰ মাজত
আজি যে মোক এন্ধাৰে বৰকৈ মাতিছে
এন্ধাৰৰ বুকুৰ মাজলৈ।

Friday, July 21, 2017


মোৰ চোতালৰ বাগিছাত ফুলিছিল ৰক্তজোবা
মৌচুমি বলিছিল মোৰ শেৱালীৰ পাতে-পাতে-ফুলে কুলিয়ে
আকাশে হাঁহিছিল
নদীয়ে মাতিছিল
ডালত বহি প্ৰেম-প্ৰেম খেলিছিল
শালিকা শালীয়ে

তোমাৰ হাঁহি আছিল বাবেই 
জীৱীত আছিল পাহাৰ
তোমাৰ হাঁহি আছিল বাবেই 
অবতৰত ফুলিছিল মদাৰ
তোমাৰ হাঁহি আছিল বাবেই 
সাতুৰিছিলো সাগৰত
তোমাৰ হাঁহি আছিল বাবেই 
ভূমৰা উৰিছিল গোলাপত.....

তোমাৰ বাবে মই আজি নষ্ট-নষ্টালজিক
তোমাৰ বাবেই আজি মই মৃত প্ৰেমিক৷৷৷

ৰচনাঃ ২৫-০৯-২০১৫ ইং

Thursday, July 13, 2017



তেতিয়াৰ ব্যৰ্থ সপোনবোৰ
এতিয়া অতীত হ‘ল
তোমাৰ কাঁজল সনা দু-চকু
আৰু মেঘৰঞ্জনী চুলিৰ ভাজত
উৰিছে জোনাকী
সাজিছে ৰামধেনু।

বিপৰীত মুখী বক্ৰ গতিৰ
চক্ৰবেহুত
কাৰাৰুদ্ধ অজুত কল্পনা¸
সীমাৰ পৰিধি ভাঙি
নৰক যাত্ৰাৰ অন্ত অভিপ্ৰায়ৰ
বাসনা কলিজাত
এতিয়া
হাতৰ মুঠিত পৃথিৱীখন
আৰু তুমি কোমল বিছনাত
মানি ল’ব পাৰিছা সকলোবোৰ
বিনাবাক্যে
তেওঁৰ কথাবোৰ তোমাৰ
তোমাৰ কথাবোৰ তেওঁৰ

তুমি ভোকাতুৰ ধৰাৰ
কামনাৰ গোলাম
অথচ
এখন অভিসপ্ত কল্পনাৰ নাবিক মই।
তুমিতো জানাই হৃয়দখন
অতীত কাতৰ বৰ
উৰি উৰি ঘূৰি ঘূৰি
নষ্ট সময়ৰ দিনলিপি আওৰায়
এবুকু সেউজীয়া শইচৰ পথাৰত।।

Monday, July 10, 2017


তুমি যদি আহিলা হেঁতেন পুনৰ
কলেজৰ কমন ৰূম
অথবা
পুথিভড়ালৰ চিৰি বগাই বগাই¸
লাজতে লিৰিলি যোৱা
কৃষ্ণচূড়াৰ সুবাসে
মতলিয়া কৰিলে হেঁতেন
মোৰ বুকুৰ অৰণ্য।

তোমাৰ হেঁপাহৰ সাগৰ নীলা চকুৰ মদিৰাত
সাঁতুৰি-নাদুৰি উপচাই দিলো হেঁতেন
শুকাণ কলিজা।

সময়বোৰ থমকি ৰোৱা হ’লে…
সাবিটি থাকিলো হেঁতেন
তোমাৰ ওঁঠৰ পৰস,
হেৰুৱাই পেলালো হেঁতেন বহু যুগৰ ভূগোল বুৰঞ্জি।
থৰ মৰুভূমিৰ মৰিচিকা আঁতৰাই
বোৱালো হেঁতেন
ব্ৰহ্মপুত্ৰ¸ গঙ্গা¸ মিছিছিপি
তোমাৰ স্বপ্নময় হাঁহিৰ পৰস বিচাৰি।

তোমাৰ ব্যাকুল নয়ন
আৰু মোৰ আকুল হৃদয়ৰ সঙ্গমত
নাচি-বাগি হেৰালো হেঁতেন
দুখৰ নিৰ্জন দুপৰ নিশা।

দিনবোৰ সলনি হ’ল
নিশাবোৰ মৰিশালি হ’ল
তুমি নিষ্ঠুৰৰ পৰা নিষ্ঠুৰতম হ’লা।

সেইবাবে
এতিয়া প্ৰতি নিয়ত মই
কবৰ খান্দি খান্দি
পাতিছো হৃদয়ৰ শ্ৰাদ্ধ।

Tuesday, July 4, 2017

আলী, হুছেইন, আহমেদ, ইছলাম, ৰহমান, হক, খান, খাতুন, বেগম, পাৰবিন, ছুলতানা, আদি উপাধী থকাসকলে যিমানেই নিজকে অধাৰ্মিক বা অমুছলিম বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰক কিয় তেওঁলোকৰ পৰিচয় সলনি নহয়৷ 
ভোটাৰ তালিকাত এইবোৰ উপাধীধাৰীৰ নামৰ আগত মন গ’লেই ‘ডি’ লগাব, বাংলাদেশীৰ লেবেল লগাবই, তাচ্ছিল্য, ইতিকিং কৰিবই গতিকে প্ৰত্যেকে নিজৰ পৰিচয় ঠিক ৰাখি সমাজ ঠিক কৰাৰ চিন্তা কৰা ভাল বুলি ভাবো৷
মই প্ৰকৃত নাস্তিকক শ্ৰদ্ধা কৰো৷ কিন্তু এটা কাৰণত দুখ লাগে যে এতিয়া বহু ফেশ্বনবাদী বা ছদ্মবেশী নাস্তিক ওলাইছে, যিসকল সমাজ, জাতি, দেশৰ বাবে বিপজ্জনক৷

-------------------------------------------------------------------------
এইখিনিতে ছদ্মবেশী নাস্তিকৰ এটা কাহিনী দাঙি ধৰিলো—
দায় নধৰিব, বহুদিনৰ পিছৰ পোষ্ঠ বাবে কাহিনী এটা মনত পৰি গʼল-
ট্ৰেইনেৰে যাত্ৰা কৰাৰ প্ৰতিটো মূহুৰ্তৰ ছেলফি আপলোড কৰি আছিল তেওঁ।
ঈদৰ প্ৰকক্ষণ বুলি স্বাভাৱিকতে এইবোৰ সাধাৰণ পোষ্ট। কিন্তু মই আচৰিত হোৱাৰ কাৰণো আছিল। অৱশেষত তেওঁৰ(নাম নকও কিন্তু, বুজাই এনেই চিনি পাব)
ইনবক্সত সুধিলোঃ আপুনি তিনি দিনৰ ৰেল যাত্ৰাৰে কʼলৈনো যায় ?
- কিয় নিজৰ আপোন ঈদৰ কথাও পাহৰিল নেকি ?
- নাই পাহৰা, পিছে ঈদৰ লগত আপোনাৰ সম্পৰ্ক কি ?
-কিয় ? ঘৰলৈ গৈ আছো, মানে ঈদ খাবলৈ আকৌ! বহু দিনৰ পৰা হাজাৰো কি.মি. দূৰত আছো ভাই......।
-শুনিছিলো আপুনি কোনো ধৰ্মই নামানে ! মানে আপুনিতো মোৰ নতুনকৈ নাস্তিক হোৱা মুছলমানমূলীয় এজন বন্ধু।
-হাৰে ডাঙৰীয়া, ঘৰৰ মানুহবোৰে কিবা এটা আশা কৰেতো.....। নিজৰ গাওঁৰ ঈদত বহু পুৰণি বন্ধু লʼগ পাম, বহু নতুন ছেলফি,,, আই মিন নিউ মেমৰি.....। অৱশ্যে প্ৰধানত ক্ষীৰ খোৱাৰ বাবে মই ঈদত ঘৰলৈ যাওঁ।
-অʼ........। কথা এটা হʼল নহয়...।
-কি কথা খুলি কওঁক।
-মানে কেইদিনমান পূৰ্বে মন্দিৰ এটাতো ঘান্টি বজাই ছেলফি দিছিল নহয় আপুনি ?
- অʼ দিছিলো, ফাইভ হানড্ৰেট মান লাইক পাইছিলো,, আপোনাৰটো লৈ ফাইভ জিৰো ৱান...পাক্কা.... হাহাহা....।
.........
.........
..........
..........
অʼ- নিজকে দেখুন নাস্তিক বুলিহে জাহিৰ কৰে। ৰোজা নাৰাখে অথচ ঈদ খাবলৈ ঘৰলৌ আহে, মন্দিৰত ঘান্টি বজাই ছেলফি মাৰে......
-------আগলৈ আৰু বহু কথা, তেতিয়াৰ পৰা বন্ধুজনে ভিতৰি ভিতৰি মোক বেয়া পায়। পালেও উপায় নাই...........

Monday, July 3, 2017

       তাছিল্যৰো এটা সীমা থাকে৷ সৰুৰে পৰাই মোক ‘বাংলাদেশ’ শব্দটোৱে আতংকিত কৰি ৰাখিছে৷ কেইবাটাও কবিতাত সেই কথা প্ৰকাশ কৰিছিলো৷ বংলাদেশৰ জন্ম নোহোৱাটোৱেই ভাল আছিল৷ কমপক্ষে আমি বাংলাদেশীৰ লেবেল লৈ কলংকৰ জীৱন যাপন কৰিব লগা নহ’ল হেঁতেন৷ সেইবাবেই যিসকল নেতাই ভাৰত বিভাজন কৰিছিল তেওঁলোকক মই মনে-প্ৰাণে ঘৃণা কৰো৷ ফুটপাতৰ ডায়েৰিত আজি এই বিষয়ে কিছু কথা লিখাৰ মন গৈছে৷

Image result for minority of assam

        সেই তাহানিতেই অসমত বদন বৰফুনৰ জন্ম হৈছিল৷ আজিও বদনৰ বংশধৰে অসমখনক সদায় অশান্ত কৰি ৰাখিব বিচাৰে, ধৰ্মৰ নামত, জাত-পাতৰ নামত৷ তেনে লোকেৰে ভৰি পৰিছে সামাজিক মাধ্যম৷ তেওঁলোকে জনগোষ্ঠীসমূহৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰী ভাঙি-ছিঙি টুকুৰা টুকুৰ কৰিব বিচাৰে৷ কিছুমানে এনে কাম কৰি পৈশাচিক আনন্দ লাভ কৰে৷ ভাতৃঘাতী সংঘাতেৰে মানুহৰ মাজত থকা মিলা-প্ৰীতি ধ্বংশ কৰি ঘৃণাৰ ৰাজনীতি কৰে৷ একাংশই অসমীয়া মূলসূতিৰ নামত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ৰক্ষা কৰোতাসকলক টাৰ্গেট কৰি লৈ সমগ্ৰ জাতিটোক বিপদত পেলোৱাৰ ষড়যন্ত্ৰ কৰি থাকে৷ অবিশ্বাসৰ বীজ ৰোপন কৰি মানুহৰ মাজত আতংকৰ পৰিৱেশ বৰ্তাই ৰখাৰ বাবে যত্ন কৰে৷ সহজ-সৰল অসমীয়া জাতিক বিপথে পৰিচালিত কৰি ভৱিষ্যতহীন এটা পঙ্গু জাতি হিচাপে গঢ় দিব বিচাৰে৷ তেনে অদূৰদৰ্শী লোকসকলক আমি ঘৃণা কৰো৷ অৱশ্যে এই অবিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰা হৈছিল ১৯৮০ চনতেই৷ তেতিয়া অসমৰ সংখ্যালঘুসকল অধিক অশিক্ষিত আছিল৷ সঁচা কথা কোৱা মানুহৰ সংখ্যা কম আছিল৷ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ অভাৱ আছিল৷ আজিৰ পৰিৱেশ বেলেগ৷ অসমৰ বহু পৰিৱৰ্তন হৈছে৷ মানুহ কিছুপৰিমাণে হ’লেও সচেতন হৈছে৷ শিক্ষিতৰ হাৰ বাঢ়িছে৷ অৱশ্যে তুলনামূলক ভাবে সংখ্যালঘুসকলৰ অৱস্থাৰ পৰিৱৰ্তন হোৱা নাই৷
       অসমীয়া টিভি চেনেল ‘আছাম টকচ’ত ইতিবাচক নামৰ এটা অনুষ্ঠান পৰিচালন সম্পাদক বেদব্ৰত বৰাই পৰিৱেশন কৰে৷ এই অনুষ্ঠানত বিভিন্ন বিষয় লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা দেখা যায়৷ অত্যাধিক কৰ্ম ব্যস্ততা আৰু ধৈৰ্য্যৰ অভাৱৰ ফলত বহু কথাই লিখিবলৈ থাকি যায় যদিও যোৱা ১ জুলাই, ২০১৭ ইং তাৰিখে ইতিবাচকত ‘চৰ চাপৰিৰৰ লোক ভাষা’ৰ গৱেষক ছাত্ৰী ৰেহনা চুলতানাৰ লগত হোৱা অনুষ্ঠান চাই দু-এষাৰ লিখাৰ বাবে প্ৰয়াস কৰিছো৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ৰেহনা চুলতানা কামৰূপ জিলাৰ ছোনতলি চৰৰ জীয়ৰী৷ তাই ২০০৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পিছত গুৱাহাটী বিশ্ব বিদ্যালয়ত অসমীয়া ভাষা সাহিত্য গুৰু বিষয় হিচাপে লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে৷ বৰ্তমান তাই গুৱাহাটী বিশ্ব বিদ্যালয়তেই ‘চৰ চাপৰিৰৰ লোক ভাষা’ বিষয় হিচাপে লৈ গৱেষণা কৰি আছে৷ ইতিমধ্যে ‘চৰ-চাপৰিৰ লোক জীৱন আৰু ভাষা-সংস্কৃতি’ নামৰ গ্ৰন্থ লিখি প্ৰকাশ কৰিছে আৰু বিভিন্ন কাকত আলোচনীত তাইৰ বহু মূল্যৱান প্ৰবন্ধ প্ৰকাশ পাইছে৷  এই ছেগতে নৱ প্ৰজন্মক উৎসাহিত কৰাৰ বাবে আৰু নৱপ্ৰজন্মৰ মনৰ কথা মুকলিকৈ প্ৰচাৰ কৰাৰ বাবে বৰা দেৱক ধন্যবাদ জ্ঞাপন কৰিলো৷


         অবিভক্ত ভাৰতৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ পেটৰ তাড়নাত, জমিদাৰৰ অত্যাচাৰত আৰু ইংৰাজৰ ‘গ্ৰ’ মোৰ ফুড’ আঁচনিক ফলৱতি কৰাৰ বাবে বৰ্তমানৰ অসমৰ বিশেষকৈ চৰ-চাপৰি অঞ্চলত থিতাপি লোৱা লোকসকলৰ নিজৰ কোনো পৰিচয় নাই৷ তেওঁলোকে ১৯৫১ চনত নিজৰ ভাষা-সাহিত্য-সংস্কৃতি জলাঞ্জলি দি অসমীয়া ভাষা সাহিত্য-সংস্কৃতি গ্ৰহণ কৰি লৈছে৷ যাৰ ফল স্বৰূপে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ৩৬ শতাংশৰ পৰা ৬২ শতাংশ হৈছিল আৰু ভাষাটোৱে ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভ কৰিছিল৷ নিজকে অসমীয়া বুলি পৰিচয় দিয়া এই লোকসকলক অতি পৰিকল্পিত ভাবে মানসিক নিৰ্যাতন কৰাৰ নিমিত্তে তাচ্ছিল্য কৰি ক্ৰমে বিদেশী, বাংলাদেশী, চৰুৱা, পমুৱা, মৈমংসিঙিয়া, ভাটিয়া আদি নামেৰে বিশেষণ দিয়া হৈ আছিল৷ পিছলৈ এইসকলক মিঞা বুলি তীব্ৰ ইতিকিং কৰি থকা পৰিলক্ষিত হয়৷ মিঞা শব্দটো সন্মানসূচক শব্দ হোৱা বাবে বৰ্তমান এই জনগোষ্ঠীৰ অধিকাংশ মানুহে নিজকে মিঞা বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিছে, আনকি ২০১৬ চনত ‘মিঞা’ৰ সমৰ্থনত কবিতা লিখি জনগোষ্ঠীৰ নামাকৰণ মিঞা বুলি স্বীকৃতি দিয়াৰ কুচ-কাৱাজ কৰাও দেখা গ’ল৷ সেইবাবে এই বিশেষণবোৰ এতিয়া প্ৰায় নাইকীয়া হ’বলৈ আৰম্ভ কৰিছে৷ এতিয়া উপৰোক্ত সকলোবোৰ কথা তল পেলাই সামাজিক মাধ্যমত গেদা আৰু গেদী নামেৰে এইসকলক তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰা হৈছে৷ 
          দুৰ্ভাগ্যজনক কথাটো হ’ল যে এইলোকসকলৰ নিজৰ পৰিচয় নথকাৰ ফলত বিভিন্ন জনে সময়ে সময়ে বিভিন্ন বিশেষণেৰে তাচ্ছিল্য কৰি আহিছে আৰু স্বগোষ্ঠীয় বুদ্ধিজীৱী সাহিত্যিকৰ একাংশই নিজৰ পৰিচয়ৰ বিষয়ে নাজানে৷ তেওঁলোকে নিজকে অভিবাসী বুলি পৰিচয় দিয়ে৷ তেওঁলোকে কোন যুক্তিত নিজকে এই নামেৰে পৰিচিত কৰায় সেই কথা মোৰ সৰু মগজুৱে ঢুকি পোৱা নাই৷ তেওঁলোকৰ কোনোবায় মোৰ এই লেখা পঢ়িলে মোক এই শব্দ ভালদৰে বুজাই দিব বুলি আশা আৰু দাবী কৰিলো৷ 
           বিশেষ এটা ৰাজনৈতিক দলে এই লোকসকলক স্বাধীনতাৰ পিছৰ পৰাই ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু অতি কৌশলপূৰ্ণ ভাবে এইসকলক দিনক দিনে নতুন সমস্যা উপহাৰ দি আহিছে৷ চৰকাৰী সা-সুবিধাৰ পৰা সদায় এইসকলক বঞ্চিত কৰি ৰখাৰ সমান্তৰালকৈ শোষণ কৰি থকা হৈছে৷ সেই বাবেই সংখ্যালঘুসকলৰ সচেতন মহলে নিজকে লাঞ্চিত, বঞ্চিত, শোষিত, নিৰ্যাতিত, নিপীড়িত আদি শব্দৰে আক্ষেপ প্ৰকাশ কৰা দেখা যায়৷ অৱশ্যে এই সচেতনসকলৰেই মাজৰ পৰা যেতিয়া উক্ত বিশেষ ৰাজনৈতিক মতাদৰ্শত ভৰি দিয়ে তেতিয়া শব্দবোৰ পাহৰি যায়৷ জাতি পিছ পৰি থাকে৷ এই ধাৰা বহু পুৰণি৷ অব্যাহত আছে আৰু ভালে দিনৰ বাবে অব্যাহত থাকিব৷ কাৰণ এই কথাবোৰ বুজিবলৈ, ৰাজনীতিৰ মেৰ-পেচ ধৰিবলৈ সংখ্যালঘুসকল শিক্ষিত নহয়৷ শিক্ষিত হ’বলৈ দিয়া হোৱা নাই৷ চৰ-চাপৰিৰ কথা বাদেই সংখ্যালঘু বসতিপ্ৰধান এনে কোনো অঞ্চল নাই য’ত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী আছে৷ চৰ-চাপৰিত জনসংখ্যা অনুপাতে প্ৰাথমিক বিদ্যালয়েই নাই৷ স্বাস্থ্য, সুচল যাতায়ত ব্যৱস্থা তেওঁলোকৰ বাবে এটা দিবা সপোনহে মাথো৷ আধুনীক বিশ্বৰ লগত তেওঁলোক পৰিচিতই নহয়৷ 
                                                                                                     ক্ৰমশঃ
                                                                        (দ্বিতীয় খণ্ড অচিৰেই প্ৰকাশ কৰা হ’ব)

Friday, June 16, 2017

‘কৃতিমানসকলে ৰাজনীতিৰ প্ৰতি আগ্রহী হােৱা প্রয়োজন’




১৫ জুনঃ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন(আমাছু)ৰ বৰপেটাৰােড আঞ্চলিক সমিতিৰ উদ্যোগত আজি পুৱা ১১ বজাৰ পৰা হেল্পলাইন একাডেমীত শুভেচ্ছামূলক সম্বর্ধনা অনুষ্ঠানৰ জৰিয়তে হাইস্কুল, হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীর্ণ হােৱা কৃতি ছাত্র-ছাত্ৰীসকলক সম্বর্ধনা প্রদান কৰে। আমছৰ বৰপেটাৰোড আঞ্চলিক সমিতিৰ সভাপতি শ্বাহাদত হুছেইনৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক চাজদিল হুদাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত শুভেচ্ছামূলক বিশেষ সম্বর্ধনা অনুষ্ঠানত কাটাঝাৰ বজাৰ হাই স্কুল, কাটাঝাৰ হাই স্কুল, বৰপেটাৰোড হাই মাদ্ৰাছা, জি এল চি কলেজ, হেল্প লাইন একাডেমী, ইউ এন ব্ৰহ্মা একাডেমী, গোপীনাথ বৰদলৈ বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উৰ্ত্তীর্ণ হােৱা ৬০ গৰাকী ছাত্র-ছাত্রীক সম্বর্ধনা প্ৰদান কৰে।
উক্ত সম্বর্ধনা অনুষ্ঠানত সংগঠনটােৰ কেন্দ্রীয় শিক্ষা আৰু আলোচনী সম্পাদক সাজাহান আলী আহমেদে উপস্থিত থাকি কৃতিমানসকলেই কৃতিমানসকলেই সমাজৰ প্ৰতি দায়বদ্ধশীল হ’ব লাগিব বুলি কয়। তেওঁ লগতে দেশ শাসন কৰা লোকসকলে প্রশাসনিক বিষয়াৰ দৰে মেধাবী নহয় তথাপিও দেশ শাসন কৰে আৰু কৃতিমানসকলে ৰাজনীতিবিধ হােৱাৰ বাবে সপোন নেদেখে, এয়া জাতিটােৰ কাৰণে অশুভ সংকেত বুলি উল্লেখ কৰাৰ লগতে দেশ শাসনৰ দায়িত্বত থকা দুৰ্নীতিগ্রস্থ আৰু অপৰাধীসকলক নির্মূল কৰাৰ বাবে আজিৰ মেধাবীসকলে গুৰু দায়িত্ব ল’ব লাগিব বুলি কয়। সভাত জিলা আমছুৰ উপ-সভাপতি আব্দুল জুব্বাৰ আলী, সাধাৰণ সম্পাদক ৰহিদুল শিকদাৰ, শিক্ষা সম্পাদক মাছুম তালুকদাৰ, সম্পাদক নাছিৰুদ্দিন, সাংগঠনিক সম্পাদক মকিবুল ইছলাম, বাক্সাৰ প্ৰচাৰ সম্পাদক আমিনুৰ ৰহমান প্রমুখ্যে বহু কেইগৰাকী ছাত্র নেতা উপস্থিত থাকি শুভেচ্ছামূলক ভাষণ প্রদান কৰে।

Monday, June 12, 2017


অসমীয়া প্ৰতিদিন নামৰ কাকতখন বিগত চাৰি-পাঁচ বছৰৰ পৰা প্ৰায় নিয়মীয়াকৈ পঢ়াৰ অভ্যাস আছিল৷ এতিয়া পঢ়া বাদ দিম৷ এই কাকত খনে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কলংকিত কৰাই নহয় মানুহৰ মাজত ভাতৃত্ববোধ ধ্বংশৰ দীৰ্ঘদিনীয়া ষড়যন্ত্ৰ অব্যাহত ৰাখিছে৷
বিগত সময়ছোৱাত কাকতখনে বিভিন্ন সময়ত মানুহক বিভ্ৰন্ত কৰাৰ বাবে মনে সজা আৰু অসংখ্য ইছলামবিৰোধী মুখৰোচক বাতৰি প্ৰকাশ  কৰি জাতিটোক হেয় প্ৰতিপন্ন কৰি আহিছে৷ অসমৰ নিৰীহ মুছলমানক জেহাদী সজোৱা, চৰাঞ্চলৰ প্ৰতি ঘৃণা ওপজোৱাৰ কূটিল চক্ৰান্তৰে কিছু দিন পূৰ্বে  হাইদৰাবাদৰ এখন বিদ্যালয়ৰ ছাত্ৰীসকলৰ সমৰকলাৰ ছবি প্ৰকাশ কৰি সেই ছবিখন অসমৰ চৰাঞ্চলত জেহাদীৰ প্ৰশিক্ষণ চলা বুলি অপপ্ৰচাৰ চলাইছিল৷ 
       আজি পুনৰ সংবাদ মাধ্যমক কলংকিত কৰা আৰু এটা তেনে বাতৰি প্ৰকাশ কৰা হ’ল৷ ২০০৩ চনত মৃত্যুবৰণ কৰা চৌদীৰ যুৱৰাজ মাজিদ বিন আব্দুলা বিন আব্দুল আজিজ আল চৌদীৰ বিষয়ে এটা মিছা বাতৰি  অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত সজাই পৰাই প্ৰকাশ কৰিছে। এনেদৰে ২০১২ চনতো কোকৰাঝাৰৰ নৰবলি দিয়া পাষণ্ডসকলৰ পক্ষ লৈছিল কাকতখনে৷ 
তাৰ পিছতো আমি বুৰ্বক বাবে অসমীয়া প্ৰতিদিন নামৰ এই সাম্প্ৰদায়িক কাকতখন পঢ়ো৷ 
আজি (১৩-০৬-২০১৭) প্ৰকাশিত বাতৰিটো তলত উল্লেখ কৰা হ’ল—




সংবাদ মাধ্যৰ কলংক অসমীয়া প্ৰতিদিন কাকতক প্ৰত্যাহ্বান জনাই তলৰ তথ্য উল্লেখ কৰা হ’ল—





Wednesday, June 7, 2017

Image result for লাঠির বারি
প্ৰাসঙ্গিক ফটো, গুগলৰ পৰা সংগৃহিত

আমি ল’ৰালীত গাওঁৰ ঘৰে ঘৰে গৈ কিছুমান গীত গাই গাই চাউল, আলু, কণী, নহৰু, আদা, হালদি, টকা আদি সংগ্ৰহ কৰিছিলো৷ সংগ্ৰহ কৰা সামগ্ৰীৰে আমি ‘পুষুৰা’ খাইছিলো, গৃহস্থৰ ঘৰৰ পৰা দান বৰঙণী সংগ্ৰহ কৰাৰ বাবে গোৱা গীতবোৰক মাগন গীত বুলি আমি জানিছিলো৷

অসমীয়া সংস্কৃতিত ইয়াৰ নামেই ‘মহুহু’ বুলি কোৱা হয়৷
স্নাতকত ‘অসমীয়া সাহিত্য’ৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ গৈ আমি গোৱা সেইবোৰ গীত নাপালো, তাৰ ঠাইত অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা ভিন্ন ধৰণৰ গীতবোৰহে পঢ়িব পাৰিলো৷ মাথো সেয়াই নহয় আমাৰ অঞ্চলত প্ৰচলিত বিয়াগীত, ধূৱাগীত, নাওঁ খেলৰ গীত, বৰশিবোৱা গীত, ফকৰা, সাথৰ (মান) আদি নাপালো৷ তেতিয়াৰ পৰাই বুজি পাইছিলো যে আমাৰ লোকসংস্কৃতিৰ সংকট অনিভাৰ্য৷ ৫১ৰ ত্যাগৰ নিদাৰুণ আৰু লজ্জাৰ ইতিহাসৰ বিষয়ে তেতিয়াই জানিছিলো৷


এটা ভাল খবৰে মনৰ মাজত কিছু আশাৰ সঞ্চাৰ ঘটাইছিল যে আমাৰ লোকসংস্কৃতিৰ আপুৰুগীয়া সম্পদসমূহৰ সংৰক্ষণৰ বিষয়ে দুই-চাৰিজন ব্যক্তি বিশেষে প্ৰচেষ্টা হাতত লৈছে৷ কুৰবান আলী চৌধুৰী চাহাবৰ ‘মিঞা সমাজৰ লোকসংস্কৃতি’ নামৰ গ্ৰন্থ খনৰ পৰাই এই প্ৰচেষ্টাৰ শুভাৰম্ভ হোৱা বুলি ক’ব পাৰি (তাৰ আগত যদি কোনোবায় লিখিছিল মই জনা নাছিলো,,, তথ্য থাকিলে অনুগ্ৰহ কৰি জনাব)৷ গ্ৰন্থখন ২০০২ চনত অসম সাহিত্য সভাৰ কলগাছিয়া অধিৱেশনত প্ৰকাশ হৈছিল৷ যিখন উন্মোচন কৰিছিল সাহিত্যিক হোমেন বৰগোহাঞি দেৱে৷

ইয়াৰ পূৰ্বে ইলিমুদ্দিন দেৱান চাহাব আৰু ইছমাইল হোছেইন চাহাবে এই বিষয়ত বহু লেখা-মেলা কৰা বুলি জানিব পাৰিছিলো৷

পাছলৈ এই বিষয়ত সাহিত্যিক ইছমাইল হোছেইন(কনিষ্ঠ, কয়াকুছি)ৰ পৰা আৰম্ভ কৰি বহু কেইগৰাকী লেখকে ভালে খিনি লেখা-মেলা কৰিছে৷

সিযিকি নহওঁক আজিৰ তাৰিখত গুৱাহাটী বিশ্ববিদ্যালয়ত Rehna Sultana নামৰ এগৰাকী ছাত্ৰীয়ে এই বিষয়ত গৱেষণা কৰা বুলিও জানিব পাৰিছো৷

কিন্তু দুখৰ কথা যে আমাৰ মাজৰে একাংশই ‘মিঞা লোকসংস্কৃতি’ক এটা নিৰ্দ্দিষ্ট তথা সীমিত ভূখণ্ডৰ সংস্কৃতি বুলি ক’ব বিচাৰে৷ তেখেতসকলে ইয়াক চৰ-চাপৰিৰ লোকসংস্কৃতি বুলি ক’ব বিচাৰে৷

মোৰ জন্ম চৰ-চাপৰিত নহয় আৰু নাথাকোও, লাখ লাখ লোকৰ লগতে মই নিজেও এই সংস্কৃতিৰ অংশীদাৰ৷ তেন্তে ইয়াৰ নামাকৰণ চৰ-চাপৰিৰ লোকসংস্কৃতি বুলি ক’লে আমাৰ চৰ-চাপৰিৰ বাহিৰৰ লোকসকলৰ লগত পুনৰ অন্যায় কৰা নহ’ব নে ?

এই ছেগতে ‘মিঞা লোকসংস্কৃতি’ৰ অতি জনপ্ৰিয় এটি মাগনগীত আগবঢ়ালো—

" আইলামৰে ভাই উৰিয়া
হাতীৰ কাণ ধৰিয়া।
হাতীৰ কাণ থল্-বল্ কৰে,
ঢেফা বাগুণ গাছে ধৰে।
ঢেফা বাগুণেৰ চিৰল পাত,
ৰাহলে খায় কৰ্-কৰা ভাত।
কৰ্-কৰা ভাত খাইয়াৰে,
গৰু ৰাখিবাৰ যাইয়াৰে।
অই ৰাহল তৰ কয় গাই?
বাৰ আবাল তেৰ গাই,
সেই গায়েৰ দুধ খাই।
দুধ খাইটে কেমন গুণ?
পান্তা ভাতে ছটক মোন।
পান্তা ভাত থল্-বলা,
বিচাকলা দিয়া গল্-গলা "

ৰিক্সাৰ চকা ঘুৰিছে
তাইৰ ওঁৰণিৰ তলৰ বুকু কঁপিছে থৰ থৰ
তাই টান কৈ বহিছে ছিটত।
কেঁচা বিলাহী আৰু এপুৱা চাউল
পিতৃহীন এমা-ডিমা দুটিৰ
এসাজৰ বাবে।
তাইৰ বয়স উনৈছ
এমাৰ পাঁচ ডিমাৰ দুই
তাই এতিয়া বুজি নাপায়
কুলি-কাউৰীৰ পাৰ্থক্য।
তাইৰ বাবে ফাগুণ-বসন্ত 
নিৰস সাথৰ।
জীৱন মানে পাষাণ সমাজৰ খেলৰ পুতলা
এপাল গৰু আৰু গাহৰিৰ এগাল আহাৰ

এতিয়া
মেৰুদণ্ডবোৰ উদণ্ড
ৰজাবোৰ বেপাৰী
নিশাবোৰ মৰিশালী।
তাই ওঁৰণি টানি টানি বহে
ৰিক্সাৰ চকা ঘূৰে
তাইৰ বুকু কঁপে।


Friday, June 2, 2017

হাজাৰ হাজাৰ ৰাইজৰ পথ অৱৰোধ
অপৰাধী কৰায়ত্ব কৰাৰ বাবে ২৪ ঘন্টাৰ সময়সীমা


কালি বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত, আনন্দ বজাৰ আৰক্ষী পহৰা চকীৰ অধীনস্থ তথা আনন্দ বজাৰৰ গাতে লাগি থকা হাটখোলা গাঁওৰ পথাৰত এগৰাকী প্ৰায় ৪৫ বছৰ বয়সৰ এজন কৃষকৰ মৃতেদহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতেই তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে৷ ঘটনাৰ বিবৰণি মতে একে থানাৰ অন্তৰ্গত কয়েমাৰী গাওঁৰ মৃত উমেদ আলীৰ পুত্ৰ ছামান আলী (৪৫) নামৰ কৃষকজনে হাটখোলা গাওঁৰ ভগৱান দাস  নামৰ মহাজনৰ পৰা প্ৰায় ৫ বিঘা কৃষিভূমি বন্দকত লৈ শাক-পাচলিৰ খেতি কৰিছিল৷ অইন দিনৰ দৰে কালি (০১-০৬-২০১৭) পুৱাৰ ভাগতে নিজৰ ঘৰৰ পৰা পথাৰলৈ কাম কৰিবলৈ গৈছিল। আবেলিত প্ৰায় ৫.৩০ বজাত গাওঁখনৰে প্ৰদীপ শইকীয়া নামৰ ব্যক্তিজনে ছামান আলীৰ ক্ষত-বিক্ষত মৃতদেহ প্ৰত্যক্ষ কৰি চিঞ্ৰ-বাখৰ কৰে আৰু একে পথাৰতে কাম কৰি থকা কয়েমাৰিৰ অইন দুজন খেতিয়কক তেওঁ মৃত দেহৰ বিষয়ে জনায়। চোকা অস্ত্ৰৰে হানি-খোচি¸ কোবাই থকা-সৰকা কৰি পেলোৱা মৃতদেহ দেখা পাই কৃষকসকলে স্থানীয় ৰাইজ তথা আনন্দ বজাৰ আৰক্ষীক খবৰ দিয়ে। অশান্ত বিটিএডিৰ বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানা তথা আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাটখোলা গাওঁত সন্ধিয়া প্ৰায় ৬ বজাত মৃতদেহ উদ্ধাৰ হোৱাৰ হোৱাৰ পাছত আৰক্ষী আৰু ৰাইজে ঘটনাস্থলীত উপস্থিত হয়। শালবাৰী মহকুমা আৰক্ষী বিষয়া বকুল চন্দ্ৰ গগৈ¸ শালবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰফিকুল হাছান চৌধুৰী¸ আনন্দ বজাৰ আৰক্ষী পহৰা চকীৰ বিষয়া মীৰজাহান হুছেইনে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। মৃত দেহৰ ওচৰত আৰক্ষীয়ে বাঁহৰ মূৰা আৰু কাঁচি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নিশাৰ ভাগত মৃত দেহ আনন্দ বজাৰ আৰক্ষী পহৰা চকীত ৰখাৰ পিছত আজি পুৱাত বাক্সা জিলাৰ মুছলপুৰত মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ ইফালে উক্ত ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়িলেও আশ্বস্ত হ’ব পৰা নাই বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ তথা পৰিয়ালবৰ্গ৷ তদন্তৰ নামত বাক্সা জিলা প্ৰশাসন তথা আৰক্ষীয়ে উক্ত মৃতদেহ প্ৰথমে প্ৰত্যক্ষ কৰা লোকজনক নিশাৰ ভাগত শোধ-পোচ কৰে আৰু আজি দিনৰ ভাগত মাটিৰ মহাজন আৰু একে মহাজনৰ পৰা মাটি বন্দকত লৈ খেতি কৰা কৃষকসকলক আৰক্ষীয়ে ঘৰৰ পৰা থানালৈ মাতি নি শোধ-পোচ কৰে৷ 
কয়েমাৰী গাওঁৰ ছামান আলী (৫০) নামৰ মৃত দৃহ চিনাক্ত হোৱাৰ পৰাই পৰিয়ালৰ মাজত হুৱা দুৱা লগাৰ সমান্তৰালকৈ অঞ্চলটোত ইতিপূৰ্বে সংখ্যালঘু হত্যাযজ্ঞ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংক আৰু উত্তেজনাই বিৰাজ কৰে। পবিত্ৰ ৰোজাৰ ইফতাৰৰ সময়ত উক্ত খবৰে ৰাইজক একপ্ৰকাৰ স্তব্দ কৰি পেলায়। বাক্সা জিলা আমছুৰ কৰ্মকৰ্তাসকলে প্ৰথমৰ পৰাই ঘটনা স্থলীত উপস্থিত থাকি সমগ্ৰ ঘটনাৰ বুজ লেৱাৰ সমান্তৰালকৈ বাক্সা জিলাৰ আৰক্ষী অধীক্ষকৰ লগত আলোচনা কৰি দোষীক ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ব কৰিবলৈ দাবী জনায়।  উল্লেখ্য যে হত্যা কৰা কৃষকজনৰ প্ৰায় ২০ বছৰীয়া পুত্ৰ দিল্লীত কাম কৰে আৰু ৯ বছৰীয়া এজন পুত্ৰ কৃষক দেউতাক সহায় কৰে¸ মানুহজনৰ এগৰাকী কন্যা বিয়া দিছে আৰু পত্নীজনী ঘৰতে আছে। আমছুৰ শিক্ষা সম্পাদক সাজাহান আলী আহমেদ¸ বাক্সা জিলাৰ সভাপতি মিনহাজুল ইমৰাণকে আদি কৰি জিলা সমিতি খনৰ বিষয়ববীয়া সকলে এই হত্যাকাণ্ডক নিন্দা কৰি মৃতকৰ পৰিয়ালক এককালীন ২০ লাখ টকা ক্ষতিপূৰণ আৰু ২৪ ঘন্টাত আচামী কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে সংখ্যালঘু হত্যা সহজ ভাবে গ্ৰহণ কৰা নহ‘ব বুলি অপৰাধী কৰায়ত্ত নহ‘লে তীব্ৰ আন্দোলন কৰাৰ কথা ঘোষণা কৰে। অঞ্চলটোত শান্তি শৃংখলা অটুট ৰাখি প্ৰকৃত হত্যাকাৰীক চিনাক্ত কৰাৰ বাবে ৰাইজক সচেতন হ‘বলৈ আহ্বান জনায় সংগঠনটেৱে।

ইফালে আজি ৰাতিপুৱা ৭.৩০ বজাৰ পৰা প্ৰায় ৭ ঘন্টাৰ বাবে আনন্দ বজাৰ-গোৱৰ্ধনা সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ আমছুৰ বাক্সা জিলা সমিতি, এবিএমছুৰ শালবাৰী জিলা সমিতি আৰু পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ বাক্সা জিলা সমিতিয়ে কেইবা হেজাৰ প্ৰতিবাদকাৰী ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে৷ প্ৰতিবাদকাৰীসকলে হত্যাকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা, মৃতকৰ পৰিয়ালৰ জাৱতীয় দায়িত্ব চৰকাৰে গ্ৰহণ কৰা, এককালীন ২০ টকা সাহায্য প্ৰদান কৰা আৰু অঞ্চলটোত শান্তি-শৃংখলা অটুট ৰখাৰ বাবে দাবী উত্থাপন কৰে৷ আবেলি প্ৰায় ২.৩০ বজাত বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, শালবাৰী মহকুমাধিপতিয়ে ঘটনাস্থলীত উপস্থিতত হৈ প্ৰতিবাদকাৰীসকলৰ লগত আলোচনা কৰে আৰু দাবী সমূহ পূৰণ কৰা হ’ব প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ বাক্সা জিলাৰ উপায়ুক্তলৈ মুঠ তিনি দফীয়া দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰি সাময়িক ভাবে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখে৷ আজিৰ উক্ত পথঅৱৰোধ কাৰ্যসূচীত আমছুৰ বাক্সা জিলা সমিতিৰ সভাপতি মিনহাজুল ইমৰাণ, সাধাৰণ সম্পাদক ছামচুল হক, উপ সভাপতি আলাল উদ্দিন, আব্দুৰ ৰহিম, সম্পাদক নুৰ নবী, এবিএমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি ইব্ৰাহীম আলী, সাধাৰণ সম্পাদক সাইজুদ্দিন খন্দকাৰ, পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ বাক্সা জিলা সভাপতি জাকিৰ হুছেইনে নেতৃত্ব বহন কৰে৷ 

Friday, May 26, 2017

          মিঞাকে আদি কৰি সংখ্যালঘু হত্যাযজ্ঞৰ বাবে সংঘটিত হিংসাত্মক অসম আন্দোলনৰ ৰক্তাক্ত ইতিহাসৰ সোৱৰণ প্ৰায় সকলোৰে আছে৷ প্ৰায় সকলোৱে জানে নেলীৰ বৰ্বৰ হত্যাকাণ্ডৰ কথা৷ কিন্তু ২৬ মে’ক কিয় আমছুৱে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে সেই কথা হয়তো বহুতেই জ্ঞাত নহয়৷ অতি সংক্ষিপ্ত ভাবে ইয়াৰ এটা আভাস দাঙি ধৰিবলৈ যত্ন কৰা হৈছে৷ 
Image result for assam movement
হিংসাত্মক অসম আন্দোলনৰ এটা ফটো
           অবিভক্ত গোৱালপাৰা জিলাৰ জলেশ্বৰত ১৯৮০ চনৰ ২৯, ৩০ আৰু ৩১ মার্চ তাৰিখে অনুষ্ঠিত অধিবেশনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ জন্ম হৈছিল। নবগঠিত আমছুৰ নেতৃত্বত ১৯৮০ চনৰ ২৬ মে’ত যি প্রতিবাদী আন্দোলন হৈছিল, সেয়া আছিল এক অভূতপূর্ব আৰু স্বতস্ফুর্ত গণ বিপ্লব।
          ১৯৮০ চনৰ ২৩ এপ্রিলত হাউলী ৰবীন্দ্র সংঘৰ কার্যালয়ত অনুষ্ঠিত আমছুৰ কর্ণধাৰ সমিতিৰ সভাত মে’ মাহৰ ৫ তাৰিখে প্রতিবাদ দিবস পালনৰ সিদ্বান্ত লোৱা হৈছিল। এই সিদ্বান্ত অনুযায়ী সেইদিনা সংখ্যালঘু নাগৰিকসকলে প্রতিবাদী শোভাযাত্রাত অংশ ল’ব আৰু নিজ নিজ এলেকাৰ বি ডি অ, চক্র বিষয়া, মহকুমাধিপতি আৰু উপায়ুক্তৰ জৰিয়তে প্রধানমন্ত্রীলৈ স্মাৰকপত্র প্রেৰণ কৰিব। ইয়াৰ উপৰিও প্রতিবাদ দিৱসৰ দিনা উপবাসে থাকি আহাৰৰ খৰচখিনি আমছুৰ তহবিলত জমা দিবলৈ কর্ণাধাৰ সমিতিয়ে ৰাইজলৈ আহ্বান জনাইছিল। উক্ত প্রতিবাদী দিবসৰ কথা প্রচাৰ হোয়াৰ পাছতেই জাঙুৰ খাই উঠিছিল বিভিন্ন সংবাদপত্র, সংগঠন আৰু বুদ্বিজীৱীসকল। কিছুমানে পোনছাটেই আমছুক বাংলাদেশীৰ সংগঠন বুলি কৈছিল। আন কিছুমানে বাংলাদেশী সংগঠন(আমছু)য়ে অসম আন্দোলনৰ বিৰুদ্বে প্রতিবাদী আন্দোলন কৰিলে তাৰ পৰিণতি ভয়াবহ হ’ব বুলি মুকলি ভাবুকি দিছিল।
           প্রচাৰকার্য কম হোৱাৰ বাবে কর্ণধাৰ সমিতিয়ে প্রতিবাদী দিবসৰ কার্যসুচী ৫ মে'ৰ পৰা ২৬ মে'লৈ পিছুয়াই নিবলৈ চুড়ান্ত সিদ্বান্ত গ্রহন কৰিছিল আৰু পুনৰায় ব্যাপকভাবে প্রচাৰৰ ব্যাৱস্থা কৰিছিল। এনেকৈয়ে আহিল ১৯৮০ চনৰ সেই ঐতিহাসিক দিন ২৬ মে'।
গ্রীস্মকালৰ তীব্র ৰ’দ। এই তীব্র ৰ’দ উপেক্ষা কৰি ২৬ মে'ৰ ৰাতিপুয়াৰ পৰাই সমগ্ৰ অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বাট-পথ লোকে লোকাৰণ্য হ’বলৈ ধৰিলে। স্বতঃস্ফূর্তভাবে ওলাই অহা হাজাৰ হাজাৰ, লাখ লাখ ছাত্র, যুৱক, কৃষক, শ্রমিক, শিক্ষিত, অশিক্ষিত লোকেৰে পৰিপূর্ণ বিশাল বিশাল গণ মিছিল। সকলোয়ে শান্তিপূর্ণ ভাবে শোভাযাত্রা কৰি গৈ স্মাৰকপত্র প্রদান কৰি আন্দোলনৰ কার্য্যসূচী সমাপ্ত কৰাৰ কথা আছিল যদিও বহু ঠাইত এই কার্য্যসূচী বাধাগ্রস্থ হ’ল। বহু ঠাইত শান্তিপূর্ণ শোভাযাত্রাকাৰীৰ ওপৰত জপিয়াই পৰিল উগ্র জাতীয়তাবাদীৰ সৈতে এচাম হিংস্র পুলিচ। নির্মম অত্যাচাৰৰ ফলত তেজেৰে ৰাজপথ ৰাঙলী হৈছিল। পুলিচৰ প্রৰোচিত গুলিচালনাৰ ফলত প্রাণাহুতি দিছিল বহু কেইজনে।
             ২৬ মে' ৰ দিনা লেংটিছিঙাত প্রতিবাদকাৰী জনতাক আগভেটা দি পুলিচে নির্বিচাৰে গুলি চলোৱাৰ ফলত স্কুলীয়া ছাত্র মিজানুৰ ৰহমান আৰু আব্দুছ ছাত্তাৰ নিহত হৈছিল। ইয়াৰ উপৰিও বহুলোক গুৰুতৰ ভাবে আহত হৈছিল আৰু তাৰ ভিতৰত মাজম আলীৰ সোঁ বাহুত গুলী লগাৰ ফলত কাষলতিৰ পৰাই সোঁ হাতখন কাটি পেলোৱা হৈছিল আৰু ইয়াৰ বাবেই তেঁও আজিও এক কর্মহীন পংগুত্বৰ জীৱন নিৰ্বাহ কৰি আছে।
             ২৬ মে'ৰ আটাইতকৈ শোকাবহ ঘটনা ঘটিছিল নামনি অসমৰ বিজনীত। উত্তৰাঞ্চলৰ পৰা হাজাৰ হাজাৰ প্রতিবাদকাৰী ৰাইজ শোভাযাত্রা কৰি দেউকুৰা দলঙৰ ওপৰেৰে আগবাঢ়ি অহাৰ সময়তে দলঙৰ দুই মূৰৰ প্রবেশ পথত সশস্ত্র পুলিচে আগুৰি ধৰি দলঙৰ ওপৰত থকা জনতাৰ ওপৰত যধে-মধে গুলিয়াবলৈ ধৰে। ফলত অনিল নমদাস, গোপাল সাহা, নির্মল সৰকাৰ, বজলউদ্দিন শেখ, বিশ্বজিত কুন্ডু, মনিৰুদ্দিন শেখ, ৰমেন সৰকাৰ, শ্রীমন্ত বর্মন, সুবল বাঢ়ৈ আৰু হৰিপদ সাহা নিহত হয়। ইয়াৰ উপৰিও বুকুত গুলী লৈ আৰু তীব্র আতংকত দলঙৰ পৰা তলৰ মেটেকা ভৰা পানীত জপিয়াই পৰি আহত হয় শতাধিক প্রতিবাদকাৰী।
            অকল বিজনী আৰু লেংটিছিঙাতেই নহয়, প্রায় গোটেই অসমতে ২৬ মে’ৰ প্রতিবাদকাৰীৰ ওপৰত নির্বিচাৰ অত্যাচাৰ চলিছিল। ইয়াৰ ভিতৰত বিশেষ ভাবে উল্লেখ কৰিব পাৰি নগাওঁ জিলাৰ ৰুপহী, জুৰীয়া, কামপুৰ আদিৰ কথা। জুৰীয়াত আবেলী পথাৰৰ পৰা ছাগলী আনিবলৈ যোৱা বুঢ়ী এজনী আৰু মকছুদুৰ ৰহমান নামৰ ছাত্র এজনক পুলিছে গুলীয়াই হত্যা কৰিছিল।
              ঐতিহাসিক ২৬ মে'ৰ গণ আন্দোলনত বহুকেইজন শ্বহীদ হ’ল আৰু আহত হ’ল। সেইদিনাখন বি বি চি লন্ডনৰ পৰা ৰেডিঅ' যোগে প্রচাৰ হ’ল যে অসমত বিদেশীৰ নামত চলা নির্য্যাতনৰ কবলৰ পৰা ৰক্ষা পাবলৈ সংখ্যালঘুসকলে প্রতিবাদী আন্দোলনত জপিয়াই পৰিছে। এইদৰে ১৯৮০ চনৰ ২৬ মে'ৰ জৰিয়তে সংখ্যালঘু আন্দোলনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত প্রাসংগিকতা লাভ কৰিবলৈ সক্ষম হৈছিল৷

—সাজাহান আলী আহমেদ
শিক্ষা আৰু আলোচনী সম্পাদক, আমছু
(বিঃদ্ৰঃ মোৰ তথ্য সংগ্ৰহত যদি কোনোবা মহান শ্বহীদৰ নাম বাদ পৰিছে অনুগ্ৰহ কৰি মোৰ 9401916223 নম্বৰৰ ৱাটচএপত দিয়ে যেন৷)

বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে কংগ্ৰেছৰ জনজাগৰণ সভা
মোডী মিথ্যাচাৰী, প্ৰতাৰক, সর্বকালৰ ব্যর্থ প্রধানমন্ত্রীঃ চিপি যোশী
এনআৰচিৰ পৰা প্রকৃত ভাৰতীয়ক বাদ দিয়াৰ ষড়যন্ত্র বিজেপিৰঃ তৰুণ গগৈ 
এআইইউডিএফত প্রবল খহনীয়া : ২ সহস্ৰাধিকাৰ কংগ্ৰেছত যোগদান


        বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰােডৰ পৰাই কংগ্ৰেছে জনজাগৰণ আৰম্ভ কৰে৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ তৃতীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰথম বর্ষপূর্তি অনুষ্ঠানৰ প্ৰাকক্ষণত ভাৰতীয় জাতীয় কংগ্ৰেছে বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে কংগ্ৰেছে এই জনজাগৰণ সভা অনুষ্ঠিত কৰে।বৰপেটা জিলা কংগ্ৰেছ কমিটীৰ সভাপতি শান্তনু শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত জনজাগৰণ সভাত উপস্থিত থাকি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক চি পি যোশীয়ে উপস্থিত থাকি নিজৰ ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীক সৰ্বকালৰ ব্যর্থ প্রধানমন্ত্রী বুলি আখ্যায়িত কৰে। যোশীয়ে লগতে কয়— নির্বাচনৰ পূর্বে মোডীয়ে আচ্ছে দিনৰ কথা কৈছিল যদিও ব্যাপক হাৰত মূল্যবৃদ্ধি হােৱাৰ লগতে নির্বাচনৰ পূর্বে প্রতি বছৰে দুই কোটিকৈ নিবনুৱাক সংস্থাপন দিয়া হ’ব বুলি প্রতিশ্রুতি দিছিল যদিও তিনিবছৰে মাত্র দুই লাখমান সংস্থাপন প্রদান কৰি ভাৰতৰ ৰাইজক প্ৰতাৰণা কৰাৰ লগতে বিমূদ্রাকৰণ কৰি ৰাইজক মাধ্যমাৰ শোধাইছে বুলি উল্লেখ কৰে। তেওঁ ক’লা ধন ঘূৰাই অনাৰ ক্ষেত্ৰত দম্ভালি মাৰিছিল যদিও মনমোহন সিঙে মোবীতকৈ অদিক ক’লা ধন ভাৰতলৈ আনিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰে।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে জনজাগৰণ সভাত উপস্থিত থাকি প্রধানমন্ত্রী মােডী, মুখ্যমন্ত্রী সোনােৱাল আৰু একালৰ সতীর্থ হিমন্তক কঠোৰ ভাষাৰে সমালোচনা কৰে। স্বভাৱ সুলভ ভঙ্গিমাৰে প্রাক্তন মুখ্যমন্ত্রী গৰাকীয়ে নিজৰ বক্তব্যত কয় যে— বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ভাৰতীয় লোকৰ নাম কর্তন কৰাৰ অভিসন্ধি ৰচনা কৰিছে আৰু কংগ্ৰেছে শুভাৰম্ভ কৰা নাগৰিপঞ্জীৰ কাম মন্থৰ কৰি তুলিছে। তেওঁ লগতে কংগ্ৰেছৰ দিনত আৰম্ভ কৰা প্ৰতিটাে কামত ক’লা-বগা ৰহন সানিছে আৰু উদ্বোধন কৰি ৰাইজৰ বাহঃ বাহঃ লোৱাৰ অপচেষ্টা কৰিছে। বর্তমানৰ চৰকাৰৰ দিনত মাটিৰ খাজনা বৃদ্ধি পাইছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ অশ্বাভাৱিক মূল্যবৃদ্ধি ঘটিছে, কর্মসংস্থাপন লোপ পাইছে, কৃষকে আত্মহত্যা কৰিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে বর্ষপূর্তি অনুষ্ঠানৰ নামত স্থানীয় বন্ধ ঘোষণা কৰা কার্যকে তেওঁ কঠোৰ সমালোচনা কৰে। তেওঁ লগতে নমামি ব্ৰহ্মপুত্ৰৰ নামত ৰাজভড়ালৰ ধনৰ অপব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে৷ ইয়াৰ সলনি এই ধন গৰাখহনীয়া প্ৰতিৰােধৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে অধিক লাভালাভ হ’লহেঁতেন বুলি তেওঁ কয়। তৰুণ গগৈয়ে লগতে প্রশ্ন উত্থাপন কৰি কয় যে— দুনীতিৰ বিৰুদ্ধে শ্ল’গান দিয়া চৰকাৰে বৰ্ষপূর্তি অনুষ্ঠানৰ নামত কোটি কোটি টকা ক’ৰ পৰা ব্যয় কৰিলে সেই কথা ৰাজহুৱা কৰক। বিজেপিয়ে ইমান টকা গছৰ পৰা পায় নেকি বুলি তেওঁ কটাক্ষ কৰে। কংগ্রেছত থকাৰ সময়ত দুনীতি কৰা বুলি সমদল উলিওৱা নেতা বিজেপিত যোগদান কৰিলেই পবিত্ৰ হৈ যায় বুলি কৈ একালৰ সতীর্থ, বিত্ত, শিক্ষা-স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে। ৰাজ্যৰ বর্ষীয়ান নেতা গৰাকীয়ে মহাত্মা গান্ধীক নাথুৰামৰ জড়িয়তে স্বাধীনতা সংগ্ৰামত কোনো অৱদান নথকা আৰ.এছ.এছে হত্যা কৰিছিল বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায়। তেওঁ লগতে আৰ এছএছক সমালোচনা কৰি মুছলমানক ঘূণা কৰাজন প্রকৃত হিন্দু নহয় বুলিও মন্তব্য আগবঢ়ায়।

       অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, সাংসদ ৰিপুন বৰাইয়ো নিজৰ ভাষণত পৰিৱৰ্তনৰ শ্ল’গান দি ৰাইজক বিভ্রান্ত কৰি ভোট আদায় কৰাৰ লগতে জাতি, মাটি, ভেটি ৰক্ষাৰ নামত আৰু দুনীতি, প্ৰদূষণ, বিদেশী মুক্ত অসম গঢ়াৰ মিছা সপোন দেখুৱাই বিজেপিয়ে ক্ষমতা দখল কৰিলে যদিও প্রতিশ্রুতি অনুসৰি কোনো এটা কামেই কৰিব নোৱাৰিলে বুলি বিস্ফোৰক মন্তব্য কৰে। আনকি বিজেপি চৰকাৰে ধৰ্মৰ নামত মেৰু বিভাজন কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবেহে কাম কৰি আছে বুলিহে উল্লেখ কৰে৷
সভাত উপস্থিত থাকি প্রাক্তনমন্ত্রী ৰকিবুল হুছেইনে কয় যে উচ্ছেদৰ নামত গৰাখহনীয়াৰ কবলত পৰা লোকসকলৰ শেষ আশ্রয়স্থল ভাঙি দি বিজেপিয়ে বন্য উল্লাস কৰা বুলি ভৎসৰ্না কৰে। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ নকৰাকৈ জনসংখ্যা নীতিৰ নামত শৰ্মাই প্রদান কৰা মন্তব্যৰ তীব্র সমালোচনা কৰে। দুজনতকৈ অধিক সন্তান জন্ম দিয়া লোকে নির্বাচনত অংশ ল’ব নােৱাৰিব বুলি কৰা মন্তব্যক উভতি ধৰি হিমন্ত বিশ্ব শৰ্মা গৰুৰ চাৰি নম্বৰ ল’ৰা বুলি কটাক্ষ কৰাৰ লগতে তেওঁ এনে বেবেৰিবাং মন্তব্য দিয়াৰ আগত নিজে বিধায়কৰ পৰা পদত্যাগ কৰিব লাগে বুলি দাবী কৰে। হুছেইনে লগতে এতিয়া পুৱাৰ ভাগতেই মদৰ দােকান খুলি ৰাইজক মদৰ প্রতি আকৃষ্ট কৰিব বিচাৰিছে যাতে ৰাইজে মদৰ ৰাগিত মাতাল হৈ চৰকাৰৰ অপকৰ্মবােৰ চাব নােৱাৰে বুলি মন্তব্য আগবঢ়ায়। কংগ্ৰেছৰ শাসন কালত নির্মান কার্য আৰম্ভ হােৱা ধলা-শদিয়াৰ দলঙেৰে নিৰাপত্তাৰ দােহাই দি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক উভতাই পঠোৱা আৰু বিজেপিৰ তিনিগৰাকী বিধায়কে তাৰ পিছত দলং খনলৈ গৈ ছেলফি উঠা কার্যক বিজেপিৰ অসহিষ্ণুতা প্রকাশ পায় বুলি বক্তব্যত উল্লেখ কৰে।
       ইয়াৰোপৰি সভাত বিধায়িনি দলৰ দলপতি দেবব্রত শইকীয়া,প্রাক্তন মন্ত্রী ডঃ নজৰুল ইছলাম, বিধায়ক শুকুৰ আলী, ওৱাজেদ আলী চৌধুৰী, আব্দুল খালেক, শ্বেৰমান আলী আহমেদ, জাকিৰ হুছেইনকে আদি কৰি ৰাজ্যিক পর্যায়ৰ ভালে কেইগৰাকী নেতাই উপস্থিত থাকি বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে ভাষণ আগবঢ়ায়।
বৰপেটাৰােডৰ ডঃ ভূপেন হাজৰিকা ময়দান (পৌৰসভা)ত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হােৱা সভাখনত নামনি অসমৰ বিভিন্ন প্রান্তৰ পৰা প্রায় ২০ সহস্রাধিক ৰাইজে অংশ গ্রহণ কৰাৰ লগতে আছু, অগপ, এআইইউডিএফৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰায় ২ সহস্ৰাধিক লোকে আজি গামোচা লৈ দলত যোগদান কৰে।

Published: Sangbad Prahari
Dainik Gana Adhikar

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা