Friday, May 26, 2017

বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে কংগ্ৰেছৰ জনজাগৰণ সভা
মোডী মিথ্যাচাৰী, প্ৰতাৰক, সর্বকালৰ ব্যর্থ প্রধানমন্ত্রীঃ চিপি যোশী
এনআৰচিৰ পৰা প্রকৃত ভাৰতীয়ক বাদ দিয়াৰ ষড়যন্ত্র বিজেপিৰঃ তৰুণ গগৈ 
এআইইউডিএফত প্রবল খহনীয়া : ২ সহস্ৰাধিকাৰ কংগ্ৰেছত যোগদান


        বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰােডৰ পৰাই কংগ্ৰেছে জনজাগৰণ আৰম্ভ কৰে৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ তৃতীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰথম বর্ষপূর্তি অনুষ্ঠানৰ প্ৰাকক্ষণত ভাৰতীয় জাতীয় কংগ্ৰেছে বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে কংগ্ৰেছে এই জনজাগৰণ সভা অনুষ্ঠিত কৰে।বৰপেটা জিলা কংগ্ৰেছ কমিটীৰ সভাপতি শান্তনু শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত জনজাগৰণ সভাত উপস্থিত থাকি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক চি পি যোশীয়ে উপস্থিত থাকি নিজৰ ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীক সৰ্বকালৰ ব্যর্থ প্রধানমন্ত্রী বুলি আখ্যায়িত কৰে। যোশীয়ে লগতে কয়— নির্বাচনৰ পূর্বে মোডীয়ে আচ্ছে দিনৰ কথা কৈছিল যদিও ব্যাপক হাৰত মূল্যবৃদ্ধি হােৱাৰ লগতে নির্বাচনৰ পূর্বে প্রতি বছৰে দুই কোটিকৈ নিবনুৱাক সংস্থাপন দিয়া হ’ব বুলি প্রতিশ্রুতি দিছিল যদিও তিনিবছৰে মাত্র দুই লাখমান সংস্থাপন প্রদান কৰি ভাৰতৰ ৰাইজক প্ৰতাৰণা কৰাৰ লগতে বিমূদ্রাকৰণ কৰি ৰাইজক মাধ্যমাৰ শোধাইছে বুলি উল্লেখ কৰে। তেওঁ ক’লা ধন ঘূৰাই অনাৰ ক্ষেত্ৰত দম্ভালি মাৰিছিল যদিও মনমোহন সিঙে মোবীতকৈ অদিক ক’লা ধন ভাৰতলৈ আনিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰে।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে জনজাগৰণ সভাত উপস্থিত থাকি প্রধানমন্ত্রী মােডী, মুখ্যমন্ত্রী সোনােৱাল আৰু একালৰ সতীর্থ হিমন্তক কঠোৰ ভাষাৰে সমালোচনা কৰে। স্বভাৱ সুলভ ভঙ্গিমাৰে প্রাক্তন মুখ্যমন্ত্রী গৰাকীয়ে নিজৰ বক্তব্যত কয় যে— বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ভাৰতীয় লোকৰ নাম কর্তন কৰাৰ অভিসন্ধি ৰচনা কৰিছে আৰু কংগ্ৰেছে শুভাৰম্ভ কৰা নাগৰিপঞ্জীৰ কাম মন্থৰ কৰি তুলিছে। তেওঁ লগতে কংগ্ৰেছৰ দিনত আৰম্ভ কৰা প্ৰতিটাে কামত ক’লা-বগা ৰহন সানিছে আৰু উদ্বোধন কৰি ৰাইজৰ বাহঃ বাহঃ লোৱাৰ অপচেষ্টা কৰিছে। বর্তমানৰ চৰকাৰৰ দিনত মাটিৰ খাজনা বৃদ্ধি পাইছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ অশ্বাভাৱিক মূল্যবৃদ্ধি ঘটিছে, কর্মসংস্থাপন লোপ পাইছে, কৃষকে আত্মহত্যা কৰিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে বর্ষপূর্তি অনুষ্ঠানৰ নামত স্থানীয় বন্ধ ঘোষণা কৰা কার্যকে তেওঁ কঠোৰ সমালোচনা কৰে। তেওঁ লগতে নমামি ব্ৰহ্মপুত্ৰৰ নামত ৰাজভড়ালৰ ধনৰ অপব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে৷ ইয়াৰ সলনি এই ধন গৰাখহনীয়া প্ৰতিৰােধৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে অধিক লাভালাভ হ’লহেঁতেন বুলি তেওঁ কয়। তৰুণ গগৈয়ে লগতে প্রশ্ন উত্থাপন কৰি কয় যে— দুনীতিৰ বিৰুদ্ধে শ্ল’গান দিয়া চৰকাৰে বৰ্ষপূর্তি অনুষ্ঠানৰ নামত কোটি কোটি টকা ক’ৰ পৰা ব্যয় কৰিলে সেই কথা ৰাজহুৱা কৰক। বিজেপিয়ে ইমান টকা গছৰ পৰা পায় নেকি বুলি তেওঁ কটাক্ষ কৰে। কংগ্রেছত থকাৰ সময়ত দুনীতি কৰা বুলি সমদল উলিওৱা নেতা বিজেপিত যোগদান কৰিলেই পবিত্ৰ হৈ যায় বুলি কৈ একালৰ সতীর্থ, বিত্ত, শিক্ষা-স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে। ৰাজ্যৰ বর্ষীয়ান নেতা গৰাকীয়ে মহাত্মা গান্ধীক নাথুৰামৰ জড়িয়তে স্বাধীনতা সংগ্ৰামত কোনো অৱদান নথকা আৰ.এছ.এছে হত্যা কৰিছিল বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায়। তেওঁ লগতে আৰ এছএছক সমালোচনা কৰি মুছলমানক ঘূণা কৰাজন প্রকৃত হিন্দু নহয় বুলিও মন্তব্য আগবঢ়ায়।

       অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, সাংসদ ৰিপুন বৰাইয়ো নিজৰ ভাষণত পৰিৱৰ্তনৰ শ্ল’গান দি ৰাইজক বিভ্রান্ত কৰি ভোট আদায় কৰাৰ লগতে জাতি, মাটি, ভেটি ৰক্ষাৰ নামত আৰু দুনীতি, প্ৰদূষণ, বিদেশী মুক্ত অসম গঢ়াৰ মিছা সপোন দেখুৱাই বিজেপিয়ে ক্ষমতা দখল কৰিলে যদিও প্রতিশ্রুতি অনুসৰি কোনো এটা কামেই কৰিব নোৱাৰিলে বুলি বিস্ফোৰক মন্তব্য কৰে। আনকি বিজেপি চৰকাৰে ধৰ্মৰ নামত মেৰু বিভাজন কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবেহে কাম কৰি আছে বুলিহে উল্লেখ কৰে৷
সভাত উপস্থিত থাকি প্রাক্তনমন্ত্রী ৰকিবুল হুছেইনে কয় যে উচ্ছেদৰ নামত গৰাখহনীয়াৰ কবলত পৰা লোকসকলৰ শেষ আশ্রয়স্থল ভাঙি দি বিজেপিয়ে বন্য উল্লাস কৰা বুলি ভৎসৰ্না কৰে। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ নকৰাকৈ জনসংখ্যা নীতিৰ নামত শৰ্মাই প্রদান কৰা মন্তব্যৰ তীব্র সমালোচনা কৰে। দুজনতকৈ অধিক সন্তান জন্ম দিয়া লোকে নির্বাচনত অংশ ল’ব নােৱাৰিব বুলি কৰা মন্তব্যক উভতি ধৰি হিমন্ত বিশ্ব শৰ্মা গৰুৰ চাৰি নম্বৰ ল’ৰা বুলি কটাক্ষ কৰাৰ লগতে তেওঁ এনে বেবেৰিবাং মন্তব্য দিয়াৰ আগত নিজে বিধায়কৰ পৰা পদত্যাগ কৰিব লাগে বুলি দাবী কৰে। হুছেইনে লগতে এতিয়া পুৱাৰ ভাগতেই মদৰ দােকান খুলি ৰাইজক মদৰ প্রতি আকৃষ্ট কৰিব বিচাৰিছে যাতে ৰাইজে মদৰ ৰাগিত মাতাল হৈ চৰকাৰৰ অপকৰ্মবােৰ চাব নােৱাৰে বুলি মন্তব্য আগবঢ়ায়। কংগ্ৰেছৰ শাসন কালত নির্মান কার্য আৰম্ভ হােৱা ধলা-শদিয়াৰ দলঙেৰে নিৰাপত্তাৰ দােহাই দি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক উভতাই পঠোৱা আৰু বিজেপিৰ তিনিগৰাকী বিধায়কে তাৰ পিছত দলং খনলৈ গৈ ছেলফি উঠা কার্যক বিজেপিৰ অসহিষ্ণুতা প্রকাশ পায় বুলি বক্তব্যত উল্লেখ কৰে।
       ইয়াৰোপৰি সভাত বিধায়িনি দলৰ দলপতি দেবব্রত শইকীয়া,প্রাক্তন মন্ত্রী ডঃ নজৰুল ইছলাম, বিধায়ক শুকুৰ আলী, ওৱাজেদ আলী চৌধুৰী, আব্দুল খালেক, শ্বেৰমান আলী আহমেদ, জাকিৰ হুছেইনকে আদি কৰি ৰাজ্যিক পর্যায়ৰ ভালে কেইগৰাকী নেতাই উপস্থিত থাকি বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে ভাষণ আগবঢ়ায়।
বৰপেটাৰােডৰ ডঃ ভূপেন হাজৰিকা ময়দান (পৌৰসভা)ত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হােৱা সভাখনত নামনি অসমৰ বিভিন্ন প্রান্তৰ পৰা প্রায় ২০ সহস্রাধিক ৰাইজে অংশ গ্রহণ কৰাৰ লগতে আছু, অগপ, এআইইউডিএফৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰায় ২ সহস্ৰাধিক লোকে আজি গামোচা লৈ দলত যোগদান কৰে।

Published: Sangbad Prahari
Dainik Gana Adhikar

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা