Friday, May 12, 2017

মহামান্য উচ্চতম ন্যায়ালয়ে Civil Appeal Nos.4171-4180 of 1994 ত ০৫.০৫.১৯৯৪ তাৰিখে দিয়া ৰায়দান অনুসৰি ভাৰতীয় নির্বাচন আয়োগে Letter No.23/96/P.S.-II Dated 07.10.1996 যোগে ০১.০১.১৯৯৭ ভিত্বি হিচাবে লৈ অসমত ভোটাৰ তালিকা সংশোধনীৰ নির্দেশ দিয়ে। 

ভাৰতীয় নির্বাচন আয়োগে Letter No.23/AS/96 Dated 04.02.1997 যোগে নির্বাচনী পন্জীয়ক বিষয়া তথা অন্যান্য সকলৰ বাবে গাইডলাইন জাৰি কৰে। নির্বাচন আয়োগে Letter No.23/AS/96 Dated 17.07.1997 যোগে আৰু কিছু নির্দেশনা জাৰি কৰে।

ভাৰতীয় নির্বাচন আয়োগে Letter No.23/AS/96 Vol.III Dated 12.11.1997 যোগে নির্দেশ দিয়ে, যি সকলৰ গোচৰ ন্যায়াধীকৰণলৈ প্রেৰন কৰা হৈছে তেওলোকৰ নাম "ডি" হিচাবে চিহ্নিত কৰি ভোটাৰ তালিকাত অর্ন্তভুক্ত কৰিব লাগে। নির্বাচন আয়োগে Letter No.23/AS/96 Vol.III Dated 06.12.1997 যোগে অসমৰ ১২৬ টা সমষ্টিৰ ভোটাৰ তালিকা ০৯.১২.১৯৯৭ তাৰিখে প্রকাশ কৰাৰ নির্দেশ দিয়ে। সেই অনুসৰি নামৰ আগত "ডি" সহ প্রথম ভোটাৰ তালিকা ০৯.১২.১৯৯৭ তাৰিখে প্রকাশ হয়। নির্বাচন আয়োগে Letter No.23/AS/96 Vol.III Dated 05.01.1998 যোগে নির্দেশনা দিয়ে যে "ডি" ভোটাৰ সকলে কোনো নির্বাচনত ভোটদান বা অংশগ্রহন কৰিব নোৱাৰিব।

"ডি" ভোটাৰৰ সাংবিধানীক বৈধতা সম্পর্কে মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ত কেইবাটাও ৰাজহুৱা স্বার্থজনীত আবেদন (PIL) দাখিল হৈছিলে। আবেদন কেইটা ক্রমে- CR (PIL) No.185/1998; CR (PIL) No.253/1998 ও CR (PIL) No.254/1998. মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে ১১.০১.২০০২ তাৰিখে আটাইকেইটা আবেদন নাকচ কৰে তথা ভোটাৰ তালিকাত "ডি" সাংবিধানীক ভাবে বৈধ বুলি ৰায়দান কৰে।

মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ ১১.০১.২০০২ তাৰিখৰ ৰায়ৰ বিৰুদ্বে মহামান্য উচ্চতম ন্যায়ালয়ত আপিল দাখিল হৈছিল যদিও পৰবর্তী সময়ত আপিল সমূহ উঠাই লয়। সেয়ে "ডি" ভোটাৰৰ সাংবিধানীক বৈধতা সম্পর্কে মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল আছে।

"ডি" ভোটাৰে উপযুক্ত নথি-পত্র ও সাক্ষী সহ দেৱানী আদালত (Civil Court) ৰ দ্বাৰস্থ হৈ স্বত্ব মামলা (Title Suit) দাখিল কৰি ভাৰতীয় বুলি ঘোষিত হৈছিলে। এই সম্পর্কে মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় এজনীয়া বিচাৰপীঠে যোৱা ১১.০৪.২০১৩ তাৰিখে WP (C) No.256/2013 [Md. Bahaluddin Sheikh Vs The Union of India and Ors] গোচৰত গুৰুত্বপূর্ণ ৰায় প্রদান কৰে। মহামান্য এজনীয়া বিচাৰপীঠে নির্দেশ দিয়ে যে- নাগৰিকত্ব সম্পর্কীয় গোচৰ মাত্র বিদেশী ন্যায়াধীকৰনত চলিব তথা দেৱানী আদালতত নাগৰিকত্ব সম্পর্কীয় গোচৰ নচলিব।

মহামান্য উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচাৰপীঠে ২৫.১০.২০১৩ তাৰিখে WP (C) No.274/2009 (Assam Public Works Vs Union of India and Ors) গোচৰত নিৰ্দেশনা দিয়ে যে- বিদেশী ন্যায়াধীকৰনে ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছতহে "ডি" ভোটাৰৰ নাম এন.আৰ.চি ত অন্তৰ্ভুক্ত হব। 

মামেজা খাতুন নামৰ মহিলাক বিদেশী ন্যায়াধীকৰনে বিদেশী বুলি মতামত প্রদান কৰাত মহিলা জনীয়ে মহামান্য গৌহাটী উচ্চ ন্যায়ালয় দ্বাৰস্থ হৈ WP (C) No.1334/2009 (Mameza Khatun Vs Union of India and Ors) দাখিল কৰে। মহামান্য উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে গোচৰটো নাকচ কৰাৰ লগতে যোৱা ২৩.০৩.২০১১ তাৰিখে ভাৰতীয় নির্বাচন আয়োগক নির্দেশ দিয়ে যে ভোটাৰ তালিকাত নাম থকা ব্যাক্তি যাৰ নাগৰিকত্ব সন্দেশ হয় তথা যাৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰনত গোচৰ চলি আছে তেওঁলোককো "ডি" ভোটাৰ হিচাবে গন্য কৰিব লাগে।

মহামান্য এজনীয়া বিচাৰপীঠে যোৱা ২৩.০৩.২০১১ তাৰিখে "ডি" ভোটাৰ সম্পর্কে প্রদান কৰা নির্দেশনাক প্রত্যহ্বান জনাই অসম চৰকাৰে মহামান্য উচ্চ ন্যায়ালয়ত আপিল অর্থাৎ WA No.114/2011 (The Govt. of Assam Vs Mameza Khatun and Ors) দাখিল কৰে।

মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচাৰপীঠে যোৱা ১৩.১০.২০১৫ তাৰিখে WA No.114/2011 (The Govt. of Assan Vs Mameza Khatun and Ors) গোচৰত প্রদান কৰা ৰায়দান যোগে অসম চৰকাৰ আপিল নাকচ কৰে তথা এজনীয়া বিচৰপীঠে যোৱা ২৩.০৩.২০১১ তাৰিখে WP (C) No.1334/2009 গোচৰত "ডি" ভোটাৰ সম্পর্কে প্রদান কৰা নির্দেশনাক বাহাল ৰাখে।

মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচাৰপীঠে যোৱা ১৩.১০.২০১৫ তাৰিখে WA No.114/2011 গোচৰত প্রদান কৰা ৰায়ক প্রত্যাহ্বান জনাই অসম চৰকাৰে মহামান্য উচ্চতম ন্যায়ালয়ত SLP (C) No.3045/2016 (Govt. of Assam Vs Mameza Khatun and Ors) দাখিল কৰে।

মহামান্য উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচৰপীঠে ০৮.০২.২০১৬ তাৰিখে SLP (C) No.3045/2016 গোচৰত ৰায়দান দিয় যে-"ডি" ভোটাৰ সকলে নাগৰিকত্ব আইনৰ ধাৰা-৬ক মতে উপযুক্ত নথি কতৃপক্ষৰ ওচৰত দাখিল কৰি নির্বাচনী প্রক্রিয়াত ভোটদান ও অংশগ্রহন কৰিব পাৰিব।

২০১১ চনৰ পৰা মহামান্য উচ্চতম ন্যায়ালয়ত ডি (Doubtful/Disputed) ভোটাৰৰ সাংবিধানিক বৈধতা ও বিদেশীৰ নামত হাৰাহাস্তি সম্পৰ্কীয় গোচৰ বিচাৰাধীন হৈ আছে। মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচাৰপীঠে ১১.০১.২০০২ তাৰিখে Civil Rule (PIL) Nos.185, 253 and 254 of 1998 গোচৰত ৰায়দান দিয়ে যে, ভোটাৰ তালিকাত নামৰ আগত ডি সন্নিবিষ্ট কৰা অৰ্থাৎ সন্দেহযুক্ত ভোটাৰক ডি হিচাপে চিহ্নিত কৰাটো সাংবিধানিক ভাবে বৈধ। মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে ২১.০৪.২০১১ তাৰিখে WP (C) No.2288 of 2008 আৰু ২৬.০৫.২০১১ তাৰিখে WP (C) No.3236 of 2009 গোচৰত বিদেশী ন্যায়াধীকৰনত বিচাৰাধীন গোচৰ সম্পৰ্কে কিছুমান নিৰ্দেশনা প্ৰদান কৰে।

মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ ১১.০১.২০০২, ২১.০৪.২০১১ আৰু ২৬.০৫.২০১১ তাৰিখৰ ৰায়ক প্ৰত্যাহ্বান জনাই ১৮.০৮.২০১১ তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ত আপিল অৰ্থাৎ SLP (C) No.29727-29731/2011 দাখিল হয়। মহামান্য উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচাৰপীঠে ২১.১০.২০১১ তাৰিখে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ ও ভাৰতীয় নিৰ্বাচন আয়োগক জাননী জাৰী কৰে। ভাৰতীয় নিৰ্বাচন আয়োগে ২০১২ চনৰ মে মাহত আৰু কেন্দ্ৰীয় চৰকাৰে ২০১২ চনৰ আগষ্ট মাহত উক্ত আপিলত শপতনামা দাখিল কৰে। মহামান্য উচ্চতম ন্যায়ালয়ত বিচাৰাধীন ডি ভোটাৰৰ সাংবিধানিক বৈধতা ও বিদেশীৰ নামত হাৰাহাস্তি সম্পৰ্কীয় আপিল অৰ্থাৎ SLP (C) No.29727-29731/2011 চূড়ান্ত নিষ্পত্তি (Final Disposal) পৰ্যায়ত আছে।

অসম চৰকাৰে মহামান্য এজনীয়া বিচাৰপীঠৰ ২৩.০৩.২০১১ তাৰিখৰ ৰায়ৰ বিৰুদ্বে আপিল WA No.114/2011 দাখিল কৰিছিলে যদিও ১৩.১০.২০১৫ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে অসম চৰকাৰ আপিল খাৰিজ কৰে।












Source: Mustafa Khaddam Hussain, Advocate Gauhati High Court.

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা