Saturday, May 6, 2017

মৃণাল তালুকদাৰৰ ‘অৱধাৰিত গৃহযুদ্ধ’ এটা তত্বগধুৰ, প্ৰয়োজনীয় আৰু সময়োপযোগী প্ৰবন্ধ৷ কিন্তু তথ্য বিভ্ৰান্তিও আছে৷ ন্যায়ালয়ত ১৯৭১ ৰ পক্ষত প্ৰবল শক্তিশালী স্থিতিত থকা আমছুৰ কথা তেখেতে পাহৰিয়ে গ’ল৷ বিপৰীতে আজমল বাহিনীৰ নাম উল্লেখ কৰিলে, য’ত আজমল বাহিনীৰ ভূমিকা নাই বুলিয়েই ক’ব পাৰি৷
দ্বিতীয়তে প্ৰবন্ধটোত অনাহক আৰু ভাতৃঘাতী আশংকা ব্যক্ত কৰা হৈছে৷ ৫১‘ হওঁক বা নহওঁক যিবোৰ আশংকাই মুছলমানসকলক এতিয়াৰ পৰাই সন্দেহৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰা হ’ব৷ তেনেকুৱা অলাগতিয়াল আশংকা ব্যক্ত কৰা হৈছে৷ বহুতেই প্ৰবন্ধটো শ্বেয়াৰ কৰিলে, মই প্ৰবন্ধটোৰ লগত এশ শতাংশ একমত হ’ব পৰা নাই৷ (সোইদিনাৰ পৰাই কথাবোৰ লিখিম বুলি ভাবি থাকোতে গ’ল) তেখেতে কৈছে যে ১৯৫১ হ’লে আইছিছে সুবিধা ল’ব পাৰে৷ তেখেতৰ এই আশংকাৰ দ্বাৰা অসমৰ প্ৰায় এক কোটি ধৰ্মীয় সংখ্যালঘুলোক ক্ষতিগ্ৰস্থ হ’ব৷ ইতিপূৰ্বে আইএছআই বা জেহাদীৰ নামত এইসকল লোকক বহু হাৰাশাস্তি কৰা হ’ল৷ তেখেতৰ দৰে এগৰাকী আগশাৰীৰ সাংবাদিক, বুদ্ধিজীৱীয়ে কিবা এটা আশংকা কৰাটো প্ৰতিক্ৰিয়াশীল মহলে আগতীয়াকৈ কাৰ্যতৰূপায়ন কৰিব বিচাৰে৷
অসম আন্দোলনৰ আমি বিৰোধিতা কৰিলেও ভিত্তিবৰ্ষক সমৰ্থন কৰিছিলো৷ তাৰ কাৰণো আছে৷ বেচৰকাৰী হিচাপত প্ৰায় ১০ হাজাৰ ধৰ্মীয় সংখ্যালঘুৰ প্ৰাণ আৰু ৮৫৫ জন আন্দোলনকাৰীৰ প্ৰাণৰ বিনিময়ত স্বাক্ষৰিত হৈছিল এই চুক্তি৷ ঘূণীয়া হোৱাসকলক বাদেই দিলো৷
এটা কথা ঠিক যে বাৰম্বাৰ এটা জাতিয়ে তেজ দিব নোৱাৰে, আত্মৰক্ষা কৰিব পাৰে৷ এতিয়া মুছলমানে আত্ম ৰক্ষা কৰিলেই তাক উগ্ৰপন্থীৰ লগত তুলনা কৰাটো যুক্তিসঙ্গত নহয়৷
এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অথবা ১৯৫২ চনৰ ভোটাৰ তালিকা সম্পূৰ্ণৰূপে স্বয়ং চৰকাৰৰ হাততেই মজুত নাই, প্ৰতিকূল বতৰৰ বাবে বহু জিলাত উক্ত ছেনছাছেই কৰা নাছিলে৷ ৫১‘ ভিত্তিবৰ্ষ হ’লে তেওঁলোকৰ কি হ’ব— এই প্ৰসঙ্গত তেখেতে কোনো বক্তব্য আগবঢ়োৱা নাই৷ লগতে তেখেতে নিশ্চয় জানে যে ষাঠিৰ দশকত বহু মুছলমানলোকক পূৰ্ব পাকিস্তানলৈ বিতাৰণ কৰা হৈছিল, বৰ্তমানৰ বাংলাদেশত থকা তেনে বহুলোকৰ হাতত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী মজুত আছে৷ তেওঁলোক এতিয়া বাংলাদেশৰ বৈধ নাগৰিক৷ কিন্তু ১৯৫১ চন ভিত্তিবৰ্ষ হোৱাৰ লগে লগে বহু ভাৰতীয় মানুহৰ হাতত কোনো নথি নাথাকিব, বিপৰীতে বাংলাদেশৰ নাগৰিকৰ হাতত নথি থাকিব৷ সাধাৰণ যুৱক হিচাপে মোৰ আশংকা এইখিনিতে৷
প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে অসম আন্দোলনৰ সময়ত বহুলোকৰ নথি-পত্ৰ জ্বলাই ভষ্মিভূত কৰা হৈছিল, তাৰ পাছৰ সময়ছোৱাত জনগোষ্ঠীয় অধিকাৰৰ নামত কেইবাবাৰো বৰ্তমানৰ বিটিচি অঞ্চলত সংখ্যালঘুলোকৰ ঘৰ-বাৰী জ্বলাই দিয়া হৈছিল, লগতে জ্বলিছিল নথি-পত্ৰও৷ আৰু অসম চুক্তি যিহেতু সকলোপক্ষই মানি লৈছিল, হত্যাৰ অপৰাধীসকলৰ বিৰুদ্ধে থকা গোচৰসমূহ উঠাই লৈছিল৷ ৭১‘ ভিত্তিবৰ্ষ হোৱা বাবে মানুহে তাৰ আগৰ নথিবোৰক অদৰকাৰী বুলি ভাবিবলৈ আৰম্ভ কৰিছিল, সংৰক্ষণ কৰাৰ পৰাও বহুতে বিৰত থাকিল৷ আনকি মানুহে বিভিষিকাময় স্মৃতিবোৰক বিস্মৃতিৰ গহব্বৰত হেৰুৱাই থ’ব বিচাৰিছিল৷ ৫১-৭১ বিতৰ্কই পুনৰ শোকাণ ঘা কেঁচা কৰাৰ হে আশংকা ঘণিভূত কৰিছে৷
সকলোৱে মনত ৰখা উচিত যে অসম আন্দোলনৰ সময়ত যিসকল লোক বুৰ্বক আৰু আত্মজ্ঞানহীন আছিল তেওঁলোক আজিৰ তাৰিখত তেনেকুৱা হৈ থকা নাই৷ লাঞ্চনা-বঞ্চনা, অত্যাচাৰ-উৎপীড়ন সহ্য কৰি তেওঁলোকৰ মাজতো দুই-চাৰিজন ভাল-বেয়া বিচাৰ কৰিব পৰা মানুহ উলাইছে৷ তেতিয়াৰ পৰিৱেশৰ লগত এতিয়াৰ পৰিৱেশৰ বহুখিনি অমিল আছে৷
দুৰ্ভাগ্যজনক কথাটো এই যে প্ৰবন্ধটোৰ শেষাংশত তেখেতে এনে কিছু আশংকা ব্যক্ত কৰিছে যাৰ জৰিয়তে অসমৰ মুছলমানসকলৰ দেশপ্ৰেমৰ ক্ষেত্ৰতো সন্দেহৰ আঙুলী টোওৱা হৈছে৷ ১৯৫১ চন ভিত্তিবৰ্ষ হ’লে নিশ্চিত ভাবে বঞ্চিতসকলে আন্দোলন কৰিব, তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে চীনৰ লগত চামিল হ’ব অথবা আইছিছৰ দৰে এটা বৰ্বৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত মিলি যাব৷ — এই কথাবোৰ অতি সুক্ষ্ম ভাবে আমাৰ অসমৰ সাংবাদিক-বুদ্ধিজীৱীসকলে চিন্তা কৰা উচিত৷ মনত আহিলেই প্ৰবন্ধৰ নামত এটা জনগোষ্ঠীৰ দেশপ্ৰেম ওলাই কৰাৰ অধিকাৰ কাৰো নাই৷


0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা