Saturday, December 14, 2024

 

মাটি সম্পৰ্কে বিটিচি চৰকাৰৰ স্থিতি সম্পৰ্কে আজি আলোচনা কৰিব বিচাৰিছো।

এই আলোচনাত বিটিচি আৰু বিটিআৰ চুক্তিৰ মাজত থকা মৌলিক পাৰ্থক্যখিনিও আলোচনা কৰিব বিচাৰিছো।

২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বিএলটি বা বড়ো লিবাৰেচন টাইগাৰ্চৰ লগত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ ৪.৩ নং অনুচ্ছেদে বিটিচিত বসবাস কৰা লোকসকলক ভাৰতীয় সংবিধানে দিয়া প্ৰতিটো অধিকাৰৰ লগতে মাটিৰ অধিকাৰ সুৰক্ষিত কৰাৰ কথা কোৱা হৈছে। 


ইয়াৰ বিপৰীতে ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থা, নেশ্বনেল ডেমক্ৰেটিক ফ্ৰন্ট অৱ বডোলেণ্ড আৰু ইউনাইটেড বডো পিপলচ অৰগেনাইজেচনৰ লগত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰে। এই তৃতীয় বড়ো শান্তি চুক্তিক বিটিআৰ চুক্তি নামেৰে জনা যায়। এই চুক্তিৰ ৭.২ নং অনুচ্ছেদ মতে বিটিচি অঞ্চলৰ চৰকাৰী খাচ মাটি, চৰণীয়া মাটি, নদীৰ খহনীয়া হৈ পৰি থকা ভুমিবোৰক অবৈধ দখলকাৰীৰ পৰা সংৰক্ষণ কৰিব বুলি কোৱা হল। 


এই কথা একমাত্ৰ চুক্তিৰ মাজতেই সীমাবদ্ধ হৈ নাথাকিল। বিটিআৰ চুক্তিৰ ৭.২ নং অনুচ্ছেদ কাৰ্যকৰী কৰাৰ বাবে ২০২৩ চনৰ ১২ জুন তাৰিখে আবেলি ৬ বজাত গুৱাটীস্থিত অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এখন উচ্চ স্তৰৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিটিচিৰ চীফ বা মুখ্য কাৰ্যকাহী সদস্য প্ৰমোদ বড়ো আৰু অসম চৰকাৰৰ কেবিনেন মন্ত্ৰী তথা ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খআও গৌৰা ব্ৰহ্মৰ লগতে ভূমি বিভাগৰ বিষয়াসকলে উপস্থিত থাকে। এই বৈঠকতে চৰকাৰী খাচ মাটি, চৰণীয়া মাটি, নদীৰ খহনীয়া হৈ পৰি থকা ভুমিবোৰত বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰাৰ বাবে নিয়মীয়া ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হল। 


শাসনৰ গাদীত থকা প্ৰমোদ বড়ো নেতৃত্বাধীন বিজেপি-ইউপিপিএল দলৰ চৰকাৰখনে ট্ৰাইবেল বেল্ট আৰু ব্লকত বসবাস কৰা লোকসকলক উচ্ছেদ কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিছে। 



এই শপতনামাৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৩ জুন ২০২৪ তাৰিখে এখন গুৰুত্বপূৰ্ণ ৰায়দান কৰে। এই ৰায়দানে ট্ৰাইবেল বেল্ট আৰু ব্লকত বসবাস কৰা লোকসকলক বাৰুকৈয়ে চিন্তিত কৰি তোলে।


উল্লেখ্য যে ট্ৰাইবেল বেল্ট আৰু ব্লক সৃষ্টি হোৱাৰ পূৰ্বৰ পৰা বসবাস কৰা লোকসকলক উক্ত অঞ্চলৰ পৰা উচ্ছেদ কৰাৰ বাবে ইতিমধ্যে জাননীও প্ৰদান কৰা হৈছিল। পিছত ভুক্তভোগী লোকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষচাপি ৰক্ষা পৰিছে। 


উচ্ছেদ সম্পৰ্কে ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানক অৱমাননা কৰি এই জাননী প্ৰদান কৰাৰ পিছত ভুক্তভোগীসকলে গুৱাহাটী উচ্চ ন্যায়ালৰ কাষ চপাৰ পিছত ন্যায়ালয়ে প্ৰমোদ বড়ো চৰকাৰক উচ্ছেদৰ জাননী প্ৰদানৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলাৰ বাবে নিৰ্দেশ দিয়ে। ফলত সাময়িক ভাবে উচ্ছেদ কাৰ্য স্থগিত আছে।

ইফালে মাটিৰ পট্টা বিতৰণ কৰাৰ নামত বিটিচি চৰকাৰে সংবাদ মাধ্যমত ব্যাপক প্ৰচাৰ চলাই থকা সকলোৰে দৃষ্টিগোচৰ হৈছে।  বিটিচিৰ ভূমিহীন নাগৰিকক মাটিৰ পট্টা দিয়া হৈ আছে বুলি প্ৰচাৰ কৰা নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে এটা বৃহত্ প্ৰচাৰ কাৰ্য চলোৱা দেখা গৈছে। আমি চৰকাৰে প্ৰদান কৰা মাটিৰ পট্টাৰ কাগজসমূহ সংগ্ৰহ কৰি দেখিলো, প্ৰকৃততে এইবোৰ মাটিৰ পট্টা নহয়। তিনি বছৰৰ বৈধতাৰ একোখন কাগজ। প্ৰথমে এইধৰণৰ কাগজ সংগ্ৰহ কৰিব পৰা নিৰ্বাচিত লোকে চৰকাৰক দিব লাগিব এহেজাৰকৈ টকা। এই কাগজত লিখা থকা মতে Homestead ৰ বাবে Settlement দিয়া হৈছে। এই ছেটেলমেন্টৰ পৰা লাভা-লাভ কি সেই বিষয়েও জনা দৰকাৰ আছে।  বিটিচিত যিহেতু ভূমিনীতি গ্ৰহণ কৰা হোৱা নাই গতিকে এই কাগজসমূহ কিহৰ আধাৰত দি আছে সেই কথাও জনা দৰকাৰ আছে।  কাগজত থকা Homestead শব্দটোৱে আমাক বাট দেখুৱায়। ১৯৮৯ আৰু ২০১৯ চনৰ অসম চৰকাৰৰ ভূমিনীতিত এই Homestead শব্দটো পোৱা যায়। স্থানীয় খিলঞ্জীয়া ভূমিহীন লোক, যিসকলৰ পৰিয়ালৰ কাৰোৰে নামত মাটি নাই, তেনে লোকক ঘৰ বনাই থকাৰ বাবে মাটি দিব পৰা যায়, যাৰ তিনিবছৰীয়া বৈধতা শেষ হোৱাৰ পিছত ছেটেলমেন্ট পোৱা লোকে উক্ত স্থানত ঘৰ বনাই আছে নে নাই আৰু নথিপত্ৰ পৰীক্ষা নিৰিক্ষা কৰি মাটি দিয়াৰ বিষয়ে বিবেচনা কৰা হব।  ১৯৮৯ চনৰ ভূমিনীতিয়ে এনে স্থানীয় ভূমিহীন খিলঞ্জীয়া লোকক সৰ্বাধিক এবিঘা আৰু ২০১৯ চনৰ ভূমিনীতি মতে সৰ্বাধিক আধা বিঘা মাটি দিয়াৰ কথা কোৱা হৈছে। 
ইয়াৰ প্ৰথমটো পৰীক্ষা অৰ্থাত্ ভূমিহীন লোকজনৰ পৰিয়ালত কাৰোৰে নামত মাটি থাকিব নোৱাৰিব - এই পৰীক্ষাত বহুলোকে ফেইল হব। যদি পৰিয়ালৰ কাৰোৰে নামত মাটি নাই তেন্তে এবিঘা মাটি দিয়া হব। ইয়াতো সৃষ্টি হব ভয়ানক খেলি-মেলিৰ। উদাহৰণ হিচাপে আমাৰ পৰিয়ালটোকে ধৰি কথাটো বুজাই দিব বিচাৰিছো। আমাৰ দেউতা আৰু খুড়া মিলি মুঠ তিনি জন, আমি চাৰি ভাই-ককাই, এজন খুড়াৰ এজন পুত্ৰ আন এজন খুড়াৰ তিনিজন পুত্ৰ তেন্তে আমাৰ বংশ বৃক্ষত পৰিয়াল থকা মুঠ পুৰুষৰ সংখ্যা ১১ জন, এই প্ৰতিজনেই এতিয়া প্ৰাপ্ত বয়স্ক, পৃথকে পৃথকে থাকে আৰু নিজৰ উপাৰ্জন নিজে কৰি খায়। এতিয়া আমাৰ এই এঘাৰজনীয়া পৰিয়ালৰ কাৰোৰে হাতত মাটি নাথাকিলেহে আমাক এবিঘা মাটি ছেটেলমেন্ট কৰি দিয়া হব।  এই এবিঘা মাটিত ১০-১১ টা পৰিয়াল কেনেকৈ থাকিব এইটোহে আজিৰ তাৰিখত বৃহত্ প্ৰশ্ন।  এই এঘাৰজনীয়া বংশবৃক্ষৰ পৰা কোনোবা এজনক মাটি প্ৰদান কৰিলে বাকীসকলৰ এই ভূমি নীতিৰ অধিনত মাটি লাভ কৰাৰ পথ বন্ধ হব। ফলত নিজৰ পৰিয়ালৰ মাজতেই সংঘাতৰ সৃষ্টি হব। অৰ্থাত্ ভূমিনীতি ১৯৮৯ বা ২০১৯ ৰ মতে মাটিৰ পট্টা বিতৰণ কৰিলে মানুহৰ মাজত বিস্শৃংখলতাৰ সৃষ্টি হব। 

দ্বিতীয়তে ভূমিহীন লোকজন স্থানীয় খিলঞ্জীয়া লোক হয় নে নহয় সেয়া বিবেচনাত আহিব। খিলঞ্জীয়া শব্দটো বৰ্তমান কিছু বছৰৰ পৰা অসমৰ ৰাজনীতিত প্ৰবল ভাবে ব্যৱহাৰ হৈ থাকিলেও এই শব্দটোৰ কোনো সংজ্ঞা নাই। অসমৰ একাংশ লোকক বাদ দি খিলঞ্জীয়াৰ সূত্ৰ নিৰ্ধাৰণ কৰা হয়। অৰ্থাত্ পূৰ্বে সন্দেহযুক্ত বাংলাদেশী, বিদেশী, মিয়া, ভাটিয়া আদি নামেৰে অভিহিত কৰি অহা লোকসকলক অলিখিত ভাবে খিলঞ্জীয়াৰ সংজ্ঞাৰ ভিতৰত ধৰা নহয়। এই লোকসকল প্ৰাক স্বাধীনতা কালৰ পৰা ভাৰতৰ ভূমিত বসবাস কৰি এই অঞ্চলৰ বায়ু, পানী সেৱন কৰি মাটিৰ লগত মিলি যোৱাৰ পিছতো বিভিন্ন প্ৰকাৰে মৰ্যাদা হানি কৰা হয়। বিটিচিত প্ৰায় ৫ লাখ মিয়া লোকে বসবাস কৰে।ভূমিনীতি ১৯৮৯ বা ২০১৯ ৰ মতে মাটিৰ পট্টা বিতৰণ কৰিলে এই লোকসকল মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হব। 

বিজেপি-ইউপিপিএল চৰকাৰখনে প্ৰকৃততে এই লোকসকলক মাহি আইৰ দৃষ্টিৰে চাই অহাটো আজিৰ নতুন কথা নহয়।  অসম বিধান সভাতো বিজেপি-ইউপিপিএল আৰু অগপৰ মিত্ৰ জোটৰ চৰকাৰ। বিধানসভাৰ মজিয়াতেই এই মিয়াসকলৰ বিৰুদ্ধে চৰকাৰী পক্ষই বিভিন্ন সময়ত গৰ্জন দিয়া দেখা যায়। মাথো সেয়াই নহয় এই মিঞা লোকসকলক অসমৰ শত্ৰু, অপৰাধ প্ৰবন, নিচাসক্ত আদি বিভিন্ন প্ৰকাৰে নিতৌ অপমান কৰা দেখা যায়। 

ইয়াৰ বিপৰীতে বিটিচি চুক্তি মতে ভূমি আৰু ৰাজহ বিভাগ বিটিচিৰ স্বতন্ত্ৰ বিভাগ। বিটিচি চৰকাৰে নিজাববীয়াকৈ মাটি সংক্ৰান্তিয় আইন বা নীতি প্ৰণয়ন কৰিব পাৰে। বিটিচিত বসবাস কৰা লোকসকলৰ মাটিৰ সমস্যা সমাধান কৰাৰ বাবে বিটিচি পৰিষদীয় চৰকাৰে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ নকৰিলে সমস্যাৰ সমাধানৰ বিপৰীতে সমস্যাৰ সৃষ্টিহে হব। 

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ