Uniform
civil code বা UCC পুনৰ দেশব্যাপি চৰ্চা আৰম্ভ হৈছে,
এই video ত এই বিষয়ৰ লগত জৰিত
কেইটামান প্ৰশ্নৰ উত্তৰ জানিবলৈ যত্ন কৰা হৈছে।
প্ৰথম প্ৰশ্নটো হৈছে যে UCC য়ে কিয় চৰ্চা লাভ কৰিছে,
Uniform
civil code বা UCC কি,
UCC ৰ ক্ষেত্ৰত সংবিানৰ article44 য়ে কি কয়,
UCC ৰ কিয় বিৰোধিতা হৈ আছে,
Uniform
civil code বলবত্ হলে কি কি সলনি হৈ যাব,
(video: Modi on Uniform civil code)
সৰ্ব প্ৰথমে আমি
জানিম uniform civil code
প্ৰকৃততে চৰ্চাত কিয়-
BJP দলে ২০১৪ আৰু ২০১৯ চনত নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল যে তেওঁলোকে চৰকাৰ বনাব পাৰিলে UCC বা uniform
civil code সমগ্ৰ দেশতে বলবত্ কৰিব।
২০২৪ চনৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিয়ে পুৰণা প্ৰতিশ্ৰুতি
পূৰণ কৰাৰ বাবে তত্পৰ হৈ পৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভূপালত
ভাষণ প্ৰসঙ্গত মত ব্যক্ত কৰি কয় যে এখন পৰিয়ালত এজন সদস্যৰ বাবে এটা নিয়ম আৰু বকী
সদস্যৰ বাবে বেলেগ নিয়ম থাকিলে সেই পৰিয়াল কোনেকৈ চলিব- ? তেওঁ কয়- (Specific Modi
bhason)
এতিয়া uniform civil code কি সেই সম্পৰ্কে জনো আহক ?
যিদৰে PM মোডীয়ে কথাখিনি উল্লেখ কৰিছে সেইমতেই ইয়াক আমি বুজিব পাৰো। ভাৰতবৰ্ষত criminal laws মতে যিকোনো ধৰ্মৰ লোক বা জাতিৰ লোক অথবা যিকোনো লিংগৰ লোকে
চুৰি, হত্যা আদি অপৰাধ কৰিলে IPC
বা Indian penal code ৰ মতে সকলোৱে একে শাস্তি পায়, কিন্তু বিবাহ, তালাক, সন্তান তুলি লোৱা আৰু সম্পত্তিৰ
উত্তৰাধিকাৰ আদি বিষয়ত ভিন ভিন
ধৰ্মাৱলম্ভীৰ মাজত পৃথক rules
আৰু regulation বলবত্ হৈ আছে। যাৰ ভিতৰত Hindu Personal Law আৰু Muslim Personal Law বহূল ভাবে ব্যৱহাৰ হৈ আহিছে। কিন্তু uniform civil code বলবক্ হোৱাৰ লগে লগে বিবাহ, তালাক, সন্তান তুলি
লোৱা আৰু সম্পত্তিৰ উত্তৰাধিকাৰ আদি বিষয়বোৰো সকলোৰে বাবে একে হৈ পৰিব। মূলত ইয়াকেই uniform civil code বা UCC বুলি কোৱা হয়।
সংবিধানৰ Article 44 ত আচলতে কি কৈছে সেই বিষয়ে
জানি লওঁহক-
সংবিধানৰ Article 44 ত কোৱা হৈছে যে- the state shall endeavor to secure
for the citizens, a uniform civil
code throughout the territory of India. ইয়াৰ
অৰ্থ হৈছে – সকলো নাগৰিকৰ বাবে uniform civil code কাৰ্যকৰী কৰা চৰকাৰৰ দায়িত্ব।
তেন্তে uniform civil code ৰ বিৰোধিতা কিয় কৰি থকা হৈছে- ভাৰত এখন ধৰ্ম
নিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াৰ অৰ্থ হল- সকলো
ধৰ্মৰ লোকেই নিজৰ নিজৰ ধৰ্মৰ উপাসনা আৰু ধৰ্মীয় ৰীতি-নীতি পালন কৰাৰ স্বাধীনতা
আছে। যাৰ বিষয়ে সংবিধানৰ article 25 ত উল্লেখ কৰা হৈছে।
এতিয়া uniform civil code কাৰ্যকৰী হলে সমগ্ৰ দেশৰ সকলো জাতি-জনজাতি আৰু
ধৰ্মীয় লোকৰ বাবে বিবাহ, তালাক, সন্তান তুলি লোৱা আৰু উত্তৰাধিকাৰকে আদি কৰি সকলো
ক্ষেত্ৰতে সকলো নাগৰিকৰ বাবে একে আইন প্ৰজোয্য হব।
প্ৰধানমন্ত্ৰী মোডীয়ে পূৰ্বৰ পৰাই 1 nation 1 law ৰ বিষয়ে কৈ আহিছিল।যিহেতু বিজেপিৰ ২০১৪ আৰু ২০১৯ ৰ
নিৰ্বাচনত UCC বলবত্ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনৰ বাঘজৰি হাতত লৈছিল ফলত ইয়াক ২০২৪ ৰ
নিৰ্বাচনৰ পূৰ্বে বলবত্ কৰা একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। কিন্তু ইয়াৰ মাজতে বিজেপিৰ আত্মা স্বৰূপ ৰাষ্ট্ৰীয় সয়ং সেৱক সংঘ বা
RSS য়ে প্ৰধানমন্ত্ৰীৰ ভাষণৰ বিৰোধ কৰা দেখা
গৈছে। কাকতত প্ৰকাশিত এটি বাতৰি মতে—( paper cut Asomiya pratidin 30
June23)
Click here to watch video report
0 comments:
Post a Comment