Thursday, May 12, 2016

Image result for romantic alone girl for poem
তুমি যেতিয়া আছিলা হৃদয়ৰ গহ্বৰত লুকাই
নীলা নীলা তোমাৰ চকুত
ফৰকাল আকাশৰ ছবি আঁকিছিলো
কঁহুৱা কোমল শুভ্ৰ জোনাকৰ কোলাত,
হাবটি থৈছিলো এবুকু আশা
নীলাখামৰ উজাগৰি সপোনত,
আকাশ খন চঞ্চল হৈ পৰিছিল
আৰু সৰি পৰিছিল শাৰদীয় জোনাক
হৃদয়ৰ ৰঙাদলিচা বগাই বগাই আলফুলকৈ,
তেতিয়া নাছিল দুখৰ ডাৱৰ
কলঙ্কিত হোৱা নাছিল বেলিৰ মুখ।
ছোনামী হৈ হঠাত্ নামিছিল যন্ত্ৰণা
মোৰ বুকুৰ মৰুভূমিলৈ,
যেতিয়া তুমি আঁতৰি গৈছিলা
নিহঙ্গতাৰ ডাৱৰে ছানি ধৰিছিল মোৰ পৃথিৱী,
চিগাৰেটৰ ধূৱাৰে আবৃত হৈ পৰিছিল বেলিৰ মুখ
আৰু মই মাজ নিশাৰ জাগ্ৰত প্ৰহৰী হৈ
ধূৱাৰ ৰঙেৰে আঁকিছিলো
পাই হেৰুৱাৰ হাজাৰ ৰামধেনু
আৰু ব্যৰ্থ প্ৰেমৰ উপাখ্যান,
নিশা গভীৰ হৈ আহিছিল আৰু
তোমাক হেৰুৱাৰ নিষ্ঠুৰ ছবিবোৰে
খুটি খুটি খাব ধৰিছিল মোক,
চিগাৰেটৰ ধূৱাবোৰ মেঘহৈ
তোমাক ঢাকি ৰাখিছিল
আৰু মোক ঠেলি আছিল
শেষ যাত্ৰাৰ পথলৈ।
নিশা গভীৰ হৈ আহিছে
বতাহৰ কোলাত হাঁহিছে শেৱালীৰ গোন্ধ,
আৰু তোমাৰ কঁপাহি কোমল খোজত
খহিছে টোপনিৰ মায়াজাল,
তুমি সূৰুজৰ হেঙুলীয়া ৰশ্মি হৈ
নামি আহিছা মোৰ বুকুলৈ
শত-সহস্ৰ চেঁচা মলয়া হৈ
হৃদয়ৰ খিৰিকি খুলি
প্ৰেৰণাৰ বাৰ্তা লৈ।
এতিয়া পুনৰ তোমাক বিচাৰি পাইছো
অৱশ্যে তোমাৰ ওঁঠলৈ চাই
মোৰ ওঁঠৰ পৰা
সৰি পৰিছে চিগাৰেট।
কিন্তু তুমি নাথাকিলে পুনৰ
বেদনাৰ ঘৰ সাজিম বুকুত।।




Shajahan Ali Ahmed

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ