Tuesday, April 23, 2019

উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি ডি ভোটাৰৰ ভোটদানত বাধা

বৰপেটাৰোডৰ পৰা শাকিল আহমেদ আৰু সাজাহান আলী আহমেদৰ প্ৰতিবেদন, ২৩ এপ্ৰিলঃ

ৰাজ্যৰ দীৰ্ঘ দিনীয়া নাগৰিকত্বৰ সমস্যা সমাধানৰ বাবে যি সময়ত উচ্চতম ন্যায়ালয় তত্বাবধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলি আছে সেই একে সময়তে উচ্চতম ন্যায়ালয়ৰ ৰায়দানক চৰম অৱমাননা কৰি ভোটগ্ৰহণ অনুষ্ঠিত কৰিছে নিৰ্বাচন আয়োগে৷ ১৯৯৭ চনৰ পৰা ভোটাৰ তালিকাত ডি চিহ্নৰে সন্দেহযুক্ত নাগৰিক হিচাপে চিহ্নিত কৰি ৰখা তথাকথিত সন্দেহযুক্ত নাগৰিকৰ পক্ষত ৰায়দান কৰি ৮ ফেব্ৰুৱাৰী, ২০১৬ তাৰিখে উচ্চতম ন্যায়ালয়ে SLP (C) 3045/2016 যোগে ডি ভোটাৰ আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ বিচাৰাধীন হৈ থকা লোকে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব পাৰিব বুলি নিৰ্দেশনা প্ৰদান কৰিছিল৷ কিন্তু ৰাজ্যৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী বিষয়াসকলক প্ৰশিক্ষণৰ সময়তেই ডি ভোটাৰসকলৰ ভোট গ্ৰহণ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ক চৰম ভাবে অৱমাননা কৰা দেখা যায়৷ ৰাজ্যৰ তৃতীয় তথা শেষ পৰ্যায়ৰ নিৰ্বাচনত বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰত ডি ভোটাৰসকলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ প্ৰতিলিপি আৰু যাৱতীয় নথি-পত্ৰ হাতত লৈ ভোটদান কৰিবলৈ আহি হতাশ হৈ উভতিব লগা হয়৷ ডি ভোটাৰৰ সমস্যা সমাধানৰ নামত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা চৰম হাৰাশাস্তিৰ সন্মুখীন হোৱা সৰ্বসাধাৰণ ৰাইজে উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়দানৰ দ্বাৰা উৎসাহিত হ’লেও নিৰ্বাচন আয়োগৰ কাণ্ডই পুনৰায় এই বিষয়টোক জটিলতাৰ মাজলৈ ঠেলি দিছে৷ সাধাৰণ ভোটাৰৰ কোনো নথি-পত্ৰ পৰীক্ষা-নিৰিক্ষা নকৰাকৈ যধে-মধে নিৰ্বাচন আয়োগে কেৱল মাত্ৰ নাম আৰু উপাধী চাই লাখ লাখ প্ৰকৃত আৰু বৈধ ভাৰতীয় নাগৰিকক চৰম হাৰাশাস্তি কৰি থকাৰ সময়তেই ২০১৬ চনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমান কৰি স্পষ্ট কৰি দিছে আয়োগৰ চৰম অৰাজকতা৷ একেদৰে অসম আৰক্ষীৰ সীমান্ত শাখাৰ কাল্পনীক গোচৰৰ দ্বাৰা নাগৰিকত্বৰ নামত নিৰিহ জনতাক দি অহা জমৰ যাতনাৰ অৱসান বিচাৰি হাহাকাৰ কৰি থকাৰ সময়তেই উচ্চতম ন্যায়ালয়ৰ ৰায়ক বৃদ্ধাঙ্গুষ্ঠ দেখুৱা নিৰ্বাচন আয়োগক নাকি লগাব কোনে— সেইটো সাম্প্ৰতিক সময়ৰ চৰ্চিত প্ৰশ্ন হিচাপে চিহ্নিত হৈছে৷ 

Wednesday, April 17, 2019


ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে বাংলাদেশী সমস্যাৰ স্থায়ি সমাধান লাভ কৰাৰ আশা বুকুত লৈয়ে আগবাঢ়িছিল সকলোৱে৷ কিন্তু ভুলক্ৰমে ডি ভোটাৰ হিচাপে চিহ্নিত কৰা লোকসকলৰ পৰা আৰম্ভ কৰি কাল্পনিক কথাৰে সীমান্ত শাখাৰ আৰক্ষীয়ে স্বদেশী লোকক বিদেশীৰ গোচৰ জাপি দিয়া লোকসকলে NRC ৰ জৰিয়তে উপকৃত হোৱাৰ কোনো আশা দেখা পোৱা নাযায়৷ ১৯৯৭ চনৰ পৰা ২০১২ চনলৈকে যিমান ডি ভোটাৰৰ গোচৰ নিষ্পত্তি হৈছিল তাৰে ৮৩ শতাংশই বিদেশী নহয় বুলি ৰায়দান পাইছিল৷ এনে ক্ষেত্ৰত ডি ভোটাৰসকলক মহামান্য উচ্চতম ন্যায়ালয়ে NRCৰ পৰা একাষৰীয়া কৰি ৰখাৰ বাস্তৱসন্মত যুক্তি মই বিচাৰি পোৱা নাই৷ মহামান্য ন্যায়ালয়ে এই বিষয়বোৰক লৈ কি কাৰণে গুৰুত্ব নিদি বিদেশী ন্যায়াধীকৰণক জীৱীত ৰাখিলে সেয়াও এক জটিল প্ৰশ্নৰ বিষয়৷ ১৯৯৭ চনৰ পৰা ২০১২ চনলৈকে এই বিদেশী ন্যায়াধিকৰণ সমূহে যিধৰণৰ প্ৰক্ৰিয়া অৱলম্বন কৰি গোচৰবোৰৰ নিষ্পত্তি কৰিছিল আজিও একে পদ্ধতি অৱলম্ভন কৰি আছে৷ এগৰাকী জেষ্ঠ অধিবক্তাৰ পৰা জানিব পাৰিলো (নাম, ঠিকনা প্ৰকাশত অনিচ্ছুক) যে যাৱতীয় নথি-পত্ৰ থকা শতকৰা ৯৫ শতাংশ গোচৰৰ ৰায়দান বিদেশী হিচাপে দিয়া হয়৷ 
সৌসিদিনা আমাৰ গৱেষণা কেন্দ্ৰত উপস্থিত হোৱা এগৰাকী ভূক্তভোগীয়ে আবেগিক হৈ পৰিছিল৷ তেওঁৰ মাতৃৰ বিৰুদ্ধে সীমান্ত আৰক্ষীয়ে বিদেশীৰ গোচৰ জাপি দিছিল৷ ৰীতিমতে ভাৰতীয় ভদ্ৰ মহিলাগৰাকীয়ে বিদেশী ন্যায়াধীকৰণৰ জাননী মতে নথি-পত্ৰ লৈ হাজিৰ হৈছিল৷ কিছুদিন গোচৰ চলিল৷ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে কঠোৰ পৰিশ্ৰম কৰা পৰিয়ালটোয়ে নাগৰিকত্বৰ পৰীক্ষাৰ নামত গাঠিৰ ধন খৰচ কৰি জুৰুলা হ’ল৷ শেষৰ দিনাখন বিদেশী ন্যায়াধীকৰণৰ সদস্যজনে তেওঁক মাতি নি ক’লে— ‘আপোনালোকৰ নথি-পত্ৰ মতে আপোনাৰ মাতৃক স্বদেশী হিচাপে ঘোষণা কৰিব পৰা যায়৷ কিন্তু মই ওপৰত জবাব দিব লাগিব৷ গতিকে আপুনি হাইকোৰ্টত মাথা মাৰক৷’— এনেধৰণৰ কথাকোৱা সদস্যজনৰ বিৰুদ্ধে বহুতে আমাৰ আগত মৌখিক অভিযোগ কৰিছে যে ৫০-৬০ হাজাৰ টকা দিলে হেনো এনেধৰণৰ মন্তব্য নিদিয়ে৷ পজিটিভ ৰিজাল্ট দিয়ে৷ 


প্ৰায় ৪ হাজাৰ ডি ভোটাৰৰ নথি-পত্ৰ ইতিমধ্যে পৰীক্ষা নিৰীক্ষা কৰি যিমানদূৰ বুজিব পাৰিছো যে প্ৰায় এশ শতাংশ ডি ভোটাৰেই ভাৰতীয়৷ মই দাবী সহকাৰে ক’ব পাৰো যে একমাত্ৰ নামৰ উপাধী লক্ষ্য কৰি বৈধ ভাৰতীয় দৰিদ্ৰ নাগৰিকক ডি ভোটাৰৰ যন্ত্ৰণাৰ মাজলৈ ঠেলি দিয়া হৈছে৷ দু-এটা ধনী লোকৰ বাহিৰে অধিকাংশ লোকে আনকি আমাৰ কাৰ্যালয়লৈ আহিবলৈকো কষ্ট পায়৷ কাৰণ আহিবলৈ হ’লে ৫০ টকা খৰচ হয়, এদিনৰ হাজিৰা নষ্ট হয়, এদিনত মুঠ লোকচান ৩০০+৫০=৩৫০ টকা৷ নিৰ্বাচন আহিলে এই লোকসকলৰ পক্ষে থিয় দিয়া মানুহৰ অভাৱ নাই৷ ফেচবুকতেই দেখা পালো এগৰাকী প্ৰাৰ্থীয়ে এই কঠিন সমস্যা সমাধান কৰাৰ বাবে হেনো লোকসভাত মাত মাতিব৷ এই কথা জানি ভাল লাগিছে৷ কিন্তু সেইগৰাকী নিৰ্লজ্ব্য ব্যক্তিৰ সন্মুখতেই সতীৰ্থ বিধায়কক স্বয়ং অসম বিধানসভাত বাংলাদেশী বুলি ইতিকিং কৰাৰ পিছতো নিৰৱতা অৱলম্বন কৰিছিল একমাত্ৰ স্ব-দলীয় নোহোৱাৰ বাবে৷ তেন্তে তেওঁ এই ডি ভোটাৰসকলক দলীয় দৃষ্টিকোণেৰে চাব নেকি ? নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত এই ইছ্যু মনত থাকিব নে ? ডি ভোটাৰৰ সমস্যা সমাধান কৰাৰ বাবে মাত মাতিব বুলি ছ’ছিয়েল মিডিয়াত যে ব্যাপক প্ৰচাৰ চলিছে সেই কথা তেওঁ জানে নে নাই সেই কথাতো মোৰ সন্দেহ হয় !— সিযিকি নহওঁক পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিয়েই হয়তো আমি এনে প্ৰাৰ্থীকেই ভোট দিব লাগিব৷ কাৰণ আমাৰ হাতত বিকল্প নাই৷ কিন্তু সেইবুলি বিগত দিনৰ দৰে মাথো কাল্পনীক নিৰাপত্তাৰ শ্ল’গান শুনিয়েই সন্তুষ্ঠ থাকিম নে, আমাৰ সমস্যাবোৰৰ সমাধান হ’ব নে ?

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ