Wednesday, April 17, 2019


ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে বাংলাদেশী সমস্যাৰ স্থায়ি সমাধান লাভ কৰাৰ আশা বুকুত লৈয়ে আগবাঢ়িছিল সকলোৱে৷ কিন্তু ভুলক্ৰমে ডি ভোটাৰ হিচাপে চিহ্নিত কৰা লোকসকলৰ পৰা আৰম্ভ কৰি কাল্পনিক কথাৰে সীমান্ত শাখাৰ আৰক্ষীয়ে স্বদেশী লোকক বিদেশীৰ গোচৰ জাপি দিয়া লোকসকলে NRC ৰ জৰিয়তে উপকৃত হোৱাৰ কোনো আশা দেখা পোৱা নাযায়৷ ১৯৯৭ চনৰ পৰা ২০১২ চনলৈকে যিমান ডি ভোটাৰৰ গোচৰ নিষ্পত্তি হৈছিল তাৰে ৮৩ শতাংশই বিদেশী নহয় বুলি ৰায়দান পাইছিল৷ এনে ক্ষেত্ৰত ডি ভোটাৰসকলক মহামান্য উচ্চতম ন্যায়ালয়ে NRCৰ পৰা একাষৰীয়া কৰি ৰখাৰ বাস্তৱসন্মত যুক্তি মই বিচাৰি পোৱা নাই৷ মহামান্য ন্যায়ালয়ে এই বিষয়বোৰক লৈ কি কাৰণে গুৰুত্ব নিদি বিদেশী ন্যায়াধীকৰণক জীৱীত ৰাখিলে সেয়াও এক জটিল প্ৰশ্নৰ বিষয়৷ ১৯৯৭ চনৰ পৰা ২০১২ চনলৈকে এই বিদেশী ন্যায়াধিকৰণ সমূহে যিধৰণৰ প্ৰক্ৰিয়া অৱলম্বন কৰি গোচৰবোৰৰ নিষ্পত্তি কৰিছিল আজিও একে পদ্ধতি অৱলম্ভন কৰি আছে৷ এগৰাকী জেষ্ঠ অধিবক্তাৰ পৰা জানিব পাৰিলো (নাম, ঠিকনা প্ৰকাশত অনিচ্ছুক) যে যাৱতীয় নথি-পত্ৰ থকা শতকৰা ৯৫ শতাংশ গোচৰৰ ৰায়দান বিদেশী হিচাপে দিয়া হয়৷ 
সৌসিদিনা আমাৰ গৱেষণা কেন্দ্ৰত উপস্থিত হোৱা এগৰাকী ভূক্তভোগীয়ে আবেগিক হৈ পৰিছিল৷ তেওঁৰ মাতৃৰ বিৰুদ্ধে সীমান্ত আৰক্ষীয়ে বিদেশীৰ গোচৰ জাপি দিছিল৷ ৰীতিমতে ভাৰতীয় ভদ্ৰ মহিলাগৰাকীয়ে বিদেশী ন্যায়াধীকৰণৰ জাননী মতে নথি-পত্ৰ লৈ হাজিৰ হৈছিল৷ কিছুদিন গোচৰ চলিল৷ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে কঠোৰ পৰিশ্ৰম কৰা পৰিয়ালটোয়ে নাগৰিকত্বৰ পৰীক্ষাৰ নামত গাঠিৰ ধন খৰচ কৰি জুৰুলা হ’ল৷ শেষৰ দিনাখন বিদেশী ন্যায়াধীকৰণৰ সদস্যজনে তেওঁক মাতি নি ক’লে— ‘আপোনালোকৰ নথি-পত্ৰ মতে আপোনাৰ মাতৃক স্বদেশী হিচাপে ঘোষণা কৰিব পৰা যায়৷ কিন্তু মই ওপৰত জবাব দিব লাগিব৷ গতিকে আপুনি হাইকোৰ্টত মাথা মাৰক৷’— এনেধৰণৰ কথাকোৱা সদস্যজনৰ বিৰুদ্ধে বহুতে আমাৰ আগত মৌখিক অভিযোগ কৰিছে যে ৫০-৬০ হাজাৰ টকা দিলে হেনো এনেধৰণৰ মন্তব্য নিদিয়ে৷ পজিটিভ ৰিজাল্ট দিয়ে৷ 


প্ৰায় ৪ হাজাৰ ডি ভোটাৰৰ নথি-পত্ৰ ইতিমধ্যে পৰীক্ষা নিৰীক্ষা কৰি যিমানদূৰ বুজিব পাৰিছো যে প্ৰায় এশ শতাংশ ডি ভোটাৰেই ভাৰতীয়৷ মই দাবী সহকাৰে ক’ব পাৰো যে একমাত্ৰ নামৰ উপাধী লক্ষ্য কৰি বৈধ ভাৰতীয় দৰিদ্ৰ নাগৰিকক ডি ভোটাৰৰ যন্ত্ৰণাৰ মাজলৈ ঠেলি দিয়া হৈছে৷ দু-এটা ধনী লোকৰ বাহিৰে অধিকাংশ লোকে আনকি আমাৰ কাৰ্যালয়লৈ আহিবলৈকো কষ্ট পায়৷ কাৰণ আহিবলৈ হ’লে ৫০ টকা খৰচ হয়, এদিনৰ হাজিৰা নষ্ট হয়, এদিনত মুঠ লোকচান ৩০০+৫০=৩৫০ টকা৷ নিৰ্বাচন আহিলে এই লোকসকলৰ পক্ষে থিয় দিয়া মানুহৰ অভাৱ নাই৷ ফেচবুকতেই দেখা পালো এগৰাকী প্ৰাৰ্থীয়ে এই কঠিন সমস্যা সমাধান কৰাৰ বাবে হেনো লোকসভাত মাত মাতিব৷ এই কথা জানি ভাল লাগিছে৷ কিন্তু সেইগৰাকী নিৰ্লজ্ব্য ব্যক্তিৰ সন্মুখতেই সতীৰ্থ বিধায়কক স্বয়ং অসম বিধানসভাত বাংলাদেশী বুলি ইতিকিং কৰাৰ পিছতো নিৰৱতা অৱলম্বন কৰিছিল একমাত্ৰ স্ব-দলীয় নোহোৱাৰ বাবে৷ তেন্তে তেওঁ এই ডি ভোটাৰসকলক দলীয় দৃষ্টিকোণেৰে চাব নেকি ? নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত এই ইছ্যু মনত থাকিব নে ? ডি ভোটাৰৰ সমস্যা সমাধান কৰাৰ বাবে মাত মাতিব বুলি ছ’ছিয়েল মিডিয়াত যে ব্যাপক প্ৰচাৰ চলিছে সেই কথা তেওঁ জানে নে নাই সেই কথাতো মোৰ সন্দেহ হয় !— সিযিকি নহওঁক পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিয়েই হয়তো আমি এনে প্ৰাৰ্থীকেই ভোট দিব লাগিব৷ কাৰণ আমাৰ হাতত বিকল্প নাই৷ কিন্তু সেইবুলি বিগত দিনৰ দৰে মাথো কাল্পনীক নিৰাপত্তাৰ শ্ল’গান শুনিয়েই সন্তুষ্ঠ থাকিম নে, আমাৰ সমস্যাবোৰৰ সমাধান হ’ব নে ?

Related Posts:

  • সংখ্যালঘুসকল শুই থকা শিয়াল অসমৰ ধৰ্মীয় সংখ্যালঘুসকল সামগ্ৰীক ভাবে অসমৰ মুঠ জনসংখ্যাৰ একতৃতীয়ংশ৷ তেনেস্থলতো সংখ্যালঘু বুলি কৈ ধৰ্মীয় সংখ্যালঘুসকলে ‘বেকফুটত’ অৱস্থান গ্ৰহণ কৰে৷ সম অধিকাৰৰ দাবীত এইসকলে ৰাজপথ বিচাৰি নাপায় প্ৰতিবাদী কন্ঠ জাগ্ৰত কৰিবলৈ৷ এই… Read More
  • আমাৰ চাৰিত্ৰিক স্খলন সংখ্যালঘু হত্যাকাৰী, সংখ্যালঘুৰ চিৰ শত্ৰু, যিগৰাকী তদানিন্তন ছাত্ৰ নেতাৰ নেতৃত্বত অসমৰ পৰা বিদেশী খেদাৰ নামত সংখ্যালঘুসকলক পাইকাৰী হাৰত হত্যাকৰা হৈছিল, ঘৰ-বাৰি জ্বলাই ভষ্মীভূত কৰা হৈছিল, যাৰ নেতৃত্বত সতীত্ব হেৰুৱাইছিল অলেখ … Read More
  • ধিক্ জাতীয়তাবাদ সঁচাকে মোৰ এনেকুৱা লাগে যে অসমত জন্ম গ্ৰহণ কৰাটোৱেই পাপ আছিল৷ মানুহ সংখ্যালঘু হিচাপে জন্মিলে তাৰ সকলো মৌলিক অধিকাৰ হেৰুৱাই পেলায় যেন অনুমান হৈছে৷ অসম আন্দোলনত বহু হাজাৰ নিৰিহ মুছলমান লোকক হত্যা কৰা হ’ল৷ অসম চুক্তিৰ দ্বাৰা স… Read More
  • বাল্য বিবাহ বন্ধ হ’ব নে জাতিদ্ৰোহীৰ কবলত পৰিব ? বাল্য বিবাহ বন্ধ কৰিবলৈ গৈ মোৰ এজন বন্ধুৱে একাংশ ভণ্ড জনতাৰ হাতত মাৰ খাব লগীয়া হৈছিল৷ তথাপিও আমি বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত পিছুৱাই অহা নাই৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত তিনিমাহে প্ৰায় ডেৰ শতাধিক… Read More
  • যুৱ প্ৰজন্ম বিনষ্টকাৰী, সংখ্যালঘু, কৃষক পৰিপন্থী বাজেট জুলাই, ২০১৬ ঃ মোহনীয় বক্তব্যৰে মানুহৰ মনত মৰিচিকাৰ বীজ সিঁচা সোনোৱাল চৰকাৰৰ প্ৰথমটো এপাচি শাকত এটা জলকীয়া ৰাজ্যবাসীয়ে পৰিৱৰ্তনৰ নামত অন্তসাৰশূন্যতা লাভ কৰিলে, আমি লাভ কৰিলো।  অসমৰ সামগ্ৰীক উন্নয়নৰ গুৰুত্বপূৰ্ণ… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ