Sunday, December 23, 2018

অসম্পাদিত


কবিতাৰ শব্দবোৰ জঞ্জাল লগা
মগজু বিষাই তোলা অত্যাচাৰ যেন লাগে মোৰ।
আজি-কালি কবিতা মুঠেই ভাল নাপাওঁ মই
কবিবোৰক দেখিলেও
ৰোমান্টিক হৈ নপৰে নিৰ্জন দুপৰীয়া¸
শব্দৰ সাগৰত খেলি থাকি 
মুঠেই ভাল নালাগে এতিয়া।

পেটৰ তাড়ণাত সন্তানৰ নাম পাহৰি যোৱা 
দিন হাজিৰা কৰা মানুহজনেও
মোৰ দৰে বিৰক্তি পায় 
কবিতা

সপোন দেখি প্ৰতিবাৰেই উজুটি খোৱা
পথিকবোৰক
কোনে দিব পোহৰৰ সন্ধান ?

মাত্ৰ এহেজাৰ বলিয়া ঘোঁৰা লাগে মোক
এখন যুদ্ধ কৰিম শৌৰ্য-বীৰ্য দি৷
চাবুক মাৰি ফালি দিয়া পিঠিখনত 
কাঁটাতাৰৰ আঁচোৰে শুব দিয়া নাই মোক আজি
পৰীক্ষাশালৰ উৎপীড়ণে ধৈৰ্যহীন কৰি তুলিছে প্ৰতিক্ষণে৷

যুদ্ধ কৰিবই লাগিব
তোমাৰ বুকুত কিমান সাহস আছে ?
তুমি কি জানা ‘শ্ৰেণী বিপ্লৱ’ ?
অকথ্য যন্ত্ৰণাৰ অমানিশাৰ উপাখ্যান 

তুমি ৰোমান্টিক বিপ্লৱী চিনি পোৱা নে ?
মদৰ গিলাচত জাতিৰ ভৱিষ্যত দেখা 
ভণ্ডবোৰেই জাতি উদ্ধাৰৰ আস্ফালন কৰে।

মই প্ৰতিদিনেই পৰাজিত হওঁ
নিজৰ মাজত।
তথাপিও যুদ্ধ এখন লাগিবই।

Wednesday, December 5, 2018

পঞ্চায়ত নিৰ্বাচন চলি থকা বাবে মানুহৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ গণতান্ত্ৰিক দেশ এখনৰ নিৰ্বাচন সমূহৰ প্ৰতি মানুহ উৎসাহিত হ’লে গণতন্ত্ৰৰ ভেটি মজবুত হোৱা বুলি ক’ব পাৰি৷ বিশেষকৈ অসমত হোৱা প্ৰতিটো নিৰ্বাচনত সৰ্বাধিক উৎসাহিত হোৱা লোকসকল ধৰ্মীয় সংখ্যালঘুসকল৷ 
সৰ্বসাধাৰণ ৰাইজৰ মাজত Shajahan Ali Ahmed

১৯৮৩ চনত অসম আন্দোলনৰ উগ্ৰ সমৰ্থকসকলে নিৰ্বাচন বয়কোট কৰাৰ সময়তো গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ কামত মনে প্ৰাণে লাগি গৈছিল এইসকল লোকে৷ তাৰ ফলতেই নিৰ্বাচনৰ পিছৰ সময়তেই তেজেৰে গণতন্ত্ৰ ৰক্ষাৰ মূল্য দিব লগা হৈছিল৷ কলং, কপিলী ৰাঙলী হৈ পৰিছিল আৰু গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ আহ্বান দিয়া তদানিন্তত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে লোকৰ নিৰাপত্তা দিবতো দূৰৰ কথা আহত-নিহতৰ বাবে কোনো সাহায্যও প্ৰদান কৰা নাছিল৷ সেই ৰক্তাক্ত ইতিহাসৰ পাছতেই ১৯৮৫ চনৰ ১৫ আগষ্টত আন্দোলনকাৰী, অসম চৰকাৰ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে অশান্তময় পৰিৱেশ স্তিমিত হৈছিল সমান্তৰালকৈ হত্যাকাৰীসকলে মুক্তি পাইছিল৷ সেইসময়তেই এই সংখ্যালঘুসকলৰ অধিকাৰ ৰক্ষাৰ বাবে ৰাজনৈতিক দল গঠন হৈছিল৷ তাৰো আগত অৰ্থাৎ ১৯৮০ চনতেই আমছুৰ জন্ম হৈছিল৷ মাত্ৰ ২ বছৰ ছাত্ৰ সংগঠন কৰিয়েই আমছুৰ প্ৰতিষ্ঠাকালৰ সভাপতি আব্দুল হাই নাগৰিয়ে কংগ্ৰেছত যোগদান কৰিছিল৷ যিগৰাকী সংখ্যালঘু নেতাই নিজৰ নেতৃত্বত হোৱা সংখ্যালঘুসকলৰ প্ৰথমটো অধিকাৰ ৰক্ষাৰ আন্দোলনত স্বহীদ হোৱা লোকৰ পৰিসংখ্যা পাহৰি গৈছে৷ যাৰ নেতৃত্বত হোৱা আন্দোলনত এখন বাহু হেৰুৱাই শেষ বয়সত ভীক্ষা কৰি জীৱন পাৰ কৰা লোকৰ খবৰ লোৱাৰ আহৰি নাপালে৷ তাৰ সমান্তৰালকৈ সংখ্যালঘু কোটাত প্ৰতিবাৰেই মন্ত্ৰীত্ব লাভ কৰি দিছপুৰত সম্পত্তিৰ পাহাৰ সাজিলে সেইসকল নেতাই আজিৰ এই পঞ্চায়ত নিৰ্বাচনত টেটু ফালি, গলৰ শিৰা ফুলাই বক্তব্য দিয়ে৷ তেওঁলোকে প্ৰকৃততেই যে একো একোজন জাতিদ্ৰোহী লোক সেই কথা বহলাই নক’লেও হ’ব৷ অসমৰ মূলসূতিৰ লগত কোনো কালেই যাতে সংখ্যালঘু সৰ্বসাধাৰণ ৰাইজ মিলিব নোৱাৰে তাৰ বাবে সংখ্যালঘু অঞ্চলবোৰত শিক্ষা, স্বাস্থৰ পোহৰ পৰিব নিদিলে যাতায়তৰ দুৰৱস্থা কৰি ৰাখিলে৷ 


ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ বিষয়ে সচেতন লোকসকলৰ আৰ্থিক দুৰৱস্থা হোৱা বাবে এপাচি শাকত এটা জলকীয়া স্বৰূপ শিক্ষিত সমাজেও মুদ্ৰাৰ লোভত বিবেক বিক্ৰী কৰি আহিছে৷ যাৰ বাবে উন্নয়নৰ স্বাৰ্থত ৰাজনীতি হোৱা নাই৷ প্ৰেছাৰ কোকাৰত সৃষ্টি হোৱা চাপৰ দৰেই মানুহক সন্ত্ৰস্ত কৰি ৰখা হৈছে৷ আমছুৰ পৰা প্ৰাক্তন হোৱা প্ৰতিজন নেতাই কংগ্ৰেছত যোগদান কৰি ‘ভোৰৰ কপালত লাত্থি’ মাৰি দিছে৷ তেওঁলোকে যিহেতু সংখ্যালঘু মানুহৰ ‘পালচ্’ বুজি পায় সেইবাবে কি দিলে কাৰ মুখ বন্ধ হ’ব সেই কথা জানে৷ ফলত উন্নয়নৰ ৰাজনীতিয়ে স্থান নাপায়৷ তোষণৰ ৰাজনীতিত পটু দলটোৱে সংখ্যালঘুৰ ওপৰত চলি থকা প্ৰতিটো অত্যাচাৰৰ আধাৰশিলা স্থাপন কৰি থৈ গৈছে৷ তাৰ বাবেও মূলত এইসকল তথাকথিত সংখ্যালঘু নেতাই দায়ি৷ যুক্তিৰ সমৰ্থনত লিখিব গ’লে আৰব্য উপন্যাস এখনেই হ’বগৈ৷ 

ৰক্তাক্ত আন্দোলনৰ মূল আধাৰ অসমৰ বিদেশী সমস্যাৰ স্থায়ি সমাধানৰ বাবে বৰ্তমান ৰাজ্যত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নিতকৰণ চলি আছে৷ এই সমস্যা সমাধানৰ নামত আন্দোলন কৰি যিসকলে নেতা হ’ল, যিসকলে অহাবাৰৰ নিৰ্বাচনৰ টিকট নিশ্চিত কৰাৰ কৌশলত লিপ্ত হৈ আছে তেওঁলোকে পূৰ্বৰ দৰেই কিন্তু পৰিৱেশ ধূসৰ কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে৷ সাধাৰণ ভাবে লক্ষ্য কৰিলেই বুজি পাব যে এজনো সংখ্যালঘু নেতাই জটিলতাৰে ভৰা NRCৰ দাবী/ আপত্তিৰ প্ৰক্ৰিয়াত দুৰ্গত বৈধ ভাৰতীয়ৰ পক্ষত থিয় দিয়া নাই৷ এজনো আমছুৰ প্ৰাক্তন সভাপতিয়ে বিনামূলীয়া সহায়ক কেন্দ্ৰ মুকলি কৰা নাই৷ অপ্ৰয়োজনীয় লোকে মহামান্য উচ্চতম ন্যায়ালয়ৰ সন্মুখত ছেলফি উঠাৰ বাহিৰে বোকা ছটিয়াই মানুহক দাবী/ আপত্তিৰ প্ৰতি অনিহাহে বৃদ্ধি কৰা অনুমান হৈ আছে৷ যিমান বেছি বৈধ ভাৰতীয়ৰ নাম NRC ৰ পৰা বাদ পৰিব সিমানেই তেওঁলোকৰ ৰাজনীতিৰ ভেটি মজবুত হ’ব৷ যাৰ বাবেই হয়তো সমস্ত যুৱ শক্তিক পঞ্চায়ত নিৰ্বাচনৰ জিন্দাবাদ মাৰা কামত লগাই দিয়া হৈছে, যাৰ বাবেই হয়তো পঞ্চায়ত নিৰ্বাচনৰ সভাবোৰত NRC ৰ বিষয়বোৰে বিশেষ স্থান নাপায়৷ অৱশ্যে হাস্যকৰ ভাবে একাংশ সংখ্যালঘু বিধায়কে বহু সময়ত ঘঁৰিয়ালৰ চকুলো টোকা দেখা যায়৷ 

NRC ৰ দাবী আপত্তিৰ সময় শেষ হ’বলৈ সন্মুখত মাত্ৰ কেইটামান দিনহে বাকী আছে৷ প্ৰতিজন প্ৰকৃত ভাৰতীয় নাগৰিকে NRC ৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰা দৰকাৰ৷ এই কাম নকৰিলে ভৱিষ্যত কিমান অন্ধকাৰাচ্ছন্ন হৈ পৰিব সেই কথা ক’ব নোৱাৰি৷ এতিয়াও সজাগ হোৱাৰ সময় আছে৷ কমপক্ষে যুৱ শক্তি যদি জাগ্ৰত হয় বহু সমস্যাই সমাধান হ’ব৷ সেয়েহে এইবেলি জাতীয় উৎসৱ বৰ্জন কৰি বা ন’টাৰ সদ্ ব্যৱহাৰ কৰি তথাকথিত নেতাসকলক শিক্ষা দিয়াৰ সমান্তৰালকৈ NRC ৰ কাম-কাজত যথোপযুক্ত সহায় কৰিব নোৱাৰি নে ?

Monday, December 3, 2018

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা  লোকসকলৰ বাবে দাবী প্ৰক্ৰিয়া চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখলৈকে চলিব৷ দাবী দাখিল কৰাৰ কাৰণ হিচাপে দাবী প্ৰ-পত্ৰৰ পৃষ্ঠা D ত বিস্তাৰিত আলোচনা কৰা প্ৰয়োজন৷ এই পৃষ্ঠা লিখোতে তিনিটা মূল কথা মনত ৰাখিব লাগে৷ 
প্ৰথম- কি কাৰণে আবেদনকাৰীৰ নাম বাদ পৰিছে৷ 
দ্বিতীয়- কি কাৰণে আবেদনকাৰীৰ নাম বাদ পৰিব নালাগিছিল৷
তৃতীয়- নথিপত্ৰ কি দিছিল আৰু এতিয়া কি দিব৷ 
—এই তিনিটা কথাৰ ওপৰত ভিত্তি কৰি দাবী দাখিলৰ কাৰণ যুক্তি সঙ্গত ভাবে উপস্থাপন কৰিব লাগিব৷ মন কৰিব যে ডি ভোটাৰৰ গোচৰ নিষ্পত্তিৰ বাবে বিদেশী ন্যায়াধীকৰণত যেনেদৰে অধিবক্তাৰ জৰিয়তে লিখিত শপতনামা প্ৰদান কৰা হয় একেদৰে NRCৰ  Claim formৰ লগত চমু শপতনামা লিখি দিব লাগে৷ 
তলত কেইটামান আৰ্হি দাঙি ধৰা হ’ল—

-------------------------------------------------------------------------------------------------------------------------
প্ৰকৃততে ডি ভোটাৰ আছিল কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰায়দান পোৱাসকলৰ বাবে প্ৰশ্ন ৫ ত লিখিব লাগ টোকা—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ আবেদনকাৰীক ডি ভোটাৰ দেখুৱা হৈছে যদিও .................. (উদাহৰণ FT-2, Barpeta )ৰ গোচৰ নং ............ (উদাহৰণ FT case No. 1029/16) ৰ জৰিয়তে ................  তাৰিখে ভাৰতীয় বুলি ৰায়দান কৰে৷ সেয়েহে  FTৰ ৰায়দানৰ ভিত্তিত আবেদনকাৰীৰ নাম পূৰ্ণাঙ্গ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷ 
 (আবেদনকাৰীৰ বংশধৰৰ ক্ষেত্ৰত হ’ব লগা পৰিৱৰ্তন নিজে থিৰাং কৰি ল’ব)


Wrongly Identify as DF. ভুলবশত বিদেশী বুলি ঘোষণা কৰা ব্যক্তিসকলৰ বাবে পৃষ্ঠ B5 নং প্ৰশ্নৰ উত্তৰ—
আবেদনকাৰীৰ বিৰুদ্ধে কোনো ন্যায়াধিকৰণত গোচৰ নাই৷ বিদেশী হিচাপে ঘোষণা কৰা হোৱা নাই৷ ভুলবশত বিদেশী বুলি কাৰণ জনোৱা হৈছে৷ সেয়েহে নথি-পত্ৰৰ ভিত্তিত আবেদনকাৰীৰ নাম NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷

প্ৰকৃততে ডি নথকা মানুহৰ নামত ডি ভোটাৰ বা সতি সন্ততি দেখুৱালে নং প্ৰশ্নৰ উত্তৰ—

NRC ৰ চূড়ান্ত খচৰা তালিকাত আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত নোহোৱাৰ কাৰণ ডি ভোটাৰসতি-সন্তুতি বুলি জনোৱা হৈছে৷ আবেদনকাৰী ডি ভোটাৰ/ সতি-সন্তুতি নহয়৷ আবেদনকাৰীৰ বিৰুদ্ধ কোনো বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা নাই৷ সেয়েহে প্ৰামাণ্য নথিৰ ভিত্তিত আবেদনকাৰীৰ নাম সম্পূৰ্ণ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনালো৷
(প্ৰামাণ্য নথি হিচাপে ডি নথকা দুই-তিনিখন ভোটাৰ তালিকা, ভোটাৰ আই ডি দিব)

 মাতৃৰ ডি থকা কিন্তু পিতৃৰ নামত ডি নথকা আৰু ২০০৪ চনৰ আগত জন্ম লাভ কৰা সতি-সন্তুতিৰ নাম ডি ভোটাৰৰ বংশধৰ দেখুৱালে ৫ নং ত লিখিব—

আবেদনকাৰীয়ে পিতৃপক্ষৰ লিগেছি আৰু নথি পত্ৰৰ ভিত্তিত আবেদন দাখিল কৰিছে আৰু পিতৃ পক্ষত বা পূৰ্বপুৰুষৰ ভাৰতীয় হোৱাৰ যাৱতীয় নথি পত্ৰ আছে৷ যিহেতু আবেদনকাৰী ২০০৪ চনৰ পূৰ্বে জন্ম লাভ কৰিছে, সেয়েহে পিতৃ পক্ষৰ নথি পত্ৰ আৰু বংশ বৃক্ষৰ জৰিয়তে আবেদনকাৰীৰ নাম সম্পূৰ্ণ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷
--------------------------------------------------------------------------------------------------------------------------
মনত ৰাখিব মহামান্য উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা আদেশ অনুসৰি প্ৰকৃত ডি ভোটাৰে আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই৷ FTৰ দ্বাৰা ভাৰতীয় ঘোষণা হোৱাৰ পিছত ARNৰ জৰিয়তে তেওঁলোকৰ নাম পৰ্যায়ক্ৰমে অন্তৰ্ভূক্ত হ’ব৷ কিন্তু ১৯৮৭ চনৰ ৩১ জুলাইৰ পৰা ২০০৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্ম লাভ কৰা লোকৰ পিতৃ-মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লে  তেওঁ জন্মসূত্ৰে ভাৰতীয়, ২০০৪ চনৰ পিছত জন্ম লাভ কৰা লোকৰ নথি নাথাকিলেও পিতৃ-মাতৃৰ নাম অন্তৰ্ভূক্ত হ’লে পিতৃ-মাতৃৰ মৌখিক বা লিখিত সাক্ষ্যৰ ভিত্তিত নাম অন্তৰ্ভূক্ত হ’ব৷
--------------------------------------------------------------------------------------------------------------------------

 FTR No. বা বংশ বৃক্ষ গ্ৰহণযোগ্য নহ’ল’ ৰ বাবে পৃষ্ঠা- D ত লিখা সাধাৰণ বিবৰণ—

বংশ বৃক্ষৰ ভুলৰ বাবে আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত হোৱা নাই বুলি বাদ পৰাৰ কাৰণ জনোৱা হৈছে৷ NRCৰ চূড়ান্ত খচৰা তালিকাত আবেদনকাৰীৰ পিতৃৰ (পূৰ্বপুৰুষৰ) নাম অন্তৰ্ভূক্ত হৈছে৷ সেয়েহে পূৰ্বে প্ৰদান কৰা বংশবৃক্ষ আৰু নথি-পত্ৰৰ ভিত্তিত পুনৰ পৰীক্ষণৰ জৰিয়তে আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে অনুৰোধ জনালো৷ (মনত ৰাখিব— একে লিগেছি ব্যৱহাৰ কৰি যদি অইন ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হৈছে তেন্তে প্ৰয়োজন অনুহাৰে ওপৰৰ কথাখিনি লিখিব৷ বংশবৃক্ষৰ পৰীক্ষণৰ সময়ত কি হৈছে সেই বিষয়ে প্ৰশ্ন কৰিলে বুজি পাব৷)

চক্ৰ বিষয়া/ লাট মণ্ডল / গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে পৃষ্ঠা D ত লিখিব—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ চক্ৰ বিষয়া/ লাট মণ্ডল / গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা বুলি দেখুৱা হৈছে৷ সেয়েহে দাবী প্ৰ-পত্ৰৰ লগত অতিৰিক্ত হিচাপে -------------- নথি প্ৰদান কৰি দাবী দাখিল কৰা হ’ল৷ পূৰ্বে প্ৰদান কৰা নথি পুনৰিক্ষণৰ লগতে অতিৰিক্ত ভাবে প্ৰদান কৰা নথিৰ ভিত্তিত আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী দাখিল কৰা হ’ল৷

তালিকা B ৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে পৃষ্ঠা D ত লিখিব—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ ...................... প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা বুলি দেখুৱা হৈছে৷ সেয়েহে দাবী প্ৰ-পত্ৰৰ লগত ..............................  নথি প্ৰদান কৰি দাবী দাখিল কৰা হ’ল৷ পূৰ্বে প্ৰদান কৰা নথি পুনৰিক্ষণ(যদি প্ৰয়োজন হয়)ৰ লগতে অতিৰিক্ত ভাবে প্ৰদান কৰা নথিৰ ভিত্তিত আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী দাখিল কৰা হ’ল৷


Sunday, December 2, 2018

কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত ক্ৰমাৎ অধিক জটিলতাৰ দিশলৈ গতি কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী/ আপত্তি প্ৰক্ৰিয়া৷ আপত্তিৰ ক্ষেত্ৰত অস্পষ্ট নীতিৰ বাবে যিদৰে আপত্তি কৰিব বিচাৰিও আপত্তি কৰাৰ পৰা বহুতে বিৰত থকাৰ সমান্তৰালকৈ কৰ্তৃপক্ষৰ আন্তৰিকতাৰ অভাৱত দাবী প্ৰক্ৰিয়া একপ্ৰকাৰ স্তব্ধ হৈ থাকিলেও বৰ্তমান দাবী দাখিলৰ প্ৰক্ৰিয়া কিছু পৰিমাণে দ্ৰুত হৈছে৷


 কিন্তু আজিৰ তাৰিখত যি হাৰে মানুহে দাবী দাখিল কৰিছে তাৰ পৰা ক’ব পৰা যায় যে অধিকাংশ মানুহে বৈধ নথি থকাৰ পিছতো দাবী দাখিল কৰিব নোৱাৰিব৷ যিমানেই বৈধ নথি নাথাকক কিয় দাবী দাখিল নকৰিলে জটিলতাৰ মুখামুখী হ’বই লাগিব৷ ‘বাদ পৰা লোকৰ অধিকাংশই অবধ বিদেশী হোৱাৰ বাবেই তেওঁলোকে দাবী দাখিল কৰা নাই’ ধৰণৰ আলোচনা হৈ থকাৰ পৰাই সাধাৰণতেই বুজিব পাৰি যে বৈধ হওঁক বা অবৈধ সেই বিষয়টো তল পেলাই কিমান মানুহৰ নাম বাদ পৰিল সেই বিষয়টোৱে প্ৰাধান্য পাব৷ এই বিষয়বোৰ বহলাই কোৱাৰ প্ৰয়োজন নাই যে কৰ্তৃপক্ষই কিয় দাবী দাখিলৰ প্ৰতি মানুহক উৎসাহিত কৰি থকা নাই বা প্ৰক্ৰিয়াত জটিলতা আমদানি কৰি আহিছে৷ থুৰতে ক’বলৈ হ’লে ক’ব লাগিব যে নাম বাদ পৰা মানুহৰ বাবে এইটো এটা ‘সুযোগ’ প্ৰদান কৰা হৈছে যাৰ সদব্যৱহাৰ কৰি বাদ পৰা লোকসকলে নিজৰ দাবী দাখিল কৰি উপযুক্ত ভিত্তি দাখিল কৰিব পাৰিব৷ এইবোৰ কথখাৰ বাবেই হয়তো চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা মানুহ চিন্তিত হৈ আছে৷ মানুহে মুখামুখী হোৱা সমস্যাবোৰ চমুকৈ বিশ্লেষণ কৰিব পাৰি এনেদৰে— 

১৷ দাবী দাখিলৰ লগত দিব লগা নথিৰ শেষ তাৰিখ ৩১ আগষ্ট, ২০১৫ ৰখাৰ বাবে পূৰ্বে সৰ্বোচ্চ নথি প্ৰদান কৰি আবেদন কৰা আৰু পূৰ্বে প্ৰদান কৰা তালিকা B ভোক্ত নথি গ্ৰহণযোগ্য নোহোৱাৰ বাবে মানুহে পূৰ্বৰ তাৰিখ অনুসৰি বিকল্প নথি দিব পৰা নাই৷ 

২৷ অধিকাংশ সেৱাকেন্দ্ৰৰ পৰা চুটিকৈ আৰু সকলো মানুহৰ বাবে একেধৰণৰ কাৰণ দৰ্শোৱা বাবে বাদ পৰাৰ কাৰণ ঠিকমতে বুজি নোপোৱাৰ ফলত মানুহে নথি বাছনি কৰাত অসুবিধা পাইছে৷ 

৩৷ কেনেদৰে দাবী বা আপত্তিৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগে সেই বিষয়ে ভালদৰে নজনাৰ বাবে মানুহে প্ৰ-পত্ৰ হাতত লৈ লোকৰ ওচৰলৈ যায় যদিও সময়ত সমাধানসূত্ৰ লাভ নকৰাৰ বাবে অসুবিধা পাই আছে আৰু কৰ্তৃপক্ষই কোনো ধৰণৰ সজাগতাৰ সৃষ্টি কৰিব পৰা ব্যৱস্থা হাতত লোৱা নাই বা মূল আবেদন পত্ৰ দাখিলৰ সময়ত তৈয়াৰ কৰা আৰ্হি প্ৰ-পত্ৰ দাবী/ আপত্তিৰ ক্ষেত্ৰত তৈয়াৰ কৰা নাই৷ 

৪৷ মূল আবেদনপত্ৰ পূৰণৰ সময়ত ভুলকৈ নাম লিখাৰ বাবে নথি-পত্ৰত থকা শুদ্ধ নামেৰে এতিয়া দাবী আবেদন দাখিল কৰাত জটিলতাৰ মুখা মুখি হৈ আছে যিহেতু নামৰ ক্ষেত্ৰত কোনো সাল-সলনি কৰিব নোৱাৰিব৷ 

৫৷পূৰ্বে দাখিল নকৰা নথিত নামৰ আৰু উপাধিৰ খেলি-মেলি যেনে- বেগম, খাতুন, দাস, দে, মিয়া হুছেইন, শীল, বিশ্বাস, আলী, শ্বেইক, বেওৱা, নোছা আৰু বয়সৰ খেলি-মেলিৰ বাবেও সেই নথিবোৰ দাখিল কৰিব পৰা নাই৷ 

৬৷ সু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত জন্মৰ প্ৰমাণ পত্ৰৰ জালিয়াতি আৰু বিদ্যালয়ৰ নথি গ্ৰহণযোগ্য নোহোৱাৰ ফলত নতুন কোনো নথি বিচাৰি পোৱা নাই৷ তেওঁলোকৰ বাবে মৌখিক বা লিখিত সাক্ষী দিব পৰা যাব যদিও সেই বিষয়বোৰ বুজি নোপোৱাৰ ফলত মানুহৰ অসুবিধা হৈছে৷ 

৭৷ গাওঁ পঞ্চায়তৰ সম্পাদক/ লাট মণ্ডল/ চক্ৰ বিষয়াৰ দ্বাৰা প্ৰদান কৰা নথি গ্ৰহণযোগ্য নোহোৱাৰ বাবে মহিলাসকলে বিকল্প নথি হিচাপে ৰেচনকাৰ্ড দিব পাৰিব যদিও বহু সেৱা কেন্দ্ৰই এই নথি গ্ৰহণ কৰি থকা নাই৷ 

৮৷ বহুতেই নাজানে যে কেনেদৰে পৃষ্ঠা নং D ত থকা প্ৰশ্ন ৭ৰ উত্তৰ লিখিব৷ ফলত দাবী দাখিলৰ ভিত্তি ঠিক মতে লিখিব পৰা নাই ৷ 

৯৷ DV/DF/DFD/DVD/PFT বাছনি কৰাৰ সময়ত ৰৈ যোৱা বিসংগতিৰ বাবে জটিলতা বহু বৃদ্ধি পাইছে৷ ২০০৪ চনৰ আগত জন্ম লাভ কৰা আৰু পিতৃপক্ষৰ লিগেছি, নথি-পত্ৰৰে আবেদন দাখিল কৰা লোকৰ মাকৰ নামত ডি থাকিলেও নাম বাদ পৰিছে আৰু ভাই, ভনীৰ নামত ডি থাকিলেও কিছু অঞ্চলত বাকীসকলৰ নাম কৰ্তন কৰা হৈছে৷ এইবোৰ বিষয়ৰ বাবে মানুহে জটিলতাৰ সন্মুখীন হ’ব লগা হৈছে৷ লগতে এটা কথা উল্লেখ কৰিব লাগিব যে যি ৰাষ্ট্ৰীয় নাগৰিপঞ্জীৰ দ্বাৰা তিনি কোটি মানুহৰ নাগৰিকত্ব প্ৰমাণ কৰিব সেই একে প্ৰক্ৰিয়াই ডি ভোটাৰ সকলক সাঙুৰি নোলোৱাটোৱেই সমগ্ৰ প্ৰক্ৰিয়াৰ আন্তৰিকতাত প্ৰশ্ন চিহ্ন আনি দিয়ে৷ আচলতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে বিদেশী সমস্যাটোৰ স্থায়ি সমাধান আনিব নে বিদেশী সমস্যাটোৰ স্থায়িত্ব প্ৰদান কৰিব সেই কথাও চিন্তাৰ বিষয় হৈ পৰিছে৷ 

১০৷ নাম বাদ পৰা দুৰ্গত বৈধ ভাৰতীয়ক সহায় কৰিলে অবৈধ বিদেশীৰ পক্ষত থিয় দিয়া বুলি প্ৰচাৰ হোৱাৰ ভয়ত বহু দল-সংগঠনে এই বিষয়ৰ পৰা কৌশলগত দূৰত্ব বজাই ৰাখি আহিছে৷ ফলত ৰাইজৰ মাজত উৎসাহ কমি যোৱা পৰিলক্ষিত হৈছে৷ 

ওপৰত উল্লেখ কৰা বিষয়বোৰৰ উপৰিও ভুল বশঃত বেলেগৰ লিগেছি ব্যৱহাৰ কৰা অথচ বৰ্তমান নিজৰ লিগেচি বিচাৰি পোৱা মানুহেও যিহেতু লিগেছি ব্যক্তি সলাব নোৱাৰিব তাৰ বাবে যথেষ্ট জটিলতাৰ সন্মুখীন হ’ব লগা হৈছে আৰু বংশ বৃক্ষ পুনৰ দাখিল কৰাৰ সুবিধা প্ৰদান নকৰাৰ বাবে বংশ বৃক্ষৰ পৰীক্ষণত ধৰা পৰা বুসংগতি আতৰ কৰাৰ সুবিধা লাভ কৰা নাই, বংশ বৃক্ষত থকা মানুহ কিন্তু আবেদন নকৰা সকলে আবেদন কৰাৰ সুবিধা লাভ কৰা নাই৷ —জাতি, ধৰ্ম নিৰ্বেশেষ ওপৰোক্ত সমস্যাবোৰে দেখা দিয়া বাবে সমস্যাৰ সন্মুখীন সকলোৱে হ’ব লগা হৈছে৷


AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ