Wednesday, December 5, 2018

পঞ্চায়ত নিৰ্বাচন চলি থকা বাবে মানুহৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ গণতান্ত্ৰিক দেশ এখনৰ নিৰ্বাচন সমূহৰ প্ৰতি মানুহ উৎসাহিত হ’লে গণতন্ত্ৰৰ ভেটি মজবুত হোৱা বুলি ক’ব পাৰি৷ বিশেষকৈ অসমত হোৱা প্ৰতিটো নিৰ্বাচনত সৰ্বাধিক উৎসাহিত হোৱা লোকসকল ধৰ্মীয় সংখ্যালঘুসকল৷ 
সৰ্বসাধাৰণ ৰাইজৰ মাজত Shajahan Ali Ahmed

১৯৮৩ চনত অসম আন্দোলনৰ উগ্ৰ সমৰ্থকসকলে নিৰ্বাচন বয়কোট কৰাৰ সময়তো গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ কামত মনে প্ৰাণে লাগি গৈছিল এইসকল লোকে৷ তাৰ ফলতেই নিৰ্বাচনৰ পিছৰ সময়তেই তেজেৰে গণতন্ত্ৰ ৰক্ষাৰ মূল্য দিব লগা হৈছিল৷ কলং, কপিলী ৰাঙলী হৈ পৰিছিল আৰু গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ আহ্বান দিয়া তদানিন্তত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে লোকৰ নিৰাপত্তা দিবতো দূৰৰ কথা আহত-নিহতৰ বাবে কোনো সাহায্যও প্ৰদান কৰা নাছিল৷ সেই ৰক্তাক্ত ইতিহাসৰ পাছতেই ১৯৮৫ চনৰ ১৫ আগষ্টত আন্দোলনকাৰী, অসম চৰকাৰ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে অশান্তময় পৰিৱেশ স্তিমিত হৈছিল সমান্তৰালকৈ হত্যাকাৰীসকলে মুক্তি পাইছিল৷ সেইসময়তেই এই সংখ্যালঘুসকলৰ অধিকাৰ ৰক্ষাৰ বাবে ৰাজনৈতিক দল গঠন হৈছিল৷ তাৰো আগত অৰ্থাৎ ১৯৮০ চনতেই আমছুৰ জন্ম হৈছিল৷ মাত্ৰ ২ বছৰ ছাত্ৰ সংগঠন কৰিয়েই আমছুৰ প্ৰতিষ্ঠাকালৰ সভাপতি আব্দুল হাই নাগৰিয়ে কংগ্ৰেছত যোগদান কৰিছিল৷ যিগৰাকী সংখ্যালঘু নেতাই নিজৰ নেতৃত্বত হোৱা সংখ্যালঘুসকলৰ প্ৰথমটো অধিকাৰ ৰক্ষাৰ আন্দোলনত স্বহীদ হোৱা লোকৰ পৰিসংখ্যা পাহৰি গৈছে৷ যাৰ নেতৃত্বত হোৱা আন্দোলনত এখন বাহু হেৰুৱাই শেষ বয়সত ভীক্ষা কৰি জীৱন পাৰ কৰা লোকৰ খবৰ লোৱাৰ আহৰি নাপালে৷ তাৰ সমান্তৰালকৈ সংখ্যালঘু কোটাত প্ৰতিবাৰেই মন্ত্ৰীত্ব লাভ কৰি দিছপুৰত সম্পত্তিৰ পাহাৰ সাজিলে সেইসকল নেতাই আজিৰ এই পঞ্চায়ত নিৰ্বাচনত টেটু ফালি, গলৰ শিৰা ফুলাই বক্তব্য দিয়ে৷ তেওঁলোকে প্ৰকৃততেই যে একো একোজন জাতিদ্ৰোহী লোক সেই কথা বহলাই নক’লেও হ’ব৷ অসমৰ মূলসূতিৰ লগত কোনো কালেই যাতে সংখ্যালঘু সৰ্বসাধাৰণ ৰাইজ মিলিব নোৱাৰে তাৰ বাবে সংখ্যালঘু অঞ্চলবোৰত শিক্ষা, স্বাস্থৰ পোহৰ পৰিব নিদিলে যাতায়তৰ দুৰৱস্থা কৰি ৰাখিলে৷ 


ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ বিষয়ে সচেতন লোকসকলৰ আৰ্থিক দুৰৱস্থা হোৱা বাবে এপাচি শাকত এটা জলকীয়া স্বৰূপ শিক্ষিত সমাজেও মুদ্ৰাৰ লোভত বিবেক বিক্ৰী কৰি আহিছে৷ যাৰ বাবে উন্নয়নৰ স্বাৰ্থত ৰাজনীতি হোৱা নাই৷ প্ৰেছাৰ কোকাৰত সৃষ্টি হোৱা চাপৰ দৰেই মানুহক সন্ত্ৰস্ত কৰি ৰখা হৈছে৷ আমছুৰ পৰা প্ৰাক্তন হোৱা প্ৰতিজন নেতাই কংগ্ৰেছত যোগদান কৰি ‘ভোৰৰ কপালত লাত্থি’ মাৰি দিছে৷ তেওঁলোকে যিহেতু সংখ্যালঘু মানুহৰ ‘পালচ্’ বুজি পায় সেইবাবে কি দিলে কাৰ মুখ বন্ধ হ’ব সেই কথা জানে৷ ফলত উন্নয়নৰ ৰাজনীতিয়ে স্থান নাপায়৷ তোষণৰ ৰাজনীতিত পটু দলটোৱে সংখ্যালঘুৰ ওপৰত চলি থকা প্ৰতিটো অত্যাচাৰৰ আধাৰশিলা স্থাপন কৰি থৈ গৈছে৷ তাৰ বাবেও মূলত এইসকল তথাকথিত সংখ্যালঘু নেতাই দায়ি৷ যুক্তিৰ সমৰ্থনত লিখিব গ’লে আৰব্য উপন্যাস এখনেই হ’বগৈ৷ 

ৰক্তাক্ত আন্দোলনৰ মূল আধাৰ অসমৰ বিদেশী সমস্যাৰ স্থায়ি সমাধানৰ বাবে বৰ্তমান ৰাজ্যত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নিতকৰণ চলি আছে৷ এই সমস্যা সমাধানৰ নামত আন্দোলন কৰি যিসকলে নেতা হ’ল, যিসকলে অহাবাৰৰ নিৰ্বাচনৰ টিকট নিশ্চিত কৰাৰ কৌশলত লিপ্ত হৈ আছে তেওঁলোকে পূৰ্বৰ দৰেই কিন্তু পৰিৱেশ ধূসৰ কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে৷ সাধাৰণ ভাবে লক্ষ্য কৰিলেই বুজি পাব যে এজনো সংখ্যালঘু নেতাই জটিলতাৰে ভৰা NRCৰ দাবী/ আপত্তিৰ প্ৰক্ৰিয়াত দুৰ্গত বৈধ ভাৰতীয়ৰ পক্ষত থিয় দিয়া নাই৷ এজনো আমছুৰ প্ৰাক্তন সভাপতিয়ে বিনামূলীয়া সহায়ক কেন্দ্ৰ মুকলি কৰা নাই৷ অপ্ৰয়োজনীয় লোকে মহামান্য উচ্চতম ন্যায়ালয়ৰ সন্মুখত ছেলফি উঠাৰ বাহিৰে বোকা ছটিয়াই মানুহক দাবী/ আপত্তিৰ প্ৰতি অনিহাহে বৃদ্ধি কৰা অনুমান হৈ আছে৷ যিমান বেছি বৈধ ভাৰতীয়ৰ নাম NRC ৰ পৰা বাদ পৰিব সিমানেই তেওঁলোকৰ ৰাজনীতিৰ ভেটি মজবুত হ’ব৷ যাৰ বাবেই হয়তো সমস্ত যুৱ শক্তিক পঞ্চায়ত নিৰ্বাচনৰ জিন্দাবাদ মাৰা কামত লগাই দিয়া হৈছে, যাৰ বাবেই হয়তো পঞ্চায়ত নিৰ্বাচনৰ সভাবোৰত NRC ৰ বিষয়বোৰে বিশেষ স্থান নাপায়৷ অৱশ্যে হাস্যকৰ ভাবে একাংশ সংখ্যালঘু বিধায়কে বহু সময়ত ঘঁৰিয়ালৰ চকুলো টোকা দেখা যায়৷ 

NRC ৰ দাবী আপত্তিৰ সময় শেষ হ’বলৈ সন্মুখত মাত্ৰ কেইটামান দিনহে বাকী আছে৷ প্ৰতিজন প্ৰকৃত ভাৰতীয় নাগৰিকে NRC ৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰা দৰকাৰ৷ এই কাম নকৰিলে ভৱিষ্যত কিমান অন্ধকাৰাচ্ছন্ন হৈ পৰিব সেই কথা ক’ব নোৱাৰি৷ এতিয়াও সজাগ হোৱাৰ সময় আছে৷ কমপক্ষে যুৱ শক্তি যদি জাগ্ৰত হয় বহু সমস্যাই সমাধান হ’ব৷ সেয়েহে এইবেলি জাতীয় উৎসৱ বৰ্জন কৰি বা ন’টাৰ সদ্ ব্যৱহাৰ কৰি তথাকথিত নেতাসকলক শিক্ষা দিয়াৰ সমান্তৰালকৈ NRC ৰ কাম-কাজত যথোপযুক্ত সহায় কৰিব নোৱাৰি নে ?

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ