Friday, May 26, 2017

          মিঞাকে আদি কৰি সংখ্যালঘু হত্যাযজ্ঞৰ বাবে সংঘটিত হিংসাত্মক অসম আন্দোলনৰ ৰক্তাক্ত ইতিহাসৰ সোৱৰণ প্ৰায় সকলোৰে আছে৷ প্ৰায় সকলোৱে জানে নেলীৰ বৰ্বৰ হত্যাকাণ্ডৰ কথা৷ কিন্তু ২৬ মে’ক কিয় আমছুৱে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে সেই কথা হয়তো বহুতেই জ্ঞাত নহয়৷ অতি সংক্ষিপ্ত ভাবে ইয়াৰ এটা আভাস দাঙি ধৰিবলৈ যত্ন কৰা হৈছে৷ 
Image result for assam movement
হিংসাত্মক অসম আন্দোলনৰ এটা ফটো
           অবিভক্ত গোৱালপাৰা জিলাৰ জলেশ্বৰত ১৯৮০ চনৰ ২৯, ৩০ আৰু ৩১ মার্চ তাৰিখে অনুষ্ঠিত অধিবেশনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ জন্ম হৈছিল। নবগঠিত আমছুৰ নেতৃত্বত ১৯৮০ চনৰ ২৬ মে’ত যি প্রতিবাদী আন্দোলন হৈছিল, সেয়া আছিল এক অভূতপূর্ব আৰু স্বতস্ফুর্ত গণ বিপ্লব।
          ১৯৮০ চনৰ ২৩ এপ্রিলত হাউলী ৰবীন্দ্র সংঘৰ কার্যালয়ত অনুষ্ঠিত আমছুৰ কর্ণধাৰ সমিতিৰ সভাত মে’ মাহৰ ৫ তাৰিখে প্রতিবাদ দিবস পালনৰ সিদ্বান্ত লোৱা হৈছিল। এই সিদ্বান্ত অনুযায়ী সেইদিনা সংখ্যালঘু নাগৰিকসকলে প্রতিবাদী শোভাযাত্রাত অংশ ল’ব আৰু নিজ নিজ এলেকাৰ বি ডি অ, চক্র বিষয়া, মহকুমাধিপতি আৰু উপায়ুক্তৰ জৰিয়তে প্রধানমন্ত্রীলৈ স্মাৰকপত্র প্রেৰণ কৰিব। ইয়াৰ উপৰিও প্রতিবাদ দিৱসৰ দিনা উপবাসে থাকি আহাৰৰ খৰচখিনি আমছুৰ তহবিলত জমা দিবলৈ কর্ণাধাৰ সমিতিয়ে ৰাইজলৈ আহ্বান জনাইছিল। উক্ত প্রতিবাদী দিবসৰ কথা প্রচাৰ হোয়াৰ পাছতেই জাঙুৰ খাই উঠিছিল বিভিন্ন সংবাদপত্র, সংগঠন আৰু বুদ্বিজীৱীসকল। কিছুমানে পোনছাটেই আমছুক বাংলাদেশীৰ সংগঠন বুলি কৈছিল। আন কিছুমানে বাংলাদেশী সংগঠন(আমছু)য়ে অসম আন্দোলনৰ বিৰুদ্বে প্রতিবাদী আন্দোলন কৰিলে তাৰ পৰিণতি ভয়াবহ হ’ব বুলি মুকলি ভাবুকি দিছিল।
           প্রচাৰকার্য কম হোৱাৰ বাবে কর্ণধাৰ সমিতিয়ে প্রতিবাদী দিবসৰ কার্যসুচী ৫ মে'ৰ পৰা ২৬ মে'লৈ পিছুয়াই নিবলৈ চুড়ান্ত সিদ্বান্ত গ্রহন কৰিছিল আৰু পুনৰায় ব্যাপকভাবে প্রচাৰৰ ব্যাৱস্থা কৰিছিল। এনেকৈয়ে আহিল ১৯৮০ চনৰ সেই ঐতিহাসিক দিন ২৬ মে'।
গ্রীস্মকালৰ তীব্র ৰ’দ। এই তীব্র ৰ’দ উপেক্ষা কৰি ২৬ মে'ৰ ৰাতিপুয়াৰ পৰাই সমগ্ৰ অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বাট-পথ লোকে লোকাৰণ্য হ’বলৈ ধৰিলে। স্বতঃস্ফূর্তভাবে ওলাই অহা হাজাৰ হাজাৰ, লাখ লাখ ছাত্র, যুৱক, কৃষক, শ্রমিক, শিক্ষিত, অশিক্ষিত লোকেৰে পৰিপূর্ণ বিশাল বিশাল গণ মিছিল। সকলোয়ে শান্তিপূর্ণ ভাবে শোভাযাত্রা কৰি গৈ স্মাৰকপত্র প্রদান কৰি আন্দোলনৰ কার্য্যসূচী সমাপ্ত কৰাৰ কথা আছিল যদিও বহু ঠাইত এই কার্য্যসূচী বাধাগ্রস্থ হ’ল। বহু ঠাইত শান্তিপূর্ণ শোভাযাত্রাকাৰীৰ ওপৰত জপিয়াই পৰিল উগ্র জাতীয়তাবাদীৰ সৈতে এচাম হিংস্র পুলিচ। নির্মম অত্যাচাৰৰ ফলত তেজেৰে ৰাজপথ ৰাঙলী হৈছিল। পুলিচৰ প্রৰোচিত গুলিচালনাৰ ফলত প্রাণাহুতি দিছিল বহু কেইজনে।
             ২৬ মে' ৰ দিনা লেংটিছিঙাত প্রতিবাদকাৰী জনতাক আগভেটা দি পুলিচে নির্বিচাৰে গুলি চলোৱাৰ ফলত স্কুলীয়া ছাত্র মিজানুৰ ৰহমান আৰু আব্দুছ ছাত্তাৰ নিহত হৈছিল। ইয়াৰ উপৰিও বহুলোক গুৰুতৰ ভাবে আহত হৈছিল আৰু তাৰ ভিতৰত মাজম আলীৰ সোঁ বাহুত গুলী লগাৰ ফলত কাষলতিৰ পৰাই সোঁ হাতখন কাটি পেলোৱা হৈছিল আৰু ইয়াৰ বাবেই তেঁও আজিও এক কর্মহীন পংগুত্বৰ জীৱন নিৰ্বাহ কৰি আছে।
             ২৬ মে'ৰ আটাইতকৈ শোকাবহ ঘটনা ঘটিছিল নামনি অসমৰ বিজনীত। উত্তৰাঞ্চলৰ পৰা হাজাৰ হাজাৰ প্রতিবাদকাৰী ৰাইজ শোভাযাত্রা কৰি দেউকুৰা দলঙৰ ওপৰেৰে আগবাঢ়ি অহাৰ সময়তে দলঙৰ দুই মূৰৰ প্রবেশ পথত সশস্ত্র পুলিচে আগুৰি ধৰি দলঙৰ ওপৰত থকা জনতাৰ ওপৰত যধে-মধে গুলিয়াবলৈ ধৰে। ফলত অনিল নমদাস, গোপাল সাহা, নির্মল সৰকাৰ, বজলউদ্দিন শেখ, বিশ্বজিত কুন্ডু, মনিৰুদ্দিন শেখ, ৰমেন সৰকাৰ, শ্রীমন্ত বর্মন, সুবল বাঢ়ৈ আৰু হৰিপদ সাহা নিহত হয়। ইয়াৰ উপৰিও বুকুত গুলী লৈ আৰু তীব্র আতংকত দলঙৰ পৰা তলৰ মেটেকা ভৰা পানীত জপিয়াই পৰি আহত হয় শতাধিক প্রতিবাদকাৰী।
            অকল বিজনী আৰু লেংটিছিঙাতেই নহয়, প্রায় গোটেই অসমতে ২৬ মে’ৰ প্রতিবাদকাৰীৰ ওপৰত নির্বিচাৰ অত্যাচাৰ চলিছিল। ইয়াৰ ভিতৰত বিশেষ ভাবে উল্লেখ কৰিব পাৰি নগাওঁ জিলাৰ ৰুপহী, জুৰীয়া, কামপুৰ আদিৰ কথা। জুৰীয়াত আবেলী পথাৰৰ পৰা ছাগলী আনিবলৈ যোৱা বুঢ়ী এজনী আৰু মকছুদুৰ ৰহমান নামৰ ছাত্র এজনক পুলিছে গুলীয়াই হত্যা কৰিছিল।
              ঐতিহাসিক ২৬ মে'ৰ গণ আন্দোলনত বহুকেইজন শ্বহীদ হ’ল আৰু আহত হ’ল। সেইদিনাখন বি বি চি লন্ডনৰ পৰা ৰেডিঅ' যোগে প্রচাৰ হ’ল যে অসমত বিদেশীৰ নামত চলা নির্য্যাতনৰ কবলৰ পৰা ৰক্ষা পাবলৈ সংখ্যালঘুসকলে প্রতিবাদী আন্দোলনত জপিয়াই পৰিছে। এইদৰে ১৯৮০ চনৰ ২৬ মে'ৰ জৰিয়তে সংখ্যালঘু আন্দোলনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত প্রাসংগিকতা লাভ কৰিবলৈ সক্ষম হৈছিল৷

—সাজাহান আলী আহমেদ
শিক্ষা আৰু আলোচনী সম্পাদক, আমছু
(বিঃদ্ৰঃ মোৰ তথ্য সংগ্ৰহত যদি কোনোবা মহান শ্বহীদৰ নাম বাদ পৰিছে অনুগ্ৰহ কৰি মোৰ 9401916223 নম্বৰৰ ৱাটচএপত দিয়ে যেন৷)

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা