Friday, June 2, 2017

হাজাৰ হাজাৰ ৰাইজৰ পথ অৱৰোধ
অপৰাধী কৰায়ত্ব কৰাৰ বাবে ২৪ ঘন্টাৰ সময়সীমা


কালি বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত, আনন্দ বজাৰ আৰক্ষী পহৰা চকীৰ অধীনস্থ তথা আনন্দ বজাৰৰ গাতে লাগি থকা হাটখোলা গাঁওৰ পথাৰত এগৰাকী প্ৰায় ৪৫ বছৰ বয়সৰ এজন কৃষকৰ মৃতেদহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতেই তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে৷ ঘটনাৰ বিবৰণি মতে একে থানাৰ অন্তৰ্গত কয়েমাৰী গাওঁৰ মৃত উমেদ আলীৰ পুত্ৰ ছামান আলী (৪৫) নামৰ কৃষকজনে হাটখোলা গাওঁৰ ভগৱান দাস  নামৰ মহাজনৰ পৰা প্ৰায় ৫ বিঘা কৃষিভূমি বন্দকত লৈ শাক-পাচলিৰ খেতি কৰিছিল৷ অইন দিনৰ দৰে কালি (০১-০৬-২০১৭) পুৱাৰ ভাগতে নিজৰ ঘৰৰ পৰা পথাৰলৈ কাম কৰিবলৈ গৈছিল। আবেলিত প্ৰায় ৫.৩০ বজাত গাওঁখনৰে প্ৰদীপ শইকীয়া নামৰ ব্যক্তিজনে ছামান আলীৰ ক্ষত-বিক্ষত মৃতদেহ প্ৰত্যক্ষ কৰি চিঞ্ৰ-বাখৰ কৰে আৰু একে পথাৰতে কাম কৰি থকা কয়েমাৰিৰ অইন দুজন খেতিয়কক তেওঁ মৃত দেহৰ বিষয়ে জনায়। চোকা অস্ত্ৰৰে হানি-খোচি¸ কোবাই থকা-সৰকা কৰি পেলোৱা মৃতদেহ দেখা পাই কৃষকসকলে স্থানীয় ৰাইজ তথা আনন্দ বজাৰ আৰক্ষীক খবৰ দিয়ে। অশান্ত বিটিএডিৰ বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানা তথা আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাটখোলা গাওঁত সন্ধিয়া প্ৰায় ৬ বজাত মৃতদেহ উদ্ধাৰ হোৱাৰ হোৱাৰ পাছত আৰক্ষী আৰু ৰাইজে ঘটনাস্থলীত উপস্থিত হয়। শালবাৰী মহকুমা আৰক্ষী বিষয়া বকুল চন্দ্ৰ গগৈ¸ শালবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰফিকুল হাছান চৌধুৰী¸ আনন্দ বজাৰ আৰক্ষী পহৰা চকীৰ বিষয়া মীৰজাহান হুছেইনে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। মৃত দেহৰ ওচৰত আৰক্ষীয়ে বাঁহৰ মূৰা আৰু কাঁচি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নিশাৰ ভাগত মৃত দেহ আনন্দ বজাৰ আৰক্ষী পহৰা চকীত ৰখাৰ পিছত আজি পুৱাত বাক্সা জিলাৰ মুছলপুৰত মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ ইফালে উক্ত ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়িলেও আশ্বস্ত হ’ব পৰা নাই বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ তথা পৰিয়ালবৰ্গ৷ তদন্তৰ নামত বাক্সা জিলা প্ৰশাসন তথা আৰক্ষীয়ে উক্ত মৃতদেহ প্ৰথমে প্ৰত্যক্ষ কৰা লোকজনক নিশাৰ ভাগত শোধ-পোচ কৰে আৰু আজি দিনৰ ভাগত মাটিৰ মহাজন আৰু একে মহাজনৰ পৰা মাটি বন্দকত লৈ খেতি কৰা কৃষকসকলক আৰক্ষীয়ে ঘৰৰ পৰা থানালৈ মাতি নি শোধ-পোচ কৰে৷ 
কয়েমাৰী গাওঁৰ ছামান আলী (৫০) নামৰ মৃত দৃহ চিনাক্ত হোৱাৰ পৰাই পৰিয়ালৰ মাজত হুৱা দুৱা লগাৰ সমান্তৰালকৈ অঞ্চলটোত ইতিপূৰ্বে সংখ্যালঘু হত্যাযজ্ঞ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংক আৰু উত্তেজনাই বিৰাজ কৰে। পবিত্ৰ ৰোজাৰ ইফতাৰৰ সময়ত উক্ত খবৰে ৰাইজক একপ্ৰকাৰ স্তব্দ কৰি পেলায়। বাক্সা জিলা আমছুৰ কৰ্মকৰ্তাসকলে প্ৰথমৰ পৰাই ঘটনা স্থলীত উপস্থিত থাকি সমগ্ৰ ঘটনাৰ বুজ লেৱাৰ সমান্তৰালকৈ বাক্সা জিলাৰ আৰক্ষী অধীক্ষকৰ লগত আলোচনা কৰি দোষীক ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ব কৰিবলৈ দাবী জনায়।  উল্লেখ্য যে হত্যা কৰা কৃষকজনৰ প্ৰায় ২০ বছৰীয়া পুত্ৰ দিল্লীত কাম কৰে আৰু ৯ বছৰীয়া এজন পুত্ৰ কৃষক দেউতাক সহায় কৰে¸ মানুহজনৰ এগৰাকী কন্যা বিয়া দিছে আৰু পত্নীজনী ঘৰতে আছে। আমছুৰ শিক্ষা সম্পাদক সাজাহান আলী আহমেদ¸ বাক্সা জিলাৰ সভাপতি মিনহাজুল ইমৰাণকে আদি কৰি জিলা সমিতি খনৰ বিষয়ববীয়া সকলে এই হত্যাকাণ্ডক নিন্দা কৰি মৃতকৰ পৰিয়ালক এককালীন ২০ লাখ টকা ক্ষতিপূৰণ আৰু ২৪ ঘন্টাত আচামী কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে সংখ্যালঘু হত্যা সহজ ভাবে গ্ৰহণ কৰা নহ‘ব বুলি অপৰাধী কৰায়ত্ত নহ‘লে তীব্ৰ আন্দোলন কৰাৰ কথা ঘোষণা কৰে। অঞ্চলটোত শান্তি শৃংখলা অটুট ৰাখি প্ৰকৃত হত্যাকাৰীক চিনাক্ত কৰাৰ বাবে ৰাইজক সচেতন হ‘বলৈ আহ্বান জনায় সংগঠনটেৱে।

ইফালে আজি ৰাতিপুৱা ৭.৩০ বজাৰ পৰা প্ৰায় ৭ ঘন্টাৰ বাবে আনন্দ বজাৰ-গোৱৰ্ধনা সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ আমছুৰ বাক্সা জিলা সমিতি, এবিএমছুৰ শালবাৰী জিলা সমিতি আৰু পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ বাক্সা জিলা সমিতিয়ে কেইবা হেজাৰ প্ৰতিবাদকাৰী ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে৷ প্ৰতিবাদকাৰীসকলে হত্যাকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা, মৃতকৰ পৰিয়ালৰ জাৱতীয় দায়িত্ব চৰকাৰে গ্ৰহণ কৰা, এককালীন ২০ টকা সাহায্য প্ৰদান কৰা আৰু অঞ্চলটোত শান্তি-শৃংখলা অটুট ৰখাৰ বাবে দাবী উত্থাপন কৰে৷ আবেলি প্ৰায় ২.৩০ বজাত বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, শালবাৰী মহকুমাধিপতিয়ে ঘটনাস্থলীত উপস্থিতত হৈ প্ৰতিবাদকাৰীসকলৰ লগত আলোচনা কৰে আৰু দাবী সমূহ পূৰণ কৰা হ’ব প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ বাক্সা জিলাৰ উপায়ুক্তলৈ মুঠ তিনি দফীয়া দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰি সাময়িক ভাবে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখে৷ আজিৰ উক্ত পথঅৱৰোধ কাৰ্যসূচীত আমছুৰ বাক্সা জিলা সমিতিৰ সভাপতি মিনহাজুল ইমৰাণ, সাধাৰণ সম্পাদক ছামচুল হক, উপ সভাপতি আলাল উদ্দিন, আব্দুৰ ৰহিম, সম্পাদক নুৰ নবী, এবিএমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি ইব্ৰাহীম আলী, সাধাৰণ সম্পাদক সাইজুদ্দিন খন্দকাৰ, পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ বাক্সা জিলা সভাপতি জাকিৰ হুছেইনে নেতৃত্ব বহন কৰে৷ 

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ