প্ৰাসঙ্গিক ফটো, গুগলৰ পৰা সংগৃহিত |
আমি ল’ৰালীত গাওঁৰ ঘৰে ঘৰে গৈ কিছুমান গীত গাই গাই চাউল, আলু, কণী, নহৰু, আদা, হালদি, টকা আদি সংগ্ৰহ কৰিছিলো৷ সংগ্ৰহ কৰা সামগ্ৰীৰে আমি ‘পুষুৰা’ খাইছিলো, গৃহস্থৰ ঘৰৰ পৰা দান বৰঙণী সংগ্ৰহ কৰাৰ বাবে গোৱা গীতবোৰক মাগন গীত বুলি আমি জানিছিলো৷
অসমীয়া সংস্কৃতিত ইয়াৰ নামেই ‘মহুহু’ বুলি কোৱা হয়৷
স্নাতকত ‘অসমীয়া সাহিত্য’ৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ গৈ আমি গোৱা সেইবোৰ গীত নাপালো, তাৰ ঠাইত অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা ভিন্ন ধৰণৰ গীতবোৰহে পঢ়িব পাৰিলো৷ মাথো সেয়াই নহয় আমাৰ অঞ্চলত প্ৰচলিত বিয়াগীত, ধূৱাগীত, নাওঁ খেলৰ গীত, বৰশিবোৱা গীত, ফকৰা, সাথৰ (মান) আদি নাপালো৷ তেতিয়াৰ পৰাই বুজি পাইছিলো যে আমাৰ লোকসংস্কৃতিৰ সংকট অনিভাৰ্য৷ ৫১ৰ ত্যাগৰ নিদাৰুণ আৰু লজ্জাৰ ইতিহাসৰ বিষয়ে তেতিয়াই জানিছিলো৷
এটা ভাল খবৰে মনৰ মাজত কিছু আশাৰ সঞ্চাৰ ঘটাইছিল যে আমাৰ লোকসংস্কৃতিৰ আপুৰুগীয়া সম্পদসমূহৰ সংৰক্ষণৰ বিষয়ে দুই-চাৰিজন ব্যক্তি বিশেষে প্ৰচেষ্টা হাতত লৈছে৷ কুৰবান আলী চৌধুৰী চাহাবৰ ‘মিঞা সমাজৰ লোকসংস্কৃতি’ নামৰ গ্ৰন্থ খনৰ পৰাই এই প্ৰচেষ্টাৰ শুভাৰম্ভ হোৱা বুলি ক’ব পাৰি (তাৰ আগত যদি কোনোবায় লিখিছিল মই জনা নাছিলো,,, তথ্য থাকিলে অনুগ্ৰহ কৰি জনাব)৷ গ্ৰন্থখন ২০০২ চনত অসম সাহিত্য সভাৰ কলগাছিয়া অধিৱেশনত প্ৰকাশ হৈছিল৷ যিখন উন্মোচন কৰিছিল সাহিত্যিক হোমেন বৰগোহাঞি দেৱে৷
ইয়াৰ পূৰ্বে ইলিমুদ্দিন দেৱান চাহাব আৰু ইছমাইল হোছেইন চাহাবে এই বিষয়ত বহু লেখা-মেলা কৰা বুলি জানিব পাৰিছিলো৷
পাছলৈ এই বিষয়ত সাহিত্যিক ইছমাইল হোছেইন(কনিষ্ঠ, কয়াকুছি)ৰ পৰা আৰম্ভ কৰি বহু কেইগৰাকী লেখকে ভালে খিনি লেখা-মেলা কৰিছে৷
সিযিকি নহওঁক আজিৰ তাৰিখত গুৱাহাটী বিশ্ববিদ্যালয়ত Rehna Sultana নামৰ এগৰাকী ছাত্ৰীয়ে এই বিষয়ত গৱেষণা কৰা বুলিও জানিব পাৰিছো৷
কিন্তু দুখৰ কথা যে আমাৰ মাজৰে একাংশই ‘মিঞা লোকসংস্কৃতি’ক এটা নিৰ্দ্দিষ্ট তথা সীমিত ভূখণ্ডৰ সংস্কৃতি বুলি ক’ব বিচাৰে৷ তেখেতসকলে ইয়াক চৰ-চাপৰিৰ লোকসংস্কৃতি বুলি ক’ব বিচাৰে৷
মোৰ জন্ম চৰ-চাপৰিত নহয় আৰু নাথাকোও, লাখ লাখ লোকৰ লগতে মই নিজেও এই সংস্কৃতিৰ অংশীদাৰ৷ তেন্তে ইয়াৰ নামাকৰণ চৰ-চাপৰিৰ লোকসংস্কৃতি বুলি ক’লে আমাৰ চৰ-চাপৰিৰ বাহিৰৰ লোকসকলৰ লগত পুনৰ অন্যায় কৰা নহ’ব নে ?
এই ছেগতে ‘মিঞা লোকসংস্কৃতি’ৰ অতি জনপ্ৰিয় এটি মাগনগীত আগবঢ়ালো—
" আইলামৰে ভাই উৰিয়া
হাতীৰ কাণ ধৰিয়া।
হাতীৰ কাণ থল্-বল্ কৰে,
ঢেফা বাগুণ গাছে ধৰে।
ঢেফা বাগুণেৰ চিৰল পাত,
ৰাহলে খায় কৰ্-কৰা ভাত।
কৰ্-কৰা ভাত খাইয়াৰে,
গৰু ৰাখিবাৰ যাইয়াৰে।
অই ৰাহল তৰ কয় গাই?
বাৰ আবাল তেৰ গাই,
সেই গায়েৰ দুধ খাই।
দুধ খাইটে কেমন গুণ?
পান্তা ভাতে ছটক মোন।
পান্তা ভাত থল্-বলা,
বিচাকলা দিয়া গল্-গলা "
0 comments:
Post a Comment