Thursday, January 30, 2020

১৯৯৪ ৰ পৰা বিটিআৰ লৈ মচিব নোৱাৰা স্মৃতিবোৰ ঃ

অসমীয়া, বড়ো, মুছলমান আদিয়ে যিবোৰ কথা মনোযোগ দিব লাগিব

মাকে কোলাত লৈ পদূলিৰ পৰা আমাৰ ঘৰৰ উত্তৰ ফালে থকা বুনমাজা গাওঁলৈ আঙুলিৰে দেখুৱাইছিল কেনেদৰে দাউ দাউ কৈ জ্বলি আছিল মানুহৰ ঘৰবোৰ৷ তেতিয়া মোৰ বয়স ৫ বছৰ ৬ মাহ৷ মা-দেউতাৰ পৰা আৰম্ভ কৰি ঘৰৰ প্ৰতিজন মানুহৰ মাজত থকা ব্যাপক আতংক মই বুজিব পাৰিছিলো৷ যিবোৰ কথা প্ৰত্যক্ষ ভাবে মনত আছে সেইবোৰ কথাহে আজি আলোচনা কৰিম৷ ক্ৰমশঃ ৰাতিৰ এন্ধাৰ বাঢ়ি আছিল আৰু আমাৰ মনত আতংক বৃদ্ধি পাই আছিল৷ মই তেতিয়া বুজি পোৱা নাছিলো কোনে আৰু কিয় মানুহৰ ঘৰবোৰ জ্বলাই দিছিল৷ কিন্তু দেখিছিলো যে আমাৰ আইখাৰী বিলৰ পথাৰ গাওঁৰ উত্তৰ প্ৰান্তৰ বংশীবাৰী, ভাটৌপুখুৰী আদি গাওঁৰ মানুহে আতংকত আমাৰ ঘৰৰ ফালে আহি আছিল৷ মানুহৰ লগত নথি-পত্ৰ, কাপোৰ-কানি, মাছ ধৰা জাল আদি লৈ তেওঁলোকে আশ্ৰয় বিচাৰি আহিছে৷ বেছি সংখ্যক মহিলা আৰু লগত শিশুসকলেহে প্ৰথমে নিজৰ আপোন ঘৰ ত্যাগ কৰি আহি আছিল৷ আমাৰ ঘৰ আৰু চোতালখন ডাঙৰ৷ চোতালত পিতাই ঢাৰি পাৰি দিছে আৰু মানুহে তাতেই বহি ‘ইয়া নাফছি’ পাঠ কৰি আছে৷ তেতিয়াৰ পৰাই আমাৰ কৃষক পৰিয়ালটোৱে শাক-পাচলিৰ খেতি কৰিছিল বাবে ঘৰত ঢাৰি আছিল বহু পৰিমাণে৷ কাৰো ভোক নাছিল যে ভাত খাব৷ আনকি সৰু ল’ৰা-ছোৱালীবোৰেও একো খোৱাৰ বাবে প্ৰস্তুত নাছিল৷ অনাহাৰে, অনিদ্ৰাত মানুহে আমাৰ ঘৰত নিশা যাপন কৰিছিল৷ বহুতৰে ধাৰণা আছিল যে তেওঁলোকৰ গাওঁখন জ্বলাই দিলেও আইখাৰীলৈ জুইৰ লেলিশান শীখাই ঢুকি নাপাব৷ কিন্তু তাৰে বহুতে নিশাৰ ভাগতেই আমাৰ ঘৰ ত্যাগ কৰি দক্ষিণ ফালে গতি কৰা আৰম্ভ কৰিছিল৷ 
স্বাভাৱিকতেই তেতিয়া মোৰ মনত প্ৰশ্ন জাগিছিল— কোনে ঘৰবোৰ জ্বলাই দিছিল বুলি৷ উত্তৰ আহিছিল উগ্ৰপন্থীয়ে৷ এই উগ্ৰপন্থী কোন, কিয় মানুহৰ ঘৰবোৰ জ্বলাই খেদি আছে সেই কথা মোৰ জনা নাছিল আৰু জনাৰ বাবে মোৰ সুবিধাও নাছিল৷ যিহেতু আমাৰ পৰিয়ালৰ মানুহবোৰ আতংকিত হৈ আছিল৷ 
পিছৰ দিনাখন  পুৱাৰ ভাগতে মোৰ বাইদেউ জাহানাৰা আৰু হুমায়ুনৰ সৈতে ঘৰখন ত্যাগ কৰি আনন্দপুৰলৈ যাবলৈ পঠাই দিছিল৷ আনন্দপুৰ গাওঁখন আমাৰ গাওঁৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দক্ষিণে অৱস্থিত৷ তাত আমাৰ মাকৰ মামাৰ ঘৰ৷ নিশাৰ পৰাই আলোচনা চলিছিল যে ৰেলপথৰ উত্তৰ পাৰে মুছলমানক থাকিবলৈ নিদিব৷ গতিকে আমি ৰেল পথ পাৰ হৈ আনন্দপুৰলৈ যাবলৈ ওলাইছিলো৷ বাইদেউৰ হাতত ঘৰৰ প্ৰয়োজনীয় নথি-পত্ৰ আৰু মুড়ীৰ টেমা দি আমাক পঠাই দিয়া হ’ল৷ তেতিয়াও সকলো কথা অস্পষ্ট হৈ আছিল৷ মৰমৰ ছাগলীজনী, প্ৰিয় গছবোৰ, নতুনকৈ বনোৱা টিনৰ ঘৰ, ঘৰত থকা আমাৰ খেলৰ সামগ্ৰীবোৰ, একেলগে খেলা সতীৰ্থসকলক এৰি আমি গৈ আছিলো দক্ষিণ ফালে৷ ঘৰৰ গৰু-ছাগলী আৰু যাৱতীয় সামগ্ৰীবোৰ ঠায়-ঠিক কৰাৰ বাবে আমাৰ তিনিজনৰ বাদে কোনোৱে ঘৰ ত্যাগ কৰা নাছিল৷ বুজাব নোৱাৰা আতংকেৰে মুখবোৰ শুকাই গৈছিল৷ মোৰ হাতত এটা কাপোৰৰ টোপোলা৷ বাৰে বাৰে প্ৰিয় ঘৰখনলৈ চাই চাই আমি গতি কৰিছিলো৷ তেতিয়ালৈকে গাওঁৰ বেছিভাগ মানুহেই নিজৰ ঘৰবোৰ এৰি গুচি গৈছিল৷ চৰম নিস্তব্ধতাই ছানি ধৰিছিল সমগ্ৰ অঞ্চল৷ পথৰ দাঁতিৰ কুকুৰবোৰে ভূকা নাছিল, চৰাইবোৰে গাণ গোৱা নাছিল৷ আমি তিনিজনে কান্দো-নাকান্দোকৈ পথেৰে গৈ আছিলো৷ গৈ গৈ মৈৰাঝাৰ গাওঁ পাইছিলো৷ সেই অঞ্চলৰ মানুহে তেতিয়াও নিজৰ ঘৰখন এৰি থৈ যোৱা নাছিল৷ আমাৰ দৰে উত্তৰ অঞ্চলৰ পৰা ঘৰ এৰি অহা লোকে প্ৰচণ্ড ৰ’দৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে গছৰ তলত জিৰণী লৈ আছিল, বহুতেই মূৰত পানী ঢালি সুস্থ হোৱাৰ চেষ্টা কৰি আছিল৷ তেতিয়া হয়তো পুৱা ১০ মান বাজিছিল৷ ৰাতি ভাত খোৱা হোৱা নাছিল বাবে প্ৰচণ্ড ভোক লাগিছিল৷ মৈৰাঝাৰত আমাৰ আত্মীয়ৰ ঘৰত আমি গৈ উপস্থিত হৈছিলো৷ ভাবিছিলো তেওঁলোকে আমাক কিবা খাবলৈ দিব৷ কিন্তু তেওঁলোকৰ মুখবোৰো শেঁতা পৰি আছিল৷ পথত লগ পোৱা মানুহৰ দৰেই তেওঁলোকৰ মুখতো আন্তৰিকতাৰ চিন নাছিল৷ আমি কিছুসময় জিৰণী লৈ আকৌ যাত্ৰা কৰিছিলো দক্ষিণ ফালে৷ পথাৰৰ মাজত কঁকাললৈকে ঢুবি যোৱাকৈ পানী আছিল৷ আমি পানীৰ মাজেৰেই যোৱাৰ কথা ভাবিলো৷ নহ’লে বহুত বেছি পথ খোজকাঢ়িব লাগিব৷ আমি পিন্ধি থকা কাপোৰ তিতি গৈছিল৷ 
গৈ গৈ আমি গুৱাগাছাৰ ৰেলপথ পাৰ হ’লো৷ ২ কিলো মিটাৰমান যোৱাৰ পাছত গুৱাগাছা সত্ৰৰ কাষেৰে এখন সৰু নৈ পূৱলৈ বৈ আছে৷ খোজকাঢ়ি পাৰ হ’ব পৰা যায়৷ মাই আমাক লৈ বাইদেউক নৈৰ পাৰতে বহি থাকিবলৈ কৈছিল৷ কাৰণ সকলোৱে জানিছিল যে ৰেল পথ পাৰহৈ গৈ বড়ো উগ্ৰপন্থীয়ে আক্ৰমণ নকৰে৷ কিন্তু আৰু অধিক পথ যোৱাৰ বাবে মানা হয়তো এই কাৰণেই কৰিছিল যে গুৱাগাছা গাওঁখন ভাষিক অসমীয়া বসতি প্ৰধান৷ আই-পিতাই আশীৰ ৰক্তাক্ত আন্দোলন দেখিছিল বাবেই হয়তো ভাষিক অসমীয়াক ভয় কৰে৷ গতিকে আমি তাতেই বহি থাকিলো৷ নৈখনৰ উত্তৰ পাৰে পথাৰ এখনত বহি বহি আমি মানুহৰ যন্ত্ৰণা উপলদ্ধি কৰিব পাৰিছিলো৷ মই যিহেতু মাত্ৰ পাঁচ বছৰীয়া শিশু আছিলো, সেই সময়ৰ প্ৰতিটো ঘটনাই মোৰ মনত শিলৰ ৰেখা আঁকি থৈ গ’ল৷ মোৰ মনত আছে যে সেই পথাৰ খনত এটা বতল আৰু এটকা পৰি থকা পাইছিলো৷ মোৰ দুখ লাগিছিল এই কাৰণে যে মোৰ দৰে কোনোবাই এইখিনি হয়তো ঘৰৰ পৰা আদৰেৰে লৈ আনিছিল, কিন্তু হাতৰ পৰা হেৰাই থাকিল৷ মই অলপ সময় বিচাৰ খোচাৰ কৰিছিলো৷ বাইদেউৱে মোক অকলে ক’তো যাব নিদিয়ে৷ আমাৰ অসহায় মুখবোৰেই আমাক একেলগে থাকিবলৈ বাধ্য কৰাইছিল৷ 
আবেলিত পিতাই-মাই গৰু-ছাগলী আৰু ঘৰৰ সামান্য জৰুৰী সামগ্ৰী লৈ নৈ পাৰৰ পথাৰখনত উপস্থিত হ’ল৷ ঘামি যোৱা মুখত ধূলিয়ে ডাঠ চামনি পেলাইছিল৷ চলচলীয়া চকুবোৰে আমাক কাষত পোৱাৰ আন্তৰিক ভালপোৱা ব্যক্ত কৰিছিল৷ সেমেকি উঠিছিল চকুবোৰ৷ আমি একেলগে নৈখন পাৰ হৈ ভাষিক অসমীয়া গাওঁত প্ৰৱেশ কৰিছিলো৷ গাওঁখনত প্ৰৱেশ কৰিয়েই আমাৰ আতংকিত মনবোৰ কিছুপৰিমাণে শান্ত হৈছিল৷ মই প্ৰথমবাৰৰ বাবে ভাষিক অসমীয়া মানুহ দেখা পালো৷ তেওঁলোকে বালটি, কেটলি অথবা জগ আদিত নেমু পানী, চৰবত, চাহ, বিস্কুট আদি লৈ পথৰ কাষে কাষে শাৰী পাতি থিয় হৈ আছে আৰু দুৰ্গত মানুহক মাতি নি সেইবোৰ খাবলৈ দিছে৷ গৰু-ছাগলীবোৰ কোনোবায় ৰক্ষণা-বেক্ষণ কৰিছে, পানী-খেৰ আনি দিছে৷ সেই পৰিঘটনাৰ সময়ৰ প্ৰথমবাৰৰ বাবে মই মানুহৰ মনত আন্তৰিকতা দেখিলো৷ হাঁহি মুখে সেৱা কৰা দেখিলো৷ দুখত সমভাগী হোৱা দেখিছো৷ আমি তেওঁলোকৰ পৰা পোৱা মৰমৰ বাবে যেন আমাৰ মনৰ অশান্তিবোৰ কিছু সময়ৰ বাবে পাহৰি পেলালো৷ তেতিয়াই বুজিলো যে দুখৰ সময়ত দুৰ্গতৰ কাষত থিয় হ’লে দুৰ্গত মানুহৰ মনৰ যন্ত্ৰণা কিমান পৰিমাণে লাঘব হয়৷ শান্তি তাতেই থাকে৷ 


গুৱাগাছাৰ পৰা মাজগাওঁ গৈ পাওঁতে এন্ধাৰ নামি আহিছিল৷ মাজগাওঁৰ হাইস্কুল খেলপথাৰত চৰকাৰী আশ্ৰয় শিবিৰত পাতিছে৷ হৃদয় ভগা কান্দোনক একমাত্ৰ সাৰথি কৰি ত্ৰিপালৰ এখন সৰু তম্বুুৰ ভিতৰতেই ৬-৭ জনীয়া পৰিয়াল লৈ কোনোমতে নিশা যাপন কৰাৰ ব্যৱস্থা কৰিছে৷ তাৰে পৰা আমাক আনন্দপুৰৰ মামাহঁতৰ ঘৰলৈ লৈ গ’ল৷ 

নিশা পাৰ হ’ল৷ কিন্তু আমাৰ ককা, খুড়া, পেহী, দাদাহঁত ক’ত থাকিল সেই কথা জনা নগ’ল৷ 
আবেলি সময়ত মামাহঁতৰ ঘৰতো একপ্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হ’ল৷আনন্দপুৰ-মাজগাওঁৰ বহু যুৱকৰ লগতে আমাৰ বাছেদ মামা উত্তৰ অঞ্চললৈ গৈছে৷ ৰাস্তাৰ পৰা উত্তৰ অঞ্চলৰ আকাশলৈ চালে মাথো ক’লা ধুৱা দেখা যায়৷ আমাৰ সপোনৰ ঘৰবোৰেই যে তেতিয়া অগ্নিকুণ্ডত জাহ গৈ আছিল সেই কথা একপ্ৰকাৰ নিশ্চিত হৈ পৰিছিল৷ মানুহে কোৱা শুনিছিলো এই অঞ্চলৰ পৰা আন্দোলন কৰিব যোৱাসকলৰ ওপৰত গুলি চলোৱাৰ খবৰ পোৱা গৈছে৷ 
বাছেদ মামা কেইমাহমান পূৰ্বে বিয়া পাতিছে৷ নতুন মামী হিয়া ঢাকুৰি কান্দিছে৷ নানা, নানী আৰু ঘৰৰ অইন সকলোৰে মনবোৰ অস্বাভাৱিক ভাবে যন্ত্ৰণাকাতৰ হৈ পৰিছে৷ তেনেতে এন্ধাৰৰ জাল ফালি কান্দোনৰ ৰোল তুলি মামাৰ গুলিবিদ্ধ মৃতদেহ ঘৰলৈ লৈ অনা হ’ল৷ মামাৰ দেহৰ পৰা তেতিয়াও তেজ নিগৰি আছিল৷
আমি আনন্দপুৰত থাকোতেই খবৰ পালো যে বাঁহবাৰীৰ দৰ্জীচাচাকো হত্যা কৰা হৈছে৷ তেওঁলোকে বাঁহবাৰী হাইস্কুলতেই চৰকাৰী আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছিল৷ নিশাৰ সময়ত আশ্ৰয় শিবিৰলৈ গুলি বৰ্ষণ কৰিছিল আৰু জ্বলাই দিয়া হৈছিল৷
প্ৰায় এমাহৰ মূৰত অঞ্চলত শান্তি আহিছে বুলি মোক আৰু মোৰ বাইদেউ জাহানাৰক থৈ পৰিয়ালৰ বাকীসকলে ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰা বুলি শুনিলো৷ থকা-মেলাৰ ঠাই ঠিক-ঠাক কৰিবলৈ দাদাহঁতে আমাৰ গাওঁলৈ যাব বুলি জানি তেওঁলোকৰ পিছা এৰি নিদিলো৷ মোৰ জেদৰ বাবেই আলী দাদাই মোক লৈ গৈছিল৷
গাওঁখনত এজন-দুজন মানুহ আহিছে যদিও কাৰোৰেই ঘৰ-দোৱাৰ জ্বলিবলৈ বাকী নাছিল৷ মাথো জ্বলি যোৱা নাছিল মাৰ্বল আৰু কড়িৰ পিয়লাবোৰ৷ আমাৰ ঘৰৰ বেছিভাগ সামগ্ৰী পুখুৰীত পেলাই থৈ গৈছিল যদিও শাল কাঠৰ বিশাল চন্দুকখন ঘৰতেই আছিল বাবে সেইখন জ্বলি গৈছিল৷ ধ্বংসস্তুপৰ মাজত বিচাৰি পাইছিলো খুচুৰা পইচা, জালৰ কাঠি৷ চাৰিও ফালে মৰিশালীৰ নিৰৱতা আৰু অগ্নিৰ তাপত লেৰেলি যোৱা তামোল, নাৰিকেল, আম-কঠাল আৰু অইন গছবোৰ তেতিয়াও থিয় হৈ আছিল, পুখুৰীৰ পানী স্বচ্চ হৈ আছিল আৰু মাছে লাভ কৰিছিল স্বাধীনতা৷ পুখুৰী পাৰৰ মধুৰীআম, বগৰীবোৰ পকি আছিল, পথাৰৰ ধান বিস্শৃংখলকৈ হাউলী পৰি আছিল৷ আমাৰ ঘৰৰ টিনবোৰ তেতিয়া জ্বলি ৰঙা পৰি গৈছিল, ঘৰৰ কাঠবোৰ পুৰি এঙাৰ হৈছিল৷ তথাপিও ঘৰবোৰ নগ্ন হৈ থিয় হৈ আছিল৷ 
সেইদিনাখন ঘৰৰ পৰা উভতাই আনন্দপুৰলৈ লৈ যোৱা হ’ল আৰু মা-দেউতা আৰু ঘৰৰ অইন মানুহৰ লগত মোক আৰু বাইদেউক লৈ যোৱা নহ’ল৷ এনেদৰেই আমি মামাহঁতৰ ঘৰত থাকিলো৷ মই ঘৰৰ সৰু ল’ৰা হিচাপে সকলোৱে মৰম কৰে বাবেই যে এনেদৰে মামাৰ ঘৰত এৰি গৈছিল সেই কথা জনা নাছিল৷ মোতকৈ দুবছৰত ডাঙৰ হুমায়ুনক লগত নিছে৷ তেওঁৰ লগত মোৰ সদায় কাজিয়া লাগিয়ে থাকে৷ প্ৰায় দুমাহে মই তেওঁৰ লগত কাজিয়া কৰিব পৰা নাই, মোৰ মৰমৰ ছাগলীজনীক তেওঁ ভালকৈ ঘাঁহ খোৱাইছে নে নাই, মোৰ খেলৰ বস্তুবোৰ কোনোায় নিলে নেকি আদি হাজাৰ ভাৱনাই মনত ক্ৰিয়া কৰি থাকিল৷ এদিন কোনেও নজনাকৈ ফজৰৰ আজানৰ পিছতেই মই মামাহঁতৰ ঘৰত বাইদেউক এৰি থৈ পলাই গুচি আহিলো নিজৰ ঘৰখনলৈ৷ 
তেতিয়ালৈকে জ্বলাই দিয়া আমাৰ প্ৰাথমিক বিদ্যালয়খনো মেৰামতি কৰা হৈছিল৷  আমি পাটৰ বস্তালৈ পুনৰ বিদ্যালয়ত পঢ়িবলৈ গৈছিলো৷
পৰিৱেশ ক্ৰমাৎ সুস্থিৰতাৰ ফালে গতি কৰিছিল যদিও আমাৰ মনৰ পৰা আতংক দূৰ হোৱা নাছিল৷ নিশা হ’লে এদলে টোপনী মাৰিলে আনটো দলে গাওঁখনত পহৰা দিয়ে৷ 



এই ১৯৯৪ ৰ আন্দোলনত ৬০খনতকৈও অধিক গাঁও জ্বলাই কোটি কোটি টকাৰ সম্পত্তি ধ্বংস কৰাৰ সমন্তৰৈলকৈ শতাধিক লোকক হত্যা কৰা হৈছিল৷ নেলীৰ হত্যাকাণ্ডৰ দৰে '৯৪ৰ হত্যাকাণ্ডৰাে কোনাে বিচাৰ নহ’ল। যাৰ ফলত হত্যাকাৰীসকলে উৎসাহিত হৈ ১৯৯৬ চনৰ মে’ মাহত বঙাইগাঁও আৰু কোকৰাঝাৰত আক্রমণ কৰি ১৯৮জন চাওতাল লােকক হত্যা কৰে আৰু ২,৫০,০০০জন লােকক গৃহহীন কৰে। ১৯৯৮ চনত ২৫,০০০ চাওতাল আৰু কেইবা হাজাৰ নেপালী লােকক আৰু ১৯৯৯ চনৰ জুন মাহত ধুবুৰী জিলাত ৭,০০০ লােকক গৃহহীন কৰা হয়, যাৰ অধিকাংশই আছিল আদিবাসী লােক। ইয়াৰ উপৰি বাৰম্বাৰ বড়াে উগ্রপন্থীসকলৰ আক্ৰমণত বঙালী হিন্দু আৰু কোচৰাজবংশীসকলৰ বহু লােক গৃহহীন হ’ব লগা হৈছিল।
এইসমগ্র হত্যাকাণ্ডৰ অৱসান ঘটাবলৈ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে বিএলটি, ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ লগত ত্রিপাক্ষিক চুক্তি সম্পাদিত হয় আৰু সংবিধানৰ ষষ্ঠ অনুসূচী মতে Bodoland Territorial Council (BTC) গঠন হয়। চুক্তি মতে কোকৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু বাক্সা জিলা গঠন কৰি Bodoland Territorial Autonomous District (BTAD) হিচাপে ঘােষণা কৰা হয়। বিটিচি চুক্তি স্বাক্ষৰিত হ'ল যদিও এনডিএফবিয়ে উক্ত চুক্তিত স্বাক্ষৰ নকৰি স্বাধীন বড়াে ৰাজ্য গঠনৰ  দাবীৰে  সংগ্রাম অব্যাহত ৰাখিলে।আৰু ২০০৮ চনত পুনৰ ওদালগুৰিত ৮২ গৰাকী মুছলমান লােকক হত্যা কৰা হ’ল, য'ত ৪১ খন গাঁও ভস্মীভূত কৰা হৈছিল। ২০১২ চনত কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁৱত সংঘটিত হোৱা শতাধিক মুছলমান লােক নিহত হােৱাৰ লগতে দেশী (উজানীয়া) থলুৱা কৃষক, কোচ-ৰাজবংশী লােকো আক্রান্ত হৈছিল আৰু প্রায় পাঁচ লাখ লােক গৃহহাৰা হ'ব লগা হৈছিল। ২০১৪ চনত কোকৰাঝাৰৰ বালাপাৰা, বাক্সাৰ নৰসিংবাৰী, নাৰায়ণগুৰি,নকে খাগ্রাবাৰী আৰু ছামথাইবাৰীত অর্ধশতাধিক মুছলমান জনতা নিধন কৰা হ’ল। উক্ত হত্যাকাণ্ডত ২২ জনতকৈও অধিক শিশু, ৩০জনতকৈও অধিক প্রাপ্তবয়স্ক পুৰুষ-মহিলাকে আদি কৰি অর্ধশতাধিক মুছলমান লােকক হত্যা কৰা হ’ল। এই হত্যাকাণ্ড ইমানেই বৰ্বৰ আছিল যে শিশুসকলক দুফাল কৰি হত্যা কৰাৰ সমান্তৰালকৈ পাৱাৰপাম্পত আছাৰি আছাৰি মগজু উলিয়াই হত্যা কৰা হৈছিল আৰু অধিকাংশক বেঁকী নদীত দলিয়াই হত্যা কৰা হৈছিল।।
মাথো বিটিএডিতেই নহয়, অসমৰ প্রাণকেন্দ্র গুৱাহাটী, বৰপেটাৰােড, কোকৰাঝাৰত ২০০৮ চনত ৰঞ্জন দৈমাৰী নেতৃত্বাধীন এনডিএফবিয়ে ধাৰাবাহিক বােমা বিস্ফোৰণেৰে অসম চৰকাৰৰ অস্তিত্বক প্রত্যাহ্বান জনাই ৯৯জন লােকক হত্যা, ৫৪০জন লােকক আহত কৰাৰ লগতে প্রায় ৩০ কোটি টকাৰ সম্পত্তি।






কেইদিনমান পূৰ্বে আমাৰ শালবাৰীৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈ বৰপেটাৰোডলৈ অহাৰ সময়ত বাৰেংগাবাৰী পোৱাৰ পাছত একে গাড়ীত থকা বন্ধু এজনে ক’লে— এদিন এই ঠাইত মোৰ বহুত ডাঙৰ বিপদ হৈছিল৷ কিমান ভয় লগা ঠাই নহয় নে ?— ঠাইখন এই কাৰণেই ভয় লগা যে তাৰ পৰা চাৰিও ফালে বহু দূৰলৈ বড়োৰ বাহিৰে অইন মানুহ নাই৷ বড়োসকলক মুছলমানকে আদি কৰি অইন প্ৰায় সকলোৱে ভয় কৰে৷ ভয় কৰাৰ কাৰণ দুটা৷ প্ৰথম- বড়োসকলৰ মাজত বিগত তিনি দশকে গা কৰি উঠা উগ্ৰপন্থী সংগ্ৰামীৰ বাবে মাৰণাস্ত্ৰ আছে৷ দ্বিতীয়তে- তেওঁলোকৰ ভাষা বুজি পোৱা নাযায়৷ বন্ধুজনৰ অভিজ্ঞতাৰ কথা পুনৰায় বৰ্ণনা কৰিলে— ‘তেতিয়া আবেলি সময়৷ বাইকত মোৰ পত্নীক লৈ এইফালেদি গৈ আছিলো৷ হঠাৎ এইখিনিতেই বাইকৰ পেট্ৰল শেষ হ’ল৷ এই সমগ্ৰ অঞ্চলত পেট্ৰ’ল নাই৷ বেলেগ মানুহ নাই৷  মই দেখা পালো৷ এবিঘামান দূৰত কেইজনমান কৃষকে একেলগে বহি পানীয় খাই আছে৷ মই অধিক আতংকিত হৈ পৰিলো৷ কি কৰিম এই পথাৰ খনত৷ কমপক্ষে দহ কিলো মিটাৰ দূৰত যোৱাৰ পিছতহে পেট্ৰ’ল পোৱা যাব৷ কথাবোৰ চিন্তা কৰোতে কৰোতে মই বাৰে বাৰে বাইকত ষ্ট্ৰাট কৰাৰ বৃথা চেষ্টা কৰি আছো৷ তেনেতে কৃষৰ মাজৰে পৰা এজন মোৰ ফালে আগবাঢ়ি আহিল৷ তেওঁ মদ খাই আছিল৷ হাতত দা এখনো আছে৷ মোৰ তেতিয়া হাত ভৰিত শক্তি নাই৷ লগত পত্নী৷ কিবা অঘটন ঘটিলে মোক কোনে ৰক্ষা কৰিব৷ মানুহজনে হয়তো মোক বুজি পাইছিল৷ তেওঁ অতি সাধাৰণ ভাবে মোক সুধিলে কি হৈছে বুলি, মই পেট্ৰ’লৰ কথা ক’লো৷ তেওঁ ক’লে— একো চিন্তা নকৰিব৷ মই আনি দি আছো৷ আপুনি ইয়াত থিয় হৈ থাকক৷ কথাখিনি কৈ মোৰ পৰা এক লিটাৰ পেট্ৰ’লৰ টকা লৈ গ’ল৷ তেওঁ মদ পান কৰি থকাসকলৰ ছাইকেল এখন লৈ বেগা বেগীকৈ বজাৰৰ ফালে গ’ল৷ মোৰ মনৰ আশংকা তেতিয়ালৈকে বৃদ্ধিহে পাই আছিল৷ এশ টকা লৈ তেওঁ উভতি আহিব নে নাই সেই বিষয়ে মনত বহু প্ৰশ্ন উদয় হৈছিল৷ মনত বহু আশংকা অহা-যোৱা কৰি আছিল৷ তেওঁৰ কথা সৰল যদিও মোৰ মনত ভাল ভাব জগাব পৰা নাই৷ তাতে মই ইছলাম ধৰ্মীয় বুলি বেশতেই ধৰিব পাৰি৷ প্ৰায় ৩০ মিনিট পিছত তেওঁ আধা লিটাৰৰ দুই বটল পেট্ৰ’ল আনি দি ক’লে— জনাব আপুনি ভয় নাখাব, আমি এনেই অলপ ফুৰ্টি কৰি আছো৷ কোনেও ক্ষতি নকৰে৷— তেওঁলোকৰ প্ৰতি থকা মোৰ মনৰ ভাব সম্পূৰ্ণ সলনি হৈ গ’ল৷ মানুহ জনে মোক নিৰ্ভয় কৰাৰ বাবে প্ৰথমেও চেষ্টা কৰিছিল৷ তেওঁৰ শেষৰ কথাবোৰে মোক বহু কথাই শিকাই থৈ গ’ল৷ যিজন মানুহে মোৰ পেট্ৰ’লৰ বাবে সৰ্ব শক্তিৰে ১৫-২০ কিলো মিটাৰ ছাইকেল চলাই আহিল তেওঁক মই সন্দেহ কৰিলো৷’ 

১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা অসম আন্দোলনৰ ফলশ্ৰুতিত ভাষিক অসমীয়া বা মূলসূতীৰ অসমীয়াৰ লগত ধৰ্মীয় সংখ্যালঘুৰ মানসিক দূৰত্ব বৃদ্ধি পাইছিল যদিও সেই পৰিৱেশ ক্ৰমাৎ কমি কমি বিশ্বাসৰ পৰিৱেশ স্থাপন হৈ আছে৷ অৱশ্যে সেই অবিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এতিয়াও এটা মহলে অপচেষ্টা অব্যাহত ৰাখিছে৷ একেদৰে ১৯৮৯, ১৯৯৪ চনৰ পৰা ২০১৪ চনলৈ সংঘটিত হোৱা হত্যা হিংসাৰ বাবে বড়োসকলৰ প্ৰতি মুছলমানকে আদি কৰি অইন সম্প্ৰদায়ৰ মনত প্ৰচণ্ড ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে৷ তাৰ বাবেই সন্ধিয়া হ’লেই বড়ো বসতি প্ৰধান অঞ্চলৰ মাজেৰে চলা-চল কৰাৰ বাবে বহুতে ভয় কৰে৷ সৰুতে আমি দেখিছিলো যে বড়োসকলে আমাৰ গাওঁৰ বিল খনলৈ মাছ, কুছিয়া, কেকোৰা, শামুক ধৰিবলৈ নাইবা এৰা গছৰ পাত নিবলৈ আহিছিল৷ শেহতীয়াকৈ সেই পৰিৱেশ দেখা নাযায়৷ এটা সময়ত মোৰ পিতৃয়ে আনন্দ বজাৰৰ পৰা ধান কিনি চাউল বনাই বিক্ৰী কৰা আছিল৷ পিতাই কোৱা মতে বড়োসকল বহুত সৰল মানুহ৷ তেওঁলোকে দৰ-দামৰ ক্ষেত্ৰত বেছি জটিলতা বুজি নাপায়, মিছা কথা নকয় আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল প্ৰতিশ্ৰুতি দিলে ৰক্ষা কৰে৷ ফলত তেওঁলোকৰ লগত ব্যৱসায়-বানিজ্য, চলন-ফুৰণ, কৃষি কৰ্ম কৰা বহুত সূচল৷
প্ৰশ্নন উত্থাপিত হয় যে এনে পৰিৱেশৰ উদ্ভৱ কিয় হ’ল যে বড়োসকলে অইন সম্প্ৰদায়ৰ পৰা দূৰলৈ গৈ থাকিল আৰু অইন সম্প্ৰদায়েও তেওঁলোকক ভয় কৰি থাকিব লগা হ’ল৷ এই সকলো কথাৰ মূল এটাই যে বড়োসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক পৰিচয় সম্পৰ্কীয় আশংকা দূৰ কৰাৰ বাবে বড়ো জনগোষ্ঠীৰ ছাত্ৰ সমাজৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ ৰাইজে দীৰ্ঘ দিনে দাবী কৰি আহিছিল৷ কিন্তু ভাৰত চৰকাৰে তেওঁলোকৰ দাবী পূৰণ কৰা নাছিল৷ দীৰ্ঘদিনীয়া দাবীবোৰ পূৰণ নোহোৱাত তেওঁলোকৰ মাজৰ পৰা সহস্ৰ সংগ্ৰামীৰ সৃষ্টি হৈছিল৷
বিটিআৰ চুক্তিত উল্লেখ থকা অনুসৰি অসম চৰকাৰে ৰাজ্যৰ সহযোগী ভাষা হিচাপে দেৱনাগৰী লিপিত বড়ো ভাষাক স্বীকৃতি দিব৷ ফলত বড়ো ভাষাৰ প্ৰচাৰ-প্ৰসাৰ ঘটিব৷ অইন জাতি-জনগোষ্ঠীৰ লোকে ভাষাটোক শিকিব, বুজিব পাৰিব৷ বড়ো ভাষা যিহেতু অসমৰ মাটিৰ ভাষা গতিকে এই ভাষা চৰ্চা কৰা অসমৰ নাগৰিক সকলৰ বাবে প্ৰয়োজনীয় বিষয় হোৱা উচিত৷ তেতিয়াহে প্ৰকৃত সমন্বয় গঢ়ি উঠিব৷ সমান্তৰালকৈ ভাষা বুজি নোপোৱাৰ বাবে সৃষ্টি হোৱা ভয়ৰ পৰিৱেশো আঁতৰি যাব৷ ফলত বড়োসকলৰ লগত ব্যৱসায় বানিজ্য ভাল হ’ব৷ মোৰ চিনাকী এজন বিএছচি শিক্ষক মুছলিম উদ্দিনে বড়ো মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰে৷ আন এগৰাকী অধিবক্তা ফজলুল হকে মুছলপুৰ কোৰ্টত কাম কৰে, তেওঁৰ ওচৰত অহা কামৰ অধিকাংশই বড়োসকলৰ৷ দুয়োজনে বড়ো ভাষা সলসলীয়াকৈ ক’ব আৰু লিখিব পৰাৰ বাবেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে আৰু তেওঁলোক নিজৰ কৰ্মকলৈ সুখী৷ একেদৰে বহু তেনে মানুহ লগ পাওঁ যিসকলে ধৰ্মীয় সংখ্যালঘু হোৱাৰ পিছতো ভাষাটোক ক’ব আৰু লিখিব পাৰে৷
Govt signs Bodo peace accord, ends decades-old armed movement for separate state: Photo- Hindustan Times

দ্বিতীয় ভয় আছিল বড়ো সংগ্ৰামীৰ হাতত থকা অস্ত্ৰ-সস্ত্ৰ৷ বিটিআৰ চুক্তিত এবছুৰ সভাপতি প্ৰমোদ বড়ো, সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী, এনডিএফবিৰ ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমতাৰী, বি ছাওৰাইগৌৰা, ধীৰেন্দ্ৰ বড়ো, ইউ বি পি অ’ৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰী, অসম চৰকাৰৰ হৈ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব (উত্তৰ-পূৱ) সত্যেন্ৰ গাৰ্গ, সাক্ষী হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহগী সদস্য হাগ্ৰামা মহিলাৰীয়ে স্বাক্ষৰ কৰিছে৷ চুক্তিখনৰ জড়িয়তে মূলত বড়োসকলৰ দীৰ্ঘ দিনীয়া দাবীসমূহ মানি লৈ সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰা হৈছে৷ চুক্তিখনৰ প্ৰতিটো কথা সঠিক সময়ত ৰূপায়ন কৰিলে নিশ্চিত ভাবে বড়োসকলৰ সমস্যা সমাধান হ’ব৷ একেদৰে বড়ো উগ্ৰপন্থীৰ বাবে জনগোষ্ঠীটোক ভয় কৰা লোকসকলৰ মনৰ পৰা ভয় আঁতৰি যাব৷ 
বিগত সময়তো দেখিছিলো যে এনে শান্তি চুক্তিৰ পিছতো বহুবাৰ মূল সমস্যাৰ সমাধান নহয়৷ ইয়াৰ অন্যতম উদাহৰণ অসম চুক্তি৷ অসম চুক্তিৰ প্ৰায় অধিকাংশ প্ৰতিশ্ৰুতি ইতিমধ্যে পূৰণ হ’লেও মূল দাবী বিদেশী সমস্যাৰ সমাধান এতিয়ালৈকে হোৱা নাই৷ ফলত অশান্তিবোোৰো আঁতৰি যোৱা নাই৷ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত বিটিচি চুক্তিৰ ক্ষেত্ৰতো বহু কেৰোণ ৰৈ গৈছিল৷ সকলো বড়ো সংগ্ৰামীক আকোৱালী লোৱা হোৱা নাছিল আৰু মূল পৃথক ৰাজ্যৰ দাবীক প্ৰতিনিধিত্ব কৰা নাছিল৷ এইবেলি ২০২০ৰ ২৭ জানুৱাৰী তাৰিখে স্বাক্ষৰিত চুক্তিৰ জৰিয়তে পৃথক ৰাজ্যৰ মূল দাবীক প্ৰতিনিধিত্ব কৰিছে আৰু সকলো সংগ্ৰামীয়ে অসমৰ ভৌগোলিক পৰিসীমাৰ সংহতি অটুট ৰাখি তেওঁলোকৰ এক বিতং আৰু স্থায়ী সমাধানৰ বাবে ঐক্যমতত উপনীত হৈছে৷ এই চুক্তিৰ জৰিয়তে সকলো বড়ো উগ্ৰপন্থী বা সংগ্ৰামীক পুনৰ সংস্থাপনৰো ব্যৱস্থা কৰা হৈছে৷ অৰ্থাৎ অস্ত্ৰৰ ভয় মানুহৰ মনৰ পৰা ক্ৰমাৎ আঁতৰি যাব৷ এতিয়াৰে পৰা বিটিচিত হত্যা, হিংসা, ধনদাবী আদি বন্ধ হ’ব বুলি স্বস্থিৰ নিঃশ্বাস পেলাব পাৰি৷ 
এইখিনিতে মন কৰিব লাগিব যে বিগত কেইবছৰৰ পৰা প্ৰবল ভাবে বিটিচি অঞ্চলত বসবাস কৰা অইন জাতি-জনগোষ্ঠীৰ লোকৰ মনত সৃষ্টি হৈ থকা আশংকাৰ বাবে অবড়োৰ নামত ৰাজনীতিৰো সৃষ্টি হৈছিল আৰু ভাৰত ভিতৰতে দ্বিতীয় বৃহৎ সংখ্যক ভোট লাভ কৰি অবড়োৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল৷ এই আন্দোলনে প্ৰবলৰূপ ধাৰণ কৰাৰ অন্যতম মূল বিষয় আছিল বিটিচিৰ সীমাক লৈ৷ ২০০৩ চনৰ বিটিচি চুক্তিত অজনজাতী বসতি প্ৰধান গাওঁ বিটিচিত অন্তৰ্ভূক্ত নহয় বুলি উল্লেখ থকাৰ পিছতো বহু অজনজাতী বসতি প্ৰধান গাওঁ বিটিচিৰ অন্তৰ্ভূক্ত হৈ আছিল৷ এইবেলিও বিটিআৰ চুক্তিত অজনজাতী বসতি প্ৰধান গাওঁ অন্তৰ্ভূক্ত নহয় বুলি উল্লেখ আছে৷ এই বিষয়টো ৰাজনৈতিক বিষয় হোৱা বাবে ভাৰতৰ গৃহমন্ত্ৰী অমিত সাহ আৰু অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত স্পষ্ট ভাবে কৈছে যে চুক্তিত উল্লেখ কৰা ধৰণেই বিটিআৰৰ সীমা নিৰ্ধাৰণ হ’ব৷ অৰ্থাৎ বিটিআৰত জনজাতী বসতি প্ৰধান গাওঁ অন্তৰ্ভূক্ত হ’ব আৰু অজনজাতী বসতি প্ৰধান গাওঁ কৰ্তন হ’ব৷ 
স্থায়ী শান্তি প্ৰতিষ্ঠা আৰু উন্নয়নৰ স্বাৰ্থত ৰাজ্যৰ উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধান হোৱা উচিত৷ সেই দিশত বৰ্তমান চৰকাৰৰ বিটিআৰ চুক্তি উল্লেখ যোগ্য পদক্ষেপ৷ অৱশ্যে এই সময়ত বড়ো নেতৃত্বৰ ওপৰত জনগোষ্ঠীটোৰ লগত অইন জনগোষ্ঠীৰ মাজৰ সমন্বয়ৰ সেঁতু নিৰ্মাণৰ মূল দায়িত্ব থাকিব৷ 

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ