Monday, January 13, 2025




 

গোহাৰি

'সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন' চমুকৈ 'আমছু'ৰ পৰা বৈপ্লবিক অভিবাদন গ্রহণ কৰিব। অসমত বসবাস কৰা সংখ্যালঘু জনতাৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰাৰ মানসেৰে বিগত ৪৪ বছৰ ধৰি আমছুৱে বিভিন্ন ঘাত-প্রতিঘাতৰ মাজেদি আপোচবিহীন আৰু অবিৰত সংগ্রাম চলাই আহিছে।

একবিংশ শতিকাৰ ৮০ৰ দশকৰ বিভিষীকাময় পৰিবেশৰ এক সন্ধিক্ষণত জাতীয় চিন্তা-চেতনাবে দায়বদ্ধ একাংশ দূৰদৃষ্টিসম্পন্ন ব্যক্তিৰ বাস্তৱধর্মী চিন্তা, অসীম ত্যাগ, অক্লান্ত পৰিশ্রম আৰু ৰক্তিম তেজৰ বিনিময়ত গঠিত আমছুৱে জন্মলগ্নৰে পৰা অসমৰ সংখ্যালঘু তথা নিষ্পেষিত, লাঞ্ছিত, বঞ্চিত জাতি-জনগোষ্ঠীসমূহৰ মৌলিক সমস্যাক লৈ অবিৰত ভাবে আপোচহীন সংগ্রাম অব্যাহত ৰাখিছে।

বৃহত্তৰ অসমীয়া জাতি গঠন, সংখ্যালঘু জনতাৰ সাংবিধানিক অধিকাৰ, আত্মমর্যদা ৰক্ষা, সামাজিক সুৰক্ষা, জাতীয় ঐক্য-সংহতি আৰু সকলো জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ গঢ়ি সংখ্যালঘু সমাজৰ হিত সাধনৰ উদ্দেশ্যে আমছুৱে 'জাগ্রত প্রহৰী' হিচাপে নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

নৱপ্ৰজন্মৰ সফল ভবিষ্যত আৰু এক সুন্দব সমৃদ্ধ অসম গঢ়াৰ মহান স্বার্থত প্রচলিত সামাজিক ব্যাধিসমূহ যেনে- বাল্যবিবাহ, ড্ৰাগচ, মদ, ভাং, জুৱা, নিৰক্ষৰতা আদিৰ বিৰুদ্ধে আমছুৱে সদায় ইতিবাচক আৰু কঠোৰ পদক্ষে গ্রহণ কৰি আহিছে। লগতে সমাজত ন্যায়, সততা, শান্তি, আৰু বৌদ্ধিক জাগৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰতো এক অগ্রণী ভূমিকা পালন কৰি আহিছে। সম্প্রতি এন. আৰ, চি, নাগৰিকত্বৰ ভিত্তিবর্ষ আদি গুৰুত্বপূর্ণ বিষয়ত সংখ্যালঘু জনতাৰ সুৰক্ষাৰ স্বাৰ্থত আমছুৱে ন্যায়ালয়ৰ মজিয়াত অব্যাহত ৰখা সুদীর্ঘ আৰু ব্যয়বহুল আইনী যুঁজ হৈছে অন্যতম।

অসমৰ সংখ্যালঘু জনতাৰ হিয়াৰ আমঠু জাতীয় ছাত্র সংগঠন 'সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)'ৰ বাক্সা জিলা সমিতিৰ ষষ্টম দ্বি-বাৰ্ষিক অধিবেশনখন জাখলিবিলৰ পাথাৰ আঞ্চলিক সমিতিৰ আতিথ্যত অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে জাখলি বিলৰ পাথাৰ কবৰস্থান চকৰ প্ৰয়াত প্ৰাক্তন মন্ত্ৰী চামছুল হক সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই অধিবেশন উপলক্ষে বৃহত্তৰ অঞ্চলটোৰ নবীন-প্রবীণ সমাজহিতৈষীসকলক সামৰি এখনি অভ্যর্থনা সমিতি ইতিমধ্যে গঠন কৰা হৈছে আৰু অধিবেশনৰ লগত সংগতি ৰাখি এখন 'স্মৃতিগ্রন্থ' প্রকাশৰো প্রস্তাব গ্রহণ কৰা হৈছে।

সেয়েহে,  'আমছু'ৰ বাক্সা জিলা সমিতিৰ অধিবেশনখনি সাফল্যমণ্ডিত কৰিবলৈ আপোনাৰ উপস্থিতি, সর্বতোপ্রকাৰৰ দিহা-পৰামৰ্শ আৰু সহায়-সহযোগিতা আগবঢ়াবলৈ বিনম্রচিত্তে নিবেদন জনালোঁ। ইতি-


--------------------------------------------------------------------------------------------------------------------------


সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব, 

ইয়াৰে আপোনাক/ আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, অসমৰ সংখ্যালঘু জনতাৰ হিয়াৰ আমঠু জাতীয় ছাত্র সংগঠন 'সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)'ৰ বাক্সা জিলা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনখন জাখলিবিলৰ পাথাৰ আঞ্চলিক সমিতিৰ আতিথ্যত অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে জাখলি বিলৰ পাথাৰ কবৰস্থান চকৰ প্ৰয়াত প্ৰাক্তন আমছু কৰ্মী তথা প্ৰাক্তন মন্ত্ৰী চামছুল হক সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই অধিবেশনৰ লগত সংগতি ৰাখি এখন 'স্মৃতিগ্রন্থ' প্রকাশৰ প্রস্তাব গ্রহণ কৰা হৈছে। সেয়েহে উক্ত স্মৃতিগ্ৰন্থৰ বাবে সংখ্যালঘুৰ অধিকাৰ, প্ৰাপ্য, লাঞ্চনা, বঞ্চনা আৰু ভৱিষ্যত পৰিকল্পনা আদি বিষয় সাঙুৰি মূল্যৱান লেখনি প্ৰেৰণ কৰাৰ বাবে অনুৰোধ জনালো লগতে আমছুৰ প্ৰাক্তন কৰ্মীসকলে নিজৰ সংগ্ৰামী জীৱনৰ সোণালী স্মৃতিসমূহ প্ৰেৰণ কৰাৰ বাবে অনুৰোধ জনালো।  লেখাসমূহ অহা ২৬ জানুৱাৰী, ২০২৫ তাৰিখৰ ভিতৰত পোৱাকৈ 9401916223 বা 7002504027 নম্বৰৰ ৱাটচএপত প্ৰেৰণ কৰাৰ বাবে অনুৰোধ জনালো। ইতি- 

ধন্যবাদেৰে-

স্মৃতিগ্ৰন্থ সম্পাদনা সমিতি

আমছুৰ বাক্সা জিলা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনৰ অভ্যৰ্থনা সমিতি।

-------------------------------------------------------------------------------------------------------


সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব, 

ইয়াৰে আপোনাক/ আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, অসমৰ সংখ্যালঘু জনতাৰ হিয়াৰ আমঠু জাতীয় ছাত্র সংগঠন 'সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)'ৰ বাক্সা জিলা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনখন জাখলিবিলৰ পাথাৰ আঞ্চলিক সমিতিৰ আতিথ্যত অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে জাখলি বিলৰ পাথাৰ কবৰস্থান চকৰ প্ৰয়াত প্ৰাক্তন আমছু কৰ্মী তথা প্ৰাক্তন মন্ত্ৰী চামছুল হক সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই অধিবেশনৰ লগত সংগতি ৰাখি এখন 'স্মৃতিগ্রন্থ' প্রকাশৰ ব্যৱস্থা গ্রহণ কৰা হৈছে। 

উক্ত অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে আপোনাৰ/ আপোনালোকৰ পৰা দিহা-পৰামৰ্শ তথা আৰ্থিক, মানসিক আৰু সৰ্বোতো প্ৰকাৰৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো। লগতে উক্ত অধিৱেশনৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে সাদৰেৰে আমন্ত্ৰণ জনালো ইতি-

Related Posts:

  • Non stop community service for NRC Claim form NRC ৰ জটিল বিষয়বোৰহে যেন আমাৰ ওচৰলৈ আহে৷ সমস্যাৰ যেন শেষ নাই৷ আজি পুৱা বিছনাৰ পৰা ভোক্তভোগীয়ে টানি উঠোৱাৰ পিছৰ পৰা নিৰৱচ্ছিন্ন ভাবে একেটা কামতেই লাগি থাকিব লগা হ’ল৷ (গৰুৰ মাংসৰে পত্নীয়ে ভাত ৰান্ধি মাতিলেও খোৱাৰ সময় কা… Read More
  • NRC How to help you program at ARVUT complex Barpeta Road #NRChow2helpU আমি আজিও আৰভাটত বহিছিলো৷ মানুহৰ সমস্যা বহু৷ কাম কৰা মানুহ কম৷ ৰাতিপুৱাৰ পৰা প্ৰায় তিনি শতাধিক ভোক্তভোগী ৰাইজ আহিছিল৷ কিন্তু সকলোকে পৰ্যাপ্ত সময় দিব পৰা নাই৷ পুৱা ১১ টাত আহিও বহুতে তিনিটা বজাতহে নিজৰ স… Read More
  • সংবাদ প্ৰহৰীৰ তৃতীয় বৰ্ষপূৰ্ত্তিৰ অনুভৱঃ স্মৃতি-বিস্মৃতি ১৯৮৪ চনত ইন্টাৰনেটে আত্ম প্ৰকাশ কৰাৰ পিছত নাটকীয় ভাবে বিশ্বৰ পট পৰিৱৰ্ত্তন হোৱা পৰিলক্ষিত হৈছে। ইন্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিগত তিনিটা দশক আছিল অতিকৈ উল্লেখযোগ্য। ইন্টাৰনেটে নিৰ্ধাৰণ কৰিছে কেনেদৰে আমি বজাৰ কৰিম, কেনেদৰ… Read More
  • বজ্ৰ কলম—১                 সমাজ সংস্কাৰ কৰিবলৈ চেষ্টা কৰা লোকসকলে বাৰম্বাৰ মুখথেকেচা খালেও নিজৰ নীতি-আদৰ্শৰ পৰা বিচলিত হোৱা নাই। যাৰ ফলতেই অৱশিষ্ট অসমৰ ভাতৃত্ববোধ এতিয়াও বৰ্তি আছে। অসমৰ সকলো … Read More
  • মূৰৰ পৰা গেলিছে বৌদ্ধিক সমাজ, কুকুৰেও পাহৰিছে ভুকিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ক অসমৰ বৌদ্ধিক কেন্দ্ৰ বুলি বিবেচনা কৰা হয়৷ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমিকা অতুলনীয়৷ ইয়াৰ পৰাই আৰম্ভ হয় প্ৰতিটো শুভ কাম৷ গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত ব্যক্তিসকলে সেইবাবে সক… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা