Thursday, June 23, 2016

মোদী চৰকাৰে শেহতীয়াকৈ কৃষকৰ সৰ্বাঙ্গীন উন্নয়নৰ জয়গাণ গোৱা পৰিলক্ষিত হৈছে৷ কৃষিজাত সামগ্ৰীৰ উচিত বজাৰ মূল্য আৰু কৃষকৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে অসম চৰকাৰো দায়বদ্ধ৷ নিৰ্বাচনৰ ইচ্ছ্যুবোৰৰ মাজত স্থানীয় নেতাসকলে কৃষকৰ সমস্যা সম্পূৰ্ণ ৰূপে সমাধান কৰি দিয়াৰ বহু বক্তব্যও আমি নিৰ্বাচনৰ পূৰ্বে শুনিছো৷

north bprd
এনে প্ৰেক্ষাপটত স্বাধীনতাৰ পিছৰ পৰাই বঞ্চিত হৈ থকা নামনি অসমৰ অন্যতম উল্লেখযোগ্য নগৰ, বনিজ নগৰী বৰপেটাৰোডৰ কৃষকসকলৰ উন্নয়ন হ’ব নে, এই বিষয়ত সৰ্বসাধাৰণ ৰাইজৰ মনত হাজাৰটা প্ৰশ্নই ক্ৰিয়া প্ৰতিক্ৰিয়া কৰি আছে৷ বৰপেটাৰোডৰ পাইকাৰী পাচলি বজাৰত বাৰাপেটা, কাহিতামা, খাৰিজা বিজনীৰ পৰা আৰম্ভ কৰি গোৱৰ্ধনা, কাটাঝাৰ, বগুৰাপাৰা, মৈৰাঝাৰ, আনন্দ বজাৰ, বিলাসীপাৰা, আইখাৰী, ভাটৌপুখুৰী, অটাগাওঁ, গান্ধাৰীপাৰা, মেচপাৰাৰ দৰে অঞ্চলৰ পৰা প্ৰায় প্ৰতিদিনে শ শ কৃষকে কৃষিজাত সামগ্ৰী বিক্ৰী কৰিবলৈ অহাৰ সমান্তৰালকৈ সৰভোগ, বৰনগৰ, কলগাছিয়া আদি অঞ্চলৰ পৰাও কৃষকসকলে উত্পাদিত সামগ্ৰী বিক্ৰীৰ বাবে লৈ আহে৷ ইয়াৰ পৰা ট্ৰাকে ট্ৰাকে শাক-পাচলি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিলং, পশ্চিমবংগ আনকি দিল্লীলৈকে শাক-পাচলি চালান হয়৷ কিন্তু এই কৃষকসকলৰ অভাৱ-অভিযোগবোৰ শুনাৰ মানুহ আছে নে?
মূল সমস্যাঃ
১৷ বাট-পথৰ জৰাজীৰ্ণ অৱস্থা৷
২৷ খেতি কৰাৰ বাবে বেংকৰ লোন (ঋণ)ৰ অভাৱ৷
৩৷ বজাৰত উচিত বজাৰ মূল্য নাই৷
৪৷ বজাৰত বৰষুণৰ দিনত কদৰ্যতাৰ বাবে তিষ্টিব নোৱাৰা অৱস্থা৷
৫৷ শিতলী ভৱনৰ কোনো ব্যৱস্থা নাই৷
৬৷ সন্মানজনক বজাৰৰ অভাৱ৷
৭৷ কৃষকসকলক নিম্ন বৰ্গৰ বুলিহে ধাৰণা কৰা হয়৷ (কাৰণ পথাৰৰ পৰা বজাৰলৈ— একেই লেতেৰা পৰিৱেশত জীৱন-যাপন কৰাৰ বাবে বাধ্য)
north bprd 1
বৰপেটাৰোডৰ মাজেৰে পাৰ হৈ যোৱা ৰেল পথৰ দক্ষিণ পাৰলৈ কোনো ব্যক্তি আহিলে তেওঁৰ মনত বৰপেটাৰোড সম্পৰ্কে যি ধাৰণা উপজিব উত্তৰ পাৰলৈ আহিলে তাৰ বিপৰীত ধাৰণা উপজিব৷ হাজাৰ বৰষুণতো দক্ষিণ পাৰত বোকা পাবলৈ নাই, অথচ এজাক সাধাৰণ বৰষুণেই উত্তৰ পাৰৰ পৰিৱেশ গোহালী হেন হৈ পৰে৷ কৃষকসকলে একপ্ৰকাৰ বিপদত পৰিহে উত্পাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰত থিয় হৈ থাকিব লাগে৷ এই লেখাৰ লগত বৰপেটাৰোডৰ উত্তৰ পাৰৰ দুটামান ফটো সংযুক্ত কৰিছো, য’ত স্পষ্টত পাঠকে ধাৰণা এটা লাভ কৰিব পাৰিব৷
পাইকাৰী পাচলি বজাৰৰ পৰা প্ৰতিদিনে বৰপেটাৰোড পৌৰ সভাই যিমান ৰাজহ লাভ কৰে তাৰে মাত্ৰ ১৫ দিনৰ ৰাজহ বজাৰখনৰ বাবে খৰচ কৰিলেই হয়তো এই সমস্যাৰ ৮০ শতাংশ সমাধাণ হ’ব৷ অথচ তাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰাৰ সদিচ্ছা বৰপেটাৰোড পৌৰসভাই প্ৰদৰ্শন কৰা নাই৷ বিগত ২০১২  চনৰ পৰাই বৰপেটাৰোডৰ কৃষকসকলে ওপৰত উল্লেখ কৰা সমস্যা কেইটা সমাধান কৰাৰ বাবে স্বতঃস্ফুৰ্ত আন্দোলন কৰি আহিছে, সেই আন্দোলনৰ গইনালৈ দু-এজন ব্যক্তি ‘নেতা’ও হৈছে৷ সেই নেতাসকলৰ নেতৃত্বতেই হওঁক অথবা কৃষকসকলৰ নিজাববীয়া প্ৰচেষ্টাতেি হওঁক এই বিষয়লৈ বহু আন্দোলন হ’ল- সমস্যা সমাধানৰ বাবে তেতিয়াৰ পৌৰসভা আৰু অসম চৰকাৰৰ মন্ত্ৰীসকলেও বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিলে৷ কিন্তু স্মাৰকপত্ৰবোৰ কাগজৰ মাজত হেৰাই থাকিল৷ বহু সাংবাদিকে বাতৰিও লিখিলে, কিন্তু বাতৰিয়ে জানো সমস্যাৰ সমাধান কৰিব পাৰে?
নামনি অসমৰ ভিতৰত উল্লেখযোগ্য মছজিদ, সত্সঙ্গ মন্দিৰ উত্তৰ বৰপেটাৰোডতেই অৱস্থিত৷ আনকি বিশ্বখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশদ্বাৰ উত্তৰ বৰপেটাৰোডৰ পৰা মাত্ৰ ১৮ কি.মি দূৰত্বত৷ ফলত উত্তৰ বৰপেটাৰোডক লৈ বহুতে গৌৰৱ কৰিব বিচাৰে, কৰ্ম সূত্ৰে মই নিজেও বৰপেটাৰোডৰ উত্তৰ পাৰে বাস কৰা বাবে গৌৰৱ অনুভৱ কৰিব বিচাৰো৷ কিন্তু মোৰ লজ্জ্বাবোধহে বেছি হয়৷ দূৰৰ পৰা অতিথি আহিলে উত্তৰ বৰপেটাৰোডলৈ অানিবলৈ ভয় হয়৷ যেতিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যাম  বুলি কোনোবায় কয়- লাজত নাকটো অধিক কোঁচ খায়৷
এই বতৰত যিসকল খেতিয়কে কৃষিজাত সামগ্ৰী বিক্ৰীৰ বাবে আনে তেওঁলোকৰ মুখত নিৰাশাৰ ছবিহে দেখা যায়৷ যাৰ ফলত পূৰ্বতকৈ খেতিয়কৰ সংখ্যা বহু কমিছে৷ আগলৈ কমি থাকিব, কোনো কৃষকৰ সন্তানেই উপৰোক্ত সমস্যা কেইটাৰ লগত পৰিচয় লাভ কৰাৰ পাছত কৃষি কৰ্ম কৰিবলৈ আগবাঢ়ি নাযায়৷ উদাহৰণ হিচাপে আমাৰ নিজৰ পৰিয়ালটোকেই ল’ব পাৰে৷ আমাৰ ভাই ককাই চাৰি গৰাকী, দেউতা খেতিয়ক৷ আমি এজনেও নাঙলৰ মুঠিত হাত ৰাখিবলৈ প্ৰস্তুত নহয়৷ মোৰ খুড়াৰ ল’ৰা তিনিজনৰ এজনো কৃষক নহয়, মাথো তেওঁ কৃষক৷ আমাৰ গাওঁখনৰ প্ৰতিটো ঘৰতে যদি সমীক্ষা কৰা যায় একে ধৰণৰ তথ্যই পোৱা যাব৷ মাথো আমাৰ গাওঁখনেই নহয়, বৰপেটাৰোডত পাচলি বিক্ৰী কৰিবলৈ অনা এশ শতাংশ কৃষকৰ ঘৰত যদি কোনোবায় সমীক্ষা কৰে নৱ প্ৰজন্মৰ শিক্ষিতসকলৰ পৰা বোধ হয় ৫ শতাংশও কৃষক বিচাৰি নাপাব৷
মাথো কৃষকৰেই নহয়, ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ীকে আদি কৰি সকলো শ্ৰেণীৰ মানুহৰ বাবেই উত্তৰ বৰপেটাৰোডৰ কদৰ্যতা এক বিৰক্তিকৰ পৰিৱেশ হৈ পৰিছে৷ মাথো বৰপেটাৰোড পৌৰসভা আৰু অসম চৰকাৰৰ বাবে বান্দৰ নাচ…….৷

Monday, June 20, 2016

Bisnu
আজি যিদৰে মনত পেলাইছো তোমাক
তোমাৰ আদৰ্শৰ পাঠ পঢ়িছো
তোমাৰ সংগ্ৰামৰ দিনলিপি খুচৰি ফুৰিছো
তোমাৰ দৰে হোৱাৰ আখৰা কৰিছো
তোমাৰ সংগীত শুনি শুনি
নাঙলৰ প্ৰেমিক হ’ব ধৰিছো
ইউটিউব, গোগল, ফেচবুক. টুইটাৰত
তোমাৰ জয়গাণ গাইছো
তোমাক পাহৰি যাম
সন্ধিয়াত
আকৌ এবছৰৰ বাবে
বিষ্ণু প্ৰসাদ ৰাভা
তুমি ঋতুৰ দৰে
আহিবা, যাবা…
মনত ৰেখা সাজিব নোৱাৰিবা…….
Bisnu prasad rabha.jpg

Tuesday, June 14, 2016

 
বলিয়া প্ৰেমৰ উন্মাদনা,
কলিয়া কবিতা,
মাথো তোমাৰ বাবে.....
‘তুমি কেৰছিন, মই শলিতাʼ
বহুবাৰ 
নিষ্ঠুৰ ধুমুহাৰ
প্ৰৱল আঁচোৰে 
চুই যায়
মোৰ কলিজা
আৰু কামি হাড়,
হাতীপটি চুৱলৈ
হেপাহ মোৰ
দুৰ্বাৰ
একোৱেই যেন নাই
অসাধ্য মোৰ
এই জনমত
ওমাল পৰস যদি
তোমাৰ হিয়াৰ
মাথো লাভ কৰো এবাৰ।।।

Monday, June 13, 2016

ডি ভোটাৰ সম্পৰ্কে প্ৰায়সকলো পঢ়ুৱৈ সমাজে জ্ঞাত যদিও আজি পুনৰ একলম লিখিব লাগিব বুলি মনে ধৰিছেঃ
‘ডি’ ভোট বাঘৰ দৰে, ভয়ংকৰ আৰু হত্যাকাৰী

কালি আমাৰ বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ সমীপত পদূলি এটাত বহিছিলো৷ দুদিন আগত মোৰ সাংগঠনিক সতীৰ্থ এজনে কৈছিল বোলে তেওঁলোকৰ গাঁওৰ মানুহে ডি ভোটাৰ সম্পৰ্কে কিছু কথা ৩ জুনত নৰসিংবাৰীত অনুষ্ঠিত হোৱা আমাৰ নাগৰিক সভাৰ জৰিয়তে জানিব পাৰিছে যদিও বক্তব্যৰ পৰা তেওঁলোকৰ মনৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ পোৱা নাই৷ গতিকে মোৰ পৰা কথাবোৰ বিষদভাবে জানিব বিচাৰিছে৷ উক্ত গোৱৰ্ধনা গাওঁৰ লগতে আশে-পাশে প্ৰায় তিনিশ মান ডি ভোটাৰ আছে, যিসকলৰ প্ৰায় ৯৮ শতাংশ মানুহ অশিক্ষিত৷ অৰ্থাত্ কালি লগ পোৱা আশী গৰাকী ডি ভোটাৰৰ মাত্ৰ এজন মেট্ৰিক উত্তীৰ্ণ আৰু মাত্ৰ দুজনে নিজৰ চহী আঁকিবহে জানে, পঢ়িব বা লিখিব নাজানে৷ তেওঁলোকে ইতিপূৰ্বে বহু নেতাৰ ভাষণ শুনিছে যদিও কথাবোৰ স্পষ্ট হোৱা নাই৷
কিছু দিনৰ পৰা তেওঁলোক অস্বাভাৱিক ধৰণে আতংকিত হৈ পৰিছে৷
তেওঁলোক আতংকিত হোৱাৰ কাৰণ তলত দিয়াবোৰঃ
(১) ডি ভোটাৰ আৰু তেওঁলোকৰ সতি-সন্ততি আৰু পৰিয়ালৰ সদস্য/সদস্যাৰ বাদ পৰিব বুলি ইতিমধ্যে জাননী জাৰি কৰিছে।
(২) ডি ভোটাৰৰ উপৰিও বিষয়াই সন্দেহ কৰা যিকোনো ব্যাক্তি ও তেওঁলোকৰ সতি-সন্ততি আৰু পৰিয়ালৰ সদস্য/সদস্যাৰ বাদ পৰিব বুলিও ইতিমধ্যে জাননী জাৰি কৰিছে।
(৩) বিদেশী ন্যায়াধীকৰন / আদালতে বিদেশী বুলি ৰায় দিয়া সকল আৰু তেওঁলোকৰ সতি-সন্ততি আৰু পৰিয়ালৰ সদস্য/সদস্যা বাদ পৰিব বুলি জাননী জাৰি কৰিছে।
(৪) নাম, বয়স আদি ভুল থকা সকলৰ নাম বাদ পৰাৰ সম্ভাৱনা অতিকৈ বেছি কাৰণ Computer Generated Software য়ে ভুল নাম নাকচ কৰাৰ সম্ভাৱনা অধিক।
(৫) ভুল তথ্য বা নথি দিয়া সকল আৰু তেওঁলোকৰ সতি-সন্ততি আৰু পৰিয়ালৰ সদস্য/সদস্যা বাদ পৰিব তথা তেওঁলোকে আইন মতে শাস্তি পাব বুলি জাননী জাৰি কৰিছে।

পবিত্ৰ ৰমজানৰ ৰোজা ৰখা বাবে উপস্থিত হোৱা প্ৰায় চাৰিকুৰি ডি ভোটাৰৰ লগত কথা পতাত কিছু অসুবিধা হৈছিল যদিও উপস্থিত সকলৰ লগত যথা সম্ভৱ মতবিনিময় কৰি বহু ভয়ংকৰ কথা জানিব পাৰিছিলো৷ 
নিজৰ লগতে পৰিয়ালৰ নাম চলি থকা এনআৰচিৰ পৰা বাদ পৰাৰ ভয় তেওঁলোকৰ চকুত ফুটি উঠিছিল৷ পদূলিটোত প্ৰায় এশজন মানুহ উপস্থিত আছিল যদিও গছৰ পাত মাটিত সৰি পৰাৰ শব্দও কাণত পৰিব পৰা নিৰৱতা বিৰাজ কৰিছিল৷ 
চাকৰি-বাকৰি, ঠিকা-ঠুকুলি, পাৰ্মিট-লাইচেন্সৰ পৰা আৰম্ভ কৰি সমূহ সাংবিধানিক অধিকাৰ আৰু চৰকাৰী সকলো ধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ লগতে নিজৰ প্ৰত্যাসিত নাগৰিকত্বৰ প্ৰতি প্ৰশ্নবোধক প্ৰত্যাহ্বান লৈ যিসকলে দিন ৰাতিবোৰ তীব্ৰ মানসিক যন্ত্ৰণাৰ মাজেৰে অতিবাহিত কৰে। তেওঁলোকৰ যন্ত্ৰণাকাতৰ অনুভূতিৰ তিক্ত সোৱাদ লাভ কৰিলো, সেমেকা চকুৰে......। 

দিন হাজিৰা অথা শিল-বালিৰ কুৱেৰিত কাম কৰি কোনোমতে জীৱন-জীৱিকা পাৰ কৰা এই সকল পুৰুষ-মহিলাই নিজে নজনাকৈ হঠাত্ D চিহ্নযুক্ত অভিসপ্ত ভোটাৰ তালিকাৰ লগত পৰিচিত হৈছিল। হাতত 51ৰ NRC, 65, 70 ৰ ভোটাৰ তালিকা লৈয়ো সন্দেহযুক্ত নাগৰিকৰ অভিসাপৰ পৰা মুক্তি লাভ কৰা নাই.......।
সাম্প্ৰতিক অসমৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতি আৰু একাংশ অতি জাতীয়তাবাদীৰ দীৰ্ঘম্যাদী ষড়যন্ত্ৰৰ বলি হোৱাৰ ভয়ত কম্পমান হৈ পৰিছে তেওঁলোক।
সেয়েহে D ভোটাৰ কি ? এই অভিসাপৰ পৰা কেতিয়া আৰু কেনেকৈ মুক্তি পাব ? এই অনুসন্ধিত্সাবোধক প্ৰশ্নবোৰৰ উত্তৰ জানিব বিচাৰিছিল তেওঁলোকে.........।
............

মই যিমানদূৰ পাৰো কথাবোৰ ৰাইজক বুজাইছিলো, এই সমস্যা সমাধান কৰাৰ বাবে বিদেশী ন্যাধীকৰণৰ বিকল্প নাই৷ কথাবোৰ জানিও বহুতে মানুহবোৰক ভুল পথে পৰিচালিত কৰে৷ অৰ্থাত্ বিদেশী ন্যায়াধীকৰণৰ পৰা জাননী নোপোৱালৈকে নিজে একো কৰাৰ প্ৰয়োজন নাই বুলিও এটি ভ্ৰান্ত ধাৰণা মানুহৰ মনত আছে৷ 

যিবোৰ কথাই মোক আঁচৰিত কৰিছিলঃ
১৷ আমাৰ হাতত ৫১ৰ এনআৰচি আছে, ৬৫ আৰু ৭০ৰ ভোটাৰ তালিকাও আছে, কোন পুলিচে ধৰিব, পুলিচে ধৰিব আহিলে আমি কাগজ দেখুৱাম৷-- এই কথাই প্ৰতিজন সচেতন মানুহৰ দৰে মোকো আঁচৰিত কৰিছিল৷ 
২৷ লগ পোৱা কেইবাজনৰ ঘৰলৈ বহুদিন পূৰ্বে এনে জাননি আহিছিল যদিও তেওঁলোকে ন্যাধীকৰণৰ দ্বাৰস্থ হোৱা নাছিল৷
৩৷ অধিকাংশ মানুহে কোনো ধৰণৰ জাননী পোৱা নাই৷
৪৷ সমস্যা জটিল হ’লেও সমাধানৰ পথ আছে৷ কিন্তু দুৰ্ভাগ্যজনক ভাবে আশাৰ ৰেঙনী বিচাৰি পাইয়ো ‘ডি’ ৰ সমাধানৰ বাবে প্ৰয়োজনীয় ভোটাৰ তালিকাৰ ফলিকপি যোগান একপ্ৰকাৰ বন্ধ কৰি ৰখা বৰপেটাৰ ডিচিৰ হঠকাৰী সিদ্ধান্তৰ শেহতীয়া বলি হৈ পৰিছে তেওঁলোক। বৰপেটা জিলাত ১৯৭১ চনৰ আগৰ আৰু ১৯৯৭ চনৰ পাছৰ ভোটাৰ তালিকাৰ ফলি কপি যোগানা ধৰে যদিও তেওঁলোকে ৭১ৰ পৰা ৯৬ চনৰ ভিতৰৰ ভোটাৰ তালিকাৰ ফলি কপি যোগান নধৰে৷ ফলত ডি ভোটাৰৰ গোচৰবোৰ সমাধান হোৱাত বাধা হৈ পৰিছে৷ 
৫৷ অবিভক্ত বৰপেটা জিলাৰ বহু অঞ্চল বাক্সা জিলাৰ অন্তৰ্ভূক্ত হোৱা বাবে এনেবোৰ ফলি কপিৰ বাবে বহু বিসংগতিৰ সৃষ্টি হৈছে৷ বাক্সা জিলাত যিহেতু এতিয়ালৈকে কোৰ্ট-কাচাৰি গঢ়ি উঠা নাই সেই বাবে এই ফলিকপি সমূহ পূৰ্বৰ জিলাৰ পৰাই লাভ কৰিবলৈ বাক্সা জিলা প্ৰশাসনে পৰামৰ্শ প্ৰদান কৰে যদিও বৰপেটাৰ দুৱাৰে দুৱাৰে ঘূৰিও ফল পোৱাৰ ক্ষেত্ৰত হেজাৰ যন্ত্ৰণা৷








AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ