Thursday, June 23, 2016

মোদী চৰকাৰে শেহতীয়াকৈ কৃষকৰ সৰ্বাঙ্গীন উন্নয়নৰ জয়গাণ গোৱা পৰিলক্ষিত হৈছে৷ কৃষিজাত সামগ্ৰীৰ উচিত বজাৰ মূল্য আৰু কৃষকৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে অসম চৰকাৰো দায়বদ্ধ৷ নিৰ্বাচনৰ ইচ্ছ্যুবোৰৰ মাজত স্থানীয় নেতাসকলে কৃষকৰ সমস্যা সম্পূৰ্ণ ৰূপে সমাধান কৰি দিয়াৰ বহু বক্তব্যও আমি নিৰ্বাচনৰ পূৰ্বে শুনিছো৷

north bprd
এনে প্ৰেক্ষাপটত স্বাধীনতাৰ পিছৰ পৰাই বঞ্চিত হৈ থকা নামনি অসমৰ অন্যতম উল্লেখযোগ্য নগৰ, বনিজ নগৰী বৰপেটাৰোডৰ কৃষকসকলৰ উন্নয়ন হ’ব নে, এই বিষয়ত সৰ্বসাধাৰণ ৰাইজৰ মনত হাজাৰটা প্ৰশ্নই ক্ৰিয়া প্ৰতিক্ৰিয়া কৰি আছে৷ বৰপেটাৰোডৰ পাইকাৰী পাচলি বজাৰত বাৰাপেটা, কাহিতামা, খাৰিজা বিজনীৰ পৰা আৰম্ভ কৰি গোৱৰ্ধনা, কাটাঝাৰ, বগুৰাপাৰা, মৈৰাঝাৰ, আনন্দ বজাৰ, বিলাসীপাৰা, আইখাৰী, ভাটৌপুখুৰী, অটাগাওঁ, গান্ধাৰীপাৰা, মেচপাৰাৰ দৰে অঞ্চলৰ পৰা প্ৰায় প্ৰতিদিনে শ শ কৃষকে কৃষিজাত সামগ্ৰী বিক্ৰী কৰিবলৈ অহাৰ সমান্তৰালকৈ সৰভোগ, বৰনগৰ, কলগাছিয়া আদি অঞ্চলৰ পৰাও কৃষকসকলে উত্পাদিত সামগ্ৰী বিক্ৰীৰ বাবে লৈ আহে৷ ইয়াৰ পৰা ট্ৰাকে ট্ৰাকে শাক-পাচলি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিলং, পশ্চিমবংগ আনকি দিল্লীলৈকে শাক-পাচলি চালান হয়৷ কিন্তু এই কৃষকসকলৰ অভাৱ-অভিযোগবোৰ শুনাৰ মানুহ আছে নে?
মূল সমস্যাঃ
১৷ বাট-পথৰ জৰাজীৰ্ণ অৱস্থা৷
২৷ খেতি কৰাৰ বাবে বেংকৰ লোন (ঋণ)ৰ অভাৱ৷
৩৷ বজাৰত উচিত বজাৰ মূল্য নাই৷
৪৷ বজাৰত বৰষুণৰ দিনত কদৰ্যতাৰ বাবে তিষ্টিব নোৱাৰা অৱস্থা৷
৫৷ শিতলী ভৱনৰ কোনো ব্যৱস্থা নাই৷
৬৷ সন্মানজনক বজাৰৰ অভাৱ৷
৭৷ কৃষকসকলক নিম্ন বৰ্গৰ বুলিহে ধাৰণা কৰা হয়৷ (কাৰণ পথাৰৰ পৰা বজাৰলৈ— একেই লেতেৰা পৰিৱেশত জীৱন-যাপন কৰাৰ বাবে বাধ্য)
north bprd 1
বৰপেটাৰোডৰ মাজেৰে পাৰ হৈ যোৱা ৰেল পথৰ দক্ষিণ পাৰলৈ কোনো ব্যক্তি আহিলে তেওঁৰ মনত বৰপেটাৰোড সম্পৰ্কে যি ধাৰণা উপজিব উত্তৰ পাৰলৈ আহিলে তাৰ বিপৰীত ধাৰণা উপজিব৷ হাজাৰ বৰষুণতো দক্ষিণ পাৰত বোকা পাবলৈ নাই, অথচ এজাক সাধাৰণ বৰষুণেই উত্তৰ পাৰৰ পৰিৱেশ গোহালী হেন হৈ পৰে৷ কৃষকসকলে একপ্ৰকাৰ বিপদত পৰিহে উত্পাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰত থিয় হৈ থাকিব লাগে৷ এই লেখাৰ লগত বৰপেটাৰোডৰ উত্তৰ পাৰৰ দুটামান ফটো সংযুক্ত কৰিছো, য’ত স্পষ্টত পাঠকে ধাৰণা এটা লাভ কৰিব পাৰিব৷
পাইকাৰী পাচলি বজাৰৰ পৰা প্ৰতিদিনে বৰপেটাৰোড পৌৰ সভাই যিমান ৰাজহ লাভ কৰে তাৰে মাত্ৰ ১৫ দিনৰ ৰাজহ বজাৰখনৰ বাবে খৰচ কৰিলেই হয়তো এই সমস্যাৰ ৮০ শতাংশ সমাধাণ হ’ব৷ অথচ তাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰাৰ সদিচ্ছা বৰপেটাৰোড পৌৰসভাই প্ৰদৰ্শন কৰা নাই৷ বিগত ২০১২  চনৰ পৰাই বৰপেটাৰোডৰ কৃষকসকলে ওপৰত উল্লেখ কৰা সমস্যা কেইটা সমাধান কৰাৰ বাবে স্বতঃস্ফুৰ্ত আন্দোলন কৰি আহিছে, সেই আন্দোলনৰ গইনালৈ দু-এজন ব্যক্তি ‘নেতা’ও হৈছে৷ সেই নেতাসকলৰ নেতৃত্বতেই হওঁক অথবা কৃষকসকলৰ নিজাববীয়া প্ৰচেষ্টাতেি হওঁক এই বিষয়লৈ বহু আন্দোলন হ’ল- সমস্যা সমাধানৰ বাবে তেতিয়াৰ পৌৰসভা আৰু অসম চৰকাৰৰ মন্ত্ৰীসকলেও বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিলে৷ কিন্তু স্মাৰকপত্ৰবোৰ কাগজৰ মাজত হেৰাই থাকিল৷ বহু সাংবাদিকে বাতৰিও লিখিলে, কিন্তু বাতৰিয়ে জানো সমস্যাৰ সমাধান কৰিব পাৰে?
নামনি অসমৰ ভিতৰত উল্লেখযোগ্য মছজিদ, সত্সঙ্গ মন্দিৰ উত্তৰ বৰপেটাৰোডতেই অৱস্থিত৷ আনকি বিশ্বখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশদ্বাৰ উত্তৰ বৰপেটাৰোডৰ পৰা মাত্ৰ ১৮ কি.মি দূৰত্বত৷ ফলত উত্তৰ বৰপেটাৰোডক লৈ বহুতে গৌৰৱ কৰিব বিচাৰে, কৰ্ম সূত্ৰে মই নিজেও বৰপেটাৰোডৰ উত্তৰ পাৰে বাস কৰা বাবে গৌৰৱ অনুভৱ কৰিব বিচাৰো৷ কিন্তু মোৰ লজ্জ্বাবোধহে বেছি হয়৷ দূৰৰ পৰা অতিথি আহিলে উত্তৰ বৰপেটাৰোডলৈ অানিবলৈ ভয় হয়৷ যেতিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যাম  বুলি কোনোবায় কয়- লাজত নাকটো অধিক কোঁচ খায়৷
এই বতৰত যিসকল খেতিয়কে কৃষিজাত সামগ্ৰী বিক্ৰীৰ বাবে আনে তেওঁলোকৰ মুখত নিৰাশাৰ ছবিহে দেখা যায়৷ যাৰ ফলত পূৰ্বতকৈ খেতিয়কৰ সংখ্যা বহু কমিছে৷ আগলৈ কমি থাকিব, কোনো কৃষকৰ সন্তানেই উপৰোক্ত সমস্যা কেইটাৰ লগত পৰিচয় লাভ কৰাৰ পাছত কৃষি কৰ্ম কৰিবলৈ আগবাঢ়ি নাযায়৷ উদাহৰণ হিচাপে আমাৰ নিজৰ পৰিয়ালটোকেই ল’ব পাৰে৷ আমাৰ ভাই ককাই চাৰি গৰাকী, দেউতা খেতিয়ক৷ আমি এজনেও নাঙলৰ মুঠিত হাত ৰাখিবলৈ প্ৰস্তুত নহয়৷ মোৰ খুড়াৰ ল’ৰা তিনিজনৰ এজনো কৃষক নহয়, মাথো তেওঁ কৃষক৷ আমাৰ গাওঁখনৰ প্ৰতিটো ঘৰতে যদি সমীক্ষা কৰা যায় একে ধৰণৰ তথ্যই পোৱা যাব৷ মাথো আমাৰ গাওঁখনেই নহয়, বৰপেটাৰোডত পাচলি বিক্ৰী কৰিবলৈ অনা এশ শতাংশ কৃষকৰ ঘৰত যদি কোনোবায় সমীক্ষা কৰে নৱ প্ৰজন্মৰ শিক্ষিতসকলৰ পৰা বোধ হয় ৫ শতাংশও কৃষক বিচাৰি নাপাব৷
মাথো কৃষকৰেই নহয়, ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ীকে আদি কৰি সকলো শ্ৰেণীৰ মানুহৰ বাবেই উত্তৰ বৰপেটাৰোডৰ কদৰ্যতা এক বিৰক্তিকৰ পৰিৱেশ হৈ পৰিছে৷ মাথো বৰপেটাৰোড পৌৰসভা আৰু অসম চৰকাৰৰ বাবে বান্দৰ নাচ…….৷

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ