Tuesday, April 11, 2017

এইবাৰ (২০১৭) অসম বিধানসভাৰ অধিৱেশনত মোৰ 'মইও মিয়া' শীৰ্ষক কবিতাটো মাননীয় বিধায়ক শ্বেৰমান আলী আহমেদ চাহাবে পাঠ কৰি অসমৰ মিয়া মুছলমান সকলৰ সামাজি¸ আৰ্থসামাজিক আৰু ঐতিহাসিক দিশত তাৎপৰ্যপূৰ্ণ তথা তত্বগধুৰ আলোচনাৰে মাননীয় অধ্যক্ষৰ দৃষ্টি আকৰ্ষণ কৰা বুলি মোক বিধায়ক চাহাবে জনাইছে। ইতিমধ্যে কবিতাটো ইংৰাজীলৈ অনুবাদ কৰি আলিগড় মুছলিম বিশ্ব বিদ্যালয়ৰ অধ্যাপক ছালিম চাহাবে মোক কৃতাৰ্থ কৰিছে।
তলত কবিতাৰ লিংকটো পুনৰায় প্ৰেৰণ কৰিলো: 

https://plus.google.com/+ShajahanAliAhmedAikhari/posts/ea2JhKJvfPB

মূল লিংক
https://shajahanaliahmed.wordpress.com/2016/04/29/%e0%a6%ae%e0%a6%87%e0%a6%93-%e0%a6%ae%e0%a6%bf%e0%a7%9f%e0%a6%be/comment-page-1/#comment-1

-------------------------------------------------------------------------------------------------------------


মইও মিয়া

হাড় ভঙা ৰ’দৰ কোলাত
‘নাঙ্গুইলা-জায়ৈ’ দিয়া মোৰ
ঘৰ্মাক্ত ভাগৰুৱা কান্ধৰ
লুণীয়া কাইটৰ খোচেৰে ভৰা
পুৰুষত্বৰ গৌৰৱময় ইতিহাস৷
‘গ্ৰ’মোৰ ফুড’ আৰু বাঘৰ আতঙ্কৰে
বিভিষিকাময় কলেৰা-ডায়েৰিয়া,
কাইটীয়া জঙ্গললৈ ক্ৰান্তিৰ সূবাস ছটিয়াই
সংগ্ৰাম কৰা বীৰপুৰুষৰ ইতিহাস৷
ত্যাগৰ ৫১ৰ উপহাৰ
৮৩ আৰু ৯০-৯৪, ২০০৮, ১২, ১৪
ইতিহাসৰ ৰক্তাক্ত সোৱৰণেৰে কম্পমান মই
প্ৰাগজ্যোতিষপুৰৰ  দ্ৰাবিড়ৰ
নিৰ্জাতন, লাঞ্ছনা, বঞ্চনাৰ দস্তাবেজ বুকুত লৈ
ৰাজপথত কাণত ধৰি আঠুলোৱা
নিলাজ ৰং মোৰ
লজ্জা ঢকাৰ মুখালৈ
নিলাজৰ দৰে ভকতৰ শাৰীত
অস্বিত্বৰ ছবি আঁকিও
ভকতৰ গোহালিত আশ্ৰয় মোৰ,
কাৰণ
ৰঙিণ বটলত একে মদিৰা
আৰু জন্ম সূত্ৰে মইও এজন মিয়া৷৷
-------------------------------------------

আমি মিঞা 

হাড্ডি ভাংগা ৰৈদেৰ কোলে 
‘নাঙ্গুইলা-জায়ৈ’ দিয়া 
ঘৰ্মাক্ত অস্তিৰ কান্ধ
পায়ে লজ্জাৱতী কাটাৰ খোচা হাজাৰ
পৰিশ্ৰমী গৌৰৱময় ইতিহাস আমাৰ। 

‘গ্ৰ’মোৰ ফুড’ আৰ বাঘেৰ আতঙ্কেৰে
বিভিষিকাময় কলেৰা-ডায়েৰিয়া,
মুনে আছে
কাটাৰ জঙ্গলে ক্ৰান্তিৰ বাতাস তোলা
সংগ্ৰাম কৰা বীৰপুৰুষেৰ ইতিহাস৷

আমাগো ত্যাগেৰ ৫১ৰ উপহাৰ
১৯৮৩, ৯০-৯৪, ২০০৮, ১২, ১৪
এনআৰচিৰ জালাতন
ডি-ডিটেনশ্বন
বেঁকী ব্ৰহ্মপুত্ৰৰ যাতনা
হাজাৰ মায়েৰ বুক ফাটা কান্দোন। 

ইতিহাসেৰ ৰক্তাক্ত স্মৃতিত কম্পমান আমি
প্ৰাগজ্যোতিষপুৰেৰ  দ্ৰাবিড়েৰ
নিৰ্জাতন, বঞ্চনাৰ দস্তাবেজ বুকে নিয়া
ৰাজপথে কাণে ধইৰা আঠুকাঢ়া
নিৰ্লজ্জ ৰং আমাৰ

লজ্জা ঢাকাৰ মুখা পিন্ধা
ভক্তৰ কাতাৰে 
অস্বিত্বৰ ছবি আঁকাইয়াও
ভক্তৰ গোহাইলে আশ্ৰয় আমাৰ,
কাৰণ
ৰঙীণ বটলে একি মদিৰা
আৰ জন্ম সূত্ৰে আমি একজন মিঞা ৷৷

Related Posts:

  • আৰাকাণ ছদ্মবেশী পনিৰ-ছয়াবীন আৰু অহিংসা(?)ৰ পূজাৰী কণিতো থাকে প্ৰাণ (!) মাছ, মঙহ একো নাখায় সিহঁতে— চুলি খুড়াই ৰূপ লৈ ভীক্ষুৰ  সেৱা কৰিছে আত্মাৰ কিন্তু পাণ কৰিছে যুৱতী-উলঙ্গ নাৰীৰ ৰক্ত শিশুৰ কলিজা ৰোহিঙ্গাৰ দেহ৷ … Read More
  • তুমি নাই বাবেই তুমি থাকিলে পাৰ নকৰিলে হেঁতেন বুভুক্ষ জনতাই  নিৰ্জন নিশা। এতিয়া শব্দবোৰ বজ্ৰ হ’ল অনাদৰে অৱহেলায় গানগোৱা  মাটিৰ কলিজাবোৰ এতিয়া নষ্ট নাৱিকৰ কোলাহলত জ্বলি জ্বলি ছাই কৰি খাই গৈছে অজস্ৰ উজাগৰি কা… Read More
  • "এন্ধাৰে মাতিছে বুকুৰ মাজলৈ"  মই মোৰ মাজত জীয়াই থাকিম আজি মুক্ত¸ স্বাধীন উশাহ লৈতেজত মিহলিব হীমগ্লবিনশ্বেতৰক্ত কণিকাবোৰে আওৰাবআনন্দৰ শ্ল’গান। বিষণ সুখী সুখী হ’ব মোৰ কলিজা।শাওনৰ কৃত্ৰিম সাগৰত সাঁতুৰি-নাদুৰিমূক হৈ পৰা নিশাবোৰে আজি বিচাৰি পাব শব্… Read More
  • তোমাক হত্যা কৰিম¸ প্ৰস্তুত থাকিব (১) তোমাক মই হত্যা কৰিম¸তোমাৰ তেজৰ চেঁকুৰাত সাঁতুৰিমবন্য উল্লাসত নাচিম-হাঁহিমমই গণতন্ত্ৰৰ পাঠ পঢ়িব নিবিচাৰোতোমাৰ পৰামোক শিকাব নালাগে তুমিবিশ্বাসৰ সংঞ্জা তুমি প্ৰস্তুত হৈ থাকিবাতোমাক হত্যা কৰিপ্ৰদান কৰিম ৫ লাখ টকাভিক্ষ… Read More
  • শুই থকা চহৰখন নিৰৱে শুই থাকে নিৰাপত্তাহীন চহৰে যেতিয়া এন্ধাৰে গ্ৰাস কৰে গলিবোৰ আৰু কৰুণ কণ্ঠে কুকুৰে বিনায় দূৰ-দূৰণীত অথবা খোজে খোজে যাযাবৰ পথিকৰ। তেতিয়াও; চহৰখনে শুই থাকে ক্ৰমশঃ ঘনীভূত আশংকাত ডুবি ডুবি। কল্পনাৰ সাগৰত মৃত্যুদণ্ড হয় হা… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা