তোমাৰ মলিয়ন ওঁঠ
শোকান ছাল
ফাগুণ ফাগুণ চুলি
আৰু দুৰ্গন্ধময় শৰীৰৰ পঁচা গোন্ধ¸
তুমি মোৰ ফালে আগবাঢ়ি নাহিবা।
তোমাৰ লেতেৰা পোচাক
মটীয়া বৰণৰ হাত-ভৰি
কলা বৰণৰ নখ
ৰঙা ৰঙা চকু
তুমি নাহিবা কাষলৈ
তোমাৰ বাবে সংৰক্ষণ হবই নোৱাৰে
সংৰক্ষিত আসন
তুমি মাটিৰ প্ৰেমিক
তুমি মাটিতেই বহিবা
মাটিতে শুবা
তুমি শ্ৰম কৰিলেহে মই খাও
তুমি বান্ধি দিয়া ঘৰত আৰাম কৰো
তোমাৰ ৰিক্সাৰ চকা ঘূৰিলে মই ঘূৰো মহানগৰ
তুমি চাফা কৰিলে মোৰ দাঢ়ি-গোফ
মোৰ শ্লগান হয় স্বচ্চ স্বচ্চ
তোমাৰ কাণত ধৰা ছবিয়ে মোক আনন্দ দিয়ে
তোমাৰ প্ৰাণ খোলা হাঁহিয়ে
মোৰ টোপনি কাঢ়ি নিয়ে
তুমি অধিকাৰৰ কথা নকবা
নাহিবা ৰাজপথলৈ
নপঢ়িবা শ্ৰেণী বিপ্লৱৰ ইতিহাস
চিৰ দিনেই তোমাক শোষণ কৰা হব
মই ৰজা হবলৈ তোমাকেই লাগিব
মোৰ গৱেষণা
মোৰ আন্দোলন
তুমিয়েই হব লাগিব মোৰ বিষয়
তোমাৰ মূৰত ভৰি থৈ মই বগাব লাগিব জখলা
প্ৰয়োজনত তোমাক হত্যা কৰি
সাব্যস্ত কৰিম মোৰ অধিকাৰ
স্বাক্ষৰিত হব চুক্তি
তোমাৰ মাটি মোৰ
তোমাৰ ভেটি মোৰ
তোমাৰ জাতি কাৰ
কাৰ...... ???
শিয়াল¸ কুকুৰ নে বিশ্বাসঘাতকৰ ?
0 comments:
Post a Comment