Tuesday, April 11, 2017

Image result for away
তোমাৰ হাতত মই
আৰু মোৰ হাতত তুমি ধৰি
শিকিছিলো সংগ্ৰামৰ কুঁহিপাঠ।
মোৰ প্ৰতিটো খোজত
খোজ মিলাই
ছাঁ হৈ আছিলা,
সুখ, দুখ, যন্ত্ৰণা, বেদনাৰ পৃথিৱীত।
দুয়োয়ে আঁকিছিলো একেলগে এখন ছবি,
আলোকৰ যাত্ৰালৈ......।
মই আগে আগে
কিন্তু তুমি কোৱা পথেৰে....

যদিও জানিছিলো কাইটিয়া পথ
তিক্ততাৰ কথা।
একেলগে বহু দূৰলৈ
যোৱাৰ কথা আছিল,
পোহৰ বিলাসী 
স্বপ্নাতুৰ
মুক্তি প্ৰয়াসী 
হৃদয়ৰ আহ্বানত।

তুমি আৰু মই......
একেলগে......
আছিলো,
থকাৰ কথাও আছিল।

কিন্তু আগলৈ তুমি মোৰ লগত যাবলৈ অস্বীকাৰ কৰিলা,
এতিয়া
তোমাৰ সুখময় উভতনি যাত্ৰা....
আৰু মোৰ অকলশৰীয়া মৰুময় পথৰ সহযাত্ৰী পথৰ কাইট।


কাৰণ মই আজি অকলশৰীয়া,
যদিও কথা আছিল 
কোনো কালে যাত্ৰ নকৰো অকলশৰে....
---------------
---------------
ʼʼগাইৰিল মাগদুৱে আলাইহিম
ওৱা লা দুৱাল্লামিন।ʼʼ

Related Posts:

  • ৰিক্সাৰ চকা ঘূৰে ৰিক্সাৰ চকা ঘুৰিছে তাইৰ ওঁৰণিৰ তলৰ বুকু কঁপিছে থৰ থৰ তাই টান কৈ বহিছে ছিটত। কেঁচা বিলাহী আৰু এপুৱা চাউল পিতৃহীন এমা-ডিমা দুটিৰ এসাজৰ বাবে। তাইৰ বয়স উনৈছ এমাৰ পাঁচ ডিমাৰ দুই তাই এতিয়া বুজি নাপায় কুলি-কাউৰীৰ পাৰ্থক্য। … Read More
  • তুমি কেৰছিন, মই শলিতা   বলিয়া প্ৰেমৰ উন্মাদনা, কলিয়া কবিতা,মাথো তোমাৰ বাবে.....‘তুমি কেৰছিন, মই শলিতাʼ বহুবাৰ নিষ্ঠুৰ ধুমুহাৰপ্ৰৱল আঁচোৰে  চুই যায়মোৰ কলিজাআৰু কামি হাড়, হাতীপটি চুৱলৈহেপাহ মোৰদু… Read More
  • ফুটপাথৰ সৰাপাত ভৰিৰ চেপাত আৰ্তনাদ কৰে সৰাপাত ষ্ট্ৰীট লাইটৰ পোহৰত শুই থাকে ফুটপাথ৷ মই আৰু মোৰ ছাঁ এন্ধাৰৰ জাল ফালি গচকি যাওঁ দানৱৰ দৰে এবাৰ-দুবাৰ বহুবাৰ...৷ ৰাজপথত কণী দিছে ৰৌ-বৰালি আৰু সহস্ৰ দৰিকণাই ট্ৰাক অথবা যাত্ৰীবাহী বাহনৰ চেপাত আ… Read More
  • জ্বলি জ্বলি ছাই হোৱা মোৰ বুকুখনি মমডাল জ্বলি শেষ হওঁ হওঁ..... কোঠাখন এন্ধাৰে গ্ৰাস কৰিব...পৃৃথিৱীখন পোহৰাব বিচাৰিছিলো.... মই জানিছিলোপৃথিৱীৰ পোহৰে এদিন  এন্ধাৰহে উপহাৰ দিব মোক.....তথাপিও মই বিশ্বাস কৰো হাজাৰ জনে কৰাৰ দৰেʼএন্ধাৰ যিমানেই গভীৰ হʼব প… Read More
  • ʼʼতুমি নাথাকিলে বেদনাৰ ঘৰ সাজিম বুকুতʼʼ তুমি যেতিয়া আছিলা হৃদয়ৰ গহ্বৰত লুকাইনীলা নীলা তোমাৰ চকুতফৰকাল আকাশৰ ছবি আঁকিছিলোকঁহুৱা কোমল শুভ্ৰ জোনাকৰ কোলাত,হাবটি থৈছিলো এবুকু আশানীলাখামৰ উজাগৰি সপোনত,আকাশ খন চঞ্চল হৈ পৰিছিলআৰু সৰি পৰিছিল শাৰদীয় জোনাকহৃদয়ৰ ৰঙাদলিচা ব… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা