Monday, July 10, 2017


তুমি যদি আহিলা হেঁতেন পুনৰ
কলেজৰ কমন ৰূম
অথবা
পুথিভড়ালৰ চিৰি বগাই বগাই¸
লাজতে লিৰিলি যোৱা
কৃষ্ণচূড়াৰ সুবাসে
মতলিয়া কৰিলে হেঁতেন
মোৰ বুকুৰ অৰণ্য।

তোমাৰ হেঁপাহৰ সাগৰ নীলা চকুৰ মদিৰাত
সাঁতুৰি-নাদুৰি উপচাই দিলো হেঁতেন
শুকাণ কলিজা।

সময়বোৰ থমকি ৰোৱা হ’লে…
সাবিটি থাকিলো হেঁতেন
তোমাৰ ওঁঠৰ পৰস,
হেৰুৱাই পেলালো হেঁতেন বহু যুগৰ ভূগোল বুৰঞ্জি।
থৰ মৰুভূমিৰ মৰিচিকা আঁতৰাই
বোৱালো হেঁতেন
ব্ৰহ্মপুত্ৰ¸ গঙ্গা¸ মিছিছিপি
তোমাৰ স্বপ্নময় হাঁহিৰ পৰস বিচাৰি।

তোমাৰ ব্যাকুল নয়ন
আৰু মোৰ আকুল হৃদয়ৰ সঙ্গমত
নাচি-বাগি হেৰালো হেঁতেন
দুখৰ নিৰ্জন দুপৰ নিশা।

দিনবোৰ সলনি হ’ল
নিশাবোৰ মৰিশালি হ’ল
তুমি নিষ্ঠুৰৰ পৰা নিষ্ঠুৰতম হ’লা।

সেইবাবে
এতিয়া প্ৰতি নিয়ত মই
কবৰ খান্দি খান্দি
পাতিছো হৃদয়ৰ শ্ৰাদ্ধ।

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ