Saturday, April 29, 2017

গৰুৰ মাংস খোৱা-নোখোৱা লৈ বিতৰ্ক কৰাসকলৰ বাবে কিছু কথা—


 চৰকাৰে গৰুৰ মাংস খাবলৈ বন্ধ কৰিব নেকি ?

        গৰুৰ মাংস বন্ধ কৰা মানে মুছলমানৰ বিৰোধিতা কৰা যেন অনুমান কৰা লোকসকলে উদ্বিগ্নতাৰে এই প্ৰশ্ন কৰা দেখা যায়৷ এতিয়ালৈকে এনে বহুলোক লগ পালো যিসকলে বিজেপি চৰকাৰক একমাত্ৰ গৰুৰ মাংস খোৱা বন্ধ কৰাৰ সপক্ষে থকা বাবে বিৰোধিতা কৰে৷ আৰু এনে বহুলোক লগ পাইছো যিসকলে গো-মাতাৰ ৰক্ষক বুলি বিজেপি দলক ভাল পায়৷ তেওঁলোকে সাম্প্ৰতিক ঘটনাৱলী আৰু দেশৰ ভৱিষ্যতৰ কথাও ভালদৰে অধ্যয়ন নকৰে৷ দেশখন যে ক্ৰমশঃ পুঁজিপতিৰ হাতলৈ গতি কৰিছে, চৰকাৰে কৰিব পৰা কাম কোম্পানিবোৰক ঋণ দি হ’লেও কৰুৱাই দেশৰ ভৱিষ্যত ব্যক্তিগত খণ্ডৰ হাতলৈ বা কোম্পানীবোৰৰ হাতলৈ গতাই দিয়াৰ কৌশল কৰি থকা হৈছে সেই কথাও তেওঁলোকে বুজিবলৈ যত্ন নকৰে৷ ইংৰাজসকলৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিদৰে ভাৰতত ব্যৱসায় কৰিবলৈ আহি সমগ্ৰ দেশখনক শাসন কৰিছিল ঠিক একেদৰে দেশৰ অৰ্থনীতি ব্যক্তিগত খণ্ড, কোম্পানী অথবা পুঁজিপতিৰ হাতলৈ গতাই দিয়াৰ পিছত দেশৰ নাগৰিক দেশী-বিদেশী পুঁজিপতিৰ ওচৰত পৰাধীন হৈ পৰিব৷ দেশৰ ভৱিষ্যত অন্ধকাৰাচচ্ছন্ন হ’ব, পুনৰ স্বাধীনতা বিচাৰি জনতা ৰাজপথলৈ ওলাই আহিব লাগিব৷ এই কথাবোৰ সাধাৰণতে চৰ্চাৰ বিষয় হোৱা দেখা নাযায়৷ এতিয়া বহু হিন্দুৱে মুছলমানক ঘৃণা কৰে আৰু বহু মুছলমানে হিন্দুক ঘৃণা কৰে৷ ফলত দেশৰ অৰ্থনীতি পুঁজিপতিৰ হাতলৈ গতাই দিয়াত সহজ আৰু সুবিধাজনক হৈ পৰিছে৷ এই ক্ষেত্ৰত ‘মেক ইন ইণ্ডিয়া’কো আওতালৈ আনিব পৰা যায়৷ 
        দেশৰ জনতাই দেশৰ প্ৰগতিৰ বাবে চিন্তা কৰাৰ সময়ত চিন্তা শক্তিক ‘হাইজেক’ কৰি ধৰ্মীয় অসহিষ্ণুতাৰ চিন্তাৰ ঠেক গণ্ডিৰ মাজত আবদ্ধ কৰি ৰখা হৈ আছে৷ যিবোৰ চিন্তাই দেশ বা জাতিক পিছলৈহে টানি থাকিব৷ 
          বাকী নালাগে অসমৰ ঐতিহাসিক কাগজ কল সমূহ পুনৰ মুকলি কৰাৰ কথা স্বয়ং অসম চুক্তিত উল্লেখ কৰাৰ পিছতো সেই কাগজ কল সমূহ মুকলি কৰি থকা হোৱা নাই৷ এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি যে বঙাইগাওঁ জিলাৰ সীমামূৰীয়া যোগীঘোপাৰ অশোক কাগজ কল পুনৰোজ্জিবিত কৰাৰ বাবে বহু দল-সংগঠনে দাবী উত্থাপন কৰাৰ পিছতো সেই কাগজকল বিভিন্ন অজুহাতত মুকিল কৰা নহ’ল, বৰঞ্চ তাৰ পৰা অলপ দূৰত্বত গোৱালপাৰা জিলাৰ মাটিয়াত পুঁজিপতি বনিয়া পৃথানিক কাগজকল নিৰ্মানৰ যাৱতীয় সুবিধা কৰি দিয়া হৈছে৷— এনে বহু উদাহৰণ দিব পৰা যাব যদিও এইখিনিতে মূল কথালৈ আহিব খুজিছো৷ 

গৰুৰ মাংস খালেই মানুহ মুছলমান হ’ব নেকি ? বা গৰুৰ মাংস নাখালে মুছলমান হ’ব নোৱাৰি নেকি ?

           আল্লাহ তা’লাই মানৱ জাতিৰ বাবে ‘গাইডবুক’ হিচাপে পৱিত্ৰ কোৰআন অৱতীৰ্ণ কৰিছে৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে পৱিত্ৰ কোৰআন মাথো মুছলমানসকলৰ বাবেই নহয়, ই সমগ্ৰ মানৱ জাতিৰ বাবেই এটা দিকনিৰ্দেশক গ্ৰন্থ৷ এই কথা পৱিত্ৰ কোৰআনতেই উল্লেখ কৰা হৈছে৷
          পৱিত্ৰ কোৰআনৰ ছুৰা আল-মায়িদাহ(৫ নং ছুৰা)ত কোনবোৰ জন্তু খাব পৰা যায় সেই সম্পৰ্কে বৰ্ণনা কৰা হৈছে৷ কোৱা হৈছে— ‘‘তোমালোকৰ বাবে মৃত জীৱ, তেজ, আল্লাহ অবিহনে বেলেগৰ নামত উচৰ্গিত জন্তু, গল চেপি হত্যা কৰা জন্তু, আঘাত প্ৰাপ্তহৈ মৃত্যু হোৱা জন্তু........... পুঁজাৰ বেদিত দিয়া জন্তু খোৱা হাৰাম কৰা হৈছে৷’’ একেটা ছুৰাতেই উল্লেখ কৰা মতে যিবোৰ চাৰি ঠেঙীয়া জন্তু খাবলৈ আল্লাহ তা’লাই অনুমতি প্ৰদান কৰিছে সেইবোৰ জবেহৰ দ্বাৰা পৱিত্ৰ কৰি খাব লাগে৷ 
       পৱিত্ৰ কোৰআনৰ ছুৰা আল-নাহল (১৬ নং ছুৰা, আয়াত নং ৫) ত উল্লেখ কৰিছে "And the cattle, He has created them for you; in them there is warmth (Warm clothing), and numerous benefits, and of them you eat." (চতুষ্পদ জন্তু তোমালোকৰ বাবে সৃষ্টি কৰা হৈছে, তোমালোকে তাৰ পৰা গৰম লাভ কৰিবা (শীত নিয়ন্ত্ৰণৰ উপকৰণ লাভ কৰিব পাৰিবা), আৰু বহু উপকাৰ লাভ কৰিবা আৰু সেইবোৰ তোমালোকে আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰিবা৷)
          উপৰত উল্লেখ কৰা বাক্য দুটাৰ পৰা বুজা যায় যে ইয়াত গৰু বুলি উল্লেখ কৰা হোৱা নাই৷ নাইবা ইয়াৰ বাহিৰে ক’তো এনেদৰে কোৱা হোৱা নাই যে তুমি গৰুৰ মাংস নাখালে মুছলমান হ’ব নোৱাৰিবা৷ গৰুৰ মাংস দূৰৰ কথা আনকি নিৰামিষ আহাৰ গ্ৰহণ কৰা লোকো মুছলমান হ’ব পাৰে৷ অৰ্থাৎ মুছলমান হ’বলৈ যি পাঁচটা মূল চৰ্ত আৰোপ কৰা হৈছে তাত খাদ্যৰ বাধ্য-বাধকতাৰ প্ৰশ্নই উত্থাপন হোৱা নাই৷ ইছলামৰ মূল খুটি/ভেটি হ’ল পাঁচটা— কলিমা, নামাজ, ৰোজা, হজ আৰু জাকাত৷ এই পাঁচটা মূল কৰণীয় তাৰ পিছত আৰু বহু নিৰ্দেশনা আছে যিবোৰ বৰ্ণনা কৰা সম্ভৱ নহয়৷ এই পাঁচটা মূল কৰণীয়ৰ ভিতৰত হজ আৰু জাকাত সকলোৰে বাবে নহয়, এই সম্পৰ্কেও দীঘলীয়া বিধান আছে৷
          আমাৰ সমাজত গৰু খোৱা-নোখোৱাক লৈ যিসকল লোকে বিতৰ্কৰ অৱতাৰণা কৰে তেওঁলোকে এই কথাবোৰ প্ৰথমে জানি লোৱা উচিত৷ এতিয়া বহু ক্ষেত্ৰত দেখা যায় যে গৰুৰ কটা মূৰ লৈ, গৰুৰ মাংস খোৱাক লৈ বিতৰ্কৰ সৃষ্টি হয়৷ এইবোৰ বিতৰ্ক তেনেই ভিত্তিহীন৷
          ভাৰতত গৰু খোৱা বন্ধ হ’লেই মুছলমানৰ সাংঘাতিক ক্ষতি হ’ব বুলি ভবা লোকসকলে  পবিত্ৰ কোৰআন ভালকৈ অধ্যয়ন কৰা উচিত৷ 
            ইছলামৰ মূল ভেটি পালন কৰিবলৈ টান পোৱা বহু লোকে নিজকে যেনেদৰে মুছলমান বুলি পৰিচয় দিয়ে একেদৰে এইবোৰ বিষয় লৈ বিতৰ্কৰ সূচনা কৰে৷ যিবোৰ কাম একান্তই কৰণীয় সেই বিষয়বোৰকলৈ চৰ্চা হওঁক, বিতৰ্ক হওঁক তাতে সকলোৰে প্ৰগতি হ’ব৷ যিবোৰ অলাগতিয়াল কথা সেইবোৰকলৈ বিতৰ্ক হোৱাটো ঠিক নহয়৷ 
          মাংস খাবলৈ বাধা প্ৰদান কৰা লোকসকলে এটা কথা মনত ৰাখিলে ভাল হ’ব যে মানুহৰ শৰীৰত প্ৰায় ২৩ প্ৰকাৰৰ এম’ন এচিডৰ প্ৰয়োজন হয়৷ তাৰে ৮ প্ৰকাৰৰ এম’ন এচিড শৰীৰত প্ৰস্তুত নহয়৷ এই ৮ প্ৰকাৰৰ এম’ন এচিড মাংসত পোৱা যায়৷ সেইবাবে মাংসক সম্পূৰ্ণ প্ৰটিন বুলিও কোৱা হয়৷ (মাত্ৰ গৰুৰ মাংস নহয়, সকলো মাংস, কিছুমানত বেছি আছে, কিছুমানত কম)

Wednesday, April 26, 2017

বিগত কিছু দিনৰ পৰা এই বিষয়টো লৈ বিভিন্ন মহলত চৰ্চা অব্যাহত আছে৷ এগৰাকী বিধায়কৰ ঘৰত বাল্য বিবাহ সংঘটিত হোৱা ঘটনাই আমাৰ দৰে সাধাৰণ মানুহক সচকিত কৰি তুলিছে৷

Image result for child marriage

একাংশ বাতৰি কাকত আৰু ৱেব মেডিয়াত উক্ত বাল্য বিবাহৰ ঘটনাৰ লগত কাজী মহিবুল হক জৰিত থকা বুলি বাতৰি প্ৰকাশ হৈছিল৷ চৰকাৰী চাকৰিয়াল মহিবুল হকৰ বিৰুদ্ধেও বহুতে মন্তব্য আগবঢ়াইছিল৷ মইও এই সন্ধৰ্ভত প্ৰকাশ কৰা মন্তব্যত তেওঁক বাতৰি প্ৰসঙ্গত ধিক্কাৰ জনাইছিলো৷

কিন্তু যোৱা ২৪ এপ্ৰিল তাৰিখে কাজী মহিবুল হকে লিখিত ভাবে এনেদৰে উল্লেখ কৰে—‘‘যোৱা 6/04/2017 ইং তাৰিখত 41 নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়কৰ ভতিজাৰ বিবাহ ৰেজিষ্টাৰ কৰিবলৈ মোক মাতি নিয়ে৷ তেখেতৰ ঘৰত গৈ ছোৱালীজনীৰ ছাৰ্টিফিকেট দেখিলো, তাইৰ বয়স 18 বছৰ হোৱা নাই৷ গতিকে মই উক্ত বিবাহৰ কামত ৰেজিষ্টাৰ বা সামাজিক বিবাহ সম্পূৰ্ণ কৰা নাই৷ এই বিবাহ সূত্ৰে মোৰ নামত বাতৰি কাকত আৰু সংবাদ মাধ্যমত যি অভিযোগ প্ৰচাৰ কৰা হৈছে সকলো ভিত্তিহান৷’’

গতিকে যিবোৰ সংবাদ মাধ্যমে উক্ত বাল্য বিবাহৰ ঘটনাৰ লগত মহিবুল নামৰ কাজীগৰাকী জৰিত থকা বুলি বাতৰি প্ৰকাশ কৰিছিল তেওঁলোকে এই সন্ধৰ্ভত অধিক তথ্য সংগ্ৰহ কৰিব লাগিব বুলি মই ভাবো৷

উক্ত বাল্য বিবাহৰ সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হওঁক তাৰে আশা কৰিলো৷

Tuesday, April 18, 2017

বাল্য বিবাহ বন্ধ কৰিবলৈ গৈ মোৰ এজন বন্ধুৱে একাংশ ভণ্ড জনতাৰ হাতত মাৰ খাব লগীয়া হৈছিল৷ তথাপিও আমি বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত পিছুৱাই অহা নাই৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত তিনিমাহে প্ৰায় ডেৰ শতাধিক বাল্য বিবাহ বন্ধ কৰা হৈছে৷ এই প্ৰক্ৰিয়া অব্যাহত থাকিব৷ কিন্তু প্ৰতিক্ৰিয়াশীল এটা মহলে এই প্ৰক্ৰিয়া ক্ষান্ত কৰিব বিচাৰে৷ সততে ফেচবুকৰ জৰিয়তে জাতি উদ্ধাৰ কৰাৰ ব্যৰ্থ সপোন দেখা বুদ্ধিজীৱীসকলে জাতিৰ মঙ্গল হোৱা দেখা পালেই নিশাৰ টোপনি বাদ দি হ’লেও সমালোচনাত লাগি পৰে আৰু কাম কৰা লোকসকলক নিৰুৎসাহিত কৰে৷
Image result for stop child marriage
শেহতীয়াকৈ ফেচবুক বুদ্ধিজীৱীসকলৰ হাতত পৰা এটা গৰম খবৰ হ’ল দৰং জিলাত বাল্য বিবাহ বন্ধ কৰাৰ পাছত পুনৰ গোপনে ধনৰ বিনিময়ত বিবাহ সম্পন্ন কৰাৰ এটা বাতৰি৷ — ফেচবুকত এই খবৰটো পোৱাৰ পিছত নিশ্চিত ভাবে বহু কথা মনলৈ আহিছে৷ বাল্য বিবাহ বন্ধ কৰাৰ বাবে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰিছে— "The prohibition of Child marriage act, 2006, No. 6 of 2007". কিন্তু ইয়াৰ কাৰ্যকৰী ৰূপ প্ৰকৃততে দেখা নাযায়৷ বাল্য বিবাহ যিহেতু সংখ্যালঘু সমাজত অধিক আৰু বাল্য বিবাহৰ বাবেই সংখ্যালঘুসকলৰ জনবিস্ফোৰণ ঘটিব ধৰিছে, প্ৰজন্মৰ সংখ্যা বাঢ়িছে আৰু ফলত সংখ্যালঘু সকলে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে৷ সেয়েহে এই বিষয়টো মাথো চৰকাৰৰ বাবে এৰি দিয়াটো যুক্তি সংগত নহয়৷ ইয়াৰ বাবে সমস্যাটোৱে যিসকল লোকক অধিক পৰিমানে জুৰুলা কৰি আহিছে সেইসকলে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগিব আৰু সমস্যাটো সমাধানৰ বাবে এখোজ বেছিকৈ আগবাঢ়িব লাগিব৷
বাল্য বিবাহ এটা জাতীয় সমস্যা৷ ইয়াক কঠোৰ হাতেৰে দমন কৰিব লাগে৷ অসমৰ্থিত সূত্ৰত প্ৰকাশ পোৱা ধৰণে সঁচাকৈয়ে যদি দৰং জিলাত ‘‘প্ৰথমে বাল্য বিবাহৰ খবৰ পাই বিবাহ বন্ধ কৰাৰ নাটক ৰচনা কৰে বা বিবাহ বন্ধ কৰে ৷ তাৰ পিছত দালাল ফিটিং কৰি দৰা আৰু কইনা পক্ষৰ পৰা মোটা অংকৰ ধন সংগ্ৰহ কৰি গোপনে আকৌ বিবাহ কাৰ্য্য সম্পন্ন কৰে’’ তেন্তে কথাটো দুৰ্ভাগ্যজনক আৰু জাতিৰ কাৰণে ক্ষতিকাৰক হ’ব৷ তেনেদৰে বাল্য বিবাহ বন্ধ কৰাৰ নাটক কৰি পুনৰ বিবাহ সম্পন্ন কৰোৱা সকলকো আইনৰ হাতত গতাই দিব লাগে৷ বাল্য বিবাহ প্ৰতিৰোধ নহ’লে আমাৰ সমাজ আৰু বহু দূৰ পিছুৱাই যাব৷
অৱশ্যে মই যিমানদূৰ গম পাইছো, বাল্য বিবাহৰ সমৰ্থনত থকা মানুহৰ সংখ্যা আমাৰ সমাজত যথেষ্ট পৰিমাণে আছে৷ তেওঁলোকে বিতৰ্কৰ সূচনা কৰি এটা ভাল কাম বিপথে পৰিচালিত কৰে৷ জাতীয় সংগঠনৰ লগত জৰিত থকাৰ অৰ্থ এইটো নহয় যে তেওঁলোকেই জাতিৰ চিন্তা কৰিব আৰু বাকী মানুহে গৰু-ছাগলীৰ দৰে খাব-শুব-পায়খানা কৰিব৷ সমাজৰ আৰু জাতিৰ প্ৰতিজন মানুহৰেই দায়িত্ব সমান, যিসকলে জাতিৰ বাবে অধিক সময় দিব পাৰে তেওঁলোকে জাতীয় সংগঠনত আছে, যিসকলে সময় দিব নোৱাৰে তেওঁলোকে মানসিক ভাবে জাতিৰ মঙ্গল কামনা কৰা উচিত৷
‘‘যিসকলে মাটিৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলে তেওঁলোকেহে জাতিৰ প্ৰকৃত হিতাকাঙ্খী, চিৰকালে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি জাতীয় সমস্যা সমাধান কৰিব নোৱাৰি৷ ’’

Friday, April 14, 2017

      ১২ এপ্ৰিল, ২০১৭ তাৰিখে নিচুকাৰ কেটেল ফাৰ্মলৈ গৈছিলো৷ উভতি অহাৰ পথত আমাৰ লগত এম্বুলেন্স এটাৰ লগত মুখামুখি হৈছিল৷ আমি বাটৰ কাষত থিয় হৈ এম্বুলেন্স যোৱাৰ সুবিধা কৰি দিছিলো৷ মোৰ লগত আছিল বন্ধু আলিমুল ইছলাম৷ তেনে সময়তে মনলৈ কিছু কথা অহা যোৱা কৰিছিল৷ আজি তাৰেই এটা আভাস দিবলৈ যত্ন কৰিছো৷
      আমি মাজে সময়ে নিৰিবিলি পৰিৱেশ বিচাৰি কিছু ব্যাতিক্ৰমী কাৰ্যসূচীলৈ বিভিন্ন স্থানলৈ ফুৰিবলৈ যাওঁ৷ নতুন অভিজ্ঞতা লাভ কৰাৰ বাবে৷ আমি বিশ্বস কৰো— সমাজখন এখন মুক্ত কিতাপ, সমাজ খন এখন ডাঙৰ কিতাপ৷


       সমাজৰ পৰা সামাজিক অভিজ্ঞতা লাভ কৰিব নোৱাৰিলে মাথো লিখিত কিতাপৰ পৰা অভিজ্ঞতা লাভ কৰি জীৱন নিৰ্বাহ কৰিব নোৱাৰি৷
     মিঞা প্ৰধান গাওঁবোৰলৈ সোমাই গ’লে মন-মানসিকতা বহুদূৰ পিছুৱাই যায়৷ এতিয়াও আমাৰ সমাজখন বহু পিছপৰি আছে৷ গাওঁৰ আলি-পদূলিবোৰ তেনেই পুতৌ লগা৷ এবাৰ আমি তথ্য জনাৰ অধিকাৰ আইন-২০০৫ ৰ সহায়ত আমাৰ (মোৰ) নিজৰ গাঁওখনৰ কিছু তথ্য উৎঘাটন কৰিছিলো৷ সেইবোৰ যথেষ্ট উদ্বেগজনক৷ এখন পথ নিৰ্মান বা মেৰামতিৰ নামত পাঁচ-ছয়বাৰকৈ ধন আৱন্টিত হৈছে আৰু তাৰে কাম কৰাও দেখুৱা হৈছে৷ কিন্তু প্ৰকৃতপক্ষে ৰাস্তাবোৰৰ কাম কৰা হোৱা নাই৷ এই একে সমস্যা কেইবাখনো গাঁওৰ ক্ষেত্ৰত দেখা গৈছিল৷ সেই সম্পৰ্কে আমি উপায়ুক্তৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰৰ আয়ুক্ত সচিবলৈকে গৈছিলো৷ কাম হোৱা নাই৷ তদন্তকাৰী বিষয়াসকলে তদন্ত কৰি যায়৷ আমাক কোৱা হয় যে এইবাৰ অপৰাধীয়ে শাস্তি পাব আৰু বাট-পথবোৰ ঠিক হ’ব৷ কিন্তু নহয়৷ প্ৰতিবাৰেই এই সমস্যাবোৰ সমাধান কৰাৰ বাবে উপস্থিত হোৱা বিষয়াসকলে দুৰ্নীতি কৰা লোকসকলৰ পৰা বুজন পৰিমানৰ ধন লৈ গুচি যায় আৰু দুৰ্নীতি কৰাসকলক এক প্ৰকাৰ লাইচেন্স প্ৰদান কৰি থৈ যায়৷ — এই বিষয়বোৰৰ প্ৰতি মনোযোগ আৰোপ কৰিলে শত্ৰু পক্ষ শক্তিশালী হোৱা বুলি বহু সচেতন লোকে মনোযোগ নিদিয়ে, ফলত আমাৰ দৰে দুই-চাৰিজনে একো এটা সমাধানসূত্ৰ উলিওৱাটো দূৰুহ হৈ পৰে৷ কেতিয়াবা সংগঠনৰ চৰম পৰ্যায়ৰ হেঁচাৰ ফলত দুই-এটা কাম নোহোৱা নহয়৷ কিন্তু সেয়া পৰ্যাপ্ত বুলি ক’ব নোৱাৰি৷ 
       আমাৰ মানসিকতাৰ পৰিৱৰ্তন নহ’লে আমাৰ সমাজৰ পৰিৱৰ্তন যে নহয় সেয়া নিশ্চিত৷ যিসকল লোকে চৰকাৰী সা-সুবিধাৰ বিষয়ে জ্ঞাত, ৰাইজৰ অধিকাৰৰ বিষয়ে জ্ঞাত সেইসকলে বিষয়বোৰ প্ৰচাৰ কৰিব লাগিব৷ সৰ্ব সাধাৰণ ৰাইজ সচেতন হ’ব লাগিব আৰু আমাৰ উত্তৰপুৰুষসকল নিশ্চিত ভাবে সু-শিক্ষাৰে শিক্ষিত হ’ব লাগিব৷ বৰ্তমান শিক্ষিত বুলি কোৱা লোকসকলৰ অধিকাংশই প্ৰকৃততে শিক্ষিত নহয়৷ তেওঁলোক বিদ্যালয় বা মহাবিদ্যালয়ৰ ডিগ্ৰীধাৰী লোকহে মাত্ৰ৷ অৰ্থাৎ তেওঁলোক গুণগত শিক্ষাৰে শিক্ষিত নহয়৷ ফলস্বৰূপে এই লোকসকল আত্ম কেন্দ্ৰীক আৰু স্বজনতোষণকাৰী৷
Road condition of Miyah Area of Assam, It's for Example only.
       ‘আমি আলোচনা কৰিছিলো আমাৰ মিঞা প্ৰধান অঞ্চললৈ গ’লে মন-মানসিকতা বহুদূৰ পিছুৱাই যায়’ প্ৰসঙ্গত৷ এই অঞ্চলবোৰলৈ গ’লে চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী পোৱা যায় যদিও শিক্ষক যথেষ্ট কম অনুপাতেহে পোৱা যায়৷ উপ-স্বাস্থ্য কেন্দ্ৰ একপ্ৰকাৰ নাই৷ যি দু-এটা আছে সেইবোৰতো গৰু-ছাগলী বান্ধি থোৱাহে অধিক পৰিলক্ষিত হয়৷ কাৰণ সেইবোৰত সপ্তাহতো এজন ডাক্তৰ পোৱা কঠিন৷ সমাজৰ আটাইতকৈ ব্যস্ত প্ৰাণীৰ তালিকাত ডাক্তৰসকল বুলি ক’লেও বেছি কোৱা নহয়৷ তেওঁলোক ইমানেই ব্যস্ত যে যি বোকা-পানীৰ তলৰ পৰা মনি-মুকুতা বুটলি আনি তেওঁলোকৰ মুখত তুলি দিছিল আই-পিতায়ে সেই বোকা-মাটিত বছৰেকত খোজ এটা দিয়াতো কষ্ঠ অনুভৱ কৰে৷ ৰাতিপুৱাৰে পৰা সীমাহীন ব্যস্ততাৰ মাজেৰে দিন পাৰ কৰে তেওঁলোকে৷ চৰকাৰী চাকৰিৰ বাদেও বহু কেইখন ব্যক্তিগত নাৰ্ছিংহোমত কাম কৰিব লাগে তেওঁলোকে৷ 
      কৃষি প্ৰধান এই অঞ্চলবোৰলৈ গ’লে আৰু কিছুমান চিত্ৰ ভাঁহি উঠিব, সেইবোৰ হ’ল— খেতিত বহু শাক-পাচলি পঁচি নষ্ট হৈ আছে অথচ বিক্ৰী কৰিব পৰা নাই৷ ইয়াৰ আঁৰতো কাৰণ আছে৷ সেইবোৰ বৰ্ণনা নকৰিলেও হ’ব যদিও একেষাৰত ক’বলৈ গ’লে ৰাজ্যৰ কৃষি ব্যৱস্থাৰ অদূৰদৰ্শি কৰ্ম কাণ্ড৷ অৰ্থাৎ শীতলি ভৱন নিৰ্মানৰ প্ৰতি চৰকাৰ আগ্ৰহী নহয়৷ কষ্টোপাৰ্জিত শাক-পাচলি বিক্ৰী কৰিব নোৱাৰি আমাৰ কৃষকসকলৰ অৱস্থা যথেষ্ট বেয়াৰ ফালে গতি কৰিছে৷ সেইবাবেই চাগে আমাৰ মা-দেউতাই এতিয়াও কৃষি কাৰ্য কৰিলেও আমাক কৃষি ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী নকৰিলে৷ যিখন ঘৰত চাকৰিয়াল বা ব্যৱসায়ী নাই সেইখন ঘৰলৈ কোনেও নিজৰ ছোৱালী বিয়া দিবলৈকো প্ৰস্তুত নহয়৷ ফলত আমাকো চাকৰি মুখী হ’বলৈ অনুপ্ৰাণিত কৰা হ’ল, চাকৰি পোৱাটো কাচৰ কণি বিচৰাৰ দৰেই দূৰুহ, সেইবাবে আমিবোৰে সৰু-সুৰা ব্যৱসায় কৰি জীৱন-জীৱীকা নিৰ্বাহ কৰি আছো৷ প্ৰায় প্ৰতিজন কৃষকে মনে মনে ভাবে মোৰ ল’ৰাজনে অথবা ছোৱালীজনীয়ে ভালকৈ শিক্ষিত হৈ চাকৰি কৰক আৰু আমাৰ দুখ-বেদনা মোচন কৰক৷ ইয়াৰ মূল কাৰণ— যিসকল কৃষকে খেতি-বাতি কৰে তেওঁলোকে সাধাৰণতে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হয়৷ কাৰণ তেওঁলোকৰ অধিকাংশই শিক্ষিত নহয়৷ ফলস্বৰূপে ছদ্মবেশী কৃষকসকলে দালালৰ সহায়ত কৃষকৰ বাবে প্ৰদান কৰা চৰকাৰী সুবিধাবোৰ ভোগ কৰে৷ এতিয়া বেংকবোৰতো প্ৰকৃত কৃষকসকলে ঋণ নাপায়৷ গাওঁৰ কৃষকৰ স্বাৰ্থত গঠিত কৃষি বিভাগ, বিষয়াসকলৰ কাৰ্যালয়বোৰত প্ৰকৃততে কৃষকসকলে যাবলৈ ভয় কৰে৷ গ্ৰাম সেৱক বা কৃষি বিষয়াসকলে গাওঁলৈ যোৱাৰ বাবে বা কৃষকসকলক সজাগ কৰাৰ বাবে কোনো ধৰণৰ কাম কৰা দেখা নাযায়৷ এই সকলোবোৰৰ উপৰিও বজাৰত মধ্যভোগী শ্ৰেণীৰ অত্যাচাৰতো আছেই৷ এতিয়া বহু খেতিয়কে কৃষিকৰ্ম এৰি মধ্যভোগী হোৱাৰো নজিৰ আছে৷ কাৰণ বছৰটো পৰিশ্ৰম কৰি যি পৰিমানৰ লাভালাভৰ আশা কৰা হয় তাতোকৈ ৰাতিপুৱা ৫ বজাত পাইকাৰী পাচলি বজাৰলৈ গ’লে অধিক লাভ হোৱাৰ সম্ভাৱনা থাকে৷ সিদিনা বৰপেটাৰোডত ৰাজ্য চৰকাৰৰ কৃষি বিপনন পৰিষদৰ দ্বাৰা নিৰ্মিত বজাৰ গৃহ উদ্বোধনী সভাত গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উপস্থিত থাকি কৈছিল যে— ‘আমি কৃষিৰ ক্ষেত্ৰত বহু পিছুৱাই গৈছো, আমাৰ ঘৰত চালানি চাউল, আটা, ময়দা, তেল, জিৰা আদি উভৈনদী, আমাৰ নিজৰ ‘প্ৰডাক্ট’ নাই বুলিয়েই ক’ব পাৰি৷’
       ফুটপাথৰ ডায়েৰিৰ আগৰ সংখ্যাত হিৰোনামাৰ কথা চমুকৈ বৰ্ণনা কৰা বাবে বন্ধু এজনে আপত্তি কৰিছিল৷ আজিও তেনে যেন অনুমান কৰিব পাৰিব সেই বন্ধুজনে৷ কিন্তু মূল কথাৰ লগত আলোচনাৰ প্ৰাসঙ্গিকতা আছে৷
       এম্বুলেন্সৰ লগত আমাৰ মুখামুখি হৈছিল আৰু আমি বাট এৰি দি এম্বুলেন্স যোৱাৰ বাবে সুবিধা কৰি দিছিলো৷ তেনেতে বন্ধু আলিমুলে কৈছিল— থিয় হৈ থকাই ভাল, এই অঞ্চললৈ এম্বুলেন্স যে আহিছে, সেইটোয়েই সৌভাগ্যৰ কথা, যিহে ৰাস্তা, তাতে আকৌ মিঞা অঞ্চল৷— কথাটোত মইও হয়ভৰ দিছিলো৷ মিঞা অঞ্চলবোৰত এনেই চৰকাৰী সুবিধাই ঢুকি নাপায়, যিবোৰ পায় সেইবোৰো মুখা পিন্ধাসকলে খাই তহিলং কৰে৷ তেনে ক্ষেত্ৰত বাট-পথৰ অৱস্থাৰ কথা আগতেই বৰ্ণনা কৰিছো৷
         মই ভাবো মিঞাসকলৰ যিবোৰ সমস্যাই আজি কোঙা কৰি ৰাখিছে সেইবোৰৰ ভিতৰত শিক্ষা, স্বাস্থ্য আৰু যাতায়ত ব্যৱস্থাই প্ৰধান৷ এি তিনিটা সমস্যাৰ সমাধান হ’লে জাতীয় সমস্যাবোৰো সমাধান হ’ব৷ আজিৰ তাৰিখত যিবোৰ সমস্যাৰ বাবে আমি ভাৰাক্ৰান্ত হৈ পৰিছো সেই সমস্যাবোৰ উদ্ভৱ হোৱাৰ মূলতেই এই কাৰক তিনিটাই ক্ৰিয়া কৰি আছে৷
           ইয়াৰ বাহিৰেও আৰু বহু কথা লিখিবলৈ থাকি গ’ল৷ পৰৱৰ্তী লেখা সকলোবোৰ কথা বিস্তাৰিত ভাবে লিখিবলৈ যত্ন কৰিম৷

Shajahan Ali Ahmed, Creating some thing different
সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেই আন্তৰিক কামনাৰে...
Shajahan Ali Ahmed, Editor: NEonline.in

বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট হ'ল ই জাতিধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা- খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত"।
  1. ব’হাগ বিহু বা ৰঙালী বিহু
  2. কাতি বিহু বা কঙালী বিহু আৰু
  3. মাঘ বিহু বা ভোগালী বিহু

বিহু শব্দৰ উৎপত্তি

'বিহু' শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপি অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত' ৰূপে পৰিচিত৷ আন কোনোৰ মতে, বিহু শব্দটো টাই ভাষাৰ বৈ (উপাসনা) আৰু হু (গৰু) এই শব্দ দুটাৰ পৰা আহিছে। আনহাতে জয়কান্ত গন্ধীয়াই বিহু তাই -আহোমৰ 'পই - হু' শব্দৰ পৰিবৰ্তিত ৰূপ বুলি প্ৰকাশ পাইছে।

বিহুৰ ইতিহাস

অসমৰ সামাজিক গাঁঠনিৰ দৰেই, বিহু উৎসৱত আৰ্যঅষ্ট্ৰিকআলপাইন আৰু মংগোলীয় সংস্কৃতিৰ সংমিশ্ৰণ ঘটিছে আৰু প্ৰত্যেক সভ্যতাৰে অৱদান বিহুৰ মাজত এনেদৰে মিহলি হৈ পৰিছে যে এতিয়া সেই বৈশিষ্টসমূহ পৃথক কৰা অসম্ভৱ। বিহুৰ বিৱৰ্তনৰ মাজৰেই অসমীয়া সংস্কৃতিৰ উৎপত্তি আৰু গঠন প্ৰক্ৰিয়া সোমাই আছে। মানুহে কৃষিক মূল জীৱিকা কৰি ল’বলে শিকাৰ পৰাই, খেতি চপোৱাৰ সময়ত আনন্দ কৰিছিল, সিয়েই সমূহীয়া ৰূপ পাই এক ৰীতিলৈ পৰিবৰ্তন হ'ল আৰু কালক্ৰমত বিহু উৎসৱত পৰিণত হ'লগৈ। অসমত কৃষিৰ প্ৰক্ৰিয়া পোনতে অষ্ট্ৰিক আৰু মংগোলীয় সকলে আৰম্ভ কৰিছিল, গতিকে বিহু পোনতে এই নৃতাত্বিক গোষ্ঠী কেইটাৰে সৃষ্টি। পিছলৈ বিহু আৰ্য্য সভ্যতাৰ প্ৰভাৱ পৰে। এই সময়ত ডেকা -গাভৰু মিলি চ'ত মাহৰ ৰাতি নাচি গাই আনন্দ কৰিছিল। এই কালছোৱাত ব্যক্তিগত উচাহ আৰু প্ৰেমৰ প্ৰকাশেই বিহুত প্ৰাধান্য পাইছিল । এই বিহু কেৱল বিহু মৰা-সকল নিজৰ আনন্দৰ বাবেহে আছিল, সেয়ে ইয়াত সামাজিক শৃংখলা আছিল নুন্যতম।
শংকৰদেৱে প্ৰচাৰ কৰা এক‍শৰণ নামধৰ্মৰ সৰ্বব্যাপী প্ৰভাৱ অসমৰ জনসাধাৰণৰ মাজত পৰাৰ লগে লগে, বিহুলৈকো আমূল পৰিবৰ্তন আহিছিল। বিহুত প্ৰেম-পিৰীতিৰ উপৰিও ধৰ্মীয় আদৰ্শৰ চাপ এই কালছোৱাতে পৰিল। আনহাতে বিহুৰ নৃত্যগীতৰ প্ৰভাৱো গুৰুজনা কৃত বৈষ্ণৱ সংস্কৃতিত নপৰাকৈ নাথাকিল। এই সময়তে বিহুৱে এক পুৰ্ণাংগ সামাজিক উৎসৱৰ ৰূপ পায়। তাৰো পৰৱৰ্তী পৰ্যায়ত আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই চহা ৰাইজৰ বিহুলৈ পোনপতীয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়ায়, তেখেতেই গছ তলৰ বিহুক আনি ৰংঘৰৰ বাকৰিলৈ আনে, আৰু অংশগ্ৰহণকাৰী বিহুৱা সকলক পুৰষ্কাৰ দিয়াৰো ব্যৱস্থা কৰে। তাৰোপৰি এইজনা স্বৰ্গদেৱেই হুঁচৰি দলৰ আগত মুৰ দোৱাই আশীৰ্বাদ লোৱাৰো পৰম্পৰা আৰম্ভ কৰে। ইয়াৰ আগলৈকে বিহুৱা হুঁচৰি দল কাৰো ঘৰলৈ গৈ হুঁচৰি গোৱাৰ পৰম্পৰা নাছিল । কিন্তু স্বৰ্গদেৱৰ ইচ্ছামতে প্ৰথমতে ৰজা ঘৰলৈ আৰু ক্ৰমে ডা-ডাঙৰীয়াৰ ঘৰলৈ গৈ হুঁচৰি গাই আশীৰ্বাদ দিয়া প্ৰথা প্ৰচলন হয়। পিচলৈ গৈ ইয়েই চোতালে চোতালে হুঁচৰি গোৱাৰ ৰীতিত পৰিণত হয়গৈ। এই সকলোবোৰ পৰিঘটনাই বিহুৰ আচাৰ নীতিলৈ আমূল পৰিবৰ্তন আনে যদিও, বিহুৰ যি আদিম আবেদন তাৰ ওপৰত বিশেষ প্ৰভাৱ নপৰিল।
১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মতে অসম বৃটিছৰ অধীনলৈ যোৱাৰ লগে লগে, অসমৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক সকলো দিশতে যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা হয়। পশ্চিমীয়া শিক্ষা আৰু ভিক্টোৰিয়ান-ইংৰাজ সভ্যতাৰ প্ৰভাৱে অসমৰ ৰাইজক নিজৰ থলুৱা কৃষ্টিৰ প্ৰতি উদাসীন কৰি তোলে। সেইসময়ৰ ভালেসংখ্যক উচ্চশিক্ষিত সমাজ সংস্কাৰকলোকে বিহুক "ইতৰ প্ৰাণীৰ নাচ গান" বুলি আখ্যা দি অসমৰ জনজীৱনত বিহুৰ গুৰুত্বক অৱমাননা কৰিবৰো চেষ্টা চলায়। সৌভাগ্যক্ৰমে, সেই সময়তে, লক্ষ্মীনাথ বেজবৰুৱাৰজনীকান্ত বৰদলৈ প্ৰমুখ্যে অসমীয়া ভাষা সাহিত্যৰ পুৰোধা ব্যক্তি সকলে বিহুৰ সপক্ষে মাত মাতি বিহু বিলুপ্তিৰ গৰাহৰ পৰা ৰক্ষা কৰিলে। তথাপিও বিহুৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ নপৰাকৈ নাথাকিল। গৰিষ্ঠ সংখ্যক শিক্ষিত অসমীয়াই বিহুত হেপাঁহ পলুৱাই আনন্দ কৰাৰ পৰিবৰ্তে এক সামাজিক ভাৱে পালন কৰিব লগা ৰীতি বুলিহে মানিবলৈ ধৰিলে। এনে সময়তে বিহুত এক নতুন অধ্যায়ৰ সূচনা হ'ল - মঞ্চ বিহু।
ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত পশ্চিমীয়া আৰ্হিৰ মঞ্চ তৈয়াৰ হৈছিল, তাত আন আন সাংস্কৃতিক অনুষ্ঠান ৰাইজৰ আগত প্ৰদৰ্শন কৰাৰ ধাৰাও প্ৰচলিত হৈছিল । সেইসময়তে ১৯৪১ চনত পোনপ্ৰথমবাৰৰ বাবে মহেশ্বৰ নেওগ আদি ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰত, মঞ্চত বিহু প্ৰদৰ্শন কৰা হয়। ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱা পৃষ্ঠপোষকতাত গুৱাহাটীত বিহু সন্মীলনৰ আয়োজন কৰা হয়। তাৰপাছতে মঞ্চ বিহুৱে সমগ্ৰ
বিহু নাচনী
অসম জুৰি অভুতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে। মঞ্চ বিহুত বিহু -প্ৰদৰ্শনতকৈয়ো বিভিন্ন প্ৰতিযোগীতাৰ ওপৰত গুৰুত্ব দিয়া যায়, আৰু এই বিহু মূলতঃ দৰ্শকক আমোদ দিবলৈ কৰা হয় । গতিকে এই বিহু বহু নীতি নিৰ্দেশনা আৰু ব্যাকৰণৰ মাজত থাকি কৰা হয়। ইয়াৰ ফলত বিহু নৃত্য গীতে এক প্ৰদৰ্শনমূলক কলাৰ ৰূপ লয়। মঞ্চ বিহুৰ জনপ্ৰিয়তাৰ কোবত প্ৰকৃত স্বতঃস্ফুৰ্ত গছ তলৰ বিহু বিলুপ্তপ্ৰায় হৈ পৰে।
বৰ্তমান মঞ্চ বিহু আৰু হুঁচৰি গাই ঘৰে ঘৰে আশীৰ্বাদ দিয়া, এই দুই ধৰণৰ বিহুৱেই অসমৰ সকলো প্ৰান্ততে উদযাপন কৰা দেখা যায়। বৰ্তমান বিহু সন্দৰ্ভত আন এক উল্লেখযোগ্য পৰিবৰ্তন অহা দেখা গৈছে। দৃশ্য-শ্ৰব্য মাধ্যমৰ মাজেদি প্ৰদৰ্শিত বিহু-সূৰীয়া গীত মাত নতুন প্ৰজন্মৰ মাজত অতীৱ জনপ্ৰিয় হোৱা দেখা গৈছে। অৱশ্যে, এই বিলাক প্ৰকৃত বিহু নাচ বা বিহু নাম নহয়, ই এক প্ৰকাৰ বিহু আৰু আধুনিক গীতৰ সংমিশ্ৰণহে বুলিব পাৰি। এই গীত বিলাকত বিহুৰ থলুৱা সুৰৰ ওপৰত ভিত্তি কৰি নতুনকৈ সুৰাৰোপণ কৰা হয় আৰু আধুনিক বাদ্যযন্ত্ৰও ব্যৱহাৰ কৰা হয়।

বিহুগীতৰ উদাহৰণ

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনৈকৈ থাকো।

ইয়াক যোজনা বুলি কোৱা হয়। বিহুনাচ আৰম্ভ কৰাৰ আগতে যোজনা গোৱা হয়। যোজনা বিলাকে অনেক ক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক তথ্য প্ৰতীয়মান কৰে । ঠিক একেদৰে আৰু কেইটামান বিহুৰ যোজনা হল
১, আজি বিহু বিহু কালি বিহু বিহু চিৰে গৰখীয়াই তৰা ;
সীতাই কুমাৰে বাদতি মাৰিলে চ'তৰ বাৰে খৰৰপৰা ।


২, আজি বিহু বিহু কালি বিহু বিহু কেতিয়া ফুলিব নাহৰ ;
কেতেকী চৰায়ে কাটে সৰু সুতা মৰুৱা কাঠৰে যতঁৰ ।


৩, বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত ;
বিহু থাকে মানে বিহুকে বিনাবি বিহু গলে বিনাবি কাক ।


৪,চ'তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা ;
কৈনো কৈ থাকিলে ওৰকে নপৰে বহাগৰ বিহুৰে কথা ।


৫,বিহু মাৰি থাকিবৰ মনে ঐ লাহৰি বিহু মাৰি থকিবৰ মন ;
বিহু মাৰি থাঁকোতে পলুৱাই নিনিবি ভৰিব লাগিব ধন ।


৬,তিতা ধানখেৰৰ ছাই সমনীয়া তিতা ধানখেৰৰ ছাই ;
অতি চেনেহৰ বহাগৰ বিহুটি হাততে মলঙি যায় ।


৭,এই বেলি বিহুটি ৰমকে জমকে নাহৰ ফুল ফুলিবৰ বতৰ ;
নাহৰ ফুলৰ গোন্ধ পাই লাহৰিৰ তত নাই গৰকি ভাঙি যায় যঁতৰ ।


৮,বিহুলৈ কেইদিন আছে সমনীয়া বিহুলৈ কেইদিন আছে ;
উজনি নামনি মাৰো কেওখিনি বিহুলৈ চাৰি দিন আছে ।


৯,নগা জলকীয়াৰ কাক সমনিয়া নগা জলকীয়াৰ কাক ;
বিহু থাকে মানে বিহুকে বিনাবি বিহু গলে বিনাবি কাক ।


১০,আজি বিহু বিহু কালি বিহু বিহু আমাৰ বিহু কাপোৰ নাই ;
সমনীয়া সুধিলে কামে কি এবুলি সৰুতে একাজি আই । 

বহাগ বিহু বা ৰঙালী বিহু

বিহু নাচনী
বসন্তৰ আগমণত উদযাপন কৰা বহাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিছাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। বহাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক সাত বিহু বুলি জনা যায়। চতৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন 'গোঁসাই বিহু বুলিও পালন কৰা যায়।

কাতি বিহু বা কঙালী বিহু[সম্পাদনা কৰক]

কাতি বিহুত ধাননি পথাৰত জ্বলোৱা চাকি
আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু৷ এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়৷ সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে৷ গতিকে এই বিহুক কঙালী বিহু বোলে৷ এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধুলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়৷
পথাৰত চাকি

মাঘ বিহু বা ভোগালী বিহু

খেতি চপোৱাৰ ঠিক পিছতে পুহ আৰু মাঘ মাহৰ দোমাহীত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। এই উৎসৱ লগে ভাগে খাই আনন্দ কৰাৰ উৎসৱ। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু এই বিহু তিনিদিন পালন কৰা হয়৷ পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়৷ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে৷ সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা-পনা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে৷ মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি জ্বলোৱা।
গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে৷ উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে৷ ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে৷ জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিউ আদি দি অগ্নিক সেৱা কৰে৷ মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়৷ অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়৷ এই বিহুৰ মেজি পোৰা অগ্নি পুজাৰেই নামান্তৰ বুলিব পাৰি৷
জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলা-প্ৰীতিৰ ভাৱ অটুট ৰাখিছে৷ বিহুৰ সকলো কামেই হয় সমুহীয়াভাৱে, যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে৷ বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়৷ বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা