Tuesday, April 11, 2017

সঁচাকে মোৰ এনেকুৱা লাগে যে অসমত জন্ম গ্ৰহণ কৰাটোৱেই পাপ আছিল৷ মানুহ সংখ্যালঘু হিচাপে জন্মিলে তাৰ সকলো মৌলিক অধিকাৰ হেৰুৱাই পেলায় যেন অনুমান হৈছে৷ অসম আন্দোলনত বহু হাজাৰ নিৰিহ মুছলমান লোকক হত্যা কৰা হ’ল৷ অসম চুক্তিৰ দ্বাৰা সেই দুদৰ্শ অপৰাধীসকলে ৰাজ মুকুট লাভ কৰিলে আৰু সংখ্যালঘু মুছলমানসকলে শ্বহীদ হিচাপেও নাম নাপালে।
সেই বলিদান মানি লৈছো এটা স্বাৰ্থত যে অন্তত আমাৰ লগত পুনৰায় এনে অপবাদেৰে হত্যা যজ্ঞ নচলিব৷ কিন্তু
পৰিণাম হিচাপে ‘ডি’ ভোটাৰৰ অপবাদ দিয়া হ’ল, বাংলাদেশীৰ ছাপ দিয়া হ’ল....... শিক্ষা, স্বাস্থ্য, উন্নয়নৰ সকলো দিশৰ পৰাই পিছ পেলাই ৰখা হ’ল৷ চাকৰি-বাকৰি, ঠিকা-ঠুকুলি, পাৰ্মিট-লাইচেন্সৰ পৰা বঞ্চিত কৰি ৰখা হ’ল৷ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আগতীয়া ব্যৱস্থা নোলোৱাকৈ ২ জনতকৈ অধিক সন্তান থকা লোকক চাকৰি নিদিয়াৰ সিদ্ধান্ত লোৱা হ’ল৷ কাজিৰঙাৰ মুছলমান বসতি থকা গাঁওত উচ্ছেদ কৰি বাকী সংযোজনবোৰৰ বেদখল উচ্ছেদ কৰা নহ’ল৷ গৰাখহনীয়াৰ কবলত পৰি মাটি-ভেটি হেৰুৱাসকলক পুনৰ সংস্থাপনৰ কোনো পৰিকল্পনা নকৰাকৈয়ে পুনৰায় অঘৰি কৰা হ’ল৷
আৰু বহু কথা, ক’বলৈকে মন নোযোৱা হৈছে৷ ধিক্ তথাকথিত জাতীয়তাবাদ৷

Image result for অসমৰ সংখ্যালঘু

Related Posts:

  • দাবী আপত্তিৰ জটিল দিশবোৰঃ কিয় হোৱা নাই দাবী আপত্তি কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত ক্ৰমাৎ অধিক জটিলতাৰ দিশলৈ গতি কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী/ আপত্তি প্ৰক্ৰিয়া৷ আপত্তিৰ ক্ষেত্ৰত অস্পষ্ট নীতিৰ বাবে যিদৰে আপত্তি কৰিব বিচাৰিও আপত্তি কৰাৰ পৰা বহুতে বিৰত থকাৰ সমান্তৰালকৈ কৰ্তৃপক্ষৰ… Read More
  • জাতীয় উৎসৱ (?) পঞ্চায়ত নিৰ্বাচন কিয় বৰ্জন কৰিব লাগে পঞ্চায়ত নিৰ্বাচন চলি থকা বাবে মানুহৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ গণতান্ত্ৰিক দেশ এখনৰ নিৰ্বাচন সমূহৰ প্ৰতি মানুহ উৎসাহিত হ’লে গণতন্ত্ৰৰ ভেটি মজবুত হোৱা বুলি ক’ব পাৰি৷ বিশেষকৈ অসমত হোৱা প্ৰতিটো নিৰ্বাচনত সৰ্বাধিক উৎসাহ… Read More
  • Non stop community service for NRC Claim form NRC ৰ জটিল বিষয়বোৰহে যেন আমাৰ ওচৰলৈ আহে৷ সমস্যাৰ যেন শেষ নাই৷ আজি পুৱা বিছনাৰ পৰা ভোক্তভোগীয়ে টানি উঠোৱাৰ পিছৰ পৰা নিৰৱচ্ছিন্ন ভাবে একেটা কামতেই লাগি থাকিব লগা হ’ল৷ (গৰুৰ মাংসৰে পত্নীয়ে ভাত ৰান্ধি মাতিলেও খোৱাৰ সময় কা… Read More
  • NRC How to help you program at ARVUT complex Barpeta Road #NRChow2helpU আমি আজিও আৰভাটত বহিছিলো৷ মানুহৰ সমস্যা বহু৷ কাম কৰা মানুহ কম৷ ৰাতিপুৱাৰ পৰা প্ৰায় তিনি শতাধিক ভোক্তভোগী ৰাইজ আহিছিল৷ কিন্তু সকলোকে পৰ্যাপ্ত সময় দিব পৰা নাই৷ পুৱা ১১ টাত আহিও বহুতে তিনিটা বজাতহে নিজৰ স… Read More
  • How to write note in Q.5 and Page D in the NRC Claim form ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা  লোকসকলৰ বাবে দাবী প্ৰক্ৰিয়া চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখলৈকে চলিব৷ দাবী দাখিল কৰাৰ কাৰণ হিচাপে দাবী প্ৰ-পত্ৰৰ পৃষ্ঠা D ত বিস্তাৰিত আলোচনা কৰা প্ৰয়োজন৷… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা