Monday, April 10, 2017

 “এয়া চৰকাৰৰ দালালী তন্ত্ৰ আৰু প্রশাসনৰ কাণ্ডজ্ঞানহীক কাৰ্য্যৰ পৰিণতি।”


কেন্দ্রীয় চৰকাৰে দেশ ব্যাপি কৃষকৰ ঋণ ক্ষমা কৰি দিয়াৰ জয়গান বজাই থকা সময়তে চৰকাৰী ঋণ নাপাই শতকৰা ৫ (পাঁচ) টকা হাৰত সুতত টকালৈ জলকীয়া আৰু বিলাহী খেতি কৰি অৱশেষত আত্মহত্যা কৰিবলৈ বাধ্য হ’ল
“নিহত কৃষক ইয়াৰ আলীৰ অভিভাৱকহীন দুৰ্ভগীয়া পৰিয়াল”
বৰপেটা জিলাৰ সৰভোগ থানাৰ খাৰিজা বিজনী মৌজাৰ অন্তর্গত বগুৰিগুৰী পথাৰৰ এজন দৰিদ্ৰ কৃষকে। কালি দিনৰ প্ৰায় ১২ বজাত সৰভোগলৈ বজাৰ কৰিবলৈ গৈ উভতি নাহিল পাঁচ গৰাকী সন্তানৰ দুৰ্ভগীয়া কৃষক পিতৃ ইয়াৰ আলী (৩৫)।
বৰপেটাৰােডৰ পৰা প্রায় ২৪ (চব্বিছ) কিল, মিটাৰ দূৰৰ এখন পিছপৰা গাঁওৰ কৃষক ইয়াৰ আলীয়ে চৰকাৰী-বেচৰকাৰী খণ্ডৰ বেংকৰ দালালক পাঁচ হাজাৰ টকা আগাধন (ঘোচ) দিব নােৱাৰাৰ ফলত কৃষি ঋণৰ পৰা বঞ্চিত হৈ মহাজনৰ পৰা শতকৰা ৫ টকা হাৰত সুতত টকা লৈ বিলাহী আৰু জলকীয়াৰ খেতি কৰিছিল। পঢুৱৈ সমাজ জ্ঞাত যে ৰাজ্যৰ ভিন্ন প্রান্তৰ চহৰবােৰত শাকপাচলিৰ জুই চাই দাম হ’লেও বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰত বােকা আৰু অস্বাস্থ্যকৰ পৰিবেশ আৰু শীতলী ভৱন নথকাৰ পৰিণতিত বৰপেটাৰােডৰ কৃষকে পানীৰ দৰত বিক্ৰী কৰিব লগা হয় কষ্টোপার্জিত শাক-পাচলি।
Barpeta Road-Mana National park connected Road,
Road codition of Barpeta Road
অতিকৈ দৰিদ্ৰ আৰু বৃহৎ পৰিয়ালক পোহ-পাল দিয়াৰ গুৰু দায়িত্ব মূৰত থকা ইয়াৰ আলীয়ে উৎপাদন কৰা বিলাহী বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰত প্রতি কেজিত ৪-৫ টকা আৰু প্ৰতি কেজি জ্বলকীয়াত ১২-১৫ টকাত বিক্ৰী কৰিব লগা হয়। উল্লেখ্য যে সুতে-মূলে প্রায় ২ লক্ষাধীক টকা ঋণৰ বােজা মূৰত লৈ আত্মহত্যাৰ পথ বাছি লোৱা কৃষক ইয়াৰ আলীয়ে দুইবিঘা বিলাহী আৰু এবিঘা জলকীয়াৰ খেতি কৰিছিল। প্রনিধানযোগ্য যে বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিৰ কৃষকসলৰ বাবে প্রয়োজনীয় বাট-পথৰ অবণীয় দূৰৱস্থাৰ ফলস্বৰূপে খেতিয়কে উৎপাদন কৰা শস্য বজাৰলৈ কঢ়িয়াবৰ বাবেও অত্যাধিক টকা ব্যায় কৰিব লগা হয়।
মন কৰিবলগীয়া বিষয়টাে এয়ে যে বিভিন্ন ৰং-ৰহইচ কৰাত ব্যাস্ত থকা বিয়াগোম ৰাজ্য চৰকাৰ, ৰাজ্যৰ কৃষি বিভাগ আৰু বিয়াগোম কৃষি মন্ত্রীৰ দপ-দপনি অব্যাহত থকাৰ সময়ত কালি আত্মহত্যাৰ পছ বাছি লোৱা কৃষকজনৰ পৰিয়ালক সৌজন্যতাৰ খাতিৰতে লগ কৰাৰ বা খবৰ লোৱাৰ সামান্য সময় নাপালে স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যি সভাপতি ৰঞ্জিত কুমাৰ দাস, বৰপেটাৰ জিলা প্রশাসন আৰু ভোটৰ ব্যৱসায় কৰা তথাকথিত জনপ্রতিনিধিসকলে।
কালিয়েই স্থানীয় ৰাইজে মৃতদেহ উদ্ধাৰ কৰা কৃষক ইয়াৰ আলীক বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা মৰোনত্তৰ পৰীক্ষা সম্পন্ন কৰি আজি সন্ধিয়া প্রায় ৬ বজাত ৰাইজৰ সহযোগত জানাজা সম্পন্ন কৰা হয়।
অৱশেষত আত্মহত্যা কৰিলে ইয়াৰ আলী নামৰ দৰিদ্ৰ কৃষকজনে
নমামিৰ পাছত গুণোৎসৱৰ নামত ব্যস্ত থকা জিলা প্রশাসনৰ চৰকাৰী বাহিনীৰ কোনো এগৰাকী লোক আনকি কৃষি বিভাগৰ সাধাৰণ এজন লোকো কৃষকজনৰ খবৰ নলৈ বিভাগটােৰ চৰম অৱহেলাৰ চিত্র দাঙি ধৰাৰ লগতে কৃষকসকলৰ প্ৰতি যে চৰকাৰটােৰ কোনো কণ-হাৰ নাই সেই কথা প্রতিপন্ন কৰিলে।
ইফালে বৰনগৰ উন্নয়ন খণ্ডৰ বিষয়া মানাস শইকীয়াই টেলিফোনত স্থানীয় লোকৰ পৰা খবৰ লৈ দায়িত্ব সামৰাৰ সমান্তৰালকৈ চিকিৎসালয়ৰ পৰা মৃতদেহ কঢ়িয়াৰ বাবেও কৃষকজনক প্রদান কৰা নহ’ল চৰকাৰী এম্বুলেন্স।
উৎপাদিত শাক-পাচলি বিক্ৰী কৰিব নোহােৱাত বর্ধিত ঋণৰ বােজা সহিব নোৱাৰি কৃষক সকলে আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হােৱাৰ সময়ত দালাল অবিহনে এতিয়া কোনো এখন বেংকেই প্রকৃত কৃষকক ঋণ প্রদান নকৰে। বিগত কেইবা বছৰৰ পৰাই বৰপেটাৰােডৰ কৃষকসকলৰ এশ এবুৰি সমস্যাৰ বিষয়ে সময়ে সময়ে জ্ঞাত কৰোৱাৰ পিছতো চৰকাৰ-প্ৰশাসনে নূন্যতমো গুৰুত্ব আৰোপ নকৰাৰ ফলতেই কৃষকসকলে ৰাজপাতত গৰু-ছাগলীৰ বাবে কৃষিজাত সামগ্ৰী পেলাই দিব লগা হয় আৰু আত্মহত্যা কৰিব লগা হয়।
পৰিৱৰ্তনৰ শ্ল’গানেৰে দৰিদ্ৰ জনতাৰ ভোট লৈ ক্ষমতাৰ ৰাগিত মাতাল হােৱা তথা শূন্যত উপঙি থকা চৰকাৰখনে দৰিদ্ৰৰ দুখ বেদনাৰ কথা পাহৰি গৈছে।
— সাজাহান আলী আহমেদ

   বৰপেটাৰোড, ৬ এপ্রিল, ২০১৭.

Related Posts:

  • অসমৰ সংখ্যালঘু অঞ্চলসমূহত শিক্ষা উন্নয়নৰ বাবে সঠিক আৰু দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰয়োজনঅসমৰ সংখ্যালঘু অঞ্চলসমূহত শিক্ষা উন্নয়নৰ ক্ষেত্ৰত বহু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন। এই অঞ্চলসমূহত শিক্ষা ক্ষেত্ৰত পিছ পৰি ৰোৱা পৰিসৰসমূহ চিহ্নিত কৰি তাত বিশেষ মনোযোগ কেন্দ্ৰীভূত কৰা উচিত। অসমৰ সংখ্যালঘু অঞ্চল… Read More
  • শিল্পী দিৱস আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে চমু টোকা শিল্পী দিৱস অসমৰ কৃষ্টিসংগ্ৰহ আৰু সাংস্কৃতিক ঐতিহ্যৰ এক স্মৰণীয় দিন। এই দিনটো অসমৰ ইতিহাস, সঙ্গীত, নাটক, আৰু সাহিত্যৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়োৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ১৭ জানুৱাৰীত উদযাপন কৰা হয়। এই… Read More
  • Uniform civil code বা UCC কি Uniform civil code বা UCC পুনৰ দেশব্যাপি চৰ্চা আৰম্ভ হৈছে, এই video ত এই বিষয়ৰ লগত জৰিত কেইটামান প্ৰশ্নৰ উত্তৰ জানিবলৈ যত্ন কৰা হৈছে। প্ৰথম প্ৰশ্নটো হৈছে যে UCC য়ে কিয় চৰ্চা লাভ কৰিছে, Uniform civil code  বা UC… Read More
  • মেহেৰবাই টাটাৰ প্ৰেৰণা আৰু আজিৰ প্ৰাসংগিকতা মেহেৰবাই টাটাৰ ভূমিকা আৰু ত্যাগ১৯২০ চনৰ কথা। তেতিয়াৰ টিস্কো তথা এতিয়াৰ টাটা ষ্টীল এক বৃহৎ বিত্তীয় সংকটৰ সন্মুখীন হৈ উদ্যোগটো ধ্বংসৰ দিশে গতি কৰিছিল। পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে উদ্যোগটোৰ কৰ্মচাৰীসকলক দৰমহা দিবলৈও ধ… Read More
  • বিটিচিৰ মাটিত কিমান সুৰক্ষিত অজনজাতী লোক মাটি সম্পৰ্কে বিটিচি চৰকাৰৰ স্থিতি সম্পৰ্কে আজি আলোচনা কৰিব বিচাৰিছো। এই আলোচনাত বিটিচি আৰু বিটিআৰ চুক্তিৰ মাজত থকা মৌলিক পাৰ্থক্যখিনিও আলোচনা কৰিব বিচাৰিছো। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বিএ… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা