Saturday, April 29, 2017

গৰুৰ মাংস খোৱা-নোখোৱা লৈ বিতৰ্ক কৰাসকলৰ বাবে কিছু কথা—


 চৰকাৰে গৰুৰ মাংস খাবলৈ বন্ধ কৰিব নেকি ?

        গৰুৰ মাংস বন্ধ কৰা মানে মুছলমানৰ বিৰোধিতা কৰা যেন অনুমান কৰা লোকসকলে উদ্বিগ্নতাৰে এই প্ৰশ্ন কৰা দেখা যায়৷ এতিয়ালৈকে এনে বহুলোক লগ পালো যিসকলে বিজেপি চৰকাৰক একমাত্ৰ গৰুৰ মাংস খোৱা বন্ধ কৰাৰ সপক্ষে থকা বাবে বিৰোধিতা কৰে৷ আৰু এনে বহুলোক লগ পাইছো যিসকলে গো-মাতাৰ ৰক্ষক বুলি বিজেপি দলক ভাল পায়৷ তেওঁলোকে সাম্প্ৰতিক ঘটনাৱলী আৰু দেশৰ ভৱিষ্যতৰ কথাও ভালদৰে অধ্যয়ন নকৰে৷ দেশখন যে ক্ৰমশঃ পুঁজিপতিৰ হাতলৈ গতি কৰিছে, চৰকাৰে কৰিব পৰা কাম কোম্পানিবোৰক ঋণ দি হ’লেও কৰুৱাই দেশৰ ভৱিষ্যত ব্যক্তিগত খণ্ডৰ হাতলৈ বা কোম্পানীবোৰৰ হাতলৈ গতাই দিয়াৰ কৌশল কৰি থকা হৈছে সেই কথাও তেওঁলোকে বুজিবলৈ যত্ন নকৰে৷ ইংৰাজসকলৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিদৰে ভাৰতত ব্যৱসায় কৰিবলৈ আহি সমগ্ৰ দেশখনক শাসন কৰিছিল ঠিক একেদৰে দেশৰ অৰ্থনীতি ব্যক্তিগত খণ্ড, কোম্পানী অথবা পুঁজিপতিৰ হাতলৈ গতাই দিয়াৰ পিছত দেশৰ নাগৰিক দেশী-বিদেশী পুঁজিপতিৰ ওচৰত পৰাধীন হৈ পৰিব৷ দেশৰ ভৱিষ্যত অন্ধকাৰাচচ্ছন্ন হ’ব, পুনৰ স্বাধীনতা বিচাৰি জনতা ৰাজপথলৈ ওলাই আহিব লাগিব৷ এই কথাবোৰ সাধাৰণতে চৰ্চাৰ বিষয় হোৱা দেখা নাযায়৷ এতিয়া বহু হিন্দুৱে মুছলমানক ঘৃণা কৰে আৰু বহু মুছলমানে হিন্দুক ঘৃণা কৰে৷ ফলত দেশৰ অৰ্থনীতি পুঁজিপতিৰ হাতলৈ গতাই দিয়াত সহজ আৰু সুবিধাজনক হৈ পৰিছে৷ এই ক্ষেত্ৰত ‘মেক ইন ইণ্ডিয়া’কো আওতালৈ আনিব পৰা যায়৷ 
        দেশৰ জনতাই দেশৰ প্ৰগতিৰ বাবে চিন্তা কৰাৰ সময়ত চিন্তা শক্তিক ‘হাইজেক’ কৰি ধৰ্মীয় অসহিষ্ণুতাৰ চিন্তাৰ ঠেক গণ্ডিৰ মাজত আবদ্ধ কৰি ৰখা হৈ আছে৷ যিবোৰ চিন্তাই দেশ বা জাতিক পিছলৈহে টানি থাকিব৷ 
          বাকী নালাগে অসমৰ ঐতিহাসিক কাগজ কল সমূহ পুনৰ মুকলি কৰাৰ কথা স্বয়ং অসম চুক্তিত উল্লেখ কৰাৰ পিছতো সেই কাগজ কল সমূহ মুকলি কৰি থকা হোৱা নাই৷ এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি যে বঙাইগাওঁ জিলাৰ সীমামূৰীয়া যোগীঘোপাৰ অশোক কাগজ কল পুনৰোজ্জিবিত কৰাৰ বাবে বহু দল-সংগঠনে দাবী উত্থাপন কৰাৰ পিছতো সেই কাগজকল বিভিন্ন অজুহাতত মুকিল কৰা নহ’ল, বৰঞ্চ তাৰ পৰা অলপ দূৰত্বত গোৱালপাৰা জিলাৰ মাটিয়াত পুঁজিপতি বনিয়া পৃথানিক কাগজকল নিৰ্মানৰ যাৱতীয় সুবিধা কৰি দিয়া হৈছে৷— এনে বহু উদাহৰণ দিব পৰা যাব যদিও এইখিনিতে মূল কথালৈ আহিব খুজিছো৷ 

গৰুৰ মাংস খালেই মানুহ মুছলমান হ’ব নেকি ? বা গৰুৰ মাংস নাখালে মুছলমান হ’ব নোৱাৰি নেকি ?

           আল্লাহ তা’লাই মানৱ জাতিৰ বাবে ‘গাইডবুক’ হিচাপে পৱিত্ৰ কোৰআন অৱতীৰ্ণ কৰিছে৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে পৱিত্ৰ কোৰআন মাথো মুছলমানসকলৰ বাবেই নহয়, ই সমগ্ৰ মানৱ জাতিৰ বাবেই এটা দিকনিৰ্দেশক গ্ৰন্থ৷ এই কথা পৱিত্ৰ কোৰআনতেই উল্লেখ কৰা হৈছে৷
          পৱিত্ৰ কোৰআনৰ ছুৰা আল-মায়িদাহ(৫ নং ছুৰা)ত কোনবোৰ জন্তু খাব পৰা যায় সেই সম্পৰ্কে বৰ্ণনা কৰা হৈছে৷ কোৱা হৈছে— ‘‘তোমালোকৰ বাবে মৃত জীৱ, তেজ, আল্লাহ অবিহনে বেলেগৰ নামত উচৰ্গিত জন্তু, গল চেপি হত্যা কৰা জন্তু, আঘাত প্ৰাপ্তহৈ মৃত্যু হোৱা জন্তু........... পুঁজাৰ বেদিত দিয়া জন্তু খোৱা হাৰাম কৰা হৈছে৷’’ একেটা ছুৰাতেই উল্লেখ কৰা মতে যিবোৰ চাৰি ঠেঙীয়া জন্তু খাবলৈ আল্লাহ তা’লাই অনুমতি প্ৰদান কৰিছে সেইবোৰ জবেহৰ দ্বাৰা পৱিত্ৰ কৰি খাব লাগে৷ 
       পৱিত্ৰ কোৰআনৰ ছুৰা আল-নাহল (১৬ নং ছুৰা, আয়াত নং ৫) ত উল্লেখ কৰিছে "And the cattle, He has created them for you; in them there is warmth (Warm clothing), and numerous benefits, and of them you eat." (চতুষ্পদ জন্তু তোমালোকৰ বাবে সৃষ্টি কৰা হৈছে, তোমালোকে তাৰ পৰা গৰম লাভ কৰিবা (শীত নিয়ন্ত্ৰণৰ উপকৰণ লাভ কৰিব পাৰিবা), আৰু বহু উপকাৰ লাভ কৰিবা আৰু সেইবোৰ তোমালোকে আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰিবা৷)
          উপৰত উল্লেখ কৰা বাক্য দুটাৰ পৰা বুজা যায় যে ইয়াত গৰু বুলি উল্লেখ কৰা হোৱা নাই৷ নাইবা ইয়াৰ বাহিৰে ক’তো এনেদৰে কোৱা হোৱা নাই যে তুমি গৰুৰ মাংস নাখালে মুছলমান হ’ব নোৱাৰিবা৷ গৰুৰ মাংস দূৰৰ কথা আনকি নিৰামিষ আহাৰ গ্ৰহণ কৰা লোকো মুছলমান হ’ব পাৰে৷ অৰ্থাৎ মুছলমান হ’বলৈ যি পাঁচটা মূল চৰ্ত আৰোপ কৰা হৈছে তাত খাদ্যৰ বাধ্য-বাধকতাৰ প্ৰশ্নই উত্থাপন হোৱা নাই৷ ইছলামৰ মূল খুটি/ভেটি হ’ল পাঁচটা— কলিমা, নামাজ, ৰোজা, হজ আৰু জাকাত৷ এই পাঁচটা মূল কৰণীয় তাৰ পিছত আৰু বহু নিৰ্দেশনা আছে যিবোৰ বৰ্ণনা কৰা সম্ভৱ নহয়৷ এই পাঁচটা মূল কৰণীয়ৰ ভিতৰত হজ আৰু জাকাত সকলোৰে বাবে নহয়, এই সম্পৰ্কেও দীঘলীয়া বিধান আছে৷
          আমাৰ সমাজত গৰু খোৱা-নোখোৱাক লৈ যিসকল লোকে বিতৰ্কৰ অৱতাৰণা কৰে তেওঁলোকে এই কথাবোৰ প্ৰথমে জানি লোৱা উচিত৷ এতিয়া বহু ক্ষেত্ৰত দেখা যায় যে গৰুৰ কটা মূৰ লৈ, গৰুৰ মাংস খোৱাক লৈ বিতৰ্কৰ সৃষ্টি হয়৷ এইবোৰ বিতৰ্ক তেনেই ভিত্তিহীন৷
          ভাৰতত গৰু খোৱা বন্ধ হ’লেই মুছলমানৰ সাংঘাতিক ক্ষতি হ’ব বুলি ভবা লোকসকলে  পবিত্ৰ কোৰআন ভালকৈ অধ্যয়ন কৰা উচিত৷ 
            ইছলামৰ মূল ভেটি পালন কৰিবলৈ টান পোৱা বহু লোকে নিজকে যেনেদৰে মুছলমান বুলি পৰিচয় দিয়ে একেদৰে এইবোৰ বিষয় লৈ বিতৰ্কৰ সূচনা কৰে৷ যিবোৰ কাম একান্তই কৰণীয় সেই বিষয়বোৰকলৈ চৰ্চা হওঁক, বিতৰ্ক হওঁক তাতে সকলোৰে প্ৰগতি হ’ব৷ যিবোৰ অলাগতিয়াল কথা সেইবোৰকলৈ বিতৰ্ক হোৱাটো ঠিক নহয়৷ 
          মাংস খাবলৈ বাধা প্ৰদান কৰা লোকসকলে এটা কথা মনত ৰাখিলে ভাল হ’ব যে মানুহৰ শৰীৰত প্ৰায় ২৩ প্ৰকাৰৰ এম’ন এচিডৰ প্ৰয়োজন হয়৷ তাৰে ৮ প্ৰকাৰৰ এম’ন এচিড শৰীৰত প্ৰস্তুত নহয়৷ এই ৮ প্ৰকাৰৰ এম’ন এচিড মাংসত পোৱা যায়৷ সেইবাবে মাংসক সম্পূৰ্ণ প্ৰটিন বুলিও কোৱা হয়৷ (মাত্ৰ গৰুৰ মাংস নহয়, সকলো মাংস, কিছুমানত বেছি আছে, কিছুমানত কম)

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা