Tuesday, April 11, 2017

Related image

তুমি আৰু মই নিৰু হোৱাৰ আখৰা কৰিছো।
তেওঁলোকে আখৰা কৰিছে
তোমাক আৰু মোক উঘালি পেলোৱাৰ¸
তুমি আৰু মই ৰচিছো প্ৰেমৰ কবিতা উজাগৰে
তেওঁলোকে তোমাৰ আৰু মোৰ মাতৃৰ
সতিত্ব হৰণ কৰিছে জ্ঞাতসাৰে।
তেওঁলোকেই হত্যা কৰিছিল
পুনৰায় আখৰা কৰিছে
তথাপিও তুমি আৰু মই নষ্টালজিক হব বিচাৰিছো
তুমি আৰু মই নিৰু হোৱাৰ আখৰা কৰিছো।
বিবেক বিক্ৰী কৰিম কিদৰে
নিদ্ৰামগ্নৰ বজাৰত¸
কিন্তু
মেৰুদণ্ড এতিয়া শুই আছে
ৰাজপথবোৰ ৰৈ আছে
তেজৰ অপেক্ষাত
তথাপিও নিৰু হোৱাৰ আখৰা কৰিছো
তুমি আৰু মই।।

Related Posts:

  • তুমি নাই বাবেই তুমি থাকিলে পাৰ নকৰিলে হেঁতেন বুভুক্ষ জনতাই  নিৰ্জন নিশা। এতিয়া শব্দবোৰ বজ্ৰ হ’ল অনাদৰে অৱহেলায় গানগোৱা  মাটিৰ কলিজাবোৰ এতিয়া নষ্ট নাৱিকৰ কোলাহলত জ্বলি জ্বলি ছাই কৰি খাই গৈছে অজস্ৰ উজাগৰি কা… Read More
  • শুই থকা চহৰখন নিৰৱে শুই থাকে নিৰাপত্তাহীন চহৰে যেতিয়া এন্ধাৰে গ্ৰাস কৰে গলিবোৰ আৰু কৰুণ কণ্ঠে কুকুৰে বিনায় দূৰ-দূৰণীত অথবা খোজে খোজে যাযাবৰ পথিকৰ। তেতিয়াও; চহৰখনে শুই থাকে ক্ৰমশঃ ঘনীভূত আশংকাত ডুবি ডুবি। কল্পনাৰ সাগৰত মৃত্যুদণ্ড হয় হা… Read More
  • আৰাকাণ ছদ্মবেশী পনিৰ-ছয়াবীন আৰু অহিংসা(?)ৰ পূজাৰী কণিতো থাকে প্ৰাণ (!) মাছ, মঙহ একো নাখায় সিহঁতে— চুলি খুড়াই ৰূপ লৈ ভীক্ষুৰ  সেৱা কৰিছে আত্মাৰ কিন্তু পাণ কৰিছে যুৱতী-উলঙ্গ নাৰীৰ ৰক্ত শিশুৰ কলিজা ৰোহিঙ্গাৰ দেহ৷ … Read More
  • যুদ্ধ এখন লাগিবই। অসম্পাদিত কবিতাৰ শব্দবোৰ জঞ্জাল লগামগজু বিষাই তোলা অত্যাচাৰ যেন লাগে মোৰ।আজি-কালি কবিতা মুঠেই ভাল নাপাওঁ মইকবিবোৰক দেখিলেওৰোমান্টিক হৈ নপৰে নিৰ্জন দুপৰীয়া¸শব্দৰ সাগৰত খেলি থাকি  মুঠেই ভাল নালাগে এতিয়া। … Read More
  • তোমাক হত্যা কৰিম¸ প্ৰস্তুত থাকিব (১) তোমাক মই হত্যা কৰিম¸তোমাৰ তেজৰ চেঁকুৰাত সাঁতুৰিমবন্য উল্লাসত নাচিম-হাঁহিমমই গণতন্ত্ৰৰ পাঠ পঢ়িব নিবিচাৰোতোমাৰ পৰামোক শিকাব নালাগে তুমিবিশ্বাসৰ সংঞ্জা তুমি প্ৰস্তুত হৈ থাকিবাতোমাক হত্যা কৰিপ্ৰদান কৰিম ৫ লাখ টকাভিক্ষ… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা