Tuesday, April 11, 2017

তোমাৰ সপোন চূৰ্ণ-বিচূৰণ দেখি
চকুলো নুটুকিবা
তোমাৰ চকুত নাছিল ৰঙীন বিতচকু
তুমি খোজকাঢ়িছিলা কলা-বগা পৃথিৱীত
সেউজীয়া হৈ গজিছিল বিশ্বাসৰ গুটি
তুমি ছটিয়াইছিলা একতা-ভ্ৰতৃত্ব
তেতিয়া তোমাৰ সপোন দিকভ্ৰান্ত হোৱা নাছিল
গেৰুৱা, বগা অথবা জোন-তৰাৰ নামত৷

সময় সলনি হ’ল
তোমাৰ ত্যাগৰ দৃষ্টান্ত আজি ধূলিস্বাত হ’ল
তোমাৰ সপোন আজি
ব্যৱসায় অথবা ক্ষমতাকেন্দ্ৰীক হ’ল৷

আচলতে আমি যেন নিকৃষ্ট হ’ব ধৰিছো
প্ৰতি দিনে
স্বাৰ্থপৰ আৰু মানৱতাহীন
এটা নিৰ্দয় জাতি লৈ
ৰূপান্তৰ হ’ব ধৰিছো
ক্ৰমশঃ জ্ঞাতসাৰে৷৷
Image result for পদ্মনাথ গোহাঞি বৰুৱা
(সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞি বৰুৱা দেৱৰ সোঁৱৰণত)

Related Posts:

  • তুমি কেৰছিন, মই শলিতা   বলিয়া প্ৰেমৰ উন্মাদনা, কলিয়া কবিতা,মাথো তোমাৰ বাবে.....‘তুমি কেৰছিন, মই শলিতাʼ বহুবাৰ নিষ্ঠুৰ ধুমুহাৰপ্ৰৱল আঁচোৰে  চুই যায়মোৰ কলিজাআৰু কামি হাড়, হাতীপটি চুৱলৈহেপাহ মোৰদু… Read More
  • উভতি অহাৰ অপেক্ষাত ৰৈ আছো মই তোমাৰ হাতত মইআৰু মোৰ হাতত তুমি ধৰিশিকিছিলো সংগ্ৰামৰ কুঁহিপাঠ।মোৰ প্ৰতিটো খোজত খোজ মিলাই ছাঁ হৈ আছিলা,সুখ, দুখ, যন্ত্ৰণা, বেদনাৰ পৃথিৱীত।দুয়োয়ে আঁকিছিলো একেলগে এখন ছবি,আলোকৰ যাত্ৰালৈ......।মই আগে আগেকিন্তু তুমি কোৱা পথেৰে....… Read More
  • আমি এনেদৰেই বিচাৰি পাম জঙ্গল তোমাৰ সপোন চূৰ্ণ-বিচূৰণ দেখি চকুলো নুটুকিবা তোমাৰ চকুত নাছিল ৰঙীন বিতচকু তুমি খোজকাঢ়িছিলা কলা-বগা পৃথিৱীত সেউজীয়া হৈ গজিছিল বিশ্বাসৰ গুটি তুমি ছটিয়াইছিলা একতা-ভ্ৰতৃত্ব তেতিয়া তোমাৰ সপোন দিকভ্ৰান্ত হোৱা নাছিল গেৰুৱা, বগা অথব… Read More
  • নিৰু হোৱাৰ আখৰা কৰিছো তুমি আৰু মই নিৰু হোৱাৰ আখৰা কৰিছো।তেওঁলোকে আখৰা কৰিছেতোমাক আৰু মোক উঘালি পেলোৱাৰ¸তুমি আৰু মই ৰচিছো প্ৰেমৰ কবিতা উজাগৰেতেওঁলোকে তোমাৰ আৰু মোৰ মাতৃৰসতিত্ব হৰণ কৰিছে জ্ঞাতসাৰে।তেওঁলোকেই হত্যা কৰিছিলপুনৰায় আখৰা কৰিছেতথাপিও ত… Read More
  • কি নাম দি মাতিম তোমাক তোমাৰ মলিয়ন ওঁঠ শোকান ছাল ফাগুণ ফাগুণ চুলি আৰু দুৰ্গন্ধময় শৰীৰৰ পঁচা গোন্ধ¸ তুমি মোৰ ফালে আগবাঢ়ি নাহিবা। তোমাৰ লেতেৰা পোচাক মটীয়া বৰণৰ হাত-ভৰি কলা বৰণৰ নখ ৰঙা ৰঙা চকু তুমি নাহিবা কাষলৈ তোমাৰ বাবে সংৰক্ষণ হবই নোৱাৰে সংৰ… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা