Wednesday, April 12, 2017

বৰপেটাৰোড, ১২ এপ্রিলঃ
আজি সৰভোগ সমষ্টিবাসী ৰাইজৰ বাবে এটা ঐতিহাসিক দিন, মোৰ জীৱনৰ অতিকৈ স্মৰণীয় দিন। এই বক্তব্য বিধান সভাৰ প্রাক্তন অধ্যক্ষ, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিৎ কুমাৰ দাসৰ।

আজি ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগৰ মন্ত্রী পৰিমল শুক্ল বৈদ্যই বিধানসভাৰ সমষ্টিখনৰ সৰভোগত ২৫ হাজাৰ মেট্রিকট্রন খাদ্য সামগ্ৰী সংৰক্ষণ কৰিব পৰা এখন বৃহৎ গুদামঘৰ শুভ উদ্বোধন কৰাৰ লগতে হাউলী নিয়ন্ত্রিত বজাৰ সমিতিৰ অধীনৰ বৰপেটাৰােড উপ বজাৰ চৌহদত (পাইকাৰী পাচলি বজাৰ) ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ দ্বাৰা মুঠ তিনি মহলীয়া কৰি নির্মান হ’ব লগা বজাৰ প্ৰকল্প গৃহৰ প্রথম মহলাৰ প্ৰায় ৩২ খন কোঠা ব্যৱসায়ী তথা কৃষক সকলৰ কৃষিজাত সামগ্ৰী বেচা-কিনাৰ সুবিধার্থে গড়কাপ্তানি মন্ত্রী গৰাকীয়ে মুকলি কৰি দিয়ে। একে সময়তে দীর্ঘ সময়ৰ পৰা উত্থাপিত দাবীৰ পৰিপ্ৰেক্ষিতত আন্দোলনকাৰী দল-সংগঠনক প্রদান কৰা লিখিত প্রতিশ্রুতি মর্মে ৬.৯১ কোটি টকা ব্যায়েৰে মেৰামতি কৰিব লগা বৰপেটাৰোড-মানাহ সংযোগী গড়কাপ্তি পথৰ আধাৰশীলা স্থাপন কৰাৰ সমান্তৰালকৈ বৰপেটাৰোড চহৰৰ আৰু তিনিখন ওৱাৰ্ডৰ গুৰুত্বপূর্ণ তিনিখন পথ মেৰামতিৰ আধাৰশীলা স্থাপন কৰে মন্ত্রী গৰাকীয়ে। এই কাৰ্যসূচী সমূহৰ লগত সংগতি ৰাখি প্রায় আঢ়ৈ কোটি ব্যায়েৰে নির্মিত তথা আজি শুভ উদ্বোধন কৰা বজাৰ গৃহত এখন উদ্বোধনী সভা অনুষ্ঠিত কৰে।


মন্ত্রী পৰিমল শুক্ল বৈধ্য ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ অধ্যক্ষ হৰষ দাস, উপাধ্যক্ষ মনােজ কুমাৰ বৰুৱা, বিধায়কবিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিৎকুমাৰ দাস, বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, বিধায়ক আশোক কুমাৰ সিদ্ধে, চক্ৰ বিষয়া মানস শইকীয়া, পৌৰসভাৰ সভানেত্রী সবিতা দেৱনাথকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কমেও তিনি শতাধিক কৃষক-ৰাইজ আৰু সচেতন লোকে অংশ গ্রহণ কৰে। সভাখনত ভাষণ প্রদান কৰি মন্ত্রী পৰিমল শুক্ল বৈদ্যই কয় যে, ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বাট-পথ নির্মানৰ বাবে ৮০০ কোটি ব্যায় কৰাৰ লগতে ১.৫ কোটি টকা মেৰামতিৰ ক্ষেত্ৰত ব্যায় কৰাৰ সিদ্ধান্ত কৰিছে। তেওঁ জল সম্পদ আৰু জলপৰিবহনৰ প্ৰতি সোণোৱাল চৰকাৰ আগ্রহী বুলি উল্লেখ কৰি কোনো চৰকাৰে চিন্তা নকৰা বিষয়ৰ ওপৰত ৰাইজক আকর্ষণ কৰাৰ বাবে নমামি ব্ৰহ্মপুত্ৰৰ দৰে ব্যায়বহুল অনুষ্ঠান আয়োজন কৰা বুলি মত ব্যাক্ত কৰে।
ইফালে সভাত ভাষণ প্রদান কৰি উত্তৰ বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰত স্থানৰ অভাৱত কৃষকসকলে বৰপেটাৰােড-মানাহ সংযোগী পথৰ দুয়াে কাষে পাচলি বিক্ৰী কৰা কার্যই পর্যটকসকলৰ অসুবিধা হােৱা বুলি প্রকাশ কৰাৰ লগতে বাহিৰৰ পৰা অহা লোকে বৰপেটাৰােডৰ মানুহক অসভ্য বুলি ভাবে বুলি উল্লেখ কৰি তেওঁ উত্তৰ বৰপেটাৰোডৰ পাইকাৰী পাচলি বজাৰ খন স্থানান্তৰ কৰি বাৰাপেটা, কাটাঝাৰ বা গোৱৰ্দ্ধনা অঞ্চলত স্থাপন কৰাৰ বাবে কৃষক মুক্তি সংগ্রাম সমিতি, আমছু, আছু আদি সংগঠনক খালী ঠাই বিচাৰি দিবলৈ ৰাজহুৱাকৈ আহবান জনায়। বহু আন্দােলনৰ পিছত স্থাপন হােৱা আধাৰশীলাৰ পিছত কিমান দিনত উল্লেখিত গুৰুত্বপূর্ণ পথটাে মেৰামতিৰ কাম আৰম্ভ হয় সেয়া নিশ্চয় লক্ষণীয় বুলি চৰ্চিত হৈছে। কাৰণ আধাৰশীলা স্থাপন হ’লেও এতিয়ালৈকে পথ মেৰামতি কৰাৰ কোনো ব্যৱস্থা বা প্ৰস্তুতি লোৱা পৰিলক্ষিত হােৱা নাই।

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা