বাল্য বিবাহ বন্ধ কৰিবলৈ গৈ মোৰ এজন বন্ধুৱে একাংশ ভণ্ড জনতাৰ হাতত মাৰ খাব লগীয়া হৈছিল৷ তথাপিও আমি বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত পিছুৱাই অহা নাই৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত তিনিমাহে প্ৰায় ডেৰ শতাধিক বাল্য বিবাহ বন্ধ কৰা হৈছে৷ এই প্ৰক্ৰিয়া অব্যাহত থাকিব৷ কিন্তু প্ৰতিক্ৰিয়াশীল এটা মহলে এই প্ৰক্ৰিয়া ক্ষান্ত কৰিব বিচাৰে৷ সততে ফেচবুকৰ জৰিয়তে জাতি উদ্ধাৰ কৰাৰ ব্যৰ্থ সপোন দেখা বুদ্ধিজীৱীসকলে জাতিৰ মঙ্গল হোৱা দেখা পালেই নিশাৰ টোপনি বাদ দি হ’লেও সমালোচনাত লাগি পৰে আৰু কাম কৰা লোকসকলক নিৰুৎসাহিত কৰে৷
শেহতীয়াকৈ ফেচবুক বুদ্ধিজীৱীসকলৰ হাতত পৰা এটা গৰম খবৰ হ’ল দৰং জিলাত বাল্য বিবাহ বন্ধ কৰাৰ পাছত পুনৰ গোপনে ধনৰ বিনিময়ত বিবাহ সম্পন্ন কৰাৰ এটা বাতৰি৷ — ফেচবুকত এই খবৰটো পোৱাৰ পিছত নিশ্চিত ভাবে বহু কথা মনলৈ আহিছে৷ বাল্য বিবাহ বন্ধ কৰাৰ বাবে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰিছে— "The prohibition of Child marriage act, 2006, No. 6 of 2007". কিন্তু ইয়াৰ কাৰ্যকৰী ৰূপ প্ৰকৃততে দেখা নাযায়৷ বাল্য বিবাহ যিহেতু সংখ্যালঘু সমাজত অধিক আৰু বাল্য বিবাহৰ বাবেই সংখ্যালঘুসকলৰ জনবিস্ফোৰণ ঘটিব ধৰিছে, প্ৰজন্মৰ সংখ্যা বাঢ়িছে আৰু ফলত সংখ্যালঘু সকলে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে৷ সেয়েহে এই বিষয়টো মাথো চৰকাৰৰ বাবে এৰি দিয়াটো যুক্তি সংগত নহয়৷ ইয়াৰ বাবে সমস্যাটোৱে যিসকল লোকক অধিক পৰিমানে জুৰুলা কৰি আহিছে সেইসকলে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগিব আৰু সমস্যাটো সমাধানৰ বাবে এখোজ বেছিকৈ আগবাঢ়িব লাগিব৷
বাল্য বিবাহ এটা জাতীয় সমস্যা৷ ইয়াক কঠোৰ হাতেৰে দমন কৰিব লাগে৷ অসমৰ্থিত সূত্ৰত প্ৰকাশ পোৱা ধৰণে সঁচাকৈয়ে যদি দৰং জিলাত ‘‘প্ৰথমে বাল্য বিবাহৰ খবৰ পাই বিবাহ বন্ধ কৰাৰ নাটক ৰচনা কৰে বা বিবাহ বন্ধ কৰে ৷ তাৰ পিছত দালাল ফিটিং কৰি দৰা আৰু কইনা পক্ষৰ পৰা মোটা অংকৰ ধন সংগ্ৰহ কৰি গোপনে আকৌ বিবাহ কাৰ্য্য সম্পন্ন কৰে’’ তেন্তে কথাটো দুৰ্ভাগ্যজনক আৰু জাতিৰ কাৰণে ক্ষতিকাৰক হ’ব৷ তেনেদৰে বাল্য বিবাহ বন্ধ কৰাৰ নাটক কৰি পুনৰ বিবাহ সম্পন্ন কৰোৱা সকলকো আইনৰ হাতত গতাই দিব লাগে৷ বাল্য বিবাহ প্ৰতিৰোধ নহ’লে আমাৰ সমাজ আৰু বহু দূৰ পিছুৱাই যাব৷
অৱশ্যে মই যিমানদূৰ গম পাইছো, বাল্য বিবাহৰ সমৰ্থনত থকা মানুহৰ সংখ্যা আমাৰ সমাজত যথেষ্ট পৰিমাণে আছে৷ তেওঁলোকে বিতৰ্কৰ সূচনা কৰি এটা ভাল কাম বিপথে পৰিচালিত কৰে৷ জাতীয় সংগঠনৰ লগত জৰিত থকাৰ অৰ্থ এইটো নহয় যে তেওঁলোকেই জাতিৰ চিন্তা কৰিব আৰু বাকী মানুহে গৰু-ছাগলীৰ দৰে খাব-শুব-পায়খানা কৰিব৷ সমাজৰ আৰু জাতিৰ প্ৰতিজন মানুহৰেই দায়িত্ব সমান, যিসকলে জাতিৰ বাবে অধিক সময় দিব পাৰে তেওঁলোকে জাতীয় সংগঠনত আছে, যিসকলে সময় দিব নোৱাৰে তেওঁলোকে মানসিক ভাবে জাতিৰ মঙ্গল কামনা কৰা উচিত৷
‘‘যিসকলে মাটিৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলে তেওঁলোকেহে জাতিৰ প্ৰকৃত হিতাকাঙ্খী, চিৰকালে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি জাতীয় সমস্যা সমাধান কৰিব নোৱাৰি৷ ’’
0 comments:
Post a Comment