প্ৰায় এশ শতাংশ মানুহেই নিজৰ সন্তান ডক্টৰ¸ ইঞ্জিনিয়াৰ¸ আইপিএচ¸ আইছিএচ¸ ভাল চাকৰিয়াল বা গ্লেমাৰিষ্ট বনাব বিচাৰে।
কোনো অভিভাৱকেই নিজৰ সন্তানক ভাল ৰাজনীতিবিদ বনাব নিবিচাৰে। ৰাজনীতি লেতেৰা বিষয় বুলি ভবা হয়।
নিজৰ সন্তানৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ বেলিকা সকলোৱে পাহৰি যায় যে ৰাজনীতিয়েই দেশ শাসন কৰায়¸ চাকৰি সৃষ্টি কৰায় অথবা দেশৰ মানুহে কেনেদৰে জীৱন-যাপন কৰিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ চৰকাৰখন দেশৰ একপ্ৰকাৰ বিধাতাৰ।
আজি আমাৰ জাতীয় সমস্যা সমাধান নোহোৱাৰ প্ৰধান কাৰণ আমাৰ সমাজত ৰাজনীতি ঘৃণা কৰা আৰু ভাল মানুহক ৰাজনীতিৰ পৰা আঁতৰাই পঠোৱা হয়।
মই বিশ্বাস কৰো যে মানসিক ভাবে দৰিদ্ৰ মানুহে চাকৰি কৰে¸ সবলে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে আৰু প্ৰগতিশীল¸ বৌদ্ধিক¸ দূৰদৰ্শী ৰাজনীতিয়ে সমাজ সুন্দৰ কৰে। মোৰ ব্যক্তিগত আৰু মোৰ মতে সমাজৰ বাবে প্ৰয়োজনীয়¸ আমি সঁচাকৈয়ে ভাবিবৰ হ’ল।
ৰাজনীতি ঘৃণা কৰা লোকসকলে ভাবে যে, যিসকল লোক ৰাজনীতিৰ লগত জড়িত তেওঁলোক প্ৰত্যেকেই বেয়া মানুহ৷ এই ধাৰণা সৃষ্টি হোৱাৰ মূল কাৰণো কিন্তু তেওঁলোক নিজেই৷ কাৰণ তেওঁলোকে যিখন ভাল মানুহৰ সমাজৰ কল্পনা কৰে সেই সমাজ ৰাজনীতি অবিহনে গঢ় লোৱা কল্পনাতীত৷
0 comments:
Post a Comment