Tuesday, April 11, 2017

অসমৰ ধৰ্মীয় সংখ্যালঘুসকল সামগ্ৰীক ভাবে অসমৰ মুঠ জনসংখ্যাৰ একতৃতীয়ংশ৷ তেনেস্থলতো সংখ্যালঘু বুলি কৈ ধৰ্মীয় সংখ্যালঘুসকলে ‘বেকফুটত’ অৱস্থান গ্ৰহণ কৰে৷ সম অধিকাৰৰ দাবীত এইসকলে ৰাজপথ বিচাৰি নাপায় প্ৰতিবাদী কন্ঠ জাগ্ৰত কৰিবলৈ৷ এই জনগোষ্ঠীৰ নেতাসকলে ‘হয় হুজুৰ’ বাক্য সাৰোগত কৰি ‘হাইকমাণ্ড’ক তৈলমৰ্দন কৰাত ব্যস্ত থাকে৷
নিজৰ আৰু জাতিটোৰ উন্নয়নৰ বাবে বলিষ্ঠ ভাবে মাত মাতিলে নিশ্চয় প্ৰায়বোৰ সমস্যা সমাধান হ’ল হেঁতেন৷ অসমত বিজেপিৰ এইবাৰেই প্ৰথম চৰকাৰ, ইয়াৰ পূৰ্বেতো বিজেপি নাছিল৷ সংখ্যালঘুৰ তথাকথিত ত্ৰাণকৰ্তাসকলৰ শাসনেই অধিক কাল চলিছে৷ তেতিয়া আমিবোৰে (অধিকাংশই) অনাকাঙ্খিত নিৰৱতা অৱলম্বন কৰিলো আৰু ক্ৰমশ পিছুৱাই গৈ থাকিলো৷ সেইবাবেই এতিয়া নতুন কৈ কিছু সংকট আমাৰ আগত আহি দেখা দিছে৷ যিবোৰ সংকট ইতিপূৰ্বে ইচ্ছা কৰিলে বিগত চৰকাৰবোৰে মোচন কৰিব পাৰিলে হেঁতেন৷ 
বিশেষ লিখি অৱশ্যে লাভ নাই— ১৯৯২ চনত জনসংখ্যা অনুপাতে চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ দিয়াৰ বিল পাচ কৰিও এতিয়ালৈকে কাৰ্যকৰী নকৰিলে...........৷ চব চালা একেই৷ 
বিজেপি বাবে চকুত বেছিকৈ লাগে,,, প্ৰতাৰণাৰ সাক্ষ্য ইতিপূৰ্বে শাসন কৰা চৰকাৰ সমূহে দি থৈ গৈছেই নহয়৷ বৰ্তমানৰ চৰকাৰে সেইবাবেই ‘চাঞ্চ’ লৈছে৷ কাৰণ তেওঁলোকে জানে যে— ‘‘সংখ্যালঘুসকল শুই থকা শিয়াল’’

Related image

Related Posts:

  • বজ্ৰ কলম—১                 সমাজ সংস্কাৰ কৰিবলৈ চেষ্টা কৰা লোকসকলে বাৰম্বাৰ মুখথেকেচা খালেও নিজৰ নীতি-আদৰ্শৰ পৰা বিচলিত হোৱা নাই। যাৰ ফলতেই অৱশিষ্ট অসমৰ ভাতৃত্ববোধ এতিয়াও বৰ্তি আছে। অসমৰ সকলো … Read More
  • NRC How to help you program at ARVUT complex Barpeta Road #NRChow2helpU আমি আজিও আৰভাটত বহিছিলো৷ মানুহৰ সমস্যা বহু৷ কাম কৰা মানুহ কম৷ ৰাতিপুৱাৰ পৰা প্ৰায় তিনি শতাধিক ভোক্তভোগী ৰাইজ আহিছিল৷ কিন্তু সকলোকে পৰ্যাপ্ত সময় দিব পৰা নাই৷ পুৱা ১১ টাত আহিও বহুতে তিনিটা বজাতহে নিজৰ স… Read More
  • মূৰৰ পৰা গেলিছে বৌদ্ধিক সমাজ, কুকুৰেও পাহৰিছে ভুকিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ক অসমৰ বৌদ্ধিক কেন্দ্ৰ বুলি বিবেচনা কৰা হয়৷ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমিকা অতুলনীয়৷ ইয়াৰ পৰাই আৰম্ভ হয় প্ৰতিটো শুভ কাম৷ গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত ব্যক্তিসকলে সেইবাবে সক… Read More
  • ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ইতিহাস ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ইতিহাস [দিনপঞ্জী] ======================== ১৯৫১— % লোকপিয়লৰ ভিত্তিত অসমত এন আৰ চি। ১৯৮০– ১৮ জানুৱাৰী 2 এন আৰ চি উন্নীতকৰণৰ বাবে কেন্দ্ৰ— ৰাজ্যক আছুৰ স্মাৰকপত্র। ১৯৮০– ২ ফেব্ৰুৱাৰী ঃ ইন্দিৰা স্মাৰকপত… Read More
  • সংবাদ প্ৰহৰীৰ তৃতীয় বৰ্ষপূৰ্ত্তিৰ অনুভৱঃ স্মৃতি-বিস্মৃতি ১৯৮৪ চনত ইন্টাৰনেটে আত্ম প্ৰকাশ কৰাৰ পিছত নাটকীয় ভাবে বিশ্বৰ পট পৰিৱৰ্ত্তন হোৱা পৰিলক্ষিত হৈছে। ইন্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিগত তিনিটা দশক আছিল অতিকৈ উল্লেখযোগ্য। ইন্টাৰনেটে নিৰ্ধাৰণ কৰিছে কেনেদৰে আমি বজাৰ কৰিম, কেনেদৰ… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা