Thursday, December 22, 2016

হাৰ কঁপোৱা জাৰত চৰকাৰে গৃহহাৰা কৰিলে ৪০০ পৰিয়ালক


অসমৰ ভাষা-সংস্কৃতি, সাহিত্য জীয়াই ৰখা প্ৰাগজ্যোতিষপুৰমূলীয় মিঞা মুছলমানৰ ওপৰত ধাৰাবাহিক অত্যাচাৰ অব্যাহত আছে৷ অসমৰ ভাষা আন্দোলনত প্ৰাণ দি ভাষা জননীক ৰক্ষা কৰা, বিদেশী বিতাৰণ আন্দোলনত সাম্প্ৰদায়িক শক্তিৰ হাতত প্ৰাণ দিয়াৰ লগতে ১৯৮৩ চনৰ পৰা ১৯৯৪, ২০০৮, ২০১২, ২০১৪ লৈকে বাৰম্বাৰ কোমল চিকাৰত পৰিণত হৈ গণহত্যাৰ বলি হোৱা এই লোকসকলৰ ওপৰত এতিয়া চলিছে নতুন নিৰ্জাতন৷ নদীৰ গৰাখহনীয়াৰ কবলত পৰি সৰ্বহাৰা হোৱা লোকসকলে ছন পৰি থকা চৰকাৰী ভূমি, চৰ-চাপৰি আদিত বসবাস কৰি থাকিছিল যদিও শেহতীয়াকৈ ‘জাতি-মাটি-ভেটি’ ৰক্ষা কৰাৰ শ্ল’গানলৈ ৰাজ্যৰ সাশনৰ গাধী দখল কৰিয়েই হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি দিয়া সৰ্বানন্দ সোনোৱাল চৰকাৰে এটাৰ পিছত এটাকৈ মুছলমান বসতি উচ্ছেদ চলাই পথৰ ভিক্ষাৰীত পৰিণত কৰিবলৈ নতুন ফৰ্মুলা তৈয়াৰ কৰিছে৷ ইয়াৰ লগতে মুছলমানসকলৰ সতি-সন্ততিসকলে যাতে ‘মানৱ সম্পদ’লৈ ৰূপান্তৰ হ’ব নোৱাৰে তাৰ বাবে শিশুসকলৰ শিক্ষাৰ অধিকাৰ খৰ্ব কৰি এন্ধাৰ ভৱিষ্যত উপহাৰ দিয়াৰ কূটিল ষড়যন্ত্ৰ কাৰ্যকৰী কৰা দেখা গৈছে৷

মুছলমান গাওঁত দৰং জিলা প্ৰশাসনৰ উচ্ছেদ
মুছলমান মানেই বাংলাদেশীৰ ভূত দেখা একাংশ সাম্প্ৰদায়িক দল-সংগঠন, তথাকথিত জাতীয়তাবাদী, জাত্যাভিমানী লোকৰ প্ৰৰোচনাত তথা সংগ্রামী সতীর্থ সন্মিলন, দক্ষিণ-পশ্চিম মঙলদৈ গোৱাল সন্থা, প্ৰব্ৰজন বিৰােধী মঞ্চ, কুৰুৱা আঞ্চলিক ছাত্র সস্থা, কুৰুৱা কৃষক সংঘ, দৰং বচাও আদি বিভিন্ন দল-সংগঠনে ছিপাঝাৰ সমষ্টিৰ চৰ অঞ্চলৰ ৭৭,৪২০ বিঘা চৰকাৰী আৰু পি জি আৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে দাবীত দীর্ঘদিন ধৰি প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই যোৱা বিধান অধিবেশনত সভাৰ মজিয়াত চৰ অঞ্চলৰ বেদখলৰ বিষয়টাে সবল ৰূপত উত্থাপন কৰি বেদখলী ভূমি ‘সন্দেহযুক্ত বাংলাদেশী’ৰ কবলৰ পৰা মুক্ত কৰাৰ দাবী জনােৱাৰ পৰিপ্রেক্ষিতত দৰং জিলা প্রশাসনে গৰাখহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হৈ অন্ন, বস্ত্ৰ, বাসস্থানৰ মৌলিক প্ৰয়োজন পূৰণ কৰাৰ বাবে ছিপাঝাৰৰ চৰ অঞ্চলৰ পি জি আৰ ভূমিত বসবাস কৰি থকা শ্ৰমজীৱী মুছলমান লোকক একপক্ষীয় ভাবে ২১ ডিচেম্বৰ-২০১৬ ইং তাৰিখে পুৱাৰ ভাগত সহস্রাধিক সেনা-আৰক্ষীৰ এটি বিশাল বাহিনী লৈ এক্সকেভেটিৰেৰে উচ্ছেদ অভিযান আৰম্ভ কৰে।


মুছলমান মানেই বাংলাদেশীঃ আৰ এছ এছৰ সহযোগত চলা উচ্ছেদৰ সময়ত দৰং জিলা প্ৰশাসন আৰু আৰএছএছ কৰ্মীৰ এটি দল
চৰকাৰী নথিমতেই ছিপাঝাৰৰ চৰ অঞ্চলৰ ৭৩,২২০ বিঘা চৰকাৰী আৰু ৪,২০০ বিঘা পি জি আৰ মাটিত দীর্ঘদিনৰে পৰা এই লোকসকলে বসবাস কৰি আছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশত দৰং জিলা প্রশাসনে পি জি আৰ ভূমিত উচ্ছেদ অভিযান চলাই ৪০০ পৰিয়ালক গৃহহীন কৰি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পিছতো একাংশ দল-সংগঠনে বৃহৎ পৰিমাণৰ পি জি আৰ ভূমিতো উচ্ছেদ অভিযানৰ ধৰণ-কৰণ দেখি এয়া অর্থহীন হ’বগৈ বুলিও মত ব্যক্ত কৰিছে। তেওঁলোকৰ মতে ‘বাংলাদেশী’ৰ চৰণীয়া পথাৰত পৰিণত হােৱা চৰ অঞ্চলৰ পি জি আৰ ভূমিৰ মানচিত্ৰত চক্রান্তৰে সলনি কৰি মাজভাগতহে উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰসাশনে। পুৱা আঠ বজাৰ পৰা জে চি বিৰে মানুহ উচ্ছেদ অভিযান চলোৱাত থলুৱা গোপালকসকল অলপো উপকৃত নহ’ব বুলি মানৱতাহীনসকলে মত ব্যক্ত কৰাৰ লগতে চৰ অঞ্চলত বসবাস কৰা মুছলমানসকলক বাংলাদেশীৰ লেবেল লগাই উচ্ছেদ চলোৱাৰ বাবে দাবী উত্থাপন কৰিছে৷ ৰাজ্য চৰকাৰেও সংশ্লিষ্টসকলক সন্তুষ্ট কৰাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত বহন কৰিছে৷ 
উল্লেখযোগ্য যে জিলা প্রশাসনে বৃহৎ সেনা-আৰক্ষীৰ এটি দল লগত লৈ চৰ অঞ্চলৰ ধানবাৰীত উপস্থিত হৈ ধানবাৰী বজাৰৰ পৰা উচ্ছেদ অভিযানত গৰাখহনীয়াত পৰা ভূমিহীনলোকৰ দ্বাৰা বেদখলীকৃত ৪,২০০ বিঘা পি জি আৰ ভূমিৰ প্রায় এহেজাৰ দুই শ বিঘা বেদখলমুক্ত কৰা হয়। দিনটােত চলা এই উচ্ছেদ অভিযানত ধানবাৰী বজাৰকে ধৰি দুই শতাধিক পৰিয়ালৰ গৃহ উচ্ছেদ কৰা হয়। 
দৰং জিলা প্রশাসনে চলোৱা এই উচ্ছেদক একপক্ষীয় বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদী সভা অনুষ্ঠিত কৰি চৰকাৰক কঠোৰ সকীয়নি দিয়ে দৰং জিলা আমছুৱে। উক্ত অঞ্চলত বসবাস কৰা প্ৰতিজন লোকেই ভাৰতীয় নাগৰিক বুলি দাবী কৰি এই লোকসকলক পুনৰ সংস্থাপনৰ বাবেও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। গৰাখহনীয়াৰ ফলত গৃহহাৰা হৈ চৰ-চাপৰি অঞ্চলত বসবাস কৰি অহাৰ পাছত আজি পুনৰ চৰকাৰৰ পৃষ্ঠপোষকতাত গৃহহীন হােৱা লোকখিনিৰ দায়িত্ব এইখন চৰকাৰৰ বুলিও দাবী কৰে প্রতিবাদী সভাই। এটা সময়ত চৰকাৰেই বিদ্যালয় পাতি, চিকিত্সালয় স্থাপন কৰি দিয়াৰ পাছতো আজি হঠাতে এনেদৰে চলোৱা উচ্ছেদ গণতন্ত্ৰৰ পৰিপন্থী বুলিও দাবী কৰিছে আমছুৰ নেতা আইনুদ্দিন আহমেেদ৷ ভূমিহীন এই লোকসকলক স্থায়ী মাটিৰ পট্টা আবণ্টনৰাে দাবী তুলিছে সংগঠনটোৱে৷
আমছুৰ প্ৰতিবাদী সভাত ৰাইজৰ একাংশ


আমছুৰ প্ৰতিবাদী সভাত সাধাৰণ সম্পাদক আইনুদ্দিন আহমেদ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থা, বাওঁ গণতান্ত্রিক মঞ্চ আদিৰ একাংশ নেতাই ছিপাঝাৰ চৰ অঞ্চললৈ আহি চৰজমিন অধ্যয়ন কৰি চৰ অঞ্চলত বাস কৰা লোকসকল ভূমিহীন থলুৱা লোক বুলি উল্লেখ কৰি এই লোকসকলক উচ্ছেদৰ বিৰােধিতা কৰে যদিও একাংশ লোকক সন্তুষ্ট কৰাৰ বাবে এই উচ্ছেদ কৰা বুলি মত ব্যক্ত কৰিছে সন্থাই৷
ইফালে জিলা প্রশাসনে বেদখলী ভূমিত উচ্ছেদ আৰম্ভ কৰাৰ পৰিপ্রেক্ষিতত সংগ্রামী সতীর্থ সন্মিলন, দক্ষিণ-পশ্চিম মঙলদৈ গোৱাল সস্থা, প্ৰব্ৰজনবিৰােধী মঞ্চ আদি দল-সংগঠনে আজি বেদখলী ভূমিত গণ সত্যাগ্ৰহ কাৰ্যসূচী বাতিল কৰি খলিহৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এক সমাবেশ অনুষ্ঠিত কৰে। 
উক্ত সমাবেশত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজনবিৰােধী মঞ্চৰ মুখ্য আহ্বায়ক উপমনু হাজৰিকাই বক্তব্য ৰাখি কয়— 
‘‘দীর্ঘদিনীয়া সংগ্ৰামৰ অন্তত আজি আমি এটা ৰিজাল্ট পাইছাে যদিও ই সম্পূর্ণ নহয়। কিয়নো এঠাইত উচ্ছেদ অভিযান চলালে তেওঁলোকে আন ঠাইত বসতি কৰে। আজি গণ সত্যাগ্ৰহ কাৰ্যসূচী প্রত্যাহাৰ কৰি প্ৰশাসনৰ সদিচ্ছা চাব খুজিছাে। কিন্তু আমি অনির্দিষ্ট কাললৈ এই কাৰ্যসূচী প্রত্যাহাৰ কৰা নাই। ইয়াৰ চৰ অঞ্চলত ৭৭,৪২০ বিঘা ভূমি ২১ জানুৱাৰীৰ ভিতৰত বেদখলমুক্ত নকৰিলে আমি ২২ জানুৱাৰীৰ দিনাই বেদখলী ভূমিত গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিম।’’
গৃহহীন হোৱা লোকে দিশহাৰা হোৱাৰ পিছত...... ভৱিষ্যতহীন শিশু
ইপিনে বক্তব্যত তেওঁ ৰাজহ চক্ৰ বিষয়া আৰু লাটমণ্ডলে পি জি আৰ ভূমিৰ মানচিত্ৰ সলনি কৰাৰ অভিযোগ উত্থাপন কৰে। চৰ অঞ্চলৰ মাজভাগৰ ভূমি বেদখলমুক্ত কৰিলে থলুৱা লোকসকল কোনাে প্ৰকাৰে উপকৃত নহয় বুলি তেওঁ বক্তব্যত উল্লেখ কৰি লগতে কয়— 
‘‘ইয়াৰ পি জি আৰ ভূমিত ১৯৯৩ চনত ১৯৯ টা সন্দেহযুক্ত বাংলাদেশী পৰিয়ালক পাঁচ বিঘাকৈ ভূমি আবণ্টন দিয়া হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত পৰৱতী সময়ত সমগ্ৰ চৰ অঞ্চল বাংলাদেশীৰে ভৰি পৰে।” সংগ্রামী সতীর্থ সন্মিলনৰ সভাপতি ৰমেশ বৰুৱাই সভাপতিত্ব কৰা সমাবেশত বেদখলমুক্ত কৰা ভূমি থলুৱাৰ বাবে সুৰক্ষিত কৰা, কুৰুৱাত পূৰ্ণাংগ পর্যায়ৰ আৰক্ষী চকী স্থাপন, বেদখলী ভূমিত চৰকাৰী আঁচনি ৰূপায়ণ বন্ধ কৰা, বেদখলী সমস্যাৰ স্থায়ী সমাধান আদি দাবীও তোলে প্রস্তাৱযোগে। উচ্ছেদ অভিযানৰ সময়ত উপায়ুক্তসহ অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, ছিপাঝাৰৰ ৰাজহ চক্র বিষয়া মনালী জৈন, আৰক্ষী অধীক্ষক সুনীল কুমাৰ আদি উপস্থিত থাকে।


হিষ্ট’ৰীঃ
অসম আন্দোলনৰ নেতা তথা প্রাক্তন ৰাজহ মন্ত্রী জয়নাথ শৰ্মাৰ শাসনকালত ছিপাঝাৰৰ ফুহুৰাতলীত ১৯৯ টা পৰিয়ালে পাঁচ বিঘাকৈ পি জি আৰ মাটি আবণ্টন লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সর্বস্বান্ত হােৱা লোকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত ২১১১/৮৯ নম্বৰত এক গোচৰ তৰি ১৯৯৩ চনত ছিপাঝাৰৰ ফুহুৰাতলীত ১৯৯ টা পৰিয়ালে পাঁচ বিঘাকৈ পি জি আৰ মাটি আবণ্টন লাভ কৰিছিল। কিন্তু এইক্ষেত্ৰত বিভিন্ন দল-সংগঠনে প্রতিবাদ কৰাত উত্তৰ অসমৰ আয়ুক্তৰ জৰিয়তে এক তদন্ত কৰা হয়। এই তদন্তৰ প্ৰতিবেদনত কোৱা হয় যে মাটি আবণ্টন লাভ কৰা লোকসকল দৰঙৰ নহয়। তেওঁলোক দৰঙৰ বাহিৰৰ পৰা অহা লোক। তেওঁলোক মাটি আবণ্টন পোৱাৰ বাবে যোগ্য ব্যক্তি নহয়। এনে পৰিপ্ৰেক্ষিতত এই লোকসকলৰ ১৯৯৪ চনৰ ১২ জানুৱাৰীত মাটি আবণ্টন বাতিল কৰা হয়। উত্তৰ অসমৰ আয়ুক্তৰ তদন্তৰ প্রতিবেদনৰ ভিত্তিত অসম চৰকাৰৰ উপ-সচিবে ইয়াৰে ফুহুৰাতলীৰ ২, ৪ আৰু ৫ দাগ নম্বৰত ১৯৯ টা পৰিয়ালে ৫ বিঘাকৈ লাভ কৰা ১৯৯৫ বিঘা পি জি আৰ মাটিৰ বেদখল উচ্ছেদ কৰিবলৈ ১৯৯৪ চনৰ ৯ মে'ত দৰং জিলাৰ উপায়ুক্তলৈ আৰ এছ এছ৩০৭/৯৩/৭১ নম্বৰত এক নির্দেশনা প্ৰেৰণ কৰিছিল। 
সেই সময়ত ৮৭ টা তেনে পৰিয়ালে মাটি চমজি ল’ব পৰা নাছিল যদিও অসম আন্দোলনৰ এগৰাকী নেতাৰ হস্তক্ষেপত ২০১৫ বৰ্ষত সেই পৰিয়ালসমূহক দৰং জিলা প্রশাসনে মাটি চমজাই দিবলৈ নির্দেশ দিয়ে ছিপাঝাৰ ৰাজহ চক্র বিষয়াক।

Sunday, December 18, 2016

মিয়া লোক সংস্কৃতিৰ বিষয়ে আলোচনা কৰাৰ পূর্বে লোক সংস্কৃতিনাে কি সেই বিষয়ে চমূ আলোচনা কৰা প্রয়ােজন। সেই গতিকে লোক সংস্কৃতিৰ এটি সংজ্ঞা দিয়াৰ যত্ন কৰা হৈছে। লোক সংস্কৃতি এটি বিশাল বস্তু। তথাপিও এই সম্পর্কে থুল মূল এটা ধাৰণা দিয়াৰ যত্ন কৰা হৈছে।
Image result for char chapori
সংজ্ঞা ঃ জনসাধাৰণৰ মাজত যুগ যুগৰ পৰা মৌখিক ভাবে প্রচলিত সাহিত্য, ধ্যান-ধাৰণা, আচাৰ-ব্যৱহাৰ, নিয়ম-নীতি, পৰীক্ষা-পৰিশোধন কৰি প্রচলিত জীৱন ব্যৱস্থাক বা চমুকৈ জন সমষ্টিৰ দৈনন্দিন জীৱন প্রণালীক লোক সংস্কৃতি বুলিব পাৰি। নাইবা লোক গীত, লোক নৃত্য, লোকাচাৰ, লোক বিশ্বাস, অন্ধ বিশ্বাস, ধর্ম বিশ্বাস, আচাৰবিচাৰ, ক্রিয়া-কৌতুক, যুক্তি-পৰম্পৰা, বিশ্বাস, আবেগ-অনুভূতি, ৰীতি-নীতি আদি কৰি গীত-মাত এই সকলোবােৰ সাঙুৰি সৃষ্টি হােৱা জীৱন শৈলীক (জীৱন প্রণালীক) চমুকৈ লোক সংস্কৃতি বুলিব পাৰি।
পৃথিৱীৰ সকলোবােৰ জাতি-জনগােষ্ঠী বা জন সমষ্টিৰ মাজতেই সুকীয় সংস্কৃতি প্রবাহমান। লোক সংস্কৃতি অবিহনে কোনাে সমাজ গঠন প্রক্রিয়া সম্পূর্ণ হােৱা অসম্ভৱ বা হ’ব নােৱাৰে। অসমৰ সংস্কৃতি বহুৰঙী সংস্কৃতি। অসমীয়া সংস্কৃতি মূল ভাৰতীয় সংস্কৃতিৰ আধাৰত যদিও বহু পৰিমাণে মৌলিকতাও আছে। এই ক্ষেত্ৰত আকৌ মিয়া লোক সংস্কৃতিত ভাৰতীয় সংস্কৃতিৰ লগতে বর্তমানৰ বাংলাদেশৰ সংস্কৃতিৰ লগত মিল থকা দেখা যায়।
ইংৰাজী Culture শব্দৰ পৰা সংস্কৃতি শব্দৰ উত্পত্তি হােৱা বুলি কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰকে আদি কৰি বহু পণ্ডিতে মত পোষণ কৰিছে।
মিয়া শব্দটাে মুছলমান সকলৰ মাজত মান্যর্থত ব্যৱহৃত শব্দ। মূল আৰবী। বিশেষকৈ ইছলামীয় দেশ সমূহত মান্যর্থত (সন্মান জনােৱাৰ বাবে) পুৰুষৰ ক্ষেত্ৰত মিয়া আৰু নাৰীৰ ক্ষেত্ৰত বিবি শব্দৰ প্রয়ােগ কৰা দেখা যায়। কিন্তু অসমৰ ক্ষেত্ৰত বিশেষকৈ প্রাগজ্যোতিষপুৰীয়া, বংগীয় আৰু শেষতীয়াকৈ পূর্ব পাকিস্থানীয় মূলৰ জনগােষ্ঠী যি সকলৰ ১৯৫১ চনত অসমীয়া ভাষাক ৰাজ্য ভাষাৰূপে স্বীকৃতি পোৱাৰ আগত মাতৃ ভাষা বঙলা (বাংলা) আছিল নাইবা বর্তমানে যিসকল অভিবাসী প্ৰব্ৰজিত মুছলমান বুলি কোৱা হয়। সেই সকলক আকৌ মিয়া বুলি জনা যায়। অর্থাত্ ভাৰতীয় হিন্দু মূলৰ ধৰ্মান্তৰিত আৰু ১৯৫১ চনৰ লোকপিয়লৰ আগৰ বাংলাভাষী অসমৰ মুছলমানক মিয়া বুলি কোৱা হয়। ১৯৫১ চনৰ আগতে লোকপিয়লত এওঁলোকে নিজৰ মাতৃভাষা বাংলা বুলি উল্লেখ কৰিছিল, কিন্তু ১৯৫১ চনৰ লোক পিয়লত অসমৰ অস্তিত্ব ৰক্ষাৰ স্বর্থত আৰু অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে পোৱাৰ বাবে জামাত-উলেমা-ই-হিন্দৰ পৰামর্শত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধর্মািন্তৰিত মুছলমান সকলে মাতৃ ভাষা অসমীয়া বুলি উল্লেখ কৰিছিল।
Image result for char chapori
এই মিয়া মুছলমান বা চমুকৈ মিয়া জনগােষ্ঠীৰ লোক নৃত্য, লোক গীত, আবেগ অনুভূতি, কলা কৃষ্টি আদিক মিয়া লোক সংস্কৃতি বােলা হয়। পূর্বে উল্লেখ কৰা দৰে মিয়া লোক সংস্কৃতিত ভাৰতীয় সংস্কৃতিৰ লগতে বর্তমানৰ বাংলাদেশৰ সংস্কৃতিৰ লগত মিল আছে যদিও লোক সংস্কৃতিৰ প্ৰতিটাে উপাদানেৰে পৰিপুষ্ট মিয়া লোক সংস্কৃতিৰ ভৰাল অতি চহকী। কিন্তু দুর্ভাগ্যজনক ভাবে অনাদৃত। মাতৃ ভাষা সলনি কৰাটাে ইয়াৰ এটা অন্যতম কাৰণ হব পাৰে।

এই ছেগতে আৰু এটা কথা নিশ্চয় উল্লেখ কৰিব লাগিব যে, যি জনগােষ্ঠীয়ে অসমীয়া ভাষাক মাতৃ ভাষাৰ মর্যাদা প্রদান নকৰিলে ভাষাটাে অসমৰ ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি নাপালে হেতেঁন সেই জনগোষ্ঠীৰ লোক সংস্কৃতি মূল সূতিৰ অসমীয়া বুলি পৰিচয় দিয়া কোনাে এজন পণ্ডিতৰেই অসমীয়া ভাষাত ৰচিত গৱেষণামূলক পূর্ণাঙ্গ গ্রন্থত স্থান নাপালে। ইয়াৰ পৰা বুজিব পাৰি যে মূল অসমীয়া ভাষি লেখক-লেখিকা সকলে এই জনগােষ্ঠীটােৰ প্ৰতি অৱজ্ঞৰ দৃষ্টিৰে চাই আহিছে। তাৰ প্ৰমাণ স্বৰূপে ১৯৭৭ চনত স্বয়ং অসম সাহিত্য সভাই প্রকাশ কৰা-ৰহিম ৰূপবানৰ সাধু নামৰ সাধু সম্পর্কীয় গ্ৰন্থৰ কথা শশী শৰ্মাৰ গৱেষণামূলক গ্রন্থ -অসমৰ সাধু কথা- নামৰ গ্ৰন্থখনত সাহিত্য সভাৰ অন্ন্যান্য সাধু সম্পৰ্কীয় তথ্য সন্নিবিষ্ট হৈ আছে। আনকি অসম সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশনে (২০০১) প্রকাশ কৰি উলিওৱা -অসমীয়া লোক সাহিত্য-, ড০ প্রফুল্ল দত্ত গোস্বামী ৰচিত -অসমীয়া জন সাহিত্যশশী শৰ্মা ৰচিত অসমৰ লোক সাহিত্য- আদিৰ লগতে মহাবিদ্যালয় বা বিশ্ব বিদ্যালয়ৰ অসমীয়া ভাষা সাহিত্য বা লোক সংস্কৃতিৰ ছাত্র-ছাত্রী সকলে মিয়া লোক সংস্কৃতিৰ বিষয়ে কোনাে তথ্যই জ্ঞাত নহয়, বা এই বিষয়টাে পাবলৈ নাই। অৱশ্যে শেষতীয়াকৈ মহাবিদ্যালয় আৰু বিশ্ব বিদ্যালয়ৰ অসমীয়া ভাষা সাহিত্য বা লোক সংস্কৃতিৰ ছাত্র-ছাত্রী সকলে মিয়া লোক সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছে বুলি ক্ষীণ সংকেত পোৱা গৈছে।
মূল অসমীয়াভাষী লেখক-লেখিকা সকলে এই জনগােষ্ঠীটােৰ প্ৰতি অৱজ্ঞৰ দৃষ্টিৰে চাই অহাৰ বাবেই হয়তাে জনগােষ্ঠীটােৱে অসমীয়া ভাষা গ্রহণ কৰাৰ ৬৩ বছৰ পাছতো সমন্বয় গঢ়ি উঠাত অসুবিধাৰ সৃষ্টি হৈছে। কাৰণ সাংস্কৃতিক আদান প্রািদনৰ পৰা সমন্বয়ৰ সাঁকো গঢ় লয়। এই সমন্বয়ৰ সাঁকো গঢ় লোৱাৰ ক্ষেত্ৰত মূল অসমীয়া ভাষী লেখক লেখিকা সকলেই জটিলতা আনিছে বুলি আমাৰ দৃঢ় মত।
অসমৰ সম্বয় আৰু ভাতৃত্ববােধৰ স্বর্থত মিয়া লোক সংস্কৃতি অধ্যয়ন আৰু বিস্তাৰ কৰা অতিকৈ প্রয়ােজন আৰু সাম্প্রতিক সময়ৰ বাবে প্ৰাসংগিক। এই আলোচনা তাৰেই এটা ক্ষুদ্র প্রয়াস।
Image result for char chapori

Thursday, December 15, 2016

Image may contain: 12 people, people sitting

             মোৰ প্রিয় বন্ধু, মোৰ সংগ্রামী কাৰ্যসূচীসমূহৰ অন্যতম সতীৰ্থ ৰাতুল হুছেইন আৰু মোৰ প্ৰতিটাে শুভ কামত অশেষ অৱদানেৰে মোক ঋণী কৰি ৰখা শ্বাকিল আহমেদকে আদি কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ বৰপেটাৰােড আঞ্চলিক আৰু দােমনী-কাটাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আয়ােজিত ‘আমৰণ অনশন’কাৰ্যসূচীত অংশগ্রহণ কৰা মুঠ ১০ গৰাকী অনশনকাৰীৰ ত্যাগৰ ইতিহাস বৰপেটাৰােডৰ গৌৰৱময় ইতিহাসৰ অংশীদাৰ হ’ব আৰু ইয়াৰ সমান্তৰালকৈ স্থানীয় নেতৃত্ব আৰু বিধানসভাৰ অধ্যক্ষৰ নামো বৰপেটাৰােডৰ ইতিহাসৰ পাতত থাকি যাব। যি ইতিহাসে উত্তৰ পুৰুষক সঠিক সিদ্ধান্ত লোৱাৰ বাবে উৎসাহিত কৰিব। ১২ ডিচেম্বৰৰ পুৱা ১১ বজাৰৰ পৰা কৃষক মুক্তি সংগ্রাম সমিতিয়েবৰপেটাৰােডৰ ৰেলপথৰ উত্তৰ পাৰে থকা ৰিক্সা ষ্টেণ্ডত গ্রহণ কৰা আমৰণ অনশন কাৰ্যসূচীৰ সঁচাকৈয়ে প্রসঙ্গিকতা আছেনে (?) এই প্রসঙ্গত নিশ্চয় আলোচনা কৰাৰ থল আছে। বৰপেটাৰােডৰ ৰে’লৱেৰ উত্তৰ পাৰক শেহতীয়াকৈ উত্তৰ বৰপেটাৰােড বুলি নামাকৰণ কৰাৰ যত্ন কৰা হৈছে। সমগ্ৰ অসমৰ ভিতৰতে লেখত ল’বলগীয়া অসমৰ অন্যতম বনিজ নগৰী বৰপেটাৰোড কেতিয়াও উত্তৰ বৰপেটাৰোড আৰু দক্ষিণ বৰপেটাৰোড নামেৰে নামাকৰণ হােৱা নাছিল। শেহতীয়াকৈ বহুলভাবে উত্তৰ বৰপেটাৰোড প্ৰচাৰ হােৱা, ব্যৱহাৰ হােৱাৰ প্রবনতাই গা কৰি উঠিছে। ইয়াৰ মূল কাৰণটাে কি হ’ব পাৰে ? বৰপেটাৰােডৰ সাধাৰণ বাসিন্দাৰ দৃষ্টিকোণেৰে সামান্য এক বিশ্লেষণ আগবঢ়ালো। নামনি অসমৰ অন্যতম বানিজ্য নগৰী হিচাপে খ্যাত, অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ গৃহ চহৰ আমাৰ বৰপেটাৰােড। অসমৰে ভিতৰত শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত বৰপেটাৰােডৰ স্থান সদায় শীর্ষত। বৰপেটাৰােডৰ দাঁতিকাষৰীয়া অঞ্চলৰ অসমীয়া, বড়ো, নেপালী, আদিবাসী, বঙালী, হিন্দু-মুছলমান আদি সকলো জাতি-জনগোষ্ঠীৰ কৃষক ৰাইজে উৎপাদন কৰা শাক-পাচলি বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰৰ পৰা অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য তথা সমগ্ৰ ভাৰতৰ লগতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰপেটাৰােডৰ পৰা শাক-পাচলি চীন, পাকিস্তান, বাংলাদেশ, ম্যানমাৰ, নেপাল, ভূটান আদি ৰাষ্ট্ৰলৈ ৰপ্তানি হয়। ফলস্বৰূপে আমাৰ এই সমগ্র অঞ্চলৰ কৃষক ৰাইজৰ লগতে ৰাজ্য তথা দেশখনে লাভৱান হ’বলৈ সক্ষম হয়।

            বিশ্বখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশদ্বাৰ আৰু ভূটানক সংযোগ কৰা পথ বৰপেটাৰােডৰ মাজেৰে পাৰ হৈ যোৱাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষলৈ যোৱাৰ বাবে ৰে’লপথ বৰপেটাৰােডৰ মাজেৰে পাৰ হৈ যোৱাৰ লগতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে বৰপেটাৰােডক চুই গৈছে। বৰপেটাৰােডবাসী সাধাৰণতেই সৌভাগ্যশালী বুলি ক’ব পাৰি। বৰপেটাৰােড পৌৰসভা এলেকাৰ তিনিটাকৈ বৃহৎ ৱার্ড ক্রমে ১ নং, ২ নং আৰু ৯ নং ৱাৰ্ডৰ হাজাৰ হাজাৰ মানুহ বিভিন্ন ব্যৱসায় বাণিজ্যত জৰিত হৈ বৰপেটাৰােডৰ অর্থনীতি টনকীয়াল কৰি আহিছে। বাৱসায়-বানিজ্যৰ ক্ষেত্ৰত নামনি অসমৰ প্ৰাণকেন্দ্র স্বৰূপ বৰপেটাৰােডৰ দূৰৱস্থাৰ সীমা নাইকীয়া হৈছে, বিভাজনৰ নিকৃষ্ট ৰাজনীতিয়ে বৃহত্তৰ বৰপেটাৰােডৰ ভাতৃত্ববোধক বিনষ্ট কৰাই নহয় উত্তৰ আৰু দক্ষিণ নামেৰে নামাকৰণ হ’বলৈ আৰম্ভ হৈছে। আমি প্রায় সকলোৱে জানো যে বৰপেটাৰোডৰ পাইকাৰী পাচলি বজাৰলৈ বৰপেটা জিলাৰ কলগাছিয়া, বৰপেটা, বজালী মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে বাক্সা জিলাৰ শ শ গাওঁৰ হাজাৰ হাজাৰ কৃষক ৰাইজে মূৰৰ ঘাম মাটিত পেলাই কঠোৰ পৰিশ্রম কৰি উৎপাদন কৰা শাক-পাচলি বিক্ৰী কৰিবৰ বাবে বৰপেটাৰােডলৈ আনে। ইয়াৰে বৰপেটা জিলাৰ উত্তৰ অংশ আৰু বাক্সা জিলাৰ এক বৃহৎ অংশৰ হাজাৰ হাজাৰ কৃষক ৰাইজে বৰপেটাৰােড-মানাহ সংযোগী পথেৰেই উৎপাদিত শাক-পাচলি বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰলৈ বিক্ৰীৰ বাবে আনে। বৰপেটাৰােড-মানাহসংযোগী একমাত্র গড়কাপ্তানি বিভাগৰ জৰাজীৰ্ণ পথটােৰেই প্রতিদিনে হাজাৰ হাজাৰ কৃষকে বৰপেটাৰােডলৈ শাক-পাচলি বিক্ৰী কৰিবলৈ আনে। প্রতিনিয়ত সমাজৰ সৰ্বস্তৰৰ ৰাইজৰ অতিকৈ প্রয়োজনীয় এই পথটো বিগত কেইবাবছৰৰ পৰা ভয়ানক ভাবে জৰাজীৰ্ণ হৈ পৰিছে। প্রায় এক দশকে এই পথটাে মেৰামতি নকৰাৰ ফলত বিশ্বখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশী-বিদেশী পর্যটকসকলেও এক তিক্ত অভিজ্ঞতা বহন কৰি থাকিবলগা হৈছে। শেহতীয়াকৈ এই পথটো কালৰূপী বেঁকী নদীৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা চুবুৰীয়া ৰাষ্ট্র ভূটানৰ লগত যোগাযোগ একপ্রকাৰ বিচ্ছিন্ন হােৱাৰ পথত। এই পথটাে মেৰামতি কৰাৰ দাবীত ৰাইজৰ সহযোগত আমাৰ লগতে বিভিন্ন দল-সংগঠনে ইতিপূর্বে বহুবাৰ পথ অৱৰােধ, ধর্ণা, অৱস্থান ধর্মঘট, মানৱশৃংখল, প্রতিবাদী সভা, নাগৰিক সভা অনুষ্ঠিত কৰাৰ লগতে অলেখ স্মাৰকপত্র প্রদান কৰি অহা হৈছে। কিন্তু জিলা প্রশাসন, স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰে এই বিষয়ত চৰম উদাসীনতা প্রদর্শন কৰাৰ বাদে যেন একোৱেই কৰিবলৈ সক্ষম নহ’ল। বাৰম্বাৰ প্ৰতিবাদী জনতাক কতৃপক্ষই প্রতিশ্রুতিৰ আভুৱা ভাৰি দায়িত্ব সামৰিলে। মাথােঁ নির্বাচনৰ সময়ত ৰাইজলৈ মনত পৰা নেতা-পালি নেতাসকলেও বতৰৰ ফুলৰ দৰে নাইকীয়া হৈ পৰিল আৰু আমাৰ কৃষক তথা সর্বস্তৰৰ ৰাইজৰ দুখ-দুৰ্দশা কোলাই-পাচিয়ে নধৰা হ’ল। দুখ আৰু পৰিতাপৰ বিষয় যে বৰপেটাৰােডত উৎপাদিত সামগ্ৰী সমূহ আন্তজাতিক পর্যায়ত সমাদৃত হােৱাৰ পিছতাে বৰপেটাৰােডৰ আন্তঃগাঁথনি উন্নত নহ’ল। বৰপেটাৰােড পৌৰসভাই পাইকাৰী পাচলি বজাৰৰ পৰা প্রতি মাহে লাখ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰি আহিছে যদিও বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰৰ আন্তঃগাঁথনি নির্মাণৰ ক্ষেত্ৰত দীর্ঘদিনীয়া অনীহা প্রদর্শন কৰি আহিছে। বাৰিষা বাদেই খৰাং বতৰতো উত্তৰ বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰত সুস্থ মানুহ প্ৰৱেশ কৰা যমৰ যাতণাতকৈ কোনো গুণেই কম হৈ থকা নাই। নিয়মীয়াকৈ চাফ-চিকুন নকৰা আৰু ইয়াৰ নলা সমূহ বিজ্ঞানসন্মত ভাবে নির্মান নকৰাৰ ফলত পাইকাৰী পাচলি বজাৰ লেতেৰা ডাষ্টবিনত পৰিণত হৈছে। অতি পৰিতাপৰ কথা যে বৰপেটাৰােড-মানাহ গড়কাপ্তানি পথটােৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে কৃষক ৰাইজৰ লগতে উত্তৰ বৰপেটাৰােডৰ ব্যৱসায়ী, চাকৰিয়ালকে আদি কৰি সৰ্বস্তৰৰ ৰাইজে দুযোগ ভুগি আছে। ইয়াৰ সমান্তৰালকৈ বৰপেটাৰােডমানাহ সংযোগী পথেৰে ৰাতিপুৱা ৭.৩০ বজাৰ পৰা কণ-কণ ছাত্র-ছাত্রীৰ পৰা কলেজীয়া ছাত্র-ছাত্ৰীসকলে শিক্ষানুষ্ঠানসমূহলৈ যোৱাৰ সময়ত জৰাজীৰ্ণ পথ অতিক্রম কৰাৰ লগতে পাইকাৰী পাচলি বজাৰৰ অবৰ্ণনীয় যান-জাঁটৰ সন্মুখিন হ’ব লগা হয়। এই যান-জাঁটৰ বাবে বহু ৰােগী কঢ়িওৱা এম্বুলেন্স সময়ত চিকিৎসালয় গৈ নাপায় আৰু ইয়াৰ ফলত বহু ৰােগী মৃত্যুমুখত পৰিছে। এইখিনিতে প্ৰসঙ্গক্রমে উল্লেখ কৰিব পাৰি যে অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশনৰ সময়ত ৰেলপথৰ উত্তৰ পাৰে কোনো ধৰণৰ উন্নয়ন নকৰাৰ দৰেই ২০১৪ চনত শিমলাগুৰীৰ পৰা খৈৰাবাৰীৰ সৎসঙ্গ মন্দিৰলৈ মূল গড়কাপ্তনি পথৰ নিৰ্মান কার্য আৰম্ভ কৰা হৈছিল। শিমলাগুৰিৰ পৰা ৰেলপথলৈ প্রায় ডেৰ কি.মিটাৰ পথৰ পুনৰ নিৰ্মান কৰা হ’ল একে সময়তে ৰেলপথৰ উত্তৰ পাৰৰ ভগ্নপ্রায় পকী পথ ৰাতিৰ ভিতৰতে ভাঙি নির্মান কার্য ব্যপক উদ্যমেৰে আৰম্ভ কৰা হ’ল যদিও আজিৰ তাৰিখলৈকে সেই কাম সম্পূৰ্ণ হৈ নুঠিল। দক্ষিণ পাৰৰ ধৰ্মীয় অনুষ্ঠানৰ ওচৰৰ অংশবােৰত চৰকাৰী পক্ষই গুৰুত্ব সহকাৰে উন্নয়ন কৰাৰ কিঞ্চিত পৰিমানেও উত্তৰ পাৰত কৰা নহ’ল। বৰপেটাৰোডৰ মাজেৰে পাৰহৈ যোৱা ৰেল পথৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত ব্যাপক পার্থক্য দুৰ্ভাগ্যজনক ভাবে পৰিলক্ষিত হয়। দক্ষিণ পাৰৰ সমান্তৰালকৈ উত্তৰ পাৰৰ উন্নয়নৰ কথা পাহৰি থকাটােও যুক্তিপূর্ণ হ’ব নােৱাৰে। ৰেলপথৰ দক্ষিণ পাৰে হােৱা উন্নয়নত আমাৰ কৰােৰেই আপত্তি নাই, থাকিবও নালাগে, আমি প্রত্যেকেই বৃহত্তৰ বৰপেটাৰােডৰ উন্নয়ন হােৱাটাে মনে-প্ৰাণে কামনা কৰাে। দীর্ঘদিনৰ পৰা ৰেলপথৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগ কৰাকৈ এখন উৰণীয়া সেঁতু নির্মান কৰাৰ প্ৰবল দাবী উত্থাপন হৈ আহিছে। দুভাগ্যজনক কথাটাে হ’ল যে উক্ত উৰণীয়া সেঁতু নিমানৰ কাম অতি সোনকালে আৰম্ভ কৰা হ’ব বুলি চৰম মিথ্যাচাৰৰ আশ্রয় লৈ বিভিন্ন প্ৰচাৰ মাধ্যমত বহুল প্ৰচাৰ চলোৱাৰ লগতে বৰপেটাৰােডত ফটকা ফুটাই আবতৰীয়া দীপাৱালী উদযাপন কৰা হৈছিল যদিও সময়ত সেয়া ভেকোভাওনা বুলি জানিব পৰা গ’ল।

              সর্বসাধাৰণ ৰাইজক আভুৱা ভাৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে বৰপেটাৰােডৰ উন্নয়নত পিঠি দিয়াই নহয় চৰম প্ৰতাৰণা কৰি আহিছে। এইবেলি আমাৰ বৰপেটাৰােডৰ স্থায়ী বাসিন্ধা তথা সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক গৰাকীয়ে অসম বিধানসভাৰ অধ্যক্ষৰ দৰে পদ অলংকৃত কৰাৰ পিছতো আমাৰ এই সমগ্র অঞ্চলৰ অতিকৈ প্রয়ােজনীয় পথৰ দূৰৱস্থাৰ অৱসান ঘটােৱা নহ’ল। ৰাইজৰ আশা-প্রত্যাশা পূৰণ কৰাৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই অনিহা প্রদর্শন কৰি থকা পৰিলক্ষিত হ’ল। এইখিনিতে উল্লেখ কৰিব লাগিব যে উত্তৰ বৰপেটাৰোডৰ আন্তঃগাথনি, বাটপথ, নীলা-নর্দমা ইমানেই পুতৌলগা যে এই অঞ্চললৈ এবাৰ যোৱা কোনো এগৰাকী ব্যক্তিয়েই দ্বিতীয়বাৰ যোৱাৰ বাবে প্রস্তুত নহয়। আনকি বাহিৰৰ পৰা অহা লোকসকলে “এই অঞ্চলত সভ্য, সচেতন মানুহ নাই’ বুলিও তাচ্ছিল্য কৰা দেখা যায়। এই অলেখ বেদনাৰ অৱসান ঘটােৰ মানসেৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ বৰপেটাৰােড আঞ্চলিক সমিতি আৰু দোমনী-কাটাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত নিন্ন লিখিত সমস্যাসমূহৰ স্থায়ী সমাধানৰ দাবীত ৰাইজৰ সহযোগত গণতান্ত্রিক আন্দােলনৰ চৰম পর্যায়ৰ আন্দােলন আমৰণ অনশন’ কাৰ্যসূচী ৰূপায়ন কৰি আছে। বৰপেটাৰােড মানাহ সংযোগী জৰাজীৰ্ণ গড়কাপ্তানি পথৰ নির্মান কার্য অনতিপলমে আৰম্ভ কৰা, বৰপেটাৰােডৰ ৰেল পথৰ ওপৰেৰে উৰণীয়া সেঁতু নির্মান কাৰ্য অনতিপলমে আৰম্ভ কৰা, বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰৰ আন্তগাঁথনিৰ উন্নয়ণ তথা সদায় ঘটি থকা যানজটৰ স্থায়ী সমাধান কৰা। জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিকৃতিত মাল্যর্পণ কৰি উদ্ধোধন কৰা আমৰণ অনশন কাৰ্যসূচীত সংগঠনটােৰ কন্দ্রেীয় সাংগঠনিক সম্পাদক ৰাতুল হুছেইন, বৰপেটা জিলা সমিতিৰ সম্পাদক মাধৱ দাস, বজালী মহকুমা সমিতিৰ সম্পাদক গুৰুপ্ৰসাদ দাস, কলগছিয়া মহকুমা সমিতিৰ সম্পাদক শাকিল আহমেদ, বৰপেটাৰােড আঞ্চলিক সমিতিৰ সভাপতি দীপক দাস, সম্পাদক মনজিৎ ওজা, সাংগঠনিক সম্পাদক মহিদুল ইছলাম, দোমনী-কাটাঝাৰ আঞ্চলিক সমিতিৰ সভাপতি আব্দুল ছালাম, লাংলা আঞ্চলিক সমিতিৰ সভাপতি আব্দুল হালিম সৰকাৰে অনশনকাৰী হিচাপে অংশ গ্রহণ কৰে। কৃষক মুক্তি সংগ্রাম সমিতিৰ আমৰণ অনশন কাৰ্যসূচীত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন, বৃহত্তৰ বৰপেটাৰােড কৃষক সন্থা, পাইকাৰী পাচলি বজাৰ ব্যৱসায়ী সন্থা, পাইকাৰী পাচলি বজাৰ শ্রমিক সন্থা, উত্তৰ বৰপেটাৰােড উন্নয়ন পৰিষদকে আদি কৰি ভালে কেইটা দল-সংগঠনে সমর্থন আগবঢ়োৱা দেখা গৈছে। আটাইতকৈ গুৰুত্বপূর্ণ কথাটাে হ’ল যে উত্তৰ বৰপেটাৰােডৰ প্ৰায় প্ৰতিগৰাকী ব্যক্তি, প্ৰতিজন ব্যৱসায়ী আৰু সৰ্বসাধাৰণ ৰাইজে কৃষক মুক্তিৰ এই ঐতিহাসিক আন্দােলনত আকুণ্ঠ সহযোগিতা প্রদর্শন কৰি আন্দোলনকাৰীসকলক উৎসাহিত কৰাই নহয়। আন্দোলনৰ প্ৰাসঙ্গিকতাও প্রতিপন্ন কৰিছে।


AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ