Sunday, December 18, 2016

মিয়া লোক সংস্কৃতিৰ বিষয়ে আলোচনা কৰাৰ পূর্বে লোক সংস্কৃতিনাে কি সেই বিষয়ে চমূ আলোচনা কৰা প্রয়ােজন। সেই গতিকে লোক সংস্কৃতিৰ এটি সংজ্ঞা দিয়াৰ যত্ন কৰা হৈছে। লোক সংস্কৃতি এটি বিশাল বস্তু। তথাপিও এই সম্পর্কে থুল মূল এটা ধাৰণা দিয়াৰ যত্ন কৰা হৈছে।
Image result for char chapori
সংজ্ঞা ঃ জনসাধাৰণৰ মাজত যুগ যুগৰ পৰা মৌখিক ভাবে প্রচলিত সাহিত্য, ধ্যান-ধাৰণা, আচাৰ-ব্যৱহাৰ, নিয়ম-নীতি, পৰীক্ষা-পৰিশোধন কৰি প্রচলিত জীৱন ব্যৱস্থাক বা চমুকৈ জন সমষ্টিৰ দৈনন্দিন জীৱন প্রণালীক লোক সংস্কৃতি বুলিব পাৰি। নাইবা লোক গীত, লোক নৃত্য, লোকাচাৰ, লোক বিশ্বাস, অন্ধ বিশ্বাস, ধর্ম বিশ্বাস, আচাৰবিচাৰ, ক্রিয়া-কৌতুক, যুক্তি-পৰম্পৰা, বিশ্বাস, আবেগ-অনুভূতি, ৰীতি-নীতি আদি কৰি গীত-মাত এই সকলোবােৰ সাঙুৰি সৃষ্টি হােৱা জীৱন শৈলীক (জীৱন প্রণালীক) চমুকৈ লোক সংস্কৃতি বুলিব পাৰি।
পৃথিৱীৰ সকলোবােৰ জাতি-জনগােষ্ঠী বা জন সমষ্টিৰ মাজতেই সুকীয় সংস্কৃতি প্রবাহমান। লোক সংস্কৃতি অবিহনে কোনাে সমাজ গঠন প্রক্রিয়া সম্পূর্ণ হােৱা অসম্ভৱ বা হ’ব নােৱাৰে। অসমৰ সংস্কৃতি বহুৰঙী সংস্কৃতি। অসমীয়া সংস্কৃতি মূল ভাৰতীয় সংস্কৃতিৰ আধাৰত যদিও বহু পৰিমাণে মৌলিকতাও আছে। এই ক্ষেত্ৰত আকৌ মিয়া লোক সংস্কৃতিত ভাৰতীয় সংস্কৃতিৰ লগতে বর্তমানৰ বাংলাদেশৰ সংস্কৃতিৰ লগত মিল থকা দেখা যায়।
ইংৰাজী Culture শব্দৰ পৰা সংস্কৃতি শব্দৰ উত্পত্তি হােৱা বুলি কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰকে আদি কৰি বহু পণ্ডিতে মত পোষণ কৰিছে।
মিয়া শব্দটাে মুছলমান সকলৰ মাজত মান্যর্থত ব্যৱহৃত শব্দ। মূল আৰবী। বিশেষকৈ ইছলামীয় দেশ সমূহত মান্যর্থত (সন্মান জনােৱাৰ বাবে) পুৰুষৰ ক্ষেত্ৰত মিয়া আৰু নাৰীৰ ক্ষেত্ৰত বিবি শব্দৰ প্রয়ােগ কৰা দেখা যায়। কিন্তু অসমৰ ক্ষেত্ৰত বিশেষকৈ প্রাগজ্যোতিষপুৰীয়া, বংগীয় আৰু শেষতীয়াকৈ পূর্ব পাকিস্থানীয় মূলৰ জনগােষ্ঠী যি সকলৰ ১৯৫১ চনত অসমীয়া ভাষাক ৰাজ্য ভাষাৰূপে স্বীকৃতি পোৱাৰ আগত মাতৃ ভাষা বঙলা (বাংলা) আছিল নাইবা বর্তমানে যিসকল অভিবাসী প্ৰব্ৰজিত মুছলমান বুলি কোৱা হয়। সেই সকলক আকৌ মিয়া বুলি জনা যায়। অর্থাত্ ভাৰতীয় হিন্দু মূলৰ ধৰ্মান্তৰিত আৰু ১৯৫১ চনৰ লোকপিয়লৰ আগৰ বাংলাভাষী অসমৰ মুছলমানক মিয়া বুলি কোৱা হয়। ১৯৫১ চনৰ আগতে লোকপিয়লত এওঁলোকে নিজৰ মাতৃভাষা বাংলা বুলি উল্লেখ কৰিছিল, কিন্তু ১৯৫১ চনৰ লোক পিয়লত অসমৰ অস্তিত্ব ৰক্ষাৰ স্বর্থত আৰু অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে পোৱাৰ বাবে জামাত-উলেমা-ই-হিন্দৰ পৰামর্শত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধর্মািন্তৰিত মুছলমান সকলে মাতৃ ভাষা অসমীয়া বুলি উল্লেখ কৰিছিল।
Image result for char chapori
এই মিয়া মুছলমান বা চমুকৈ মিয়া জনগােষ্ঠীৰ লোক নৃত্য, লোক গীত, আবেগ অনুভূতি, কলা কৃষ্টি আদিক মিয়া লোক সংস্কৃতি বােলা হয়। পূর্বে উল্লেখ কৰা দৰে মিয়া লোক সংস্কৃতিত ভাৰতীয় সংস্কৃতিৰ লগতে বর্তমানৰ বাংলাদেশৰ সংস্কৃতিৰ লগত মিল আছে যদিও লোক সংস্কৃতিৰ প্ৰতিটাে উপাদানেৰে পৰিপুষ্ট মিয়া লোক সংস্কৃতিৰ ভৰাল অতি চহকী। কিন্তু দুর্ভাগ্যজনক ভাবে অনাদৃত। মাতৃ ভাষা সলনি কৰাটাে ইয়াৰ এটা অন্যতম কাৰণ হব পাৰে।

এই ছেগতে আৰু এটা কথা নিশ্চয় উল্লেখ কৰিব লাগিব যে, যি জনগােষ্ঠীয়ে অসমীয়া ভাষাক মাতৃ ভাষাৰ মর্যাদা প্রদান নকৰিলে ভাষাটাে অসমৰ ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি নাপালে হেতেঁন সেই জনগোষ্ঠীৰ লোক সংস্কৃতি মূল সূতিৰ অসমীয়া বুলি পৰিচয় দিয়া কোনাে এজন পণ্ডিতৰেই অসমীয়া ভাষাত ৰচিত গৱেষণামূলক পূর্ণাঙ্গ গ্রন্থত স্থান নাপালে। ইয়াৰ পৰা বুজিব পাৰি যে মূল অসমীয়া ভাষি লেখক-লেখিকা সকলে এই জনগােষ্ঠীটােৰ প্ৰতি অৱজ্ঞৰ দৃষ্টিৰে চাই আহিছে। তাৰ প্ৰমাণ স্বৰূপে ১৯৭৭ চনত স্বয়ং অসম সাহিত্য সভাই প্রকাশ কৰা-ৰহিম ৰূপবানৰ সাধু নামৰ সাধু সম্পর্কীয় গ্ৰন্থৰ কথা শশী শৰ্মাৰ গৱেষণামূলক গ্রন্থ -অসমৰ সাধু কথা- নামৰ গ্ৰন্থখনত সাহিত্য সভাৰ অন্ন্যান্য সাধু সম্পৰ্কীয় তথ্য সন্নিবিষ্ট হৈ আছে। আনকি অসম সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশনে (২০০১) প্রকাশ কৰি উলিওৱা -অসমীয়া লোক সাহিত্য-, ড০ প্রফুল্ল দত্ত গোস্বামী ৰচিত -অসমীয়া জন সাহিত্যশশী শৰ্মা ৰচিত অসমৰ লোক সাহিত্য- আদিৰ লগতে মহাবিদ্যালয় বা বিশ্ব বিদ্যালয়ৰ অসমীয়া ভাষা সাহিত্য বা লোক সংস্কৃতিৰ ছাত্র-ছাত্রী সকলে মিয়া লোক সংস্কৃতিৰ বিষয়ে কোনাে তথ্যই জ্ঞাত নহয়, বা এই বিষয়টাে পাবলৈ নাই। অৱশ্যে শেষতীয়াকৈ মহাবিদ্যালয় আৰু বিশ্ব বিদ্যালয়ৰ অসমীয়া ভাষা সাহিত্য বা লোক সংস্কৃতিৰ ছাত্র-ছাত্রী সকলে মিয়া লোক সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছে বুলি ক্ষীণ সংকেত পোৱা গৈছে।
মূল অসমীয়াভাষী লেখক-লেখিকা সকলে এই জনগােষ্ঠীটােৰ প্ৰতি অৱজ্ঞৰ দৃষ্টিৰে চাই অহাৰ বাবেই হয়তাে জনগােষ্ঠীটােৱে অসমীয়া ভাষা গ্রহণ কৰাৰ ৬৩ বছৰ পাছতো সমন্বয় গঢ়ি উঠাত অসুবিধাৰ সৃষ্টি হৈছে। কাৰণ সাংস্কৃতিক আদান প্রািদনৰ পৰা সমন্বয়ৰ সাঁকো গঢ় লয়। এই সমন্বয়ৰ সাঁকো গঢ় লোৱাৰ ক্ষেত্ৰত মূল অসমীয়া ভাষী লেখক লেখিকা সকলেই জটিলতা আনিছে বুলি আমাৰ দৃঢ় মত।
অসমৰ সম্বয় আৰু ভাতৃত্ববােধৰ স্বর্থত মিয়া লোক সংস্কৃতি অধ্যয়ন আৰু বিস্তাৰ কৰা অতিকৈ প্রয়ােজন আৰু সাম্প্রতিক সময়ৰ বাবে প্ৰাসংগিক। এই আলোচনা তাৰেই এটা ক্ষুদ্র প্রয়াস।
Image result for char chapori

Related Posts:

  • মিঞা সংস্কৃতি প্ৰসঙ্গত— প্ৰাসঙ্গিক ফটো, গুগলৰ পৰা সংগৃহিত আমি ল’ৰালীত গাওঁৰ ঘৰে ঘৰে গৈ কিছুমান গীত গাই গাই চাউল, আলু, কণী, নহৰু, আদা, হালদি, টকা আদি সংগ্ৰহ কৰিছিলো৷ সংগ্ৰহ কৰা সামগ্ৰীৰে আমি ‘পুষুৰা’ খাইছিলো, গৃহস্থৰ ঘৰৰ পৰা দান বৰঙণী সংগ্ৰহ কৰাৰ… Read More
  • তিনি তালাকঃ জ্ঞানৰ দৈন্যতা তিনি তালাক বিষয়ক একো ধাৰণা নথকা মানুহে টিভিৰ পৰ্দাত বা সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মতামত ব্যক্ত কৰা দেখা পাই আঁচৰিত লাগে৷ তেওঁলোকৰ অধিকাংশৰ মতে একেবাৰতে থিয় হৈ তালাক, তালাক, তালাক কৈ দিলেই তালাক হৈ যায়৷ কিন্তু তে… Read More
  • ছদ্মবেশী নাস্তিক আলী, হুছেইন, আহমেদ, ইছলাম, ৰহমান, হক, খান, খাতুন, বেগম, পাৰবিন, ছুলতানা, আদি উপাধী থকাসকলে যিমানেই নিজকে অধাৰ্মিক বা অমুছলিম বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰক কিয় তেওঁলোকৰ পৰিচয় সলনি নহয়৷  ভোটাৰ তালিকাত এইবোৰ উপাধীধাৰীৰ ন… Read More
  • উচ্ছেদঃ এটি হৃদয় বিদাৰক শব্দ উচ্ছেদ শব্দটোৱে চকুৰ আগত ভঁহাই তোলে হাজাৰ অসহায় মুখৰ ছবি৷তেওঁলোক মানুহ সেইবাবে দুবেলা-দুমুঠি পেটত দিব লাগে, তেওঁলোকৰ লজ্জা নিবাৰণৰ বাবে লাগে কাপোৰ, থাকিবলৈ লাগে এখন ঘৰ৷তেওঁলোকে বুজি নাপায় আইনী মেৰপেচ৷মানুহতকৈ জীৱ-জন্তুৰ মূল্… Read More
  • সংবাদ মাধ্যৰ কলংক অসমীয়া প্ৰতিদিন কাকতক প্ৰত্যাহ্বান অসমীয়া প্ৰতিদিন নামৰ কাকতখন বিগত চাৰি-পাঁচ বছৰৰ পৰা প্ৰায় নিয়মীয়াকৈ পঢ়াৰ অভ্যাস আছিল৷ এতিয়া পঢ়া বাদ দিম৷ এই কাকত খনে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কলংকিত কৰাই নহয় মানুহৰ মাজত ভাতৃত্ববোধ ধ্বংশৰ দীৰ্ঘদিনীয়া ষড়যন্ত্ৰ অব্যাহ… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ