Sunday, March 5, 2017

Image result for muslim in assam

অসম ১৯০১ চনৰ পৰা ২০১১ চনলৈ মুছলমান জনসংখ্যা বৃদ্ধি হোৱা সম্পৰ্কত বিভিন্ন সময়ত বিভ্ৰান্তিৰ সৃষ্টি কৰি অসমত এক অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সদায় এটা পক্ষই সুপ্ত, গুপ্ত অথবা মুক্ত ভাবে প্ৰচেষ্টা চলাই আহিছে৷ প্ৰকৃত সত্য কথাবোৰ প্ৰতিজন মানুহে জানিলে সেই অশুভ শক্তিবোৰে অসমৰ সহজ-সৰল জনসাধাৰণক বিপথে পৰিচালিত কৰিব নোৱাৰিব৷ তেনে এটি উদ্দেশ্য আগত ৰাখিয়ে বিভিন্নজনৰ পৰা তথ্য সংগ্ৰহ কৰি তলৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে৷—


1901 চনত মুছলমান জনসংখ্যা 503,670 জন আছিল।
1911 চনত মুছলমান জনসংখ্যা 634,101 জন আছিল। অৰ্থাৎ 1901 চনত থকা মুছলমান জনসংখ্যাৰ পৰা 130,431 জন বৃদ্ধি হৈ 634,101 জন হৈছিল। বৃদ্ধিৰ হাৰ আছিল 25.9% ।
1921 চনত মুছলমান জনসংখ্যা 880,426 জন। অৰ্থাৎ 1911 চনত থকা মুছলমান জনসংখ্যাৰ পৰা 246,325 জন বৃদ্ধি হৈ 880,426 জন হৈছিল। বৃদ্ধিৰ হাৰ আছিল 38.25% ।
1931 চনত মুছলমান জনসংখ্যা আছিল 1,279,388 জন। অৰ্থাৎ 1921 চনত থকা মুছলমান জনসংখ্যাৰ পৰা 398,962 জন বৃদ্ধি হৈ 1,279,388 জন হৈছিল। বৃদ্ধিৰ হাৰ আছিল 45.31%।
1941 চনত মুছলমান জনসংখ্যা আছিল 1,696,978 জন। অৰ্থাৎ 1931 চনত থকা মুছলমান জনসংখ্যাৰ পৰা 417,590 জন বৃদ্ধি হৈ 1,696,978 জন হৈছিল। বৃদ্ধিৰ হাৰ আছিল 32.64% ।
1951 চনত মুছলমান জনসংখ্যা আছিল 1,995,936 ।অৰ্থাৎ 1931 চনত থকা মুছলমান জনসংখ্যাৰ পৰা 298,958 জন বৃদ্ধি হৈ 1,995,936 জন হৈছিল। বৃদ্ধিৰ হাৰ আছিল 17.62% ।

1961 চনত মুছলমান জনসংখ্যা আছিল 2,765,509 জন। অৰ্থাৎ 1931 চনত থকা মুছলমান জনসংখ্যাৰ পৰা 769,573 জন বৃদ্ধি হৈ 2,765,509 জন হৈছিল। বৃদ্ধিৰ হাৰ আছিল 38.56%।
1971 চনত মুছলমান জনসংখ্যা আছিল 3,594,006 জন। অৰ্থাৎ 1931 চনত থকা মুছলমান জনসংখ্যাৰ পৰা 828,497 জন বৃদ্ধি হৈ 3,594,006 জন হৈছিল। বৃদ্ধিৰ হাৰ আছিল 29.96%।
1991 চনত মুছলমান জনসংখ্যা আছিল 6,373,204 জন। অৰ্থাৎ 1931 চনত থকা মুছলমান জনসংখ্যাৰ পৰা 2,779,198 জন বৃদ্ধি হৈ 6,373,204 জন হৈছিল। বৃদ্ধিৰ হাৰ আছিল 77.33% ।
2001 চনত মুছলমান জনসংখ্যা আছিল 8,240,611 জন। অৰ্থাৎ 1931 চনত থকা মুছলমান জনসংখ্যাৰ পৰা 1,867,407 জন বৃদ্ধি হৈ 8,240,611 জন হৈছিল। বৃদ্ধিৰ হাৰ আছিল 29.30% ।
2011 চনত মুছলমান জনসংখ্যা আছিল 10,679,345 জন। অৰ্থাৎ 1931 চনত থকা মুছলমান জনসংখ্যাৰ পৰা 10,679,345 জন বৃদ্ধি হৈ 8,240,611 জন হৈছিল। বৃদ্ধিৰ হাৰ আছিল 29.59% ।
প্ৰাপ্ত তথ্য মতে, ১৯৭১ চনত ধৰ্মীয় ভিত্তিত অসমৰ জনসংখ্যাৰ অনুপাত (শতকৰা হাৰ) আছিল এনেধৰণৰ–
হিন্দু – ৭২.৫১ শতাংশ,
মুছলমান– ২৪.৫৬ শতাংশ,
খ্ৰীষ্টান – ২.৬১ শতাংশ আৰু
অন্যান্য– ০.৩২ শতাংশ৷
১৯৯১ চনত এই অনুপাত আছিল–
হিন্দু – ৬৭.১৩ শতাংশ,
মুছলমান – ২৮.৪৩ শতাংশ,
খ্ৰীষ্টান –৩.৩২ শতাংশ আৰু
অন্যান্য – ১.৯২ শতাংশ৷
আৰু ২০০১ চনত এই অনুপাত হৈছে–
হিন্দু – ৬৪.৮৮ শতাংশ,
মুছলমান – ৩০.৯১ শতাংশ,
খ্ৰীষ্টান –৩.৭০ শতাংশ আৰু
অন্যান্য –০.৫১ শতাংশ৷

এই তথ্যখিনিৰ পৰা স্পষ্ট হয় যে ১৯৭১-১৯৯১ ৰ সময়ছোৱাত অৰ্থাৎ ২০ বছৰত অসমত মুছলমান আৰু খ্ৰীষ্টানৰ অনুপাত বাঢ়িছে যথাক্ৰমে ৩. ৮৭ আৰু ০.৭১ শতাংশ৷ আনহাতে হিন্দু জনসংখ্যাৰ অনুপাত ৫.৩৮ শতাংশ কমিছে ৷ একেদৰে ১৯৯১-২০০১ সময়ছোৱাত অৰ্থাৎ দহ বছৰত মুছলমান আৰু খ্ৰীষ্টানৰ শতকৰা হাৰ বাঢ়িছে ২.৪৮ আৰু ০.৩৮ শতাংশ৷ হিন্দুৰ অনুপাত কমিছে ২.২৫ শতাংশ৷
আলোচিত প্ৰথম দশক দুটা (১৯৭১-২০০১)ত ভিন ভিন ধৰ্মীয় জনগোষ্ঠীৰ শতকৰা বৃদ্ধিৰ হাৰ হ'ল–হিন্দু – ৪১.৮৯ শতাংশ, মুছলমান – ৭৭.৪২ শতাংশ, খ্ৰীষ্টান–৯৫.৩৭ শতাংশ৷ একেদৰে পিছৰ দশকটোত (১৯৯১-২০০১) বৃদ্ধিৰ হাৰ এনেধৰণৰ – হিন্দু – ১৪.৯৫ শতাংশ আৰু মুছলমান – ২৯.২৯ শতাংশ৷
মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ ৭৭.৪২ (১৯৭১-৯১) শতাংশ আৰু ২৯.২৯ (১৯৯১-০১) শতাংশলৈ আঙুলিয়াই অসমৰ একাংশ জাতীয়তাবাদী বা হিন্দুত্ববাদী দল-সংগঠনে অসমত প্ৰতিবছৰে লাখ লাখ অবৈধ বিদেশী বাংলাদেশীৰ অনুপ্ৰৱেশ ঘটি আছে বুলি প্ৰচাৰ চলাই আহিছে৷ তেওঁলোকে অনুপ্ৰৱেশকাৰীৰ সংখ্যা ১৫ লাখৰ পৰা ৮৫ লাখ হ'ব বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে৷ কিন্তু, তথ্যই কয় যে ১৯৭১-২০০১ ৰ সময়ছোৱাত অৰ্থাৎ ৩০ বছৰত অসমত মুছলমানৰ অনুপাত বৃদ্ধি পাইছে ৬.৩৫ শতাংশ, য'ত হিন্দুৰ অনুপাত কমিছে ৭.৬৩ শতাংশ৷
১৯৯১ চনৰ লোকপিয়লৰ পাছত এয়া স্পষ্ট হয় যে ১৯৭১ চনলৈকে অসমলৈ প্ৰব্ৰজনৰ যিটো ধল প্ৰবলভাৱে অব্যাহত আছিল, সেয়া কেতিয়াবাই স্তিমিত হৈ পৰে৷ এই আপাহতে আমি বুজিব লাগিব যে সংখ্যালঘু মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ অবাধ প্ৰব্ৰজন নহয়, অনিয়ন্ত্ৰিত জনসংখ্যা বিস্ফোৰণহে৷
মন কৰিবলগীয়া বিষয় এই যে, ধৰ্মীয় সংখ্যালঘুসকলক ৰিচাৰ্জ কাৰ্ডৰ দৰে ব্যৱহাৰ কৰি মন্ত্ৰী, বিধায়ক, সাংসদ হোৱা তথাকথিত নেতাৰ আশীৰ্বাদত এইলোকসকলে বসতি কৰা অঞ্চলত চৰকাৰী কোনো আঁচনিয়ে ঢুকি নাপায়৷ বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰখনৰ পয়ালগা অৱস্থাৰ বাবেই এইসকলে অনিয়ন্ত্ৰিত ভাবে জনবিস্ফোৰণ ঘটাই আছে৷ প্ৰনিধানযোগ্য যে শিক্ষা-দীক্ষাৰ প্ৰসাৰ অতি কম হোৱাৰ বাবেই তেওঁলোকৰ মাজত জনসংখ্যা বৃদ্ধি এক ডাঙৰ সমস্যা ৰূপে পৰিগণিত হৈ আহিছে৷ অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিৰ ফলতে তেওঁলোকৰ সিংহভাগ দৰিদ্ৰতাৰ কেঁকোৰা চেপাত পিষ্ট হৈ থাকিব লগা হৈছে৷ সংখ্যালঘু মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে পূৰ্বৰ চৰকাৰসমূেহ কোনো পৰিকল্পিত আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে; তাৰ পৰিৱৰ্তে সংখ্যালঘু সম্প্ৰদায়ৰ বৃহৎ পৰিমাণৰ জনসংখ্যাক ‘ভোট-পুঁজি' হিচাপেহে ব্যৱহাৰ কৰি থাকিল৷ চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবেই অতি পৰিশ্ৰমী আৰু কৰ্মনিপুণ হোৱাৰ পাছতো সংখ্যালঘু মুছলমানৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী নহ'ল অথবা জীৱনধাৰণৰ মানো উন্নত নহ'ল৷ আধুনিক শিক্ষা-দীক্ষাই স্পৰ্শ কৰিব নোৱৰা বহু পৰিয়ালত বাল্যবিবাহৰ দৰে কুপ্ৰথা, বিভিন্ন পুৰণিকলীয়া ৰীতি-নীতি, অন্ধবিশ্বাস আদি আজিও বৰ্তি আছে৷ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি ভৰি থকা এই মুছলমানৰ সতি-সন্তানসকলেই ব্ৰহ্মপুত্ৰৰ খহনীয়াত মাটি-ভেটিৰ পৰা উচ্ছেদিত হৈ কৰ্ম-সংস্থান বিচাৰি ৰাজ্য বা দেশৰ দিহিঙে-দিপাঙে ঘূৰি ফুৰিছে আৰু তেওঁলোককেই ‘বিদেশী' বুলি অভিহিত কৰা হৈছে৷
(বিশেষ কৃতজ্ঞতা স্বীকাৰ ঃ গুগল, ৱেকেপিডিয়া, মাইন উদ্দিন দা, ইলিয়াছ ৰহমান ডাঙৰীয়া, ‘চৰ-চাপৰি’৷)

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ